কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ’ল

পুলেন ৰাজ ডেকা


উৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা


কবিতা ৷
কবিতা পুৰুষবোৰো এনেকি কাগজ কলম
চিঞাহী দোৱাতবোৰো

কবিতা
নোকোৱা কথাবোৰ অদেখা

অজানা মুখবোৰ

ধোঁৱাই
নুঠা জুইকুৰা কবিতা

ভৰি নহা খালৈৰ ভৰুণ শূন্যতাখিনিও

পাৰৰ
পাখিত
 
ধপধপাই থকা মাতটো
জিকা ফুলা ৰাতিটো
এনেকি কুকুৰাই ডাক দিয়া পুৱাৰ
পহিলাডোখৰো এটা কবিতাই


আবুৰ পানীলাওৰ সাঁচাটো
ছাই-জুয়ে ক
লা কৰা চাদৰৰ লোছটো ক


নাছিল কবিতা

ফু দি জুইতোলা চুঙাটো
চোতাল কুৰুকি মাৰাণচোবোৱা
উখনিটো
জয় নোহোৱা জাতিটোৱে নাছিল জানো
কবিতা ?

সুস্থিৰ
সৃষ্টিৰে পোনৰ পৰা কবিতা

জন্মিছিল আপুনি
জোঁট ভাঙি গৈ থকা আমি কাটি কৰিলোঁ
তাৰ কুৰিটা ডোখৰ

আৰু
এদিন

কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ
কবিতাৰ শাও লাগি পুৰুষবোৰ নষ্ট হ
সময় নাই অসময় নাই
কবিতাৰ গা-ধুনি সকলোৱে যে কবিতাৰ
গৰাকী হল ৷
 

 
 
 
 

ঠিকনা
:

পুলেন ৰাজ ডেকা
গাঁও- চেংনৈ কটৰা সত্ৰ (পাগ্লাদিয়াৰ পাৰ)
ডাকঘৰ-চেংনৈ
ডাক-সূচাঙ্ক -৭৮১৩৩৭

জিলা- নলবাৰী
ভ্ৰাম্যভাষ – ৮১৩৫৯২৬৭৮৫