তুমি অহাৰ দিন

অমিতাভ ফুকন

তুমি অহাৰ দিনাই নৈৰ পাৰত কঁহুৱা

জোনাকত মুকুতা

সুৱাসত শেৱালি

তুমি অহাৰ দিনাই গ্ৰহণ লুকায়

কোলাহল ঘৰচিৰিকাৰ

হেঁপাহৰ ডোঙা

তুমি অহাৰ দিনাই

নাচোনত দেও-দৰিকণা

সখিয়তীৰ উলাহ

তুমি অহাৰ দিনাই সুগন্ধি শাৰদী আই

ৰাংঢালী সুৰীয়া বীণ

সুদিনৰ শব্দ মেলা

পদুমৰ প্ৰদীপ

পৃথিৱীৰ পোহৰ উদযাপন 

তুমি অহাৰ দিন