অত্ৰেয়ী গোস্বামী

 

জীয়াই
থকাৰ তাগিদাত সময়ক

পাঞ্জাৱী
চোলাৰ জেপত ভৰাই

চক পেঞ্চিলেৰে
আখৰ লিখোঁতেই

পাৰ হৈ
গ’ল
এটা জীৱন৷

পাটীগণিতৰ
পিঠিত ভেঁজা দিওঁতে

চুঁচৰি
গৈছিল তেওঁৰ চুৰিয়া,

ৰঙা মাটিৰ
দাগ এটা ৰৈ গৈছিল নফটালৈকে৷

 

তেওঁৰ চৰিত্ৰ অসামাজিক হোৱাৰ আগৰ কাহিনীবোৰ

কাৰোবাক কোনোবাই কোৱাৰ আগতেই গোপন কৰা হ’ল৷

মগজুৰ
কোষবোৰ দুৰ্বল হৈ পৰিল,

এতিয়া
বিকল৷

তেনে
নহ’বলৈ কৰা সকলো ব্যৱস্থা

প্ৰয়োজনীয়
সীমাৰ বাহিৰতে থাকিল৷

 

মানুহে
পাহৰি যাব পাৰে মানুহ হোৱাৰ অহংকাৰ

মানুহৰ
স্মৃতিভ্ৰম হ’লে ৰৈ যায় সময়,

মানুহে
পাহৰি যাব পাৰে নিত্য-কৰ্মৰ অচিলা

মানুহৰ
অচিনাকি হৈ পৰে চিনাকী শৰীৰ৷

 

দাপোণত
খুঁটি খুঁটি চোৱা নিজৰ মুখখন

অথবা
বসন্ত কালত ঠন ধৰি উঠা গোপনীয়তাবোৰ

সন্ধিয়াৰ
আন্ধাৰত অচিনাকি হৈ পৰে৷

 

মনৰ
ঠিকনা বিচাৰি হায়ৈ বিয়ৈ কৰি কৰি

হেৰাই
যায় মন,
হেৰাই যায় চেতনা৷

বোধৰ
সিটো পাৰে তেওঁ দেখে কেৱল আন্ধাৰ

তেওঁৰ
বাবে ৰৈ থাকে ভয়াৰ্ত নিশাবোৰ৷

 

আন্ধাৰ-পোহৰ, দিন-ৰাতিৰ প্ৰভেদ পাহৰি

ইফালৰ
পৰা সিফাললৈ ধপলিয়াই ফুুুুৰে তেওঁ৷

আত্মজৰ
ডেকাতেজৰ দপদপনি

পাহৰি
যায় কোন কাৰ ঔৰসজাত৷

 

তেওঁ
দেখুৱাইছিল পোহৰৰ বাট

তেওঁ
খলাবমাবোৰ মিহি কৰিছিল৷

তেওঁৰ
ওচৰত আছিল হাজাৰটা কৌতূহলী চকুৰ

জটিল
প্ৰশ্নৰ সহজ সমাধান৷

 

এতিয়া
তেওঁ এটা উত্তৰ নোলোৱা অংক৷

নিজৰেই
প্ৰস্তাৱিত পৃথিৱীৰ অনাহূত সদস্য৷

 

জীৱনৰ
বিভীষিকাই মানুহক পীড়াৰ পৰাও

মোকলাই
দিয়ে,

যিদৰে
তেওঁ যাতনাৰ এক অকথ্য পৃষ্ঠাত লেটিপেটি

যিদৰে
তেওঁ এতিয়া এক ভয়ংকৰ গোঁজৰণি৷

 

তেওঁৰ
গাত এতিয়াও চকমাটিৰ গোন্ধ৷

তেওঁ
এতিয়া উশাহ লোৱা জীৱাশ্ম

তেওঁ
এতিয়া উশাহ লোৱা কংকাল৷