নীলমণি ফুকন : এক সামগ্ৰিক দৃষ্টিপাত

 হৰ্ষবৰ্দ্ধন

       

 বৰ্তমান একাংশই আমাৰ
আইৰ মুখৰ ভাষাটোৰ ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ কৰা দেখা গৈছে। অৱশ্যে বাস্তৱিকতে
চিন্তাৰ থল নথকাও নহয়। কিন্তু শেহতীয়াকৈ ২০২১ চনত নীলমণি ফুকনে ভাৰতীয় সাহিত্য
জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ লাভ কৰা ঘটনাটোৱে যেন ভাষাটোৰ টুটি অহা আয়ুস
বৃদ্ধি কৰিলে। কিন্তু জাতীয় কবি নীলমণি ফুকনে আমাৰ জাতিটোক কি দিলে আৰু আমাৰ
ভাষাটোক তেওঁ কোন পৰ্যায়লৈ লৈ গ
ল আমাৰ গৰিষ্ঠ সংখ্যকেই এতিয়াও অনুধাৱন
কৰিব পৰা নাই যেন লাগে। ভাবিয়েই ভাল লাগে যে এতিয়াৰ পৰা অসমীয়া সাহিত্যৰ যিবোৰ
ইতিহাস লিখা হ
ব বা আগৰ ইতিহাসবোৰৰ যেতিয়া পৰিবৰ্ধিত
সংস্কৰণ প্ৰকাশ পাব তেতিয়া এটা নতুন তথ্য যোগ দিয়া হ
ব “কবি
নীলমণি ফুকনে কবিতাৰ বাবে ২০২১ চনৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল।” আগতেও ড০ বীৰেন্দ্ৰ
কুমাৰ ভট্টাচাৰ্য্য আৰু মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কিন্তু
বৰ্তমানৰ যুৱ প্ৰজন্মৰ বাবে নীলমণি ফুকন সদায় বিশেষ। কাৰণ আমাৰ প্ৰজন্মটোৱে বুজা
হোৱা বয়সত দেখা একমাত্ৰ জ্ঞানপীঠ বিজয়ীজনেই হ
ল নীলমণি
ফুকন।
 

কিন্তু এটা
সময়ত অসমৰ বৌদ্ধিক সমাজখনে নীলমণি ফুকন নামৰ এই সূৰ্যটোক ঢাকিবলৈও চেষ্টা নকৰা
নহয়। ১৯৭৪ চনৰ ৰঙালী বিহু সংখ্যাৰ আমাৰ প্ৰতিনিধিত জনৈক মৃদুপৱন বৰুৱাই ফুকনৰ “টোপনিতো
তেওঁ মোক খেদি ফুৰিছিল” শীৰ্ষক কবিতাটো
 Leon Felipe Camino-ৰ “Nightmare” নামৰ এটা কবিতাৰ নকল
বুলি দেখুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। তাৰ প্ৰমাণ হিচাপে তেওঁ তুলি ধৰিছিল
 ECHO নামৰ এখন পুৰণি আলোচনী আৰু মজাৰ কথাটো হ
সেইখন কেৰেলাত প্ৰকাশ কৰা বুলি দেখুউৱা হৈছিল। পাছত গম পোৱা গ
 ECHO নামৰ কোনো আলোচনী
দৰাচলতে নাছিল। কোনোবাই কৌশলেৰে পুৰণি কাগজত সেইটো নামত আলোচনী ছপাই তাতে কবিতাটো
 Nightmare বুলি অনুবাদ কৰি ফুকনক “নকল কবি” হিচাপে প্ৰতিষ্ঠা কৰিবলৈ
অপচেষ্টা কৰিছিল। এইক্ষেত্ৰত প্ৰসিদ্ধ কবি সুনীল গঙ্গোপাধ্যায়ে ফুকনলৈ ৪/৯/৭৪
তাৰিখে লিখা চিঠিখন তাৎপৰ্যপূৰ্ণ:

কোচিন
থেকে প্রকাশিত
 ECHO নামের কোনো পত্রিকার
নাম আমি শুনিনি।”

ফুকনৰ
কাব্যিক উত্তৰণত কেইবাজনো সমালোচকৰ ভূমিকা অনস্বীকাৰ্য। এইক্ষেত্ৰত তিনিজন
ব্যক্তিৰ নাম সদায় উল্লেখযোগ্য অধ্যাপক ভবেন বৰুৱা
, অধ্যাপক ড০ হীৰেন গোহাঁই আৰু কবি সমালোচক হৰেকৃষ্ণ ডেকা।
যিজন ভবেন বৰুৱাই প্ৰথম লগ পাওঁতে নীলমণি ফুকনক “আপোনাৰ কবিতা মোৰ বৰ পচন্দ নহয়
, বলগীয়া
কথা আছে।” বুলি কৈছিল সেই একেজন ভবেন বৰুৱাই পাছত
 গোলাপী জামুৰ লগ্নৰ পাতনিত
ফুকনৰ কাব্য প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰিছিল
, তেখেতে দ্বিধাহীনভাৱে লিখিছিল : কবি
হিচাপেও যোৱা এশটামান বছৰৰ কবিসকলৰ প্ৰথম শাৰীতেই তেওঁক স্থান দিব লাগিব।
 কিন্তু বৰুৱাৰ এই
উক্তি উপৰুৱা নাছিল। এই কথা কবি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰাৰ পাছত অধিক স্পষ্ট হৈ
পৰিছে। কিন্তু একে সময়তে কাব্যিক উত্তৰণৰ বাবে সম্পাদনা-পৰিমাৰ্জনাৰ
প্ৰয়োজনীয়তাৰ কথা দোহাৰি তোওঁৰ কবিতাৰ খেলিমেলিবোৰো দেখুৱাই দি বৰুৱাই লিখিছিল :
 তেতিয়ালৈকে তেওঁৰ
কবিতাবোৰৰ ভিতৰত ভাবৰ সংহতি নষ্ট হোৱা
,
 নিৰৰ্থক ৰমণীয়
শব্দলীলা থকা
, যান্ত্ৰিক
ব্যঞ্জনাহীন উক্তিৰে গঁথা
, দুৰ্বল
অসাৰ্থক কবিতাৰ সংখ্যাটোৱেই বিশেষভাৱে ডাঙৰ আছিল।
 আনকি বৰুৱাই  ২৪/৮/৭৭ তাৰিখৰ এখন
ব্যক্তিগত পত্ৰত কবিতাৰ পুষ্টি আৰু সমৃদ্ধি আহৰণৰ বাবে পঢ়িবলগীয়া কিতাপৰ
নিৰ্দেশনাও দিছিল। হীৰেন গোহাঁইৰ সমালোচনাখিনিৰ কথা নকলেও হয়। আজিও ফুকনৰ বিষয়ে
বিভিন্ন আলোচনাত বিভিন্ন লেখকে “সাগৰতলিৰ শঙ্খ”ৰ সেই বত্ৰিছ পৃষ্ঠাৰ পাতনিখনৰ পৰা
বিভিন্ন প্ৰসংগত গোহাঁইৰ উক্তিক
 quote কৰা দেখা যায়।
গোহাঁয়েও বিভিন্ন ব্যক্তিগত চিঠিত নীলমণি ফুকনক তেওঁৰ উত্তৰণৰ বাবে বিভিন্ন
পৰামৰ্শ দিছিল। ১৩/০৫/৬৫ তাৰিখে কেম্ব্ৰিজৰ পৰা লিখা এখন চিঠিত গোহাঁয়ে লিখিছিল :

আত্মনিমগ্ন
মনৰ শংকা
,
 বিহ্বলতা আৰু
হতাশা আপুনি ভালদৰে ফুটাই তুলিছে। কিন্তু পৰাজয়ৰ সন্মুখত অটল সংগ্ৰামী মানুহৰ
স্বৰূপ
, উদ্দেশ্যত
ব্ৰতী মানুহৰ আশা-আকাংক্ষা আৰু জয়-পৰাজয়
, আৰু মানৱ জীৱনৰ নানা
স্বরূপ
, নানান আৱেগ
আপোনাৰ কবিতাত ফুটি উঠা নাই। …একালত অসমীয়া আ-অলংকাৰ
, সাজপাৰ,তাৰ
দস্তুৰ আৰু জতুৱা ঠাঁচ সম্পৰ্কে আপোনাৰ উছাহ আছিল। সেইবোৰ আপোনাৰ কবিতাৰ সমল নহয়
কেলেই
?’

আন এখন চিঠিত
তেখেতে লিখিছিল :

সচৰাচৰ
আপুনি আপোনৰ চিনাকি জাগাতে সোমাই থাকে। স্বীকাৰ কৰোঁ সেইবোৰ ভাল কবিতা। কিন্তু সি
যথেষ্ট নহয়। উক্ত প্রয়াসত কেৱল ঐকান্তিকতা হ
লেই নচলিব।
প্রয়োজন হ
 alertness-ৰ সজীৱ সচেতন উপলব্ধিৰ।

কবিতাত
স্বকল্পিত মিথৰ ব্যৱহাৰে কবিতাটোৰ মূলভাৱটোক ওলাই অহাত বাধা দি তাক ৰোগগ্ৰস্ত কৰে।
সেয়েহে অত্যাধিক এনে প্ৰয়োগে যাতে তেওঁৰ কবিতাত বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি
সচেতন হ
বলৈ হৰেকৃষ্ণ ডেকাই ২৮/০৭/৬৮ তাৰিখৰ এখন চিঠিত তেওঁক সোঁৱৰাই দিছিিল। তাৰ
ঠিক আঠ বছৰ পাছত তেওঁৰ
 কাঁইট আৰু
গোলাপৰ কাঁইট
 পঢ়ি ডেকাই
এখন চিঠিত লিখিছিল :
 এইবিলাক
কবিতাই আমাৰ কাৰণে এখন নতুন জগত মুকলি কৰিছে। যি জগতখন আমাৰ স্মৃতিত লিপিট খাই
থাকিও ইমান দিনে- অচেতন হৈ আছিল। কবিতাবোৰৰ গাঁথনিত অসমীয়া লোকজীৱনৰ আৰু তাৰ
গীত-মাতৰ পৰা আহৰণ কৰা বহু বস্তু ইমান স্বাভাৱিকভাৱে নতুন ঠাইত খাপ খাই পৰিছে যে
মই ভাবি আচৰিত হৈছোঁ।

অধ্যাপক ড০
মহেন্দ্ৰ বৰাই নীলমণি ফুকনক
 নিৰ্জনতাৰ
কবি
 বুলি কলেও
ফুকনৰ সামগ্ৰিক ব্যক্তিত্বক বুজাবলৈ সি যথেষ্ট নহয়। তাৰ বাবে “জাতীয় কবি”
শব্দটোহে সচাঁকৈ খাপ খাব। কিন্তু দেৰগাঁৱৰ বোকা পানী গচকি জাতীয় কবিৰ আসনত বহাৰ
এই পৰিক্ৰমা কিন্তু সহজ নাছিল। জাতীয় কবি হ
বৰ বাবে বিষয়, কাব্যভাবনা আৰু ভাষিক
নিৰ্মিতিত যি জাতীয় চেতনা থাকিব লাগে সি ফুকনৰ কবিতাত বিৰাজমান। উদাহৰণস্বৰূপে “মুঠি
মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি” কবিতাটোৰ এই শাৰীবোৰক টং কৰি চাব পাৰি:

            ক) মুঠি মুঠিকৈ কাটি তোৰ
ঢেঁকীয়াৰ আঙুলি

           খ)  উজাগৰ দুচকুৰে জ্বলাৱ
পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ
 

           গ) পিন্ধনে জেতুকা তই
ফাটি যোৱা কলিজাত।

আৰু সেই
চেতনা আৰু প্ৰকাশভঙ্গী অধিক পৰিস্ফূত হৈ উঠিছে
 কাঁইট আৰু গোলাপ আৰু কাঁইট  কিতাপখনৰ শিৰোনামৰ সৈতে সঙ্গতি থকা কবিতাটোৰ
মাজত।

কবিৰ কাব্যিক
উত্তৰণত একাধিক সমালোচকৰ ভূমিকাৰ কথা ইতিমধ্যে কবিয়ে নিজেই কেইবা ঠাইতো কৈছে
, কিন্তু এই কাব্যিক
উত্তৰণৰ বাবে তেওঁ নিজেও অপৰিসীম কষ্ট স্বীকাৰ কৰিছে। তেওঁৰ প্ৰথম অৱস্থাৰ
কবিতাবোৰ সচাঁকৈয়ে ভবেন বৰুৱাই কোৱাৰ দৰে নিৰৰ্থক ৰমণীয় শব্দলীলাৰে পৰিপূৰ্ণ আছিল।
উদাহৰণস্বৰূপে তেওঁৰ “বুৰঞ্জী” শীৰ্ষক কবিতাটোকে চাব পাৰি। প্ৰথম অৱস্থাত কবিতাটোৰ
শেষৰ পংক্তিটো আছিল –

             আমি আকৌ
ধোঁৱা আৰু নিশাৰ

             মনোময় অসীম
নীলাতে
 

             ধীৰে ধীৰে
নাও মেলি দিলোঁ।

কিন্তু
পৰিমাৰ্জনত তেওঁ প্ৰথম শাৰীটোৰ
 নিশা শব্দটো আৰু দ্বিতীয়
শাৰীটো সম্পূৰ্ণৰূপে পৰিহাৰ কৰিছে। “হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল এটা ঘণ্টা”
বুলি আৰম্ভ হোৱা ৩৫-৩৭ শাৰীৰ এই দীঘলীয়া কবিতাটো তেওঁ পৰিমাৰ্জন কৰি কৰি মাত্ৰ
দুটা শাৰীত সামৰি থ
লে। এইবোৰে কবিতাৰ নিৰ্মিতিত কবিয়ে কৰা শ্ৰমৰেই
সাক্ষ্য বহন কৰে।
 সম্পূৰ্ণ
কবিতা
ৰ “প্ৰথম সংস্কৰণৰ নিৱেদন”ৰ কথাখিনিয়ে কবিয়ে কবিতাৰ বাবে কৰা
কষ্টখিনি অধিক স্পষ্টকৈ আমাৰ আগত তুলি ধৰে :

মোৰ
দ্বিতীয়খন কিতাপ
 নির্জনতাৰ
শব্দ
লৈকে দুই-তিনিটামানৰ বাহিৰে আন কবিতাবোৰৰ সংশোধন
পৰিমার্জনা একো কৰা নাছিলোঁ। পিছৰফালে সংশোধন পৰিমাৰ্জনা নকৰাকৈ কোনো কবিতাকে
প্রকাশ নকৰা হ
লোঁ। আনকি প্ৰকাশ হৈ যোৱা মোৰ বুজন সংখ্যক
কবিতাকেই আকৌ সংশোধন পৰিমার্জনা কৰিছোঁ। কিছুমান কবিতা নতুনকৈ লিখিছোঁ
,
 শব্দ সলাইছোঁ, শাৰী সলাইছোঁ, আনকি চিত্রকল্পও
সলাইছোঁ। কবিতাৰ সংশোধন পৰিমাৰ্জনা এটা অন্তহীন প্ৰক্ৰিয়া। ই মোৰ বাবে দুর্নিবাৰ
এটা প্ৰলোভনৰ দৰে
, কেতিয়াবা
মৰীচিকা খেদি ফুৰাৰ দৰে। ফলস্বৰূপে কেতিয়াবা গৈ গৈ এটা সময়ত মই অন্তৰিন্দ্ৰিয়ৰ
হাহাকাৰত ছটফটাই থাকিব লগাতো পৰোঁ।”

ফুকনে “গোলাপী
জামুৰ লগ্ন”ৰ “একেষাৰ”ত লিখিছিল :

যোৱা
কুৰি বছৰৰ ভিতৰত লিখা কবিতাখিনিৰ প্ৰায় আধাখিনি কবিতাক মই বৰ্জন কৰিলোঁ।”

কবি জীৱনৰ
আৰম্ভণি পৰ্য্যায়ত চিত্ৰকল্পবাদ আৰু ফৰাচী প্ৰতীকবাদৰ প্ৰতি ফুকন অত্যধিক আকৃষ্ট
হৈছিল। অৱশ্যে প্ৰতীকবাদৰ প্ৰভাৱৰপৰা মুক্ত হবলৈ তেওঁ সক্ষম হ
ল।
প্ৰভাত বৰাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেখেতে কৈছিল :
 পৃথিৱীৰ বহুতো কবিৰ
দৰেই ময়ো চিত্ৰকল্পৰ মাধ্যমত ভাবোঁ।
 ইয়াৰ অপ্ৰয়োজনীয়তাৰ বিষয়ে মহেন্দ্ৰ বৰাই তেখেতলৈ দিয়া
এখন ব্যক্তিগত চিঠিত লিখিছিল:

তুমি
যেন প্রতীকৰ বিষয়ে অতিমাত্রাই সচেতন হৈ পৰিছা। কিয় তুমি বৌদ্ধ শাস্ত্ৰৰ ওচৰলৈ
গৈছা প্রতীক বিচাৰি
?
 তুমি নেযাবা; তোমাৰ ওচৰলৈ সিহঁত
নিজেই আহক।

কবিতাত মাথোঁ
এটা বিদেশী আদৰ্শ খামুচি ধৰি নাথাকি তেওঁ কবিতাৰ ভাষা
, প্ৰতীক, বিষয় আদি বিচাৰি
লৈছে গাঁৱলীয়া লোকজীৱনৰপৰা। গুৱাহাটীৰ কলেজত অধ্যাপনা কৰি
, মহানগৰতে নিগাজীকৈ
থাকিবলৈ ল
লেও যেন তেওঁ পাহৰিব পৰা নাই শৈশৱ কৈশোৰৰ দেৰগাঁও, ভোগদৈ অথবা গেলাবিলক।
গুৱাহাটীৰ ঘৰৰ ড্ৰয়িং ৰূমত বহি থাকিলেও যেন তেওঁৰ নাকত অনবৰতে লাগি থাকেহি গাঁৱৰ
বোকা-পানীৰ সুঘ্ৰাণ অথবা চকুত ভাহি থাকে গাঁৱলীয়া জীৱনৰ দিন-প্ৰতিদিনৰ ছবিবোৰ।
সেয়েহে হয়তো বজাৰৰ পোহাৰীগৰাকীক লৈ কবিয়ে লিখিব পাৰে অশেষ যন্ত্ৰণাৰে “মুঠি মুঠিকৈ
কাটি তোৰ ঢেঁকীয়াৰ আঙুলি”। সেয়েহে হয়তো তেওঁ আপোন মানুহৰ দৰে সেই বাইগৰাকীক
সুধিব পাৰে “বাই তোৰ
 কোন গাঁৱত ঘৰ”।
প্ৰচুৰ আধ্যয়ন আৰু অধ্যৱসায়ৰ বলত আধুনিক অসমীয়া কবিতাত ফুকনে এখন নিজা আসন
সৃষ্টি কৰিবলৈ সামৰ্থ হ
ল। নিজৰ শিপাৰ পৰা বিচ্ছিন্ন নহৈ কবিতাৰ মাজলৈ আমাৰ
লোকজীৱনক টানি আনি কবিতাৰ এক অনন্য সোৱাদ তেখেতে পাঠকক দিলে। যাৰদ্বাৰা শুনিবলৈ
পালোঁ আমাৰ প্ৰাণৰ স্পন্দন আৰু তেও আমাৰ চকুবোৰক নতুন পোহৰেৰে আলোকিত কৰিলে
,
 যাৰ দ্বাৰা আমি আমাৰ
সংস্কৃতিক নতুনকৈ চাবলৈ শিকিলোঁ। সেয়েহে হয়তো অজিৎ বৰুৱা
, নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আদি
কবিসকল সমাদৃত হ
লেও তৰুণ চামৰ পাঠক আৰু সমালোচক উভয়েই নীলমণি ফুকনৰ
অনুৰাগী। অন্ততঃ বহু কবিয়ে কবি জীৱনৰ আৰম্ভণিতে নীলমণি ফুকনক আদৰ্শ হিচাপে লৈ
তেওঁক সচেতনভাৱে অনুসৰণ কৰা
,
 নিজৰ প্ৰথমটো “ভাল” কবিতা ফুকনলৈ উৎসৰ্গা কৰা আদিয়ে এই
ধাৰণাক দৃঢ় কৰে। অৱশ্যে বহুতো কবিয়ে ফুকনক অন্ধভাৱে অনুকৰণ কৰিবলৈ যোৱাৰ ফলত
তেওঁলোকৰ স্বকীয় প্ৰতিভাই পোখা মেলিবলৈ সুবিধা নোপোৱাও দেখা যায়।

প্ৰতীক, চিত্ৰকল্প আৰু নীলমণি
ফুকন যেন সদায় পৰস্পৰৰ পৰিপূৰক। অসমীয়া সাহিত্যত যেতিয়াই প্ৰতীক আৰু চিত্ৰকল্পক
লৈ আলোচনা হৈছে বাৰে বাৰে ফুকনৰ কবিতা আলোচনালৈ আহিছে। এই কথাটো স্পষ্ট কৰিবৰ বাবে
ফুকনৰ “গোলাপী জামুৰ লগ্ন”
, “এই যে প্ৰথম শুনিলো সেই মাত”, “কিন কিন হেঙুলীয়াৰ মাজত”, “চপৰা চপৰে খহে প্ৰাণ”,
শুই থকা মানুহবোৰৰ মুখৰ পৰা” প্ৰভৃতি কেইটামান কবিতালৈ চাব পৰা
যায়। তেওঁৰ কবিতাত ভাবৰ বিচিত্ৰতাও মন কৰিবলগীয়া। ক
ৰবাত
যদি প্ৰকাশ পাইছে জীৱনৰ সম্পৰ্কীয় আন্তৰিক শুভবোধ আন ক
ৰবাত
আকৌ জীৱনৰ প্ৰতি চুড়ান্ত অনীহা আৰু নিৰাশা। ক
ৰবাত যদি
মানসিক যন্ত্ৰণা
,
 ৰবাত
আকৌ আশা: ক
ৰবাত প্ৰেমৰ জয়গান,
 ৰবাত
বিচ্ছেদৰ দুখ। কেতিয়াবা এনে লাগে যেন কবিয়ে অহৰহ নিজৰ সৈতে এখন যুদ্ধ কৰিছে আৰু
তাৰ পৰা উপশম বিচাৰি কবিতাৰ কাষ চাপিছে। মানুহৰ প্ৰতি যেন কবিৰ আছে অসীম আস্থা।
জীৱনৰ প্ৰথম অৱস্থাত মানুহৰ দিন প্ৰতিদিনৰ সমস্যা দেখি যেন নিৰাশ হৈছিল আৰু
সেইবোৰকে কবিতাৰ মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ৰ ৰচনাসমূহত
কবিয়ে কবিতাৰ মাজেৰে সামাজিক সমস্যাৰ সমাধানৰ কিছু আলোকসন্ধানী বাট দেখুৱাবলৈও
চেষ্টা কৰিছে।
 

ফুকন কবি
জীৱনৰ আৰম্ভণিতে মাৰ্ক্সীয় দৰ্শনেৰে প্ৰভাৱিত হৈছিল যেন অনুভৱ হয়। হয়তো কটন
কলেজত পঢ়িবলৈ যোৱাৰ পাছত এই ধাৰণাৰ আৰু নিকপকপীয়া হৈছিল। কটন কলেজৰ প্ৰথম বাৰ্ষিকৰ
ছাত্ৰ হৈ থাকোঁতে তেখেতে “জাৰুৱালীৰ গান” নামৰ কবিতাটো লিখিছিল। সেইটো কবিতা “কটনিয়ান”ৰ
পাতত প্ৰকাশো পাইছিল। অৱশ্যে সেই কবিতাটো তেওঁৰ সকলো সংকলনৰ পৰা বৰ্জন কৰালৈ চাই
কবিয়ে বৰ্জন কৰা বুলি অনুভৱ হয়। কিন্তু কবিতাটোত সেই সময়ৰ ছাত্ৰ ফেডাৰেশ্যনৰ
মাজেৰে বৈ অহা মাৰ্ক্সবাদৰ প্ৰভাৱ ফুটি উঠিছিল। প্ৰথম অৱস্থাত
 জয়ন্তীয়ে জন্ম
দিয়া এই বাস্তৱবাদী চিন্তাক আগবঢ়াই নিছিল গুৱাহাটীৰ পৰা প্ৰকাশিত
 আৱাহন আলোচনীয়ে। সেই সময়ত
শ্ৰেণীচেতনাৰ আধাৰত বাস্তৱবাদী চিন্তাক মূল বিষয়বস্তু হিচাপে লৈ কবিতা আৰু
সাহিত্যত যি নতুন পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছিল তাৰ গুৰি ধৰিছিল ঘাইকৈ কটন কলেজৰ
ছাত্ৰসমাজে। ফুকনে লিখা এনে ধৰণৰ কবিতা বৰ বিশেষ জনপ্ৰিয় নহ
লেও
তেওঁৰ কাব্যিক উত্তৰণৰ খাটিয়ান দাঙি ধৰিবলৈ এই কবিতাবোৰত কিছু লক্ৰ্য কৰিব পাৰি।
উদাহৰণস্বৰূপে :

             (১)
ৰাতি হোৱালৈ বাট চাই চাই

             গছৰ পাতত

             আন্ধাৰ
ছটফটায়

             মোৰ তেজত
ছটফটায়

             অন্ধ শিশুৰ
হাঁহি
         (তেজ)

             (২)
আইনাৰ সমুখত থিয় হৈ দেখা পাইছিলোঁ কেৱল অন্ধকাৰ

             মৃত্যুৰ দৰে
ক্ৰমাৎ ঘন হৈ আহিছিল
, অন্ধকাৰত

             পোত গৈ থকা
চকু দুটাই এবাৰ ওপৰলৈ

             উঠি অহাৰ
নিষ্ফল আশাত ছটফটাই উঠিছিল…
                         (বিষাদ
গাথা)

কাব্যিকভাৱে
এই কবিতাবোৰে এক বিশেষ স্থান অধিকাৰ কৰিব নোৱাৰিলে যদিও পুঁজিবাদী শোষণৰ অন্তৰ্গত
যন্ত্ৰ উদ্যোগে গঢ়া সভ্যতাই জীৱনৰ আকাংক্ষিত মুহূৰ্তক যে কাঢ়ি নিছে তাৰ উপলব্ধি
এই কবিতাখিনিত যথাযথভাৱে ফুটাই তোলাত কবি সামৰ্থ হৈছে। যেনে :

            এটা গধূৰ চকা
চলি যায়

            মোৰ তেজৰ
মাজেৰে। (তেজ)

ফুকন ঋতুৰ
কবি। নৈসৰ্গিক ঋতুৱে ফুকনৰ কবিতাত বাৰে বাৰে ভুমুকি মাৰিছে। অধিক ক্ষেত্ৰত ফুকনে
তেওঁৰ কবিতা চিত্ৰকল্প আৰু প্ৰতীকী ব্যঞ্জনা প্ৰকৃতিৰ বুকুৰপৰাই গ্ৰহণ কৰিছে।
প্ৰকৃতিৰ কোমলতা আৰু বিচিত্ৰতাই আৰু হৃদয় ৰোমাঞ্চিত কৰা সৌন্দৰ্যৰাশিয়ে তেওঁক
মোহিত কৰিছে। সেইবাবে প্ৰকৃতিৰ মনোমোহা ঋতু বর্ষা
, হেমন্ত আৰু শীততেই তেওঁ অধিক সংখ্যক কবিতা ৰচনা কৰিছে।
এইবোৰ কবিতাৰ প্ৰতীক আৰু উপমাৰ মূল হ
ল প্ৰকৃতি। এই সম্পৰ্কত ফুকনৰ
নিজা মন্তব্য এষাৰ প্ৰণিধানযোগ্য-
 নিসর্গ যে কিছু পৰিমাণে মোৰ কাব্য চেতনাৰ অৱলম্বন তাত ভুল
নাই। প্ৰকৃতিৰ শ্যামল স্নিগ্ধতাৰ মাজত লালিত হৈছে মোৰ মন
, পালিত হৈছে মোৰ
বিচিত্র আবেগ। ঋতুৱে ঋতুৱে ৰোমাঞ্চিত আৰু আন্দোলিত হৈছে মোৰ হৃদয়। বর্ষা
, হেমন্ত আৰু শীততেই মই
অধিক সংখ্যক কবিতা ৰচনা কৰিছোঁ। পাঠকসকলে লক্ষ্য নকৰাকৈ থকা নাই
, মোৰ অধিকাংশই প্রতীক
আৰু উপমাৰ উহ প্রকৃতি।

 বহু কবি দেখিছোঁ
জীৱনৰ আৰম্ভণি পৰ্যায়ত বহুকেইটা চিত্তাকৰ্ষক
  কবিতা লিখি পাঠকৰ হিয়াৰ আমঠু হৈ পৰে, কিন্তু পাছলৈ
তেওঁলোকৰ কবিতাত সেই চেতনা
, সেই উত্তাপ
নোহোৱা হৈ যায়।
  ফুকনৰ
ক্ষেত্ৰত কিন্তু কথাটো কিছু সুকীয়া। তেওঁৰ কবিতাৰ সেই উত্তাপ
, সেই চেতনা প্ৰথম
কবিতাটোৰ পৰা শেষ কবিতাটোলৈ একেই থাকিল। কোনো এজন সমালোচকেও ক

নোৱাৰে ফুকনে অমুকটো কবিতা বেয়া লিখিছে। প্ৰত্যেকটো কবিতা এজন এজন মানুহৰ বাবে
কিবা নহয় কিবা এটা কাৰণত বৰ বিশেষ। অৱশ্যে ব্যক্তিগত পচন্দ অপচন্দৰ কথা বেলেগ
,
 কিন্তু নীলমণি ফুকনৰ
সামগ্ৰিকভাৱে মানুহে বেয়া পোৱা কবিতা নাই।
  

কিন্তু এই
কথাটো কেৱল নীলমণি ফুকনৰ ক্ষেত্ৰতহে কিয় সম্ভৱ হ
? এটা সম্ভাৱ্য উত্তৰ
আগ বঢ়াব পাৰি। কবি ফুকনে তেওঁৰ শেষ কবিতা সংকলন
 অলপ আগতে আমি
কি কথা পাতি আছিলোঁ
 (২০০৩)
-ত লিখিছিল যে এইখনেই তেওঁৰ শেষ কিতাপ। সচাঁকৈয়ে তাৰ পাছত তেখেতে কবিতা লিখা নাই
(বোধহয়
,
 কাৰণ তাৰ
পাছত তেখেতৰ প্ৰকাশিত কবিতা পঢ়া নাই)। তেনেদৰে চাবলৈ গ
লে
ফুকনে কবিতা লিখিবলৈ এৰিছিল সেই সময়ত যেতিয়া তেওঁ তেওঁৰ প্ৰতিভা আৰু প্ৰতিষ্ঠাৰ
সৰ্বোচ্চ শিখৰত আছিল। গতিকে তেওঁৰ কাব্য জীৱনত হয়তো
 downfall বুলি কোনো বস্তু নাহিলেই আৰু কবি নীলমণি ফুকন আমাৰ বাবে
সেই শক্তিশালী ব্যক্তিত্বই হৈ ৰৈ গ
ল। কলাকৰ্মৰ সৃষ্টি বা জন্মৰ
প্ৰক্ৰিয়াটো এটা যন্ত্ৰণাদায়ক প্ৰক্ৰিয়া। হয়তো কবিয়ে কবিতা লিখিবলৈ এৰাৰ
সময়ত তেওঁ যদিও লিখিবলৈ সামৰ্থ আৰু শক্তি আছিল তথাপি যন্ত্ৰণা সহ্য কৰিব পৰাকৈ
তেওঁ শক্তিশালী হৈ থকা নাছিল আৰু সেয়েহে এটা নিৰ্দিষ্ট সময়ৰ পাছত তেওঁ কবিতা
লিখিবলৈ এৰিছিল (তেওঁৰ সেই যন্ত্ৰণা আছিল নতুনকৈ লিখিব নোৱৰাৰ যন্ত্ৰণা- সম্পাদক)।
অৱশ্যে এই বিষয়ে ফুকনৰ নিজস্ব অভিমত কিছু ভিন্ন। তেখেতৰ মতে তেওঁ যিমান কবিতা
লিখিছিল সেইবোৰকে অকাই পকাই লিখিব পাৰে কিন্তু কবিতাৰ আত্মা নাথাকিব তাত। এই
কামটোকে বহু কবিয়ে কৰি থাকে কিন্তু তেওঁ কবিতাক ফাঁকি দিব নোৱাৰে।
 

ফুকনৰ
ব্যক্তিত্ব আৰু কবিতা দুয়োটাই সচাঁকৈয়ে সাগৰৰ দৰে বিশাল আৰু গভীৰ। তেখেতৰ কবিতাৰ
আৱেদন বিশ্বজনীন। তেখেতৰ ক্লাছিক পৰ্যায়ৰ কবিতাবোৰে পাঠকক মোহাচ্ছন্ন কৰি ৰাখে।
পাঠকক লৈ যায় এনে এখন জগতলৈ যত মন আৰু চেতনাত এক ধৰণৰ আধ্যাত্মিকতাই বিৰাজ কৰে।
এক অৰ্থত ক
বলৈ গলে তেওঁৰ এই চিৰসেউজ
কবিতাবোৰ সাহিত্যৰ বাদ
,
 থিয়ৰী আদিৰে
বুজাব নোৱাৰি
, ই সেইবোৰৰ
আওঁতাৰ বাহিৰত। তেওঁৰ কবিতাত প্ৰৱাহিত সুৰ বাঁহীৰ এক অময়া সুৰ যেন অনুভৱ হয়।

 

ঠিকনা  :

দ্বাদশ শ্ৰেণী

জিনিয়াছ
একাডেমি
, নৰ্থ লখিমপুৰ

ইমেইল : harshs31vardhan@gmail.com

 ফোন : ৯৩৯৫০৬৮৩৬৭