মিণ্টুল হাজৰিকা


মহাদেশৰ এটা অংশত
এঘৰত
খাচি ডেকাৰ স্বৰটিৰ সুৰত
জোনাক সৰিছে

আন্ধাৰ ফুটাই
খিৰিকীয়েদি সোমাই আহি ৰিণি
ৰিণি

সেই সুৰে বুকুত সাজিছে

তেজ আৰু মঙহৰ
ৰংমহল

ছাই সনা মুখৰ গধূলিয়েদি
জ্যামিতিক উৰুলি এটাৰ সতে
আকাশত ওজা উঠা মেঘৰ ভাৱৰীয়া
চেও

যশোদা মাও মথনি থোৱাঁ
কৃষ্ণই কান্দিছে কোলাত লোৱাঁ

সাতামপুৰুষীয়া লাঙিজালখনে
দাঁত ছিঙা শলমৰা
বৰশীৰে সাজিছে

তোৰণ

তুঁহজুইৰ উমত
সেলেঙিমুখৰ সাধুটোৱে সেকি
সেকি পূৰঠ কৰিছে

লাইখুঁটা-ঘাইখুঁটা দিন

জ্বলাবটা জেতুকীবাইৰ দুই
কোৱাৰিয়েদি

ঘৰেপতি বৰষিছে
কথাবটা ভাওনাৰ
এটা-আধা সংলাপ

বাইৰ আঙুলিৰ মূৰত
আঙুলিয়ে নাচিছে
সাগৰীয় মুদ্ৰাৰ
ধ্ৰুপদী নাচ

তাতা থৈথৈ, তাতা থৈথৈ

সুগন্ধিময় ৰাতিৰ চেতাৰ
নেইল পলিছত উজলিছে
ঠেঙালপঁজাৰ ডিঙিৰ পাজাৰ !

ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩