অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ

     বনিশা শইকীয়া


        অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি
একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে চামে চামে
আহি বসতি স্থাপন কৰিছে৷ ইয়াৰ সমাজখনৰ গাঁথনিটো নিৰ্মাণৰ ক্ষেত্ৰত অভিবাসনৰ প্ৰভাৱ
পৰিলক্ষিত হয়৷ অসমলৈ হোৱা বিভিন্ন জনগোটৰ অভিবাসনক অসমীয়া সাহিত্যই বিবিধ উপাদানৰ
মাজেৰে প্ৰকাশ কৰি আহিছে৷ সামগ্ৰিক ৰূপত একোখন সমাজৰ স্বৰূপ অংকনত সাহিত্যৰ এক বিশেষ ৰূপ উপন্যাসে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অসমীয়া ভাষাত ৰচিত উপন্যাসসমূহত কম-বেছি
পৰিমাণে অভিবাসনৰ দিশসমূহে ভূমুকি মাৰিছে৷ ব্ৰিটিছে অসম অধিগ্ৰহণ কৰাৰ পূৰ্বৰ আৰু
পৰৱৰ্তী
 সময়ৰ অভিবাসনৰ স্বৰূপ পৃথক, কাৰণ বিভিন্ন সময়ৰ সামািজক পৰিৱেশ আৰু অভিবাসনৰ কাৰণবোৰো পৃথক৷ ব্ৰিটিছৰ শাসনকালত অসমলৈ অহা
জনগোটৰ বিভিন্ন ধাৰাসমূহ অসমীয়া উপন্যাসত বৰ্ণিত হৈ আহিছে৷ অসমীয়া উপন্যাসত
প্ৰতিফলিত অসমলৈ অহা জনগোটৰ স্বৰূপ সম্পৰ্কীয় দিশৰ উদ্‌ঘাটন এই আলোচনাটিৰ
কেন্দ্ৰবিন্দু৷

অভিবাসনৰ চমু পৰিচয় :

        অভিবাসন হৈছে প্ৰব্ৰজনৰ এটা ৰূপ৷ মানৱ সমাজৰ ইতিহাস, সংস্কৃতি আৰু সভ্যতাৰ বাবে অপৰিহাৰ্য প্ৰব্ৰজনে প্ৰাণীৰ স্থান পৰিৱৰ্তনক
সূচায়৷ আধুনিক বিশ্বৰ প্ৰব্ৰজনে পূৰ্বতকৈ সুকীয়া ৰূপ পৰিগ্ৰহণ কৰিছিল৷ প্ৰব্ৰজনৰ
প্ৰক্ৰিয়াটো দুমুখীয়া৷ এফালে উৎস স্থান আৰু আনফালে লক্ষ্য স্থান৷ যেতিয়া কোনো
প্ৰব্ৰজিত গোটে লক্ষ্যস্থানলৈ বসবাসৰ উদ্দেশ্যে গতি কৰে
, তেতিয়া
সেই গোটটো লক্ষ্যস্থানৰ বাবে হৈ পৰে অভিবাসী আৰু প্ৰক্ৰিয়াটো হয় অভিবাসন৷

        মানুহে কিয় অভিবাসন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে? এই প্ৰশ্নটোৰ আঁৰত কিছুমান কাৰকে ক্ৰিয়া কৰি আছে৷
মানুহে নিজা ইচ্ছাৰে অথবা বাধ্য হৈ কোনো এখন ঠাইলৈ বসবাসৰ বাবে অহাৰ বা যোৱাৰ কিছুমান কাৰণ
থাকে৷ এই প্ৰক্ৰিয়াৰ অন্তৰালত থকা মুখ্য কাৰক দুটা হৈছে নিধাৰ্ৰক বা হেঁচা দিয়া (
push
factor) আৰু আকৰ্ষক বা টানি অনা (pull factor) কাৰক৷

        যিবোৰ কাৰকে উৎস ঠাইৰপৰা লক্ষ্য ঠাইলৈ যাবলৈ মানুহক বাধ্য কৰে, সেই কাৰকবোৰ হৈছে নিৰ্ধাৰক কাৰক৷ কোনো এখন ঠাইৰ প্ৰাকৃতিক দুৰ্যোগ, কম পৰিমাণৰ উৎপাদন, কৃষিৰ বাবে অনুপযোগী জলবায়ু বা
ভূমি
, বৰ্ধিত নিবনুৱা সমস্যা, দুৰ্ভিক্ষ,
সুবিধাৰ অভাৱ ইত্যাদিয়ে মানুহক অন্য ঠাইলৈ জীয়াই থকাৰ সুবিধা লাভৰ
বাবে যাত্ৰা কৰিবলৈ বাধ্য কৰে৷ কোনো এখন ঠাইত হোৱা যুদ্ধ
, সংঘাত,
সীমা সমস্যা ইত্যাদিৰ ফলত মানুহৰ জীৱনটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়৷
সেয়ে মানুহে উপায়ন্তৰ হৈ ঠাই এৰে নতুবা
তেওঁলোকক বলপূৰ্বকভাৱে সেই ঠাই ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয়৷

        কোনো এখন ঠাইৰ কৃষি উপযোগী জলবায়ু, প্ৰচুৰ পৰিমাণৰ
ভুমি
, অধিক নিয়োগৰ সুবিধা, উন্নত
শিক্ষা ব্যৱস্থা
, চ্চ মানৰ জীৱন
প্ৰণালী
, চিকিৎসাৰ লগতে প্ৰয়োজনীয় সকলো সা-সুবিধা, যুদ্ধৰ পৰিমাণ কম বা যুদ্ধৰ আশঙ্কা নথকা, প্ৰাকৃতিক
দুযোৰ্গৰ আশংকা নথকা ইত্যাদি কাৰকে অন্য ঠাইৰপৰা জন আগমন হোৱাত অৰিহণা যোগায়৷ জীৱন
নিবাৰ্হৰ বিভিন্ন সুযোগ-সুবিধাই মানুহক অভিবাসনৰ বাবে আকৰ্ষিত কৰে৷ এক অঞ্চলত
বসবাস কৰি থকা পূৰ্বৰ জনসাধাৰণৰপৰা নতুন যাত্ৰিকসকলে বাধাৰ সন্মুখীন নহ
লে অভিবাসন বৃদ্ধি হয়৷

ব্ৰিটিছৰ শাসনকালত অসমলৈ হোৱা
অভিবাসন :

        অতীতৰেপৰা অসম অভিমুখে বিভিন্ন জন প্ৰব্ৰজন হৈ আহিছে৷ ব্ৰিটিছৰ আগমনৰ
পূৰ্বে অসম আৰু ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহ মূলতঃ সামাজিক আৰু অৰ্থনৈতিকভাৱে আছিল স্বয়ংনিৰ্ভৰশীল৷
ব্ৰিটিছৰ আগমনে আৰু তেওঁলোকে প্ৰৱৰ্তন কৰা শাসন ব্যৱস্থাই এই ভূখণ্ডৰ দুৱাৰ
বহিৰ্বিশ্বৰ বাবে মুকলি কৰি দিয়ে৷ ঔপনিৱেশিক শক্তিৰ প্ৰৱেশৰ পাছত সম্পদ আহৰণৰ বাবে
স্থলপথ আৰু জলপথেৰে নতুন যাতায়াত ব্যৱস্থা গঢ় লৈ উঠিল৷ বিভিন্ন ঠাইৰপৰা ঔপনিৱেশিক
স্বাৰ্থত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ আছিল বিচিত্ৰ৷ ব্ৰিটিছে চাহ উদ্যোগৰ
উদ্দেশ্যে অসমলৈ চীন
, বিহাৰ, উত্তৰ প্ৰদেশ,
ঝাৰখণ্ড ইত্যাদি ঠাইৰপৰা শ্ৰমিক আমদানি কৰিছিল৷ অসমৰ বিভিন্ন
কাৰ্যালয়
, আদালত, ৰাজহ বিভাগ,
ৰেল বিভাগ আদিৰ বাবে হিন্দু বাঙালী লোকৰ
অভিবাসন হৈছিল৷ মাৰোৱাৰী আৰু গুজৰাটী ব্যৱসায়ী
, বিহাৰ,
উত্তৰ প্ৰদেশৰপৰা মিস্ত্ৰী, নাপিত, ধোবা, মুচীয়াৰ, কাৰিকৰ,
নেপাল-ভূটানৰপৰা পশুপালন বৃত্তিৰ লোক আৰু ব্ৰিটিছৰ সেনাবাহিনীত
যোগদানৰ বাবে গোৰ্খা সম্প্ৰদায়ৰ লোক অসমলৈ
আহে৷ পৰ
ৱৰ্তী কালত উৎপাদন বৃদ্ধি আৰু অধিক ৰাজহ সংগ্ৰহৰ বাবে
পূৰ্ববংগৰপৰা অসমলৈ মুছলমান সম্প্ৰদায়ৰ লোকৰ অভিবাসনক ঔপনিৱেশিক শাসকে উৎসাহ দিছিল৷

অসমীয়া উপন্যাসত অসমলৈ হোৱা
অভিবাসনৰ স্বৰূপ : 

        প্ৰতিখন ঠাইলৈ অভিবাসনে কিছুমান নতুনত্ব কঢ়িয়াই আনে৷ পূৰ্বৰ স্থানীয় লোক আৰু
পৰৱৰ্তী সময়ত অহা জনগোটে সংঘাত আৰু সমন্বয়ৰ মাজেৰে এখন সুকীয়া সমাজ গঢ়ি তোলে৷
উপন্যাসে একোখন সমাজৰ ইতিহাস তথা বাস্তৱ স্বৰূপৰ প্ৰকাশ ঘটায়৷ ঔপনিৱেশিক শাসন
আৰম্ভ হোৱাৰ সমান্তৰালকৈ অসমলৈ বিবিধ চৰিত্ৰৰ জনগোটসমূহৰ ধাৰা প্ৰবাহিত হৈছিল৷
বিশেষকৈ এনে অভিবাসনৰ তিনিটা ধাৰা অসমীয়া উপন্যাসত প্ৰতিফলিত হোৱা দেখা গৈছে৷ এই ধাৰা
তিনিটা হৈছে চীনাসকল
, চাহ জনগোষ্ঠী আৰু পূৰ্ববংগৰ
মুছলমানসকল৷ উমাকান্ত শৰ্মাৰ
এজাক মানুহ এখন অৰণ্যৰ অধ্যয়নৰ জৰিয়তে চাহ জনগোষ্ঠীৰ লোকসকলৰ অভিবাসনৰ স্বৰূপ সম্পৰ্কে জানিবলৈ
প্ৰয়াস কৰা হৈছে৷ ব্ৰিটিছ শাসকে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা
শ্ৰমিকৰ ৰূপত অসমলৈ জনসমূহক অনাৰ ব্যৱস্থা কৰিছিল৷ এই প্ৰবন্ধটিৰ জৰিয়তে দুটা দিশৰ
সন্ধান কৰিবলৈ লোৱা হৈছে৷ প্ৰথমটো হৈছে অভিবাসনৰ কাৰক অৰ্থাৎ কি পৰিস্থিতিত
তেওঁলোক অভিবাসিত হৈছিল আৰু আনটো হ
ল অভিবাসনৰ প্ৰক্ৰিয়া৷

এজাক মানুহ এখন
অৰণ্য
ত উপস্থাপিত অভিবাসনৰ কাৰক :

        ঔপনিৱেশিক সময়ত অসমৰ পটভূমি পূৰ্বৰ তুলনাত অত্যন্ত ক্ষীপ্ৰতাৰে সলনি হবলৈ ধৰিছিল৷ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ কৰ্ষণৰ বাবে ব্ৰিটিছ শাসকসকলে
উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে৷ বিশ্বত প্ৰচুৰ চাহিদা থকা চাহৰ উৎপাদনৰ
বাবে অসমৰ জলবায়ু উত্তম হোৱাত ব্যৱসায়িকভাৱে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছিল৷
ব্ৰিটিছৰ অধীনত থকা ঠাইসমূহৰ মাজত মানুহৰ আহ-যাহ স্বাভাৱিক আছিল৷ অসমৰ জলবায়ু
খেতিৰ বাবে অনুকূল হোৱাৰ লগতে জনসংখ্যাৰ ঘনত্ব আছিল কম৷ কিন্তু অন্য ঠাই যেনে-
পশ্চিমবংগৰ বিভিন্ন ঠাই, বিহাৰ
, পুৰুলিয়া, ঝাৰখণ্ড ইত্যাদিত মাটিতকৈ মানুহৰ সংখ্যা বেছি আছিল৷ সেই ঠাইৰ ঘৰবোৰৰ মাজত
ব্যৱধানটোও যথেষ্ট কম৷ অসমৰ পৰিকীৰ্ণ মাটিত অ
ত-তত ছেগা-চোৰোকাকৈ এটা-দুটা ঘৰ দেখিবলৈ পোৱাৰ বিপৰীতে বংগৰ ঘৰবোৰৰ অৱস্থিতি
সম্পৰ্কে উপন্যাসখনত এনেদৰে উপস্থাপন কৰা হৈছে
,

আমাৰ
ঘৰ মানে ঘৰেই
, ঘৰৰ পিছত ঘৰ৷

উপন্যাসখনত বংগৰ পৰা অভিবাসন
প্ৰক্ৰিয়া সংঘটিত হোৱাৰ পোনপটীয়া উল্লেখ নাই যদিও জমিদাৰী প্ৰথা সম্পৰ্কীয় বৰ্ণনাৰ
দ্বাৰা ইয়াক স্পষ্টকৈ বুজিব পাৰি৷ কিয়নো বংগতহে জমিদাৰী ব্যৱস্থাটোৰ প্ৰচলন আছিল৷
জমিদাৰী প্ৰথাত কোনো সাধাৰণ শ্ৰেণীৰ লোকে অৰ্থাৎ কৃষকসকলে মাটিৰ মালিকীস্বত্ত লাভ
নকৰে৷ মাটিৰ ওপৰত সম্পূৰ্ণকৈ জমিদাৰৰ আধিপত্য থাকে৷ এনে প্ৰথাৰ প্ৰচলনৰ ফলত সাধাৰণ
লোকৰ জীৱনটো গোলাম শ্ৰেণীলৈ ৰূপান্তৰিত হৈছিল৷ হাড়ভঙা পৰিশ্ৰমেৰে মাটিত শস্য
উৎপাদন কৰিও সাধাৰণ কৃষক সমাজে বছৰটো জোৰাকৈ উৎপাদিত সামগ্ৰী লাভ কৰা নাছিল৷ মাত্ৰ
যন্ত্ৰৱৎ কাম কৰি ফচল উৎপাদনক কেন্দ্ৰত ৰাখি তেওঁলোকৰ জীৱন পৰিক্ৰমা চলি থাকে৷
সমগ্ৰ জীৱন জমিদাৰৰ সেৱাৰ মাজেৰে দিন নিয়াই থকা এই লোকসকল আছিল মাত্ৰ মালিকৰ আদেশ পালন
কৰা একোজন ভৃত্য৷ পৰিশ্ৰম অনুপাতে তেওঁলোকে প্ৰয়োজনীয় আহাৰ লাভ নকৰাৰ ফলত বহুলোক
পুষ্টিহীনতাত ভোগে৷ অত্যধিক শোষণে জুৰুলা কৰা এই লোকসকল তেনেই  নিঃকিন হৈ পৰে৷ উপন্যাসখনত এই শোষিত শ্ৰেণীৰ
জীৱনৰ স্বৰূপটো বানহাৰ চৰিত্ৰৰ জৰিয়তে উদঙাই দেখুওৱা হৈছে
, “দৰাচলতে সি ভূমিহীন৷ সম্পত্তি বুলিবলৈ তাৰ একো এটা নাই৷ সম্পত্তি বুলিবলৈ
তাৰ মাত্ৰ আছে তাৰ নিজৰ শৰীৰটো
, ঘৈণীয়েকৰ শৰীৰটো আৰু লৰা-ছোৱালীৰ শৰীৰকেইটা৷

        সাধাৰণ শ্ৰেণীটোক শাৰীৰিক
পৰিশ্ৰম কৰাই পোৱা লভ্যাশ কাঢ়ি লৈ যোৱাৰ পাছতো শাসকৰ শোষণ প্ৰক্ৰিয়াৰ সমাপ্তি
নঘটে৷ কৃষক সমাজৰ ব্যক্তিগত জীৱনৰ ওপৰতো বলপূৰ্বক শাসন চলাই তেওঁলোকক অতিষ্ঠ কৰি
তোলে৷ বিভিন্ন সময়ত সাধাৰণ অজুহাততে দুৰ্বল শ্ৰেণীটোক নিৰ্মম প্ৰহাৰ কৰি শাসকে
আধিপত্য বিস্তাৰৰ বাবে প্ৰয়াস কৰে৷ মাটিৰ মালিকীস্বত্ত গ্ৰহণ কৰাৰ লগে লগে
জমিদাৰসকল মানুহখিনিৰ একান্ত ব্যক্তিগত জীৱনটোৰো মালিক হৈ পৰিল৷ সাধাৰণ লোকসকলৰ
নিজৰ বুলিবলৈ একো নাথাকিল৷ ক্ৰমাৎ নিম্নশ্ৰেণীলৈ পৰ্যবসিত কৰা এই লোকসকলক শাসক
শ্ৰেণীৰ স্বাৰ্থ পূৰণৰ বাবেহে যেন জীয়াই থকাৰ অনুমতি দিয়া হৈছিল৷ তেওঁলোকে বিবাহ
কাৰ্য সম্পন্ন কৰিব পাৰে
, সন্তান জন্ম দিব পাৰে৷ কিন্তু
সেই পত্নী আৰু সন্তানৰ ওপৰত জমিদাৰসকলেহে অধিকাৰ প্ৰদৰ্শন কৰে৷ অৰ্থনৈতিক শোষণতকৈও
ভয়াৱহ আছিল শোষকে কৰা যৌন শোষণ৷ নাৰীদেহৰ প্ৰতি ধনী শ্ৰেণীটোৰ লালসাৰ পৰা
অসহায় নাৰীসকলক কোনেও ৰক্ষা কৰিব পৰা নাছিল৷ পুৰুষসকলে নিজৰ পত্নী
, জীয়ৰীক জমিদাৰৰ কবলৰ পৰা উলিয়াই আনিব নোৱাৰি নিজৰ অৱস্থাটোকে দোষ দিছিল৷
কোনো লোকে অসহ্য হৈ জমিদাৰৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰিলেও শাসকশ্ৰেণীৰ শক্তিশালী
দলে শাৰীৰিকভাৱে প্ৰহাৰ কৰি তেনেলোকক দমন কৰিছিল৷ বানহাৰ গাঁৱৰ লোকসকলে দল বান্ধি
জমিদাৰৰ টেকেলাক আক্ৰমণ কৰাৰ পৰিণাম হিচাপে সম্পূৰ্ণ গাঁওখনকে খেতি কৰিবলৈ অনুমতি
নিদিয়াৰ ফলত 
অনাহাৰত বহু লোকৰ মৃত্যু হৈছিল৷ বানহাৰ পৰিয়ালৰ বিষয়ে উল্লেখ কৰা
কথাখিনিৰ মাজেৰে জমিদাৰৰ শোষণ স্পষ্ট ৰূপত ফুটাই তোলা পৰিলক্ষিত হৈছে৷

শৰীৰকেইটাৰ
ওপৰত অত্যাচাৰ কৰি কৰি যাতনা ভুগি ভুগি
, আধাপেটী খাই আৰু
কেতিয়াবা পানী খাই সিহঁত জী আছে৷ …তাৰ সৰু ভায়েকজনৰ তিৰোতাজনীক বিয়াৰ পাছতেই
জমিদাৰৰ বাবে লৈ যোৱাৰ বাবে প্ৰতিবাদ কৰাৰ দোষত তাৰ ভায়েকজন মাৰ খাই মৰিল৷ তাৰ
দুয়োজনী বায়েকক ঠাকুৰ জমিদাৰৰ ল
ৰাবিলাকে কেইবছৰমান ৰাখি,
পাছত বান্দী কৰি অঙহী-বঙহীৰ ঘৰলৈ পঠিয়ালে৷

অত্যাচাৰত পিষ্ট, ক্লিষ্ট হৈ পৰা সিহঁতবোৰক কেৱল এনে ঠাইৰ পৰা মুক্তিৰ প্ৰয়োজন৷ এনে স্থানত
থাকিলে প্ৰতিটো প্ৰজন্মই  জমিদাৰৰ গোলামী
কৰিয়েই জীৱন অতিবাহিত কৰিবলগীয়া হ
ব৷ এই জীৱনৰ পৰা উদ্ধাৰৰ
বাবে ব্ৰিটিছ শাসকে নিয়োগ কৰা চৰ্দাৰ শ্ৰেণীটোৰ প্ৰলোভনত তেওঁলোক ভোল গৈছিল৷
চৰ্দাৰজন তেওঁলোকৰ পৰিচিত হোৱাৰ বাবে সিহঁতে তেওঁৰ কথাত গুৰুত্ব দিছিল৷ নিজৰ উন্নত
অৱস্থাৰ সঁচা-মিছা কিছুমান মনেসজা কাহিনীৰে চৰ্দাৰে অসমৰ প্ৰতি এই লোকসকলক উৎসাহী
কৰি তোলে৷ অসমত জমিদাৰী শাসন নাই
, অজস্ৰ মাটি ব্যৱহাৰ
নোহোৱাকৈ পৰি আছে
, উপাৰ্জনৰ অসংখ্য বাট আছে ইত্যাদি নানা
ছলাহী কথাৰে সহজ-সৰল কৃষক শ্ৰেণীটোক প্ৰৰোচিত কৰিবলৈ ধৰে৷ টকা ঘটি ধনী হৈ জীৱনটো
সুচাৰুৰূপে অতিবাহিত কৰাৰ সপোন দুৰ্ভগীয়া লোকসকলৰ মনত সিহঁতে প্ৰোথিত কৰি দিয়ে
এনেদৰে –

তহঁতৰ
মাটি নাই
, খেতি নাই, সম্পত্তি নাই৷ সেই
সকলোবোৰ জমিদাৰৰ৷ আছাম দেছলৈ ব
ল৷ তাত চাহ বাগানত কাম কৰিবি, খাবি,
আৰাম কৰিবি৷ ঘৰ পাবি, খোৱা পাবি, টকা পাবি৷ আৰু কিমান টকা? টকাই টকা৷ আচাম দেছ,
লোমৰ দেছ৷ যাৱ যদি বল৷ হেজাৰ হেজাৰ মানুহ
ওলাইছে৷ ব
, ওলা৷

ফলত বহু সংখ্যকে সুখ আৰু শান্তিৰে
ভৰা জীৱনৰ আশাত ঘৰ
, দেশ এৰি চৰ্দাৰৰ সৈতে গুচি আহে৷ দেশীয়
শাসকৰ অত্যাচাৰৰ পৰা নিস্তাৰ বিচাৰি আহি তেওঁলোকে বিদেশী শাসকৰ কবলত এক প্ৰায় বন্দী জীৱন কটাবলগীয়া
হৈছিল৷

জমিদাৰৰ অত্যাচাৰ, অনাহাৰ, আৰ্থিক দুৰ্বলতা, দেশৰ শাসন পদ্ধতি ইত্যাদিয়ে তেওঁলোকক ঠাই ত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল৷ অসমত শাসক নাই, জীৱনৰ বাবে প্ৰতুল সা-সুবিধা, সীমাহীন মাটি ইত্যাদি
প্ৰলোভিত বৰ্ণনাই অসমৰ প্ৰতি সেই লোকসকলক আকৰ্ষিত কৰিছিল৷ অসমলৈ অভিবাসনৰ ক্ষেত্ৰত
উৎস ঠাইৰ শাসন ব্যৱস্থাই নিৰ্ধাৰক কাৰকৰ ৰূপত অৱতীৰ্ণ হৈছিল৷ আনহাতে
, অসমৰ পৰিৱেশ সম্পৰ্কে ব্যক্ত কৰা দিশবোৰে আকৰ্ষক কাৰকৰ ভূমিকা লৈছিল৷ 

উপন্যাসত প্ৰকাশিত অভিবাসনৰ
প্ৰক্ৰিয়া : 

চাহ উদ্যোগত শ্ৰমদান কৰিবলৈ অধিক শ্ৰমিকৰ প্ৰয়োজন হৈছিল৷ অসমত শ্ৰমিকৰ
অভাৱে ব্যৱসায়লৈ স্থবিৰতা অনাত ব্ৰিটিছ ভাৰতৰ অন্য ঠাইৰ পৰা অসমলৈ শ্ৰমিকৰ আমদানি
প্ৰক্ৰিয়া আৰম্ভ হয়৷ অসমলৈ চাহ বাগিচাৰ কৰ্মী হিচাপে অহা লোকসকল বিভিন্ন
সম্প্ৰদায়ৰ আছিল৷ চাহ বাগিচাত শ্ৰমদান কৰিবলৈ প্ৰয়োজন হোৱা শ্ৰমিক সংগ্ৰহৰ বাবে
শাসক পক্ষই দুটা পদ্ধতি অৱলম্বন কৰিছিল৷ ঠিকাদাৰী প্ৰথা আৰু চৰ্দাৰী প্ৰথা৷ চৰ্দাৰী
প্ৰথাত বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ মাজৰ পৰা একোজন শ্ৰমিকক নিৰ্বাচন কৰি চৰ্দাৰৰ
বাব দিয়ে আৰু তেওঁলোকক শ্ৰমিক আমদানিৰ দায়িত্ব দিয়া হয়৷ শ্ৰমিকৰ আমদানিৰ
ক্ষেত্ৰত প্ৰয়োজন হোৱা টকা বা অন্যান্য সকলো সুবিধা মালিক পক্ষই তেওঁলোকক প্ৰদান
কৰে৷ চৰ্দাৰজনে সাধাৰণতে নিজৰ পূৰ্বৰ ঠাইসমূহলৈ গৈ চিনাকী মানুহবোৰক অসমলৈ আহিবলৈ
প্ৰৰোচিত কৰিছিল৷ মানুহবোৰেও বৰ্ণনাবোৰ শুনি আকৃষ্ট হৈ অসম অভিমুখে যাত্ৰাৰ বাবে
সাজু হৈছিল৷ প্ৰথমতে গোৱালণ্ড ঘাটলৈ ৰে
লেৰে অনাৰ বৰ্ণনা
উপন্যাসখনত এইদৰে উল্লেখ কৰা হৈছে –

ৰেলগাড়ীখনৰ
চাৰিটা দবাত সিহঁতৰ অগণন মানুহ আহিছে৷ ল
ৰা-ছোৱালী, কেঁচুৱা আটাইকে লৈ ছশ সাতশ মানুহ৷ …দফাদাৰজনে বিকট চিঞৰ আৰু অসভ্য
গালি-গালাজ কৰি
, হাতৰ লাঠীৰে দুই-এটা কোব সোধাই বিভিন্ন
ষ্টেচনত শ শ মানুহক ঠেলি গঁতিয়াই দবাৰ ভিতৰলৈ সুমাই দিছিল৷ … এদিনৰ পিছত দবাটোৰ
ভিতৰত ভেকেটা গন্ধ এটা ওলাইছিল
, আৰু ক্ৰমে গোন্ধটো উৎকট আৰু
অসহ্য হৈ উঠিছিল৷

গোৱালণ্ডৰ পৰা অসম সংযোগী ৰেলপথ
নথকাত তেওঁলোকক নাৱেৰে নতুবা জাহাজেৰে অনা হৈছিল৷ এই ব্যৱস্থা নোহোৱা পৰ্যন্ত
তেওঁলোকক
কুলী ডিপোত অনিশ্চিত সময়লৈ
ৰাখি থোৱা হৈছিল৷ এই ডিপোত এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত অকণো খালী ঠাই নৰখাকৈ অজস্ৰ
মানুহক ভৰাই থৈছিল৷
ভৰিৰপৰা কঁকাল পৰ্যন্ত বোকা আৰু বোকা৷
সেইখিনি ঠাইতে সিহঁতে থাকিব-খাব
, শুব৷ চৰ্দাৰ, দফাদাৰসকলে এই
লোকসকলক সীমিত খাদ্যবস্তু (চাউল আৰু নিমখ) যোগাৰ কৰি এক নিৰ্দিষ্ট সময়ত সকলোকে আহাৰ
গ্ৰহণ কৰাৰ হুকুম জাৰি কৰে৷ কম সময়ত হাজাৰ মানুহৰ খোৱা শেষ হোৱাটো কোনোপধ্যেই
সম্ভৱ নহয়৷ সেয়ে গালি
, ধমকি, মাৰ খাই
সিহঁতে আধাসিজা অৱস্থাতে আহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ কুলী ডিপোত থকাৰ সময়তে
ছোৱালী-বোৱাৰীসকলক মনে মনে ফুচুলাই ধৰি নি শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ দুখলগা ছবি
এখনো উপন্যাসখনত অংকন কৰা হৈছে৷ আধাসিজা খাদ্য
, লেতেৰা পৰিৱেশ,
চৰ্দাৰ-দফাদাৰৰ অযথা শাৰীৰিক অত্যাচাৰত লাহে লাহে এজন, দুজনকৈ মানুহৰ মৃত্যু হোৱাৰ উল্লেখ এনেদৰে কৰা হৈছে

“… আৰু মানুহ মৰিছে৷ মাইকী মানুহো মৰিছে, কেঁচুৱাও
মৰিছে৷ দুবাৰ তিনিবাৰ বমি কৰিছে আৰু মৰিছে৷

ৰেলেৰে অহাৰ পাছত ডিপোত
জাহাজৰ বাবে অপেক্ষা কৰোঁতেই তেওঁলোকৰ মাজৰ পঞ্চাছজনে প্ৰাণ হেৰুৱালে
, কিছুমান পলাই গল আৰু চৰ্দাৰ-দফাদাৰে কেইজনমান
পুৰুষ-মহিলাক বিক্ৰী কৰিলে৷ মানুহ অনুপাতে জাহাজৰ ব্যৱস্থা নথকাত একেখন জাহাজতে
হেঁচি-ঠেলি আটাইবোৰ মানুহক উঠাই দিয়া হৈছিল৷ আপোন মানুহক হেৰুৱাই পোৱা দুখবোৰ
সামৰি জাহাজখনতে অসুস্থ মানুহবোৰে অসম অভিমুখে যাত্ৰা কৰে৷ জাহাজত মুক্ত আকাশৰ তলত
থকা এই লোকসকল ৰ
দ-বৰষুণ, ধুমুহাৰ
উপদ্ৰৱত ক্লান্ত হৈ পৰিছিল৷ পুৰুষ-মহিলা উভয়ে জাহাজৰ ডেকতে কোনো ধৰণৰ আঁৰ নথকাকৈ
প্ৰাতঃকৰ্ম সম্পন্ন কৰিবলগীয়া হয়৷ এনে পৰিৱেশত বেমাৰত ভোগা লোকসকলে পৰ্যাপ্ত
চিকিৎসাৰ অভাৱত মৃত্যুমুখী হ
বলৈ ধৰে৷ সেই মৃতদেহবোৰৰ বাবে
কৰা ব্যৱস্থা সম্পৰ্কে উপন্যাসখনত এনেদৰে উপস্থাপন কৰিছে –

“… মৰি যোৱাবিলাকক সুবিধা পালে পোৰে, সুবিধা নাপালে
মাটিত পুতি থয়
, মাটি নাপালে পানীত পেলাই দিয়ে৷

বিভিন্ন ঠাইৰ পৰা আহি একগোট হৈ অসমলৈ একে জনগোট
হিচাপে অহা এই লোকসকলক
কুলীবুলি সম্বোধন
কৰা হৈছিল৷ চকুৰ সন্মুখতে এজন এজনকৈ মৃত্যু হোৱা
, হেৰাই
যোৱাসকলৰ সন্ধান বিচাৰি
, খাদ্য আৰু স্বাস্থ্যৰ অৱনতিত অসহ্য
হৈ প্ৰতিবাদ কৰাৰ ফলত ব্ৰিটিছ চাহাবৰ লগতে চৰ্দাৰবোৰেও তেওঁলোকক শাৰীৰিকভাৱে আঘাত
কৰিছিল৷ ফলত মাৰ খাই বিষ-কোপত জৰ্জৰিত হৈ কিছু লোকে প্ৰাণ ত্যাগ কৰে৷ অসমলৈ অহাৰ
বাটতে এই জনগোটটোৱে অত্যন্ত কষ্টৰ সন্মুখীন হৈছিল৷ নিজৰ ঠাইখনে দিয়া দুখৰ উপশম
বিচাৰি এই লোকসকলে কৰা যাত্ৰা পূৰ্বতকৈও ভয়াবহ হৈ পৰিছিল৷

উপসংহাৰ : 

বৰ্তমান চাহ জনগোষ্ঠী
ৰূপে অভিহিত হোৱা এই লোকসকলৰ অভিবাসনৰ কাৰক সম্পৰ্কে উপন্যাসখনৰ আলোচনাৰ দ্বাৰা
জানিব পৰা গ
ল৷ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অসমলৈ অনা এই লোকসকলৰ
অভিবাসন প্ৰক্ৰিয়াটোক উপন্যাসখনে প্ৰতিফলিত কৰিছে৷ অভিবাসনৰ প্ৰক্ৰিয়াটোক
সূক্ষ্মভাৱে অনুধাৱন কৰি প্ৰতিটো দিশৰ বৰ্ণনাৰ দ্বাৰা চাহ জনগোষ্ঠীটোৱে যাত্ৰাকালত
ভোগা দুখ-দুৰ্দশাক উপন্যাসখনে চিত্ৰিত কৰাত বহুদূৰ সফল হৈছে বুলি ক
ব পাৰি৷ চাহ  উদ্যোগৰ সৈতে জড়িত
এই জনগোটটোৰ অভিবাসনত অৰ্থনৈতিক দিশৰ লগতে শাসকৰ অত্যাচাৰক কাৰক হিচাপে উল্লেখ কৰা
হৈছে৷ কিন্তু প্ৰকৃততে এই অভিবাসনৰ ধাৰাটোত ঔপনিৱেশিক শাসকৰ স্বাৰ্থইহে মুখ্য
¸
কাৰক হিচাপে অৱস্থান গ্ৰহণ কৰিছিল বুলি বুজিব পৰা যায়৷

প্ৰসংগ সূত্ৰ :

. উমা শৰ্মা, এজাক মানুহ এখন অৰণ্য, পৃ. ৫৭

২. উল্লিখিত, পৃ.

৩. উল্লিখিত

. উল্লিখিত, পৃ. ৩১

. উল্লিখিত, পৃ.

৬. উল্লিখিত, পৃ. ৬

. উল্লিখিত, পৃ. ১৮

. উল্লিখিত, পৃ. ৩০

 

ঠিকনা :

গৱেষক, অসমীয়া বিভাগ

ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডাক : ডিব্ৰুগড় বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৭০৬৩৯১২০৯

ইমেইল : saikia.bonishaঞ্ঝgmail.com