ক’ভিড-১৯ৰ বিষাণু বা ভাইৰাছৰ সংক্ৰমণ ক্ষমতা আৰু আপেক্ষিক আৰ্দ্ৰতা

 ড° ভাৰত বৰুৱা

 

আমাৰ শৰীৰৰ পৰা
নিক্ষেপিত হোৱা বিষাণু বা ভাইৰাছক আমি আজিৰ যুগত
এৰলাইজড্ ভাইৰাছবুলি কওঁ। এই এৰলাইজড্ ভাইৰাছ মূলতে এক কণিকা বা তেনেই ওজনহীন টোপোলা যত ভাইৰাছ, বিভিন্ন গেছ, আৰু
শৰীৰৰ অন্য জৈৱিক আৰু অজৈৱিক পদাৰ্থ
, সামান্য পৰিমাণৰ পানীৰ
বাষ্পৰ লগত মিশ্ৰিত হৈ বায়ুমণ্ডলত ভাহি থাকে বা বেছি গধুৰ হ
লে
নিম্নগামী হৈ মজিয়াত পৰেগৈ। যেনেকৈ বতাহত ভাহি থকা কুঁৱলীৰ কণিকাত পানীৰ লগতে
বায়ুমণ্ডলৰ বিভিন্ন গেছ যেনে অক্সিজেন
,
 নাইট্ৰজেন, কাৰ্বনডাইঅক্সাইড, ইত্যাদি আৰু লগতে ক্ষুদ্ৰাতিক্ষুদ্ৰ
ধূলিমাকতি ভাহি থাকে। সেইদৰে চিগাৰেটৰ
ধোঁৱা একপ্ৰকাৰ এৰ
ল যি নিকটিন আৰু আন আন কাৰ্বন-সমৃদ্ধ অণু যিবোৰ চিগাৰেট জ্বলালে বায়ুৰ লগত লগত
মিলি সৃষ্টি হয়

আনহাতে, আপেক্ষিক আৰ্দ্ৰতা হৈছে
বায়ুমণ্ডলত থকা পানীৰ বাষ্পৰ পৰিমাণ।
 বায়ুমণ্ডলত এই পানীৰ  বাষ্পৰ পৰিমাণ  বেছি থাকিলে
আপেক্ষিক আৰ্দ্ৰতা বেছি বুলি কোৱা হয় আৰু বতাহত
 বাষ্পৰ পৰিমাণ  কম হলে আপেক্ষিক আৰ্দ্ৰতা কম বুলি জনা যায়। বতাহত কভিড-১৯ৰ বিষাণু বা ভাইৰাছ
কিমান সময় তিষ্ঠি থাকিব পাৰে
, তাৰে এটি নতুন সূত্ৰ দাঙি ধৰিছে ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ বিজ্ঞানী দল এটাই। দলটোৰ মুখ্য
বিজ্ঞানী জ
নাথন ৰিডে অলপতে এই বিষয়ে
সদৰি কৰে আৰু তেওঁলোকৰ সদ্য প্ৰকাশিত গৱেষণা পত্ৰৰ কথা আলোচনা কৰে

পিছে ১৯৬১ চনতে
প্ৰকাশিত
 গৱেষণা পত্ৰত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ
এটি গৱেষক দলে বতাহত উৰি ফুৰা ইনফ্ল
য়েঞ্জা বিষাণুৰ
বা এৰ
লাইজড ভাইৰাছৰ সংক্ৰমণ
গুণাগুণৰ ওপৰত এক সমীক্ষা দাঙি ধৰিছিল। এই গৱেষণাৰ
মূল ফলাফল
আছিল যে চাৰিবিধ এৰ
লাইজড ভাইৰাছৰ
বৰ্তি থকাৰ ক্ষমতা নিম্ন উষ্ণতাতহে বেছি। তাৰ ভিতৰত
 ইনফ্লোয়েঞ্জাৰ ভাইৰাছও অন্তৰ্ভূক্ত। আনহাতে ইনফ্লয়েঞ্জাৰ  ভাইৰাছ আকৌ নিম্ন আপেক্ষিক আৰ্দ্ৰতাহে বাছি থাকিব
পাৰিছিল
  প্ৰফেচ হাৰ্পাৰৰ এই গৱেষণাত উষ্ণতাৰ
পৰিসৰ আছিল ৭-১২
, ২১-২৪, আৰু ৩২-৩৪ ডিগ্ৰী চেলচিয়াছ। আনহাতে আপেক্ষিক আৰ্দ্ৰতাৰ
ব্যাপ্তি আছিল ১৭-২৫%
,
 ৩৪-৩৬%, ৫০-৫১%, ৬৪-৬৫%, আৰু ৮০-৮১% 

নাথন ৰিডৰ সাম্প্ৰতিক কালৰ গৱেষণা কভিড-১৯ৰ এৰলাইজড ভাইৰাছৰ ওপৰত। এই এৰলাইজড ভাইৰাছ যেতিয়াই আমাৰৰ শৰীৰৰ পৰা নিশাহত ওলাই আহে, ইয়াৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ এক বিৰাট পৰিৱৰ্তন ঘটে।
এই পৰি
ৱৰ্তনৰ বাবে মাত্ৰ ২০ মিনিটৰ ভিতৰতেই ভাইৰাছৰ সংক্ৰমণ
ক্ষমতা ৯০% লৈকে হ্ৰাস পাব পাৰে
 আমি যদি নিশাহত প্ৰক্ষেপিত হোৱা
এৰ
লাইজড ভাইৰাছৰ কথা ভাবোঁ, তেনেহ’লে কেইবাটাও গুৰু পৰিৱৰ্তন লক্ষ্য কৰিব পাৰিম, প্ৰথমেই শৰীৰৰ ভিতৰৰ আৰু শৰীৰৰ
বাহিৰৰ উষ্ণতাৰ তাৰতম্য
, দ্বিতীয়তে হাওঁফাওঁৰ ভিতৰৰ কাৰ্বনডাইঅক্সাইড সমৃদ্ধ পৰিৱেশৰ
পৰা এটা পৰি
ৱেষ্টিত কোঠালীৰ বা বাহিৰৰ বায়ুমণ্ডললৈ
প্ৰক্ষেপিত হৈছে
,
 আৰু তৃতীয়তে শৰীৰৰ বাহিৰৰ আপেক্ষিক আৰ্দ্ৰতাৰ সলনি হোৱা। এৰলৰ টোপোলাত আৰোহ কৰি গৃহস্থৰ শৰীৰৰ বাহিৰৰ বতাহত বা
মজিয়াত পৰা ভাইৰাছৰ বাবে একেবাৰে অঘৰী হোৱা নিচিনা কথা। হাওঁফাওঁৰ ভিতৰত থা
কোঁতে কাৰ্বনডাইঅক্সাইড সমৃদ্ধ পৰিৱেশটো কভিড-১৯
ভাইৰাছৰ বাবে খুবেই উপকাৰী কিয়নো
, এক নিৰ্দিষ্ট পৰিমাণৰ
কাৰ্বনডাইঅক্সাইডে সামান্যতম পানীৰ লগত ক্ৰিয়া কৰি কাৰ্ব
নিক
এচিডৰ সৃষ্টি কৰে। চফ্টড্ৰিংকৰ মৃদু কাৰ্ব
নিক এচিড বা নেমুৰ
ৰসৰ মৃদু
চাইট্ৰিক এচিডে
 যেনেদৰে গৰমৰ দিনৰ আমাৰ শৰীৰলৈ
সতেজতা আনে ঠিক তেনেদৰে ক
ভিড-১৯ ভাইৰাছৰ বাবেও
কাৰ্বনডাইঅক্সাইড সমৃদ্ধ পৰিৱেশটো বেছ টাটকা। গৃহস্থৰ শৰীৰৰ বাহিৰলৈ অহাৰ লগে লগে
সেই বতাহত ভাহি থকা বা মজিয়াত পৰি যোৱা এৰ
লৰ টোপোলাটোত কাৰ্বনডাইঅক্সাইড কম হোৱা আৰু তাত থকা সামান্য
পৰিমাণৰ পানী যদি বাষ্প হৈ যায়
, তেন্তে সেই মৃদু কাৰ্বনিক এচিডো কমি যায়। ফলস্বৰূপে কভিড-১৯ ভাইৰাছৰ আগৰ তাজা ভাবটো নোহোৱা হবলৈ ধৰে। আনহাতে এৰলাইজড
ভাইৰাছ প্ৰক্ষেপিত হোৱা কোঠা
লিৰ আপেক্ষিক আৰ্দ্ৰতা যদি
হাওঁফাওঁৰ আপেক্ষিক আৰ্দ্ৰতাতকৈ কম হয়
, তেন্তে ভাইৰাছৰ জীৱন
দুৰ্বিসহ হৈ পৰে। জ
নাথন ৰিডৰ দলটোৰ
গৱেষণাৰ পৰা এইটো নিৰ্ধাৰিত হৈছে ৫০% আপেক্ষিক আৰ্দ্ৰতাত এৰ
লাইজড ভাইৰাছৰ টোপোলাটোত থকা সামান্য পানীৰ এক বিস্তৰ ভাগ বাষ্প হৈ যায়
আৰু লগে লগে অজৈৱিক লৱণ জাতীয় পদাৰ্থবোৰৰ স্ফটিকীকৰণ হয়। এই ৰাসায়নিক পৰি
ৱৰ্তনে কভিড-১৯ৰ ভাইৰাছৰ সংক্ৰমণ
ক্ষমতা ৫০% কমাই দিয়ে

আকৌ গৃহস্থৰ শৰীৰৰ
বাহিৰৰ পৰিৱেশত যদি আপেক্ষিক আৰ্দ্ৰতা ৯০% মান থাকে
,
তেন্তে এৰ
লাইজড ভাইৰাছৰ টোপোলাটোৰ
অম্লতা কমি যায় অৰ্থাৎ ক্ষাৰধৰ্মী হৈ পৰে। এইটো এটা লেহেমীয়া প্ৰকৰণ। সাধাৰণতে
হাওঁফাওঁতকৈ বতাহত কাৰ্বনডাইঅক্সাইডৰ আপেক্ষিক পৰিমাণ কম। গতিকে এৰ
লাইজড ভাইৰাছৰ টোপোলাটোৰ পৰা লাহে বায়ুমণ্ডললৈ
কাৰ্বনডাইঅক্সাইড বাহিৰ হৈ যায়। এনে পৰিস্থিতিত ক
ভিড-১৯
ভাইৰাছৰ সংক্ৰমণ ক্ষমতা ৫ মিনিটৰ ভিতৰতেই ৫০% কমে আৰু ২০ মিনিটত ৯০% কমে। ইতিমধ্যে
ওপৰত উল্লেখ কৰা ১৯৬১ চনৰ প্ৰ
ফেচ
হাৰ্পাৰৰ গৱেষণামতেও নিম্ন আপেক্ষিক আৰ্দ্ৰতাতহে
 ইনফ্লোয়েঞ্জা ভাইৰাছ বাছি থাকিব পাৰে। ভাৰ্জিনীয়া টেকৰ পৰিৱেশ বিজ্ঞানৰ অভিযন্তা লিনচে
মাড়ৰ মতে এনেধৰণৰ গৱেষণাই কিছু হ
লেও সামাজিক
আচৰণৰ অনুশীলন যোগান ধৰিব আৰু ভবিষ্যতৰ মহামাৰী বা অতিমাৰীত ভাইৰাছৰ বিস্তাৰ উপশম
কৰাত বাৰুকৈয়েই সহায়ক হ
ব। ৰিডৰ গৱেষণাই যদিও ভাইৰাছ
বিস্তাৰত বাধা দিব পৰা কোনো তাৎক্ষণিক উন্নতিৰ পথ মুকলি কৰা নাই
, তথাপি এই গৱেষণাই এৰলাইজড
ভাইৰাছৰ সংক্ৰমণৰ ক্ষমতা কম কৰাৰ কিছু ৰাসায়নিক অন্তৰ্দৃষ্টি নিশ্চয়কৈ যোগান ধৰিছে


তথ্যসূত্ৰ: Chemical & Engineering News, ISSN 0009-2347 (American
Chemical Society)

লেখকৰ ঠিকনা:
Bharat Baruah, Ph. D.
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144
Office SL4015, Lab SL4045
Phone 470-578-2654, Fax: 470-578-9137
E-mail: bbaruah@kennesaw.edu
http://facultyweb.kennesaw.edu/bbaruah/
https://scholar.google.com/citations?user=2qax6nEAAAAJ&hl=en