জীৱন কিশোৰ
গোলাপ আমাৰ উভতি
আহিব বুলিয়েচোন আমি উকা ফুলনিখনত সিমান দিন ধৰি ধৈৰ্য সহকাৰে ৰৈ আছিলোঁ। তাৰ কথাত
গুৰুত্ব নিদিয়া আৰু দায়িত্বৰ প্ৰতি অৱহেলাৰ যি গুৰুতৰ অভিযোগ আমাৰ ওপৰত আৰোপিত
হৈছে,
সেয়া আমি অন্তঃকৰণেৰে মানি ল‘ব পৰা নাই।
সদায় দেখি থকা
কিবা এটা চকুৰ সমুখতে নোহোৱা হোৱা বা হেৰাই যোৱাটো এক বুজাব নোৱৰা অৱস্থা। কিছু
আৱেগ,
এচিকটা দুখ বা অলপ আক্ষেপ তাত থাকিবই পাৰে। অথচ সেইবোৰ একোৱে প্ৰকাশ
কৰিবলৈ আমি ইচ্ছুক যে নহ‘লোঁ তাৰ বিশেষ কাৰণ নথকাও নহয়,
নিশ্চয় আছে।
আমি আচলতে তেনে
কৰিবলৈ আগতীয়াকৈ কোনো অনুমতি সংগ্ৰহ কৰা নাছিলোঁ। বহু কেইবাৰ আমাৰ তেনে আৱেদন
নামঞ্জুৰ হৈছে। আমি উপেক্ষিত আৰু বঞ্চিত হৈ কটাবলগীয়া হৈছে বহু ৰাতি-দিন। প্ৰতিবাৰেই আমি স্বাধীনভাৱে কিবা অনুভৱ কৰিব
বিচাৰোঁ,
কিন্তু নোৱাৰোঁ। প্ৰতিবাৰেই নিজাববীয়াকৈ কিবা প্ৰতিক্ৰিয়া ব্যক্ত
কৰিব খোজোঁ, অথচ আমাৰ হাত বন্ধা থাকে। আমি হাঁহি-কান্দোন-এঙামুৰি
বা এলাহ-হুমুনিয়া-হামিৰ পৰা আদি কৰি হাঁচি-কাহ-উগাৰৰ বাবেও যে মুক্ত নহওঁ। এই
অভিব্যক্তিবোৰৰ বাবেও আমাক অনুমতিৰ দৰকাৰ হয়। কাজেই, আমি
লাগিলেও দুখ কৰিব নোৱাৰোঁ, উঠিলেও আমি হাঁহিব নোৱাৰোঁ, আহিলেও কান্দিব নোৱাৰোঁ। বাক স্বাধীনতা নাই বুলিলেও বঢ়াই কোৱা নহ‘ব।
আজি প্ৰায় পাঁচ
মাহেই হ‘ল, গোলাপ হেৰোৱা। তাৰ কোনো সন্ধান পোৱা দূৰৰে কথা,
সি নোহোৱা হোৱাৰ সম্ভাৱ্য কাৰণ সম্পৰ্কেও কোনেও একো অনুমান কৰিব পৰা
নাই। কোনো তথ্য আমাৰ হাতত এতিয়ালৈকে পৰা নাই। কোনো অনুসন্ধানত এই পৰ্যন্ত
বিন্দুমাত্ৰও অগ্ৰগতি হোৱা নাই।
এইবোৰ আমি কৰা
আশাৰ সম্পূৰ্ণ বিপৰীতে গৈছে। আন কোনো উপায় নাছিল, গতিকে আমি নিজেই
তাক বিচাৰি উলিয়াবলৈ থিৰাং কৰিলোঁ।
নিশ্চয় কৰিছিলোঁ, তাক বিচাৰিবলৈ আমি আইনী ব্যৱস্থাৰ সমস্ত প্ৰয়াসেই কৰিছিলোঁ। সেইবোৰ কোনো
কামত নহা দেখি এটা সময়ত আমি সম্বিত ঘূৰাই পালোঁ। আকৌ, নিজেই
কোনো সন্ধান নকৰাকৈ কেৱল ফুলনি এখনত ৰৈ থাকি আমাৰ যি মনোকষ্ট আৰু বিৱেক-দংশন হ‘ল, সেয়া আমি নিজেই নিজৰ মাজতে হেৰাবলৈ লোৱাৰ সমকক্ষ
হৈ উঠিল।
ইয়াত বহুত বেছি
দিন হোৱা বুলি ক‘ব নোৱাৰি। চহৰ পৰ্যায়লৈ সদ্যোন্নীত এই
ঠাইত আমি নতুন প্ৰাণী বুলিয়ে ক‘ব লাগিব। ইয়াৰ ভাব-ভাষা,
ভালপোৱা, আন্তৰিকতা, উদাৰতা,
আশ্বাস-বিশ্বাস; ইয়াৰ অৱজ্ঞা, ঘৃণা, উপেক্ষা; ইয়াৰ ৰূঢ়তা,
শঠতা, ইয়াৰ ৰহস্যময়তা, নাটকীয়তা,
ছদ্মবেশ বা উশাহ-নিশাহৰ ৰীতি-নীতি, একোৰে
বিষয়ে আমি জ্ঞাত নাছিলোঁ। আমাৰ আস্থা আছিল দেশৰ প্ৰতি, ইয়াৰ
প্ৰতিজন প্ৰতিবেশীৰ প্ৰতি। বিশেষকৈ আকাশৰ তলত থাকি থাকি আস্থা উপজিছিল ওপৰৱালাৰ
ওপৰত। আমাৰ বিশ্বাস আছিল, ইয়াৰ নাগৰিকে আমাক বুজি পাব,
আমাক সহায়-সহযোগ কৰিবলৈ কোনোবা নহয় কোনোবা
ওলাব আৰু আন একো নহ‘লেও আইনে আমাক সুৰক্ষিত কৰিব।
আমিনো কি
জানিছিলোঁ ইয়াৰ নিয়মৰ কথা, ইয়াৰ প্ৰতীকধৰ্মিতা আৰু চৰাইৰ বাহ গোঁথা
মেৰপেঁচৰ কথা। ইয়াৰ অতিভৌতিক আচৰণৰ প্ৰসংগও আমাৰ জনা নাছিল।
যিবোৰ ইয়াত
দেখিছোঁ সেইবোৰ ঠিক তেনে নহয়, যিবোৰ ইয়াত পাইছোঁ সেইবোৰো ঠিক
পোৱাটোকে নুবুজায়। যি দেখিছোঁ সেইবোৰ নাই আৰু যি দেখা নাই সেইবোৰহে সত্য।
এক মনোৰম জগতত
মন্থিত আমাৰ বিচাৰ-বিৱেচনা আৰু প্ৰতিপালিত অভ্যাস, চাল-চলন আৰু
আড়ম্বৰে আমাৰ প্ৰতিৰোধী ক্ষমতা কমাই আনিলে। প্ৰথম পদক্ষেপতে আমাৰ ভৰি কঁপি উঠিল।
আমাৰ অনুভৱ, আৱেগ, মালীৰ ধেমালি,
মাটিৰ সুগন্ধি, সকলোবোৰ ইয়াত অচল মুদ্ৰা।
বাহিৰৰ এই
বিশৃংখলা,
আগ্নেয় বাতাৱৰণ, এই প্ৰহেলিকাময় ৰূপান্তৰিত
উদ্ভিদৰ অৰণ্য, সংকৰ প্ৰজাতিৰ পয়োভৰ, বিষাক্ত
জীৱৰ উশাহত ভাসমান বিষবাষ্প, এই বিশ্বাসহীনতাৰ দিন-ৰাতিৰ
বাটত আমাৰ বুকুৰ মাণিক, হৃদয়ৰ পুৱতি-তৰা, কাঁচিয়লি জোন, কেঁচাসোণ― গোলাপ,
কেনেকৈ তিষ্ঠি থাকিব পাৰে। প্ৰকৃতিৰ এনে কঠোৰ অৱয়ব আৰু অৱস্থান,
যাক আধুনিক শিল্পী-হাতৰ স্পৰ্শই আৰু অধিক নিৰ্মম আৰু কঠিন কৰি তোলে,
যাক আমি টনকিয়াল বুলিছোঁ, তাত আমাৰ বুকুৰ
উমেৰে লালিত-পালিত গোলাপৰ অৱস্থা কি হ‘ব সেয়া ভাবিয়ে আমি পাৰ নোপোৱা হ‘লোঁ।
প্ৰথমতে আমি
এজাহাৰ এখন দিবলৈ আৰক্ষী চকীখন বিচাৰি পুখুৰীটোৰ কাষে কাষে চাৰিপাক ঘূৰিলোঁ। তেনেকৈ
ঘূৰি থাকোঁতে আমাৰ মূৰ আচন্দ্ৰাই কৰিলে আৰু আমি পুখুৰীৰ পানীত তীব্ৰ পকনীয়া এটা
দেখিলোঁ। দেখিলোঁ, কেনেকৈ পেলনীয়া জাবৰ-জোঁথৰবোৰ ঘূৰ্ণায়মান বলয়ৰ সমন্বয়ত
পাতাল-গৰ্ভলৈ প্ৰৱেশ কৰিছেগৈ আৰু কেনেকৈ ওপৰৰ পানীখিনি স্ফটিক সদৃশ
স্বচ্ছ-পৰিষ্কাৰ আৰু নীলাভ হৈ উঠিছে।
আমাক দেখি কোনো আচৰিত হোৱা নাই। আমাৰ অস্তিত্বক স্বীকাৰ কৰা নাই অথবা এনেকুৱাও হ‘ব
পাৰে, কোনেও আমাক আচলতে দেখাকে নাপালে। দ্বিধাগ্ৰস্ত হৈ কাৰো
চকুলৈ আমাৰো চাবলৈ নহ‘ল। প্ৰাতঃভ্ৰমণৰত পদাচাৰীসকলে তেতিয়া
উভতি যাওঁ যাওঁ কৰিছে। আমাকো শৰীৰ-চৰ্চাৰ লগত জড়িত থকা কোনো সচেতন ব্যক্তি বুলি
ভাবিবও পাৰে।
ধন্যবাদ সেইসকললৈ যিসকলে আমাক গুৰুত্ব নিদিয়াকৈ থাকিল। অধিক গুৰুত্ব আৰু আপোনত্বৰ
আৱেশতেই আমি নিমজ্জিত আছিলোঁ, যাৰ বাবে আমি এনে অনাহূত
পৰিস্থিতিৰ সন্মুখীন হ‘বলগীয়া হৈছে। গোলাপক বিচাৰি উলিওৱাটো
আমাৰ বাবে এই মুহূৰ্তত হৈ পৰিছে আটাইতকৈ মৌলিক প্ৰয়োজনৰ লেখীয়াই কিবা এটা।
ইমান ডাঙৰ
পুখুৰীটো এপাক ঘূৰোঁতে আমাৰ আধা ঘণ্টা সময় লাগিছিল। এনেকৈ সৰ্বমুঠ আমি দুঘণ্টা
জোৰা কাল পৰিভ্ৰমণ কৰি থাকিলোঁ যদিও তাত কষ্টকৰ বুলি একোৱে নাছিল। সেয়া আছিল
বাধ্যতামূলক, গোলাপৰ জীৱনৰ সৈতে সংযোজিত খুবেই স্পৰ্শকাতৰ বিষয় এটা
তাত জড়িত হৈ আছিল। গতিকে তাত অনীহা-ভাগৰ আৰু কষ্ট-পৰিশ্ৰমৰ প্ৰশ্নই অনৰ্থক আছিল।
এটা আশাৰ সঞ্চাৰ
নিশ্চয়কৈ হৈছিল। পঞ্চম পাকটো মাৰোঁতে এটা যাদুঘৰ দেখা পালোঁ, যিটো বন্ধ আছিল বাবেই বাৰটো আজিও বৃহস্পতিবাৰ বুলি মনত আছে। তাৰ কাষেৰেই
সৰু গলিটো মগনীয়া এজনে দেখুৱাই দিলে। তেওঁক আমি পাঁচ টকাৰ মুদ্ৰা এটা দিলোঁ। তেওঁ মুখখন
বিকটাই পুখুৰীটোলৈ সেইটো দলিয়াই পঠিয়ালে। তাৰ লগত লাগি থাকিবলৈ বা কিয় সি তেনে
কৰিলে তাকে সুধিবলৈ আমাৰ সময়েই নাছিল।
মাত্ৰ এনে ভাব হ‘ল,
মুদ্ৰাটো পানীত মন্থৰ গতিৰে ডুব গৈ গৈ পাতাল প্ৰদেশ পালেগৈ।― মূল্যটো
কম হ‘ল চাগে‘। ― আমি
ভাবিলোঁ। একো মন্তব্য নকৰিলো। সিও
আমাৰ দৰে ঢলং-পলং কৰিহে আছিল, নহ‘লে
এবিধ সুগন্ধি পানীয় সৰহকৈ গ্ৰহণ কৰিছিল। তাৰ স‘তে চুপতি মাৰি
থাকিবলৈ আমাৰনো কিহৰ গৰজ।― তাক আমি এটা নাম দিলো― সুৰুঙা-তিনি।
নহ‘লে আমি কাক লগ পাইছিলোঁ, কিয় সেইফালে
গ‘লোঁ, কিয় ইমান সময় নষ্ট কৰিলো বুলি
কোনোবাই সুধিলে কি উত্তৰ দিলোহেঁতেন? আনহাতে তথ্যবোৰ ক‘ৰবাত টুকি ৰাখিবলৈও নাম এটাৰ খুব প্ৰয়োজন হয়।
― ইয়াত
নহয় দিয়ক।― আমি সোধোঁতে চকীয়ালজনে ক‘লে।― এনেকুৱা সৰু-সুৰা আপত্তিৰ
বাবে এইখন সঠিক ঠাই নহয়। ই এখন বৃহৎ কাৰ্যালয়। ইয়াত ডাঙৰ ডাঙৰ বিষয়বোৰহে নিষ্পত্তি
কৰা হয়।
আমি ভাবিলোঁ, হয় কথাটো। হয়তো আমাৰ গোলাপ হেৰোৱাটোকেই আমি ইমান ডাঙৰ ঘটনাৰূপে ভাবি আছোঁ,
আমি হয়তো লগাতকৈ বেছি দুখী হৈছোঁ আৰু অতি-প্ৰতিক্ৰিয়া ব্যক্ত
কৰিছোঁ। আমাতকৈ পাঁচগুণে ডাঙৰ সমস্যাৰেও আন কোনো ভুক্তভোগী থাকিব পাৰে যাৰ
কামবোৰহে এই দপ্তৰত কৰা হয়।
― তেন্তে
আমি কথাবোৰনো ক‘ত জনাম? আমাক
মাৰ্গদৰ্শন কৰাটোতো আপোনালোকৰে কৰ্তব্য।― আমাৰ
অনুমোদিত আচৰণবিধিত প্ৰয়োজনতকৈ বেছি কাকূতি-মিনতি কৰাটোও বাৰণ কৰা আছিল। সেয়ে
অনুৰোধৰ সুৰটো আমি বেসুৰা কৰিলো। দপ্তৰত গৈ কিদৰে আচৰণ কৰিব লাগে, আমাৰ ঠাইত আয়োজিত কৰ্মশালা কেইখনমানত সেই বিষয়ে প্ৰশিক্ষণ ইতিমধ্যেই আমি
লৈ থৈছিলোঁ― সেইবোৰ গমি-পিটি আমি
দাবীৰ সুৰত দুনাই সুধিলোঁ― আমাক সুবিচাৰ লাগে।
সমাধান নোহোৱাকৈ আমি ইয়াৰ পৰা এখোজো লৰচৰ
নকৰোঁ। মুঠতে বিষয়টো নিষ্পত্তি নোহোৱালৈকে আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ।
― ধৈৰ্য
ধৰাঁ, বুজিবলৈ চেষ্টা কৰাঁ। সুবিচাৰ হ‘ব।
মই কথাটো আমাৰ চাহাবক জনাইছোঁ ৰ‘বা― তেওঁ
কিবা এটা উপায় নিশ্চয় উলিয়াব।― চকীয়ালজন
সোমাই যাওঁতে আমি ভিতৰত কিবা ফুচ্ফুচনি শুনিবলৈ পালোঁ। অনুচ্চ স্বৰত খিক্-খিক্কৈ
হঁহাও শুনিবলৈ পালোঁ। আমাক হয়তো বিদ্ৰূপ কৰিছিল। অনুমানহে কৰিলোঁ, অইন কিবা কথাও থাকিব পাৰে। কোনে জানে?
― কোন
তোমালোক ? ইয়াত ৰাতিপুৱাই ৰাতিপুৱাই কিহৰ হুলস্থূলখন কৰিছা?― হঠাৎ
শকত-আৱত ওখ বিষয়াজন আহি আমাক ধমকি দি সুধিলে।
তেওঁ কোনো
শাসকীয় প্ৰকৃতিৰ সাজ-পোছাক বা সমবেশ পৰিধান কৰা নাছিল যদিও তেওঁৰ দীঘল মোচকোছা, তেওঁৰ চেহেৰা, কণ্ঠস্বৰ আৰু কথনভংগীৰ দৃঢ়তাৰ পৰাই
আমি সেইটো নিশ্চিত হ‘লোঁ। যি বিষয়েও আমাক কৰ্মশালাত পাঠ এটি শিকোৱা হৈছিল। টোকাবোৰ আমাৰ মোনাতেই
থাকে।
― আমাৰ
গোলাপ হেৰাইছে। সি ঘৰলৈ উভতি অহা নাই। আমি কি কৰিম তাকে ভাবি পোৱা নাই। এই আৱেদন
পত্ৰখনেৰে আমি বিষয়টো উত্থাপন কৰিছোঁ। আশা কৰোঁ এটা সুসমাধান আগ বঢ়াব।
তেওঁ এইবাৰ হঁহা
যেন কৰিলে। পিছফালে থিয় হৈ থকা চকীয়ালজনে তেওঁৰ কাণে-কাণে কিবা ক‘লে।
তেওঁ মলিয়ন বগা গেঞ্জীটোৰ ওপৰেৰে ওলমি থকা পেটটো খজুৱাই-খজুৱাই বহুত কিবা বুজি
পোৱা যেন ভংগী কৰিলে।
― কিবা
তাৰ ছবি-টবি আছে নেকি ?― তেওঁ সুধিলে। আমি লগে-লগেই
গোলাপৰ ছবি এখন দেখুৱালোঁ।
― তেওঁ
পাকঘৰৰ মেল খাই থকা খিৰিকীৰ কাষৰে ফুলনিখনলৈ যোৱা বাটটোলৈ আঙুলিয়াই ক‘লে― যাওঁতে ইফাল-সিফাল
নোচোৱাকৈ এইটোৰে ওলাই যাবা। অহা বাটৰ প্ৰৱেশদ্বাৰখন বৰ্তমান বন্ধ কৰি দিয়া হৈছে।
মই কাগজখিলা ৰাখিলোঁ। চিন্তা কৰিব নালাগে, আমি উপযুক্ত আৰ্জি
নম্বৰ বহুৱাই পঞ্জীয়ন কৰাই ল‘ম। খালি কাইলৈ আহিবা, খালী হাতে নাহিবা। নহ‘লে খালী ঠাই কাহানিও পূৰণ নহ‘ব।
আমি ফুলনিৰ
মাজেৰে পাৰ হৈ যাওঁতে বাধা-নিষেধ নামানি প্ৰতিজোপা গছতেই চকু ফুৰালোঁ। ক‘ৰবাত
কিবা জানো ভুল বিচাৰি পাওঁ। তেনে খেলিমেলিৰ মাজতে ৰহস্য ফাদিলৰ টিপবোৰ সোমাই থাকে।
আমি সোঁৱে-বাঁৱে নিৰীক্ষণ কৰি থাকোঁতে পাকঘৰৰ খিৰিকীৰে অলপ নীলা-বেঙুনীয়া ধোঁৱা
ওলাই থকা দেখিলোঁ আৰু এটা পোৰা বেঙেনাৰ গোন্ধ পালোঁ। মনত পৰিল পোৰা বেঙেনাৰ গাটো
কেনেকুৱা।
আমি শেষ সীমনাৰ
জপনাখন খিলিডাল নলগোৱাকৈ লাহেকৈ লগাই ওলাই আহিলোঁ। ভাবিলোঁ― কাইলৈ
আকৌ আহিবলগীয়া হ‘ব পাৰে। নহ‘বও পাৰে।― অলপ
ভয় লাগিল। যেনিবা, মাছবোৰ পুখুৰীৰ পাৰ ভাঙি ওলাই অহাৰ দৰে
ফুলবোৰো বেৰ ভাঙি বা জপনা খুলি ওলাই যাব। কিছুমানে এৰাল দিয়া গৰুৰ দৰে মন্দিৰৰ
পদূলি চুবগৈ। নতুবা এৰাল দিয়া গৰুবোৰ নিজেই সোমাই আহি ফুলগছবোৰ খাই শেষ কৰিব।― এই
ওলাই অহাই সোমাই যোৱাৰ বাট মুকলি কৰিছে।― হুমুনিয়া
এটা কাঢ়ি ভাবিলোঁ, ওহোঁ, হুমুনিয়া এটা এৰি, ভাবিলোঁ নে নাভাবিলোঁ। দুখ কৰাটোতো মানা আছিল।
ইপাৰে বন বিভাগৰ
কাৰ্যালয়,
কাষতে এখন কাৰাগাৰ। বন-বিষয়া আৰু কয়দীসকলৰ আত্মীয়-কুটুম্বহঁত একে
বাটেৰে আহে আৰু উভতি যায়। পুখুৰীৰ পাৰত এইবোৰ কিহৰ আয়োজন? আমি
কোৱা বাবে নহয়, ইয়াৰ সমগ্ৰ ব্যৱস্থাপনাই বিচিত্ৰ। এই ভিন ভিন
আখৰৰ বস্তুবোৰ একেলগে থকাৰ কি সকাম ইয়াত ? বিবিধতাৰ মাজতে
একতাৰ এনাজৰী-চিপজৰী-গলখেঘাৰী-বাঘজৰী। ভাবিলো, সমুখতে বন
বিভাগৰ কাৰ্যালয় দেখিলোঁৱে যেতিয়া ইয়াতো আৱেদন পত্ৰ এখন দি যাওঁ, মোনাত আমাৰ উকা কাগজ থাকেই। কিন্তু ই আমাৰ পৰিকল্পনাৰ অন্তৰ্গত নাছিল
আৰু চিন্তাৰেখাৰো পৰিপন্থী আছিল। আনহাতে,
কাৰাগাৰৰ সিপাৰেনো কি আছে বা কয়দীসকলে আমাৰ ঘটনা সংক্ৰান্তত কিবা
জানেনে কি, তাকে গম ল‘বলৈ ওখ পকী বেৰখন
বগাওঁ বুলিও নাগুৱালোঁ। তেনেবোৰ পদক্ষেপ আমাৰ পাণ্ডুলিপিত সন্নিৱিষ্ট নাছিল আৰু এনে
সংকটমুখী সিদ্ধান্ত নিজাববীয়াকৈ ল‘বলৈ আমি অপাৰগ আছিলোঁ।
বহল পুখুৰীটোৰ
সিটো পাৰেই মন্দিৰটো। উজ্জ্বল স্বৰ্ণ মুকুট পৰিধান কৰি যুগ যুগ ধৰি স্থিৰ আৰু
স্থিতপ্ৰজ্ঞ হৈ থিয় দি আছে। অজস্ৰ আস্থাৰ সাক্ষী হৈ ৰৈছে অবিচল।― ধ্যেই,
আমি ক‘ৰবালৈহে গৈ আছোঁ। ভূগোল-বুৰঞ্জীৰ এতিয়া
সময় নাই। এফালে গোলাপৰ অস্তিত্বৰ সংকট, আনফালে আমাৰ ঘাইশিপাৰ
মাজৰ পৰা আৰম্ভ হোৱা পচন। অচিনাক্ত ভেঁকুৰে আমাৰ আত্মাৰ মজ্জাৰসবোৰ খায় আৰু খায়।
কি বিচাৰি আছোঁ
আৰু গৈ আছোঁ ক‘লৈ ? বিশ্বাসৰ বজাৰ খেৰাব, আশ্বাসবোৰ কাৰো মানিব পৰা নাই। মনিব পৰা নাই আশাৰ ৰেঙণি। ভাৰসাৰ ভাৰ কোনেও
ব‘ব পৰা নাই। বজাৰত জাবৰ-জোঁথৰ, বেজাৰত আমাৰ বজৰুৱা গান।
কথাবোৰ
বেবেৰিবাং যেন লগা নাইনে ? কোনোবাই আমাক বিপথে পৰিচালিত কৰিছে বা
কৰিছিল। আমি ভাবিছোঁ, কিন্তু ভাষা বিচাৰি পোৱা নাই। খোজ
কাঢ়িছোঁ, কিন্তু অৰ্থ বিচাৰি পোৱা নাই। উদ্দেশ্যৰ কথা
মাজে-মাজে পাহৰি গৈছোঁ। একো এটা মিলা নাই। যেনি-তেনি হুলা মাৰিছোঁ আৰু মাৰিছোঁ।
এতিয়ালৈকে হোৱা
আটাইকেইটা কথাই মিলিলনে নাই নাজানো ?― মাছ,
মুদ্ৰা, মুকুট, কয়দী,
বন-বিষয়া আৰু পোৰা বেঙেনা। আমি কি বিচাৰিছোঁ আৰু আমাৰ মনোযোগ ক‘ত। শব্দকেইটা টুকিবলৈও মন যোৱা নাই। ঘটনাক্ৰম অনুযায়ী কথাবোৰ মিলি থকাও
নাই।
এইবোৰেই সেই কথা
যিবোৰে আমাৰ গোলাপৰ অস্থিত্বকেই সংকটাপন্ন কৰি তুলিছে। বিপথগামী আমাৰ চেতনাই দুখ
কেনেকৈ কৰিব লাগে তাকে পাহৰি পেলাইছে।
সিটো পাৰতকৈ ইটো
পাৰে আমাৰ বেছি অসহজ আৰু আখজা লাগিছে।
সি যি নহওক
সিপাৰে মন্দিৰটো আছিল। ইপাৰে এইবোৰ কল্পনা। তুচ্ছ অবিৱেকী চিন্তা। হ‘লেও
ভালেই লাগিছে। সময় কেতবোৰ কাটিছে, ঘৰতে বহি থকাতকৈ গোচৰ
এটাকে তৰিবলৈ সুযোগ লাভ কৰিলোঁ। এটা নতুন অনুসন্ধানৰ আমিও সাক্ষী বা হৰ্তাকৰ্তা হ‘ব পাৰিছোঁ। নিষ্কৰ্মা জীৱনৰ স্থিৰতাক অস্থিৰ গতি এটা দিবলৈ ইও যথেষ্ট
আছিল।
কাৰাগাৰৰ ওচৰৰে
পাণ-দোকানীজনে ক‘লে― তহঁতৰ
অভিনয়টো একেবাৰে খাপচাৰা হৈছে। অলপ জোৰ দি কথাকিটা ক‘ব
নোৱাৰিলি? দুখী-দুখীকৈ ক‘লেও কথা সিজিলেহয়। আৰু হাঁহি উঠা কথাটো কি জাননে, সেই
পেটেলাটো কোনো বৰমূৰীয়া নহয়, সি মস্ত এটা ফতুৱা জিনিছ। সেইটো
এটা ৰান্ধনিহে। সি কি জানে এইচব কথা। দৰ্খাস্তৰ কাগজকিখন পুৰি সি চাহ-তাহ বনায় আৰু
কেতিয়াবা বিড়ি জ্বলাই খায়।
যদিও শুনিলো, এইটোৰ বক্বক্ কোনে শুনে। নাভাবিলেও ভয় অলপ খালোঁ। লগে-লগে তাক এটা নাম
দিলোঁ― সুৰুঙা-ছয়।
― আমাৰ
কোনো অভিনয়-চভিনয় কৰাৰ মতলব নাই। আমি ভিতৰত যি, বাহিৰতো আমি
সেয়াই। সেইবাবেই বাহিৰলৈ ওলাই আহিলোঁ, দপ্তৰৰ ভিতৰলৈ সোমাই গ‘লোঁ, বেঙেনা এটা পুৰিলো, ফুলনিত
ফুল ছিঙিলোঁ, জপনাখনেদি ওলালো, কি বিচাৰি
আহিছিলোঁ ?
― সিহঁতে
আামাৰ আৱেদন-পত্ৰ গ্ৰহণ কৰিছে, গতিকে আমি প্ৰায় নিশ্চিত যে
সেয়া নামঞ্জুৰ নহয়। ভাবিছোঁ কামটো হ‘ব।
― ভাল
কথা, প্ৰায় নিশ্চিত। মানে অনিশ্চিত।… কি বা দিলা, বিচাৰি দিবলৈ।― সি মিচিককৈ হাঁহিটো মাৰিব
খুজি ৰৈ গ‘ল। কিন্তু আমি কেনেকৈ গম পালোঁ যে সি মিচিককৈ
হাঁহিব খুজিছিল। বিশেষণবোৰ এনেকুৱাই, অপ্ৰয়োজনতো কেতিয়াবা
নাহাঁহি নোৱাৰে।
― কাইলৈ
দিম।― আমি একো নক‘লোঁ।
― দিম
মানে? সেয়া ভৱিষ্যৎ। কিন্তু এয়া অতীত। কিবা দিও জানো কিবা
লাভ হ‘ল ?
― লাভ
বিচাৰি আমি ওলাই অহা নাই। বৰঞ্চ সোমাই গৈছোঁ।― ক‘ব খুজিও ৰৈ গ‘লোঁ।
― ৰৈ
গ‘লে নহ‘ব। আগ বাঢ়ি যোৱা। কমি যাব নহ‘লে চাবা।― সি আমালৈ নাচালে । কিন্তু
কেনেকৈ গম পালে আমি নভবাবোৰো।
― কি
কমি যাব, সদিচ্ছা?― তাৰ
কথাত আমি অনিচ্ছা প্ৰকাশ কৰিলোঁ।
― অঁতো,
নহ‘লে জপনাখন ভালদৰে জপাই নাহিলা কিয় ?
নজপালে সেইখন জপনা কেনেকৈ হ‘ল? সুৰুঙাটো তাতেই এৰিছা ।― সি
কি বা ক‘লে কিন্তু মুখখন নজপালে। বাদ দিয়াঁ এইবোৰ কথা।― আমি
নিজকে ক‘লোঁ।― সি
আকৌ সুৰুঙাৰ কথা কয়। সি নিজেই এটা সুৰুঙা। সুৰুঙা-ছয়।
আমি গোলাপক
হেৰুৱাই বিবুদ্ধিত পৰিছিলোঁ। এটা শংকা, এটা দ্বিধাবোধৰ মাজতে
আমি ওলাই আহিছিলোঁ তাক বিচাৰি আৰু আহি আহি আমি এইখিনিয়ে পোৱাহিয়ে নাই।
বহুতেই বহু কথা
বলকিছে। কোনোবাই কৈছে এইবোৰ অহেতুক ভাব-বিলাস, কোনোবাই কৈছে অৰ্থহীন হ‘লে কিয় ক‘ব লাগে আকৌ কিছুমানে কৈছে, এই ওলাই অহাই সোমাই যোৱাঁ। এফালৰ পৰা চাবলৈ গ‘লে
কথাটো সঁচা। হয়, যিমানেই আমি ইফালৰপৰা ওলাই গৈছোঁ, সিমানেই সোমাই সোমাই আহিছোঁ সিফালৰপৰা জটিলতালৈ। এক অনিশ্চয়তাৰ পুখুৰীত
বাৰে বাৰে সোঁত গণিছোঁ। হেৰাই যোৱাটো বিচাৰি নোপোৱাৰ অনিশ্চয়তা, বিচাৰি পালেও চিনি নোপোৱাৰ ভয়। সমুখত কি আমি নাজানো। কিজানি এখন ওখ পাহাৰ
নহ‘লে এটা অন্ধ-কূপ। হয়তো এখন জাৰণি। এই অজ্ঞানেই কঢ়িয়াই
আনিছে ভীতি। কিন্তু অজ্ঞৰ দৰে সুন্দৰ, গোলাপক বাদ দি আন কি হ‘ব পাৰে? এয়া কি কৰিছোঁ আৱেগিক হৈছোঁনে কি ক‘ৰবাত ? আৱেগৰ অৰ্থ আমাৰ বাবেতো বৰ্জনীয় পদাৰ্থ।
আমি কোনো
পৰিকল্পনা কৰিব পৰা নাই, গঢ়িব পৰা নাই কোনো ৰণকৌশল। আগন্তুক সম্ভাৱ্যৰ লগত মুখামুখিৰ বাবে আমি অপ্ৰস্তুত। সতৰ্ক হ‘ব
পৰাকৈ আমাৰ হাতত একো নাই। উচ্চস্বৰত কাকো এষাৰ মাতিব পৰা নাই। আমাৰ আৱেগবোৰ
কোৱাৰিৰে বৈ পৰিছে। আমি অতদিনে কঠোৰ হোৱাৰ যি অনুশীলন কৰিলোঁ, যি অভিনয় শিকিলোঁ সেই সকলোবোৰেই বৃথা প্ৰমাণিত হৈ আছে।
আমি জানিব লাগিব, আমাৰ গোলাপ ফুলৰ দৰে হ‘লেও সি কোনো ফুল নহয়। তাক ফুল
বুলি ফুলনিত বিচাৰি ফুৰা আৰু কলিৰ পৰা ফুল ফুলাকে বাট চাই থকা সুৰকাৰসকলে তাক
কাহানিও সাকাৰ ৰূপত দেখা নাপায়।
গোলাপ।
সি আছিল এটা
নতুন ধৰণৰ প্ৰাণী। গৰু এটাৰ থকাৰ দৰে নে তাৰ আছিল নেজ, নে আখেজ, নে অভিমান নে ভেম, নে
আছিল মৃত্যুৰ প্ৰতি ভয় নে আছিল প্ৰজননৰ প্ৰতি অবাধ কিবা লালসা। সি ৰূপসজ্জা আৰু
শৃংগাৰ ভালপোৱা উভলিংগী প্ৰকৃতিৰ বিৰাট কিবা এটাও নাছিল। তথাপি তাৰ নিসৃত ৰস চকুত লোৱা, খাদ্যৰ
প্ৰকৰণত ব্যৱহাৰ কৰা, তাৰ শৰীৰক ফুলদানিত সজাই ৰখা, তাৰ কাঁইটীয়া ছালক ভয় কৰা মানুহ-অমানুহ আৰু জন্তুৰো কোনো অভাৱ হোৱা নাছিল
বা নাথাকিব।
সেয়েহে সি
নিৰুদ্দেশ হৈ পৰোঁতে আমি শংকিত হোৱা যেন কৰিলোঁ। সেইখিনি অভিব্যক্তি নেদেখুৱালে
আমাক কোনেও সহজে ল‘ব নোৱাৰিলেহেঁতেন।
আমি পুখুৰীটো
ওলোটাকৈ এপাক মাৰোঁতে পূৰ্বতকৈ দুগুণ সময় লাগিল। বিষয়টো চিন্তনীয়। কাৰণ অকণ
যৌক্তিক নহ‘লে কথাবোৰ কিয় কোনোবাই বিশ্বাসত ল‘ব ? ওলোটা ফালৰ পথছোৱা বেছি থিয় হোৱা বুলি ধৰিলেও
ইমান বেছি সময় লাগিব নালাগে। বা বতাহ ওলোটাকৈ বৈ থকাটোও ইমান সময়ৰ ব্যৱধানক বাস্তৱিক
আৰু তাক উচিত বুলি প্ৰমাণিত কৰিব নোৱাৰে।
আমি বেছিকৈ ভাগৰি পৰিলোনে কি? কিন্তু বুকুৰ ধপ্ধপনি ভাগৰ হ‘ব নোৱাৰে। সেয়া ভয়-শংকা-আশংকাৰ পৰাহে উদ্ভূত আছিল। হ‘লে এটা হ‘ব পাৰে, সেয়া হ‘ল আমি অদৰকাৰী কথাবোৰত লিপ্ত হৈ থাকোঁতে এপাকৰ ঠাইত আমি পুখুৰীটো দুপাক
ঘূৰিলোঁ কিজানি। যদি সেয়া হয়, সেই অদৃশ্য পাকটোতেই আমি গোলাপক
হেৰুৱালোনে কি? ক‘ৰবাত হয়তো তাক আমি
দেখিও চিনি নাপালো। নতুবা তাক আন ঠাইতহে আমি বিচাৰি আছিলোঁ য‘ত
সি নাছিল আৰু বিচাৰিব নালাগিছিল।
লগে-লগেই আন এটা
কথাও প্ৰাসংগিক হৈ উঠিল যে আমি গোলাপক জোৰকৈ শিপাৰ পৰা বিচ্ছিন্ন কৰি আনি আৱদ্ধ
কৰি ৰাখিছিলোনে কি? তাৰ ইচ্ছাৰ বিৰুদ্ধে কৰা আমাৰ কিবা কাম
কিম্বা অতিমাত্ৰিক বাধ্যবাধকতাই হয়তো তাক মুক্তি বিষয়ক কথাবোৰ জুকিয়াই চাবলৈ সুযোগ
এটা দিলে। বাট এটা দেখুৱালে দুৱাৰৰ বাহিৰত। হ‘ব পাৰে এনে বহু
সম্ভাৱ্য। কিন্তু কথা হ‘ল আমি গোলাপক নিবিচৰাকৈ উভতি যাব
নোৱাৰোঁ। তাক বিচাৰি উলিওৱাটো এই মুহূৰ্তত আমাৰ বাবে আটাইতকৈ মৌলিক প্ৰয়োজনীয় বস্তু
এটা উন্মাদনাৰে বিচাৰিথকাৰ লেখীয়াই হৈ পৰিছে।।…
অৱশিষ্ট বিচাৰি
নাপালে তাক মৃত্যু বুলি মানি ল‘ব নোৱাৰি। কিন্তু অৱশিষ্ট বিচাৰি
চোৱাটো আমাৰ কৰ্তব্য।
আমি পুখুৰীৰ শেষ
পাকটো মাৰোঁতে বাঁওফালে মন্দিৰৰ পিছ দুৱাৰখন দেখিলোঁ। আগৰ সেউজীয়া গছবোৰ কোনোবাই
কাটি থৈছে। একেবাৰে সহজতে পুৰণি মন্দিৰটো চকুত পৰে। কিবা প্ৰকট হোৱাৰ কথা কোৱা
শুনিছিলো। ৰোপণ কৰা সৰু-সৰু গছপুলিবোৰ কেতিয়াকৈ বৰগছ হয় তাকে হেনো সকলোৱে বাট চাই
আছে। এই বাট চোৱা আমাতকৈ বেছি দীঘলীয়া নহ‘লেও আশা কিন্তু মন্দিৰৰ
মাস্তুলটোতকৈও ওখ। কিছুদিন আগতে সমুখৰ বাটটোৰ দাঁতিত এজনে কৈ থকা শুনিছিলোঁ,
মন্দিৰটো বোলে হেৰাই যাব। ইয়াক কিবা সংৰক্ষণ কৰিব লাগে হেনো। আন এজন
আমাৰ দৰে ল‘ৰামতীয়া চেলেপু প্ৰকৃতিৰ লোকে বিদ্ৰূপৰ সুৰেৰে
কোৱা শুনিছিলো।― ঈশ্বৰ শুই আছে নেকি?
গছবোৰৰ চৰাইবোৰ ক‘লৈ উৰি গ‘ল।
এবাৰ মাত্ৰ
ভাবিলোঁ― এইফালে ঘূৰিবৰ সকাম নাই। উপায়হীনতাৰ শেষ পৰ্যায়তহে
এইফালে ঘূৰা হয়। আমাৰ সন্ধান এতিয়াও বহুখিনি বাকী। আমি এই বিন্দুতে কেনেকৈনো
আত্মসমৰ্পণ কৰোঁ ?
সোঁহাতে ঘাটটোৰ
ফালে আগুৱালোঁ। ৰিব্ৰিব্কৈ বৈ থকা মলয়াত সংকুচিত হৈ অকণ উখহি উখহি ঢৌবোৰ আগ বাঢ়িছে।
নিঃসন্দেহে, সন্দেহে আমাৰ সম্পদ। চকুৰ পলকতো ৰৈ যায় বহু কথা। হঠাৎ দেখিলোঁ, প্ৰায় শান্ত হৈ থকা পানীখিনিত খলকনিত উঠিছে। মাছবোৰে ছট্ফটাইছে। ভোকাতুৰ
কুকুৰৰ দৰে কিবা এটা জপটিয়াইছে। তাৰ পাছ মুহূৰ্ততে ইটোৱে সিটোৰ পৰা টানি-আঁজুৰি
ৰঙাকৈ বস্তুটো ফালি-ছিৰি নেফানেফ কৰিছে। হেতা-ওপৰা কৰিছে এটাই আনটোৰ লগত। যিমান
কামুৰি ছিঙিছে ওচৰৰ পানীখিনিত সিমানেই ৰং চৰিছে।ৰঙাবোৰ সিমানেই বিয়পি গৈছে আগলৈ।
টনা-আজোৰা কৰি
কৰি বস্তুটো নিমিষতে সিহঁতে পানীৰ অতল
গভীৰলৈ লৈ গ‘ল। অকণ শান্ত হ‘ল। ৰঙাবোৰ পাতল হ‘বলৈ ধৰিলে, সিহঁত কিজানি গৈ পাতাল পালেই। পুনৰ অকণ
ভয়ৰ সঞ্চাৰ হ‘ল। পাতালৰ কাষতেইচোন অতৃপ্ত জগত এখন। সেইখনেই হ‘ল অপঁইতা, অৱশিষ্ট আৰু উচ্ছিষ্টবোৰ দ‘ম কৰি ৰখা পেলনীয়া
জাবৰৰ ৰাজ্য নৰকখন। আনহাতে, ক‘ত আমাৰ
স্পৰ্শকাতৰ শৰীৰী সুষমাৰ গোলাপ।
পানী আৰু মাটিৰে
কেনেকৈ যে ইয়াৰ নাগৰিকে এই দুয়োখন
দেশে ইমান ধুনীয়াকৈ ঢাকি ৰাখিব পাৰিছে? কলা-সমৃদ্ধ এই চহৰত সঁচাকৈয়ে আমি আদিমানৱ। আধুনিকতা আমাৰ কাষেৰেও পাৰ হৈ
যোৱা নাই।
আমাৰ কাম-কাজ
পাহৰি কি অনাহক কথাবোৰত আমি ঘূৰি ফুৰিছোঁ ? এই ভাবনাবোৰেই আমাক
পুৰণি কৰি ৰাখিছে। পোনে পোনে যাব লাগিছিল।
কি প্ৰয়োজন আছিল বাৰু আমাৰ বাওফালে চোৱাৰ আৰু ঘাটলৈ যোৱাৰ নতুবা পুখুৰী-পাৰত পাক
মৰাৰ।
বিষয়টো যিমানে
আমি নিষ্পত্তিলৈ লৈ আনিব খুজিছোঁ সিমানেই সেইটো বিয়পি গৈছে ঢৌবোৰৰ দৰে, লাহে লাহে হ‘লেও দূৰলৈ প্ৰসাৰিত হৈ গৈছে, কোনোবা পীড়িতৰ তেজৰ ৰং-চৰা পানীখিনি।…
দুটা টুকি থ‘বলৈ
পাহৰা কথা মনত পৰিল। সেই চকীয়ালজন আৰু বিষয়াজনৰ ক্ৰমিক নম্বৰ দুটা― সুৰুঙা-চাৰি
আৰু সুৰুঙা-পাঁচ। সেই সুৰুঙাৰে আমি যেনেকৈ পাকঘৰৰ ভিতৰলৈ চালোঁ। সেই দুটা
সুৰুঙাৰেইতো চাৰিওটা চকুৱে বাহিৰত আমাক দেখা পাইছিল।
বহু হৈ যোৱা কথা আমি ধৰি ৰাখিব নোৱাৰিলোঁ। অনেক কথা আকৌ লজ্জা নিবাৰণ আৰু আত্মৰক্ষাৰ
স্বাৰ্থত প্ৰকাশ নকৰিলোঁ। এইবাৰ সেই ভুল কৰিব নোৱাৰি।
কেনেবাকৈ আমি
বজাৰৰ মাজভাগ পালোগৈ। বেলিটো চাই মাত্ৰ গম পালো আমি নৈঋত দিশে গৈ আছোঁ।
মানুহবোৰে মুখবোৰ চিনি নোপোৱা কৰি ৰাখিছিল। মুখাৱৰণ ব্যৱহাৰ অনিবাৰ্য কৰি পেলোৱাৰ
পৰাই মানুহৰ নিজক লুকুৱাবলৈ সুবিধা হৈছে। আৰু আমাৰ দৰে ব্যক্তিগত
অনুসন্ধানকাৰীসকলৰ বাবে প্ৰক্ৰিয়াবোৰ বিকাৰগ্ৰস্ত হৈ পৰিছে। মানুহৰ লগত নিৰ্ধাৰিত
চাৰি-হাত দূৰত্বই আমাৰ সমস্যাবোৰ জটিল কৰি তুলিছে। আমি প্ৰকৃতাৰ্থত কাৰো ওচৰ চাপিব
পৰা নাই। শব্দৰে কাকো চুব পৰা নাই। আমাৰ শব্দ-বাক্যবোৰ ইয়াত নেচেল। যিবোৰ চলিছে
সেইবোৰ শুনিবলৈ কোনেও সদিচ্ছা জাহিৰ কৰা নাই। কোনো কথা নাই, গোলাপক যেনে-তেনে বিচাৰি উলিয়াওৱাটোহে আমাৰ উদ্দেশ্য। আনৰ গাৰ নোম হিচাপ
কৰা আমাৰ কাম নহয়।
বজাৰৰ
দক্ষিণ-পশ্চিম চুকটোত চাং পাতি মাংসৰ দোকানবোৰ শাৰী-শাৰীকৈ বহুৱাই থোৱা হৈছে। গম
পালো,
দ-দীঘলীয়া পকী নলাটো সিটো ফালেই স্থাপিত। গতিকে মাংস কটোঁতে ব্যৱহৃত
হোৱা লেতেৰা ধোৱা-পানী নিৰ্গমনৰ ব্যৱস্থা সহজ হোৱাকৈ সেইফালেই কৰা হৈছে। এটা
কেচেমা গোন্ধে আমাক জীৱৰ মৃত্যুক্ষণৰ ছট্ফটনিবোৰ মনত পেলাই দিলৈ। বিধে-বিধে চৰাই,
সৰীসৃপ আৰু স্তন্যপায়ী জন্তুবোৰ
মাৰি গোটে-গোটে লোহাৰ হাকোটাত ওলোমাই থোৱা মাংসৰে দোকানবোৰ ভৰি আছিল। তলত
পাৰি থোৱা চিল্চিলীয়া কাগজবোৰত সিবোৰৰ তেজ টোপ-টোপকৈ সৰি আছিল। অনৰ্গল দাবোৰ শিলত
ধৰোৱা আৰু ঘচ্-ঘচ্কৈ মঙহ কটাৰ শব্দই আমাৰ কলিজা ৰেপিছিল। ভিৰৰ গুমগুমনি,
পুৰণি পচা মাংসৰ গোন্ধ আৰু মাখিবোৰৰ ভেন্ভেননিৰ অপূৰ্ব সংমিশ্ৰণে
আমাক গোলাপৰ কথা কিছুপৰৰ বাবে পাহৰাই তুলিলে। কেতিয়াবা আংগিকবোৰেই মূল কথাক
ৰঘুমলাৰ দৰে আগুৰি ৰাখে।
সেই বাহ্যিকতাই
ওলাই অহা,
আৰু যদি সেয়া বিষয়টোত আওপকীয়াকৈ সোমাই যোৱা নুবুজায় তেন্তে আমি ইয়াত
কি কৰিবলৈ আহিলোঁ।
মাংসবোৰ শৰীৰৰ পৰা সুন্দৰকৈ বিচ্ছিন্ন কৰাৰ যি কৌশল মানুহে আয়ত্ত কৰিছে সেয়া
ঐকান্তিক অনুশীলনৰ যোগেদিহে সম্ভৱ হৈ উঠিছে।
এই বজাৰ বেজাৰৰ।
আমি চকু মুদি গোলাপক বিচাৰিব নোৱাৰোঁ। চকু খুলিও দেখিছোঁ নিৰ্যাতন আৰু ভোগ-বিলাস।
মহঙা মঙহৰ বজাৰ। তাৰো দক্ষিণ-পশ্চিমৰ একেবাৰে চুকটোত পৰিপাটিকৈ ৰখা এখন দোকান চকুত
পৰিল। সমুখটো ঠেক যদিও বহুখিনি ভিতৰলৈ সোমাই যোৱা। সৰু এখন ফলকত দোকানখনৰ নাম এটা
দিয়া আছিল― “গোপাল মাংস বিক্ৰী কেন্দ্ৰ”। তলত লিখা আছিল
এনে ধৰণে― “ইয়াত লুপ্তপ্ৰায়
প্ৰাণীৰ সোৱাদিষ্ট মাংস যোগান ধৰা হয় সুলভ মূল্যত― পঞ্জীয়ন নং অ. ক. সা ০০৭”।
― ইয়াত
অলপ ভিৰ কম।― সুলভ বুলি লিখিলেও দামটো
বেছি কৰিছে। মাল নাপায়েতো― এজনক কোৱা শুনিলোঁ।
বগা আহল-বহল
মেজখনৰ ওপৰত বগা-বগা একে আকৃতিৰ পাত্ৰ কিছুমানত বিভিন্ন প্ৰকাৰৰ মাংস কাটি থোৱা
আছিল।
সম্ভৱতঃ
মালিকজনে শকত পকাবন্ধা বহী এখনত গভীৰ মনোযোগেৰ কিবা হিচাপ লিখি থকা যেন পালো।
তেওঁকতো গোপাল বুলি কোৱাৰ কোনো যুক্তি নাছিল। তেওঁ ওপৰত অলপ সন্দেহ উপজোঁতে নাম
এটা আমি অভ্যাসবশতঃ দি পেলালোঁ। সুৰুঙা-সাত। পাছত কিবা কামত আহেইবা।
কামকৰা ল‘ৰাটোক
বিতচকুৰ ওপৰেৰে এবাৰ কেৰাহিকৈ চাই পঠিয়াওঁতে সি ততালিকে মেজখনত পানী ঢালিবলৈ ধৰিলে
আৰু তেজৰ চিন ৰৈ যোৱা ঠাইখিনি মচা-কাপোৰখনেৰে পৰিষ্কাৰ কৰিবলৈ ধৰিলে।
পাখি নেজ ঠেং
ডিঙি আৰু ছাল-বাকলিৰে ভৰা এটা কাঠৰ বাকচ বাঁওফালৰ অকণমান খালী ঠাই এটাত ৰখা আছিল।
সেইটো পাতল ৰঙচুৱা কাপোৰ এখনেৰে সি ডাকিবলৈ যত্নপৰ হ‘ল।
আমি বাকচটোৰ
ফালে একাণপতীয়াকৈ চাই থকা দেখা পাই আমাক আমাক ধমকি এটা দিলে― কি
লাগে বে, কোন তহঁত ? ভাগ ইয়াৰ পৰা।― কাম
কৰা ল‘ৰাটোক ইংগিত দিওঁতে সি প্ৰায় চোঁচা মাৰি আমাক খেদি
আহিল। কিন্তু আমি অকণ সাহস গোটাই তাক হাতখনেৰে বাধা দিয়া যেন কৰোঁতে সি ৰৈ গ‘ল। প্ৰায় চিঞৰ এটা মাৰি আমি ওলোটাকৈ সেই বাকচটোলৈ আঙুলিয়াই ক‘লোঁ ― কি এইবোৰ? আমাৰ গোলাপ ক‘ত?
মালিকজন
বহাৰ পৰা উঠি আহিল আৰু ইফালে-সিফালে চকু ফুৰাই অলপ নম্ৰ সুৰত ক‘লে― বুজিছোঁ, বুজিছোঁ। ৰ ল‘ৰাটোক কৈ দিছোঁ। সি এতিয়াই টোপোলা এটা
তহঁতক দি দিব।― কথামতেই কাম। ল‘ৰাটোৱে তুৰন্তে বাকচটোৰ পৰা হাড়-মূৰ, ছাল-বাকলি,
ডিঙি-ঠেং-পাখিবোৰ ঘুঁকটি-পাকটি মুঠতে যি হাতত উঠে এসোপামানৰ টোপোলা
এটা কৰি আমাৰ হাতত থপৰ কৰে তুলি দিলে। আমি কি ক‘ম একো উৱাদিহ
নাপালোঁ। উপায় নাছিল। আমি টোপোলাটো লৈ তাৰপৰা ওলাই আহিলোঁ। ভেকেটা-ভেকেট গোন্ধটো আৰু
অধিক তীব্ৰ হৈ নাকত লাগিল। মনত এটা সন্দেহ থাকি গ‘ল। দোকানৰ
ভিতৰৰ পিছফালে থকা সৰু কক্ষটোত, য‘ত
এটা প্ৰকাণ্ড তলা ওলমি আছিল, তাত কি আছিল বাৰু ? গোন্ধটো আৰু বেছি অসহ্যকৰ হওঁতে আমি টোপোলাটো দ নলাটোতে নিক্ষেপ কৰিলোঁ।
শেষৰছোৱাত। দোকানীটোৰ মুখত লাগি ৰোৱা মিচিকিয়া হাঁহিটোৱে বহু কথাৰে ইংগিত বহন
কৰিছে। তাৰে এটা এনে হ‘ব পাৰে যে পৰিস্থিতিটো নিজৰ সপক্ষে
কৰি লৈ সি আমাৰ হতুৱাই কিয়দংশ জাবৰ-জোঁথৰ নিষ্কাষণ কৰোৱাই ল‘লে। হয়তো এনেকৈ কিবা তথ্য আমাৰ হাতেৰেই মোহাৰি পেলোৱালে। কাম কৰা ল‘ৰাটো নিশ্চয় কিবা জানে। তাকো এটা নাম দি থোৱাটো যুগুত হ‘ব। নামটো দিলো― সুৰুঙা-আঠ ।
তাৰ পৰা আমি মটৰ
চাইকেল মেৰামতিৰ দোকান এখনৰ সমুখ পালোঁ। দেখিলোঁ, বিভিন্ন যন্ত্ৰাংশ
সিঁচৰতি হৈ পৰি আছে। বহুকেইখন বাহন খুলি-মেলি একেবাৰে কিম্ভূত-কিমাকাৰ কৰি ৰাখিছে।
তাত কেতবোৰ ৰূপান্তৰিত বাহনো দেখা পালো। ইখনৰপৰা কিছুমান যন্ত্ৰাংশ খুলি আন এখনত
লগোৱা হৈছে। কেতবোৰ আচহুৱা আকাৰৰ অংশ সংলগ্ন কৰি সিবোৰক একোটা বিকৃত অথচ আকৰ্ষণীয়
ৰূপ দিবলৈ চেষ্টা কৰিছে।
নিজকে লাজ দিয়া
যেন কৰি ক‘লো― ধ্যেই,
আমি ক‘ত গোলাপক বিচাৰিব লাগে আৰু বিচাৰিছোঁ ক‘ত। যন্ত্ৰ বা কোনো যন্ত্ৰাংশলৈ গোলাপ ৰূপান্তৰিত হ‘ব
পাৰেনে ? তাকতো এটা আমি জৈৱ-সত্তা হিচাপেহে সংজ্ঞায়িত কৰি
আহিছোঁ। যদি সেয়া কেনেবাকৈ সঁচা হয়, সি তেন্তে ক‘ত লাগি কলৈ গুচি গৈছে আৰু
কোন মালিকৰ পদুলি শুৱনি কৰিছেগৈ তাকো কোৱা টান। এই চহৰত তেনে কিমান মানুহ ওলাব যি
ৰূপান্তৰত বিশ্বাসী। তেনে স্থলত আমাৰ অনুসন্ধানৰ পৰিধি আৰু অধিক প্ৰাসাৰিত হৈ পৰিব
আৰু আমাৰ সন্ধান জটিলতকৈ জটিল ৰূপ এটা লাভ কৰিব। তাত আমি বেছি সময় অপব্যয় নকৰিলো।
পোনে-পোনে আমি
আগ বাঢ়িলোঁ। গৈ গৈ এঠাইত ৰৈ গ‘লোঁ, স্পন্দনৰত
একেখিনি শব্দই বাৰংবাৰ প্ৰক্ষেপ হৈ কলৰৱৰ দৰে শুনিবলৈ পালোঁ। কিবা কল-কব্জাৰ লেথাৰি
নিছিগা শব্দ যেন লাগিল। খোলা দুৱাৰেদি সোমাই যাওঁতে এজন বৃদ্ধক ছপাশাল এখন চলাই
থকা দেখিলো। তেওঁ এবাৰহে আমাৰ ফালে চালে আৰু দূৰৰ পৰাই ৰ‘বলৈ
হাতেৰে ভংগী এটা কৰিলে। কিজানি দৰকাৰী কিবা ছপা কাম কৰি আছিল আৰু আধাখনীয়াকৈ কামটো
এৰিবলৈ অসুবিধা পালে। উকা কাঠৰ চকীখনৰ পিছফালে অজস্ৰ কাগজৰ আৰ্হি-কাকত পৰি থকা
দেখিলোঁ। তাৰে কেতবোৰ হাতে-লিখা আৰু কিছুমান ছপা আঁসোৱাহৰ বাবে অলাগতিয়াল হৈ
পৰিছিল। সেইবোৰত বিবাহৰ নিমন্ত্ৰণী পত্ৰ, ৰাজহুৱা
মেল-সন্মিলনৰ আমন্ত্ৰণ-পত্ৰ আৰু কাৰ্যক্ৰমণিকা, সমৰকলা আৰু
কিবা খেল আয়োজনৰ নাম-বয়স-ঠিকনা সম্বলিত প্ৰপত্ৰ, খেলৰ
প্ৰমাণপত্ৰৰ আৰ্হি, দোকানৰ পঞ্জীয়ণ নম্বৰ-বিশিষ্ট টোকাবহী,
ৰাজনৈতিক দলৰ প্ৰচাৰ-পত্ৰিকাৰ অংশ, মহিলা
সৌন্দৰ্য প্ৰতিযোগিতাৰ নিয়মাৱলী আদি আখৰৰ ভিন-ভিন হৰফৰৰ পৰিত্যক্ত কাগজবোৰ দেখা
পালোঁ। শব্দবোৰ আমি এফালৰ পৰা মনোযোগ সহকাৰে চাই যাবলৈ ধৰিলোঁ। কিজানি ক‘ৰবাত কিবা টিপ বিচাৰি পাওঁ। কিজানি গোলাপৰ নামটো দেখিবলৈ পাওঁ। ছপা আখৰত
তাৰ নামটো পঢ়ি চাবলৈ এটা বহুদিনীয়া সপোন আমি পুহি ৰাখিছিলো। কি জানো, তেনে কিবা আশা পূৰণৰ সম্ভাৱনাৰেই আমি এইখিনি পালোঁ ? হঠাৎ
এখিলা কাগজ আমাৰ দৃষ্টিগোচৰ হ‘ল। সেইখনো এখন নিমন্ত্ৰণী-পত্ৰ
যদিও বিশেষ কিবা এটা অসাধাৰণ তাত বিচাৰি পালোঁ। সচৰাচৰ নিমন্ত্ৰণী পত্ৰ সেইখন
নাছিল। তাত লিখা কথাখিনি হ‘ল এনে ধৰণৰ―
“অশেষ ধন্যবাদ গল্প আৰু কল্পকথাৰ মৃত্যু ঘোষণা কৰা বাবে।”
ঔম শান্তি
বিশ্বাসযোগ্য
উৎসৰ পৰা পোৱা তথ্য অনুসৰি চলিত মাহৰ ১০ তাৰিখে আমাৰ ক.ল্প.না.থ বোপাটিয়ে ইহলোক
সম্বৰণ কৰে।
আশা কৰোঁ, পুহ মাহৰ ২১ তাৰিখ, ১৪২৮ ভাষ্কৰাব্দ, বৃহস্পতিবাৰ দিনাখন সকাম-পৰ্বত সপৰিয়ালে এখন্তেক দেখা দি শোক-সন্তপ্তসকলক
সান্ত্বনা প্ৰদান কৰিব…
ইতি-
বিনয়াৱনত
কল্পকাৰ/
গল্পকাৰ
ঠিকনা :
মাৰফৎ : কাহিনী
স্মৃতিৰক্ষা সমিতি,
আকাশ বেচা-কিনা
পঞ্চ-মঞ্জিল ব্যাপাৰ-বাণিজ্য কেন্দ্ৰ আৰু সমবায় সমিতিৰ তলত
সেউজ তপোবন
আমি প্ৰথমতে
বৃদ্ধজনৰো সুৰুঙা-ন বুলি এটা নামকৰণ কৰিছিলোঁ। কিন্তু কিবা এটা মনত পৰিলত সেইটো আমি
কৰ্তন কৰিলোঁ।
তাৰ পৰাই আমি
বাটটোৰে উভতি আহিলোঁ কাৰণ সেয়া আছিল দক্ষিণ-পশ্চিমৰ শেষ সীমনা। তাৰ আগলৈ আমি যাব
নোৱাৰোঁ। সেইফালে সেইখন অন্য চহৰ। আমাৰ এক্তিয়াৰ এই পৰ্যন্তহে ধাৰ্য কৰি দিয়া
আছিল।
আগতেই আমি এটা পুথিভঁৰাল দেখিছিলো কিন্তু একো লাভ নহ‘ব বুলি তাত আমি খবৰ কৰা
নাছিলোঁ। কিন্তু এইমাত্ৰ আমি বুজি পালোঁ যে তাত তদন্ত নকৰাকৈ আমাৰ সন্ধান কেতিয়াও
সফলকাম হৈ উঠিব নোৱাৰে। আমি আওপুৰণি পুথিভঁৰালত সোমালোঁহি। তাত দেখিলোঁ, অসখ্য কিতাপৰ
আলমাৰি আৰু কাঠৰ থাক। বিবিধ বিষয়ৰ কিতাপবোৰ তাত ভাগে ভাগে সজাই থোৱা আছে। প্ৰতিটো
থাকতে সুন্দৰ হাতৰ আখৰেৰে বিষয় আৰু কিছুমান বিশেষ্য পদবাচক শব্দ ডাঙৰ হৰফেৰে লিখি
থোৱা আছে। সত্তৰোৰ্ধ গ্ৰন্থাগাৰিকজনে এখন ডাঙৰ হাজিৰাবহী উলিয়াই এফালৰপৰা
পৃষ্ঠাবোৰত তৰ্জনী আঙুলিটোৰে নামবোৰ খৰকৈ বিচাৰি গ‘ল। বিচাৰি
যাওঁতে তেওঁ অতি কমেও পাঁচবাৰ সুধিলে― নামটো
কি বুলি কৈছিলা?― আমি প্ৰতিবাৰেই উত্তৰত ‘গোলাপ‘ বুলি ক‘লোঁ। দেখিলোঁ,
তেওঁ আঙুলি ফুৰোৱা স্তম্ভটো ঘঁহনি খাই খাই ফাটি যোৱাৰ উপক্ৰম হৈছে।
তাত বৰ্ণক্ৰম অনুসৰি নামবোৰ অন্তৰ্ভুক্ত কৰাই আছিল। তেওঁ ইমান পাহৰেনে কথাবোৰ?
কে‘বাবাৰো সুধিলে নামটো আৰু যে বিচাৰি থকা যেন
কৰিলে মাজতে অজানিতে কিবা বাদ পৰিলনে কি?
― আৰু
কোনো নাই নেকি ইয়াত এইবোৰ চাবলৈ ।― তেওঁক
সুধিলো।
― ময়ে
চাই আছোঁ দিয়াচোন এইখিনি। পঞ্চল্লিছ বছৰ হ‘ল। আগতে মানুহ
আহিছিল। আজি-কালি তেনেকৈ কোনো নাহে। বেপাৰী-দোকনী-পুলিচ বিষয়া এইসকলহে মাজে-সময়ে
ইয়ালৈ আহি থাকে। চাহ-তাহ খায় আৰু অহা-বাটে গুচি যায়।― ভাবিলোঁ,
ইয়াত এইসকলৰ কি কাম ?
― তেওঁলোকে
কিতাপ-চিতাপবোৰত চকু ফুৰায় হ‘বলা?― আমি
জানিবলৈ উৎসুক হ‘লোঁ।
― চিতাবোৰনে?― তেওঁ
কোনেও নুশুনাকৈ লাহেকৈ ক‘লে― সিহঁতে
হেনো ওপৰৱালাৰ পৰামৰ্শ মতে ইয়াত এটা আধুনিক সা-সুবিধাসম্পন্ন চৰাইঘৰ খুলিব। কিন্তু
গ্ৰন্থবোৰ থ‘বলৈ ঠাই বিচাৰি পোৱা নাই। তাকেই মোকে কৈছে, পুৰণি
হৈ যোৱাবোৰ যিমান পাৰি পুৰি পেলাবলৈ। তেনেকৈ সংখ্যা কিছু কমাই ল‘লে সুবিধা হয়। … এনেয়েও মোৰ বয়সো হৈ আহিছে। আৰু কেইটানো দিন ? হওক, সিহঁতকে যদি কিবা এটা উপকাৰ কৰি যাব পাৰোঁ।― তেওঁৰ
কথনত লেশমানো দুখ আৰু আক্ষেপৰ চিন দেখা নাপালো।
পিছফালৰ
দুৱাৰখনেৰে সোমাই গলোঁ। কি হ‘ল ধৰিব নোৱাৰিলোঁ। আমি দেখোন ওখ পকী
বেৰেৰে আগুৰা ঠাইডোখৰলৈ ওলাইহে আহিলোঁ। অলপীয়াকৈ হৈ উঠা ঘাঁহনিৰ মাজে-মাজে ৰঙচুৱা
চাপ পৰা চক্ৰাকাৰ আকৃতিৰ ভালে কেইডোখৰ ঠাই দেখা পালো যিবোৰত অৱশেষৰূপে অকণ-অকণ
ছাইহে ৰৈছিলগৈ। এঠাইত খৰিৰ খাপ এটা দেখিলোঁ আৰু অকণ আগত জ্বলি থকা কিতাপ কেতবোৰ
চকুত পৰিল। জুই প্ৰায় নুমাবলৈ ধৰিছে, ধোঁৱাইছে। বোধ কৰোঁ আমি
আহোঁতে তেওঁ আঁতৰি গ‘ল আৰু কামটো অসম্পন্ন হৈ থাকিল।
আমাৰ দৃষ্টিত
অসম্পন্ন বা আধৰুৱা একো ৰৈ যোৱাটো সমীচীন নহয়। আমিও অতৃপ্ত, অপৰিপক্ক। অৰ্ধজীৰ্ণতাৰ ৰোগত ভুক্তভোগী। এটা অসমাপ্ত কামকেনো কিমান কৰি গৈ
থাকিম। কিমান আৰু অদৃশ্য পৰিচালকৰ আঙুলিৰ ভৰসাত পদপথ নিৰ্ণয় কৰিম ? কিছু নিজাববীয়া মনন-কথন আমাৰো প্ৰাপ্য। চূড়ান্ত সিদ্ধান্ত এটাত উপনীত হোৱা
ভাল। আমি টোকাবহীখন উলিয়াই নিজকে সুৰুঙা-দুই আৰু তোমাক সুৰুঙা-এক বুলি নাম দুটা
লিখি ল‘লোঁ। বিষয়টো নিষ্পত্তিৰ বাবে অসুবিধা একোৱে নাছিল,
খাপটোৰ পৰা খৰি দুডালকে লৈ নুমাবলৈ লোৱা জুইকুৰালৈ আগ বঢ়াই দিলোঁ― শেষ
খৰি। দপ্দপাই উঠা জুইলৈ টোকাবহীখনো নিক্ষেপ কৰিলোঁ আৰু ভাবিলো― ২১ পুহৰ দিনা সেউজ তপোবনত
উপস্থিত হ‘বগৈ লাগিব।
জাৰ বাৰুকৈয়ে
পৰিছে― জ্বলি উঠা জুইকুৰাত হাত সেকি সেকি ভাবিলোঁ― বেঙেনা
দুটা পুৰিবলৈ পোৱাহেঁতেন ভাল আছিল।
―――
ঠিকনা :
মাৰফৎ― উত্তম
গগৈ
গোঁহাই চুক, ফুকন নগৰ
পানী যোগান
আঁচনিৰ সমীপত
শিৱসাগৰ― ৭৮৫৬৪০,
অসম
ভ্ৰাম্যভাষ-৭০০২১৪১৫৫৪
ই-মেইল― jibankn@gmail.com
টুইটাৰ―
@JeevanKishore07
