নীলমণি ফুকনৰ অনূদিত জাপানী কবিতা : অসমীয়া কাব্য সাহিত্যলৈ বিশ্ব সাহিত্যৰ এক অনবদ্য অৱদান

 গীতিকা শইকীয়া

 

কাব্য সংকলন : জাপানী কবিতা

নীলমণি ফুকন

প্ৰথম প্ৰকাশ : ১৯৭১ চন, দ্বিতীয় প্ৰকাশ : ১৯৯৩, তৃতীয় সংস্কৰণ : ২০০৫

 

এটা ভাষা কেৱল কথা-বতৰাৰ মাধ্যমেই নহয়, ভাষা হৈছে ভাবপ্ৰকাশৰ, সংস্কৃতি, সমাজ আৰু পৰম্পৰাগত বিশ্বাসৰ সৰ্বোত্তম
প্ৰকাশভংগী। বিশ্বজুৰি যিকোনো ভাষাৰ প্ৰসাৰ
, বিকাশ, তথা নতুন তথ্য, জ্ঞান আৰু ধাৰণাৰ বিস্তৃতিৰ কাৰণে এটা ভাষাৰ পৰা আন
এটা ভাষালৈ কবিতা
, গল্প-উপন্যাস আদি বিভিন্ন সাহিত্য সম্ভাৰৰ অনুবাদ কৰাটো বিশেষভাৱে
গুৰুত্বপূৰ্ণ। দেশৰ চাৰিসীমাৰ পাৰ ভাঙি সাহিত্য-সংস্কৃতিৰ মিলন ঘটাব পাৰিলে যিকোনো
ভাষাই সমৃদ্ধিশালী হৈ উঠিব পাৰে। এনে এক ভাৱধাৰাৰেই ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ
সন্মান জ্ঞানপীঠ বঁটা বিজয়ী ঋষিতুল্য কবি নীলমণি ফুকনদেৱে ১৯৭১ চনতেই
 জাপানী কবিতা সংকলনখন অসমীয়া
সাহিত্যলৈ আগবঢ়াইছিল।

            বাৰিষাৰ পথাৰত গজা
ঘাঁহ-বনৰ দৰে

            বাঢ়িল আমাৰ কথা।

            বাহুত বাহু দি শুই

            মোৰ সোণ আৰু মই৷               (কবি : হিতোমাৰো)

            00

            ইগামি পাহাৰৰ ওপৰত

            ৰান্ধনি-বেলি মাৰ গল।

 

            ধুসৰ হৈ আহিল পোহৰ।

            ভাবিছিলোঁ মই এটা টান মানুহ।

            চকুলোৰে তিতিল

            মোৰ পাতল চোলাৰ দুয়োখন হাত৷        

                        (কবি : হিতোমাৰো)

কবি নীলমণি ফুকনদেৱৰ অনূদিত কাব্য সংকলন জাপানী কবিতাৰ পোনপ্ৰথমতেই উল্লিখিত উক্ত কবিতা দুটাৰ ৰচক কবি হিতোমাৰো আছিল জাপানী
কাব্য-সাহিত্য জগতৰ ভোটাতৰা।

কবি হিতোমাৰোৰ সময়খিনি জাপানী কবিতাৰ
উত্থানৰ সময় আছিল। আনুমানিক খ্ৰীষ্টাব্দ ৭৫৯-ৰ পৰৱৰ্তী সময়ছোৱাত ৰচিত কবিতাসমূহৰ
সংকলনক মানো
চৌ’ (Man’yōshū) কাব্য-সংকলন নামেৰে জনা যায়। উল্লেখযোগ্য যে ৭৯৪ খ্ৰীষ্টাব্দত জাপান সাম্ৰাজ্যৰ
ৰাজধানী সেইসময়ৰ নাৰাৰ পৰা হেইয়ান-কিঅ
লৈ স্থানান্তৰিত কৰা হৈছিল। সেয়েহে
৭৯৪-ৰ পৰা ১১৮৫
 খ্ৰীষ্টাব্দৰ সময়ছোৱাক হেইয়ান যুগ বুলি কোৱা হয়। এই হেইয়ান যুগতে অতীজৰ পৰা ৰচিত হৈ
অহা কবিতাবোৰ সংগ্ৰহ কৰি
, লগতে স্বৰচিত তথা সমসাময়িক কবিসকলৰ কবিতাসমূহৰে এই মানোচৌ নামৰ সংকলনলানি কবি
কাকিন
তৌ নু হিতোমাৰোৰ নেতৃত্বতে হৈছিল। এনেকৈয়ে মানোচৌ কাব্য সাহিত্যৰ ২০ টা
সংকলন পোৱা গৈছে। অৱশ্যে ইয়াত জাপানী কবিতাৰ বৰ্তমানে থকা ধাৰাবোৰ সময়ানুযায়ী
শৃংখলাৱদ্ধভাৱে কৰা হোৱা নাই। কিন্তু মানো
চৌত উল্লিখিত বহুতো কবিতাই বৰ্তমান সময়ৰ জাপানী সাহিত্যত জনপ্ৰিয় ধাৰা
হিচাপে অভিহিত চৌ
কা আৰু টানকা ধাৰাৰ কবিতাবোৰৰে প্ৰাচীন ৰূপ
বুলিব পাৰি।

মানোচৌ সংকলনবোৰৰ আৰম্ভণিৰ
কবিতালানিত কোনো অচিনাকী ছোৱালীৰ হঠাতে সন্মুখীন হৈ হোৱা অনুভৱেৰে কবিয়ে লিখা
প্ৰেমৰ গীত আৰু প্ৰাকৃতিক পৰিৱেশক প্ৰশংসা কৰি লিখা কবিতাই অধিক আছিল। মানো
চৌৰ প্ৰথম তিনিটা শাখাত মূলতে সপ্তম শতিকাৰ পৰা অষ্টম শতিকাৰ প্ৰথমৰ ভাগত
ৰচিত কবিতাৰাজীক সংকলিত কৰা হৈছে। এইসময়ৰ লেখল
বলগীয়া
কবিসকলৰ ভিতৰত হিতোমাৰো
ৰ লগতে নুকাতা নৌ অকিমিৰ নাম প্ৰণিধানযোগ্য।

কবি হিতোমাৰোৰ সন্দৰ্ভত কবিবৰ নীলমণি
ফুকনদেৱে তেখেতৰ দ্বাৰা অনুদিত
 জাপানী কবিতা শীৰ্ষক গ্ৰন্থখনত এইদৰে উল্লেখ কৰিছে,-

কাকিনোমোটো নো হিতোমাৰো
(৬৯৭
  ৭০৭)

মানয়োচোৰ সৰ্বশ্ৰেষ্ঠ কবি হিতোমাৰোৰ
জীৱনৰ সম্বন্ধে বিশেষ একো জনা নাযায়। সম্ভৱতঃ তেওঁ দুগৰাকী বিয়া কৰাইছিল। কিবিৎচু
ইউনেমি তেওঁৰ জীৱিত কালতে ঢুকায়।

হিতোমাৰোৰ দীঘল কবিতা বা নাগা উটা জাপানী
সাহিত্যৰ অন্যন্য সম্পদ। এছটনৰ মতে জাপানী সাহিত্যৰ ভালেমান শ্ৰেষ্ঠ কবিতা এই
ৰীতিত লিখা। আমাৰ সংকলনৰ হিতোমাৰোৰ দীঘল কবিতাটো জাপানী সাহিত্যৰ শ্ৰেষ্ঠতম নাটা
উটা। ৰালফ হজছন
, কেনিথ ৰেক্সৰথ আৰু বাওনাচৰ ইংৰাজী ভাঙনিৰ পৰা এই অনুপম শোকৰ কবিতাটো
অসমীয়াত নতুনকৈ নিৰ্মাণ কৰা হৈছে। কোনোটো ভাঙনিয়েই সম্পূৰ্ণ বুলি ভাবিব নোৱাৰি
তেনে কৰা হ
ল। চেম্বাৰলেইনৰ অনুবাদ আকৌ তেওঁলোক তিনিওৰপৰাই ভালেখিনি
নিলগত। সম্ভৱতঃ হিতোমাৰোৱে তেওঁৰ প্ৰিয়তমা কিবিৎচুৰ মৃত্যুৰ পাছত এই কবিতাটো ৰচনা
কৰিছিল৷

মানোচৌত সংকলিত তথা প্ৰিয়তমা পত্নীৰ মৃত্যুৰ পাছত ৰচনা কৰা বুলি অনুমান কৰা
হিতোমাৰো
ৰ এই বিশেষভাৱে জনপ্ৰিয় কবিতাটি উল্লেখ কৰা হ

        তেওঁ যেতিয়া জীয়াই আছিল

        বাহুত ধৰাধৰিকৈ দুয়ো ওলাই গৈছিল,

        উপভোগ কৰিছিলোঁ ঘৰৰ আগৰ

        এলম্ গছবোৰৰ দৃশ্য।

        গুঁঠি থোৱা আছিল ইটোৰ লগত সিহঁতৰ সিটো
ডাল।

        থূপ পাতি নতুন পাতে ছাটি ধৰিছিল গছৰ
আগবোৰ।

        গছৰ শ্যামলিমাৰ দৰেই আছিল

        আমাৰ প্ৰেমৰ প্ৰাচূৰ্য।

        কিন্তু জীৱন আৰু মৃত্যুৰ চকৰি

        ওভোতাই ঘূৰাবলৈ

        প্ৰেম আৰু প্ৰত্যয়ৰো শক্তি নাছিল।

        মৰুভূৰ মৰীচিকাৰ দৰে তেওঁ এদিন নাইকিয়া
হৈছিল।

        মৃত্যুৰ স্বৰ্গীয় আভৰণ পিন্ধি

        প্ৰভাত পখীৰ দৰে তেওঁ উৰি গৈছিল এদিন।

        চিন-স্বৰূপে মোলৈ থৈ যোৱা কেঁচুৱাটোৱে

        ঠেনঠেনায় আৰু খাবলৈ বিচাৰে।

        চৰায়ে খুদ-কণ বুটলি লোৱাৰ দৰে তাক তুলি
লওঁ
,

        আনকি কান্ধত পেলাই ভালকৈ লবও নাজানো।

        এতিয়াও আমাৰ শোৱনী কোঠাত

        এসময়ত আমি শোৱা গাৰু দুটা

        ইটোৰ কাষত সিটো পৰি আছে।

        দিনবোৰ কটাইছিলোঁ একান্ত অকলে,

        পোহৰ হোৱালৈ হুমুনিয়াহ পেলাই

        আন্ধাৰ নিশাবোৰ।

        মানুহে কয় তেওঁৰ আত্মাই

        ঈগল চৰাইৰ পাখিৰ তলত

        হাগয় পাহাৰত বনাই ফুৰিছে।

        বহু কষ্টৰে পাহাৰৰ শিলনি বগাই

        টিঙলৈ উঠিলোঁ,

 

        প্ৰতি মুহূৰ্ততে জানো, তেওঁক আৰু

        লগ নাপাওঁ,

        জানো – তেওঁক আৰু দেখা নাপাওঁ।

        আনকি বতাহত এটা ক্ষীণ কঁপনি ৰূপেও৷

কবি হিতোমাৰোৰ ৰচিত প্ৰেম-বিৰহ বিষয়ক
এইটো দৰাচলতেই এটি দীঘল কবিতা। প্ৰিয়জনক হেৰুৱাই আতুৰ হোৱা প্ৰেমিক অথবা জীৱনসংগীৰ
বিৰহৰ স্মৃতিৰে মানুহৰ শাশ্বত জীৱনৰ পৰিসমাপ্তিক লৈ সেই অষ্টম শতিকাতে লিখা জাপানী
সাহিত্যৰ এইটো এটা উল্লেখযোগ্য কবিতাৰূপে বৰ্তমানেও জনপ্ৰিয় হৈ আছে। অনুবাদক কবি
নীলমণি ফুকনদেৱে কবিতাটোৰ স্বকীয় বৈশিষ্টখিনিৰ সামান্যও ইফাল-সিফাল নকৰাকৈ আৰু
সম্পূৰ্ণ অসমীয়া ঘৰুৱা শব্দৰ ব্যৱহাৰেৰে কবিতাটো সাংঘাতিকভাৱে অৰ্থৱহ কৰি তুলিবলৈ
সক্ষম হৈছে।

উল্লেখযোগ্য যে হিতোমাৰোৰ দ্বাৰা সংকলিত
এই
 মানোচৌ কবিতা সংকলনখিনিৰ
সন্দৰ্ভত অনুবাদক নীলমণি ফুকনদেৱে এইদৰে উল্লেখ কৰিছে
,-

মানয়চু (দশ সহস্ৰ
পত্ৰ-সংগ্ৰহ) মধ্য-অষ্টম শতাব্দী। (নাৰা যুগৰ একমাত্ৰ সাহিত্য-কীৰ্তি আৰু জাপানী
সাহিত্যৰ প্ৰাচীনতম আৰু সৰ্ববৃহত শ্ৰেষ্ঠ কাব্য-সংকলন। কবিৰ সংখ্যা ৪৫০ জন আৰু
সংকলিত মুঠ কবিতাৰ সংখ্যা ৪
,৫০০ টা৷

যি নহওক, কবিবৰ ফুকনদেৱৰ অনূদিত এই জাপানী কবিতাৰ কবিতাসমগ্ৰৰ বিষয়ত আলোচনা কৰাৰ আগতে জাপানী কাব্য সাহিত্যৰ বিষয়ে
সামান্য আলোচনা আগবঢ়োৱা হ
ল।

পৰম্পৰাগত জাপানী কবিতাত কেইবা প্ৰকাৰৰ
ধাৰা আছে। সাধাৰণতে জাপানী কবিতাৰ কথা আহিলে হাইকু কবিতালানিৰ কথাই মনলৈ আহে যদিও
বাস্তৱিকতে আন কেইবা প্ৰকাৰৰো কবিতাৰ ধাৰা জাপানী কাব্যসাহিত্যত পোৱা যায়। সেইবোৰৰ
ভিতৰত চৌকা
, টানকা, ৰেংগা, হেইকাই, ৰেংকু, হৌক্কু আৰু হাইকু আদিয়েই প্ৰধান। অৱশ্যে চৌকা আৰু টানকা দুয়োটি প্ৰকাৰেই
ৱাকা ধাৰাৰ অন্তৰ্গত।
 

সময়ৰ লগে লগে জাপানী কবিতাৰ ধাৰাবোৰ
পুৰণি জাপান
, মধ্যযুগীয় জাপান, মধ্যযুগৰ শেষাৰ্ধৰ জাপানী কবিতা আৰু আধুনিক জাপানী কবিতা আদি হিচাপেও
বিভক্ত কৰা হয়। লগতে জাপানৰ অ
কিনৱা দ্বীপপুঞ্জৰ ৰিউকা অথবা চীনা ভাষাৰ সংমিশ্ৰণত লিখা
কবিতাখিনিৰো উল্লেখ কৰাৰ প্ৰয়োজন আছে। লিপিবদ্ধ তথ্যৰ উদ্ধৃতি দিবলৈ গ
লে জাপানৰ টাংগ ৰাজবংশৰ শাসনকালৰ পৰা জাপানী কবিসকলে চীনা কবিতাৰ
সংস্পৰ্শলৈ আহে। অৱশ্যে প্ৰায় ষষ্ঠ শতিকাৰ পৰাই চীনা শ্বিজিং ধাৰাৰ কবিতালানিয়ে
জাপানত বিশেষভাৱে প্ৰসিদ্ধি লাভ কৰিছিল। এই চীনা শ্বিজিং ধাৰাৰ দ্বাৰা প্ৰভাৱিত
হোৱা জাপানী কবিতা মূলতে সৌন্দৰ্যবৰ্ধক ছবিনিৰ্ভৰ হৈ ৰচিত হৈছিল।

জাপানী ভাষাৰ প্ৰসাৰ তথা বিৱৰ্তনৰ
প্ৰক্ৰিয়াটোত জাপানী কবিতাৰ অৱদান উল্লেখনীয়। ইয়াৰ লগে লগে জাপানী কবিতাৰ বিভিন্ন
শৈলীয়ে ঠন ধৰি উঠাৰ ফলত বহুতো কাব্য-সংকলনৰ সৃষ্টি হয়। ইয়াৰ বহুখিনিয়েই ৰাজকীয়
পৃষ্ঠপোষকতাত আৰু আন বহুতো পূৰ্বসুৰী কবি তথা তেওঁলোকৰ অনুগামী কবিসকলৰ দ্বাৰা
ৰচিত আৰু বহুখিনি কবিতাত ধৰ্ম
, বিশেষকৈ জাপানত প্ৰচলিত জেন ধৰ্মও কাব্যচৰ্চাৰ প্ৰধান বিষয় হৈ
পৰিছিল।

ঊনৈছ শতিকাৰ মাজমানৰ পৰা জাপানী কবিতাৰ
শৈলী প্ৰধানতে টানকা বা ইয়াৰ আধুনিক নাম ৱাকা
, হাইকু আৰু শ্বি বা পশ্চিমীয়া কবিতাৰ ধাৰাৰ দ্বাৰা
অনুপ্ৰাণিত হোৱা দেখা যায়। বৰ্তমান সময়ত জাপানী কবিতাত পৰীক্ষণমূলক লিখনশৈলী আৰু
পৰম্পৰাগতভাৱে থকা ধাৰাসমূহৰ পুনৰুত্থানৰ প্ৰয়াস হৈ আছে। টানকা
, হাইকু আৰু শ্বি ধাৰাৰ কবিসকলে তেওঁলোকৰ
সেই ধাৰাৰ শৈলীতে বৰ্তমানেও কবিতা লিখি গৈছে যদিও আন কিছুৱে অন্যান্য ধাৰাৰ
শৈলীৰেও কাব্যচৰ্চাৰ প্ৰয়াস চলাই আছে।

লক্ষ্যণীয় যে জাপানী কবিতাত অধিক সংখ্যক
কবিতাই যথেষ্ট চুটি হোৱা দেখা যায় যদিও আকৌ সেই একেবোৰ কবিতাকেই পাছত এক প্ৰকাৰৰ
দীঘলীয়া কৰি সংকলনৰ দৰেও কৰা হয়।

উল্লেখিত মানোচৌ কবিতা সংকলনলানিত বহু
কেইগৰাকী মহিলা কবিও আছিল। এইসকলৰ কবিতাসমূহ মূলতে প্ৰেমৰ কবিতা। এই প্ৰায়সকল
মহিলা কবিয়েই শাসনকৰ্তা সম্ৰাটৰ পৃষ্ঠপোষকতাত বহুখিনি কাব্যসাহিত্যৰ সৃষ্টি কৰিবলৈ
সক্ষম হৈছিল। এই কবিতালানিত ৰাজকীয় আভিজাত্যৰ প্ৰভাৱেৰে নান্দনিক সৌন্দৰ্যৰ সন্ধান
কৰা হৈছিল
, যাৰ ফলত সাহিত্য আৰু
কলাৰ ক্ষেত্ৰখনত এক নতুন বিকাশৰ সূত্ৰপাত ঘটাইছিল। এইখিনি সময়ৰ আটাইতকৈ বিখ্যাত
মহিলা কবি আছিল লেডী মুৰাচাকি শ্বিকিবো। লেডী মুৰাচাকি শ্বিকিবোয়ে ৰাজকীয়
আভিজাত্যৰে জীৱন-যাপন কৰা সমাজৰ উচ্চ শ্ৰেণীৰ মানুহৰ জীৱনৰ বিভিন্ন দিশক উপলক্ষ্য
কৰি ৰচনা কৰা
 দি টেল অৱ গেঞ্জী” (The Tale of Genji)-ক জাপানী সাহিত্যক্ষেত্ৰৰ লগতে সমগ্ৰ বিশ্ব সাহিত্যৰে এখন শ্ৰেষ্ঠ উপন্যাস
হিচাপে অভিহীত কৰা হয়।
 

লেডী মুৰাচাকি শ্বিকিবোৰ সন্দৰ্ভত কবি
নীলমণি ফুকনদেৱে এনেদৰে উল্লেখ কৰিছে
 

মুৰাচাকি শ্বিকিবো (৯৭৪  ১০৩১) : মুৰাচাকি শব্দটোৰ অৰ্থ বেঙুনীয়াচিকিবোৰ আচল নাম গেঞ্জী মনগাটোৰি। পৃথিৱীৰ প্ৰথম প্ৰকৃত
উপন্যাস
’–
 সুবৃহৎ আৰু মহৎ গ্ৰন্থ টেল অৱ গেঞ্জী
অমৰ স্ৰষ্টা। কবি
,
 ৰাজনীতিজ্ঞ আৰু সাহিত্যিকেৰে ভৰা বিখ্যাত ফুজিৱাৰা পৰিয়ালত জন্ম। মুৰাচাকিৰ
নাম নজনা মানুহ জাপানত নাই। বিৱাহৰ কিছুদিনৰ পিছতে স্বামীক হেৰুৱাই সম্ৰাজ্ঞী
আকিকোৰ সংসদিকা হয়।
 টেল অৱ গেঞ্জী জাপানী প্ৰেমৰ কবিতাৰ এটা ভাণ্ডাৰ।
উপন্যাসখনত ৮০০ মান কবিতা আছে৷

যি কি নহওক, এই মানোচৌ সংকলনলানিতে থকা
কবিতাবোৰৰ আন এটি ধাৰা হৈছে টানকা বা ৱাকা। এই কবিতাবোৰ যথেষ্ট চুটি। অৱশ্যে পাছত
এই ৱাকা কবিতালানিক এক নতুন দৃষ্টিৰে উপস্থাপন কৰি বৰ্তমানৰ জনপ্ৰিয় টানকা ধাৰাৰ
সৃষ্টি কৰিছিল জাপানী সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি মাছাওকা শ্বিকিয়ে। তেওঁ
ছদ্মনাম মাছাওকা ন
ৰু নামেও প্ৰসিদ্ধ আছিল।

উল্লেখযোগ্য যে জাপানী সমাজ জীৱনক লৈ
ৰচিত এই ৱাকা ধাৰাৰ কবিতালানিক জাপানী সাহিত্যৰ ধ্ৰুপদী সম্পদ হিচাপে গণ্য কৰা হয়।
এই ধাৰাৰ কবিতালানি মানো
অচৌৰ সম-সাময়িক বুলি জনা যায়।

টানকা সন্দৰ্ভত কবি নীলমণি ফুকনদেৱে
এইদৰে লিখিছে
 

টানকা : মানয়োচুৰ সময়তে সম্পূৰ্ণৰূপে বিকশিত আৰু বহুলভাৱে লিখিত কবিতাৰ নাম টানকা (উটা, সাধাৰণ নাম ওৱাকা)।
একত্ৰিত স্বৰৰ (৫
, , , ৭ আৰু ৭) এইবিধ কবিতা আজিও জাপানত
প্ৰচলিত হৈ আছে। খ্ৰীষ্টীয় সপ্তম শতিকা বা তাৰ আগতেই টানকা লিখা হৈছিল বুলি এছটনে
লিখিছে। হিয়েন যুগৰ প্ৰথমাৰ্ধত ৎচুৰায়ুকি সম্পাদিত আৰু সংকলিত ৰুকিনচুয়েই টানকা
কবিতাৰ শ্ৰেষ্ঠ সংকলন। প্ৰেম টানকা কবিতাৰ প্ৰধান উপজীব্য। কামাকুৰা যুগৰ পৰা
হাইকু কবিতাই বিকাশ আৰু বিস্তাৰ লাভ কৰাৰ লগে লগে টানকা কবিতাই পূৰ্বৰ জনপ্ৰিয়তা
আৰু কাব্যিক লাৱণ্য হেৰুৱাবলৈ ধৰে।

টানকা জাপানী সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ
উমৈহতীয়া সম্পদ৷

উল্লেখযোগ্য যে ককিনচু নামৰ
কাব্য-সংকলনৰাজি এই টানকা ধাৰাৰে সংকলন। ককিনচু মূলতে প্ৰাচীন আৰু আধুনিক কবিতাৰ
সংগ্ৰহ। খ্ৰীষ্টীয় ৯০৫-ত সম্ৰাটৰ আদেশত সংকলিত হোৱা এইখন প্ৰথম কাব্য-সংকলন।
ককিনচুত মুঠ কবিতাৰ সংখ্যা ১
,১১১ টা। সেই সময়ৰ বিদগ্ধ পণ্ডিত-কবি কি নো ৎচুৰাকীয়ে এই
কাব্য-সংকলনৰ ভূমিকা হিচাপে লিখা লেখাখিনি জাপানী কাব্যতত্ত্বৰ এখন দলিল আৰু
জাপানী কথা-সাহিত্যৰ অমূল্য সম্পদৰূপে অভিহিত কৰা হয়।

আন এজন জাপানী কবি আকাহিতোও এগৰাকী
বিশিষ্ট কবি আছিল। ফুকনদেৱৰ
 জাপানী কবিতা গ্ৰন্থখনত উল্লেখিত
আকাহিতোৰ এটি কবিতা
 

        ভৰ গ্ৰীষ্মৰ জোনাকত

        ফুজিয়ামাত

        বৰফ গলিছে আৰু বৈ গৈছে

        সেই একেই ৰাতিতে৷

কবি আকাহিতোৰ সম্পূৰ্ণ নাম য়ামাৰে
আকাহিতো। সম্ৰাট চুমুৰ ৰাজত্বকালত আকাহিতো ৰাজসভাৰ কবি আছিল। আকাহিতোৰ চুটি
কবিতাবোৰ কবি হিতোমাৰোৰ দীঘল কবিতাৰ সমকক্ষ আছিল বুলি গ্ৰহণ কৰা হয়।

জাপানী কবিতাত পাইন গছৰ গুৰুত্ব
বিশেষভাৱে মন কৰিবলগীয়া। তলত তুলি দিয়া কবিতাকেইটাত পাইন গছৰ বিশেষ উল্লেখ আছে।
জাপানী সমাজ ব্যৱস্থাত দীৰ্ঘ জীৱন প্ৰাপ্তি
, ঐশ্বৰ্য-বিভূতি, অবিচল, পূণ্য আৰু অমৰত্ব প্ৰাপ্তিৰ প্ৰতীকৰূপে জ্ঞান কৰা
পাইন গছক জাপানী ভাষাত মাট্চু বুলি কোৱা হয়। জাপানৰ প্ৰাচীন ধৰ্ম শ্বিণ্ট
ইজীমৰ লগতো পাইন গছৰ
ওতঃপ্ৰোত সম্বন্ধ আছিল। সেই ধৰ্মত পাইন গছক য়ৌ
ৰিশ্বিৰ
 অৰ্থাৎ ভগৱানক আকৰ্ষিত
কৰিব পৰা পবিত্ৰ পাইন গছেৰে আৱৰি থকা এখন ঠাই বুলি গণ্য কৰা হৈছিল।

তলৰ কবিতাকেইটা পঢ়িলেই জাপানৰ
সাহিত্য-সংস্কৃতি সকলোতে পাইন গছৰ গুৰুত্বক বুজিব পাৰি।

        তোমাক এৰি যাবই লাগিব,

        কিন্তু যদি

        ইনেবা পৰ্বতৰ

 

        পাইন গছৰ শব্দ শুনো,

        তৎক্ষণাত আকৌ ঘূৰি আহিম৷

                    (কবি : য়ুইকিহিৰা)

প্ৰেমিকাৰ পৰা আঁতৰি যোৱাৰ দুখত প্ৰেমিক
কাতৰ। কিন্তু প্ৰেমিকাৰ কাষলৈ উলটি অহাৰ প্ৰতিশ্ৰুতিক পাইন গছৰ উল্লেখেৰে
বিশ্বাসযোগ্যতা দিয়া হৈছে। কাৰণ সেই সমাজত পাইন গছক পৱিত্ৰ গছ হিচাপে গণ্য কৰা হয়।
গতিকে বতাহত পাইন গছৰ শব্দ শুনিলেই প্ৰেমিকে প্ৰেমিকাৰ ওচৰলৈ লৱৰি আহিব যে সেয়া
খাটাং।

        সৰাপাত নোহোৱা পাইনগছৰ

        পাহাৰটোৰ হৰিণাটোৱে

        কেৱল নিজৰ মাতৰ শব্দতে জানে

        হেমন্তৰ আগমণ৷

                    (কবি : য়চিনবো) 

পাইন গছৰ লগতে জাপানী সমাজত হেমন্ত ঋতুৰো
যথেষ্ট গুৰুত্ব আছে। জাপানৰ স্থানীয় গছ হিচাপে পাইন গছৰ পাত বছৰৰ সকলো সময়তে
সেউজীয়া হৈ থাকে। সেয়েহে পাইন গছেৰে ভৰা পাহাৰটোত থকা হৰিণাটোৱে নিজৰ মাতৰ ভংগীতে
বুজি পায় যে হেমন্ত ঋতু ধৰালৈ আহিবলৈ লৈছে।

ফুকনদেৱে অনুবাদ কৰা আন এটি কবিতাৰ
উল্লেখ কৰা হ
,-

        আঘোণৰ জোন,

        বাঁহৰ ঢাৰিখনত

        পাইন গছৰ ছাঁ৷

                    (কবি : কিকাকু)

এইটো এটা অত্যন্ত চুটি কবিতা। মাথোঁ
তিনিশাৰী। তাতো প্ৰত্যেক শাৰীতে মাথো দুটা বা তিনিটা মাত্ৰ শব্দ। অথচ এই তিনিশাৰীৰ
কবিতাটোতেই ৰাতিৰ জোনৰ পৰা পাইন গছৰ বিৱৰণলৈকে এটা সময়ৰ বিস্তৃত বিৱৰণ অনুভৱ কৰিব
পাৰি।

        আহাৰৰ বৰষুণ,

        তাৰ পাছত এদিন সন্ধ্যা, গোপনে,

        পাইন গছৰ মাজেৰে জোন৷

                    (কবি : ৰোয়তা)

কবি কিকাকুৰ দৰেই কবি ৰোয়তাৰো উক্ত
কবিতাটি তিনিশৰীয়া। অৱশ্যে দুই তিনিটা শব্দ কিকাকুৰ কবিতাটোতকৈ অধিক। কিন্তু খুবেই
অৰ্থৱহ। আহাৰৰ দোপালপিটা বৰষুণৰ পাছত লাহে লাহে আকাশ ফৰকাল হৈ আছে। যেন আকাশখনত
জমা হৈ থকা অলেখ-অযুত পানী ধৰালৈ ছঁটিয়াই আকাশখন নিৰ্ভাৰ হৈ পৰে। সেই ফৰকাল
আকাশতেই সন্ধিয়া পাইন গছৰ মাজেৰে জোনটিয়ে বিয়পোৱা ৰূপালী ঢৌৱে পৃথিৱীখন ঢৌৱাই
পেলাইছে। ঠিক অসমৰ দীঘল দীঘল বাঁহগছৰ ফাঁকেৰে আকাশৰ জোন-বেলি দেখাৰ দৰেই অনুভৱ।

        
ত হোৱা বৰতা বনৰ গুৰিত

        পোত গ

        কীট-পতংগবোৰৰ মাত 

        সৰি নপৰা পাতকেখিলাৰ ৰঙত

        হেমন্তৰ মেলানি৷

                    (কবি : ঝ্যাকুৰেণ)

কবি ঝ্যাকুৰেণ এগৰাকী বিখ্যাত কবি আছিল।
প্ৰিয় ঋতু হেমন্তৰ আগমনে যিদৰে মন-প্ৰাণ আলোড়িত কৰে সেইদৰে সেই ঋতুকাল শেষ হৈ গ
লেও জাপানীসকল দুখী হৈ
পৰে। হেমন্ত ঋতুত কীট-পতংগৰ আৱাজৰো এক সুকীয়া মাদকতা বিচাৰি পোৱা জাপানীসকলে
সেয়েহে সেই ঋতু শেষ হৈ যোৱাৰ পিচত কীট-পতংগৰ এই সুললিত মাত শুনিবলৈ নাপাব বাবেও
দুখ প্ৰকাশ কৰে।

        এটা শব্দ তুমি কলা

        আৰু হেমন্তৰ বতাহে

        ঠেৰেঙা লগালে ওঁঠ৷

                    (কবি : বাছো)

কবি বাছোক জাপানী কাব্য সাহিত্যত
ঋষিতুল্য বুলি অভিহিত কৰা হয়। বাছোৰ কবিতাসমূহ মূলতে হাইকু ধাৰাৰ কবিতা। দৰাচলতে
কবি বাছোৱেই হাইকুক জাপানী কাব্যসাহিত্য ধাৰাৰ সৰ্বোত্তম হিচাপে প্ৰতিষ্ঠিত কৰি গ
ল।

এই হাইকু কবিতাৰ সন্দৰ্ভত কবিবৰ নীলমণি
ফুকনদেৱে এইদৰে উল্লেখ কৰিছে
 

হাইকু  : , , ৫ মুঠ সোতৰটা স্বৰৰ হাইকু কবিতাতেই জাপানী কাব্যমনীষাই পূৰ্ণ বিকাশ লাভ কৰিছিল।
দেখাত ক্ষুদ্ৰাকৃতিৰ আৰু অস্বচ্ছ
, কিন্তু অন্তৰ্জগত বিশাল আৰু অতলপৰশা। যেন – এটি সৰু তৰাই একোখন আকাশ
পিঠিত তুলি কঢ়িয়াই লৈ যায়।
 হাইকু কবিতাত ব্যঞ্জনাই মুখ্য, ইংগিতৰ মাহাত্ম্যাতে নিহিত তাৰ শক্তি। জোনলৈ কেৱল আঙুলিয়াই
দিবহে পাৰি
,
 জোনৰ বৰ্ণনা দিব নোৱাৰি। ইংগিতধৰ্মিতা, আশ্বৰ্য, স্বল্প-ভাষিতা আৰু শব্দলুপ্তি হাইকুৰ বৈশিষ্ট্য। এইবোৰ কাৰণেই এইবিধ কবিতা
পাঠকৰ অনুভূতি
, সহৃদয়তা আৰু ৰসগ্ৰাহিতাৰ ওপৰত ভালেখিনি নিৰ্ভৰশীল।

গতিকে হাইকু কবিতা হৃদয়ৰ সূক্ষ্ম
অনুভূতিৰ কবিতা। পাৰিপাৰ্শ্বিক প্ৰকৃতিয়েই হাইকু কবিতাৰ প্ৰধান উপকৰণ। প্ৰতিটো
ঋতুৱেই হাইকু কবিৰ হৃদয় আৰু অনুভূতিক উত্তেজিত আৰু অনুপ্ৰাণিত কৰি তোলে। নৈসৰ্গিক
জগতত চকুৰে দেখা কোনো দৃশ্য বা ঘটনাই আৰু কাণেৰে শুনা কোনো গীত বা মাতৰ প্ৰতি
 হৃদয়ৰ প্ৰতিক্ৰিয়াই কবিতা।

লোকগীত আৰু ৰেনগাই হাইকুৰ মূল উৎস।
মৰামাচি আমোলৰ মাজ ভাগৰ পৰাই নানান পৰিৱৰ্তনৰ মাজেৰে আহি বিশ্ববিখ্যাত এইবিধ কবিতা
এতিয়াও জাপানত জনপ্ৰিয় হৈ আছে। আৰু এইবিধ কবিতাক বিশুদ্ধ আৰু মহৎ সাহিত্যৰ
পৰ্যায়লৈ উন্নীত কৰাৰ মূলতে মাৎচুও বাচো৷

বুজিব পাৰি যে জাপানী ভাষাত সংক্ষিপ্ত
শ্লোক-শৈলীৰে এটা বা দুটা শাৰীৰ লিখিত কবিতাবোৰকে হাইকু ধাৰাৰ কবিতা বুলিব পাৰি।
অৱশ্যে ইংৰাজী তথা অন্যান্য ভাষালৈ অনুদিত প্ৰায়বোৰ হাইকু কবিতাতেই সাধাৰণতে
তিনিটাকৈ শাৰী ৰখা হয়। বোধহয় অৰ্থ প্ৰকাশৰ কাৰণেই অনুবাদৰ সুবিধা হোৱাকৈ তিনিশৰীয়া
কৰা হয়। গুৰুত্বপূৰ্ণভাৱে এই অনূদিত কবিতাৰাজি সমগ্ৰ বিশ্বসাহিত্যতে এক জনপ্ৰিয়
কবিতাৰ ধাৰা হিচাপে পৰিগণিত হৈ পৰিল। এইদৰেই জাপানী ভাষাৰ পৰা বিশ্বৰ বিভিন্ন
ভাষালৈ এই হাইকু কবিতাৰ অনুবাদ নিয়মিতভাৱেই হৈ আহিছে। উল্লেখযোগ্য যে জাপানী ভাষাত
ৰচিত সকলো হাইকু কবিতাতেই একে ধৰণৰ বৈশিষ্ট্যই দেখা যায়
, যিটো ক্ৰমে ৫, ৭ আৰু ৫ স্বৰৰ হয়। ইয়াৰ লগতে দুটা বিষয়
অথবা ধাৰণাক এক ভিন্ন শব্দৰে সংযোজন কৰা হয়। তাৰ লগতে কোনো ঋতু সম্বন্ধীয় উপমা
আদিৰে সজোৱা হয়। অধিক সংখ্যক হাইকু কবিতাতে কবিৰ ব্যক্তিগত অভিজ্ঞতা প্ৰকাশ কৰাৰ
লক্ষ্য হিচাপে লোৱা হয়।

হাইকু কবিতাৰ উত্থান আৰু বিকাশৰ অগ্ৰগতিৰ
কাণ্ডাৰী মাৎচুও বাছোৰ ৰচিত তথা কবিবৰ ফুকনদেৱে অনুবাদ কৰা দুটা কবিতা তলত তুলি
দিয়া কৰা হ
 

        হেমন্তৰ গধূলি

        লঠঙা ডালত এটা কাউৰী৷

ইতিমধ্যেই উল্লেখ কৰা হৈছে যে হাইকু কবি
বাছোৰ কবিতাসমূহ স্বভাৱগতভাৱেই যথেষ্ট চুটি। মাথোঁ দুটা বা তিনিটা সৰু সৰু শাৰী।
কিন্তু তাতেই বিস্তাৰিত জীৱনবোধৰ অৰ্থ সোমাই থাকে। এই কবিতাটোত জাপানীসকলৰ প্ৰিয়
ঋতু হেমন্তৰ বিদায়ত কবিয়ে দুখ কৰিছে। কবিৰ মতে হেমন্তৰ বিদায়ৰ লগে লগে গছ-বিৰিখৰ
পাত-লতিকাও বিমৰ্ষ হৈ ধৰালৈ সৰি লঠঙা হৈ পৰিছে। আৰু সেই লঠঙা গছৰ ডালত বহি কাউৰী
চৰাইটোও হেমন্তৰ বিদায়ত বিমৰ্ষ হৈ পৰিছে। কবিতাটোৰ অন্তৰ্নিহিত অৰ্থৰ বিস্তৃত ৰূপত
আলোচনা হোৱা দেখা যায়। কাৰণ কবিতাটোৰ জৰিয়তে মানুহৰ অনিত্য জীৱনৰ কথাকে ক
বলৈ বিচৰা হৈছে।

বাছোৰ এই দুশৰীয়া কবিতাটোক অসমীয়ালৈ
অনুবাদ কৰোঁতে কবিবৰ ফুকনদেৱৰ শব্দচয়ন সাংঘাতিকভাৱে সুন্দৰ। কাৰণ অনুবাদ বুলি
উল্লেখ নকৰাকৈ পঢ়িলে কবিতাটো সাধাৰণতে অসমীয়া সমাজ এখনৰ বৰ্ণনাৰ এক পঠনীয় কবিতা
বুলি অনুভৱ হয়।
 সেইদৰে বাচোৰ আন এটা কবিতাৰ অনুবাদ কবিবৰ ফুকনদেৱে এইদৰে কৰিছে 

        এটা পুৰণি পুখুৰী

        পানীত ডুব মৰা

        বেঙৰ শব্দ৷

হাইকু কবি বাছোৰ এইটো আন এটা বিখ্যাত
কবিতা। কবিতাটি জাপানৰ কোনো কোনো মহলত এটা পৰম পবিত্ৰ সম্পদ বুলি সমাদৃত হৈ আহিছে।
কবিতাটোৰ অৰ্থ হৈছে বহুযুগীয়া সঞ্চিত নিৰ্জনতাত নিথৰ এটা
 কালহীন-গতিহীন পুখুৰী। পুখুৰীটোৰ
পানীলৈ ভেকুলী এটা জঁপিয়াই পৰাত পুখুৰীটোৰ সেই গতিহীন নিৰ্জনতা হঠাৎ
 মুখৰ হৈ উঠিল। ফলত
কবিৰ ধ্যান ভাগিল। নৈঃশব্দৰ সেই শব্দত মুহূৰ্ততে সাৰ পাই উঠিল কবিৰ বোধশক্তি
, সাৰ পাই উঠিল তেওঁৰ অন্তৰাত্মা। কবিতাটোৰ
বিষয় হ
ল সত্য
বা পৰম জ্ঞান কেৱল ইন্দ্ৰিয় বা ধ্যান অথবা গভীৰ অনুভূতিৰেহে উপলব্ধি কৰিব পাৰি।
স্বজ্ঞানৰ আকস্মিক মুহূৰ্ততহে পৰম জ্ঞান লাভ কৰিব পাৰি
 এয়াই হৈছে জেন বৌদ্ধধৰ্মৰ মতবাদ যাৰ
আলোকত কবিতাটোৰ অনেক মনোজ্ঞ ব্যাখ্যা এতিয়ালৈকে হৈ আহিছে। জাপানৰ ইগা প্ৰদেশৰ
এগৰাকী চামুৰাই হিচাপে জনাজাত কবি বাছো জাপানত সৰ্বত্ৰ প্ৰচলিত জে
ন বৌদ্ধধৰ্মৰো বিশেষ অনুগামী আছিল।
 

উল্লেখনীয় যে জাপানী কবিতাত ইয়াৰ আগতে
ভেকুলীৰ উপমা কেৱল মাতৰ কাৰণেহে ব্যৱহৃত হৈছিল। কবি বাছোৱে এইটো কবিতাৰ জৰিয়তে
প্ৰথমবাৰৰ কাৰণে ভেকুলীক গতিৰ কাৰণে ব্যৱহাৰ কৰিলে।

কবি বাছো এগৰাকী মহান পৰ্যটকো আছিল।
তেওঁৰ নিজ ঘৰ জুয়ে পোৰাৰ পাছৰে পৰাই জাপানৰ সৰ্বত্ৰ ঘূৰি ফুৰিছিল। সেইদৰে য
লৈকে গৈছিল তাতেই এডোখৰ
শিলত একোটি হাইকু কবিতা খোদিত কৰি আহিছিল। কিন্তু মাত্ৰ ৫১ বছৰ বয়সতে এই মহান
কবিজনৰ জীৱন সমাপ্ত হয়। নিৰ্জনতাপ্ৰিয় এইগৰাকী কবিৰ জীৱিত কালতে তেওঁৰ অনুগামীসকলৰ
সংখ্যা বাঢ়ি গৈ প্ৰায় তিনি হাজাৰমান হৈছিলগৈ! কবি বাচো নিজেই তেওঁৰ কাব্যতত্ত্বৰ
এজন টীকাকাৰো আছিল। বাছোৰ কাব্যতত্ত্বৰ অন্যতম বিশেষত্ব হৈছে
 

১) প্ৰকৃতি আৰু মানৱ জীৱনৰ সনাতন সত্য, অভিব্যক্তিৰ সজীৱতা আৰু কৌশল।

২) স্তব্ধতা

৩) ছন্দোময় প্ৰকাশ আৰু

৪) কোমলতা।

কবিবৰ নীলমণি ফুকনদেৱে অনুবাদ কৰা কবি
বাছোৰ আন এটা বিখ্যাত কবিতা হৈছে –

        বাৰিষাৰ লহ্ পহ্ ঘাঁহ

        ৰণুৱাহঁত যত স্বপ্নৰত৷

কবি বাছোৱে তেওঁৰ ৩৭ বছৰ বয়সতে লিখা এইটো
এটা বিশেষভাৱে বিখ্যাত হাইকু কবিতা। প্ৰায় সাতশ বছৰমানৰ আগতে সেনাধ্যক্ষ য়চুহীৰেনৰ
সেনাবাহিনী আৰু সেনাধ্যক্ষ য়চিৎচুনি আৰু অনুগত কেইজনমান সেনাক হিৰাজুমিৰ টাকাডাচি
দুৰ্গত বন্দী কৰি থৈছিল। তেওঁলোকৰ মাজত এখন তয়াময়া যুঁজ হয় আৰু য়চিৎচুনি আৰু
অনুগতসকলে বীৰত্বৰে যুঁজি মৃত্যুবৰণ কৰে। কবি বাচো যি সময়ত সেই ঐতিহাসিক দুৰ্গৰ
ভগ্নস্তুপত থিয় হৈছিলগৈ
, তেতিয়া বাৰিষা কাল আছিল। কৰুণ স্মৃতি বিজড়িত সেই দুৰ্গৰ নিজান প্ৰাংগণত
থিয় দি কবি বাচোৱে হেনো হুক-হুককৈ কান্দিছিল।

হাইকু কবি বাচোৰ কবিতাসমূহৰ পৰা কবিবৰ
নীলমণি ফুকনদেৱে অনুবাদ কৰা মুঠ ঊনৈছটা কবিতা
 জাপানী কবিতা সংকলনখনত সন্নিবিষ্ট
কৰা হৈছে।

জাপানী কবিতাক্ষেত্ৰত প্ৰেম বিষয়ৰ
কবিতাবোৰৰ বিশেষ গুৰুত্ব আছে। তলৰ কবিতাটো তেনে এক বিশেষভাৱে জনপ্ৰিয় প্ৰেমৰ
কবিতা।

        ফুল সৰি থকা ডালটোলৈ

        ঘূৰি আহিল যেন এটি ফুল

        আহা, এটি সৰু পখিলা৷

                    (কবি : আৰাকিদা মোৰাটাকে)

আৰাকিদা মোৰাটাকে এগৰাকী শ্ৰেষ্ঠ ৰেনগা
কবি হিচাপে প্ৰসিদ্ধ আছিল। ৰেনগা হৈছে ইটোৰ লগত সিটো জড়িত কেইবাটাও কবিতাৰ
সমষ্টি। সাধাৰণতে ৭
, , ৭ আৰু ৭-টা স্বৰৰ
এইবিধ কবিতা ৰচনাত তিনিজন বা ততোধিক কবিয়ে অংশ গ্ৰহণ কৰিব পাৰে। মোৰাটাকেৰ ৰচিত
উক্ত কবিতাটো জাপানী সাহিত্যৰ এটা বিখ্যাত কবিতা। উল্লেখনীয় যে হাইকু কবিতাত ফুল
বুলিলেই চেৰী ফুলৰ কথাই আহে। চেৰী হ
ল বসন্তৰ গৌৰৱ আৰু সূক্ষ্ম মননীয়
সৌন্দৰ্যৰো প্ৰতীক। সেইদৰে জাপানীসকলৰ কাৰণে সৰি থকা চেৰী ফুলে প্ৰৱাহিত হৈ থকা
সময় আৰু মানৱ অস্তিত্বৰ স্বল্পতাৰ ইংগিত বহন কৰে।

কবিতাটোত অপসৃয়মান বসন্তৰ এখন
মৰ্মস্পৰ্শী চিত্ৰক প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হৈছে। অৱশ্যে কবিতাটোৰ মূল বিষয়বস্তু
বৌদ্ধ ধৰ্মৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। বৌদ্ধ ধৰ্মৰ ধাৰণাত প্ৰকৃতি জগতৰ সকলো
সৌন্দৰ্যই ক্ষণস্থায়ী আৰু নশ্বৰ। কিন্তু জগতৰ এই প্ৰতিনিয়ত পৰিৱৰ্তন আৰু ৰূপান্তৰৰ
মাজতো প্ৰকৃতিৰ এই সৌন্দৰ্য সত্য সনাতন আৰু অবিনশ্বৰ হৈ ৰয়।

        তেওঁলোকে কয় মই প্ৰেমত
পৰিছোঁ
 

        গুজৱটো চাৰিওফালে

        মানুহৰ মুখে মুখে,

        আৰু যেতিয়া মই ভাল পাবলৈ ধৰিছিলোঁ

        কোনো এটা প্ৰাণীয়েও নেজানিছিল৷

                        (কবি : টাডামি) 

প্ৰেমৰ সন্দৰ্ভত এয়া এক চিৰাচৰিত চিন্তা, অথচ আজিৰ পৰা হাজাৰ বছৰৰ আগতেই জাপানী
সাহিত্যত ইয়াৰ প্ৰকাশভংগী বিচাৰি পোৱা গৈছে। তেনেদৰে আন এটা প্ৰেমৰ কবিতাৰ অনুবাদ
 

        তুমি নাহিলা, আৰু মই ৰৈ-ৰৈ

        মাচটু উপকূলত

        সন্ধ্যাৰ প্ৰশান্তিত

        সূৰ্যাস্তৰ জ্বলি থকা পানীৰ দৰে

        জ্বলিছোঁ৷

                     (কবি : টেই-কা (চেদা-ইবে))

প্ৰেমৰ কাৰণে অনন্তকাল ৰৈ থকাৰ কি যে এক
স্পৰ্শকাতৰ প্ৰকাশভংগী এয়া। সূৰ্যাস্তৰ প্ৰভাৱত উজ্জ্বল হৈ উঠা সাগৰৰ পানীৰ দৰেই
প্ৰেমৰ বেদীত উৎসৰ্গিত কোনো বিৰহ প্ৰেমিকৰ বিৰহ গাঁথাক কবি টেই-কাই প্ৰকাশ কৰিছে
আৰু সেই বিৰহী প্ৰেমৰ অনুভৱ নীলমণি ফুকনদেৱৰ অনুবাদতো সুস্পষ্ট হৈ পৰিছে।

প্ৰেমৰ দৰেই মাতৃপ্ৰেম বা বাৎসল্য প্ৰেমৰ
ওপৰতো জাপানী কবিতাত বিশেষ গুৰুত্ব দেখা যায়। এই দিশত তলৰ কবিতাটো মন কৰিবলগীয়া
 

        মোৰ সৰু চৰাই,

        মোৰ আইৰ চকুলোত জন্ম হোৱা মোৰ সৰু চৰাই,

        ডৌকা দুখন মেলি তাই উৰি যায়,

        মোৰ আইৰ বাণী,

        ঘৰলৈ আহা সোণ৷

                     (কবি : নোগুশ্চি)

কবি নোগুশ্চি ইংৰাজী সাহিত্যৰ অধ্যাপক
আছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অনুৰাগী কবি নোগুশ্চি এসময়ত ভাৰতৰ
শান্তিনিকেতনলৈও আহিছিল।

কবি নুগুশ্চিৰ এই কবিতাটোত মাতৃপ্ৰেমৰ
প্ৰকাশভংগী স্পষ্ট। পৃথিৱীৰ আটাইতকৈ মোহনীয় সম্বন্ধই হৈছে মাতৃস্নেহ। কবি
নোগুশ্চিৰ মতে এই মাতৃস্নেহৰ অময়া শক্তিয়েই কেতিয়াবা কোনো পথ হেৰুওৱা পথিকক ঘৰলৈ
ওলোটাই আনিবলৈও সক্ষম হৈ পৰে।

ডাণ্টেৰ চাবুক নামৰ তলত উল্লেখিত
কথা-কবিতাটো জাপানী সাহিত্যত এটা অন্যতম কবিতা হিচাপে গণ্য কৰা হয়।

        ডাণ্টেৰ চাবুক

        তেওঁৰ কবৰত

        ডাণ্টেৰ কবৰৰ সন্মুখত, সূৰ্যই যত উৎসৰ্গা কৰিছিল নিয়ত

        উজ্জ্বল আলোক, মই প্ৰাৰ্থনা কৰিছিলোঁ প্ৰকৃত মানুহ হবলৈ

        আৰু যদি মোৰ এই প্ৰাৰ্থনা পূৰ্ণ হয়, মই আৰু কবি হবলৈ নিবিচাৰোঁ।

 

        ডাণ্টেই মোৰ হাতত তুলি দিছিল এডাল ৰূপালী
চাবুক

        সেই বিখ্যাত চাবুক, তীব্ৰ ঘৃণাৰ সংজ্ঞাৰ্থ, যিডাল

        ৰূপালী চাবুকেৰে পিতৃ-ভূমিক ইমান জোৰকৈ
কোবাইছিল

        যে – তেওঁৰ হাত বিষাই গৈছিল। সাধাৰণ বোজা
কঢ়িওৱা

        গাধৰ গাত আৰু নলগাঁও বুলি মনতে প্ৰতিজ্ঞা
কৰি চাবুকডাল

        দলিয়াই দিছিলোঁ। হঠাত দৃঢ় হৈ থিয়
হৈছিলোঁ।

 

        হলি পাতবোৰেৰে ডাণ্টেৰ বাগিছাখন উপচি
পৰিছিল।

        আৰু সিহঁতৰ কাঁইটৰ প্ৰতি মই আছিলোঁ
অত্যন্ত সংবেদনশীল।

        ন-কৈ জন্ম হোৱা এগৰাকী তিৰোতাৰ দৰে
দৰ্শকৰ বহীত

        চহী কৰিছিলোঁআপেোনাৰ অনুগত পৰিচাৰিকাচুমাকো ফুকাও

                         (কবি : চুমাকো ফুকাও)

কবি চুমাকো ফুকাওক আধুনিক জাপানী
সাহিত্যৰ সম্ভৱতঃ আটাইতকৈ বিখ্যাত মহিলা কবিৰূপে অভিহিত কৰা হয়। খুব কম বয়সৰ পৰাই
কাব্যচৰ্চাত মনোনিৱেশ কৰা চুমাকোৱে ১৯৫২ চনতে তেওঁৰ সমগ্ৰ কাব্যসংগ্ৰহ গ্ৰন্থ
হিচাপে প্ৰকাশ কৰিছিল। হলি হৈছে জাপানত হোৱা কাঁইটীয়া সেউজীয়া পাতেৰে এবিধ চাপৰ
জোপোহা গছ। জাপানত এই হলিগছৰ পাতৰ লগত নানান ধৰণৰ অতি পুৰণি জনবিশ্বাস জড়িত হৈ
আহিছে।

কবিবৰ ফুকনদেৱে অনুবাদ কৰা আন এটা বিশেষ
কবিতা তুলি অনা হ
 

        বৰষুণ

        বতাহৰ শব্দৰ লগত আহিছিল
তম্বী এগৰাকী দেৱী

        তেওঁ ব্ৰোঞ্জ তিয়াই দিছিল, জুৰিবোৰ ভিজাই দিছিল

        তিয়াই দিছিল চাতকৰ উদৰ, তাৰ সোণালী পাখি

        জোৱাৰক তেওঁ সাবটি ধৰিছিল, বালিবোৰ চেলেকি দিছিল

        আৰু মাছবোৰ পান কৰিছিল

        গোপনে তেওঁ তিয়াই দিছিল মন্দিৰ, ৰাজহুৱা স্নানাগাৰ

        আৰু ৰংগমঞ্চবোৰ…

 

        আৰু সেই শুভ্ৰ ধাতুৰ আউলীয়া বীণাৰ তাঁৰ

        সেই দেৱীৰ জিভাই

        আলফুলকৈ তিয়াই দিছিল মোৰ জিভা…

                             ( কবি : জুনঝাবুৰো)

নিচিৱাকি জুনঝাবুৰো এগৰাকী শীৰ্ষস্থানীয়
ইমেজিষ্ট্ আৰু বৰ্তমান জাপানৰ আটাইতকৈ প্ৰভাৱশালী কবি। তেওঁ অক্সফ
ৰ্ড বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য
অধ্যয়ন কৰিছিল। নিচিৱাকিৰ প্ৰথমখন কাব্য-সংকলন
 Spectrum ১৯২৫ চনত লণ্ডনৰ পৰা প্ৰকাশিত হৈছিল।
জুনঝাবুৰেই পোনপ্ৰথমবাৰৰ কাৰণে মহান কবি এ
লিয়টৰ The Waste Land জাপানী ভাষালৈ অনুবাদ কৰিছিল।

উল্লেখযোগ্য যে কবিবৰ নীলমণি ফুকনদেৱে
মুঠতে এশ আঠাইছটা কবিতা অসমীয়ালৈ অনুবাদ কৰি
 জাপানী কবিতা নামৰ সংকলনখনত সংকলিত
কৰিছে। অৱশ্যে এই আটাইবোৰৰ ইংৰাজীলৈ কৰা অনুবাদৰ পৰাই তেখেতে অসমীয়ালৈ অনুবাদ
কৰিছে। জাপানী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা বিশ্বসাহিত্যৰ মহান মনিষী ক্ৰমে
কেনেথ ৰেক্সৰথ
, ৰালফ হজছন, হেৰল্ড হেণ্ডাৰচন, চেম্বাৰলেইন, ফৰ্ড মেডক্স ফৰ্ড আদিয়ে জাপানী ভাষাৰ এই অনবদ্য সাহিত্যৰাজিক
বিশ্বসাহিত্যক্ষেত্ৰলৈ উলিয়াই আনিছিল। তাৰেপৰাই কবিবৰ ফুকনদেৱে সাগৰৰ মাণিক
বোটলাদি এশ আঠাইছটা জাপানী কবিতা অসমীয়ালৈ অনুবাদ কৰি ১৯৭১ চনতেই অসমীয়া সাহিত্যলৈ
এক যুগান্তকাৰী অৱদান আগবঢ়াই গৈছে।

এটা কথা নিশ্চিতভাৱে লক্ষ্য কৰা যায় যে
এই আটাইবোৰ কবিতাতেই অনুবাদৰ সময়ত কবিবৰ নীলমণি ফুকনদেৱে কবিতাসমূহৰ অন্তৰ্নিহিত
অৰ্থক সম্পূৰ্ণকৈ বজাই ৰাখি যথা-সম্ভৱ প্ৰচলিত অসমীয়া শব্দ-সম্ভাৰেৰে সুন্দৰকৈ
সজাবলৈকো সক্ষম হৈছে। এয়া নিশ্চিতভাৱেই এক অনবদ্য সাহিত্যিক কৃতি।

oooo