অৰ্চনা
ঠাকুৰীয়া


নিজক
নিচুকাবলৈও এক বিশেষ ৰাগৰ প্ৰয়োজন

মই
এখন অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ

ত নদীখনে সুঁতি সলাই হলেও বৈ আছে

যিদৰে
আন্ধাৰক পৃথক কৰি পোহৰ জীয়াই আছে আজিও।


ভালপোৱাৰ
অব্যৰ্থ শৰ নিক্ষেপ কৰাৰ কৌশল তুমি জানিছিলা

যি
কৌশলেৰে অৰুন্ধতী ৰাগৰো সৃষ্টি হ
ব পাৰে

এক
গমকতে সৃষ্টি হ
ব পাৰে হাজাৰটা কম্পন

সেই
ৰাগেৰেই আজিও নিচুকাওঁ মই মোক


কৈৱল্যবাদৰ
সৈতে মোৰ পৰিচয় হোৱা নাই

ঈশ্বৰ
নামি অহা বাটটোও মই চিনি নাপাওঁ

পিছে
তেওঁৰ অৱস্থিতি সহজেই অনুমেয়


প্লেট
এলগিৰী অৱ কেভৰ বিষয়ে পঢ়িছিলোঁ

বাস্তৱ-আবাস্তৰ
প্ৰতি তেওঁৰ ধাৰণা ভিত্তিহীন নাছিল

তথাপি জীৱন পৰিৱাহী তাঁৰডাল মামৰে নধৰাকৈ ৰাখিবলৈ কিছু ভ্ৰমৰো প্ৰয়োজন


প্ৰবল
উত্তাপহীন এটি সূৰ্য বুকুত সামৰি ল
ব পাৰিলে

নিৰ্মা কৰিব পৰা যায় সাধনাৰ ভেঁটি