শিল্পীকা ৰাজগুৰু
ৰঘু বাচফৰক শঙ্খলীনাই লগ পাইছিল এক অগতানুগতিক পৰিস্থিতিত।
তাইৰ দৈনন্দিন জীৱনটো আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ এখন প্ৰাইভেট কলেজত তাই শিক্ষকতা কৰে। পুৱা সূৰ্যোদয়ৰ পৰা ওৰেটো দিন কৰ্মব্যস্ততাৰ অন্তত
আবেলি পৰত হে অকণ সময় তাই নিজলৈ বুলি আহৰি পায়। নিজৰ যত্ন বুলিবলৈ মাথোঁ আবেলি
চাৰে চাৰিমান বজাত কলেজত শেষৰটো শ্ৰেণীৰ
পাঠদান কৰি আহি হাতত একাপ অৰ্গেনিক গ্ৰীন টি লৈ প্ৰথম মহলাৰ ছাদৰ ওপৰলৈ ঢাপলি
মেলে।
ৰান্ধনী বেলিৰ শেষৰ কণ আভাৰ সৈতে নীল
দিগন্তৰ অ’ত ত’ত থুপাথুপে সিঁচৰতি হৈ থকা বেঙুনীয়া, কজলা, ৰঙা, হেঙুলীয়া, সোণাৰুবুলীয়া
ৰংবোৰৰ সৈতে ক’ৰবাত মেঘৰ থুপবোৰৰ সৈতে অস্তগামী বেলিৰে সুশোভিত আকাশখনি একেথৰে চাই
চিন্তাৰে ভাৰাক্ৰান্ত মনটো ক্ষণিক মুকলি হৈ পৰে তাইৰ।
চকু যায় অলপ আঁতৰতে থকা বিলখনৰ পাৰত মাছলৈ বুলি চোপ লৈ থকা বগলীটোলৈ।তাৰো কিজানি তোতিয়া বাহলৈ যাবৰে হয়। কাষৰে সৰু
ফিল্ডখনতে দুই-চাৰিটা কণ কণ গৰখীয়া ল’ৰাই ফটাকানিৰে সাজি লোৱা বল খেলে, কেতিয়াবা
ৰবাবটেঙাৰ বলো খেলে৷ সিহঁতৰ নিষ্পাপ, নিৰ্দোষ হাঁহি-কিৰিলিৰ
মাজতে তায়ো যেন খেপিয়ায় শৈশৱটোক!
এদিন পাঁচমান বজাত তাইৰ কাণত পৰিল এক
মৃদু কোলাহল। প্ৰথম মহলাৰ পৰা নামি আহি সন্মুখৰ ফিল্ডখনত তাই দেখিলে অলপ চুটি-মুটি
মানুহ এজন আহি থিয় দিলে এখন চাইকেল ঠেলি অনা ওখকৈ আৰোহীজনৰ কাষতে। আৰু দুয়োজনে দুপিয়াই দুপিয়াই কিবা কথা পাতি থাকোঁতে
অন্য এটা পেটুৱা মানুহ আহি চাইকেলখন ঠেলি ঠেলি গৈ থকা মানুহটোৰ গলতে ধৰি এটা
থলামুৰি দিলে আৰু মানুহটো চিৎভোলোঙা খাই পৰিলগৈ বননিত৷ তাৰ চাইকেলখনো বাগৰি
পৰিল!এই ঘটনাটোৰ কেইবা বাৰো পুনৰাবৃত্তি হ’ল।
চাই ঘটনাৰ অন্তৰালৰ ৰহস্য জানিবলৈ উৎকণ্ঠা জাগি উঠিছিল তাইৰ মনত। এবাৰ বাৰাণ্ডাখনৰ সোঁমাজতে ৰৈ তাই দেখিলে, চাইকেলখন
ৰখাই থোৱা জধলা বেশ-ভূষাৰ হেবাঙৰ দৰে ক্ষীণ মানুহটোক বাটলুগুটি হেন ওখহা চকু,
হটঙা, পালোৱান চেহেৰাৰ মানুহ এটাই এচৰ শোধাই
প্ৰচণ্ড ক্ৰোধত ছাটি-ফুটি কৰি আটাহ পাৰিছে,
‘ঐ চেৰাপাগলা, ত’কে হাম ব’লতানি খেত মে যা কৰ
বেৰা দেনা, লেকিন তোৰ টাইম নেহি মিললবা, কিন্তু তোৰ শশুৰি পদুমী যা দোকান যা কৰ হামাৰি দিয়া বিছ টাকাটোৰে দাৰু খাবলে তোৰ ত’ৰ
টাইম ঠিক হি নিকলা শশুৰা।’
পূৰ্ণহতীয়া চৰটোত কৰ্ফাল খাই তলমূৰ কৰি
থকা মাটিহেন মানুহটোৰ
চেণ্ডেলযোৰ নিয়ৰ পৰি তিতিবলৈ আৰম্ভ কৰা থকা শিলগুটিত পিছলি অলপ চুঁচৰি গ’ল। কিন্তু, কোনো ৰকম ৰাস্তাত উফৰি নপৰাকৈ সি ভেঁজা
দি ধৰি ৰ’ল চাইকেলৰ হেণ্ডেলডালতে।
‘ৰঘুক নামাৰিবি বোপাই,
তাক ক’লাজ্বৰে পাইছে, তাক
এৰি দে।’
এগৰাকী বয়সিয়াল তিৰোতাই মূৰত পাচি এটা
লৈ আহি আছে। তেওঁ কঁপা কঁপা হাতেৰে হাতযোৰ কৰি কন্দনামুৱা মাতেৰে নিষ্ঠুৰ মানুহটোক
কাকুতি-মিনতি কৰিছে। তেওঁ হয়তো ৰঘু বোলা অজলা মানুহটোৰ মাক নাইবা আইতাক৷
কৰি শঙ্খলীনাই প্ৰায় লগে লগেই এখন প্ৰাইভেট কলেজত শিক্ষয়িত্ৰী ৰূপে যোগদান কৰিছিল।
অৱশ্যে ইয়াৰ অন্তৰালত জড়িত আছিল এটা কৰুণ সত্য। আভিজাত্যৰ পছোৱাজাকে তাইক স্পৰ্শিব
নোৱাৰিলেও ভায়েকক বাৰুকৈয়ে কোবাইছিল। বংশৰ একমাত্ৰ উত্তৰাধিকাৰী বুলি তাৰ আছিল
অবাধ স্বাধীনতা। সি ৰজাৰ দৰে যিহকে দেখে সেইটোকে লাগে বুলি হুকুম দিয়ে আৰু দেউতাকে
ভৃত্যৰ দৰে সেও মানি এবাৰো কেট-কুট নকৰাকৈ পূৰণ কৰে তাৰ সকলো অপ্ৰয়োজনীয় আবদাৰ।
সৰুতে সি বায়েকৰ দৰে এটাও কোব পোৱা নাছিল চিটিপনি এছাৰিৰ৷ সেয়ে লাহ-বিলাসত ডাঙৰ হৈ
বাঢ়ি গৈছিল তাৰ স্পৰ্ধাৰ পৰিধি, উদ্ধতালিৰ সীমা! কাৰো হাক-বচন নামানি নিজৰ
সুখ-স্বাচ্ছন্দ্যৰ চিন্তাতে অহৰ্নিশে ককবকাই সি অন্যৰ অন্তৰৰ ভাব-অনুভূতি বুজাৰ
যৎকিঞ্চিৎ চেষ্টাও নকৰিছিল।
দেউতাকেও কেৱল জীয়েকৰ বিৱেকৰ বিৰুদ্ধে গৈ বিয়া-বাৰুৰ কথাতে নেৰানেপেৰাকৈ লাগি থকা
বাবে তাই প্ৰায়ে মানসিক দু:শ্চিন্তাত ভুগিছিল। কিয়নো তাই পি, এইচ, ডি কৰি নিজৰ আত্মসংস্থাপনৰ দিশটোহে প্ৰথমে
টনকিয়াল কৰিব খুজিছিল।
এছাটি জোনাক সোমাই অহা খিৰিকীমুখতে
অকলশৰীয়া মুহূৰ্তত তাই ভাবে, ‘কটু কথাৰে তাইক অপমান কৰা ভায়েকক এদিন সপোনৰ ককায়েকে শাসন
কৰিব৷ আৰু ভনীয়েকজনীক আঁকোৱালি ল’ব মমতাৰে ভৰা এখন উমাল
নিহালিৰ বুকুত৷
তাইৰ বান্ধৱী লীনা, ডৰথীহঁতে সিহঁতৰ
ককায়েকবোৰৰ গুণ-গৰিমা বখানিলে তায়ো বৰকৈ অনুভৱ কৰে এজন
আদৰুৱা ককায়েকৰ অভাৱ। ডৰথীৰ ককায়েক গুৰপ্ৰীত এজন মিলিটেৰী যোৱান। সি
বিহুৱে-সংক্ৰান্তিয়ে ঘৰলৈ আহিলে তাই তাৰ জলফাইৰঙী মিলিটেৰী পোছাকযোৰ পিন্ধে। তাই
এযোৰ কোলাহপুৰী জোতা, পাটিয়ালা চুৰিদাৰ, টিপফোঁট কিনি দিবলৈ তাক আবদাৰ কৰে। ভনীয়েকৰ বস্তুৰ লিষ্টখনক
আওকাণ কৰিলেই বিপদ। তাৰ চাৰ্টৰ জেপত থকা মনিবেগ খুঁচৰি তাই কাশ্মিৰী আপেলটো হেন
সুন্দৰী ‘কুহকিনী’ নামৰ নেপালী
যুৱতীজনীৰ পাছপ’ৰ্ট ছাইজৰ ফটোখন দেউতাকক দেখুৱাই দিব বুলি
তাক বেকমেইলিং কৰে। ধৰা পৰি যোৱাৰ আশংকাত গুৰপ্ৰীতৰ কেঁহেৰাজ
বৰণীয়া হৈ পৰা মুখখনলৈ চাই তাই হাঁহে খুকখুককৈ৷
শঙ্খলীনাই মনে মনে কল্পনা কৰে যে, এদিন তাইৰো থাকিব এজন
মৰমৰ ককায়েক৷ সি ভনীয়েকক
হাঞ্ছেল-গ্যাটেলৰ সাধুটো, পাবলো নেৰুদাৰ প্ৰিয় কবিতা আবৃত্তি
কৰি শুনাব। সপোনৰ ককায়েজন যেন
ৰাইটং হ’ব
আৰু তাৰ গীতৰ লহৰে লহৰে তাই যেন দোতৰা বজাই বসন্তৰ সংগীত জোৰা প্ৰভাতী পখীৰ জাকটোৰ
সৈতে ঝুক’ ভেলীৰ সেউজ উপত্যকাত নংক্ৰেম নাচিব। অভিমানৰ ঘনত্ব
বাঢ়ি গেছ বেলুনৰ দৰে মুখখন ফুলি ভাতৰ দানা এটাও মুখত নিদিয়াৰ দিনা সপোনৰ ককায়েকে
যেন তাইৰ টেকেলী কদো বাহটোৰ দৰে ফুলা মুখখান খচখচকৈ কাৰ্টুনৰ গঢ়েৰে আঁকি মৰমতে
জোকাব,
‘এই পেনেৰীজনী, ভেঁ ভেঁ কৰি কান্দিলে যে তোক এক্কেবাৰে ফেঁচাটোৰ দৰে লাগে।’
তেওঁ তেতিয়া ভনীয়েকক হহুঁৱাবলৈ মিষ্টাৰ বিন, চাৰ্লি ছেপলিন
ডাঞ্চ, পিংক পেন্থাৰ শ্ব’ দেখুৱাব৷
টিউচনৰ পৰা অহা যোৱাৰ বাটত তাই প্ৰায়ে
লগ পায় ৰঘু বাচফৰক। অঁকৰা মানুহটোৱে গলখেকাৰি মাৰি অহ, অহ, হেহ,হেহ কৈ কিছুমান শব্দ উলিয়াই মুখৰপৰা। মানুহে
ভাবিব সি কাৰোবাক মাতিছে, কিন্তু সি কাকো নেমাতে। ওখ,
ক্ষীণকায় আদহীয়া মানুহটোৰ হলং হলং খোজত প্ৰতিফলিত নহয় পুৰুষত্বৰ
ধ্বজা বহনকাৰী দৰ্প-অহংকাৰ। চিঁঞামৰা ভৰি দুটাৰে নট-বল্টু, স্ক্ৰু-টায়াৰ
এৰোৱা বাজাজ স্কুটাৰৰ দুৰ্বল ফ্ৰেমটো হেন শৰীৰটো ঠেলি ঠেলি সি কোনোমতে আগুৱাই যায়।
তাৰ জপৰা চুলিকোছা ৰাস্তাৰ ধূলিৰে পোত খোৱা, মামৰে ধৰা টিঙৰ
দৰে তামৰঙী চুলিৰ বৰণ৷ তাৰ চকুৰ তলৰ খাল দুটাত পাণ্ডাৰ দৰে দুটা ঘূৰণীয়া ক’লা দাগ বহিছে। চোলাৰ হাত দুটা কটা অংশৰ পৰা মলিয়ন সূতা কিছুমান ওলমি থাকে।
দেখিলে এনে লাগে সি যেন ধাননি পথাৰত বতা চৰাই, কাকতি ফৰিং,
পোক-পতংগ খেদাবলৈ জঁকা এটাৰ গাত চটীকাপোৰৰ জলহু চোলা এটা পিন্ধাই
থোৱা ‘ছোঁ’…। ছাইৰঙী তাৰ পুৰণি লংপেণ্টটোৰ
তলছোৱা বোকাৰ ছিটিকনিৰে ভৰা। পেন্টটোৰ বেল্ট মাৰিবলৈ চিলোৱা ফিটাবোৰত ৰঘুৱে এডাল
গৰুৰ পঘা আঁটি আঁটি মেৰিয়াই বান্ধি থয় সুলকি নপৰিবলৈ। কেতিয়াবা কমৰটত মেৰিয়াই লয় সম্ভৱতঃ মাকৰ পেটিকোটৰ লেতেৰা
ৰছীও।ৰছীডালৰ গাঁঠিটোৱে পেণ্টটো সামৰি কমৰৰ ওপৰলৈ টানি-টুনি ধৰি থাকে৷ তেতিয়া মাছৰ
বাকলি এৰোৱাৰ দৰে চটা চটে ছাল এৰোৱা পানীজোলা বন্ধা ভৰিহালৰ সৰুগাঁঠি দুটা জিলিকি
থাকে পেন্টৰ তলফালে।
তাই সিদিনা টিউচনৰ পৰা আহোঁতে মহিম বৰদেউতাকৰ ঘৰটো পাৰ হৈয়ে পালে ডাঙৰ
বাঁহনিখন। বাঁহনিৰ সন্মুখৰ মাটিডৰা ধূলিয়ৰী, শুকান বাঁহপাতেৰে ঢাক খোৱা৷ তাই এবাৰ
দেখিলে ৰঘুৱে এডাল কাঠীৰে মাটিত কিবা এটা আঁকিছে। সি কাঠী বুলাই আঁকিলে এখন গোল
মুখ, চকুদুটাৰ ঠাইত দুটা ফুটা, ওঁঠযুৰি
সৰাপাতেৰে, মূৰত এডাল অৰ্ধচন্দ্ৰাকৃতিৰ টিকনী৷ আকাৰটোৰ পৰা
দুখন হাত আৰু এহাল লিংলিঙীয়া ভৰি ওলমি আছিল।
’ কাক আঁকিলে সেয়া, কোননো, আপোনাৰ ভণ্টী নেকি?’
সৰযু নিশ্চয় তাৰ কোনোবা বুকুৰ নিকটতম
আত্মীয়ই হ’ব৷
তাই ভাবিলে। হয়তো পাহৰণিৰ গৰ্ভত লীন যাব খোজা এটা অদম্য অতীত, অথচ ৰঘুৱে বুকুত জীয়ন দি ৰখা এবুকু অপত্য আৱেগৰ চিৰস্থায়ী ঠিকনা৷
হাজিৰা কৰিছিল। মালিকে অঞ্জনক টকা আঢ়ৈশ দিয়াৰ বিপৰীতে
ৰঘুক মাত্ৰ বিছ টকাহে দিলে।
‘শুনকচোন অঞ্জনদা,
তাক ইমান কম হাজিৰা কিয় দিলে?
তাই হতবাক হৈ সুধিলে৷
‘তুমি সৌ দৌ-ৰ কথা কৈছ,
সি এটা পাগলা হা৷ সৰুতে পঢ়াত বোলে বিৰাট চোকা আছিল। ছায়েঞ্ছত ডিগ্ৰী
পঢ়ি থকা সময়ত পঢ়াওঁতে পঢ়াওঁতে তাৰ মগজু একেবাৰে কাম নক্ৰা হৈছি। ইতা আবোল তাবোল
বকি থাকে।’
‘সি খোৱা-লোৱা কৰেনে?’
‘উহে খানা-পিনা আপনা
বনাতানি ৱ’ পাগল বা কৌন দেখভাল কৰিব, উহাৰ
নানি য’দিয়া বিমাৰ বা দিনভৰ বিস্তৰ পে ৰেহেলবানু।”
তাই বেজাৰ মনেৰে ৰঘুলৈ
চালে। বেচেৰা মানুহটোৰ কাণসাৰেই নাই
এইফালে৷ বুজি পোৱাৰ শক্তি সি যেন কাহানিবাতে হেৰুৱালে।
একাণপতীয়াকৈ ডাবল কোৰ মৰাত ব্যস্ত
অঁকৰা মানুহটো। তাই ভাবিলে, ৰঘুৰ অবিহনে আৰ্থিক দিশত স্বচ্ছল মানুহবোৰৰ জীৱনলৈ দিনতে
ঘোৰ অমানিশা নামে৷ অথচ সেই অজলা
ত্ৰাণকৰ্তাজনকে সিহঁতে প্ৰতাৰণা কৰে। বুকুখন গধুৰ গধুৰ লাগিল তাইৰ৷ যেন এবোজা
কংক্ৰিটহে বুকুত সৰি পৰিল হুৰসকৈ !
বৰ্তমান যুগত মানুহৰ জীৱন যাপনৰ
প্ৰণালী যিমানে সুচাৰুভাৱে পৰিচালিত হৈছে আত্মীয় সম্পৰ্কবোৰৰ এনাজৰীডাল সিমানেই
সোলোক ঢোলোক হৈ পৰিছে। একাকী যাতনাত ছগা হৈ পুৰি জাহ গ’লেও নিজৰ সাঁচতীয়া
ক্ষুদ্ৰমান সময় আনক দিবলৈ সাৰথীৰ অভাৱ।
ছ’চিয়েল মেডিয়াৰ জগতখনত দুজনমান মৰমীয়াল
পুৰুষে ইনবক্সত নতুবা মেচেঞ্জাৰত কেতিয়াবা ভুমুকি মাৰি তাইক কয়,
‘ভনী হে তই মোৰ, মোৰ তেজতকৈও আপোন ভণ্টী।’
ইণ্টাৰনেটৰ পৃথিৱীখনত বাস কৰা সুস্থ চেতনাৰ মানুহবোৰৰ মাজত তাই বিচাৰি
নেপায় পুৰাতন বিষাদবোৰ চিনিব
পৰা সপোনৰ ককায়েকৰ উজ্জীৱিত প্ৰতিচ্ছবিখন। বুকুৰ উঁৱলি যোৱা দিঙাখন বিষাদ নদীৰ
কোবাল সোঁতত মেলি দিওঁতে ক’ৰবাৰ পৰা ভাহি আহে ৰিণিকি
ৰিণিকিকৈ,
“ৰৈ ৰৈ কেতেকী বিনায় ঐ,
অমাতৰ মাত, অমাতৰ মাত।”
কাপোৰৰ বেগটো ওলোমাই তাই টিউচনলৈ যায়। ভৰ দুপৰৰ চৌফলীয়া ৰ’দত ঘামি জামি শিলগুটি
উফৰি পৰা ৰাস্তাৰে দুই কিল’মিটাৰ খোজকাঢ়ি তাই আৰু নোৱাৰে
আগবাঢ়িব। ৰজাদিনীয়া বৰআলিৰ ইটাগুৰীয়া পানীদুৱাৰখনৰ দেৱালতে তাই ভেঁজা দিলে
কোনোমতে। ৰাস্তাটো ক’লা মচোৱাগোম এটাৰ ৰূপ লৈ অগা-ডেৱা কৰিছে তাইৰ চকুৰ আগেৰে। ছেণ্ডেলযোৰেও লগ এৰিলে৷ কি কৰা যায়, ওপৰত
দাওদাওকৈ জ্বলি থকা বেলি, তলত উত্তপ্ত প্ৰস্তৰখণ্ড, সন্মুখত এটা ছয়াময়া ৰাস্তা। চলচলীয়া চকুৰে শঙ্খলীনাই ইফালে সিফালে চালে৷
অতিমাৰীৰ ভয়াৱহ দিনবোৰত শ্মাশানৰ দৰেই নিতাল হৈ পৰিছে
ৰাস্তা-ঘাট৷
হঠাতে তাই ঘটলং মটলং শব্দ এটা শুনা
পালে। আপোনভোলা ৰঘুৱে দুহাতত দুটা ভগা টিনত পানী দুটিং লৈ আহিছে কেঁকো-জেকোকৈ। সি
হয়তো পথাৰত চ’ৰি থকা ছাগলী দুজনীক পানী খুৱাবলৈ আহিছে। তাই পলম নকৰি পানী
এটিঙত সোঁহাতখন জুবুৰিয়াই চকুৱে মুখে পানী মাৰি মূৰৰ তালুখন তিয়াই দিলে।
“সে, সে, সেপাত দেএচোন মোক৷”
এয়া প্ৰথমবাৰ দুটা শব্দ শুনিলে তাই
ৰঘুৰ মুখেৰে।সি তাইৰ ছেণ্ডেলপা লৈ কচুপাত এখিলা ছিঙি ফিটাডালৰ আগটো পাতখিলাৰে
মেৰিয়াই বাঁহৰ কামী এডালেৰে ফুটাটোত সুমুৱাই দিলে। চেণ্ডেলপাত পিন্ধিব পৰা হ’ল। তাইৰ ভমভমাই থকা
তালুত পানী এচলু পৰি ক্ৰমাৎ স্পষ্ট হৈ আহিল চৌপাশ। তাই যেন নৱজীৱন পালে জধলা
মানুহটোৰ শুশ্ৰূষাত।
ৰঘু বাচফৰ যেন কোনোবা এখন অখ্যাত গাঁৱৰ
বিখ্যাত কলাকাৰ ! তাৰ পৌৰাণিক শিলাস্তম্ভ হেন কঠিন হাত দুখনে ক’ত যাযাবৰীক পথৰ
নিৰ্দেশনা দিয়ে৷ সি অন্য যেন এটা
প্ৰস্তৰ ডেভিদ৷ তাৰ নিথৰ, নিস্তেজ দুচকুত উপঙি থাকে সহনশীল
মনটো ,জীৱনোন্মুখ সপোনৰ মিচিলবোৰ !
টিউচনলৈ অহা-যোৱা বাটত তাই দেখিলে, ঠাকুৰপাৰ পথৰ মূৰৰ
লাইট পোষ্টটোত নিশা নিৰ্বিকাৰ ছাঁ এটাই
ভেজা দি আছিল। সেইটো আছিল পগলা ৰঘু। ওচৰতে জাৰত কঁপি আছিল এহাল শিশু৷ সি হাড়
কঁপোৱা জাৰতো ফটাচোলাটো সোলকাই সিহঁতলৈ দলি মাৰি দিলে৷
এবাৰ নিয়ৰবোৰ মিহি মিহিকৈ হিমকণাৰ দৰে
সৰিছিল। তাই সান্ধ্যভ্ৰমণৰ দিশে যাওঁতে দেখিলে, আজাৰ জোপাৰ সৰু ডাল এটাত এটা কণমানি
হেঁটুলুকাৰ পোৱালি। আগনিশাৰ বতাহ-ধুমুহাৰ তাণ্ডৱত ভাগি গৈছিল সিহঁতৰ আটোমটোকাৰীকৈ
সজা বাহটো। ‘হুহ, হুম, অহ অহ’ কৈ কৈ ৰঘুৱে চোলাৰ হাত এটা ফালি পোৱালিটো
আলফুলেৰে মেৰিয়াই হাতৰ আঁজলিত তুলি লৈছিল। তাইৰ মনটো অপত্য
চেনেহেৰে ভৰি পৰি মন গৈছিল ক’বলৈ –
‘ককাই, পোৱালিটো ভালকৈ ৰাখিবি।’
কিন্তু নক’লে, জানোচা সি মিছলীয়া বুলি ভাৱে। কাৰণ তাৰ বাহিৰে যে কোনেও জানি-বুজিও
নি:স্বজনক সহায় নকৰে।
নৱযুগৰ তেজাল সোঁতত উটি-ভাহিও
ক্লেদময় মনৰ অধিকাৰী নহ’ল নিষ্পাপ মানুহটো।…
তাই স্বস্তিৰ উশাহ এটা এৰিলে। টিং দুটা
এহাতে লৈ মুখেৰে হা-হুমুনিয়াহ কাঢ়ি উভতি যোৱা নিমাখিত মানুহটোলৈ তাইৰ মনটো অগাধ
শ্ৰদ্ধাৰে উপচি পৰিল৷
‘ৰঘু বাচফৰৰ কোনোবা
আত্মীয় আছেনে?’
অঞ্জনে তাইৰ প্ৰশ্নটো শুনি তভক মাৰি ৰ’লেও ৰঘুৰ অতীতটো দাঙি
ধৰিছিল৷
‘ৰঘু বাচফৰৰ এজনীয়েই
ভনীয়েক আছিল ‘সৰযু’। তাই চিলাই কাম
শিকি এখন বুটিকো খুলিছিল। দিনহাজিৰা কৰি দুপইচা
গোটোৱা ককায়েকে কেঞাৰ দোকানৰ পৰা জয়পুৰী প্ৰিণ্টৰ চুৰিদাৰ, লিপিষ্টিক,
স্ন’-পাউডাৰ, মণ্টুৰ
হোটেলৰ পৰা ভনীয়েকৰ পচন্দৰ বালুচা, চিঙাৰাও আনি দিছিল। শৈশৱত
সি গাঁওবুঢ়াৰ ঘৰত হালোৱা খাটি সৰযুৰ স্কুলত পঢ়াৰ খৰচ বহন কৰিছিল। কিন্তু, পাছত মৰমৰ ভনীয়েকে ককায়েকৰ মগজুৰ বিকৃতি ঘটিছে বুলি জানি
তাক ভতুৱা কুকুৰৰ দৰে ব্যৱহাৰ কৰিছিল। মুখৰ কোৱাৰিয়েদি বৈ যোৱা লেলাৱতি, নাকৰ শেঙুনেৰে লেটপেট হৈ ঘাম
আৰু মলিৰে পঁচা গোন্ধৰে ভেচভেচাই থকা ককায়েকৰ গাৰ গোন্ধ সহিব নোৱাৰি সৰযুৱে
অৱস্থান ল’লে তাৰপৰা বহু দূৰত। সি আগদুৱাৰেদি সোমাই অহা
মাত্ৰকে তাই দোপাট্টাখন মূৰে-গায়ে ঢাকি টানি টানি মেৰিয়াই লৈছিল। দামিনী, পাৰপ’ল
পাৰফিউমেৰে বুৰাই শৰীৰটো আৰু পাছফালৰ
দুৱাৰৰ ডাং মেলি লৰ মাৰিবলৈ ধৰিছিল।
সি হেনো তেতিয়াও বোবা হৈয়ে
আছিল, যেন এটা শিলৰ মূৰ্তিহে। আৰু নিজৰ পোটোকা পৰা
এলুমিনিয়ামৰ থাল-বাটিযোৰ ফটা কেথা এখনতে মেৰিয়াই গোহালিৰ এচুকতে নিগাজীকৈ বাসস্থান
পাতি লৈছিল, কাকো আমনি নিদিয়াকৈ।’
ৰঘুৰ দেউতাকৰ বোলে চাৰিআলিমূৰত এখন টিন-বাঁহৰ সৰু চাহ দোকান আছিল। সিও সৰুৰে
পৰাই লোকৰ চোতালত ওখোনেৰে মৰণা মৰা, ডাঁৰিকীৰে পাণ-তামোল,
অমিতা, পাৰি দিছিল।কাৰোবাৰ ঘৰত তোলনী বিয়া
পাতিলে গৃহস্থই ভাড়া দি নেমাতে টেন্ট হাউচৰ মানুহ। ৰভা-পৰলা দিয়াৰপৰা
জ্ঞাতি-কুটুমে মিলি আয়োজন কৰা ভোজত খাহীছাগলী কটা, তামোল-চালি
চকলিওৱা, চুৱা বাচন-বৰ্তন ধোৱা চব কাম কৰে ৰঘুৱে। ৰভাতলৰ
মানুহমখাই টেঁটুৰ গুৰিলৈকে উগাৰি খোৱাৰ পাছত এৰেহা কৰ্কৰীয়া চেঁচা ভাত দুটামানহে
পৰেগৈ তাৰ ভাগত। সেই ভাতমুঠিও সি ফটা চোলাটোতে গাঁঠি মাৰি ছাগলীজনীক খুৱাবলৈ লৈ
গৈছিল। তাৰ অবিহনে কোনো ঘৰৰে কাম নিসিজে। অতগাল কামৰ বোজা ব’ৱলগীয়া
হোৱা সত্তেও সি পঢ়িছিল সময় উলিয়াই৷ বৰষুণৰ বতৰত কচুপাত মূৰত লৈ কাঠৰ কলম আৰু কলপাত
কাষলতি তলতে জপাই খালী ভৰিৰে স্কুললৈ গৈছিল। প্ৰতিটো বিষয়েই জিভাৰ আগতে খৰচি মাৰি
সলসলীয়াকৈ মাতিব পৰা বাবে সমীহ কৰি শিক্ষকমহলে তাক ‘আইনষ্টাইন’
বুলি মাতিছিল। সি ‘ইনচ’মনিয়া’-ৰ চিকাৰ হৈ ওৰেটো নিশা পঢ়িছিল। কিন্তু কুলাই-পাচিয়ে নধৰা ঘৰুৱা জঞ্জাল,
মানসিক অত্যাচাৰ, অপমান সহাৰ উপৰি ভনীয়েকৰ
দুৰ্ব্যৱহাৰে তাৰ মানসিক ভাৰসাম্য নষ্ট কৰি তাৰ মগজু বিকল কৰি পেলাইছিল বহু
পৰিমাণে। সি অতিমাত্ৰা পঢ়িয়েই মগজুৰ সন্তুলন ক্ষয় নিওৱা বুলি সমাজে পতিয়ন গৈছিল।
ভনীয়েক সৰযুৱে তলে তলে এটা লুটুৰা
চৰিত্ৰৰ মানুহৰ প্ৰেমত পৰিছিল। চবিন নামৰ মিঞাঁ দৰ্জীটোৱে তাৰ ঘৈণী থাকোঁতেও পৰ
তিৰোতাৰ সৈতে অবৈধ সম্পৰ্ক বৰ্তাই ৰাখিছিল। যাৰ ফলত ঘৈণীয়েকৰ লগত তাৰ বিৱাহ
বিচ্ছেদ ঘটিছিল। সি ড্ৰাগছ, ব্ৰাউন ছুগাৰৰো বেপাৰ কৰিছিল। চবিনৰ দোকানখন মেৰামতি কৰিব নোৱাৰিলে সৰযুক চাদী কৰাৰ মুদা
মৰিব বুলি ভাবুকি দিয়াৰ বাবে ভয়তে তাই ককায়েকে হাড়ভঙা শ্ৰমৰ অন্তত: ঘটি অনা
টকাকেইটা অৰ্পণ কৰিছিল চবিনৰ হাতত।
অঞ্জনে শঙ্খলীনাক কৈছিল যে, ভনীয়েকৰ
বিশ্বাসঘাতকতাই নিৰ্বাক মানুহটোক আগতকৈও হতাশাগ্ৰস্ত কৰি পেলাইছিল। অঞ্জন দাই তলমূৰ
কৰি কৈছিল যে,
‘মগজুৰ ভাৰসাম্য একেবাৰে
নষ্ট হোৱা দেখি তাক মাক-দেউতাকে এমাহমান মানসিক চিকিৎসালয়ত ৰাখিছিল, কিন্তু কোনো সুফল পোৱা নাছিল। দেউতাকে ভাৱিছিল, পাগল
এটা ঘৰত পোহা আৰু ঢোঁৰা সাপক গাখীৰ খুওৱা একেই কথা। পগলামিৰ চূড়ান্ত অৱস্থাত তাৰ
উদ্ভাণ্ডালিয়ে যেতিয়া পৰ্বতৰ শিখৰ চুব তেতিয়া কাৰো নিস্তাৰ নহ’ব। সেইবুলি প্ৰাণৰ আশংকাত আতংকিত হৈ বাপেকে ৰুগীয়া আইতাকৰ লগতে তাক
নিৰ্মমভাৱে মাৰ-কিল কৰি, ডকা-হকা দি খেদাই দিছিল ঘৰৰপৰা।’
ৰঘু বাচফৰৰ জীৱনগাঁথা শুনি শঙ্খলীনা প্ৰস্তৰ মূৰ্তিৰ দৰে হৈছিল।
ছাঁটোও অন্তৰ্ধান হৈছিল।বাঁহনিৰ পৰা জাঁতিবাহ কাটি অনা অঞ্জন দাই চুবুৰীৰে
প্ৰাক্তন আৰ্মী অফিচাৰ কৰ্নেল মেথিউ বৰদেউতাৰ ঘৰত চূণ-তেল দিওঁতে ৰঘুৰ লগত সংঘটিত
হোৱা দুৰ্ঘটনাটো তাইৰ অনুৰোধত আঁতি-গুৰি মাৰি কৈছিল –
‘সি পাকা মিষ্টিৰিৰ কামৰ
ঠিকা লৈছিল মালিক একঘৰৰ তাতে, ট্ৰিপালত মেলি থৈ দিয়া বালু
টাগাৰেদি অনা-নিয়া কৰাওঁতে একদিন ৰাতি মস্তো বৰষুণত বেলচাপাত আৰু লগতে বালুৰ
বস্তাটোও ভিজি গৈছিল।’
‘সিতো জানি-বুজি তেনে
কৰা নাছিল।’
‘ৱ’ বাত হাম ভী বুজিলে, লেকিন ৱ দানৱ দুখী কা দুখ নেহী বুজিলা, চিমেণ্ট কা ইট উঠাইকে পটক পটককে মাথাতে মাৰ দিয়া শশুৰাক’
‘উস উস কি নিষ্ঠুৰতা,
আৰু নক’ব দাদা, মোক সোনকালে লৈ ব’লক ৰঘুৰ ওচৰলৈ।’
অঞ্জনৰ লগতে ৰঘুৰ জুপুৰীটোলৈ গ’ল। ভগা খাটীয়াখনৰ ওপৰতে মৰা
শৰ দৰে চিত খাই পৰি আছিল নিচলা মানুহটো। তাৰ সৰ্বশৰীৰ জ্বৰৰ তাপত থকথককৈ কঁপিছিল।
অঞ্জনে তাক দাংকোলাকৈ পিঠিতে তুলি লৈ গ’ল প্ৰাথমিক স্বাস্থ্য
কেন্দ্ৰটোলৈ। প্ৰয়োজনীয় ঔষধ-পাতি গ্ৰহণৰ ফলত জামৰি আহিল ৰঘুৰ ঘাঁবোৰ সময়ৰ লগে লগে৷ তথাপি তাৰ বাওঁ ভৰিটোৰ হাড় ফাটিছিল।
প্ৰায় দুসপ্তাহৰ পাছত এদিন আবেলি পৰত শঙ্খলীনাই ৰঘু বাচফৰক নৈৰ কাষৰ মথাউৰিতে অলপমান ফুৰাবলৈ লৈ
আনিলে। কাঠৰ পেংডাল নৈৰ পাৰৰ বন বগৰীজোপাতে আওজাই থ’লে সি।
নিৰ্বাক মানুহটোৰ ঘোলা দুচকুত ওলমি থকা অব্যক্ত বেদনাৰ ফোৱাৰাটো ফুটি এটোপাল চকুলো
বৈ আহিল শুকান দুগাল তিয়াই! তাৰ বাৰু আপোন ঘৰখন মাতৃ-পিতৃ বা ভনীয়েকলৈ মনত পৰেনে,
তাই ভাবিলে।
নিৰৱধি দিখৌ নৈ বৈ গৈছিল। বোঁৱতী পানীত
উপঙি অহা ভেল, আৱৰ্জনাৰ ইটাগুৰীয়া তৰপ বন্ধা বালিচৰলৈ দৃষ্টি নিবদ্ধ
হৈছিল ৰঘুৰ। দুইপাৰৰ ঘন অৰণ্যৰ পৰা বিবিধ চৰাইৰ মাতে সজীৱ কৰি তুলিছিল নৈপৰীয়া
পৰিৱেশটো। তেনেতে পানীত হিলৈ ফুটাৰ দৰে
শুনা গ’ল প্ৰচণ্ড শব্দ এটা। জোপোহা গছবোৰৰ মাজৰ পৰা হাৰুৱা
কপৌ দুজনীমান ভয়তে উৰি গ’ল ঢপঢপাই ! মানুহে জুম বন্ধাৰ
পূৰ্বেই ৰঘু বাচফৰে পানীত জাঁপটো মাৰিলে ছয়-সাতফুট ওপৰৰ পৰা৷
আমকলি ছিঙোতে ডালৰ পৰা সৰি পৰা সাত-আঠ
বছৰীয়া কণমান ল’ৰাটোক ৰঘুৱে উদ্ধাৰ কৰিলে আসন্ন মৃত্যুৰপৰা।
‘আপোনাৰ মহানুভৱতাক মোৰ
প্ৰণাম, তথাপি এইহেন অসুখীয়া শৰীৰেৰে নৈত কিয় জঁপিয়াব লাগে,
পানীৰ সোঁতত উটি যোৱাহ’লে…’
অভিমানভৰা মাতেৰে তাই পানীৰে ভিজি যোৱা
মানুহটোলৈ কৃত্ৰিম ক্ৰোধেৰে চালে।
ৰঘু বাচফৰে সেহাই সেহাই গীতৰ কলিটো
জুৰিলে।
তাৰ দুৰ্বল দুবাহুত বল-শক্তিৰ সঞ্চাৰ
ভালদৰে নহ’লেও
তাৰ আছে এটা বহল মানৱদৰদী, উদ্যমী মন। যিকোনো বিপদৰ সময়ত
গৰীবৰ বাবে সি যেন কণাৰ লাখুটিস্বৰূপ !
ওৰেটো জীৱন লোকৰ অন্যায়-অবিচাৰ, সীমাহীন প্ৰহসন সহিও
সি প্ৰাপ্যৰ দাবী নকৰিলে। ৰঘু বাচফৰৰ দৰে নিৰ্বোধ মানুহ জগততে বিৰল। শঙ্খলীনাই যেন
তাৰ মাজতে সপোনৰ ককায়েকৰ সন্ধান পালে৷
তাই বহুযুগৰে পৰা সাঁচি ৰখা এটোপাল
আৱেগৰ নিয়ৰকণা ৰঘু বাচফৰৰ সিৰা-উপসিৰা জিলিকা মলিন হাতৰ তলুৱাখনৰ চিৰালফাটবোৰত সৰি পৰিল টপককৈ!
ঠিকনা :
জয়সাগৰ, শিৱসাগৰ।
