ইলেকট্রিচিয়ান (Electrician)

 ° বুলজিৎ বুঢ়াগোহাঁই


বৰ্তমান যুগত ইলেকট্রিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷
এজন ইলেকট্রিচিয়ান হোৱাৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই
, এজন সুদক্ষ ইলেকট্রিচিয়ানৰ ওচৰত প্রশিক্ষণ
গ্রহণ কৰিও এজন ইলেকট্রিচিয়ান হ
ব পাৰি৷ কিন্তু এজন সুদক্ষ
ইলেকট্রিচিয়ান হ
বৰ বাবে ইলেকট্রিচিয়ানৰ পাঠ্যক্রম অধ্যয়ন
কৰা আৱশ্যকতা আছে৷ তাৰ উপৰি কোনো উদ্যোগ তথা প্রতিষ্ঠানত নিয়োগ লাভ কৰিবৰ বাবে
ইলেকট্রিচিয়ান পাঠ্যক্রম গ্রহণ কৰাৰ প্রমাণ পত্রও প্ৰয়োজনীয়। 

ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই. টি. আই.-ত ইলেকট্রিচিয়ান পাঠ্যক্রম
অধ্যয়ন কৰিব পৰা সুবিধা আছে৷ এই পাঠ্যক্রম দুবছৰীয়া৷ ইলেকট্রিচিয়ান
পাঠ্যক্রম অধ্যয়ন বাবে ছাত্র-ছাত্রীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত
 গণিত আৰু বিজ্ঞান
বিষয়সহ উত্তীৰ্ণ হ
ব লাগে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত
পোনপটীয়াকৈ নামভৰ্তিৰ সুবিধা আছে৷ সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
ঘোষণা কৰা পাছত এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে বিজ্ঞাপন প্রকাশ হয়৷
  আই. টি. আই.-ত নামভৰ্তিৰ বাবে আৱেদন অনলাইন মাধ্যমত কৰিব লাগে৷
ইয়াৰ ৱেবছাইট ঠিকনাটি হ
ল—
 www.itiassam.nic.in  আৱেদন কৰোঁতে এটা ই-মেইল
আই. ডি. আৱশ্যক হয়৷ গতিকে
, প্রাৰ্থীসকলে এটা ই-মেইল আই. ডি.
খোলা প্রয়োজন।
 এই পাঠ্যক্রমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১
আগষ্টত প্রাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ
ব নালাগে৷

ইলেকট্রিচিয়ান পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসম চৰকাৰৰ অধীনৰ কেইখনমান
ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান হ
ল— যোৰহাট, তেজপুৰ, তিনিচুকীয়া, ধনশিৰি, নগাঁওবৰপেটানলবাৰী, বঙাইগাঁও, গুৱাহাটী, গোৱালপাৰা,
গড়গাঁও, ভেৰগাঁও, মৰিগাঁও,
শ্রীকোণা, হাইলাকান্দি,
 দক্ষিণ শালমাৰা, মাজুলী আদি।

National Council for Vocational
Training (NCVT)-ৰ অধীনত
 ইলেকট্রিচিয়ান পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এনচিভিটি (NCVT) প্ৰমাণপত্ৰ প্রদান
কৰে আৰু
State Council for Vocational Training (SCVT)-
অধীনত
ইলেকট্রিচিয়ান পাঠ্যক্রমত উত্তীৰ্ণ প্ৰাৰ্থীসকলক এছ. চি. ভি. টি. (SCVT) প্ৰমাণপত্ৰ প্রদান
কৰে৷ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানৰ পৰা ইলেকট্রিচিয়ানৰ প্রশিক্ষণ গ্রহণ কৰিলে সেই
প্রতিষ্ঠানখন
National Council for Vocational Training (NCVT) বা State Council for Vocational Training (SCVT)-
স্বীকৃতিপ্রাপ্ত হ
ব লাগে। গতিকে পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পূৰ্বে শিক্ষণ প্ৰতিষ্ঠানটোৰ মর্যাদাৰ সবিশেষ জানি ললে ভাল হয়৷ সবিশেষ
তথ্য জানিবৰ বাবে
 www.itiassam.nic.in ৱেবছাইটত চাব পাৰে৷

 

কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা
কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে
তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯
বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০)-ত যোগাযোগ কৰিব পাৰে৷