মূল: সুধা মূৰ্তি
অনুবাদ: স্ৰোতস্বিনী তামুলী
দুদিন পাৰ হৈ গ’ল। শুনি পুৱা সোনকালে শুই উঠি গা-পা ধুই আহি তাই খোৱাৰ
টেবুলত বহিলহি। নুনিৰ মাক ঊষাই তেওঁৰ চুলিকোছা ফণিয়াই খোপা এটা বান্ধি তাইক পুৱাৰ
আহাৰ দি থৈ গ’ল। খাই থাকোঁতে মাকে নুনিক বুজাইছে– “সোণজনী, প্ৰথমবাৰৰ বাবে তোমাক আমাৰ পৰা আঁতৰাই
পঠিয়াবলৈ ওলাইছোঁ। আজ্জা আৰু আজ্জীয়ে তোমাক খুব ভাল পায়।
কিন্তু তেওঁলোকৰ এতিয়া যথেষ্ট বয়স হৈছে। সেয়ে তুমি তেওঁলোকক যিকণ পাৰাঁ সহায়
কৰিবা, যেনে- আজ্জীক পাচলিকেইটাকে ধুই দিবা, টেবুলখনকে চাফা কৰি দিব পাৰাঁ।” মাকৰ কথাখিনিত নুনিয়ে
মূৰ দুপিয়াই সন্মতি জনালে। মাকে নুনিৰ বেগটো সাজু কৰি দি ক’লে- “বেগত দুযোৰ জোতা আৰু তোমাৰ সাঁতোৰৰ পোছাক আছে। লগতে
দুটামান টুপীও দিছোঁ, যাতে ৰ’দলৈ ওলাই
গ’লে তুমি পিন্ধি যাব পাৰা। য’ৰে-ত’ৰে পৰা পানী নাখাবা দেই। আজ্জীয়ে দিয়া গৰম পানীহে খাবা সদায়৷”
“তুমি একোৱেই চিন্তা নকৰিবা আম্মা।”- নুনিয়ে ক’লে।
“আজৰি সময়ত পঢ়িবৰ বাবে তুমি ভাল পোৱা কিতাপ দুখনমানো বেগত
ভৰাই দিছোঁ। তাৰে দুই-এখন ভাৰত আৰু কৰ্ণাটকৰ ইতিহাসৰ সৰু সৰু কাহিনী। মই মাজে-সময়ে
ফোন কৰি তোমালোকৰ খবৰ লৈ থাকিম আৰু দেউতাই তোমাক সদায়েই ফোন
কৰি খা-খবৰ লৈ থাকিব। ভালদৰে থাকিবা দেই৷”
কথাখিনি কৈ থাকোঁতে মাকৰ দুচকু সেমেকি উঠিছিল।
“দিল্লীৰ পৰা মোৰ বাবে কিবা এটা আনিবা দেই।” – নুনিয়ে
শান্তভাৱে ক’লে
আপেল আৰু কমলাখিনিলৈ আঙুলিয়াই দেখুৱালে- “এইখিনি মা-দেউতাৰ বাবে লৈ যাবা। লগতে
দুটামান বাদামৰ পেকেট আৰু দুখনমান কপাহী শাৰী মাৰ বাবে লৈ যাবা। তেওঁ পিন্ধিবলৈ
ভাল পাব গৰমৰ দিনত।”
নুনিয়ে ভাবি নাপালে তাইৰ
মাকৰ মুখখন কিয় ইমান বেজাৰমুৱা হৈ আছে!
যথা সময়ত বিবেক খুৰা ওলাই আহিল। বস্তু-বাহানিবোৰ
সামৰি তেওঁলোক তিনিওজনে সোমানাহালিৰ দিশে যাত্ৰা আৰম্ভ কৰিলে।
নুনিৰ পুৱা খুব সোনকালে শুই উঠাৰ অভ্যাস নাই। সেয়ে
তাইৰ টোপনি ধৰিছে আৰু গাড়ীখনৰ পিছফালৰ দীঘলীয়া আসনখনতে শুই দিছে। কিছুপৰ টোপনি
যোৱাৰ পিছত বিবেক খুৰা আৰু দেউতাকৰ কথা-বতৰাত তাই সাৰ পালে।
“মোৰ সম্পৰ্কীয় ভাই এজন আছে হৰিহৰত। হৰিহৰ মন্দিৰৰ নিচেই
কাষতে ঘৰ। ইচ্ছা কৰিলে আমি তাতেই গা-পা অলপ জিৰাই ল’ব পাৰিম।”-
বিবেক খুৰাই ক’লে।
“তুমি ইচ্ছা কৰিলে আমি হৰিহৰলৈ গৈ কিছু সময় তাতেই জিৰাই-মেলি
ল’ম।”- দেউতাকে নুনিলৈ চাই সুধিলে।
দেউতাকৰ কথাত নুনিয়ে সন্মতি দিলে।
দেউতাকে পুনৰ কৈ গ’ল- “আগেয়ে সম্পূৰ্ণ আঠ ঘণ্টা
লাগিছিল। তেতিয়া যে কেনেকৈ অহা-যোৱা কৰিছিলোঁ ভাবিলেই আচৰিত লাগে!
“তুমি সোমানাহালিতেই ডাঙৰ-দীঘল হৈছিলা ন! শেখৰ?
“আমাৰ যৌথ পৰিয়াল আছিল। তিনিটা পৰিয়াল একেখন চালিৰ তলতে
আছিলোঁ। মোৰ দুজন খুৰা আৰু তেওঁলোকৰ চাৰিটাকৈ সন্তান। মোৰ দেউতাৰ মই একমাত্ৰ
সন্তান আছিলোঁ। গতিকে ঘৰখনত মুঠ নটা ল’ৰা-ছোৱালী। মোৰ মা বৰ
ধৈৰ্যশীলা মহিলা আছিল। মায়ে গোটেই জীৱন পাকঘৰতে পাৰ কৰিলে। প্ৰত্যেক দিনাৰে পুৱাৰ
আহাৰ আছিল পোহা। পোহা খাই মই একেবাৰে ভাল নাপাইছিলোঁ। কেতিয়াবা মই এই সম্পৰ্কে
মাক অভিযোগো কৰিছিলোঁ।”
“এতিয়াহে মই বুজিলোঁ তুমি কিয় অফিচৰ পাৰ্টিবোৰত পোহা দিলে কেতিয়াও নোখোৱাঁ।”
তাকেই ৰান্ধি দিবলৈ অনুৰোধ কৰোঁ। মই বৰ কষ্টৰ মাজত ডাঙৰ-দীঘল হৈছিলোঁ। কাপোৰ-কানিৰ
ক্ষেত্ৰতো আমাৰ বৰ অভাৱ আছিল। একেযোৰ কাপোৰকে ঘৰতো পিন্ধিছিলোঁ আৰু স্কুললৈও
পিন্ধি গৈছিলোঁ৷”
নুনিয়ে দেউতাকৰ কথাৰ পৰা অনুমান কৰিব পাৰিলে কিয়
তাইৰ প্ৰতিটো জন্মদিনত দেউতাকে বজাৰলৈ লৈ গৈ যি মন যায় তাকে কিনিবলৈ কয়। বেছিভাগ
সময়তে তাই পেণ্ট আৰু টি-ছাৰ্টেই লয় আৰু সেই কথাটোত দেউতাকে কোনো আপত্তি নকৰে।
“তথাপি তোমাৰ সৰু কালছোৱা বেছ আনন্দময় আছিল!” – বিবেকে ক’লে।
“সঁচা কথা ক’বলৈ গ’লে মই যৌথ পৰিয়ালত থাকি বৰ ভাল পোৱা নাছিলোঁ। ইয়াত একক প্ৰতিভাৰ বিকাশ
সাধন হ’বলৈ সুযোগ পোৱা নাযায় যেন লাগে মোৰ। মই পঢ়া-শুনাত সৰুৰে
পৰাই ভাল আছিলোঁ। কিন্তু মোৰ তুলনাত বাকীকেইটা ল’ৰা-ছোৱালী বৰ ভাল নাছিল। তথাপি আমি একেখন স্কুলতে পঢ়িছিলোঁ। পাছত অৱশ্যে মই
হুবলিলৈ গুচি গৈছিলোঁ। সেইটো মোৰ বাবে বৰ ডাঙৰ সুযোগ আছিল। তাৰ পাছত মই কৰ্ণাটক
মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলোঁ। পঢ়া-শুনা শেষ কৰি মই বাংগালোৰলৈ
আহিলোঁ। মই আগৰে পৰাই এখন ডাঙৰ চহৰত থাকিব বিচাৰিছিলোঁ। ডাঙৰ চহৰবোৰত বহুত
সা-সুবিধা পোৱা যায়।”
“তুমি গৰমৰ বন্ধবোৰ কেনেকৈ কটাইছিলা?”
“সেই সময়ত আমাৰ হাতত বহুত বেছি পচন্দ নাছিল। আমাৰ গাঁওখন
খুব পিছপৰা আছিল। সেই সময়ত আমাৰ গাঁৱত সৰু ল’ৰা-ছোৱালীৰ
বাবে কৰ্মশালা জাতীয় একো অনুষ্ঠিত নহৈছিল। আম্মাই ঘৰতে পাপৰ তৈয়াৰ কৰিছিল।
পাপৰবোৰ ৰ’দত শুকুৱাব লাগিছিল আৰু সেই কামটোত আমি তেওঁক
সহায় কৰি দিছিলোঁ। তদুপৰি মই পঢ়িও বৰ ভাল পাইছিলোঁ। যি কেইখন নতুন কিতাপ মোৰ
ওচৰত গোট খায় মই বন্ধৰ দিনকেইটাত পঢ়িবলৈ থৈ দিওঁ। আমাৰ গাঁৱত আনকি সেই সময়ত
পুথিভঁৰাল এটাও নাছিল। এবাৰ দেউতাই মোক কানাড়া-ইংৰাজী দ্বিভাষিক অভিধান এখন আনি
দিছিল। তেতিয়া আমাৰ গাঁৱত সাক্ষৰতাৰ হাৰ বৰ নিম্ন আছিল। সেই বাবে বহু লোক মোৰ
ওচৰলৈ আহিছিল চিঠি-পত্ৰ লিখাৰ ক্ষেত্ৰত সহায় বিচাৰি।”
“উমম্। কিন্তু সেইখন বৰ বেছি টান নহয় – এইখন শিশুৰ অভিধান। –
শেখৰে নুনিলৈ ঘূৰি চাই সুধিলে- “নুনি তোমাৰ ভোক লাগিছে নেকি?”
“নাই লগা।”- তাই আনমনাভাৱে উত্তৰটো দিলে।
“তোমাৰ বহুত স্মৃতি জড়িত হৈ আছে গাঁওখনৰ সৈতে। নহয়নে?”
“হয়ো আৰু নহয়ো। মোৰ ভাই-ভনীকেইটা গাঁও এৰি গুচি গৈছে
ইতিমধ্যে। পিতৃ-মাতৃৰ মৃত্যুৰ পাছত তেওঁলোকে গাঁৱৰ সকলো সা-সম্পত্তি বিক্ৰী কৰিব
বিচাৰিলে আৰু ময়েই সকলো কিনি ল’লোঁ। কাৰণ মোৰ দেউতাই আমাৰ
পুৰণি মাটিখিনি হেৰুৱাব খোজা নাছিলোঁ। বাস্তৱত এই মাটিখিনিৰ প্ৰয়োজন মোক নাই।
ইয়াত থাকিও বৰ ভাল নাপাওঁ আজিকালি। অৱশ্যে ঊষাই ইয়ালৈ আহি বৰ ভাল পায়। ইয়াৰ
পৰিৱেশৰ সৈতে তাই মিলি যাব পাৰে৷”
“তোমাৰ কোনোবা আত্মীয় আছেনে গাঁৱত?”
“হয়। আছে। মোৰ এগৰাকী পেহী আছে ইয়াত৷”
“তোমাৰ দেউতাৰাই এতিয়া কি কৰি আছে?”
“তেওঁ খুবেই ব্যস্ত। তেওঁ এটা মন্দিৰৰ দাতা। গাঁৱৰ
বিয়াবোৰলৈ তেওঁক আমন্ত্ৰণ জনোৱা হয় আশীৰ্বাদ দিবৰ বাবে। তেওঁৰ এজাক গৰু আছে।
তেওঁ ধান আৰু নাৰিকলৰ খেতি আছে। কিন্তু খেতিত তেওঁ যিমান ধন ব্যয় কৰে সিমান
উপাৰ্জন নহয়। তদুপৰি উৎপাদিত বস্তুবোৰৰ যথেষ্ট অংশ মন্দিৰলৈ দান কৰে। আম্মায়ো কেৱল তেওঁলোকৰ বাবেই ভাত নাৰান্ধে। প্ৰত্যেক দিনাই তেওঁ অন্ততঃ দহজন মানুহৰ বাবে
ৰান্ধে।”
নুনিয়ে দেউতাকৰ কথাবোৰ শুনি শুনি আজ্জা-আজ্জীৰ ঘৰখনৰ
কথা ভাবিবলৈ ধৰিলে। আজ্জাৰ এটি সৰু আলহীঘৰ আছে এখন বাগিচাৰ মাজত। আজ্জাই সেইখনক ‘ফাৰ্ম’ বুলি
কয়। নুনিয়ে ফাৰ্মলৈ গৈ বৰ ভাল পায়। ফাৰ্মখনত যথেষ্ট পানী, বতাহ আৰু গছ-গছনি আছে। এইখন তাইৰ বাবে সপোনৰ খেলপথাৰ আছিল লুকা-ভাকু।
কথাবোৰ ভাবি-গুণি থাকোঁতেই নুনিহঁত আজ্জা-আজ্জীৰ ঘৰ
পালেহি। নুনিৰ ককাক সিহঁতলৈ বাট চাই ঘৰৰ আগফালে ওলাই আছে। গাঁওখনৰ বহুত মানুহ ঘৰৰ
আগফালে ৰৈ আছিল গাঁওখনৰ ডাক্তৰ চাহাবক চাবলৈ। তেওঁলোকৰ অন্ততঃ দহজন মানুহ ৰুগীয়া
আছিল আৰু তেওঁলোকে বিনামূলীয়া চিকিৎসাৰ আশাতে ৰৈ আছিল।
(আগলৈ…)
