ন’বেল বঁটা ২০২১

ড° ৰমেশ চন্দ্ৰ গোস্বামী


কোৱা নিষ্প্ৰয়োজন যে
ছুইডেনৰ ৰসায়ন বিজ্ঞানী
, অভিযন্তা, তথা
উদ্যোগপতি আল
ফ্ৰেড নবেলৰ ১৮৯৫ চনৰ
ইচ্ছাপত্ৰ অনুসৰি পাঁচটা বিভিন্ন বিষয়ত ১৯০১ চনৰ পৰা প্ৰতি বছৰে ন
বেল বঁটা প্ৰদান কৰি অহা হৈছে৷ বিষয়সমূহ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান,
শৰীৰতত্ব বা চিকিৎসা বিজ্ঞান, সাহিত্য আৰু
শান্তি৷ পাছত ১৯৬৯ চনৰ পৰা সামান্য সুকীয়া নামেৰে একে ধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু
সমান মান্যতাৰে অন্যান্য বিষয়ৰ সৈতে একেলগে অৰ্থনীতি বিজ্ঞানতো বঁটাটো প্ৰদান কৰি
অহা হৈছে৷

যোৱা অক্টোবৰ মাহত উক্ত
বিষয়বোৰত ন
বেল বঁটা বিজয়ীসকলৰ নাম আৰু তেওঁলোকৰ কামৰ বিষয়ে
ঘোষণা কৰা হৈছে৷

পদাৰ্থ বিজ্ঞান :

বঁটাটো আগবঢ়োৱা
হৈছে তিনিগৰাকী বিজ্ঞানীলৈ৷ তেওঁলোক হৈছে
ছ্যুকু মানাবে (Syukuro Manabe), ক্লাউজ
হাছেলমান (
Klaus Hasselmann) আৰু ৰ্জো
পৰিজি (
Giorgio Parisi)

ছ্যুকু মানাবে , ক্লাউজ হাছেলমান আৰু ৰ্জো পৰিজি 


জন্মসূত্ৰে জাপানী, পাছলৈ আমেৰিকাৰ নাগৰিক মানাবেৰ জন্ম ১৯৩১ চনৰ ২১ ছেপ্টেম্বৰ তাৰিখে জাপানৰ ছিংগু নামৰ ঠাইত৷ ৯১ বছৰীয়া এইগৰাকী পদাৰ্থবিজ্ঞানী
বৰ্তমান প্ৰিঞ্চটন বিশ্ববিদ্যালয়ত জ্যেষ্ঠ বতৰবিজ্ঞানী হিচাপে কৰ্মৰত৷

মানাবেৰ লগত একে বছৰতে
অৰ্থাৎ ১৯৩১ চনৰ ২৫ অক্টোবৰ তাৰিখে
জাৰ্মানৰ হামবুৰ্গত জন্ম লাভ কৰা ক্লাউজ হাছেলমান বতৰবিজ্ঞানৰ মেক্স প্লাংক
প্ৰতিষ্ঠানৰ (হাম
বুৰ্গ) প্ৰাক্তন সঞ্চালক; বৰ্তমান তেওঁ একে প্ৰতিষ্ঠানৰ এমেৰিটাছ প্ৰফেছৰ৷

ইটালী দেশীয় পদাৰ্থবিজ্ঞানী
জৰ্জো পৰিজিৰ জন্ম ১৯৪৮ চনৰ
আগষ্ট তাৰিখে ৰোম নগৰীত৷ ১৯৯২
চনলৈকে তেওঁ ৰোম বিশ্ববিদ্যালয়ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ পূৰ্ণাংগ অধ্যাপক আছিল৷
বৰ্তমান তাৰেই কোৱাণ্টাম তত্ত্বৰ অধ্যাপক৷

পদাৰ্থবিজ্ঞানী তিনিগৰাকীক
এই সন্মান যঁচা হৈছে জটিল ভৌতিক তন্ত্ৰসমূহ বুজি পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ
যুগান্তকাৰী অৱদানৰ বাবে৷ (দ্ৰঃ একে
লেখকৰে জলবায়ুৰ ভৌতিক আৰ্হি আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ভৱিষ্যদ্বা
ণীৰ স্বীকৃতি শীৰ্ষক লেখা, প্ৰান্তিক ১-১৫ নৱেম্বৰ ২০২১)৷

১৯৬০ ৰ দশকৰ পূৰ্বে পৃথিৱীৰ
জলবায়ুৰ বিষয়ে মানুহৰ জ্ঞান আজিৰ তুলনাত বহু কম আছিল৷ মানাবেই আৰু হাছেলমানে তেনে
জ্ঞানৰ বুনিয়াদ স্থাপন কৰাত আগভাগ লৈছিল৷ মানাবেই এটা গুৰুত্বপূৰ্ণ ক
থা প্ৰতিপন্ন কৰিছিল যে মানুহে বায়ুমণ্ডললৈ যিমান বেছি হাৰত কাৰ্বন
ডাই-অক্সাইড এৰি দিয়ে
, ভূ-পৃষ্ঠৰ উষ্ণতা সিমানে বাঢ়ে৷ এনে
উষ্ণতা বৃদ্ধি এতিয়া গোলকীয় হৈ পৰিছে৷ ইয়াৰ প্ৰভাৱ জলবায়ুৰ ভৌতিক আৰ্হি প্ৰস্তুত
কৰাৰ বাটকটীয়া হাছেলমানে বতৰ আৰু জলবায়ুৰ সহ সম্বন্ধ সম্পৰ্কীয় এটা গাণিতিক আৰ্হি
আৱি
ষ্কাৰ কৰিছিল৷ তেওঁ জলবায়ুৰ ওপৰত প্ৰাকৃতিক পৰিঘটনা আৰু
মানৱৰ ক্ৰিয়া কলাপ দুয়োটাৰে প্ৰভাৱ পৰে বুলি ধৰা পেলোৱাৰ পদ্ধতিও আৱি
ষ্কাৰ কৰিছিল৷ তেওঁৰ আৰ্হি ব্যৱহাৰ কৰি বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমনৰ পৰিমাণ
বৃদ্ধিয়ে যে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে সেই কথাটো প্ৰমাণ কৰিব পৰা গৈছিল৷

জৰ্জো পৰিজৰ গৱেষণালব্ধ
আৱিষ্কাৰে জটিল ভৌতিকতন্ত্ৰসমূহৰ গাণিতিক তত্ত্ব প্ৰস্তুতকৰণত অতিশয় গুৰুত্বপূৰ্ণ
ভূমিকা গ্ৰহণ কৰিছিল৷ ন
বেল বঁটা কতৃৰ্পক্ষই উল্লেখ কৰা
অনুসাৰে পৰিজিয়ে পাৰমাণৱিক স্কেলৰ পৰা গ্ৰহীয় স্কেললৈকে থকা ভৌতিক তন্ত্ৰসমূহত
বিশৃংখলতা আৰু তাৰতম্যৰ মাজত ঘটা পাৰস্পৰিক ক্ৰিয়া আৱিষ্কাৰ কৰা কাৰণে এই বঁটা
দিয়া হৈছে৷

ৰসায়ন বিজ্ঞান :

ৰসায়ন বিজ্ঞানৰ নবেল  বঁটাৰে সন্মানিত হৈছে ৰসায়ন বিজ্ঞানী বেঞ্জামিন
লিষ্ট
 (Bengamian List) আৰু ডেভিড মেকমিলান (David
W C
 Macomillan) উভয়ৰে জন্ম হয়৷ ১৯৬৮ চনত৷ বেঞ্জামিৰ জন্ম জাৰ্মানিৰ ফ্ৰেংকফুৰ্টত। তেওঁ কলেনফৰশ্চুঙত অৱস্থিত মেক্স প্লাংক
ইনষ্টিটিউটৰ প্ৰফেছৰ৷ অৱশ্যে মেকমিলান হৈছে প্ৰিঞ্চটন বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ৷
তেওঁলোকৰ এই বঁটা প্ৰদান কৰিছে
 অপ্ৰতিসম জৈৱ অনুঘটন নামৰ এটা প্ৰক্ৰিয়া উদ্ভাৱন কৰা কাৰণে

বেঞ্জামিন লিষ্ট আৰু ডেভিড মেকমিলান 



শৰীৰতত্ত্ব
বা চিকিৎসাবিজ্ঞান 
:


এই বিষয়তো দুগৰাকী বিজ্ঞানীয়ে বঁটা লাভ কৰিছে৷ তেওঁলোক ডেভিড জুলিয়াছ (David Julius) আৰু আৰ্ডেম পাটাপটিয়ান (Ardem Patapoution) আমেৰিকান শৰীৰতত্ত্ববিদ জুলিয়াছৰ জন্ম আমেৰিকাৰ নিউ য়ৰ্কত ১৯৫৫ চনত৷ তেওঁ
বৰ্তমান কেলিফ
’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ
প্ৰফেছৰ৷ আকৌ আমেৰিকাৰ আৰ্ণৱিক জীৱবিজ্ঞানী তথা স্নায়ু বিজ্ঞানী পাটা-প
টিয়ানৰ জন্ম লেবালনৰ বেইৰুট চহৰত৷ ১৯৬৭ চনত৷ তেওঁলোক হৈছে৷ ডেভিড কাৰ্ড (Daved
Card), জছুৱা এনগ্ৰিষ্ট (Joshua Angnist) আৰু
গুইড
ইমবেন্স (Guido Imbens)

ডেভিড কাৰ্ডৰ জন্ম কানাডাত
১৯৫৬ চনত৷ বৰ্তমান তেওঁ কেলিফ
ৰ্নিয়া বিশ্ববিদ্যালয়ৰ
প্ৰফেছৰ৷ এনগ্ৰিষ্টে ১৯৬০ চনত আমেৰিকা 
যুক্তৰাষ্ট
˜ৰ ওহিঅত জন্ম লাভ
কৰে৷ তেওঁ কে
ম্ব্ৰিজৰ মাছাছুছেট্‌ছ ইনষ্টিটিউট অৱ্‌ টেক্‌নলজিৰ প্ৰফেছৰ৷ আনহাতে গুইড ইমবেন্সৰ জন্ম হয়
নেদাৰলেণ্ডত
, ১৯৬৩ চনত৷ ইমবেন্সে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ প্ৰফেছৰ পদৰ কাৰ্য নিৰ্বাহ কৰি আছে৷

কাৰ্ডে এই বঁটা লাভ কৰিছে৷
শ্ৰম অৰ্থনীতিলৈ পৰীক্ষাগত অৱদানৰ বাবে৷ আনহাতে এনগ্ৰিষ্ট আৰু ইমবেন্সক দিয়া হৈছে
তেওঁলোকৰ কাৰ্য কাৰণাত্মক সম্পৰ্কৰ বিশ্লেষণলৈ
পদ্ধতিগত অৱদানৰ বাবে৷


 ডেভিড জুলিয়াছ  আৰু আৰ্ডেম পাটাপটিয়ান 


সামৰণি :

বে বঁটাৰ প্ৰৱহমান চিত্ৰখনলৈ চকু গলে এনেহে লাগে যেন
ৰবাত আমাৰ কিবা
কেৰো
সোমাই আছে৷ সেয়া যদি আমাৰ দেশৰ শিক্ষা পদ্ধতিতহে
তেন্তে সি দাসত্বৰ নে বৌদ্ধিক নে আইন কিহবাত তাক প্ৰকৃত বুদ্ধিজীৱীয়ে অবিল
ম্বে বিশ্লেষণ কৰা উচিত৷ উপযুক্ত কতৃপক্ষই তাৰ সমুচিত
প্ৰতিবিধা
নৰ ব্যৱস্থা কৰা দৰকাৰ৷ অন্যথা ভাৰতীয়সকলে প্ৰাচীন
সোণালীত্বৰ বোকোচাত উঠি বুকু ফিন্দাই হাঁহিয়াতৰ পাত্ৰহে হ

লাগিব বহুকাল৷