উলাহেৰে উভতি চাওঁ – ১৯

 ড° পোনা
মহন্ত


(ছেপ্টেম্বৰ, ২০২১, খণ্ডৰ পিছৰ পৰা)

এই কথা আগতে কৈ আহিছোঁ
যে
এজন ছাত্ৰ হিচাপে নৱম শ্ৰেণীৰ শেষছোৱা আৰু দশম শ্ৰেণীৰ প্ৰথম কেইমাহমান
মোৰ বেছ ব্যস্ততাত গ
ল৷ বিশেষকৈ স্কুলৰ আলোচনীকাৰেংঘৰৰ সম্পাদকৰূপে আৰুভাৰত
দৰ্শন
লৈ যোৱা বাবে নিয়মীয়া পঢ়াশুনাত
তেনেকৈ মন দিব পৰা নাছিলোঁ৷ এইখিনিতে তেতিয়া আৰু পাছলৈও মনত খেলাই থকা কথা এটা বেকত
কৰিব খুজিছোঁ৷ দীন বৰ্মন
, সুশীল বৰুৱাৰ দৰে নাজিৰা চহৰৰ অভিজাত
পৰিয়ালৰ সন্তান আৰু বছৰেকীয়া পৰীক্ষাবোৰত প্ৰায়ে প্ৰথম
দ্বিতীয়
হোৱা
টাউনীয়াছাত্ৰ থাকোঁতে মোক বাৰু
কিয় ভাৰত ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হ
? সেই কালত ইংৰাজী ভাষাটোৰ প্ৰতি মোৰ বিশেষ দুৰ্বলতা আছিল৷ ভাব হৈছিল যে ইংৰাজী
ভালকৈ জানিলে
অৰ্থাৎ লিখিব আৰু কব পাৰিলে,
ভৱিষ্যতে বহুত কিবাকিবি হব পাৰিম৷ তেতিয়াৰ দিনত
স্কুলত কিয়
, অসমৰ কলেজবিশ্ববিদ্যালয়তো কথিত ইংৰাজী (Spoken English) নাম মাত্ৰও শিকোৱা
হোৱা নাছিল৷ তথাপি শ্ৰেণীত ইংৰাজী পঢ়ুওৱা ছাৰসকলৰ আৰু মাজে
সময়ে
প্ৰধান শিক্ষক চাংকাকতি
ছাৰৰ মুখত শুনা ইংৰাজী অনুকৰণ কৰি ময়ো হকেবিহকে ইংৰাজী কবলৈ আৰম্ভ কৰিছিলোঁ৷ কেতিয়াবা স্কুলৰ তৰ্ক প্ৰতিযোগিতা বা আকস্মিক বক্তৃতা
প্ৰতিযোগিতাত ভাগ লৈ ইংৰাজীত কোৱাৰ উপৰিও এবাৰ বছৰেকীয়া বঁটা বিতৰণী সভাত ইংৰাজীতে

বক্তৃতাদিছিলোঁ৷ সেইখন সভাত তেতিয়াৰ আসাম টী
ম্পেনিৰ জেনেৰেল মেনেজাৰৰ পদত থকা য়ুৰোপীয় বিষয়াজনো সপত্নীক উপস্থিত আছিল৷ পাছলৈ জানিব
পাৰিছিলোঁ যে মোৰ সেই সময়ত কোৱা ইংৰাজী উচ্চাৰণৰ ফালৰ পৰা ক্ৰুটিপূৰ্ণ আছিল
,
তথাপি মোৰ দুঃসাহস বা আন যি কাৰণেই নহওক প্ৰধান শিক্ষক ছাৰ বেছইমপ্ৰেষ্টহোৱা যেন লাগিছিল৷
প্ৰধানকৈ এইটো কাৰণতে বাৰু মোক ভাৰত ভ্ৰমণলৈ বাচনি কৰা হৈছিল নেকি
? মই নাজানো. কিন্তু মোৰ মনত প্ৰশ্নবোধক চিন এটা থাকি গল৷ স্বীকাৰ কৰিবই লাগিব যে সেই সময়ত (এতিয়াও)
ইংৰাজীৰ প্ৰতি গাঁৱৰ হ, চহৰৰ হওক প্ৰায় আটাইৰে দুৰ্বলতা আছিল৷ হেড্মাষ্টৰ চাংকাকতি ছাৰে আমাক ক্লাছ নাইনটেনত অংক শিকাইছিল৷ অংকত ভাল নোহোৱা বাবে ছাৰে মোক যিদৰে গালি পাৰিছিল,
ইংৰাজীতভালবুলি ভাবি
মোৰ প্ৰতি কিছু সদয়ো আছিল৷ অৱশ্যে পাছলৈ যেতিয়া ইংৰাজী ভাষা
সাহিত্য
অধ্যয়ন কৰি আৰু ইংৰাজী ভালকৈ জনা আৰু কোৱা মানুহৰ সংশ্ৰৱলৈ অহাৰ সুযোগ পালোঁ
,
তেতিয়া তাহানি স্কুলীয়া দিনত ইংৰাজী কোৱা বাবক্তৃতা
দিয়াৰ কথা মনত পৰিলে মনে মনে নিজৰে হাঁহি উঠে৷


হেৰাল সেই সোণালী সুদিন
?

আমাৰ দিনতো এম্‌. , এম্‌. ভি. স্কুল আছিল যদিও ক্লাছ ফৰৰপৰা টেনলৈকে হাইস্কুলতে পঢ়িব
পৰাৰ ব্যৱস্থা আছিল৷ সেই মতে মই নাজিৰা হাইস্কুলত চতুৰ্থ শ্ৰেণীৰ পৰা অন্তিমটো শ্ৰেণী
অৰ্থাৎ দশম শ্ৰেণীলৈ মুঠতে সাত বছৰ শিক্ষা লাভ কৰিছিলোঁ৷ জীৱনৰ সেই সোণালী সময়ছোৱাৰ
কথা আগৰ লেখাবোৰত চেগা
চোৰোকাকৈ কৈ আহিছোঁ৷ ৰবৰষুণবোকাৰ মাজেদি দিনে সাতআঠ মাইল খোজ কাঢ়ি স্কুললৈ অহাযোৱা কৰিছিলোঁ যদিও মই ভাবোঁ,
সেই সময়ছোৱা মোৰ বাবে জীৱনৰ আটাইতকৈ গঠনমূলক (ফৰমেটিভ)
সময় আছিল৷ বৰষুণত তিতিবুৰি, টিকাফটা ৰদত, ধূলিবোকাশিলাময় ৰাস্তাত খোজ কাঢ়ি পিয়াহ লাগিলে পথৰ কাষৰ
পুখুৰীৰ পানী খাই
, পাঁচছঘণ্টা একো নোখোৱাকৈ
বা খুউব বেছি পানীখোৱা ছুটীত চকীদাৰ ককায়ে বেচা পাঁচ
দহ পইছাৰ
কেঁচা বুট খাই হাইস্কুলীয়া দিনবোৰ পাৰ কৰিছিলোঁ যদিও মোৰ বিশ্বাস সেই অভিজ্ঞতাবোৰে
জীৱনৰ পৰৱৰ্তী কালৰ অনেক বিপদ
বিঘিনি, অলাইঅথানিৰ মুখামুখি হবলৈ শক্তি আৰু সাহস দিছিল৷

চাই থাকোঁতেই সেই
সুন্দৰ দিনবোৰ শেষ হ
বৰ হলহি৷ এতিয়াৰ কথা
নাজানো
, আমাৰ দিনত মেট্ৰিক পৰীক্ষাৰ তিনিমাহমানৰ আগতে টেষ্ট পৰীক্ষা
পাতিছিল৷ সেই পৰীক্ষা হৈ যোৱাৰ পাছত ছাত্ৰ বা
ছাত্ৰী এগৰাকীৰ স্কুলীয়া
কাল অন্ত পৰা বুলিব পাৰি৷ সেই কালত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবেও বিশেষ বা অতিৰিক্ত ক্লাছৰ
আয়োজন কৰা হোৱা নাছিল৷
, অন্ততঃ আমাৰ স্কুলত হোৱা নাছিল৷ সেয়ে
টেষ্টৰপৰা ফাইনেল পৰীক্ষালৈ এই প্ৰায় তিনিমাহ সময় ঘৰতে থাকি মেট্ৰিকৰ বাবে প্ৰস্তুতি
চলাব লাগিছিল৷ টাউনত থকা সমৰ্থৱান পৰিয়ালৰ কোনো কোনো সন্তানে ঘৰুৱা শিক্ষকৰ সহায় লৈছিল৷
মোৰ লগৰো দুজনমানে অংক
, ইংৰাজী, সাধাৰণ
বিজ্ঞান আদি বিষয়ত প্ৰাইভেট টিউশ্বন লোৱাৰ কথা জানো৷ মোৰ দৰে দূৰ
দূৰণিৰ গাঁৱত থকা লৰাই তেনে সুবিধাৰ কথা হয়তো সপোনতহে
ভাবিব পাৰে
, বাস্তৱায়িত হোৱাটো সুদূৰ পৰাহত৷ এতিয়া মই জীৱনৰ আটাইতকৈ
গুৰুত্বপূৰ্ণ বুলি ভবা পৰীক্ষাটোৰ বাবে কেনেকৈ প্ৰস্তুতি চলাওঁ
? ইংৰাজী, অসমীয়া, বুৰঞ্জী আদি বিষয়বোৰক
লৈ সিমান চিন্তা কৰা নাছিলোঁ৷ সেইবিলাক যিমান পৰা যায় পঢ়িলেই
  ব বুলি বিশ্বাস
আছিল৷ ইংৰাজীত কিবা অসুবিধা পালে দাদাক সুধি
পুছি লৈছিলোঁ৷ আগতে
উল্লেখ কৰি আহিছোঁ যে তেতিয়া মোৰ মাজু দাদা শৰৎ মহন্তই গ্ৰেজুৱেট টীছাৰ হিচাপে আমাৰ
স্কুলতে শিক্ষকতা কৰি আছিল৷ তেওঁ ইংৰাজীত বেছ ভাল আছিল বুলি অনেকে কোৱা
কুই কৰা শুনিছিলোঁ৷ নহলেনো চাংকাকতি ছাৰৰ দৰে প্ৰধান
শিক্ষকে ডেকা শিক্ষক এজনক হাইস্কুলৰ ওপৰ ক্লাছত ইংৰাজী পঢ়াবলৈ দিলেহেঁতেননে
?
কিন্তু সমস্যাত পৰিছিলোঁ অংক বিষয়টো লৈ৷ সেই সময়ত আমাৰ গাঁৱৰ কথা বাদেই,
ওচৰেপাজৰেও মোক এই বিষয়ত সহায় কৰিব পৰা কোনো লোক নাছিল৷ অংকত ভাল বুলি নাম থকা সহপাঠী কেইজনক লগ ধৰি তেওঁলোকৰ
সৈতে আলাপ
আলোচনা কৰাও সম্ভৱ নাছিল৷ তেওঁলোক কেওজনৰ ঘৰ তিনিচাৰি মাইল আঁতৰৰ টাউনত বা ইয়াৰ আশেপাশে আছিল৷ তদুপৰি
তেওঁলোক নিজেই পৰীক্ষাৰ বাবে প্ৰস্তুতি পৰ্বত ইমান ব্যস্ত আছিল যে কোনো পিতৃ
মাতৃ বা অভিভাৱকে আন কোনোবাই তেওঁলোকক আমনি কৰাটো বিচৰা নাছিল৷ মনত পৰিছে উমাশংকৰ
আগৰৱালাৰ কথা৷ সি মোৰ বেছ ঘনিষ্ঠ আছিল যদিও তাৰ প্ৰতি সামান্য হিংসাৰ ভাবো ওপজিছিল৷
তাৰ আখৰবোৰ কাউৰীঠেঙীয়া আছিল
, কিন্তু অংকত ইমান চোকা আছিল যে
যেই কোনো প্ৰশ্নৰ উত্তৰ উলিয়াব পাৰিছিল৷ তদুপৰি আমি প্ৰতিদিনে সাত
আঠ মাইল বাটকুৰি বাই স্কুললৈ অহাযোৱা কৰোঁ, অথচ এইমাৰোৱাৰীৰাটোৱে ঘৰৰপৰা মাত্ৰ এমাইল বাট চাইকেলেৰে যায়! পৰৱৰ্তী
কালত উমাশংকৰক লগ পোৱাৰ কথা মনত নাই৷ শুনিবলৈ পোৱা মতে সি কমাৰ্চ আৰু আইনৰ ডিগ্ৰী লৈ
ডিমাপুৰ নে ক
ত উকালতি কৰি বেছ প্ৰতিষ্ঠা লাভ কৰিছে৷ অৱশ্যে এটা
কথা ক
ব পাৰোঁ লগ পোৱাৰ সুবিধা থকা হলে
উমাই মোক অংক বিষয়ত নিশ্চয় কিছু সহায় কৰিলেহেঁতেন৷ আজিকালিৰ ল
ৰাছোৱালীয়ে স্মাৰ্ট ফোনত কথা পাতি, মেছেজ বা হোৱাটচ্আপ কৰি যি ধৰণে আলাপঅলোচনা কৰাৰ সুবিধা পাইছে, আমাৰ দিনত এনেবোৰ কথা কল্পনাৰো
অতীত আছিল৷

এইদৰে অংক বিষয়টো
লৈ যথেষ্ট অ
হায় অনুভৱ কৰিছিলোঁ যদিও বহুত ভাবিচিন্তি নিজেই কেইটামান উপায় উলিয়াইছিলোঁ৷ অংক কিতাপখনৰ প্ৰতিটো অধ্যায়ৰ তলত
উদাহৰণহিচাপে থকা অংকবোৰ যিমান পাৰোঁ কৰিবলৈ
চেষ্টা কৰিছিলোঁ৷ আগৰ কেইবছৰমানৰ মেট্ৰিকৰ প্ৰশ্নকাকত চাই দেখিছিলোঁ যে অনেক প্ৰশ্ন

উদাহৰণৰ পৰা দিয়া হৈছিল৷ তদুপৰি কোনো এবছৰত
দিয়া প্ৰশ্ন সাধাৰণতে পাছৰ বছৰত
ৰিপিটকৰা নহৈছিল৷ এইদৰে চাইমেলি বেছি টান পোৱাবোৰ বাদ দি
বাকীবোৰ কৰিবলৈ যত্ন কৰিছিলোঁ৷ তদুপৰি জ্যামিতিৰ উপপাদ্য আৰু এলজেব্ৰাৰ সূত্ৰবোৰ যিমান
পৰা যায় মুখস্থ কৰিছিলোঁ৷ সকলো কঠিন কামতে
ৰিস্কআছেই৷ এই বিষয়টোৰ বেলিকাও মই যথেষ্ট ৰিস্ক লৈছিলোঁ৷

প্ৰৱেশিকা
পৰীক্ষা দিলোঁ

সেই সময়ত প্ৰৱেশিকা
পৰীক্ষা পতাৰ চেণ্টাৰ বা কেন্দ্ৰ সংখ্যা অতি সীমিত আছিল৷ তেতিয়াৰ অবিভক্ত অসম ৰাজ্যখনৰ
কেৱল জিলা আৰু মহকুমা সদৰ চহৰবোৰতহে পৰীক্ষা পতা হৈছিল৷ সেই হিচাপত আমাৰ নাজিৰা হাইস্কুলৰ
পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষা কেন্দ্ৰ আছিল শিৱসাগৰ চৰকাৰী হাইস্কুল৷ আমাৰ ঘৰৰপৰা শিৱসাগৰ
চহৰলৈ দূৰত্ব কমেও পোন্ধৰ মাইল হ
ব৷ ঘৰৰ পৰা যাব পৰাকৈ চৰকাৰী বা প্ৰাইভেট
কোনো ধৰণৰ যান
বাহনৰ সুবিধা নাছিল৷ প্ৰকৃততে কবলৈ গলে সেই দিনত চাইকেলখনেই আছিল চল্লিছপঞ্চাছ মাইল পৰ্যন্ত দূৰণিবটীয়া ঠাইলৈ অহাযোৱা কৰিব
পৰা প্ৰধান বাহন৷ অৱশ্যে চাইকেল এখনৰ গৰাকী হ
বলৈও গঞাসকলৰ মাজৰ
এমুঠিমানৰহে সামৰ্থ্য আছিল৷ স্কুলত পঢ়ি থকা দিনত দেখিছিলোঁ শিৱসাগৰ কাছাৰীত মোকৰ্দমা
চলাই থকা আমাৰ গাঁৱৰ দুজনমানে ধলপুৱাতে যাত্ৰা কৰি পদব্ৰজে গৈ যথাসময়ত ৰংপুৰ পাইছিলগৈ৷
একেদৰে উভতি আহি সাঁজ লগাৰ পাছত ঘৰ সোমাইছিলহি৷ এতিয়া এইবোৰ কল্পনা কৰিব নোৱৰা কথা
যেন লাগে৷ এনে কাৰণতে আমাৰ দিনত দূৰদূৰণিৰ
গাঁৱৰ ল
ৰাই পৰীক্ষা কেন্দ্ৰ থকা নগৰৰ বা কাষৰীয়া অঞ্চলৰ আত্মীয়কুটুম, চিনাপৰিচয় থকা মানুহৰ ঘৰত
বা কলেজৰ হোষ্টেল
মেছ আদিত থাকি পৰীক্ষাত বহিব লগা হৈছিল৷ মনত
আছে বছৰচেৰেকৰ আগতে কেনেকৈ মাজু দাদাই শিৱসাগৰ চহৰৰ পৰা নাতিদূৰৰ চেৰেকাপাৰৰ এটা শিক্ষিত
আৰু হৃদয়বান পৰিয়ালৰ ঘৰত থাকি প্ৰৱেশিকা পৰীক্ষা দিছিল৷ মোৰ বেলিকা যেনিবা সামান্য
সুবিধা হৈছিল৷ দাদা ইতিমধ্যে নাজিৰা হাইস্কুলৰ পৰা গৈ জয়সাগৰ পুখুৰী
পাৰত থকা শিৱসাগৰ কলেজৰ অধ্যাপক হৈছিল৷ গৰম বন্ধ নে আন কিবা কাৰণত কলেজ বন্ধ
হৈ থকাত তেওঁ মোৰ বাবে বয়জ হোষ্টেলৰ ৰূম এটা ঠিক কৰি দিলে৷ চিনা
জনা নথকা কোনোবা মানুহৰ ঘৰত থাকি পৰীক্ষা দিব লগা হোৱাতকৈ মই এই ব্যৱস্থাটো
বেছি ভাল পালোঁ৷ সেয়ে জয়সাগৰৰ পৰা শিৱসাগৰ নগৰৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰায় তিনিমাইল বাট
চাইকেলেৰে অহা
যোৱা কৰি পৰীক্ষা দিবলৈ সাজু হলোঁ৷ ৰাষ্ট্ৰীয় ঘাই পথেদি গলে দূৰত্ব বেছি হয় বাবে ময়ো
আন লোকসকলৰ দৰে গাঁৱৰ চমু পথেদি দিখৌ নদীৰ মথাউৰিয়েদি গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত
হৈছিলোঁ৷ সকলো ঠিকেই আছিল যদিও এদিন এটা অঘটন ঘটিল৷ পৰীক্ষাৰ সময় জুলাই নে আগষ্ট হোৱা বাবে বতৰ প্ৰায়ে ডাৱৰীয়া আছিল৷ এদিনৰ কথা
: মূল পথৰ পৰা মথাউৰিত
উঠোঁতেই চাইকেলৰ পৰা
শ্লিপকৰাত মই বাহনৰে
সৈতে মাটিত পৰি বোকা
পানীৰে লুতুৰিপুতুৰি
লোঁ৷ ভাগ্য ভাল আছিল, কোনো ধৰণৰ শাৰীৰিক
আঘাত পোৱা নাছিলোঁ৷ বৰষুণ পৰি পৰি মথাউৰিৰ ৰঙা মাটি কুমলি আছিল বাবেই বোধকৰোঁ সেই বাৰলৈ
বাচিলোঁ৷ সি যি নহওক
, বিশেষ পলম নোহোৱাকৈ যথা সময়ত গৈ পৰীক্ষা কেন্দ্ৰ
পালোঁগৈ৷ পৰিস্থিতি বুজি মোক পৰীক্ষাত বহিবলৈ অনুমতি দিয়া হ

যদিও কিছুমান পৰীক্ষাৰ্থীয়ে মোৰ চোলা
পেণ্টলৈ চাই ফিচিঙাফিচিঙি কৰা দেখিহে বৰ বেয়া লাগিছিল৷ যেই কি নহওক, পৰীক্ষা
আৰম্ভ হোৱাত চব শাম কাটিল৷ ফেনৰ পৰা আৰু মুকলি খিৰিকিৰে অহা বতাহত মোৰ চোলা
কাপোৰো লাহেলাহে শুকাল৷

সত্ৰাধিকাৰ
বৰত্তাৰ বৰশী বোৱাৰ সংগী

পৰীক্ষা শেষ হল৷
ৰিজাল্টৰ বাবে কমেও তিনিমাহ ৰ
ব লাগিব৷ বন্ধুবান্ধৱ, আত্মীয় আৰু শুভাকাংক্ষীসকলে আশা কৰা মতে পৰীক্ষা
ভাল কৰিব নোৱাৰিলোঁ যদিও যেনে
তেনে প্ৰথম বিভাগ পাম বুলি আশা
পাঙি আছিলোঁ৷ সেইটো বাৰু সময়ত যি হয় হ
, কিন্তু এতিয়া কি কৰা যায়? মেট্ৰিক পৰীক্ষাৰ্থী হোৱাৰ
সুবাদত জাকৈ
জুলুকিৰে মাছ ধৰা, কাষৰ হাবিত খৰি লুৰা আদি কামবোৰ ইতিমধ্যে এৰিছিলোঁৱেই৷ অৱশ্যে এটা কথা আগতে উনুকিয়াই
আহিবলৈ পাহৰিছিলোঁ৷ সেই সময়ত আমাৰ বৰত্তা
(বৰ আতা, বৰদেউতা) গোপালকৃষ্ণ দেৱগোস্বামী আমাৰ চলিহা বাৰেঘৰ
সত্ৰৰ সত্ৰাধিকাৰ আছিল
এইখিনিতে বৰত্তাৰ উপাধিটোৰ বিষয়ে দুআষাৰ নকলে পঢ়ুৱৈৰ মনত হয়তো কিবা খোকোজা থাকি যাব পাৰে৷
আচলতে আমাৰ উপাধি
(Surname) ‘মহন্ত৷ পিছে
দেখিবলৈ পাইছিলোঁ আৰু এতিয়াও দেখোঁ যে কোনো এজন জ্যেষ্ঠ মহন্ত সত্ৰৰ অধিকাৰৰ আসনত বহিলে
প্ৰায় সকলোৱে
ই ‘গোস্বামীউপাধি লয়৷ এইটো
কিয় কৰা হয় নাজানো
, কিন্তু পৰৱৰ্তী সময়ত কথাবোৰ বুজিব পৰা হোৱাত ইয়াৰ কাৰণ খুঁচৰি উলিয়াবলৈ যত্ন কৰিছিলোঁ৷
গোস্বামী’ (গো+স্বামী)
শব্দৰ অৰ্থ ব্যাপক– সকলো জ্ঞানৰ মূল, বেদৰ গৰাকী, শ্ৰীকৃষ্ণৰ ক্ষেত্ৰ গোকুলৰ লগত সম্পৰ্কিত,
তৰা, আকাশ, স্বৰ্গ ইত্যাদিৰ গৰাকী আৰু অনেক৷ তদুপৰি ভাৰতৰ ভালেকেইজন সাধু-সন্ত নামৰ
লগত ‘গোস্বামী’ শব্দ জড়িত– গোস্বামী তুলসীদাস, সনাতন গোস্বামী, জীৱ গোস্বামী, ইত্যাদি৷
অসমৰ ব্ৰহ্ম সংহতি, পুৰুষ সংহতি প্ৰভৃতিৰ গোঁসাইসকলেও প্ৰায়ে গোস্বামী লিখা দেখিছোঁ৷
বংগদেশীয় অনেক ব্ৰাহ্মণ আৰু পণ্ডিতেও এই উপাধি গ্ৰহণ কৰা দেখা যায়৷ ইত্যাদি কাৰণতে
বোধকৰো কাল সংহতিৰো অনেক মহন্ত সত্ৰাধিকাৰ হ’লেই গোস্বামী হৈ যায়৷ বৰদেউতাৰ কথা নকওঁ,
তেখেত এগৰাকী সভাশুৱনি পুৰুষ হোৱাৰ উপৰি একেধাৰে আছিল শাস্ত্ৰীয় পণ্ডিত, মুখাশিল্পী,
নাট্যকাৰ আৰু জ্যোতিষশাস্ত্ৰবিদ৷ কিন্তু সংসাৰী সত্ৰবোৰত অধিকাৰ পদটো বয়স অনুপাতে–
অৰ্থাৎ জ্যেষ্ঠানুক্ৰমে লাভ কৰা বাবে প্ৰায়ে অযোগ্য লোকৰ হাতত এই দায়িত্ব পৰা দেখিছোঁ৷
তেনে এজনো ৰাতিটোৰ ভিতৰতে গোস্বামী হৈ যায়! অৱশ্যে সকলোৱে এনে কৰে বুলিলেও ভুল হ’ব৷
ইয়াৰ আটাইতকৈ চকুত পৰা উদাহৰণ হ’ল পণ্ডিত, কবি, নাট্যকাৰ মিত্ৰদেৱ মহন্ত যি সত্ৰাধিকাৰ
হৈও মহন্ত হৈয়ে থাকিল৷ ‘গোস্বামী’ কিয়, প্ৰকৃতাৰ্থত এজন ‘মহন্ত’ হোৱাও জানো সাধাৰণ
কথা? সত্ৰাধিকাৰ বৰত্তাৰ বিভিন্ন ব্যস্ততাৰ মাজতো এটা বিশেষ চখ আছিল৷ সেইটো হ’ল
বাৰীৰ পিছফালে থকা পুখুৰীত বা গড়খাৱৈ ‘নৈ’ত বৰশী বোৱা৷ উল্লেখযোগ্য যে অতি প্ৰাচীন
কালৰ পৰাই প্ৰাচ্য-প্ৰতীচ্য দুয়োখন জগতৰ মানুহৰ মাজত বৰশী বাই মাছ ধৰা কৌশল চলি আহিছে৷
সৰ্বসাধাৰণ মানুহে জকাই-জাল, পল-জুলুকি আদি বিভিন্ন আহিলাৰে মাছ ধৰাৰ বিপৰীতে সমাজৰ
বৰলোকসকলে সাধাৰণতে বৰশী টুপাই মাছ ধৰিছিল৷ প্ৰকৃততে ক’বলৈ হ’লে অভিজাত বা সমাজৰ ‘উচ্চ’
শ্ৰেণীৰ লোকৰ এইটো আছিল এক প্ৰকাৰ অৱসৰ বিনোদন৷ এসময়ত পাশা খেল, দবা খেলৰ দৰে খেলবোৰ
যেনেকৈ প্ৰধানকৈ ৰজা-মহাৰজা, মন্ত্ৰী-অমোলা প্ৰভৃতি বৰমূৰীয়া শ্ৰেণীৰ লোকৰ মাজত সীমাৱদ্ধ
আছিল, বৰশী বোৱাটোও প্ৰায় তেনেকুৱা৷ আগতে দেওবাৰ বা স্কুল বন্ধৰ দিনত বৰত্তাই বৰশী বাবলৈ
মোক প্ৰায়ে লগত নিছিল৷ মেট্ৰিক পৰীক্ষাৰ পাছত ঘৰতে থকা বাবে তেখেতৰ নিয়মীয়া সংগী হোৱাদি
হ’লোঁ৷ মোৰ কাম আছিল বৰত্তাৰ বৰশীত টোপ লগাই দিয়া আৰু তেখেতৰ বৰশীত মাছ লাগিলে সেইটো
এৰুৱাই পুনৰ টোপ লগোৱা৷ সাধাৰণতে কেঁচু বা বৰলৰ লেটা-পোক টোপ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷
বৰত্তাই টোপ, মাছ বা খালৈ কোনো এটাত হাত লগোৱা নাছিল৷ মই নহ’লে আন কোনো ল’ৰাই এই কামবোৰ
কৰি দিছিল৷ আচলতে সত্ৰৰ বিভিন্ন আনুষ্ঠানিক কামত ব্যস্ত থকা বৰত্তাৰ বাবে মাজে-সময়ে এইদৰে
বৰশী টুপাই পুখুৰী বা নৈৰ পাৰত বহাটো মাছ ধৰাতকৈ অৱসৰ বিনোদনৰ উপায়হে আছিল৷  

ভ্ৰাম্যভাষ : ৯৪৩৫১৩১৩৮০