টকিঅ’ৰ আৱৰ্জনা আৰু আৱৰ্জনামুক্ত ভাৰতৰ স্বপ্ন

জ্যোতিষ্মান দাস

 

        আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা আধুনিক
মানৱ সভ্যতাৰ এক প্ৰধান প্ৰত্যাহ্বান৷ কিন্তু এই প্ৰত্যাহ্বানক হেলাৰঙে অতিক্ৰম
কৰি বিশ্বৰ আগশাৰীৰ বহু দেশে আৱৰ্জনাক শক্তিৰ বিকল্প-উৎস আৰু প্ৰয়োজনীয় সম্পদলৈ
ৰূপান্তৰিত কৰাত সফলতা অৰ্জন কৰিছে৷ কিন্তু ভাৰতবৰ্ষৰ দৰে জনবহুল দেশত এতিয়াও
আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰ অভাৱে বহু নগৰ-মহানগৰৰ সামগ্ৰিক পাৰিপাশ্বিৰ্ক-অৱস্থাক
আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ পৰিৱেশ-পাৰিপাৰ্শ্বিকতাক অস্বাস্থ্যকৰ কৰি তুলিছে৷
এইক্ষেত্ৰত চৰকাৰী তথা ৰাজহুৱা প্ৰচেষ্টা আৰু প্ৰচেষ্টাৰ সঠিক ৰূপায়ণৰ যেনেকৈ অভাৱ
, আমাৰ
দৰে সাধাৰণ মানুহৰ মন-মগজুত সজাগতা আৰু সচেতনতাৰো বাৰুকৈয়ে অভাৱ৷ চৰকাৰী প্ৰচেষ্টাৰ
সঠিক ৰূপায়ণ হওক বা নহওক
, স্বচ্ছ ভাৰত
অভিযানৰ জৰিয়তে বিগত কেইবাবছৰো চৰকাৰী প্ৰচাৰ ব্যাপক গতিত চলি আহিছে
, কিন্তু
এতিয়াও বহুতৰে বাবে
স্বচ্ছ ভাৰত অভিযানশ্লগান
হৈয়ে ৰৈ আছে, অভিযানৰ উদ্য়োক্তাসকলৰ বাবেও৷ আৱৰ্জনা নিষ্কাষণৰ বাবে ভাৰতবৰ্ষৰ
অধিকাংশ নগৰাঞ্চলতে নিকটৱৰ্তী নদীসমূহকেই আশ্ৰয় কৰি লোৱা হৈছে আৰু
জৈৱ্য-বৈচিত্ৰ্যক হত্যা কৰি অহা হৈছে৷ পৰম্পৰাগত অবিজ্ঞানসন্মত ভূমি পূৰণ
(land
fill)
ব্যৱস্থাৰে নগৰৰ উপকণ্ঠ অঞ্চলসমূহত জন্ম দি অহা হৈছে– পাৰিৱেশিক
আৰু স্বাস্থ্যজনিত নানা সমস্যাৰ৷ শেহতীয়া এক সমীক্ষালৈ দৃষ্টি নিক্ষেপ কৰা যাওঁক৷
যি সমীক্ষাত আকৌ ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ অৱস্থা অতি
কে শোচনীয়
স্বচ্ছ ভাৰত অভিযান মিছনৰ অংশস্বৰূপে ২০১৬ চনৰ পৰা ভাৰত চৰকাৰৰ উদ্যোগত ভাৰতবৰ্ষৰ
নগৰ-মহানগৰসমূহৰ স্বচ্ছতা আৰু স্বাস্থ্যবিধিৰ এক বাৰ্ষিক সৰ্বেক্ষণ 
(Survey)
কৰি
অহা হৈছে৷ শেহতীয়া সৰ্বেক্ষণত অসমৰ আটাইকেইখন মুখ্য চহৰ গুৱাহাটী
, ডিব্ৰুগড়, নগাঁও
আৰু শিলচৰৰ স্থান ৩০০-ৰ পিছত৷ আচলতে এই ক্ষেত্ৰত সৰ্বেক্ষণৰ প্ৰয়োজনেই নাই
, আমি নিজ
চকুৰেই প্ৰত্যক্ষ কৰি আহিছোঁ
– আমাৰ চহৰবোৰৰ অৱস্থা৷ উল্লেখযোগ্য
যে বিগত কেইবাটাও বছৰ ধৰি মধ্যপ্ৰদেশৰ চহৰ ইন্দ
ৰে এই
সৰ্বেক্ষণত সৰ্বাধিক মূল্যাঙ্ক
 লাভ কৰি আহিছে আৰু ইন্দৰৰ
আৱৰ্জনা-ব্যৱস্থাপনা ভাৰতবৰ্ষৰ আটাইবোৰ চহৰৰ বাবেই এতিয়া আদৰ্শ হৈ পৰিছে৷
“The
Cleanest City in India”
শীৰ্ষক তথ্যচিত্ৰখনত ইন্দৰৰ
আৱৰ্জনা-ব্যৱস্থাপনাৰ বিজ্ঞানসন্মত পদ্ধতি আৰু জনসাধাৰণৰ সজাগতা-সহযোগৰ কিছু আভাস
পাব৷
Centre for Science and Environment, New Delhi-
দ্বাৰা প্ৰস্তুত তথ্যচিত্ৰখন
য়ুটিউব
উপলব্ধ৷ য়ুটিউবত ইন্দ
ৰৰ আৱৰ্জনা-ব্যৱস্থাপনা দেখি মোৰ টকিঅ
আৱৰ্জনা-ব্যৱস্থাপনালৈ হঠাৎ মনত পৰিল৷ চাৰি বছৰৰ আগতে যি ব্যৱস্থাপনাৰ চাক্ষুস
অভিজ্ঞতাৰে মই অতি বিস্ময়াৱিভূত হৈছিলোঁ৷

        ২০১৬ বৰ্ষৰ জানুৱাৰী মাহত এখন
বিশ্ব যুৱ-সন্মিলনৰ (
Ship for World Youth-২৮)
অংশগ্ৰহণকাৰী হিচাপে মই টকিঅ
ত আছিলোঁ আৰু টকিঅ
বিভিন্ন স্থানলৈ যোৱাৰ সৌভাগ্য অৰ্জন কৰিছিলোঁ৷ সেইদিনা আছিল ২৬ জানুৱাৰী
, ভাৰতবৰ্ষৰ ৬৭তম গণৰাজ্য দিৱস৷ মই
তেতিয়া টকিঅ
ৰ নেশ্বনেল য়ুথ চেণ্টাৰত৷ সেইদিনা
ৰাতিপুৱাই আমাক টকিঅ
-দৰ্শনৰ বাবে লৈ যোৱা হল আৰু
প্ৰায় এঘণ্টাৰ যাত্ৰাৰ পাছত আমাৰ বাছখন আৱৰ্জনাৰ স্তুপ কিছুমানৰ মাজত প্ৰৱেশ কৰিলে৷
একাংশ বৃহদাকাৰ ট্ৰাকৰদ্বাৰা কঢ়িয়াই অনা আৱৰ্জনাবোৰ শৃংখলাবদ্ধভাৱে তাত ৰখা
হৈছিল আৰু  বৃহৎ আকাৰৰ কিছুমান যন্ত্ৰৰ
সহায়ত সেইবোৰ গুৰি কৰা হৈছিল৷ পিছত অন্য ট্ৰাক আহি আৱৰ্জনাবোৰ লৈ গৈছিলহি৷ সম্পূৰ্ণ নতুন অভিজ্ঞতা৷ আৱৰ্জনাক লৈ এক ডাঙৰ কাৰবাৰ৷ এই সমগ্ৰ প্ৰক্ৰিয়াৰ উত্তৰ লাভ কৰিছিলোঁ তেতিয়া, যেতিয়া টকিঅ

লেণ্ডফিল চাইট (
Tokyo Metropolitan Government Waste Landfill Site)-ত উপস্থিত
হৈছিলোঁগৈ৷ সেয়া আছিল জনপ্ৰাণীহীন এটা বিশাল এলেকা৷ দূৰৈত টকিঅ
মহানগৰৰ
সুউচ্চ অট্টালিকাবোৰ জিলিকি আছে৷ আনফালে সাগৰৰ নীলা৷ আমাক কোৱা হ
ল যে এই
এলেকাটো টকিঅ
ৰ পৰা নিৰ্গত আৱৰ্জনাৰে সাগৰৰ একাংশ পুতি
কৃত্ৰিমভাৱে সৃষ্টি কৰা হৈছে৷ বিশ্বাস কৰিবলৈ টান হৈছিল৷ কিন্তু যেতিয়া অসংখ্য
ট্ৰাকে আৱৰ্জনা কঢ়িয়াই অনা দেখিলোঁ, ডাঙৰ ডাঙৰ মেচিনেৰে সেইবোৰ সমান কৰা দেখিলোঁ আৰু উৰি ফুৰা শগুনবোৰ দেখিলোঁ তেতিয়া
বিশ্বাস কৰাৰ বাহিৰে উপায় নাছিল৷ সমগ্ৰ এলেকাটো মোৰ বাবে হৈ পৰিছিল পৰম বিস্ময়ৰ
কাৰণ৷
Tokyo Metropolitan Government Bureau of Environment-
কাযাৰ্লয় এটাত উপস্থিত হৈ কথাবোৰ স্পষ্টকৈ জনাৰ পাছতহে ৰহস্য আৰু বিস্ময়ৰ ওৰ পৰিছিল৷
টকিঅ
ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আঁৰৰ
ব্যৱস্থাপনাৰ বিষয়ে জানিব পাৰিলোঁ৷

        আধুনিক সভ্যতাৰ এটা প্ৰধান
সমস্যাই হ
ল আৱৰ্জনা আৰু বৰ্ধিত আৱৰ্জনাই টকিঅমহানগৰীটো
সৃষ্টি কৰিছিল ব্যাপক সমস্যাৰ৷ আৰু এই সমস্যাৰ পৰা টকিঅ

নিৰ্মূল কৰি ৰখাৰ বাবে জাপান চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ সুফল স্বচক্ষুৰে
দেখাৰ সৌভাগ্য সেইদিনা হৈছিল৷ ক্লিন অথ
ৰিটি অৱ টকিঅ’, টকিঅমেট্ৰপলিটান
চৰকাৰ আৰু নিকটৱৰ্তী তেইছখন মহানগৰৰ সহযোগিতাত এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ আৱৰ্জনা
সংগ্ৰহৰ পৰা কৃত্ৰিম ভূ-খণ্ড সৃষ্টি কৰা পৰ্যন্ত গোটেই প্ৰক্ৰিয়াটো কেইবাটাও স্তৰত
সম্পন্ন হয়৷ ইয়াৰ বাবে ধাৰ্য কৰা হয় বিশাল বাজেট৷ লগতে আছে চৰকাৰৰ পৃথক বিভাগ৷ যিকোনো
মূল্যৰ বিনিময়ত পৰিৱেশক সূৰক্ষা দিবলৈ যেন জাপান বদ্ধপৰিকৰ৷ জনসাধাৰণো সচেতন আৰু
দায়িত্বশীল৷ এটা নিৰ্দিষ্ট দিনত আৱৰ্জনা সংগ্ৰহকাৰী গাড়ী আহি টকিঅ
কে ধৰি
নিৰ্দিষ্ট নগৰবোৰৰ পৰা আৱৰ্জনাবোৰ সংগ্ৰহ কৰে৷ আৱৰ্জনাৰ প্ৰকাৰ অনুসৰি নিৰ্দিষ্ট
দিন আৰু গাড়ী পৃথক পৃথক৷ আবৰ্জনাবোৰক তিনিটা ভাগত বিভক্ত কৰা হয়
–Combustible
অৰ্থাৎ  দাহ্য, Incombustible অৰ্থাৎ অদাহ্য,
Large-sized
অৰ্থাৎ বৃহদাকাৰ ৷ জাপানৰ ডাস্তবিনবোৰো অত্যন্ত
বিজ্ঞানসন্মত আৰু সহজলভ্য৷ আৱৰ্জনাৰ প্ৰকাৰ অনুসৰি ডাস্তবিন পৃথক পৃথক৷ সাধাৰণতে
ডাস্তবিন থকা ঠাইত তিনি প্ৰকাৰৰ আৱৰ্জনাৰ বাবে তিনিটাকৈ ডাস্তবিন থাকে৷ দাহ্য
আৱৰ্জনাৰ বাবে ৰখা ডাস্তবিনত অদাহ্য আৱৰ্জনা পেলাব নোৱাৰি৷ প্লাষ্টিকৰ বাবে
নিৰ্দিষ্ট কৰি থোৱা ডাস্তবিনত কেৱল প্লাষ্টিকহে পেলোৱা হয়৷ কাগজ-ফুড ৱেষ্টৰ বাবেও পৃথক
ডাস্তবিন৷ ডাস্তবিনৰ জৰিয়তেই উমান পোৱা যায় জাপানীসকলৰ শৃংখলাবদ্ধ আৰু পৰিচ্ছন্ন
মনৰ৷ যি কি নহওক আৱৰ্জনা-পৰিৱাহী বাহনে দাহ্য আৱৰ্জনাবোৰক প্ৰত্যক্ষভাৱে দগ্ধকৰণ (
Incineration)-ৰ বাবে
লৈ যায়৷
Incineration Plant-ত আৱৰ্জনাবোৰ
ধোৱা-ছাই-পানীলৈ ৰূপান্তৰিত কৰা হয়৷ ছাইবোৰ লেণ্ডফিল চাইটলৈ প্ৰেৰণ কৰা হয় আৰু
পানীবোৰ পুনঃবিশুদ্ধিকৰণৰ বাবে প্ৰেৰণ কৰা হয়৷ আৱৰ্জনা দহনৰ পৰা উৎপন্ন হোৱা
উত্তাপৰ পৰা উৎপন্ন কৰা হয় বিদ্যুৎশক্তি৷ ২০১৪ চনত
Incineration
Plant-
ৰ পৰা ১,১২৬.৬ মিলিয়ন কিলোৱাট আৱাৰ শক্তি উৎপন্ন
হৈছিল৷ অদাহ্য আৱৰ্জনাবোৰক নিয়া হয়
Chubo Incombustible Waste
Processing Centre
বা Keihinijima
Island Incombustible Waste Processing Centre-
লৈ৷ পুনৰ ব্যৱহাৰ কৰিব পৰা ধাতৱীয় অৱৰ্জনাসমূহ বাদ দি বাকী আৱৰ্জনাবোৰ উন্নত যন্ত্ৰৰ সহায়ত
ক্ষুদ্ৰাতিক্ষুদ্ৰ আকাৰত পৰিণত কৰা হয় আৰু বিশুদ্ধিকৰণৰ পাছত প্ৰধানতঃ আৱৰ্জনা পৰিবাহী জাহাজৰ সহায়ত
লেণ্ডফিল চাইটলৈ কঢ়িয়াই নিয়া হয়৷ বৃহৎ পৰিমাণৰ আৱৰ্জনাবোৰ প্ৰক্ৰিয়াজাতকৰণ
 (Pulverization
Processing)-
ৰ বাবে প্ৰেৰণ কৰা হয় যত ধাতৱ
আৰু অধাতৱ আৱৰ্জনাৰ পৃথকীকৰণৰ পাছত অধাতৱৰ একাংশ চিমেণ্ট উদ্যোগ আৰু এছ-মেল্টিঙলৈ
প্ৰেৰণ কৰাৰ পাছত বাকী অংশ লেণ্ডফিল্ড চাইটলৈ প্ৰেৰণ কৰা হয়৷ পৰিশোধিত সকলো
আৱৰ্জনা জল-স্থল দুয়ো প্ৰকাৰৰ পৰিৱহনৰ জৰিয়তে টকিঅ
বে’ (Tokyo
Bay)
অঞ্চললৈ পৰিৱহন কৰা হয় আৰু আৱৰ্জনাৰ স্তুপবোৰৰ ওপৰত মাটিৰ আচ্ছাদন দি
টকিঅ
উপকূলৰ সামুদ্ৰিক অঞ্চলৰ সাগৰপৃষ্ঠত
সৃষ্টি কৰা হয় নতুন ভূ-খণ্ড৷ এনে ধৰণৰ
ডিচপ
জেল চাইট তেতিয়ালৈকে সাতটা আছিল¸  সেইকেইটাৰ নাম আৰু এলেকা আছিল ক্ৰমেSite 8 ( Shiomi, koto City)- 36400m2, Site 14 (
Yumenoshima, Koto City)- 450000m2, Site 15( Wakasu, Koto City)-712000m2, Inner
Central Breakwater  Landfield Site-78000m2, Outer
Central Breakwater Landfield Disposal Site(2)- 1990000m2, Haneda Offshore(Haneda
Airport,Ota City)-124000m2, New Sea Surface Disposal Site(For waste)-3190000m2
ইয়াৰে পাঁচটা চাইট সম্পূৰ্ণ হৈ উঠাৰ
বিপৰীতে
Outer Central Breakwater Landfield Disposal
Site(2)- 1990000m
2 আৰু  New
Sea Surface Disposal Site(For waste)-3190000m2
চাইট দুটাৰ কাম
চলি আছিল৷ উল্লেখযোগ্য যে
Site 8 ( Shiomi, koto City) শীৰ্ষক
চাইটটো ১৯৫০-৬০ দশকৰে৷ অথাৰ্ৎ তেতিয়াৰ পৰাই লেণ্ডফিল্ড চাইটৰ কাম আৰম্ভ হৈছিল৷
২০১৬ চন পৰ্যন্ত উপৰোক্ত আটাইকেইটা চাইটত সৰ্বমুঠ প্ৰায় ৫৩.৪০ মিলিয়ন টন আৱৰ্জনা (
Clean
Authority of Tokyo-
Waste Report ২০১৬ অনুসৰি)
প্ৰয়োগ হৈছিল৷ ২০১৩ চনৰ এক তথ্য অনুসৰি প্ৰতি এক টন আৱৰ্জনাৰ সংগ্ৰহ
, পৰিশোধন, পৰিৱহন
আৰু ডিচপ
জেলৰ বাবদ প্ৰায় ৫৫,৫৫৯ য়েন অথাৰ্ৎ প্ৰায় ৩৫,৩৪৫ টকা
ব্যয় হয়৷ কিন্তু এই ব্যয়ক লৈ চৰকাৰে মূৰ নঘমায়৷
Clean Authority
of Tokyo-
ৰ এটা মূল বাণীয়েই হ–Reduce,
Reuse, Recycle
৷ এই বাণীক সাৰোগত কৰি কৰ্তৃপক্ষই আৱৰ্জনাৰে সাগৰপৃষ্ঠৰ পৰা সেউজ ভূ-পৃষ্ঠ সৃষ্টি কৰাতে সীমাৱদ্ধ নাথাকি আৱৰ্জনাৰ
পৰা নিসৃত হোৱা মিথেন গেছৰ পৰা শক্তি উৎপাদনতো বিশেষভাৱে গুৰুত্ব দিছে৷ সেয়েহে
লেণ্ডফিল্ড চাইটসমূহ একোটা একোটা শক্তি উৎপাদনৰ কেন্দ্ৰলৈ পৰ্যবসিত হৈছে৷
লেণ্ডফিল্ড অঞ্চলবোৰত আৱৰ্জনাবোৰৰ পৰা নিঃসৰণ হোৱা মিথেন গেছ সংগ্ৰহ কৰি গেছ
টাবাৰ্ইনত দাহ কৰি বিদ্যু
 শক্তি উৎপাদন কৰা জাপানৰ প্ৰযুক্তিক প্ৰশংসা নকৰি
নোৱাৰি৷ তদুপৰি লেণ্ডফিল্ড চাইটসমূহত বৃক্ষৰোপণৰ জৰিয়তে গঢ়ি তোলা হৈছে সেউজ
উদ্যান
, বিভিন্ন উদ্যোগ আৰু আৱাসগৃহ৷

        প্ৰদূষিত পানীৰ বিশুদ্ধিকৰণৰ
বাবেও
Clean Authority of Tokyo-ৰ পৃথক প্ৰকল্প
আছে৷ লেণ্ডফিল্ড চাইটৰ প্ৰদূষিত পানীক উপযুক্ত পদ্ধতিৰে সংগ্ৰহ কৰি ১
,৪০,০০০ ঘনমিটাৰ কালিৰ Buffer Reservoir-ত সংগ্ৰহ কৰা হয়
আৰু তাৰ পাছত
Wastewater Treatment Plant-ত পানীৰ বিশুদ্ধিকৰণ
প্ৰক্ৰিয়া সম্পন্ন কৰা হয়৷
Wastewater Treatment Plant-ত দিনে
৪৫০০ ঘনমিটাৰ পৰিমাণৰ পানীৰ বিশুদ্ধিকৰণ কৰাৰ বিপৰীতে
Wastewater
Treatment Plant-
২-ত দিনে ১১,৫০০ ঘনমিটাৰ পৰিমাণৰ পানীৰ বিশুদ্ধিকৰণ কৰা হয়৷ তাৰ পাছত প্ৰেৰণ কৰা হয় সোনামাচিস্থিত Bureau
of Sewerage Water Recycling Centre-
লৈ আৰু তাৰ পাছত টকিঅউপকূলৰ
জলৰাশিৰ মাজত পানীভাগ এৰি দিয়া হয়৷ ২০১৩ চনত প্ৰায় ৩.২ মিলিয়ন ঘনমিটাৰ পানী এই প্ৰক্ৰিয়াৰে বিশুদ্ধ কৰা হৈছে
, যাৰ বাবদ উক্ত
বছৰটোত ২.৪ বিলিয়ন য়েন অথাৰ্ৎ প্ৰায় ১৫২.৭ কোটি টকাৰ খৰচ হৈছে৷ জল প্ৰদূষণ
প্ৰতিৰোধৰ বাবে কৰা এনে উন্নত আৰু বিজ্ঞানসন্মত ব্যৱস্থাৰ বিষয়ে অৱগত হৈ উপকৃত
হোৱাৰ লগতে ধন্য হ
লোঁ৷ তেতিয়া আমাৰ দেশৰ অৱস্থাৰ কথা
অনুধাৱন কৰি নিজকে ধিক্কাৰ দিয়াৰ বাহিৰে উপায় নাছিল৷ গুৱাহাটীৰ ৰাজপথকেইটা মোৰ
চকুৰ পদাৰ্ত স্পষ্টকৈ জিলিকি উঠিছিল৷ টকিঅ
উপকূলত
ৰৈ নৰ্দমাৰে যোৱা প্ৰদূষিত পানীবোৰ বুকুত লৈ আৰ্তনাদ কৰি উঠা ভৰলু
, যমুনা, গংগাৰ
চিঞৰ মই শুনিছিলোঁ৷ সমান্তৰালভাৱে এখন স্বচ্ছ আৱৰ্জনামুক্ত ভাৰতবৰ্ষৰ স্বপ্ন এটাই
মনত বাহ সাজিছিল৷ শেহতীয়াকৈ ইন্দ
ৰৰ দৰে
চহৰৰ আৱৰ্জনা ব্যৱস্থাপনাই এটা আশা মনত সঞ্চাৰ কৰিছে
আৱৰ্জনা-ব্যৱস্থাপনাত
টকিঅ
ৰ স্তৰ যদিও ইন্দৰে
পোৱাগৈ নাই
, কিন্তু মই খুবেই আশাবাদীইন্দৰৰ দৰে
ভাৰতীয় প্ৰত্যেকখন চহৰে স্বচ্ছতাৰ এই বাটেৰে আগুৱাই যাব
আৱৰ্জনাক
সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিব৷

লেখকৰ ঠিকনা :

সহকাৰী অধ্যাপক

অসমীয়া বিভাগ

তেজপুৰ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৮৬৩৮৫৫৯০৭৪

ইমেইল- jyotish@tezu.ernet.in