Category অন্যযুগ, মাৰ্চ, ২০২২

ৰহিমলা ঐ

প্ৰতীক্ষা বৰা   আৰু এনেকৈয়ে, থনৰকৈ ভাগিল বুকুখন। বুকু ভঙাৰ শব্দটো যেন ইন্দ্ৰাণী শইকীয়াৰ কাণতহে বাজিল। হাই–উৰুমি নোহোৱা জঠৰ দুপৰীয়া এটাত কাণ দুখন জোৰকৈ হেঁচি ধৰিবৰ মন গ’ল তেখেতৰ, হো–হোৱাই উজাই অহা আগবেলাৰ হজম হ’বলৈ নেদেখা খোৱাবোৰক ঘটিয়ে ঘটিয়ে পানী খাই উলিয়াই…

শ্ৰদ্ধাৰ্ঘ্য : ড° অপৰ্ণা মহন্ত

 ৰঞ্জুমণি মহন্ত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অপৰ্ণা মহন্ত আছিল অসমৰ নাৰীবাদী চিন্তা–চেতনাৰ অন্যতম বাটকটীয়া৷ যোৱা শতিকাৰ নৱম দশকৰপৰাই অসমৰ নাৰীবাদী আন্দোলনৰ সৈতে কেৱল বিদ্যায়তনিকভাৱেই নহয় এগৰাকী তৃণমূল কৰ্মী হিচাপেও জড়িত হৈ অহা…

বিশাল

প্ৰয়াগ শইকীয়া   তুমি যদি অনুভৱ কৰি আছা বিষ জীৱনে সলোৱা নাই এতিয়াও দিশ তুমি যদি অনুভৱ কৰিছা আনৰ বিষ বিশাল হোৱাৰ মহত্বৰে তুমি পাইছা মানুহৰ আশীষ   বিষৰ পৰা বিষাল বিষালক জিনি বিশাল সীৰলুৰ শইচৰ আগেয়ে ধাৰাল নাঙলৰ ফাল…

ডেইৰি টেকন’লজি (Dairy Technology)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ডেইৰি টেকন’লজি (Dairy Technology) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ডেইৰি টেকন’লজিৰ স্নাতক পাঠ্যক্রম (B. Tech / B.Sc. )-ত নাম ভৰ্তি কৰিব পাৰে। ডেইৰি টেকন’লজিত চাৰ্টিফিকেট, ডিপ্ল’মা, স্নাতকোত্তৰ…

কণ-কবিতা (শিশু কবিতা)

অনসূয়া বৰঠাকুৰ                (১) পহুৱে বোলে ‘খহু হ’লে     শিহুৰ তেল ঘহোঁ’, লেহুগাঁৱৰ বিহুত খুৱালে     চাহৰ লগত ফেঁহু।               (২) দেখিছানে বাৰু কাকু?    ৰাকুদা…

অন্যযুগৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান

যোৱা ১৩ ফেব্ৰুৱাৰিত যোৰহাট প্ৰেছক্লাবত ‘অন্যযুগ’ আলোচনীৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ বিজ্ঞান আৰু সাহিত্য‘ শীৰ্ষক এই বৰ্ষৰ ‘অন্যযুগ-বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক অভিজিত শৰ্মা বৰুৱাই৷ তেখেতে বিজ্ঞান, কল্পবিজ্ঞান, ফেণ্টাছী, সহজবোধ্য…

দুটা বাংলা কবিতা

দুটা বাংলা কবিতা অনুবাদ : মিণ্টুল হাজৰিকা, দিগন্ত ৰাগ (১) ওপজা দিন মূল (বাংলা) : শঙ্খ ঘোষ তোমাৰ জন্মদিনত কিনো আৰু দিব পাৰোঁ এই কথাষাৰৰ বাহিৰে  আমি আকৌ কাহানিবা লগ হ’ম   লগ হ’ম তুলসীতলত লগ হ’ম বাঁহৰ সাঁকোডালত লগ হ’ম…

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ  সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

অবাৰিত শৃংখল-দাসত্বৰ

 সঞ্জীৱ সভাপণ্ডিত ডেকা-গাভৰু বয়সত দেহা উজান–ভাটী কৰাৰ নিচিনাকৈ প্ৰৌঢ় বা বৃদ্ধ বয়সত মানুহৰ মনেও অতীত–ভৱিষ্যতৰ মাজত উজান–ভাটী কৰি থাকে৷ ডেকা-গাভৰু বয়সত যৌৱনৰ জোৱাৰত মন-কাগজৰ নাওখন উজান–ভাটী কৰে সংগমৰ তাড়নাত বা মিলনৰ আকাংক্ষাত৷ তেতিয়া কামনাৰ বাসনাত মন দহে, দেহা জ্বলে৷ তেতিয়া অনেক কথাই তুচ্ছ হৈ পৰে৷ পৰিয়াল–সমাজ-বয়সৰ সকলো বান্ধোন ছিঙি পেলাবলৈ…

কাটাকম্ব : মাটিৰ তলৰ সমাধি গৃহ

 ড০ ৰাস্না ৰাজখোৱা জেৰুজালেম এক প্ৰতিষ্ঠিত সমাধি কেন্দ্ৰ, কিন্তু এই পৌৰাণিক মহানগৰখনত সমাধিৰ বাবে ঠাইৰ নাটনি হৈ আহিছে৷ ২০১৫ চনত ‘জেৰুজালেম ইহুদী সম্প্ৰদায় সমাধি সমাজে’ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে মহানগৰখনৰ আটাইতকৈ ডাঙৰ সমাধি ক্ষেত্ৰ ‘হাৰ হেমেনুচ’ট’ (Har Hamenuchot)-ৰ এটা পাহাৰত খনন কাৰ্য চলাই আৰু প্ৰায়…