সমাপন (এটা ইক’পয়েট্ৰি)

সুশান্ত বৰা  

 

মোৰ উশাহৰ বাট সাৰিপুচি নিকা
কৰাটো জটিলতৰ হৈ উঠে আহিনীয়া চুলিটাৰিৰ বাবে
,  

চুলি সামৰা ইমান সহজ হৈ নুঠে 

যেতিয়া তেওঁৰ খাৰুৰ খেয়ালে
হেন্দোলনি তোলে ৰাতিৰ গাত ৷

 

মানুহৰ গা শুঙি পগলা হয় তেজপিয়া
মহ
 

আজীৱন শত্ৰু হোৱাৰ সত্তেও মহ
হত্যা কৰিব নোৱৰাটো মানুহৰ দুৰ্বলতা
, 

যদিও মহ হত্যা কৰাটো মানুহৰ
বাবে তেনেই সহজ
, 

সাধাৰণতে শত্ৰুক লাই দি কোনো
মানুহেই অবোধতাৰ পৰিচয় নিদিয়ে ৷
 

 

অন্ধকাৰতকৈ তেওঁৰ চকুৰ
ভীতিবিহ্বলতাই মোক মাৰি নিয়ে
, 

মই তৰ্জনী আঙুলিৰে তেজপিয়াটোক
আঁতৰাই দিওঁ
 

যিটো তেজপিয়া এটা খেদাবলৈ
সৰ্বস্ব নহয় ৷
 

 

দৃষ্টিৰ ব্যাপ্তিৰে তেওঁ মোক
সোধে
 

আৰু কিমান ? 

নিমাওমাও এন্ধাৰ সন্তাপৰ
সানমিহলি !

কেতিয়াবা সন্তাপবোৰ ঠিক ৰু ৰু
জোনাকৰ দৰে
 

গলি গলি গলাই নিয়ে হৃদয় ৷

 

বুকুৰ চকল কাটি তেওঁক বিদায়
দিয়াৰ ভীষণ ইচ্ছা জাগে যদিও
 

বিৰত থাকোঁ, যুদ্ধ মোৰ উদ্দেশ্য নহয়,  

যুদ্ধ = ধ্বংস, 

যদিও ধ্বংসৰ পৰাই পৃথিৱী 

বতাহ পানী আৰু মাটি;

এনেকুৱা সৃষ্টিশীল ধ্বংস পুনৰ
হওক বুলি কোনো মানুহে বুকুত হাত থৈ ক
ব পাৰেনে ?

 

বৰঞ্চ মই তেওঁক কওঁ, আহাঁ গছ হওঁ 

পাত সাবটি যন্ত্ৰণাকাতৰ ওঁঠেৰে
তেওঁ চুমা থয়
, নীলা,  

গছৰ হাত গজে এখুদমান

সন্তানৰ অসীম আকুলতাৰে গছে
তেওঁক আৱৰে

গছে ভৰি মেলি গজগজাই শিপাই যায় 

মোৰ বুকুৰ পলস 

মই প্ৰাপ্তিৰ উপাসনাৰ ভৰুণ
সমাপনেৰে
  জনাওঁ  কৃতজ্ঞতা ৷

 

এতিয়া কোনে বিশ্বাস কৰিব 

গছবোৰ মানুহ ৷

                     ***

ঠিকনা : যোৰহাট 

ফোন : ৯১০১৫৩৬১০৯