শালভঞ্জিকা

ববিতা কলিতা

 

এন্ধাৰ প্ৰাসাদটোত
জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী৷ সেই
খিৰিকীখনৰ সমুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই৷ হওঁতে প্ৰাসাদটোত
তেনে অজস্ৰ খিৰিকীয়েই আছে৷ কিন্তু এইখন খিৰিকী তাইৰ বাবে বিশেষ৷ এই বাটেৰেই তাই
তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে৷

খিৰিকীখন থকা
বাবেইতো তাই আকাশ দেখিছে
, আঙুলিৰ ঠাৰেৰে তৰা লেখিছে, জোন-বেলিৰ
সৈতে কথা পাতিছে
, গছ-বন, ফুল-চৰাইক
আপোন বুলি ভাবিছে৷

সোণোৱালী কেশদামেৰে, জোনাকী তনুৰে পোহৰৰ
টোপোলা এটা হৈ উপজিছিল তাই৷ ৰাণীমাকে তাইৰ নাম দিছিল- স্বৰ্ণলতিকা৷ সোণৰ দৰে
উজ্জ্বল ৰং৷ লতাৰ দৰে কোমল দেহা৷ স্বৰ্ণলতিকা!

ৰাজবংশৰ প্ৰথামতেই
কন্যা সন্তানটিৰ জন্মৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ চৌহদত ৰোপণ কৰাইছিল শালগছৰ পুলি এটা৷ স্বৰ্ণলতিকাৰ
সৈতে পুলিটি একেলগে বাঢ়ি আহিছিল৷ ৰহণীয়া ফুলনিখনৰ মাজত অকলে থিয় হৈ থকা ফল-ফুল
নোহোৱা শালগছজোপালৈ কণমানি স্বৰ্ণাৰ মনত ব্যথা জাগিছিল৷ সেয়েহে
, তেওঁ পদূলিলৈ ওলালেই
গছজোপাৰ সৈতে কথা পাতি উমলিছিল৷ স্বৰ্ণাৰ হাঁহি-কিৰিলিয়ে ইটাৰ নিষ্প্ৰাণ প্ৰাসাদবোৰত
প্ৰাণৰ সঞ্চাৰ কৰিছিল৷

পিছে সোণৰ পুতলীজনীৰ
মুকলি জীৱনত শিকলি লগাবলৈকে সিদিনা সহস্ৰলিংগ পাহাৰৰ পৰা নামি আহিছিল সিদ্ধ যোগীৰ
দল এটা৷ বনত উমলি থকা ৰাজকুমাৰীৰ আপাদমস্তক নিৰীক্ষণ কৰি দীঘলকৈ উশাহ টানিছিল দলৰ
মুৰব্বী যোগীজনে৷

ধ্যানত কি পালে
যোগীয়ে
? মহাৰাজৰপুত্ৰীৰ
কলংকিনী যোগ!

কুল-মৰ্যাদা ৰক্ষা
কৰিবলৈ হ
লে স্বৰ্ণলতিকাক চাৰিবেৰৰ ভিতৰতে ৰাখিব লাগিব৷ পুৰুষৰ
ছাঁটোৱেও যেন চুই নাযায় তেওঁক৷
যোগীয়ে ৰজালৈ বাৰ্তা পঠিয়ালে৷

ৰজাই শুনিলে তপস্বীৰ
কথা৷ বিবাহযোগ্যা নোহোৱালৈকে স্বৰ্ণা থাকিব অন্তেষপুৰত৷ স্বাচ্ছন্দ্যৰ নৈ নুশুকোৱা
ৰাজপ্ৰাসাদত স্বৰ্ণাৰ বাবে একোৰেই অভাৱ নহ
ব৷ যোগীৰ কথামতেই ৰাজগৃহৰ চৌপাশৰ  কুৰি যোজনৰ বৃত্তলৈ অন্য পুৰুষৰ উপস্থিতিক অপৰাধ হিচাপে
ঘোষণা কৰিলে ৰজাই৷ ৰজাৰ চিপাহী-চন্তৰী
, 
আমত্য,  কৰ্মচাৰী সকলোকে চৌহদৰ বাহিৰত অৱস্থান কৰিবলৈ দিয়া হল৷

ছাঁত গজা গছৰ দৰেই
বন্ধ কোঠালিতেই বাঢ়ি আহিল স্বৰ্ণলতিকা৷ প্ৰকৃতিয়ে অকৃত্ৰিমভাৱেই স্বৰ্ণাক যৌৱনৰ
সম্ভাৰেৰে সজাই তুলিলে৷ কিন্তু বন্দিত্বৰ যন্ত্ৰণাই পিষ্ট কৰি থাকিল তেওঁৰ হেঁপাহৰ
পানচৈখনিক৷ সোণ-ৰূপ
, মণি-মুকুতা সকলো আঁজুৰি পেলাই আউলি-বাউলি হৈ দিনৰ পাছত দিন তেওঁ বহি থাকিল সেই বিশেষ খিৰিকীমুখত৷ বিশাল ৰাজপ্ৰসাদটোত এতিয়া তেওঁৰ বাবে সেই খিৰিকীখনতকৈ আপোন আৰু কোনো নাই৷ খোলা
খিৰিকীখনেৰে তেওঁ মূৰ তুলি ৰাতিৰ আকাশখনলৈ চায়৷

জোনাকে ধুই নিয়া
ফুলনিখনত তেওঁৰ দৰেই অকলশৰে ৰৈ আছিল শালগছজোপা৷  গছজোপাক তেওঁৰ নিজৰ দৰেই লাগে৷ গছজোপাৰ শিপাবোৰ যেন
ৰজাৰ কঠোৰ নিয়মৰ জৰী৷ ছিঙো বুলিয়েই ছিঙি ওলাই যাব নোৱাৰি নিয়মৰ লৌহ বেষ্টনী ভাঙি৷ পিতাকৰ
নিয়মৰ জৰীয়ে তাইক মেৰিয়াই বান্ধিছে৷ গছজোপাৰ দৰেই তেৱোঁ নিয়মৰ শিপাত খামুচি ৰৈ গৈছে
একেডোখৰ ঠাইতে
; সম্পূৰ্ণ এটি দশক৷

কিন্তু মনটোক জানো
বান্ধিব পাৰি নিয়মৰ জৰীৰে
?  ইটা-শিলেৰে ভেটা
দি ৰখিব নোৱাৰি প্ৰকৃতিয়ে অনা পৰিৱৰ্তনৰ ঢৌক৷

খিৰিকীৰ সিপাৰৰ
পৃথিৱীখনক হঠাতে স্বৰ্ণাৰ নতুন নতুন যেন লাগিবলৈ ধৰিলে৷ চৰাইৰ মাতবোৰ গীত হৈ তেওঁৰ
দেহ-মন জগাই তুলিলে
, জোনাকী পৰুৱাবোৰে তেওঁক হাত বাউলি দি মাতিলে৷ নুবুজিলে
স্বৰ্ণাই
, কিয় এজাক বৰষুণত তিতিবলৈ তেওঁ বাউলি হৈ উঠিল৷ ফাগুন
আহিলে বুকুখন কিয় ৰিঙা ৰিঙা লাগিল৷ ফুলনিত ফুলা ৰক্তজবাবোৰ এতিয়া তেওঁৰ বুকুত কিয় ফুলে!

স্বৰ্ণলতাক আলপৈচান
ধৰা লিগিৰীজনীক সিদিনা তেওঁ বাট ভেটি ধৰিলে৷ উত্তৰ বিচাৰি নোপোৱা প্ৰশ্নবোৰ তেওঁ এটা এটাকৈ
সুধিবলৈ ধৰিলে৷ লিগিৰীজনীয়ে ফুচফুচকৈ ক
লে তাইক ফুলৰ কথা, 
ভোমোৰাৰ কথা; গছক সাবটি ধৰি থকা লতিকাৰ
কথা৷ লিগিৰীৰ কথাই তেওঁৰ গাত এক নুবুজা শিহৰণ তুলিলে৷ তেওঁৰ এই শিহৰণবোৰ ভাল লাগি
আহিবলৈ ধৰিলে৷ লিগিৰীজনী পলমকৈ আহিলে তাই লাহে লাহে অস্থিৰ হৈ পৰিবলৈ ধৰিলে৷

এদিন লিগিৰীৰ
ফটামুখেৰে সৰি পৰিল নক
বলগীয়া কথাবোৰ– “প্ৰকৃতিৰ লগত
সম্পৰ্ক ঘটে পুৰুষৰ৷ সেই পুৰুষ তোমাৰ দৰে নহয়
,  মোৰ দৰেও নহয়৷ সিহঁতো মানুহ৷ কিন্তু
সিহঁত আমাৰ দৰে নহয়৷
 

তেন্তে কিহৰ দৰে?’ – জানিব বিচাৰিলে স্বৰ্ণলতিকাই৷

দৃঢ়,  বলিষ্ঠ…ঠিক তোমাৰ খিৰিকীমুখৰ
শালগছজোপাৰ দৰে৷

স্বৰ্ণলতিকাৰ গাটো
জিকাৰ খাই উঠিল৷ পুৰুষ তেওঁৰ সন্মুখত থকা শালগছজোপাৰ দৰে! 
দৃঢ়,  স্থিৰ,  অবিচল,  সহিষ্ণু৷

খিৰিকীমুখত বহি
স্বৰ্ণাই চাই ৰয় তেওঁৰ সমানেই বাঢ়ি অহা শালগছজোপালৈ৷ তেওঁ মন কৰে গছজোপায়ো চাইছে
তেওঁলৈ৷ গছজোপাৰ বুকুতো বাজিছে সেই একেই আকূতি৷ তেওঁৰ মুখত বাউলি হৈ পৰি থকা
চুলিখিনি সি বতাহ হৈ উৰুৱাইছে৷ তাৰ বহল পাতৰ খৰমৰ শব্দবোৰ সুহুৰি হৈ ভাহি আহি তেওঁৰ
কাণত বাজিছে৷ তৃপ্তিত তেওঁ চকু মুদি বহি ৰৈছে৷ খিৰিকীৰ ছিদ্ৰৰে সোমাই অহা উষ্ম বতাহ
এছাটিয়ে তেওঁৰ ওঁঠৰ পাহিত মিঠা চুমা এটি আঁকি নিমিষতে আঁতৰি গৈছে৷ মিঠা আৱেশখিনি
সাবটি বহি ৰৈছে তেওঁ শেষ ৰাতিলৈ৷

স্বৰ্ণলতিকা হঠাৎ
যেন সৌন্দৰ্য সচেতন হৈ পৰিছে৷ তেওঁ ঘনে ঘনে সলাইছে আভৰণ৷ আঁচলত বুটলি লৈছে সিঁচৰতি
হৈ থকা মণি-মুকুতাৰ আভূষণ৷ সাজি-কাচি ৰূপহীজনী হৈ তেওঁ বহি ৰৈছে খিৰিকীমুখত৷ তাই
জানে গছজোপাই তাইক এৰি ক
লৈকো নাযায়৷ দুবাহু প্ৰসাৰী গছজোপাক চুই অহা বতাহছাটিকে তেওঁ বুকুত সামৰি লয়৷ উৰি যায় তাইৰ নীল অৱগুণ্ঠন খোলা খিৰিকীৰ সিপাৰে৷ উৰি গৈ সেইখন
অকলশৰীয়া গছজোপাৰ ডালত লাগি ৰয়৷

লিগিৰীয়ে শিকাইছিল তেওঁক কামনাবোৰ হেনো নীল বৰণীয়া! তাই সুঠাম শালজোপাৰ ডালত লাগি থকা নীলা ওৰণিখনলৈ
চাইছিল৷ বতাহ লাগি সেইখন তেতিয়াও ফিৰি
ফিৰকৈ উৰি আছিল৷

স্বৰ্ণা!

হঠাৎ কাৰোবাৰ মাত
শুনি চমকি উঠিল স্বৰ্ণলতিকা৷

তেওঁ জনা নাছিল
ৰাণীমাক এনে অসময়ত আহি তেওঁৰ পিছপিনে ৰৈ থাকিবহি৷

মা৷ তুমি?  আজি কোনো বাৰ্তা নিদিয়াকৈ আহিলা? – স্বৰ্ণলতাই মাকলৈ চাই সুধিলে৷

হয় সোণজনী৷ বাৰ্তা
নিদিয়াকৈয়ে আহিলোঁ৷ আচলতে তোমাক বাৰ্তা এটি দিবলৈহে আহিলোঁ৷

মোলৈ আনিছা বাৰ্তা?  বন্দীলৈ জানো থাকিব পাৰে কিবা
বাতৰি
?’ প্ৰচণ্ড অভিমানত ফাটি পৰিল স্বৰ্ণলতিকা৷

পাৰে আই৷ বন্দীলৈ
মুক্তিৰ বাতৰি থাকিব পাৰে৷
 – মাকে স্বৰ্ণাৰ মূৰত হাত বুলাই
মৰমেৰে ক
লে৷

মুক্তি?’ আঁচৰিত হয় স্বৰ্ণলতিকা৷

তোমাৰ পিতৃদেৱে তোমালৈ
এজন যোগ্য বৰ বিচাৰি উলিয়াইছে৷ ৰাজভৱনত তোমাৰ বিৱাহৰ ব্যাপক আয়োজন কৰা হৈছে৷ তোমাৰ পিতৃদেৱে ঘোষণা কৰিছে
, এতিয়াৰে পৰা মুক্ত তুমি৷

দহ বছৰৰ বন্দিত্বৰ
পাছত পোৱা
 মুক্তিৰ বাতৰিয়ে
আহ্লাদিত নকৰিলে স্বৰ্ণাক৷ ওলোটাই বুকুখন তেওঁৰ কিহবাই হেঁচা মাৰিহে ধৰিলে৷ তেওঁ শালগছজোপাৰ
দৰেই লৰচৰ নকৰাকৈ ঠাইতে বহি ৰ
ল৷ তেওঁক মুকুতিৰ ফৰমানখন শুনাই
মাক অহা বাটেৰেই আঁতৰি গ
ল৷

লিগিৰীজনীয়ে
স্বৰ্ণালতিকালৈ চাই দুষ্ট হাঁহি এটা মাৰিলে৷ প্ৰেমৰ অনুভূতি কিদৰে দেহৰ পৰা
আত্মালৈ শিপাই যায়
, খুলি ভাঙি বুজালে৷

বাহিৰত ঘোপমৰা
আন্ধাৰ৷ আকাশত চপৰা চপৰে ওলমি আছে ক
লীয়া মেঘ৷ জোনটোৱে মেঘৰ আঁৰেদি জুমা-জুমি কৰিছে৷
স্বৰ্ণলতিকাই ছাঁ-পোহৰত দেখিছে গছজোপাৰ দুখ৷ তেওঁৰ বিৰহত যেন গছজোপাই নীৰৱে কান্দিছে৷

স্বৰ্ণলতিকাই তেওঁৰ
মুকুতিৰ প্ৰথমটো দিনতে চুই চাবলৈ বিচাৰিলে শালগছজোপাক৷ দহ বছৰৰ মূৰত তেওঁ ওপৰৰ মহলাৰ পৰা
এখুজি-দুখুজিকৈ নামি আহিল৷ নিশাৰ অন্তিম প্ৰহৰত নিঃপালি দিয়া লিগিৰীসকলৰ পৰা গা
বচাই ওলাই গ
ল তেওঁ বিশাল চৌহদটোৰ এমূৰে থকা ফুলনিখনৰ মাজলৈ৷ গৈ গৈ থমকি
ল তেওঁ শালগছজোপাৰ তলত৷ শালজোপায়ো যেন অতদিনে তেওঁলৈকে বাট
চাই আছিল৷ চমকা চমক পোহৰত তেওঁ পঢ়ি চালে গছজোপাই ক
ব নোৱাৰা
কথাবোৰ৷

পাতলীয়া বিজুলী চমক
একোটাৰ মাজে মাজে
 এটুপি-দুটুপিকৈ বৰষুণ
সৰিবলৈ ধৰিলে৷ স্বৰ্ণলতিকাই আৱেগসনা স্পৰ্শেৰে চুই চালে গা-গছজোপাক৷ দৃঢ়৷ অবিচল৷ সুঠাম৷
সহিষ্ণু৷ তেওঁ লাহে লাহে কাষ চাপি গৈ থাকিল গছজোপাৰ নিচেই ওচৰলৈ৷ তথাপি যেন কৰবাত
দূৰত্ব থাকি গৈছে! এন্ধাৰৰ আঁৰ লৈ তেওঁ খহাই গ
ল এখন এখনকৈ, পৰিহিত বস্ত্ৰৰ কণ্টকাকীৰ্ণ বন্ধনবোৰ৷ বিৱসনা হৈ মেৰিয়াই ধৰিলে তেওঁ শালগছজোপাক৷ ধৰিয়েই থাকিল৷ মেঘে ঢকা আকাশত কেতিয়া জোন বুৰি বেলি ওলাল, স্বৰ্ণলতিকাই ভু নাপালে৷

সিদিনাৰ পৰাই হয়তো
স্বৰ্ণলতিকাৰ নাম হ
লগৈ শালভঞ্জিকা!

হাতত নৱম শতিকাৰ
ভাস্কৰ্যটো লৈ ভাবি থাকিলোঁ মই
, কোন বাৰু এইগৰাকী কামনাৰ জুয়ে পোৰা বিৱসনা নাৰী? আলিংগন কৰিছে তেওঁ শালগছ এজোপাক, ঠিক লতিকা এডালৰ দৰেই৷
গছৰ সৈতে অভিসাৰৰতা নাৰীৰ বিৰল এক ভাস্কৰ্য! সংগ্ৰাহলয়ৰ স্থাপত্যবিদজনেও জনা নাছিল
যিটো প্ৰাচীন মূৰ্তিৰ আঁৰৰ কাহিনী৷

বিশেষজ্ঞই ভাস্কৰ্যটোৰ
নাম দিলে
শালভঞ্জিকা
৷ কিন্তু নামৰ আঁৰতো জানো নাম নাথাকে৷ হয়তো নহবও পাৰে তেওঁৰ নাম
স্বৰ্ণলতিকা৷ কিন্তু তেওঁৰ নাম জানো নাছিল কিবা৷

মোৰ মনেসজা কাহিনীটো
শুনি হাঁহি উঠিল গাইডজনে৷ আমাৰ দলত যোৱা খুহুটীয়া বুলি জনাজাত বৰুণে ভাস্কৰ্যটো
লিৰিকি-বিদাৰি চাই ক
লে, 

এই আলিংগন এলা-পেচা
আলিংগন নহয়৷ লতাই সাবটি ধৰি গছ মাৰি পেলোৱা দেখিছা
?  এই আলিংগনো তেনেকুৱাই কিবা এটা৷

বৰুণৰ কথাত পৰ্যটনলৈ
যোৱা আমাৰ দলটোৰ আটায়ে গিৰ্জনি পাৰি হাঁহিলে৷ কিন্তু মই হাঁহিব নোৱাৰিলোঁ৷ উভতি গ
লোঁ মই নৱম শতিকাৰ
কাল্পনিক প্ৰাসাদটোৰ সেই বিশেষ দিনটোলৈ৷

স্বৰ্ণলতিকাক অসংযত অৱস্থাত
দেখি তাইক প্ৰেমৰ পাঠ শিকোৱা লিগিৰীজনীয়েই প্ৰথমতে চিঞৰ-বাখৰ লগালে৷ স্বৰ্ণলতাক
বেঢ়ি ধৰিলেহি ৰজাঘৰীয়া মানুহে৷ ৰাণীয়ে নিজৰ ওৰণিখনেৰে ঢাকি পেলালে স্বৰ্ণলতিকাৰ
নিৰাভৰণ শৰীৰটি৷

যোগীয়ে কৈছিল ৰজাক, স্বৰ্ণলতিকাৰ আছে হেনো
কলংকিনী যোগ৷

কিন্তু কলংক কাৰ
সৈতে
? এজোপা
শালগছৰ সৈতে
? 

ৰজাই কালৈকো বাট
নাচালে৷ কাকো আদেশো নিদিলে৷ নিজে হাতত কুঠাৰ এখন লৈ টুকুৰা টুকুৰ কৰি পেলালে শালগছজোপাক৷
স্বৰ্ণলতিকাই কৰা আলিংগনৰ বাবেই ভূ-লুণ্ঠিত হৈ পৰি ৰ
ল কদাপি কাৰো একো অপকাৰ নকৰা
মূল্যবান গছজোপা৷

পিছে স্বৰ্ণলতিকাৰ কি হ?’

কাল্পনিক কাহিনীটোৰ
মাজত সোমাই পৰিছিল আমাৰ দলটো৷ আটায়ে উৎসুকতাৰে মোৰ পিনে চালে৷

স্বৰ্ণলতিকাৰ কি হল নাজানো৷ কিন্তু সেই সিদিনাৰ পৰা আন্ধাৰ প্ৰাসাদটোত পোহৰৰ খিৰিকীখন দেখা নগল৷

ইমানপৰে
হাঁহি-ধেমালি কৰি থকা আমাৰ দলটো অস্বাভাৱিকভা
ৱে গহীন হৈ পৰিল৷

গাইডজনে শালভঞ্জিকানামৰ মূৰ্তিটো সংগ্ৰহালয়ৰ শ্বকেছত যেনেকৈ আছিল, তেনেকৈয়ে সজাই থলে৷

আমাৰ দলটোৰ পিছে
পিছে আহি আছিল আৰু কেইবাটাও পৰ্যটকৰ দল৷ হয়তো মোৰ দৰেই আৰু কোনোবা
 থমকি ৰশালভঞ্জিকাৰ সন্মুখত৷ হয়তো সাজিব তেওঁলোকে অন্য কিছুমান কাহিনী৷ পিছে কাহিনীকাৰ সলনি হলেও প্ৰেমৰ গাঁথা কাহানিওতো নহয়  সলনি৷

 * **

ভ্ৰাম্যভাষ :  ৯১০১৭৫২৯৪২