ভোগবাদী পৃথিৱীত খেয়ালী কবি

প্ৰাঞ্জল কুমাৰ লাহন


এই ভোগবাদী
পৃথিৱীৰ খেয়ালী কবিৰ কি কাম

কবিয়ে অকল
কবিতাৰে পেট পূৰাব পাৰেনে
কবিয়ে কবিতাত শব্দৰ
যাদুৰে বহুজনৰ মন-প্ৰাণ ভৰাব পাৰে
পিছে মন-প্ৰাণ ভৰিলেই
জানো
এই ভোগৰ পৃথিৱীত কবি সুখেৰে জীব পাৰে!

ভোগৰ পৃথিৱীৰ
অনেক উপাদানে আউল লগায় কবিৰ সংসাৰত
পৃথিৱীয়ে শান্তিৰে জীবলৈ নিদিয়ে কবিক

খেয়ালী কবিয়ে
নিজা ধৰণে পৃথিৱী এখন সজাই লয়
পিছে খেয়ালী
কবিৰ সুখৰ সংসাৰত নিতৌ গ্রাস কৰিবলৈ ধৰে ভোগবাদে

পৃথিৱীক ভাল পোৱা কবিয়ে পৃথিৱীৰে বিৰুদ্ধে খং আৰু ক্ষোভত কলম তুলি লয়
পৃথিৱীয়ে কবিক চকুৰ কুটা দাঁতৰ শালৰ দৰে জ্ঞান কৰে

ভোগবাদী
পৃথিৱীয়ে বেদখল কৰে
কবিৰ নিজা চিন্তা-চেতনাৰ
সঁজাল পৃথিৱী
ভোগবাদী পৃথিৱীয়ে
বাৰে-বাৰে
উচ্ছেদ কৰিব খোজে
কবিৰ সৰৱ উপস্থিতি

এনেকৈয়ে বহু
দ্ব
ন্দ্ব লৈ লৈ কবিয়ে কবিতা লিখে
পিচে কবিৰ
সংসাৰেই কবিৰ সেই কবিতা জানো পঢ়ে
, বুজে!

কেতিয়াবা
ভোগবাদী পৃথিৱীৰ বাবেই হৈ পৰে
কবিৰ নিজা পৃথিৱী
ধুঁৱলি কুঁৱলী…

কবিয়ে
ধুঁৱলি-কুঁৱলীৰ মাজতো যুঁজি যুঁজি ন-অংগীকাৰেৰে
জীৱন যাপন কৰিব
খোজে

যদিও ভোগবাদীৰ
পৃথিৱীত সংসাৰ চলাবলৈ

কবিৰ জোলোঙাত
কেতিয়াবা নাথাকে ফুটাকড়িও এটি!