ৰূপেশ্বৰ বায়ন

 জয়ন্ত দত্ত

 

অক থুঃ!

ৰূপেশ্বৰ বায়নে
আজিও সপোনত ৰাকেশ দত্তক দেখিলে। সপোনতে আপোনা-আপুনি মুখৰ পৰা ছিটিকি পৰিল থু
এথেপা। বাহি থুৰ অক
টা গোন্ধ এটাই সাবটি ধৰিলেহি কোঠাটো।

মানুহটো খপ্-জপ্‌কৈ সাৰ পাল আৰু বিছনাৰ পৰাই ঢুকি পোৱাতে
থকা বেৰৰ চুইচ্ছটোত টিপা মাৰিলে। জপংকৈ জপিয়াই দিলে একোঠা পোহৰ আন্ধাৰৰ বুকুলৈ। মুহূৰ্ততে
বিছনাতলৰ আন্ধাৰলৈ লৰ ধৰিলে এজাক পঁইতাচোৰা
। আঁঠুৱাৰ গালেদি বৈ আহিল থুৰ এখন বিক্‌চিনা নৈ…।

আঁঠুৱা দাঙি বায়ন বাহিৰলৈ ওলায়। হাতত সাৰে ভৰিত সাৰে গৈ (সিটো কোঠাত থকা ঘৈণীয়েকে সাৰ
পাবলৈ হ
লে ৰাতিটো আৰু ৰাতি হৈ নাথাকিবগৈ) দুৱাৰৰ অৰ্গল খোলে।
ফিল্টাৰৰ তলৰ বাল্টিৰ পৰা এমগ পানী লৈ পখালি পেলায় মুখ
, ধুই পেলায় চকুৰ সমস্ত তন্দ্ৰা। ঠিক তেতিয়াই মানুহ উঠাৰ গম পাই ডাকিবলৈ
ধৰে গঁৰালৰ কুকুৰাজাকে। বায়নৰ বুকুৰ পৰা সৰি পৰে সৰু-সুৰা জীৱবোৰ। হাবিৰ হাতী বাঘলৈও
ভয় নকৰা বায়নে ছিটিপনিৰ চাট খোৱা লাজুকী লতাৰ দৰে মুজুৰা মাৰি থাকে নিজৰ মানুহজনী
আৰু ল
ৰাৰ ভয়ত।

বেৰৰ চুইচ্ছটো
টিপা মাৰি বায়ন আকৌ আঁঠুৱাৰ তলত সোমাল। আকৌ আন্ধাৰ এজাকে হেঁচা মাৰি ধৰিলে চৌদিশ। ফেঁচা
এটাৰ কৰ্কশ মাতে ৰাতিৰ বুকুত পৰৰ আঁচ টানিলে। বাইপাছেদি পাৰ হৈ গ

গধুৰ গাড়ীৰ মি
ছিল এটা মেৰমেৰকৈ। গভীৰ বিষাদেৰে চকু দুটা মুদি
দিলে বায়নে। তেওঁ নজনা নহয় যে জীৱলৈ থুৱাব নাপায়
; পিছে
প্ৰাণেপ্ৰণে চেষ্টা কৰিও ৰাকেশ দত্তক দেখিলে মুখলৈ অহা থুথেপাক ভেটা দিব নোৱাৰে তেওঁ৷
দিঠকত ঘটা ঘটনাটো আজিকালি ঘটিবলৈ ল
লে সপোনতো। “পাপক ঘিণাব
পাপীক নিঘিণাব…।” ওঁহো, তেওঁ মানি ল
ব নোৱাৰে৷ পাপীক যদি আদৰ
কৰোঁ কেনেকৈনো আমাৰ পিছৰ খোজবোৰক সততাৰ বাট এটালৈ আঙুলিয়াই দেখুৱাম৷
 

বায়নৰ মতেও
ঈশ্বৰ এক পুৰাতন ফাঁকি৷ চকুৰ আগতে সততাৰ বাটত খোজ কঢ়াবোৰে কি দৰে ৰৌ ৰৌ অতলত ডুবি
আছে
,
গুৰু-গোঁসাই নমনাজনে কেনেকৈ বৰনামঘৰৰ লাইখুঁটাত নাম লিখাইছে সকলোৱে
দেখিয়ে আছে৷ চকু মুদিলেই বায়নে আজিকালি দেখে প্লাষ্টিকৰ পুতলা এজাক চাৰিওফালে
ঢপলিয়াই ফুৰা
, অলেখ গধুৰ খোজে দুবৰিৰ ওপৰত শেৱালিয়ে পৰা
দলিচাখন নেফানেফ কৰা৷

এৰি অহা খোজ
কিছুমানে বায়নৰ বুকুৰ দলঙত ভিৰ কৰেহি৷ বিছনাত ছাটিফুটি কৰি মানুহটোৰ তৰণি হেৰায়৷
হঠাৎ কেৰে
কেৰেকৈ ঘুণপোক একোটাৰ কাঠ খোৱাৰ শব্দ…। বায়নে কেট্কুট্ নোহোৱাকৈ গম লবলৈ যত্ন কৰে কৰ পৰা আহিছে সেই
শব্দ
, সুৰ৷ সুৰৰ আঁচল ধৰি গৈ তেওঁ যত ওলালগৈ, তাতে ওলোমাই থোৱা আছে কঁঠালকাঠৰ খোলটো৷
আকৌ বিছনাৰ পৰা নামে
, কাষৰ টেবুলখনত খেপিয়াই খেপিয়াই হাতত
তুলি লয় বিছনীখন আৰু আন্দাজতে খোলটোৰ ওপৰত নালটোৱে টোকৰ মাৰে৷ চৌপাশ কাঁহ পৰি জীণ যায়৷ আহি বিছনাত পৰেহি। 

আকৌ শব্দ হয় …। মানুহটো বাৰেপতি উঠে, বাৰেপতি শব্দ হয় বাৰেপতি বিছনীৰ নালটোৱে খোলটোত টুকুৰিয়ায়৷ উঠি উঠি
অৱশ হৈ পৰে৷ …আৰু মাতটো কলিজাইদি আৰ
পাৰ হৈ থাকে অনৱৰতে;
কেৰে কেৰে…৷
মাতটোৰ সমান্তৰালকৈ কলিজাইদি সৰকি যায় ঘৈণীয়েকৰ মুখৰ পৰা ছিটিকি অহা এপাট তীক্ষ্ণ
তীৰ৷

ঘৈণীয়েকৰ মুখৰ
তীক্ষ্ণ তীৰ এপাটত ধৰি বায়নে বিছনা এৰে মানে বেলি পাতত উঠিছিল৷ আগফালৰ বাৰাণ্ডাত
গাত ৰ
দৰ নিহালীখন লৈ বহি বহি ভাবিছিল খোলৰ খোলাটোত তেল
অলপ সানি ৰ
দত দিলে ভাল হব৷ নষ্ট হবলৈ হলে এনে এটা কঁঠাল কাঠৰ খোলা আৰু পোৱা নাযায়৷
বহাৰ পৰা পোকৰ দাঙিবলৈ লওঁতেই মানুহজনীৰ চকুৱে চকুৱে পৰিল৷ খোলটোত হাত দিয়া
দেখিলেই তাই আকৌ মেলিব সেই একেখনেই শাস্ত্ৰ “কি ডাল পালে
, কি
ডাল পালে খোলটোকে লৈ জীৱনটো পুৰিলে…” পুতেকৰ মুখতো একেই বকনি…..
নামঘোষা এখনকে পোৱা হলেও আজৰি সময়ত আওৰাবলৈ এফাঁকি…

হয়
কি ডাল পালেনো বায়নে উভতি চায় এৰি অহা বাটলৈ আৰু এতিয়া খোলটোৱেই দেখোন মোক এঘৰীয়া
কৰিলে৷
খোলটোৱে নে বায়নৰ সততাই নে জেদে…৷

কিন্তু একোৱেই
পোৱা নাই নে
? মানুহজনীক প্ৰথম দেখা ছবিখন বায়নৰ চকুত জক্‌মকাই উঠে৷
কমলাবৰীয়া নামঘৰত গদাপৰ্ব ভাওনা৷ দুকুৰি বছৰৰ আগৰ কথা কিন্তু আজিও চকুত জল্
জল্-পট্‌পট্৷ তেওঁ ভাওনাৰ মূল বায়ন, ডেকা তেজ ফুটোঁ ফুটোঁ৷ দেহত মহাপুৰুষীয়া সাজ৷ বৰধেমালিৰ সুৰ এটাত পাক
মাৰিবলৈ লওঁতেই চকুত পৰিছিল দৰ্শকৰ মাজত দপ্‌দপ্‌কৈ জ্বলি থকা এহালি চকুৰ জুই আৰু সেই
জুইত চগা এটা হৈ মানুহটো জাহ গৈছিল৷ এতিয়া যেতিয়াই কে
ট্‌কেটনিৰ
তীৰ এপাট ঘৈণীয়েকে মানুহটোৰ গালৈ মাৰে “শেষ কৰিলে এই মানুহটোৱে মোক শেষ কৰিলে কাম-বন নাই….
বায়নৰ তেতিয়া সোঁৱৰাই দিবলৈ মন যায় “কেৱল
খোলটোকে লৈ ফুৰা মানুহ এটাক কেলৈনো দিছিলি জাহ যাবলৈ বুকুৰ জুইত… নজনাকৈ গুৰি
গোষ্ঠী, কিহৰ উঠিছিল খজুৱতি
কিন্তু নোৱাৰে৷ সাহে নুকুলা

ঘৈণীয়ে কয়, ৰাই কয়, দহেও কয় এজন অকৰ্মণ্য
মানুহ তেওঁ৷ পিছে সদায় আজিৰ দৰেই আছিল নে ৰূপেশ্বৰ বায়নৰ দিনবোৰ৷ গেৰেকী পথাৰত
তিনিপুৰা শালি মাটি
, দহজনী মেনি মহৰ
গৰাকী আছিল তাহানিৰ বায়ন৷ ঘৰত আছিল দুটাকৈ কামলা
, দুটাকৈ
ভঁৰাল। সেই দিনবোৰত বায়নৰ গলহেকাৰিতহে সাৰ পাইছিল কাউৰী
, কুকুৰাই৷
বেলি পাতত নু
ঠোঁতেই এবিঘা মাটি বোকা খুউৱা, দলনিত দুনাওকৈ ঘাঁহ কটা, এখন পথাৰৰ আঁঠুৱনীয়া বোকা
ফালি কঠীয়া কঢ়িওৱা
, তিনিকুৰিকৈ ডাঙৰিৰ মৰণা মৰা, গাখীৰ খীৰোৱা কলহে কলহে গাখীৰ ভৰোৱা…।
মানুহটোৱে ৰাইখ নাপায়৷ ইফালে কাষৰীয়া সাতোখন গাঁৱত ৰূপেশ্বৰ বায়নে গুৰুঘাট মাৰিলেহে খোল খাইছিল মহাপুৰুষীয়া নাট
, তদুপৰি এপাল নতুনক
খোলৰ সুৰ
, বাদ্য শিকায়গুৰুৰ সংস্কৃতি
জীয়াই ৰখাৰ দায়িত্বওতো তেওঁৰ কান্ধতে আছিল৷

সেই বছৰ গেৰেকীৰ
ৰোৱাবোৰ সময়তকৈ আগতে গেঁৰ ধৰিছিল
খেতিয়কৰ চকুত নতুন নতুন জল্পনাকল্পনাৰ ছবি কিছুমানে
ভুমুকি মাৰিছিল৷ মাৰিছিলহে
, ৰাতিটোৰ ভিতৰতে দোকোল-টকা বানে
লৈ গ
লেই নহয় ভোগদৈৰ এজাৰগুৰিৰ মঠাউৰি৷ ৰাতাৰাত গেৰেকীৰ বুকত
ঘৰ সাজিলে নৈৰ বুকুৰ ধু ধু বালিয়ে৷ খুঁটিৰ আধাতকৈ বেছি ম
হ যখে
নিলে৷ থকাকেইজনী আধামূলী
য়াকৈ বেচি পুতেকে ললে পাল্‌ছাৰ বাইক৷ বায়নৰ জোৰ কমি আহিল পথাৰৰ বুকুৰ
বালি খান্দি আকৌ পাতিবলৈ খেতি৷ এতিয়া গেৰেকীৰ বুকু মূৰফুলা আৰু লংবনলৈ এৰি পুতেকে
ৰাস্তাত চিঞৰে বিদেশী হুচিয়াৰ বুলি৷

কেৱল খোলটোৱেই
বায়নক দিছিল উশাহৰ পাহিবোৰ…৷ আৰু অৱশেষত খোলটোৱেই…
বুকুৰ ওপৰেৰে পাৰ হৈ যায়
চৈধ্যচকীয়া গাড়ী…

ভাতৰ তিতা খাব
পাৰি মাতৰ তিতা ওহোঁ…৷ আজিও তিতা কেৰেলা এটাই পানী দিয়া ভাত একাঁহী মাৰি বায়ন
ওলাই আহিলে এজাৰগুৰিৰ মঠাউৰিলৈ বুলি৷ মঠাউৰিৰ পৰা জল্
জল্-পট্পট্‌কৈ দেখে বালিয়ে পুতি পেলোৱা গেৰেকীৰ বুকুত মূৰফুলা, লংবনৰ খিকিন্দালি৷ হঠাৎ দূৰৈত দেখে মালৌ আলিৰ বুকু বিদাৰি তীব্ৰ বেগত আহি
থকা ৰাকেশ দত্তৰ ক
লা অডি গাড়ী৷ মুখলৈ
আপোনা-আপুনি আহে থু এথেপা৷ আপ্ৰাণ চেষ্টা কৰিও গিলি দিব নোৱাৰে৷ বালিত লীন যায় থুৰ
মানচিত্ৰ৷

কিমান বছৰ হ
আঙুলিৰ মূৰত গন্তি কৰে বায়নে৷ ভালকৈ মনত আছে সেই দিনা গাঁৱৰ ৰংগমঞ্চটো উদ্বোধন
কৰিবলৈ মন্ত্ৰী আহিছিল৷ গাঁৱৰ ডেকামখাই ৰাস্তাৰ কাষৰ কচুজোপালৈকে বগা কৰি তুলিছিল৷
জোনৰ পোহৰে চৌপাশে অদ্ভুত ৰূপ এটা আঁকিছিল। মিলন নগৰৰ নামঘৰত নাট সামৰি বায়ন আহি
আছিল এৰেপ এৰেপকৈ চাইকেল মাৰি
, কান্ধত খোল আঁৰি৷ ৰাতিৰ বুকুত
ফেঁচাই তিনিপৰৰ আঁচ টানিছিল
, সন্মুখেদি পাৰ হৈ গৈছিল শিয়ালৰ
পৰিয়াল এটা৷ জোনাকত চকুৰ পোহৰে দিগন্তলৈকে চেলেকিছিল৷ চৌদিশ নিস্তব্ধ৷ মালৌআলিৰ
বুকু নেফা-নেফ কৰি চলা চোৰাং কাঠৰ গাড়ীবোৰ সেই দিনা নাছিল৷ বায়নে বুকুত আশঙ্কাৰ হাফলু
এটা বান্ধ খাইছিল৷ গাঁৱলৈ সোমোৱাৰ বাটটোৰে ঘূৰিছিলহে! চমকি গৈছিল পিলাই…৷ ই কি
চকুৰে মনিব নোৱৰাৰ দূৰলৈকে দীঘলতকৈও দীঘল ৰেল এখনৰ নিচিনাকৈ ট্ৰাকবোৰ ৰৈ আছে…।
বায়নে খুপি খুপি কাষেৰে বাট লৈছিল৷ আৰু একো উৱাদিহ পোৱাৰ আগতে ডিঙিলৈ আহিছিল এখন
চিক্‌চিকীয়া কপি দা৷ বায়নৰ বুকুত পিছে তেতিয়াও ডাঠ হৈ আছিল সাহৰ বেৰ৷ পোহৰত স্পষ্টকৈ দেখিছিল দোৰোল খোৱা জিভাৰে ৰাকেশ দত্তৰ জিঘাংসু চেহেৰা৷ অকণো আঁৰ
বেৰ নোহোৱাকে চিনি পাইছিল লগৰকেইটাকো…৷

কোন? ৰাকেশ দত্তৰ টেংটেঙীয়া মাত৷

মই

মই কোন?

মই বায়ন, ৰূপেশ্বৰ বায়ন৷ ভাওনা আছিল৷ মিলন নগৰত৷

হাতৰ কপিদা
বায়নৰ ডিঙিত থৈ কৈছিল
;

ৰাস্তাৰ কাষে
কাষে গৈ থাক৷ ইয়াত কি দেখিলি যাতে ক
তো লিক আউট নহয়…৷

মদপীৰ মাতালামি
বুলি ভাবি বায়ন গুছি আহিছিল৷ কেইবাদিনীয়া টোপনি খতি আৰু মূৰত আহি ভৰ দি থকা ভাওনাৰ
ভৰ আঁতৰি যোৱাৰ সুখত টোপনি যোৱা মানুহটো উঠোঁতে দেৰি হৈছিল৷ যেতিয়ালৈ উঠিছিল
তেতিয়ালৈ গোটেইখন হুলস্থূল৷


আলিৰ পথাৰত তিনিটুকুৰাকৈ কাটি থোৱা আছে হীৰা শইকীয়াৰ পুতেক দ্বীপেনক

বায়ন পিৰালিতে
বহি দিছিল৷ কিজানি মূৰ ঘূৰাইছিল৷ চকুত চিক্‌মিকাইছিল ৰাকেশ দত্তৰ হাতৰ দা৷ কথাবোৰ
ৰাজহুৱা কৰিবৰ বাবে কঁকালত গামোচা মাৰিছিল৷ পিছে ফুকলীয়া পুতেকৰ বধ শপত দিছিল
মানুহজনীয়ে৷ মানুহটো ভিতৰি ভিতৰি মৰি আহিছিল৷

কিন্তু পুলিচৰ
কুকুৰে দোষীক শোৱাপাটীতে ধৰিছিল৷ হাঁহি হাঁহি ৰাকেশ দত্ত পুলিচৰ গাড়ীত উঠি থানালৈ
গৈছিল আৰু ধনেৰে হাকিমৰ হুকুম সলাই হাঁহি হাঁহি উভতিও আহিছিল৷ সেই ঘটনাৰ কিছু দিনৰ
পাছত জুৱা খেলৰ সৰু খকাখুন্দা এখনত শূন্য দূৰত্বৰ পৰা ৰিকু নামৰ এজনক গুলীয়াই
হত্যা কৰা গোচৰত ৰাকেশ দত্তৰ যাবজ্জীৱন জেল হয়৷ পিছে চকুৰ পচাৰতে শেষ হয় যাবজ্জীৱনৰ
বাৰ বছৰৰ ম্যাদ৷ আকৌ মালৌ আলিৰ বুক নেফা-নেফ কৰি দৌৰিবলৈ লয় দত্তৰ ক
লা,
লা গাড়ী৷

আন বছৰবোৰৰ দৰেই
যোৱা বছৰো শংকৰ জয়ন্তীৰ ভাওনাৰ দায়িত্ব ৰূপেশ্বৰ বায়নৰ কান্ধতে পৰিছিল৷ বায়নৰ উশাহ
সলাবলৈ সময় নাছিল৷ বিচাৰি বিচাৰি আনিছিল “দধীচি মুনিৰ আত্মত্যাগ
,
বৃত্তাসুৰ বধ
নাট৷ গাঁৱৰ ডেকামখা উবুৰি খাই পৰিছিল৷ ৰাতিক
দিন কৰি বচন লিখিছিল
, বাছি‍ বাছি‍ ভাওবোৰ বিলাইছিল৷ গীত-মাত, খোজ-কাটল ফট্ফটীয়াকৈ
ফুটিছিল৷ গছতলে
, বাঁহতলে কেৱল ভাওনাৰ বতাহ৷ ভাওনাৰ দিন কাষ
চাপি আহিছিল৷

সেইদিনা আখৰাত
বায়নে একতালৰ সুৰ এটা ডাকিছিল৷ কৃষ্ণৰ প্ৰৱেশৰ নাচ এটাৰ পোহৰ অগ্নিগড়ত পৰিছিল৷ ঠিক
তেতিয়াই বৰমেধিৰ সৈতে ৰাকেশ দত্ত নামঘৰত সোমাইছিল৷ মেধিয়ে নিজৰ খুঁটাটো দত্তক এৰি
দিছিল৷ হাত দাঙি বায়নৰ হাতখন ৰখাইছিল৷

এইবাৰ
ৰাইজে পতা ভাওনাখন নাপাতিবলৈ ঠিক কৰিছোঁ…৷ যিহেতু আমাৰ ৰাকেশে শংকৰ জয়ন্তীৰ
ভাওনাখন দিয়া কথা আলচিছে৷ জিলাৰ আটাইতকৈ শ্ৰেষ্ঠ ভাওনাৰ দলটোক নিমন্ত্ৰণ দিছে৷
প্ৰহ্লাদ চৰিত্ৰ নাট…

মেধিৰ কথাত
ৰাইজে হৰিধ্বনি দিছিল৷ বায়নে কিবা এষাৰ ক
বলৈ ওলাইছিল কিন্তু হৰিধ্বনিৰ
চিঞৰত তেওঁৰ মাত পোত গৈছিল৷ বায়নে মুখলৈ উজাৰ খাই অহা থু থেপা পেলোৱাৰ চলেৰে সমাজ
এৰিছিল৷ তেওঁক মাতিবলৈ কাৰো গৰজ নাছিল৷

শংকৰ জয়ন্তীৰ
দিনা ভাওনা হৈছিল৷ সাতোখন গাঁও অফলা ভাঙি আহিছিল৷ আকাশ ফালিছিল গীত
, মাত, বচনৰ তালে৷

বিছনাত চট্‌ফটাই
থকা বায়নৰ খবৰ নিজৰ মানুহজনীয়েও লোৱা নাছিল৷ ওৰে ৰাতি চিক্‌মিকোৱা কপিদা এখন বায়নৰ
চকুত নাচি আছিল
, ৰাকেশ দত্তই বালিৰে বন্ধোৱা মঠাউৰি ভাঙি সোমাই অহা ভোগদৈৰ
বালিয়ে বুকুৰ দলং ভাঙিছিলহি
, দ্বীপেনৰ বাউলী মাকজনীয়ে মালৌ
আলিত হাবাথুৰিয়াই ফুৰিছিল…।

এবছৰীয়া পুৰণি
কথাবোৰে বায়নৰ বুকুৰ ঘাত শিয়াল-কটাহি সানিলে৷ এজাৰগুৰিৰ মঠাউৰিয়ে গৈ মানুহটো
ওলাইছিলগৈ কোনোবা এখিনিত৷

ঘৰলৈ ঘূৰি আহি
যেতিয়া কোঠাত সোমাইছিলহি খোলৰ খোলাটো কুঁটা কেৰেচ কেৰেচ মাতে
, ঘৈণীয়েকৰ মাতৰ তীক্ষ্ণ সুৰে আৰু কাষৰীয়া ভতিজাকৰ পুতেকৰ চেলফোনত বজা
কোৰিয়ান সংগীতৰ সুৰে একেলগে বেসুৰা জাল এখন গুঁঠি আছিল৷ বায়নে সেই জালত চকু মুদি
নিজকে এৰি দিয়ে৷


ঠিকনা:
দ গাঁও নলনি খাত
ডাক: গৰখীয়া দ’ল
যোৰহাট – ১৫
ভ্ৰাম্যভাষ: ৯৩৬৫৪৫৭৭৫১