Category অন্যযুগ, মে‍’, ২০২২

কাব্যিক সমাহিতিৰ অদ্বিতীয় অধ্যায়

 অনুভৱ তুলসী বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাৰ কেমেৰাত নীলমণি ফুকন বিশেষজনৰ কথা যেনেকৈ মন যায় ক’ব পাৰি, য’তে মন যায় ত’তে আৰম্ভ কৰিব পাৰি৷ ভাল লগা কিতাপ এখন মই তেনেকৈয়ে পঢ়োঁ, য’তে মেল খায় ত’ৰপৰাই পঢ়িবলৈ লওঁ, শেষৰপৰাও পঢ়োঁ, মাজতে মেলি লওঁ, আগ ফালৰপৰাও আৰম্ভ কৰোঁ৷…

অচিনাকী নিৰ্জনতাৰ পৰা চিনাকী নীৰৱতালৈ কবি নীলমণিৰ অন্বেষণত

 সঞ্জীৱ সভাপণ্ডিত মই এখন চিনেমা নিৰ্মাণ কৰিছিলোঁ৷ নাম আছিল– জাংফাই জোনাক৷ ইংৰাজীলৈ ভাবানুবাদ কৰি নাম দিছিলোঁ – From the Shadow of Silence৷ জাংফাই মণিৰ বৰণ খঙাল৷ জোনাকৰ স্পৰ্শ হ’ল স্নিগ্ধ–শীতল–কোমল৷ এটা সৰু ১০/১২ বছৰীয়া ল’ৰাৰ এবাৰ আই ওলাইছিল৷ চুলিবোৰ খহুৰ আঠাৰে লিপিট…

নীলমণি ফুকনৰ কবিতা : বোধ, বৈভৱ আৰু সমৃদ্ধিৰ ব্যাখ্যান

ড° প্ৰাণজিৎ বৰা নীলমণি ফুকনৰ কবিতাৰ বিষয়ে আলোচনা কৰিবৰ পৰত প্ৰখ্যাত কবি-সমালোচক হীৰেন্দ্ৰনাথ দত্তই এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছে– ‘এক ট্ৰেজিক বোধৰ দ্বাৰা মুহূৰ্মুহঃ শিহৰিত বেদনাৰ অনুভূতি ফুকনৰ কল্পনাশক্তিৰে ধাৰ ৷’ এই ‘ট্ৰেজিক বোধ’ৰ ব্যাখ্যা দত্তই আগ বঢ়োৱা নাই, কিন্তু…

নীলমণি ফুকনৰ শিল্প-কলা সমালোচনা : এক পৰ্যালোচনা

পঙ্কজ প্ৰতিম বৰদলৈ   শিল্পকলাৰ ৰসাস্বাদন এক প্ৰকাৰৰ আত্মিক অনুভূতি। চৌপাশৰ বাহ্যিক পৃথিৱীখনক এক অন্তৰ্দৃষ্টিৰে হৃদয়ংগম কৰি চোৱাৰ ক্ষমতা থাকিলেহে, তেনে জুমুঠিৰে তৈয়াৰ হোৱা কোনো এক শিল্পকলাৰ গূঢ় তত্ত্ব বা ৰহস্যক অনুধাৱন কৰিব পৰা যায়। শিল্পী এজনে যি কাল্পনিক সংখ্যা…

নীলমণি ফুকনৰ কবিতা : ৰূপ-সৌন্দৰ্যৰ সন্ধান

ড° বিনয় কুমাৰ মজুমদাৰ   সৰুৰে পৰা কবিতা পঢ়াৰ এটা অভ্যাস গঢ় লৈ উঠা হেতুকে আজিও কবিতা য’ত যেনেকে পাওঁ তেনেকৈয়ে পঢ়িবলৈ প্ৰয়াস কৰোঁ৷ স্কুলীয়া জীৱনত পদ্য পঢ়া আৰু মুখস্থ কৰাৰ এটা অভ্যাসো গঢ় লৈ উঠিছিল৷ স্কুলত শিক্ষকে একোটা কবিতা পঢ়াওঁতে,…

‘পাতি-সোণাৰুৰ ফুল’ আৰু বিবিধ সাক্ষাৎকাৰৰ আলোকত নীলমণি ফুকনৰ কাব্যচেতনাত এভুমুকি

ড° প্ৰাণজিৎ বৰুৱা  যোৱা শতিকাৰ পঞ্চম দশকৰ মাজভাগত আত্মপ্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতাৰ ৰং-ৰূপ-ৰস-গন্ধই আধুনিক অসমীয়া কবিতাক বিভিন্ন ধৰণেৰে সমৃদ্ধ কৰিছে৷ তেওঁৰ কবিতা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো স্বকীয় গুণ-গৰিমাৰে জিলিকি উঠিবলৈ সক্ষম হৈছে৷ মৌলিক আৰু অনুবাদ- দুয়োখন ক্ষেত্ৰতে বিচৰণ কৰা ফুকনৰ কবিতাৰ…

কবিৰ সামাজিক অৱস্থিতি আৰু নীলমণি ফুকন

 ড° বিৰিঞ্চি কুমাৰ দাস বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ সাহিত্য চিন্তনৰ ক্ষেত্ৰখনত নিজৰ সপ্ৰতিভ উপস্থিতি সাব্যস্ত কৰা ইউৰোপীয় আধুনিকতাবাদৰ প্ৰভাৱে সাহিত্যত সামাজিক বিষয়তকৈ ব্যক্তিসত্তাৰ তমসাময় অন্তৰ্জগতৰ অন্বেষণৰ বিষয়টোক অধিক গুৰুত্বপূৰ্ণ অৱস্থানলৈ লৈ অহা দেখা যায় যদিও এইটো কোনোপধ্যে অস্বীকাৰ কৰাটো সম্ভৱ নহয়…

কবি-তোটয়

 সৌমিত্ৰ যোগী    আমাৰ যৌৱনৰ আৰম্ভণিতে, লেখা-মেলা কৰিবলৈ আৰম্ভ কৰাৰ সময়ত গুৱাহাটীত এদল তৰুণ প্ৰায়ে লগ লাগিছিলোঁ আৰু ক’ৰবাত লগ হৈ আড্ডা মাৰিছিলোঁ৷ আমি সকলোৱে আছিলোঁ নতুন৷ বেছিভাগেই তেতিয়াও পঢ়া-শুনা সামৰা নাছিল৷ মোৰ বাহিৰে এই দলটোৰ সকলোৱেই আছিল কবি–কবিতা চৰ্চা কৰা…

কবিতা এপাহ সোণ-হালধীয়া ফুল- নীলমণি ফুকনৰ “সম্পূৰ্ণ কবিতা”

পৰী হিলৈদাৰী নীলমণি ফুকনৰ “বুৰঞ্জী” নামৰ বিখ্যাত কবিতাটোৰ এটা বিশেষ ব্যাখ্যাত সমালোচক ড০ হীৰেন গোহাঁয়ে মন্তব্য কৰিছে যে ইতিহাসৰ ধবংসলীলা, তাৰ অতলস্পৰ্শী বেদনা আৰু মানুহৰ অন্তিম অসহায়তাৰ প্ৰতি কবিৰ প্ৰতিক্ৰিয়া নিৰ্মম আৰু উদাসীন৷ কবিতাটোৰ কেইটামান বিশেষ চিত্ৰকল্পৰ আঁত ধৰি ড০…

নীলমণি ফুকনৰ সিখন হাত…

ধ্ৰুৱজ্যোতি দাস কবিতা – কবিতা পঢ়ি ভাল লগা, কবিতাই আক্কাদিত কৰা আৰু কবিতাৰ প্ৰাণৱন্ত ৰূপে হৃদয় চুই যোৱা… এই কথাৰ লগত কবিতাৰ অপাৰ বিস্ময় কথাটো একে নহয় ৷ তাড়ণাত উপস্থিত হোৱা ভাব, ‘ভাবৰ অপাৰ বৈচিত্ৰ্য, কল্পনাৰ বিস্ময়কৰ বিস্তাৰ, দূৰ দিগন্তৰ…