ৰমানন্দন বৰা

বাৰ

 

নিজৰ সন্তানক নিজৰ ভেটিত জন্ম দিবলৈ পোৱাটো পৰম গৌৰৱৰ কথা৷
নিজৰ খোপনি ৰোৱা
, পুৰুষৰ সন্মান ৰক্ষা কৰা কাম বুলি বেণুৱে ভাবে৷ সেয়ে সি
আপ্ৰাণ চেষ্টা কৰি লৰালৰি কৰিছিল৷ ফাগুনতে ঘৰটো তৰিবলৈ তাৰ বৰ হেঁপাহ৷ সকলো ঠিকেই আছিল৷
কিন্তু আইৰ ঘৰলৈ যাম, দুইহাতে খাম
, বিধতাই বোলে ময়ো পিছে পিছে যাম৷ মানুহে পাতে, ঈশ্বৰে ভাঙে৷ বাঘে ধৰাৰ
ঘটনাটোৱে তাৰ বহুত কথা ওলট-পালট কৰি পেলালে৷ সময় মতে কামবোৰ হৈ উঠাৰ সম্ভাৱনা নাইকিয়া হ
ল৷ সি বুজিলে এই সংসাৰত
মানুহ নামৰ জীৱটো এফালে বৰ শক্তিশালী
, আনফালে তেনেই নিশকটীয়া৷ গাইগুটীয়া মানুহটোৰ যে একো মূল্য
নাই সি হাড়ে হাড়ে বুজিলে৷ সঙ্গীৰ ৰূপত পুহিৰাম নথকা হ
লে সেইদিনাই তাৰ জীৱনৰ বন্তিগছেই নুমালেহেঁতেন৷
মানুহক জীয়াই থাকিবলৈ হ
লে মানুহৰ দৰকাৰ৷ বেয়াৰ মাজত ভাল, নিৰাশাৰ মাজত আশা, আশংকাৰ মাজত সাহস আনিব পাৰে কেৱল মানুহে৷

বকুল চাপৰিৰ মানুহে বেণুৰ কাৰণে সেই কথাটো অধিক সঁচা কৰি
তুলিলে৷ পুহিৰামে আৰু বেণুৱে কাটি থৈ অহা খেৰখিনি ভাগে ভাগে ভালদৰে
গুটিয়াই-মুঠিয়াই বান্ধি ঘৰৰ চোতাল পোৱালেহি গাঁৱৰ ল
ৰাহঁতে৷ নতুন ভেঁটিটোৰ কাষতে এটা মেজি সাজি
খেৰখিনি থ
লেহি৷
বাকী দায়িত্বও সিহঁতেই ল
, পিছে কিবা এটা খুৱাব লাগিব৷ ভিনি, চিন্তা নকৰিবা৷ ঘৰ হৈ যাব৷ তুমি ৰাইজখনক ভাৰসা
কৰিবা৷ ল
ৰাহঁতক
কিবা এটা খুৱাই দিবা৷ দেখিবা তোমাৰ নতুন ঘৰে হাঁহি হাঁহি তোমাক মাতি আছে৷
বলেনে বুধিৰ লগতে উৎসাহো দিলে৷

বেণুৱেও সেই মতেই কৰিলে৷ গাঁওখনত সেইটোৱেই নিয়ম৷ বকুল গাঁৱত
এতিয়াও নামঘৰ বুলি এটা নিৰ্দিষ্ট ব্যৱস্থা গঢ় লোৱা নাই৷ চাপৰিয়াল মানুহৰ মনলৈ
এতিয়াও নাম-প্ৰসঙ্গ
, আসন, বন্তি, নামতী, পাঠেকী আদিৰ দৰকাৰ জাগি উঠা নাই৷ বকুল চাপৰিৰ বোপাৰাম
বিষয়াহঁতৰ চল্লিছঘৰীয়া চুবুৰী আৰু পূবফালৰ বিহাৰী
, নেপালী কেইঘৰৰ চুবুৰীটোৰ মাজতে ডাঙৰ
শিমলুজোপাৰ তলতে ওখ 
সমান ঠাইখিনিত ডেকাহঁতে মিলি এটা দীঘলীয়া ঘৰ সাজিছিল৷ খেৰৰ চাল আৰু বাঁহৰ
বেৰ কঁকাললৈকে ওখ৷ তালৈকে বকুলৰ গণেশ
, বলেন, বীৰেনহঁতো আহে অৰ্জুন, পাৰচ, ধনবাহাদুৰহঁতো আহে৷ সোমবাৰে সন্ধিয়া তাতে গোট খায়৷ কেতিয়াবা
ঢোল-খোল বায়
, কেতিয়াবা
নাগৰা বায়
, কেতিয়াবা
একোকে নকৰি বিড়ি-চিগাৰেট হুঁপি ঘৰাঘৰি গুচি যায়৷

সোমবাৰে বেণুৱে বলেনৰ লগত তালৈ গৈ ভাৰসা
কৰিলে৷ সকলোৱে একমুখে হ
ব বুলিলে৷

পিছে কি গোটোৱা হ? ”

হাঁহ, লগত মাছো থাকিব৷

জেঠায়েকে কলে, “ডেকাহঁতে বাৰু কাম কৰিব মই বুজিছোঁ৷ আমাৰ ফটিক আৰু
হাঁহিৰামক ক
বি৷
কাঁড়ী চোৱাত সিহঁতৰ সমান পাকৈত এইছোৱাত নাই৷
বেণুৱে তেওঁলোকৰ ঘৰলৈ গৈ কলেগৈ৷


*      *      * 

এটা ঘৰ, এটা পৰিয়াল, এখন সংসাৰ৷ এটা সপোনৰ সম্পূৰণ, আন এটা সপোনৰ আধাৰ৷

নিজাকৈ এখন ঘৰ বন্ধা বৰ সহজ কথা নহয়৷ ফাগুনৰ পহিলা বুধবাৰতে
ঘৰৰ কাম আৰম্ভ কৰিলে বেণুৱে৷ সেইদিনাই তিথি
, বাৰ, নক্ষত্ৰ শুভ বুলি জেঠপেহাক বোপাৰামে নিজাকৈ পঞ্জিকা চাই
কৈছিল৷

কামটো এদিনীয়া নহয়৷ ঠিক ঠাক জোখ-মাখ কৰি চৰা ঘৰ, মাৰল ঘৰ, পাকঘৰৰ খুঁটা পোতা এটা ডাঙৰ
কাম৷ আগতে আনি কাটি
, গোৰাই, শুকুৱাই থোৱা ভলুকা বাঁহৰ খুঁটা৷ গাঁত খান্দি
পোতোঁতে এদিন৷ 
মকাল বাঁহৰ গাধৈৰ বেৰবোৰ বৈ গাঁঠি দিওঁতে কেবাদিনোল৷ চতি, মাৰলি, ৰুৱা-কামি, বগলী, বহিখোৱা, চাল- এইবোৰ সাজি লওঁতে দুদিন যোৱাৰ পিছত আহিল ঘৰ চোৱাৰ
পৰ্ব৷

ঘৰ চোৱাৰ দিনা বেণু-পাহিতাৰ লগতে সোণ জেঠাইৰ পুৱাৰে পৰা গাত
তৰণি নাই৷ বিধে বিধে কাম৷ চালৰ ওপৰত চাৰিটামান মানুহ৷ কাঁড়ী চোৱাত ওস্তাদ ফটিক
, হাঁহিৰামৰ উপৰি দেৱেন আৰু
মঙলা৷ গুটিয়াই থোৱা খেৰৰ মুঠিবোৰ ওপৰলৈ দলিয়াবলৈ চাৰিটা বিপিন
, জগত, যোগেন আৰু অকণমান৷ দঁতীয়া টঙাল তুলোৱাত অতুল
আৰু দিলীপ৷ কাঠি-কামি
যা-যোগাৰ দিয়া, ইটো-সিটো লা-ধো কৰি নিজৰ হাজিৰাটো
দিছেহি আৰু দুটামানে৷ বেণু আৰু পাহিতাই হাতে-কামে বৰ বিশেষ একো কৰিব লগা হোৱা নাই৷
হোৱা নাই মানে সিহঁত এটাও কাম কৰিবৰ উপযুক্ত হৈ থকা নাই৷ বেণুৱে কাম কৰিব নোৱৰা হ
, পাহিতাও গা-ভাৰী৷ ৰাইজখনেই সকলো কৰিছে৷ ঘৰ চোৱা
ভোজটো অকল কাম কৰা মানুহকেইটাৰেই নহয়
, ওচৰ-চুবুৰীয়া আটাইৰে বৰ হেঁপাহৰ৷ লংদৈ, চেনিমাই, তৰবৰীহঁতে শাক-পাচলি কুটাৰ
পৰা বাচন-বৰ্তন যোগাৰ কৰি চৰুৰ তলত জুই দিয়ালৈকে সকলো কাম কৰিছে৷ মাথোন ভোজলৈ বুলি গোটোৱা হাঁহ পাঁচোটা মাৰি কুটি-বাচি দিয়াৰ দায়িত্ব থাকিল বাঁহিয়াৰ ওপৰত আৰু কলপাত
কাটি অনাৰ ভাৰ প্ৰদীপৰ৷ চুৰট এটা হুপি হুপি সোণ জেঠায়ে ৰন্ধা-বঢ়াৰ তদাৰক
কৰিলে৷ জেঠপেহাকে ঘৰ চোৱা কেইজনক তামোল-পাণ
, চাহ-গুৰৰ যোগান ধৰিলে৷

হেৰশোগে ধৰা, খেৰ মুঠি হাতত পৰাকৈ দলিয়াব
নোৱাৰ৷ বৰ মতা পুৰুষ ওলাইছ৷
” – অকণমানে মুধচত বহি থকা দেৱেনলৈ খেৰ মুঠি দলিয়াব নোৱৰাত তাক
দেৱেনে ধিক দিছে৷

, , ধৰ এইবাৰ৷ মুখলৈকে মাৰিছোঁ৷ ” – অকণমানে
জোৰেৰে দলিয়াই দিয়া মুঠিটো কৌশলেৰে ধৰি দেৱেনে চালৰ ওপৰত মেলি ধৰিলে৷

আও, বিয়া নপতা আবিয়ৈটোক কোনে
চালৰ ওপৰলৈ তুলিলে
? নাম নাম৷ ডাং বৰলাটো৷ ছোৱালী এজনী ভুলাব নোৱাৰিলি? কি ঘৰ চাবি?” – দৃশ্যপটত নতুনকৈ আগমন ঘটা ঘনই এইবাৰ মঙলাক জোকালে৷

আমাৰ ঘনকাই৷ ভাল আহিলা৷ ৰবা, বেণুৰ ঘৰটো চাই তোমাৰ মূধচটো চাই দিম৷মঙলাই ইতিমধ্যে মাজ তালুৰ
চুলি সৰি তপা হোৱা ঘনৰ মুখ মাৰিলে৷

বোপাৰাম বিষয়াই গৰুকেইটাক পানী খুৱাই থৈ আহোঁগৈ বুলি ওলোৱাৰ
লগে লগে ল
ৰাহঁতৰ
প্ৰিয় বস্তুবিধৰ যোগান দিলেহি পুহিৰামে৷ ঘৰৰ মূধত বহি চুৰট এটা হোপা মৰাৰ আমেজেই বেলেগ৷
ফটিক আৰু হাঁহিৰাম বাকীকেইটাতকৈ অলপ বয়
সিয়াল যদিও, একেলগে এহোপা মৰাত কোনো বাধা নাই৷ তাতকৈ বয়সস্থসকলৰ সন্মুখতহে সন্মানৰ খাতিৰত সিহঁতে চুৰট নোহোপে৷

দিনটোৰ ভিতৰত চৰা ঘৰ আৰু মাৰল ঘৰৰ চাল তিনি বেচাকৈ চাই হল৷ পাকঘৰটো বাকী ৰল৷ পানী বেছাৰ পৰা মূধচলৈকে
বেছ গদগদীয়াকৈ চোৱা হৈছে৷ ফটিকহঁতে নিখুঁত হাতেৰে কাঁড়ী ধৰি ঘৰটো দেখাত শুৱনি কৰি
তুলিলে৷ দিনটো খোৱা-বোৱা
, হাঁহি-ফূৰ্তিৰ মাজেৰে বহুতখিনি কাম হল৷ বেণুৱে ভাবিলে৷ পাকঘৰটোৰ কাম কাইলৈ কৰিম
বুলি ওপৰত থকাকেইটা তললৈ নামিল৷

তাৰ পাছৰ এটা সপ্তাহৰ ভিতৰত পাকঘৰটো চোৱাৰ পৰা কেউটা কোঠাৰ
বেৰা
, দুৱাৰ-খিৰিকী
আদি লগোৱাৰ লগতে বেৰবিলাকত গৰু গোৱৰ আৰু মাটি মিহলাই প্ৰথম এমোচন দিয়া হ
ল৷ ভেটিটোত কুমতি, হাবুৰুকাৰ উৎপাতৰ পৰা ৰক্ষা
পাবলৈ প্ৰতিদিনে বগা আলতীয়া মাটিৰে মচা হ
ল৷ বকুল চাপৰিত ৰঙা আলতীয়া মাটি দৰৱত দিবলৈও
পাবলৈ নাই৷

মানুহখিনিৰ ওচৰত বেণুৰ কৃতজ্ঞতাৰ অন্ত নাই৷ ইয়াকে কয় ৰাইজ
বুলিলে ৰজা
, জ্ঞাতি
বুলিলে গঙ্গা৷ জ্ঞাতিয়ে উদ্ধাৰিলেহে উদ্ধাৰ৷ সি বুজিলে সংসাৰত তাৰ নিজাকৈ একো
মূল্য নাই৷ ব্ৰহ্মপুত্ৰৰ বুকুল বিশাল জলধাৰাত এটা মাত্ৰ জলবিন্দু সি৷ অকলে একো
মূল্য নাই
, অস্তিত্ব
নাই৷ সমূহীয়া অস্তিত্বৰে সিও বলীয়ান৷

ৰাতি পাহিতাই তাক সুধিলে, “নতুন ঘৰটো হলেই বুলিব পাৰি৷ কেতিয়াকৈ যাম বুলি ভাবিছা?”

এৰা, ভাবিব লাগিব৷

বৰ সহজ নহয়৷ এখন ঘৰ এৰি আনখন ঘৰলৈ যাবলৈ বৰ কষ্ট৷ মনটোত বৰ
যাতনা৷ ভোগদৈ পাৰক সি আজিও পাহৰিব পৰা নাই৷ ক
লাই মহাজনৰ ঘৰখনৰ পৰা সি পাহিতাৰ মোহত ওলাই
আহিল৷ বকুল চাপৰিত জেঠায়েকে সাবটি আশ্ৰয় দিয়াই নহয়
, সিহঁতক নতুন গছপুলি ৰোৱাৰ দৰে গুজিলে৷ সেই
ঘৰখনৰ এটা কোঠা সিহঁতক তেৱেঁই দিছে৷ যোৱা ভাদৰ পৰা ফাগুনলৈ সাত মাহ এই কোঠাটোৰ এই বেৰ
দুখনে হিচাপ ৰাখিছে পাহিতা আৰু তাৰ প্ৰতিটো অন্তৰঙ্গ মুহূৰ্তৰ৷ এই ঘৰখন এৰি আঁতৰি
যোৱাটো বৰ সহজ কথা নহয়৷ দুয়োটা ঘৰ বাৰীয়ে বাৰীয়ে লগালগি হ
লেও, কমেও এশ গজ দূৰ৷ গা-ভাৰী পাহিতাক সেই ঘৰটোলৈ নিয়া উচিত হবনে? অকলশৰীয়া গৰ্ভৱতী মানুহজনীয়ে পাৰিবনে? ঘৰ-দেউতি তাইৰ সৈতে সুজিবনে? সন্তান জন্মাৰ পিছত কণমানি
কেঁচুৱাটোক লৈ মাইকী মানুহজনীয়ে অকলে পাৰিবনে
? সি কামে-বনে বাহিৰে বাহিৰেই থাকিব লাগিব৷

মানুহ লাগে৷ এনেকুৱাতে মিতিৰ-কুটুম্ব, বংশ-পৰিয়াল লাগে৷ এজনী মানুহ
পাহিতাৰ লগত থাকিবলৈ ক
ত পাব সি? কোন আহিব? বহু চিন্তা কৰিও সি উত্তৰ উলিয়াব নোৱাৰে৷

(আগলৈ)