নীলমণি ফুকন : চিৰন্তন মানুহৰ কণ্ঠ

দেৱপ্ৰতীম হাজৰিকা


যোৱা শতিকাৰ
পঞ্চাছৰ দশকত আত্মপ্ৰকাশ কৰি ষাঠিৰ দশকত নিজৰ প্ৰতিভাৰে আধুনিকতাবাদী অসমীয়া
কবিতাৰ এক উদিত সূৰ্য বুলি নীলমণি ফুকনে নিজকে প্ৰমাণ কৰিলে৷ সংবেদনশীল মন
, প্ৰকৃতিৰ
প্ৰাণ-স্পন্দন
, বিষয়ৰ বৈচিত্ৰ্যৰ লগতে কবি নীলমণিয়ে কবিতাৰ
মাজত এক কাব্যিক নিসৰ্গ সৃষ্টি কৰিলে৷ এই দিশত কবিক সহায় কৰিলে তেওঁৰ ভাষাৰ
সম্পৰীক্ষাৰ ন-ন সম্ভাৱনাই৷
 কবিৰ প্ৰথম স্তৰৰ কবিতাৰ পৰিক্ৰমাত ভবেন বৰুৱাৰ
সমালোচনাই কবিক এক নতুন ৰূপত গঢ় দিছিল৷ তাৰ পৰৱৰ্তী
 সময়ত হীৰেন গোঁহাইৰ সমালোচনাই
কবি নীলমণিক এক পৰিশীলিত আৰু পৰিপূৰ্ণ কবিসত্তা ৰূপে গঢ় লৈ উঠাত সহায় কৰিছে৷ 

অৱশ্যে
এই সকলোবোৰৰো উৰ্ধ্বত আছিল কবিৰ স্ববিশ্লেষণ আৰু আত্মসমালোচনা৷ কবিসকলৰ মাজত সঘনে
প্ৰত্যক্ষ কৰা আত্মতৃপ্তি আৰু আত্মমুগ্ধতাৰ পৰিৱৰ্তে নীলমণি ফুকন সদায়ে নিজৰ
কবিতাৰ এক নিষ্ঠাবান সম্পাদক আৰু সমালোচক হৈ পাঠকৰ আগত পৰিচিত হৈছে৷ যাৰ বাবে
প্ৰথম কাব্যসংকলনসমূহত প্ৰকাশিত বহুবোৰ কবিতা কবিৰ স্ব-নিৰ্বাচিত কবিতাৰ সমগ্ৰ
 গোলাপী জামুৰ লগ্ন (১৯৭৭)-ত অন্তৰ্ভুক্ত হোৱা নাই৷
অৱশ্যে কবিয়ে বাদ দিলেও নীলমণি ফুকন নামৰ কবিজনক অসমীয়া আধুনিকতাবাদী ধাৰাৰ এজন
সাৰ্থক নিৰ্মাতাৰূপে প্ৰতিষ্ঠা দিয়াত এই কবিতাবোৰেও অৱদান আগবঢ়াইছে৷ কবিৰ
কাব্যমানস গঢ় লৈ উঠাত এনেবোৰ কবিতাৰ গুৰুত্বও অস্বীকাৰ কৰা নাযায়৷
 

কবি নীলমণি
ফুকনে পঞ্চাছ আৰু ষাঠিৰ দশকতে নিজা এক বাট কাটি কাটি ল
বলৈ
যত্ন কৰিছিল৷ ৰঞ্জিত কুমাৰ দেৱ গোস্বামীয়ে মন্তব্য কৰিছে যে

ষাঠিৰ
স্বীকৃতিৰ মূলতে আছিল ফুকনৰ প্ৰতিশ্ৰুতি৷ শব্দ চয়ন আৰু মুক্তক ছন্দৰ খুঁটি-নাটিত
নৱকান্ত বৰুৱাৰ দ্বাৰা গভীৰভাৱে আলোড়িত হৈয়ো ফুকনে সন্ধান কৰিছিল পঞ্চাছৰ
পৰিপন্থী এক ন-ৰোমাণ্টিক সুৰ (দেৱগোস্বামী
, পৃ.২৮০)৷  

কবিৰ এই
ন-ৰোমাণ্টিক সুৰত বাংলা কবি জীবনানন্দ দাশৰ প্ৰেৰণাই অধিক৷ জীৱনৰ গভীৰ আবেগ আৰু
চিত্ৰময় কল্পনাৰ ৰূপায়ণ কবিতাসমূহত লক্ষ্য কৰা যায়৷ অৱশ্যে জীবনানন্দৰ কবিতাৰ
ৰোমাণ্টিক চিন্তা-চেতনা আৰু গভীৰ সংবেদনাৰ ব্যাপ্তি আৰু সিদ্ধি নীলমণি ফুকনে লাভ
কৰা বুলিব নোৱাৰি৷ শিথিল বিন্যাস আৰু ভাবাৱেগৰ প্ৰাধান্যই কবিতাত আউল লগাইছে৷ এনে
ভাবাৱেগে নীলমণি ফুকনৰ প্ৰথমৰ ফালৰ বহু কবিতাক আধুনিকতাৰ বাটৰ পৰা আঁতৰাই ৰাখে৷
 

পঞ্চাছৰ দশকত
আমদানি ঘটা আধুনিকতাবাদী চিন্তাক মজ্জাগত কৰিবলৈ যাওঁতে সেই সময়ৰ অধিকাংশ কবিয়েই
থমকি ৰৈছিল৷ ৰোমাণ্টিক ভাবাৱেগ
, বাস্তৱবাদী ধাৰা আৰু সাম্যবাদী চিন্তা-চেতনা,
শ্ৰেণী সংগ্ৰামৰ ব্যাখ্যা- বৰ্ণনাৰ মাজত বন্দী হৈ পৰা কবিতাক এক
নিটোল সাজ পিন্ধাবলৈ যাওঁতে পৰিপূৰ্ণতাৰ অভাৱ ঘটাটোৱেই স্বাভাৱিক৷ নীলমণি ফুকনৰ
কবিতাতো সেইবাবে কিছু শিথিলতা আহিছে৷ কিন্তু কাব্য সাধনাৰ প্ৰাৰম্ভিক স্তৰতে ভাষাৰ
ব্যৱহাৰ
, চিত্ৰকল্প আৰু প্ৰতীকৰ নিৰ্মাণত নীলমণি ফুকনে
অসামান্য দক্ষতা প্ৰদৰ্শন কৰিছিল৷
 

সূৰ্য হেনো
নামি আহে এই নদীয়েদি
 (১৯৬৩)-ৰ
পৰা স্ব-নিৰ্বাচিত কবিতাৰ সংকলন
 গোলাপী জামুৰ লগ্ন (১৯৭৭)-ৰ মাজত এটা যুগ অতিক্ৰম কৰা ব্যৱধান স্পষ্ট৷
কবিৰ স্ব নিৰ্বাচিত কবিতাবোৰতো সম্পাদনাৰ চাপ পৰিছে বুলি কবিয়ে নিজেই ব্যক্ত কৰিছে

মোৰ
দ্বিতীয়খন কিতাপ নিৰ্জনতাৰ শব্দলৈকে দুই তিনিটামানৰ বাহিৰে আন কবিতাবোৰৰ সংশোধন
পৰিমাৰ্জনা একো কৰা নাছিলোঁ৷ পিছৰফালে সংশোধন পৰিমাৰ্জনা নকৰাকৈ কোনো কবিতাকে
প্ৰকাশ নকৰা হ
লো৷ আনকি প্ৰকাশ হৈ যোৱা মোৰ বুজন সংখ্যক কবিতাকেই
আকৌ সংশোধন পৰিমাৰ্জনা কৰিছোঁ৷ কিছুমান কবিতা নতুনকৈ লিখিছোঁ
, শব্দ সলাইছোঁ, আনকি চিত্ৰকল্পও সলাইছোঁ, কবিতাৰ সংশোধন পৰিমাৰ্জনা এক অন্তহীন প্ৰক্ৰিয়া৷ ই মোৰ বাবে দুৰ্নিবাৰ এটা
প্ৰলোভনৰ দৰে
, কেতিয়াবা মৰীচিকা খেদি ফুৰাৰ দৰে৷ ফলস্বৰূপে
কেতিয়াবা গৈ গৈ এটা সময়ত মই অন্তৰিন্দ্ৰিয়ৰ হাহাকাৰত ছট্‌ফটাই থাকিব লগাতো পৰোঁ
(ফুকন
, পৃ.১৬)৷
 

কবিৰ উক্ত
বক্তব্যই কবিৰ কাব্য সাধনাৰ বহুকেইটা দিশ উন্মোচন কৰিছে৷ কবি যে নিজৰ সৃষ্টিৰ
প্ৰতি অধিক সচেতন সেয়া উপলব্ধি কৰাৰ লগতে পাঠক-সমালোচকৰ আগত এই কথাও স্পষ্ট হয় যে
তেওঁ কোনোটো কবিতাকে পাঠকৰ হাতত একেবাৰে এৰি দিয়া নাই৷ যাৰ বাবে বাৰে বাৰে সংশোধন
পৰিমাৰ্জনা কৰিছে৷ কবিতাৰ স্বাভাৱিক প্ৰকাশভংগী
, সাৱলীল গতি আৰু ভাষাৰ
নাদ-অনুনাদৰ অভিজ্ঞাপন প্ৰচেষ্টা কবিৰ দ্বাৰা নিয়ন্ত্ৰিত৷ এক কঠোৰ অনুশাসনেৰে
নীলমণি ফুকনে কবিতাক বান্ধি ৰখাৰ চেষ্টা কৰিছে৷ নীলমণি ফুকনৰ কবিতা সেয়ে চিত্ৰকলা
বা ভাস্কৰ্যৰ দৰেহে৷ নদীৰ দৰে স্বাভাৱিক প্ৰৱাহমান ধাৰ নহয়৷ এনে অধিক নিয়ন্ত্ৰণ
আৰু অনুশাসনে তেওঁৰ কবিতাৰ সৌন্দৰ্যৰ বিঘিনি ঘটোৱা বুলিও বহুকেইটা কবিতাৰ প্ৰসংগত
অনুভৱ হয়৷ একেদৰে আত্মগোপন আৰু আত্ম-বিলোপনৰ প্ৰচেষ্টাও সকলো সময়তে গ্ৰহণযোগ্য
নহয়৷ গভীৰ সংবেদনাই কেতিয়াবা কেতিয়াবা আত্মপ্ৰকাশৰ প্ৰয়োজনীয়তা নিৰ্দেশ কৰে৷ কেৱল
নিৰ্মাণৰ পৰীক্ষা-নিৰীক্ষা আৰু ভাষাৰ কৌশলী প্ৰয়োগৰ প্ৰতি সচেতনতাই নীলমণি ফুকনৰ
কবিতাত ধৰা দিলেও নিৰ্জনতা আৰু নৈঃশব্দৰ মাজতে তেওঁ অধিকাংশ কবিতা সীমিত হৈ ৰ
ল৷ কবিতাৰ জনমুখী ধাৰাৰ প্ৰতি তেওঁ বিশেষ আগ্ৰহ প্ৰদৰ্শন নকৰিলে৷ অৱশ্যে
অসমীয়া ভাষাটোৰ ন ন সম্ভাৱনাক নীলমণি ফুকনে নৱকান্ত বৰুৱা
, ভবেন
বৰুৱা
, অজিৎ বৰুৱাৰ দৰে কবিৰ সম মৰ্যাদাৰেই প্ৰতিষ্ঠা কৰা বুলিব
পাৰি৷

নীলমণি ফুকন
মূলতঃ চিত্ৰকল্পবাদী কবি৷ কবিয়ে অন্তঃকৰণেৰে কবিতাৰ ভাব ভাষাক ছবিৰ আকাৰ দি
প্ৰকাশৰ চেষ্টা কৰে৷ কবিসত্তাৰ উন্মোচন আৰু প্ৰদৰ্শনত সেয়ে ব্যক্তিসত্তাৰ গুৰুত্ব
দেখা যায়৷ ব্যক্তিগত অনুষংগ
, নিজস্ব কল্পচিত্ৰ, প্ৰতীকৰ
ব্যৱহাৰে তেওঁৰ কবিতা আপাত দৃষ্টিত সাধাৰণ পাঠকৰ পৰা আঁতৰি অহা দেখা যায়৷ কবিয়ে
অহৰহ কবিতাৰ মাজত নিজৰ আত্মা আৰু চেতনাকে সন্ধান কৰে৷ এক বৌদ্ধিক স্তৰ অতিক্ৰম
কৰাৰ দুৰ্বাৰ হেঁপাহ কবিৰ কবিসত্তাৰ একক বৈশিষ্ট্য হৈ ধৰা দিয়ে৷ কবিয়ে নিজেও
কাব্যৰ নিৰন্তৰ সাধনা আৰু বিভিন্ন পৰ্বান্তৰক অকপটে স্বীকাৰ কৰিছে৷ চিত্ৰকল্পবাদী
ধাৰা আৰু তাৰ পৰিপূৰ্ণ ৰূপায়ণৰ বাবে কবিয়ে কবিতাৰ মাজত অহৰহ চেষ্টা কৰি গৈছে৷

বহু
চিত্ৰকল্প ৰচনা কৰিছো যদিও প্ৰকৃত মনন আৰু আৱেগেৰে পুষ্ট মোৰ চিত্ৰকল্পৰ সংখ্যা
নিচেই তাকৰ৷ পিছলৈ অৱশ্যে মই চিত্ৰকল্পবাদীসকলতকৈ জাৰ্মান এক্সপ্ৰেছনিষ্ট আৰু
ইম্প্ৰেছনিষ্ট কবিকুলৰ প্ৰতিহে অধিক আকৃষ্ট হৈ পৰো৷ তেওঁলোকৰ কাব্যৰ দ্ব্যৰ্থকতাৰ
দ্বাৰা অৰ্থৰ সম্প্ৰসাৰণ ৰীতি
, চাক্ষুষ শৈলী (visual style) আৰু ওচৰা ওচৰিকৈ সংস্থাপন কৰা আপাত বিসদৃশ চিত্ৰকল্পৰ অধ্যয়ন কৰি লাভবান
হৈছোঁ (গোঁহাই
,
  পৃ.১৩০)৷ 

এনে
স্বীকাৰোক্তিয়ে কবিৰ অধ্যয়নৰ বিস্তৃতি আৰু গভীৰতাকহে নিৰ্দিষ্ট কৰে৷ গতিশীলতা
, ইঙ্গিতময়
ৰূপ আৰু ব্যক্তিগত অনুষংগক চিত্ৰকল্পৰ ৰূপ দিয়াৰ প্ৰচেষ্টা নীলমণি ফুকনৰ চিত্ৰকল্প
ৰচনাৰ অনন্য বিশেষত্ব৷ কিন্তু
  ব্যক্তিগত প্ৰসংগ আৰু অসংযত আৱেগৰ বাবে বহু সময়ত
চিত্ৰকল্পই এক নিটোল ৰূপ লাভ কৰাৰ
  বিপৰীতে ধূসৰ এখন ছবিহে পাঠকৰ আগত প্ৰকাশ কৰে৷
চিত্ৰকল্পৰ পাৰস্পৰিক সংগতি ব্যাহত হোৱাৰ বাবেই কিছু কবিতাই স্বাভাৱিক সুষমা লাভ
কৰিবলৈ সক্ষম নহ
ল৷ অৱশ্যে স্বীকাৰ্য যে অসমীয়া আধুনিকতাবাদী
কবিতাৰ সফল চিত্ৰকল্পৰ ৰূপকাৰজনো নীলমণি ফুকনৰ ব্যতিৰেক আন কোনো নহয়৷ তাত্ত্বিক
বিচাৰত বৰ্তমানে কিছু অস্পষ্টতা লক্ষ্য কৰা গ
লেও নীলমণি
ফুকনেই যে অসমীয়া কবিতালৈ চিত্ৰ
, ভাস্কৰ্য আৰু ৰং-ৰূপ-ৰেখাৰ
অপূৰ্ব সমন্বয়ৰ বাট মুকলি কৰিলে তাত কাৰো দ্বিমত নাথাকিব৷

নীলমণি ফুকনৰ
কবিতাৰ চিত্ৰকল্প চেতন আৰু অৱচেতনৰ ভাব কল্পনাৰ সমন্বয়৷ কবিৰ সমগ্ৰ সত্তাত
প্ৰকৃতিৰ বিভিন্ন জীয়া ছবিয়ে দোলা দি থকাৰ সমান্তৰালভাৱে মনোজগততো নানান ছবিয়ে
অগা-দেৱা কৰিছে৷ এই ছবিবোৰ কেতিয়াবা ছবিৰ ৰূপত
, কেতিয়াবা ভাস্কৰ্যৰ ৰূপত আৰু
কেতিয়াবা মানুহ আৰু প্ৰকৃতিৰ মাজত পৰিষ্কাৰকৈ জিলিকি উঠা দেখা যায়৷ ব্ৰহ্মপুত্ৰত
বুৰ যোৱা সূৰ্যটোৰ পৰা আৰম্ভ কৰি ঢেঁকীয়া বেচি থকা মহিলাগৰাকীৰ বেঁকা আঙুলিবোৰলৈ
কবিৰ কল্পনা
, চিন্তা আৰু উপলব্ধিয়ে গতি সলাইছে৷ এই অনুষংগৰ
লগত
  কবিৰ
একাত্মবোধ
, সংবেদনশীল মন আৰু খনিকৰৰ নিপুণতা যুক্ত হৈছে৷ ৰঙা,
সেউজীয়া, লা, নীলা, বগা আদি ৰঙে বিভিন্ন তাৎপৰ্যৰে নীলমণি ফুকনৰ
কবিতাত প্ৰকাশ লাভ কৰিছে৷ ৰং আৰু নৈসৰ্গিক প্ৰকৃতিৰ উপকৰণৰ ব্যৱহাৰে তেওঁৰ কবিতাক
ব্যাপ্তি আৰু গাম্ভীৰ্য প্ৰদান কৰে৷ চিত্ৰ-ভাস্কৰ্যৰ সৈতে থকা কবিৰ গভীৰ সম্পৰ্কৰ
বাবেই কবি পৰৱৰ্তী
 সময়ত impressionist
ধাৰাৰ অনুগামী হৈ পৰা বুলিও ভাবিব পাৰি৷

নীলমণি ফুকনে
অসমীয়া কবিতাক বহুকেইটা সাৰ্থক কবিতা উপহাৰ দিছে৷ বিষয়ৰ বৈচিত্ৰ্য
, চিত্ৰকল্প,
প্ৰতীকৰ অভিনৱত্ব আৰু এক প্ৰচ্ছন্ন জীৱনবোধৰ মাদকতা এই কবিতাবোৰত
উপলব্ধ হয়৷ এনে সাৰ্থক কবিতাবোৰৰ অন্যতম হৈছে
বুৰঞ্জী৷ কবিতাটোৰ মাজেদি অসমীয়া আধুনিকতাবাদী কবিতাৰ সাৰ্থক কল্পচিত্ৰকাৰজনৰ
আত্মপ্ৰকাশ লক্ষ্য কৰা যায়৷ আধুনিক মন আৰু চিন্তাৰ লগত সংগতি ৰক্ষা কৰি চলিবৰ বাবে
নীলমণি ফুকনে কবিতাৰ সাৱলীল
, স্বতঃস্ফূৰ্ত ৰূপৰ পৰিৱৰ্তে নিপুণ
খনিকৰৰ নিৰ্মিতিত গুৰুত্ব দিছিল৷ বুৰঞ্জী তাৰেই স্বাক্ষৰ৷ কবিতাটোৰ মাজত কবিৰ
চিন্তা-চেতনাৰ গতিশীল ৰূপ এটা স্পষ্ট হৈ পাঠকৰ আগত ধৰা দিয়ে৷

       জুই জ্বলি থকা এখন অৰণ্যৰ
কাষেদি আমি দুয়ো

       নাৱেৰে গৈ আছিলো৷ কুঁৱলিৰ
দৰে ধোঁৱাৰ সাগৰত
 

       সাঁতুৰি সাঁতুৰি চৰাইবোৰ
জাকে জাকে উৰি গৈছিল
,

       লানি নিছিগাকৈ সাপবোৰ পানীত
উটি অহা দেখিছিলোঁ৷
                             (পৃ.
৫৪)

সমগ্ৰ কবিতাত
জীৱনৰ গতিশীলতা আৰু পৰিৱৰ্তন এক ৰূপক হৈ ধৰা দিছে৷ কবিৰ নিসংগতা আৰু নৈৰাজ্যবোধ
কবিতাটোত স্পষ্ট৷ কিন্তু আশা নিৰাশাৰ এই দোদুল্যমান অৱস্থাত কবিৰ মন আশাবাদী৷ সেয়ে
যাত্ৰাৰ বাবে পুনৰ তেওঁ আগবাঢ়িছে৷ ধীৰে ধীৰে নাও মেলি দিছিলোঁ-ৰ মাজেদি জীৱন
যাত্ৰাৰ পৌনঃপৌনিক পৰিক্ৰমাকে কবিয়ে প্ৰকাশ কৰিছে৷ এই সকলোবোৰে কিন্তু অন্তৰ
জোকাৰি যোৱা নাই৷ বৰঞ্চ কাল্পনিক এক বিষাদহে পাঠকৰ অন্তৰত দি যায়৷ মানৱ সভ্যতাৰ
বিভিন্ন পৰিক্ৰমা
, যাত্ৰা, ভয় আৰু মৃত্যুচেতনাৰ
প্ৰকাশ ঘটিলেও কবিতাটোৰ পাঠ আধুনিকতাক পূৰ্ণৰূপে গ্ৰহণ কৰা স্তৰত উপনীত হোৱা নাই৷
তাৰ পৰিৱৰ্তে
বুৰঞ্জীৰ সমধম
¹ অজিৎ বৰুৱাৰ জেংৰাই ১৯৬৩’-ত মানৱ অভিজ্ঞতা আৰু আধুনিকতাৰ
দ্বন্দ্বাত্মক উপস্থাপন লক্ষ্য কৰা যায়৷ নীলমণি ফুকনৰ ব্যক্তিগত
, আত্মকেন্দ্ৰিক কেন্দ্ৰভূমিত আৱৰ্তিত চেতনাৰ বিপৰীতে অজিৎ বৰুৱাৰ চিন্তা
জীৱন অভিজ্ঞতাৰ জীয়া বাস্তৱৰ ছবি৷ বুৰঞ্জীৰ কলাত্মক ৰূপৰ পৰিৱৰ্তে
জেংৰাইজীৱনৰ এক বলিষ্ঠ সংগ্ৰামৰ ছবি৷
 

বিষাদবোধ আৰু
স্মৃতিকাতৰতা নীলমণি ফুকনৰ 
প্ৰথম স্তৰৰ কবিতাৰ এক গুৰুত্বপূৰ্ণ বিশেষত্ব৷ কবিৰ তুমি
যে তিলফুল হৈ
কবিতাত এই বিষাদৰ আত্মিক ৰোমন্থন
ব্যক্তিসত্তাৰ পৰা আধুনিক জীৱনচৰ্যাৰ কাৰুণ্যলৈ প্ৰৱাহিত হৈছে

       ভুলতে তোমাক বিচনাখনত

       খেপিয়াই ফুৰিছিলোঁ

       তুমি যে পৰ্বতটোৰ নামনিত

       তিলফুল হৈ

       হালি জালি ফুলি আছা

ৰূপান্তৰৰ এই
প্ৰক্ৰিয়াত
তুমিতিলফুল হৈ ফুলি উঠাৰ
উপমাৰে কবিয়ে আধুনিক জীৱনৰ নৈৰাজ্য আৰু নিসংগতাকে অধিক স্পষ্ট কৰিছে৷ চিত্ৰধম
¹ উপস্থাপনৰ লগতে এই কবিতাটোৱে
পাঠকৰ আগত ভিন্ন পঠন অভিজ্ঞতাৰ দুৱাৰ মুকলি কৰি দিয়ে৷
ফুৰিছিলোঁ
প্ৰথম পুৰুষ হলেও কবিয়ে ইয়াত নৈব্যক্তিক
আৰু সাৰ্বজনীন এক চেতনাৰ উন্মোচনতহে গুৰুত্ব দিছে৷ ই কবিৰ সাৰ্থক কবিতাবোৰৰ
অন্যতম৷
 

ব্ৰহ্মপুত্ৰত
সূৰ্যাস্ত
কবিৰ সাৰ্থক সৃষ্টি৷ সমালোচক এম. কামালুদ্দিন
আহমেদে কবিতাটোত গভীৰ নিসংগতাবোধ আৰু মৃত্যুচেতনাৰ প্ৰকাশ ঘটিছে বুলি আলোচনা কৰিছে
(আহমেদ
, পৃ. ৯৪)৷
  ব্ৰহ্মপুত্ৰৰ বিশালতাত ডুব যোৱা সূৰ্যটো মানুহৰ
জীৱন-মৃত্যুৰ এক দ্যোতক হৈ কবিতাটোত ধৰা দিছে৷ যাৰ বাবে
মৰ্মন্তুদ
তাৰ উজ্জ্বলতা
৷ সূৰ্যাস্ত যেন তাৰ অৱলম্বনহে৷ মানুহে জীৱন
জুৰি কঢ়িয়াই লৈ ফুৰা শূন্যতা আৰু বিষাদ ব্ৰহ্মপুত্ৰৰ বিশালতাৰ ওচৰত ম্লান হৈছে৷
বিশালতাৰ মাজত ক্ষুদ্ৰতাৰ বিলীয়মান ৰূপ এটাৰে কবিয়ে মৰ্মান্তিক কাৰুণ্যৰ সৈতে
পাঠকক পৰিচয় কৰাই দিয়ে৷ মৃত্যু চেতনাৰ সমান্তৰালভাৱে কবিয়ে ইন্দ্ৰিয়াভূত যৌন
চেতনাৰ প্ৰকৃতি ৰূপটো
মৈথুন সংগীত
মাজত মূৰ্ত কৰি তুলিছে৷ কিন্তু কবিতাটোৰ ভিন ভিন পাঠে ইয়াক নাৰী পুৰুষৰ
যৌনতাকেন্দ্ৰিক ৰূপকল্পৰ চিত্ৰণ বুলি
 পতিয়ন নিয়াব নোৱাৰে৷ অতীজৰ পৰা চলি অহা প্ৰকৃতি আৰু
পথাৰখনৰ সৃষ্টিসম্ভৱা ৰূপকো ইয়াৰ মাজত অনুভৱ কৰিব পাৰি৷ পাহাৰৰ মেঘৰ গৰ্জনে সৃষ্টিৰ
সম্ভাৱনা কঢ়িয়াই অনা বৰষুণকো ইংগিত কৰে৷ প্ৰকৃতি আৰু নাৰী
, নাৰী
আৰু পথাৰ ইয়াত একীভূত হৈছে৷
 

       পদুমনি পুখুৰীত মন্দ্ৰিত
বতাহ

       দেহত, তোমাৰ
দেহৰ ভিতৰত

       এতিয়া এপাহ ৰঙা ফুল

 

       থোৰ মেলা তাল পাতটোত

       ধাৰাসাৰ বৰষুণজাক

       তোমাৰ স্তনৰ ৰক্ত তোমাৰ ওঁঠত     (পৃ. ৬৭)

তোমাৰ দেহৰ
ভিতৰত এতিয়া এপাহ ৰঙা ফুলৰ প্ৰসংগই এটা নতুন জীৱনৰ সম্ভাৱনাকো নিৰ্দিষ্ট কৰে৷
তেনেদৰে ধাৰাসাৰ বৰষুণৰ অনুষংগই আৱেগ আকুলতা আৰু সৃষ্টিৰ সম্ভাৱনাৰ পূৰ্বৰাগ সূচনা
কৰে৷
 

নীলমণি ফুকনৰ
কবিতাৰ শূন্যতাবোধ আৰু সময়চেতনা প্ৰকাশিত হৈছে
আৰ্তস্বৰৰ মাজত৷

       ৰাতিৰ দূৰত্বলৈ নামি গ 

       অতীত আৰু বৰ্তমান

       ফেউৰাটোৰ চিয়ঁৰৰ দূৰত্বত

       শূন্যতাৰ আৰ্তস্বৰ                   (পৃ. ৭২)

শূন্যতাৰ বোধ
থাকিলেও ভাব আৰু গাঁথনিৰ দিশৰ পৰা এই কবিতাটো সমৃদ্ধ বুলিব নোৱাৰি৷ যি সমৃদ্ধ ভাব
আৰু গাঁথনি কবিৰ
ওলমি থকা গোলাপী জামুৰ লগ্ন
স্পষ্ট আৰু সমৃদ্ধ৷ ব্যক্তিগত প্ৰতীকৰ ব্যৱহাৰ ঘটিলেও কবিতাটোৰ শব্দ প্ৰয়োগে এক
তীব্ৰ আৱেদন আনি দিয়ে৷ এটা এটা চিত্ৰকল্পই বুকুত দাগ কাটি যোৱাত সফল হৈছে৷ গোলাপী
জামুৰ লগ্নৰ পাছত দিয়া ভাববোধক যতিচিহ্নই আশা-নিৰাশাৰ দোমোজাৰ এটা ভাব আনি দিয়ে৷
গোলাপী জামুৰ লগ্ন
, মৰি অহা এটা আঙুলি, নিশাৰ উন্মুক্ত বাঁহী আদি প্ৰতীকে কবিতাটোক এক ভাবঘন কবিতালৈ উন্নীত
কৰিছে৷ কবিতাটোৰ মাজত আধুনিক জীৱনৰ নিৰ্জনতা আৰু নি:সংগতাবোধৰ তুলনাত আত্মিক
কাৰুণ্যৰ সুৰ অধিক প্ৰবল৷

মাথোঁ দুটা
শাৰীৰ
হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠিল এটা ঘণ্টাৰ তীব্ৰ
আবেদন অসমীয়া কবিতাৰ এক বিশেষ সম্পদ৷ জুই নুনুমোৱা চিতাৰ ওপৰত সন্ধ্যাৰ
কল্পচিত্ৰৰে মৃত্যুচেতনা আৰু নিৰ্জনতাৰ এক ছবি অংকন কৰিছে৷ ব্যক্তিসত্তাৰ সমস্ত
সংবেদনেৰে
  নীলমণি
ফুকনে তেওঁৰ কবিতাৰ সত্তা আৰু মানস গঢ় দিছে৷ যাৰ বাবে কবিতাক কবিৰ পৰা পৃথক কৰিব
নোৱাৰাকৈ সংযোজিত৷ কবিৰ ব্যক্তিমন আৰু মনন
, আৱেগ, কাৰুণ্য আৰু কেতিয়াবা ৰোমাণ্টিক ভাববিলাসিতা তথা হাহাকাৰো কবিতাৰ পৰা পৃথক
নহয়৷ কবিতাৰ ভাব আৰু শৰীৰ নিৰ্মাণত ব্যক্তিমনৰ প্ৰাধান্য লক্ষ্য কৰা যায়৷ কবিৰ
ব্যক্তিগত অনুষংগক সমাজ-অনুষংগৰ সমধৰ্মী
 আৰু অনুগামী কৰি আলোচনা কৰিব পাৰিলে নীলমণি ফুকনৰ
কবিতাৰ বহুবোৰ দিশ পাঠকৰ আগত নতুন হৈ ধৰা দিব৷ বহুসময়ত অনুভৱ কৰা যায় যে কবিৰ
কবিতাৰ
মইআচলতে কবি নিজে নহয়৷ সেই
মইজন কবিতাটোৰ পাঠকজনহে৷ অৰ্থাৎ কবিতাৰ পাঠকজনেই যেন কবিতাটোৰ কথকৰ ভূমিকাও পালন
কৰে৷ ব্যক্তিসত্তাৰূপে সমাজ মানসক উদ্ভাসিত কৰিব পৰাটো কবিৰ অনন্য প্ৰতিভাৰ চিন৷
কবিৰ
টোপনিতো তেওঁ মোক খেদি ফুৰিছিলকবিতাৰ
ভিন ভিন পাঠ সেয়ে উপলব্ধ হৈছে৷

সমালোচক ভবেন
বৰুৱাই এই কবিতাটোক নতুন ৰূপত আৱিষ্কাৰ কৰিছে৷ প্ৰকৃতিৰ চিত্ৰধৰ্মী
 কল্পনা, প্ৰাত্যহিক
বাস্তৱৰ পৰা আঁতৰত এখন ভিন্ন জগত আৰু লীৰিকেল আৱেগেৰে কবিতাটো বন্ধা বুলি তেওঁ ক
বলৈ বিচাৰিছে৷ তেওঁৰ দৃষ্টিত ই এটা সাৰ্থক কবিতা৷ কবিতাটোত বাস্তৱ আৰু
অধিবাস্তৱৰ যুক্তিৰ বান্ধোন মানি চলা হোৱা নাই৷ চিত্ৰকল্পৰ ব্যৱহাৰে কবিতাটোৰ
সমৃদ্ধি দাবী কৰে৷ কবিতাটোক এক অধিবাস্তৱবাদী কবিতাৰ অসাধাৰণ ৰূপায়ণ বুলিও অভিহিত
কৰিব পাৰি৷ লৰকাৰ কবিতাৰ অনুষংগৰ লগত কবিতাটোৰ
পানীৰঙা হোৱা
দুখন নৈ
আৰু দুচকুত সেই দুটা কলা ঘোঁৰাৰ সাদৃশ্য লক্ষ্য কৰা যায়৷কবিতাটোৰ ভিন ভিন
পাঠ হ
ব পাৰে৷ জীৱনৰ শৃংখলাহীনতা আৰু যুক্তিবদ্ধতাৰ পৰিৱৰ্তে
কবিতাটোৱে এক বিষাদ আৰু স্মৃতিময় সময়ৰো ইংগিত দিব বিচাৰে৷
উভলি
পৰা এজোপা গছ
ৰ ৰূপকল্পই প্ৰাত্যহিকতাৰ ব্যতিৰেক এক মানসিক
ধুমুহাৰ ইংগিত বহন কৰে৷ জীৱনত পদে পদে কৰি যোৱা সংগ্ৰামৰ ছবিখন আৰু সংগ্ৰামৰ শেষতো
হাৰ মানিব নিবিচৰা দ্যুতি দুচকুত ক
লা ঘোঁৰাৰ মাজেৰে মূৰ্ত
হৈছে৷ এই অদমনীয়
, দুৰ্দম আশাৰ মাজত অগাদেৱা কৰা প্ৰশ্নবোৰে
কবিতাৰ মইজনক খেদি ফুৰিছে৷ যি বিষাদৰ এক প্ৰতিচ্ছবি হৈ কবিৰ বুকুত দলৈকে শিপাই গৈছে৷
স্মৃতিকাতৰতা আৰু নিৰ্জনতাৰ ছবিখন পাঠকৰ মনত সাঁচ বহুৱাব পৰাকৈ সজীৱ৷ ভাব আৰু
কল্পনাৰ অসাধাৰণ সংশ্লেষণে এই কবিতাটোক অসমীয়া আধুনিকতাবাদী কবিতাৰ এটা সাৰ্থক কবিতা কৰি
ৰাখিব৷
 

নীলমণি ফুকনৰ
কবিতাৰ বিষাদ আৰু কাৰুণ্যৰ লগত অভিজ্ঞতাৰ সুন্দৰ সমন্বয় ঘটিছে
ঘূৰাই
দিয়া মোক গঙা চিলনীবোৰ
কবিতাত৷ প্ৰেমৰ ভিন্ন অভিজ্ঞতা আৰু
অপ্ৰাপ্তিয়ে আনি দিয়া নিসংগতাবোধৰ ছবিখন সুন্দৰ চিত্ৰকল্পৰে অংকণ কৰিবলৈ কবি সক্ষম
হৈছে৷ লুণীয়া পানীৰ চকুলোবোৰ ঘূৰাই
 বিচৰাৰ মাজেৰে কবিয়ে প্ৰেমৰ স্মৃতিময় আকুলতাকো
স্বীকাৰ কৰি লৈছে৷
 

       ঘূৰাই দিয়া মোক গঙা চিলনীবোৰ

       লুণীয়া পানীৰ চকুলোবোৰ

 

       মাছবোৰৰ সতে মাৰ যোৱা ঢৌত

       মই আকৌ জঁপিয়াই আহোঁ

       আৰু তোমাৰেই বাহুবন্ধনত ধৰা
দিওঁ

       মাজ ৰাতি হৈ                (পৃ. ৯৭)

প্ৰাত্যহিক
জীৱন চেতনাৰ মৰ্মান্তিক অভিঘাত প্ৰকাশিত হৈছে
আকাশখনে ধপ্‌ধপায় চাকিটো
খেপিয়াওঁ
কবিতাৰ মাজত৷ মৃত্যুৰ শীতলতা আৰু হাহাকাৰে
কবিতাটোৰ পাঠকক জোকাৰি যায়৷ ব্যক্তিগত প্ৰসংগ নিৰ্দেশ কৰি কাঁহৰ বাটিত মোৰ/হালধি
বটা ৰাতি
  বুলি
ব্যক্ত কৰিলেও পাঠকৰ অন্তৰত কবিতাটোৱে এক জন্‌জননি তোলে৷ চিত্ৰকল্পৰ বলিষ্ঠ
ৰূপান্তৰ টোপনিত লালকাল কাৰোবাৰ মুখত চাগে
’/এতিয়া ৰাতিপুৱাল-ৰ
মাজেদি মূৰ্ত হৈছে৷ 
 

       আকাশখনে ধপধপায় চাকিটো
খেপিয়াওঁ

       হঠাৎ সোঁ শৰীৰে দেখোন

       মা

       চকুত চাকিটো মুখত তেজ-
চিয়ঁৰি দিওঁ

       জন্‌জনাই যায় কাঁহৰ বাতিত
মোৰ
 

       হালধি বটা ৰাতি                    (পৃ. ১১১)

গোলাপী জামুৰ
লগ্নৰ পৰৱৰ্তী সময়ৰ কবিতাবোৰত লোকজীৱনৰ সুৰটো অধিক প্ৰবল হৈ উঠিছে৷ লৌকিক সুৰৰ
সমান্তৰালভাৱে কবিতাত কথ্য
, গদ্যধৰ্মী ভাষায়ো প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ
কৰিছিল৷ ভাষাৰ গঠনৰ দিশত কবিৰ অন্তহীন প্ৰচেষ্টাৰ বাবে কবিতাই তাৰ শৰীৰ গঠন আৰু সজ্জাত
নতুন নতুন ৰূপেৰে পৰিচয় লাভ কৰে৷ কবিৰ ভাষা প্ৰয়োগৰ দিশত সাৰ্থক ৰূপ এটা
বাঁহবোৰ ফুলিছে তৰাবোৰ সৰিছেকবিতাৰ মাজত প্ৰত্যক্ষ কৰিব পাৰি৷ ফুকনৰ কাব্যমানস আৰু চিন্তা-চেতনাৰ এক সাৰ্থক সৃষ্টি বুলি এই কবিতাটোৱে
স্বীকৃতি দাবী কৰে৷

নীলমণি ফুকনৰ
কাব্য সাধনাৰ অন্যতম স্বীকৃতি
মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি৷ সহজ প্ৰত্যয়জনক জীৱনচৰ্যাৰ লগত ভিন্ন অনুষংগৰ উপস্থাপনাৰে কবিতাটোত
ব্যঞ্জনা আনি দিয়া হৈছে৷ আজাৰাৰ বজাৰত ঢেঁকীয়া শাক বিক্ৰী কৰি থকা সাধাৰণ
মহিলাগৰাকীৰ জীৱনে কবিতাটোত ব্যাপ্তি লাভ কৰিছে৷ তাৰ লগত সংযুক্ত হৈছে কবিৰ গভীৰ
সংবেদন আৰু আত্মীয়তাৰ স্পৰ্শ৷ জীৱনৰ বৈপৰীত্য আৰু আপাত দ্বন্দৰ উপস্থাপনাৰে কবিয়ে
আশা-নিৰাশা
, প্ৰেম-বিচ্ছেদৰ লগতে আধুনিক সমাজৰ ক্ষয়িষ্ণু ৰূপ
এটাকো প্ৰকাশ কৰিছে৷ কোনো পৰিচয় নথকা মহিলাগৰাকীৰ প্ৰতি কৰা
বাইসম্বোধনে আত্মীয়তাৰ ভাব জগাই তোলাৰ মুহূৰ্ততে পাঠকে
সন্মুখীন হয় এক জটিল প্ৰশ্নৰ
মৰেনে মানুহ তাত ? এই প্ৰশ্নই সৃষ্টি কৰা বিষাদেই কবিতাৰ মূল সুৰ হৈ বাজি উঠিছে৷ আশা-নিৰাশাৰ
দোমোজাত কবিৰ মনত উদয় হোৱা নানানটা প্ৰশ্নই অস্থিৰ-অশান্ত মন আৰু বিচ্ছিন্নতা তথা
নৈৰাজ্যৰহে আভাস দিয়ে৷ যাৰ বাবে কবিয়ে প্ৰশ্ন কৰিছে – মাজ ৰাতি জলঙাৰে সোমায়নে
নদী৷ নদী সম্ভাৱনাৰ প্ৰতীক হ
লেও মাজনিশা বেৰৰ জলঙাৰে নদী
সোমোৱাৰ ৰূপকল্পৰে কবিয়ে যৌন চেতনা আৰু যৌন অৱদমনৰ এক ছবিহে প্ৰকাশ কৰিব
বিচাৰিছিল৷ কিয়নো পৰৱত
¹ স্তৱকত
লাওৰ খোলাত দিনবোৰ সাঁচি ৰখাৰ প্ৰসংগৰ উপস্থাপনেৰে প্ৰেমময়
, পৰিতৃপ্ত
সেই সময়ৰ স্মৃতিৰ ইংগিত বহন কৰে৷ কবিতাটোৰ বহুকেইটা পাঠ পাব পাৰি৷ ভাষাৰ পৰিমিত
প্ৰয়োগ আৰু বিষাদৰ অভিঘাতে কবিতাটো অসমীয়া আধুনিকতাবাদী কবিতাৰে এক সাৰ্থক কবিতা
কৰি তুলিছে৷
 

আৰু
তাক মই যি দিব নোৱাৰিলোঁ
’– তিনিটা খণ্ডত লিখা কবিতাটো ভাষিক
বিচাৰত এক উল্লেখযোগ্য কবিতা৷ ধ্বনিগত প্ৰয়োগ
, শব্দৰ
পুনৰোক্তি
, অন্ত্যমিলৰ বিন্যাস, এটা
এটা শব্দেৰে এটা এটা শাৰীৰ নিৰ্মাণ আদি বিষয়েৰে কবিতাটো সজোৱা হৈছে৷ জীৱন
, কৰ্মৰ পৌনঃপৌনিকতা কবিতাৰ মাজেৰে ভাষাৰ কুশল প্ৰয়োগৰ দ্বাৰা মূৰ্ত কৰি
তুলিবলৈ কবিতাটোত প্ৰয়াস কৰা হৈছে৷ শূন্যস্থানৰ কৌশলী ব্যৱহাৰে
এককবিতাটো ভাবঘন কৰি তুলিছে৷ কবিতাত শূন্যস্থানৰ
এনে সম্পৰীক্ষা বৰ্তমানেও বিশেষ হোৱা বুলি ক
ব নোৱাৰি৷

  সংগ্ৰাম, সংঘাত আৰু তাৰ পৰিণতিত আহি পৰা বিষাদবোধ কবিতা
শীৰ্ষক সংকলনত বহুকেইটা কবিতাতে সুলভ৷ তেওঁৰ অসুখ হৈছিল, কেনে আছো মোক নুসুধিবা, পালানে কিবা উত্তৰ, আকাশত দঁতাল হাতীবোৰ শুঁৰ আদি কবিতাই অসম আন্দোলনৰ ভয়াৱহতা, সামাজিক অস্থিৰতাক প্ৰকাশ কৰে৷ কেনে আছো মোক
নুসুধিবা
কথ্যভাষাৰ গদ্যধৰ্মী সজ্জাৰে সাজি লোৱা সমকালীন
সমাজ বাস্তৱতাৰ দলিল৷ প্ৰতীক চিত্ৰকল্পৰ বিন্যাস সৃষ্টি কৰাৰ সলনি ইয়াত ভয় আৰু
অৱক্ষয়ৰ ছবিখনহে নগ্নৰূপত দাঙি ধৰা হৈছে৷

       কেনে আছো মোক নুসুধিবা

       কলঙেদি উটি আহে মুণ্ডহীন
এজনী ছোৱালী

       কাৰণ, বিয়াল্লিছ
ঘণ্টা মোৰ

       মৃতদেহটো

       গুৱাহাটীৰ পদপথত পৰি আছিল

       কাৰণ এতিয়াও মই চকু মেলি আছো

       মোৰ মৃত্যুৱেও চকু মেলি আছে

       কাৰণ খালে-ডোঙে নৈয়ে-বিলে

       জাকি মাৰে মাছে                    (পৃ.১৮৬)

এনেবোৰ
কবিতাৰে নীলমণি ফুকনে তেওঁৰ প্ৰতি থকা সমালোচক-পাঠকৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবৰ
যত্ন কৰিছিল বুলি ভাবিব পাৰি৷ কিয়নো কবিৰ প্ৰথম স্তৰৰ কবিতাবোৰে সমাজ বাস্তৱক
অস্বীকাৰ কৰি এক ৰমন্যাসিক বাস্তৱ আৰু যাদুবাস্তৱৰ মাজত বিচৰণৰ বাট মুকলি কৰা বুলি
সমালোচনা কৰা হয়৷ যাৰ বাবে গণমুখী সুৰটো ধৰি ৰাখিবৰ বাবে এনেবোৰ কবিতাত যত্ন কৰা
পৰিলক্ষিত হয়৷
 

কবিৰ নৃত্যৰতা
পৃথিৱী
 কাব্যসাধনাৰ উৎকৃষ্ট ফচল৷ ভাষা, প্ৰতীক আৰু চিত্ৰকল্পৰ সমৃদ্ধি ইয়াত স্পষ্ট৷ উপলব্ধি আৰু গভীৰ
সংবেদনশীলতাৰে
নৃত্যৰতা পৃথিৱী
প্ৰতিটো কবিতা কবিয়ে নিপুণভাৱে গঢ়িছে৷ স্থিৰ আৰু গতিশীল উভয় চিত্ৰকল্পৰ বিন্যাসে
কবিতাক ব্যাপ্তি প্ৰদান কৰিছে৷
 

মৃত্যু আৰু
স্মৃতিকাতৰতাৰ এখন এখন ছবি
ৰৈ আছিলোঁ আন্ধাৰু বালিতকবিতাৰ মাজত পোৱা যায়৷ কবিতাটোৰ ইতিহাস চেতনা আৰু সমকাল চেতনাও প্ৰবল৷ অসম
ইতিহাসৰ গৌৰৱ আৰু বৰ্তমান সময়ত দেখা পোৱা তাৰ মলিনৰূপে কবিতাক বিদ্ধ কৰিছে৷

       কেই ঘড়ি মৰণ

       আন্ধাৰু বালিত আকৌ বান্ধিলো
গড়

       বুঢ়া লুইতৰ হাঁওৰণি

       সোণৰ মৈৰাজৰা ভাঙি

       গাৰ গুচাওঁ বন        (পৃ.২০০)

মৃত্যুৰ এক
অন্য ৰূপ আৰু বিভীষিকাময় বাস্তৱে আনি দিয়া সন্ধিগ্ধ মনৰ হাহাকাৰ প্ৰকাশ পাইছে
বাটৰ
কাষত পেলাই থৈ
কবিতাত৷ আধুনিক জীৱনৰ নেতি আৰু নৈৰাজ্যবোধ
কবিতাৰ মূল বিষয়৷ কবিতাটোৱে লৌকিক সৰল জীৱন চৰ্যাৰপৰা দূৰত অৱস্থান কৰা মানুহৰ
ক্ষষিষ্ণু মানৱতাক
  ব্যঞ্জিত
কৰিছে৷ ঠিক একেই অভিঘাত কঢ়িয়াই আনিছে ‘এচেৰেঙা হালধীয়াই কান্দি পঠিয়ালে’ কবিতাৰ ‘হাড়ৰ মাজে মাজে সুমুৱাই আনিছো/জীয়া মৰিশালিৰ জুই’ৰ মাজত৷ মৃত্যুৰ আন এক স্বৰূপ- ‘তোমাৰ গৰ্ভত থকা’ শীৰ্ষক কবিতাত প্ৰকাশিত হৈছে ৷
 

       আৰু মৰিশালিৰ পৰা ভনীজনী উঠি
আহি

       পিৰালিত বহি আছিলহি

       মৰা জোনৰ পোহৰ হৈ

       গাঁওখনৰ তিৰোতাবোৰ আহি ৰৈ
আছিলহি

       দুৱাৰ মুখত           (পৃ. ২১৩)

মৃত্যুৰ লগত
সম্পৃক্ত হৈ থকা স্মৃতিময়তা আৰু বিচ্চেদৰ কাৰুণ্যক সাৰ্বজনীন ৰূপ দিয়াত কবিয়ে
সফলতা লাভ কৰিছে৷ আধুনিকতাবাদী কবি হিচাপে এয়া নীলমণি ফুকনৰ অন্যতম সফলতা৷
মৃত্যুচেতনাৰ এক ভিন্ন ছবি মূৰ্ত হৈছে
হঠাৎ এদিন দুপৰ ৰাতি ওলাইছিলহি
কবিতাত৷ মৃত্যুৰ লগত আত্মিক সংযোগ আৰু আত্মীয় কাৰোবাক হেৰুৱাই
পেলোৱাৰ বিষাদবোধে পাঠকক বুকুত বিষাদৰ খামোচ এটা দি যায়৷

       মানুহজনে মোক সুধিছিল

       তোৰ পিয়াহ লগা নাইনে

       পিয়াহ

      
পুতি থৈছ বাৰু তহঁতে

       পেটতে মৰা সন্তানবোৰ        (পৃ.২১৭)

একেখন
ঘৰতে আছিলো দুঘৰ মানুহ
’ – নীলমণি ফুকনৰ কাব্যসাধনাৰ অন্যতম
ফল৷ সমালোচক এম. কামালুদ্দিন আহমেদে কবিতাটোত আশীৰ দশকৰ অসমৰ সমস্যাদীৰ্ণ অৱস্থা
ৰূপায়িত হৈছে যদিও এই সমকালীনতাৰ মাজে মাজে সিঁচৰতি হৈ থকা ফুকনৰ চিৰাচৰিত
লোকাতীত-কালাতীতৰ অভিব্যঞ্জনাই এই দীঘল কবিতাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি
অভিহিত কৰিছে (আহমেদ
, পৃ. ১০৭)৷ আত্মীয়তাৰ বান্ধোন আৰু জীৱনৰ
পৰিপূৰ্ণতাৰ অনুভৱ দিবলৈ কবিতাটোৱে যত্ন কৰিছে৷ স্থান আৰু কালৰ বান্ধোন অতিক্ৰম
কৰিব পৰা বাবে কবিতাটোৱে এক ভিন্ন মাত্ৰা লাভ কৰিছে৷
 

       একেখন ঘৰতে আছিলো দুঘৰ মানুহ

       উৰুখা ছালেৰে কাটে কাল

       কাটে ৰাতি কাটে পানী

       মাজে মাজে পৰিছিলহি আহি

 

       সপোনতে এটা বালিমাহী        (পৃ. ২২১)

বালিমাহী
চৰাইটোৱে আশাৰ এক নতুন দ্যুতি দুৰ্দিন
, দুৰ্যোগৰ মাজতো কঢ়িয়াই আনে৷
জীৱনৰ পোৱা-নোপোৱাৰ জমা খৰচৰ হিচাপেৰে জঠৰ হৈ পৰা সময়বোৰৰ বিপৰীতে কবিয়ে বাৰে বাৰে
আশা আৰু সম্ভাৱনাক বহুকেইটা প্ৰতীকৰ মাজেৰে জীপাল কৰিবলৈ যত্ন কৰিছে৷ চেঁচা
জামুকীৰ জুই
, মূৰফুলনিৰ এটা শিলঘৰীয়া মাছ, মৰিশালিত আঘোণৰ জোন আদি প্ৰতীকে কবিতাটো সমৃদ্ধ কৰিছে৷ প্ৰতীক আৰু
চিত্ৰকল্প একীভূত হৈছে ডালিমৰ ফুল চকুৰ পানীত জ্বলি উঠা প্ৰসংগত৷

       চকুৰ পানীত জ্বলিছিল ডালিমৰ
ফুল

       পবিত্ৰ সেই তেজৰ পিয়লাত
কৰুণা

       মৰিশালিত আঘোণৰ জোন           (পৃ.২২৫)

বহুকেইটা
ব্যক্তিগত প্ৰসংগৰ অৱতাৰণা থাকিলেও কবিতাটো ভাবঘন আৰু নৈব্যক্তিক স্তৰলৈ উন্নীত৷
জীৱনৰ পোৱা-নোপোৱা
, অৰ্থ-অনৰ্থৰ মাজত সন্দিহান হৈ পৰা ব্যক্তিসত্তা আৰু
জীৱন চেতনাৰ ব্যঞ্জনাক কালাতীতভাৱে উপস্থাপন কৰাত কবিয়ে সফলতা লাভ কৰিছে৷

অসমৰ
সামাজিক-ৰাজনৈতিক সংঘাতে অস্থিৰ কৰা এচোৱা সময়ক ধৰি ৰখাৰ প্ৰয়াস ঘটিছে
 অলপ আগতে আমি কি কথা
পাতিছিলো
 সংকলনৰ
বহুকেইটা কবিতাত৷ ৰাজনৈতিক চেতনাবোধ এইবোৰ কবিতাত প্ৰবল৷ আজি বহুদিন ধৰি
দিনে-নিশাই
, তৰমুজ এটা কাটি কোনোবাই মোক খাবলৈ দিলে, সেইদিনা আছিল দেওবাৰ আদি কবিতাই  নীলমণি ফুকনৰ ৰাজনৈতিক চেতনাৰ ইংগিত দিয়াৰ
লগতে তেওঁক কবিতাৰ পূৰ্বৰ ধাৰাৰ পৰ্বান্তৰো নিৰ্দেশ কৰে৷ ফুকনৰ প্ৰথম স্তৰৰ কবিতাত
সুলভ হৈ পৰা আত্মপ্ৰকাশৰ আৱেগিক টানটোৰ পৰিৱৰ্তে ইয়াত ৰাজনৈতিকভাৱে সবল এজন কবিৰ
উপস্থিতি ধৰা পৰে৷ অস্থিৰ সময়ৰ দ্যোতক হৈ ধৰা দিছে আজি বহুদিন ধৰি দিনে-নিশাই
টায়াৰ জ্বলাই পোৰা ল
ৰাবোৰৰ উপস্থাপনা৷ অসম আন্দোলনৰ উত্তাল
সময়ৰ মাজত মৰহি যোৱা হাজাৰ সম্ভাৱনাৰ প্ৰতি কবিৰ অন্তৰৰ হাহাকাৰে ভাবঘন ৰূপ লাভ
কৰিছে৷ এই জটিল
, অশান্ত পৰিৱেশৰ পৰা মুক্ত হোৱাৰ পথ সম্পৰ্কে
কবি সন্দিহান৷ জটিল সময়ৰ সংবেদী উপস্থাপন তথা প্ৰাত্যহিকতাৰ মাজত আহি পৰা অস্থিৰতা
,
অশান্ত, উদ্বিগ্ন সময়বোৰ, ঘটনাক্ৰমৰ মাজত হেৰাই যোৱা মানৱীয় চেতনাৰ ছবিখন তৰমুজ
এটা কাটি কোনোবাই মোক খাবলৈ দিলে
ত স্পষ্ট৷

       মই নিজকে যেতিয়া এটা
নিৰন্ধ্ৰ ধাতুৰ বাকচত

       বন্ধ কৰি থওঁ

       নেলীত পুুতি থোৱা লৰা-ছোৱালীবোৰে

       যেতিয়া চিয়ঁৰি উঠে

       মৃত দেউতাই মনে মনে আহি
যেতিয়া মোক সোধেহি

       ননী- এই লাওখোলাটো কাৰ        (পৃ. ২৫৪)

কবিৰ
যন্ত্ৰণাকাতৰ মন
, আধুনিকতাৰ দ্বন্দ, সংঘাত আৰু
সেইবোৰৰ মাজত হেৰুৱাই পেলোৱা সুকুমাৰ অনুভূতি আৰু সময়ৰ ছবি বহুবোৰ কবিতাত স্পষ্ট৷
মানৱতাৰ আৰ্তস্বৰ ৰূপে কবিতাক উপস্থাপনাৰ প্ৰয়াসে কবিতাবোৰক ভিন্ন মাত্ৰা প্ৰদান
কৰিছে৷
অলপ আগতে আমি কি কথা পাতিছিলোশীৰ্ষক কবিতাটো পাঁচটা খণ্ডত বিভক্ত৷ কথোপকথনধৰ্মী 
আৰু সহজ-সৰল কথ্যভাষাৰে
বক্তব্যক গভীৰ কৰাৰ চেষ্টা কৰা হৈছে৷ কবিতাৰ মাজত আত্মকথন আৰু আত্মআলাপ স্পষ্ট হ
লেও নৈব্যক্তিক চিন্তাৰ প্ৰকাশৰ বাবে কবিতাৰ আবেদন সাৰ্বজনীন কবিৰ সমগ্ৰ
কবিতাতে বৈ থকা বিষাদ আৰু নিৰ্জনতাৰ সুৰ এই কবিতাবোৰৰ মাজতো পোৱা যায়৷

নীলমণি ফুকনৰ
কবিতাই ভিন্ন সুৰ আৰু সাজেৰে অসমীয়া আধুনিকতাবাদী ধাৰাৰ কবিতাক সমৃদ্ধ কৰিছে৷
কবিতাৰ মাজত আত্মিক সংযোগ আৰু কেতিয়াবা আত্মগোপনৰ চেষ্টাই ফুকনৰ কবিতাত নিৰ্জনতাৰ
সুৰটো পৰিষ্কাৰ কৰি তুলিছে৷ ব
ডলেয়াৰ, মাৰ্লামে,
ৰাইনাৰ মাৰিয়া ৰিল্কে, লৰকা আদিৰ কবিতাৰ
দ্বাৰা কবি অনুপ্ৰাণিত হোৱা বাবে কবিতাই এক বিদ্যায়তনিক স্তৰ লাভ কৰিছে৷ কবিতাৰ
এজন ৰসগ্ৰাহী পাঠক হোৱা বাবে বৌদ্ধিক স্তৰ আৰু ন ন সম্পৰীক্ষাৰ সচেতন প্ৰয়াস
কবিতাত সুলভ৷ যি বিশেষত্বৰ বাবে নীলমণি ফুকনৰ কবিতা সুন্দৰ হৈও জটিল৷ ভাষাৰ
প্ৰয়োগত শেহতীয়া তৰংগত গতিশীলতা আৰু কথ্যভাষাৰ ওচৰ চাপি আহিছে বাবে গোলাপী জামুৰ
লগ্নৰ পৰৱত
¹ কবিতাবোৰ
গদ্যময়৷ আবেগিক চঞ্চলতাৰ পৰিৱৰ্তে এক চিন্তাৰ গাম্ভীৰ্য সনাৰ যত্ন এই শ্ৰেণীৰ
কবিতাত স্পষ্ট৷ লোক-সাংস্কৃতিক মটিফ আৰু লোকজীৱনৰ মাজেদি সমাজ বাস্তৱতাক উপলব্ধি
কৰাৰ সচেতন প্ৰয়াসৰ বাবে কবিতাবোৰত এজন ভিন্ন নীলমণি ফুকনক পোৱা যায়৷ নিজ কবিতাৰ
পৰ্ব আৰু পৰ্বান্তৰ সম্পৰ্কে কবি নিজেও সচেতন বাবে কবিতাৰ মাজত গতি পৰিৱৰ্তনৰ
ভিন্ন তৰংগ পাঠক-সমালোচক মাত্ৰেই দেখা পায়৷ সচেতন
, সংবেদনশীল
পাঠকে তাৰ মাজতেই জীৱন এষণাৰ এখন ভিন্ন ছবিও দেখা পাব পাৰে৷ কবিয়ে নিজেই কবিতাৰ
মাজত এক সহজ স্বীকাৰোক্তি কৰি গৈ গৈছে

       যোৱা ৰাতি মৃত্যু হ

       তোমাৰ দৰেই অনুচ্চ কণ্ঠৰ

       এজন কবিৰ

 

       যি জানিছিল উঁই চিৰিঙাৰ
মাততকৈ

       তেওঁৰ কবিতাত

       একো জ্ঞানগৰ্ভ কথা নাই             (পৃ. ২৫৯)

নীলমণি ফুকনে
ভাষাৰ অপূৰ্ব দখলেৰে নতুন চাম কবিক মোহাৱিষ্ট কৰি ৰাখিছে বুলি ক

পাৰি৷ কবিয়ে ভাষাৰ নিৰ্মিতিত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছিল৷ প্ৰতীক আৰু
চিত্ৰকল্পৰ নিৰ্মাণতে ভাষাৰ ব্যৱহাৰ সীমিত হোৱা নাই
, বৰঞ্চ
ভাষিক ব্যৱহাৰৰ ভিন ভিন বিশেষত্বৰে নীলমণি ফুকনৰ কবিতা সমৃদ্ধ৷ লীৰিকেল ভাষাৰ
যোগেদি প্ৰথম স্তৰৰ কবিতাৰ ভাষাই প্ৰকাশ লাভ কৰিলেও পৰৱৰ্তী
 স্তৰত ধ্বনিগত আৰু বাক্যগত
দিশত অধিক সচেতন ৰূপ এটা প্ৰত্যক্ষ কৰা যায়৷ কথোপকথনধৰ্মিতা আৰু কবিতাৰ মাজত এজন
কথকৰ সঘন উপস্থিতিয়ে ভাষাত এক বিশেষ মাত্ৰা আনি দিছে৷ শৈলীবিজ্ঞানৰ দৃষ্টিৰে
আলোচনা কৰিলে নীলমণি ফুকনৰ কবিতাত ভাষা প্ৰয়োগৰ বহুতো নতুন দিশ উন্মোচন কৰিব পৰা যাব৷
সাধাৰণভাৱে আলোচনা কৰোঁতে ফুকনৰ কবিতাই ধ্বনি
, শব্দ, বাক্য আৰু অৰ্থৰ লগতে বিভিন্ন প্ৰসংগাৰ্থৰে ভাষিক বিচাৰ আৰু বিশ্লেষণৰ পথ
নিৰ্দেশ কৰে৷ ভাষিক অভিজ্ঞাপনৰ যোগেদি এক নিজস্ব ভাষা নিৰ্মাণৰ বাবে কবিৰ
প্ৰচেষ্টা সদা প্ৰশংসনীয়৷ আধুনিকতাবাদী কবিসকলে এটা নতুন ভাষা নিৰ্মাণ কৰিবৰ কাৰণে
সদায়ে যত্ন কৰে৷ এই প্ৰচেষ্টাত ফুকনে এক স্বকীয় তথা বৌদ্ধিক ৰূপত অসমীয়া ভাষাটোৰ
এটা নিটোল গঢ় দিবলৈ যত্নবান হোৱা পৰিলক্ষিত হৈছে৷ আধুনিক অসমীয়া ভাষাৰ নিৰ্মিতি
আৰু সমৃদ্ধিত সেয়ে আধুনিকতাবাদী কবিসকলৰ গুৰুত্ব স্বীকাৰ কৰা যায়৷

অসমীয়া
আধুনিকতাবাদী কবিতাৰ আলোচনাত নীলমণি ফুকনৰ কবিতাৰ আলোচনাই নৱকান্ত বৰুৱা আৰু অজিৎ
বৰুৱাৰ সমানেই স্থান লাভ কৰে৷ এক অৰ্থত তিনিওজনকে সমালোচকে সমদৃষ্টিৰে আলোচনা কৰিব
বিচাৰে৷ বিষয় আৰু নিৰ্মিতিত প্ৰত্যেকেই ভিন্ন পৰিমণ্ডলত নিজৰ স্থান সাজি ল
বলৈ
সক্ষম হৈছে৷ প্ৰতীক
, চিত্ৰকল্পৰ নিৰ্মাণ আৰু চেতন-অৱচেতনৰ
নানান অনুষংগৰ সমন্বয়েৰে নীলমণি ফুকনৰ কাব্যসত্তা গঢ় লৈ উঠিছে৷ ভাষিক প্ৰসংগতো
লোকভাষা আৰু লোকপৰম্পৰাৰ পৰা জটিল মানসিক চিত্ৰসমূহলৈকে ব্যাপ্তিয়ে অসমীয়া
আধুনিকতাবাদী কবিতাৰ এটা উচ্চ মান তেওঁ প্ৰতিষ্ঠা কৰিছে৷ পাঠক
, গৱেষক, কবি আৰু সমালোচকৰ মাজত সৰ্বাধিক চৰ্চা লাভ
কৰিবলৈ সক্ষম হোৱা অসমীয়া কবিসকলৰ ভিতৰত নীলমণি ফুকনৰে প্ৰাধান্য বেছি৷ পাঠক আৰু
সমালোচক উভয়ে অন্তঃকৰণেৰে ফুকনৰ কবিতা গ্ৰহণ কৰা বাবে সৰু সৰু দুৰ্বলতাবোৰো
আলোচনাৰ মাজলৈ আহে৷ বৌদ্ধিক আৰু কাব্যৰসিক সমাজত প্ৰতিটো কবিতাৰ বাবে এনে গুৰুত্ব
লাভ কৰাটো নীলমণি ফুকনৰ কাব্যসাধনাৰ সৰ্বোত্তম প্ৰাপ্তি৷
  

 

গ্ৰন্থপঞ্জী :

আহমেদ, এম.
কামালুদ্দিন ৷
 আধুনিক
অসমীয়া কবিতা
 ৷ বনলতা, দ্বিতীয়
প্ৰকাশ (পৰিৱৰ্ধিত সংস্কৰণ)
, জানুৱাৰী, ২০১৫

গোস্বামী, মালিনী
আৰু কামালুদ্দিন আহমেদ (সম্পা.) ৷
 আধুনিক অসমীয়া কবিতাৰ তিনিটা স্তৰ ৷ বাণী মন্দিৰ, ২০০৯

গোঁহাই, হীৰেন (সম্পা.) ৷ সাগৰতলিৰ শংখ ৷ লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী,
১৯৯৪

দেৱগোস্বামী, ৰঞ্জিত
কুমাৰ ৷
 প্ৰবন্ধ ৷ লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী,
২০১৫

ফুকন, নীলমণি
 সম্পূৰ্ণ
কবিতা
 ৷ অৰ্থাৎ, গুৱাহাটী,
২০০৬

বৰকটকী, অৰিন্দম
 অনুশীলন ৷ ক্ৰান্তিকাল
প্ৰকাশন
,
নগাঁও, ২০

                                অনুবন্ধ ৷ ক্ৰান্তিকাল
প্ৰকাশন
,
নগাঁও ২০১৮

বৰগোহাঞি, হোমেন
(সম্পা.) ৷
 অসমীয়া
সাহিত্যৰ বুৰঞ্জী
 ৷ ষষ্ঠ খণ্ড, আনন্দৰাম
বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা
, অসম, প্ৰথম
প্ৰকাশ
, ১৯৯৩, দ্বিতীয় প্ৰকাশ, মাৰ্চ, ২০১২

বৰুৱা, ভবেন
 অসমীয়া কবিতা : ৰূপান্তৰৰ পৰ্ব   গ্ৰন্থ, গুৱাহাটী,
২০০২  

 

ঠিকনা
:

সহকাৰী
অধ্যাপক
,
নন্দনাথ শইকীয়া মহাবিদ্যালয়, তিতাবৰ