পাপৰি গোস্বামী
পৰমেশ্বৰ
কলিতাৰ অসুখ। যোৱা কেইবাদিনো ধৰি পৰমেশ্বৰ কলিতা অসুখী। তেনে কোনো ডাঙৰ বেমাৰো নহয়…। ঠিক খাব নোৱৰা, শুব
নোৱৰা বিধৰ অসুখ।
দুদিনৰ
আগতে ডাঙৰ পুতেক সৌৰভে তেখেতক মেডিচিনৰ ডাক্টৰক দেখুৱাই ভিটামিনৰ টেবলেট, ছিৰাপ আদিও আনিছে। সময়ে সময়ে শ্ৰীমতীয়ে দৰব খুৱায়ো আছে। পিছে দৰবে হেনো কোনো কামেই দিয়া নাই।
যেই
আৰু সেই তেওঁ খাবও নোৱাৰে…,
শুবও নোৱাৰে….৷
বিছনাত
পৰিলেই ধৰফৰাই উঠে। বাৰাণ্ডাখনতে পায়চাৰি কৰি ফুৰে। পুনৰ বিছনালৈ
আহে। বহি থাকে দহ-পোন্ধৰ মিনিট। আকৌ বাৰাণ্ডালৈ যায়গৈ। গোটেই ৰাতি একেখিনিৰে পুনৰাবৃত্তি
চলি থাকে।কলিতানীয়ে দুদিনমান পৰ দি আছিল যদিও পাছলৈ নথকা হ’ল। হওঁতে তেওঁৰো ভাগৰ লাগে। দিনটো পাকঘৰৰ পৰা আৰম্ভ কৰি অৱসৰৰ
বাবে চাৰিটা বছৰ বাকী থকা চাকৰিটো চম্ভালি ৰাতি ভাত-পানী খাই উঠালৈ তেখেতৰ দেহাই নটনা
হয়। চকু দুটাই টোপনিৰ বাবে দাবী ধৰে। মুঠৰ ওপৰত কলিতাই অকলশৰেই উজাগৰী দীঘলীয়া নিশাবোৰ পাৰ কৰে।
যোৱা পোন্ধৰ দিন ধৰি তেওঁ যেন সমজুৱা জীৱনটোৰ পৰাও আঁতৰি আছে।
চুবুৰিৰ
আটাইতকৈ বেছি কথা কোৱা, আটাইতকৈ সুখী মানুহজন পৰমেশ্বৰ কলিতা অসুখী। (অৱশ্যে, তাৰ
বাবে মই বা চুবুৰিৰ আন কোনো লোকে মূৰ ঘমোৱা নাই। শৰীৰ থাকে মানে বেমাৰ-আজাৰো থাকিব।)
পিছে কলিতাৰ অসুখ শাৰীৰিক নহয়; মানসিকভাৱেহে
তেওঁ অসুখী। অৰ্থাৎ তেওঁ সুখী নহয়। যিকোনো মনুষ্য জন্ম লোৱা এই বিশ্ব
সংসাৰৰ প্ৰাণীৰ বাবে সুখী নোহোৱাটো একো ডাঙৰ কথা নহয়। নিজকে সুখী বুলি ক’ব পৰা মানুহ পৃথিৱীৰ কেইজন ওলাব সন্দেহ। পৰমেশ্বৰ
কলিতায়ো জীৱনটো সুখ-দুখৰ সমাহাৰ বুলি মানি লৈয়েই প্ৰায় বাষষ্ঠি বছৰীয়া জীৱন কটালে। অতএব তেওঁ নিজকে এগৰাকী সুখী মানুহ
বুলিয়েই ভাবে। গতিকে সুখী নোহোৱাটো তেওঁৰ বেমাৰ হ’ব
নোৱাৰে।
“সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ
অণুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ
সুখ নাই যিটো সদা গোচৰত ফুৰে
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে…
… বুজিছে হাজৰিকা, এই যে আমি সৰুতে আওৰাইছিলোঁ কবিতাটি,
ইয়াৰ সকলোখিনিয়েই বৰ্তমান সময়ৰ বাস্তৱ জীৱনৰ লগত সম্পৰ্কযুক্ত। ইমান
নিখুঁতভাৱে বৰ্ণনা কৰিছে কবিয়ে... সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ…৷ ঠিকেই, ধাৰৰ বোজা মূৰত লৈ
জানো কোনোবা সুখী হ’ব পাৰে…! শৰীৰত বিভিন্ন ৰোগ লৈ কোনেও সুখী নহয়।
মুঠতে, সুখী হোৱাটো ইমান সহজো নহয়। পিছে মই ধৰুৱাও নহওঁ,
ৰোগেও বিশেষ ক্ৰিয়া কৰিব পৰা নাই এতিয়ালৈকে। গতিকে, মই নিজকে সুখী বুলিয়েই ভাবোঁ। নে কি কয়…!! হাঃ হাঃ…”
কলিতাৰ
কথাৰ ওপৰত মাত দিবলৈ যোৱা মানে আৰু এঘণ্টামান কাণ আৰু মুখখনে জিৰণি নোপোৱা। গতিকে,
সাধাৰণতে মই সঁহাৰি এটা মাৰি আঁতৰি আহিবলৈকে চেষ্টা কৰোঁ।
মুঠতে
পৰমেশ্বৰ কলিতাই নিজকে এগৰাকী সুখী জীৱনৰ অধিকাৰী বুলিয়েই ভাবে।
সৰু
সৰু কথাতেই সুখ বিচাৰি পায় পৰমা কলিতাই। অতি সাধাৰণ বিষয় এটাও তেওঁৰ নজৰৰ পৰা সাৰি
নোযোৱা বিধৰ। ঠিক তেনেকৈ মনত দুখে ক্ৰিয়া কৰিব পৰাকৈ কিবা এটা হ’লেই তেওঁ আমাৰ ঘৰৰ গে’টখন খোলেহি। অৱশ্যে এইটো নহয় যে আমাৰ ঘৰৰ জপনা পাৰ হ’লেই তেওঁ সকলো সমস্যাৰ সমাধান পায়। আমাৰ ঘৰৰ উপৰি তেওঁ ভালেকেইখন গে’ট
খোলে। কিন্তু সকলো সমস্যাৰ সমাধান নিজেই বিচাৰি পায়। সমাধানৰ বাবে কাৰো দুৱাৰত
টোকৰ নামাৰে। কেৱল কথাবোৰ ক’বলৈহে যায়। তাতেই তেওঁৰ সুখ।
সৰুটো
পুতেকৰ জন্মৰ পাছতেই ঘৈণীয়েকৰ গাঁৱৰ সম্বন্ধীয়া ভাগিনীয়েক এজনীক লৈ আহিছিল।
কেঁচুৱা ৰখাৰ উপৰি দুই-এক লাচনি-পাচনি কৰি শ্ৰীমতী কলিতাক সহায় কৰিবলৈ। নামটো আছিল মামণি। পিছে ঘৈণীয়েকে ঘৰুৱাভাৱে মতা ‘মাইয়ো’ নামটোৰেই কলিতায়ো মাতিবলৈ ধৰিলে। মামনি নামটো কেৱল আধাৰ কাৰ্ড আৰু
ভোটাৰ তালিকাতেই ৰৈ গ’ল। কিছু দিনৰ পাছত দুই পুতেকেও মামনিক ‘মাইয়ো’ বুলিয়েই
মতা হ’ল। বাইদেউ বুলিবলৈ বহুত বুজোৱাৰ পাছতো সিহঁতে অভ্যাস
সলনি নকৰিলে। মাইয়োৱেও এইখন ঘৰতকেই নিজৰ ঘৰ বুলি ভাবি দুয়ো ভায়েকক মৰমেৰে ওপচাই
ৰাখিলে ৷ কিছু বছৰৰ পাছত মাইয়োৰ মাকক কথা দিয়া মতে তাইৰ বাবে বিয়াৰ যো-জা চলিল। কলিতাৰ মনত এটাই চিন্তা। মাইওৰ
গিৰিয়েকক দুয়ো পুতেকে কি বুলি সম্বোধন কৰিব…। মনত মিহিকৈ এটা দুখবোধে ক্ৰিয়া
কৰিবলৈ ধৰিলে। পিছে, তেওঁৰ সেই দুখবোধক সুখলৈ পৰিণত কৰি দুয়ো
পুতেকে মাইয়োৰ গিৰীয়েকক ভিনিহি বুলি মাতিবলৈ ল’লে। মাইয়ো কিন্তু ‘মাইয়ো’
হৈয়ে ৰ’ল। যিয়েই নহওক কলিতাৰ মনত দুখ আৰু
নাথাকিল। সুখেৰে ভৰি পৰিল। এয়াও তেওঁৰ বাবে কম সুখ নহয়। সেই সুখখিনিও ভগাবলৈ ভালেমান ঘৰৰ গেট খোলেহি তেওঁ।
“এহ, এইটোও কিবা সুখৰ কাৰণ হ’ল
নে যে কথাষাৰ ক’বলৈকে আহি দেওবৰীয়া আবেলিটোত শুই থকাৰ
মজাকণো নষ্ট কৰি পেলালে৷”
ভোৰভোৰাওঁ
মই। পিছে মনতেহে। সন্মুখত তেওঁৰ উজলি থকা মুখখন দেখি ময়ো সুখী হোৱাৰ ভাও জোৰোঁ।
হয়, হয়.. পৰমা কলিতা সেইটো কথাক লৈয়ে সুখী।
প্ৰায়
বত্ৰিছ বছৰ শিক্ষকতা কৰি তেওঁ অৱসৰ লৈছে৷ এই বত্ৰিছটা বছৰৰ ষোল বছৰেই তেওঁ
প্ৰধান শিক্ষকৰ পদবীত। বিভিন্ন সমস্যা আহিছে, সমাধানো কৰিছে।
তাৰ বাবে হয়তো কেতিয়াবা কোনো কোনো লোকৰ সৈতে মতানৈক্যও হৈছে। যেনে ধৰক, মিড ডে’ মিলৰ চাউলক লৈ, ৰান্ধনীৰ সৈতে চকিদাৰৰ পৰকীয়া প্ৰেমক লৈ, কাষৰ গাঁওখনৰ ডেকা ল’ৰাকেইজনৰ লগত পূজাৰ চান্দাক লৈ…।
এনে
এশটাৰো ওপৰত সমস্যাৰ সমাধান তেওঁ সৎ সাহসেৰে কৰিছে। ঠাইখনৰ বহুতে তেওঁক বেয়া পালেও
কিন্তু অৱসৰৰ দিনটোত অঞ্চলটোৰ উন্নতিৰ প্ৰধান ব্যক্তি বুলি প্ৰশংসা কৰি গামোচা
পিন্ধাই সাবটি ধৰা মানুহৰ সংখ্যাও কম নাছিল। সেয়াই তেওঁৰ সুখ।
সৌৰভক
কলেজত এডমিশ্যন দিয়াবলৈ যাওঁতে হাতত নীলা ছাতিটো লৈ জীয়েকৰ হাত ধৰি অহা তেওঁৰ প্ৰাক্তন
প্ৰেয়সী অৰ্পণাই জীয়েকক “এয়া তোমাৰ মামা” বুলি চিনাকি দি ভৰি চুই সেৱা কৰিবলৈ
দিছিল। বুকুখনত কিহবাই ধপকৈ খুন্দা মাৰি ধৰিছিল যদিও তেওঁ সুখী হৈছিল। নতুন সম্বোধনটোৰ
প্ৰতি সন্দেহ আছিল যদিও তেওঁ দুখী হোৱা নাছিল। হয়তো সেইখিনি সময়তে…, হয় হয়, ঠিক সেইখিনি সময়তে বুকুৰ ভিতৰৰ পৰা হুমুনিয়াহ
এটাও ওলাইছিল। পিছে, ভাগ্যৰ খেলিমেলিতে অৰ্পণা কলিতাৰ সলনি
অৰ্পণা তালুকদাৰ হোৱা কথাটো তেওঁ মুহূৰ্ততে মানি লৈছিল।
মুঠতে
তেওঁ সুখী আছিল।
সেই হেন মানুহজনৰ সুখ নোহোৱা হ’ল।
“আচলতে কি জানেনে হাজৰিকা, সুখ বা দুখ হ’ল এক মানসিক অৱস্থা। আপুনি এই মানসিক
অৱস্থাক কেনেদৰে লয় সেইটোৰ পৰাহে তাৰ প্ৰভাৱ আপোনাৰ ওপৰত বিস্তাৰ কৰিব।”
“পিছে প্ৰভাৱতো আগতেই পৰে। ধৰক ভাল লগা খবৰ এটা পোৱাৰ লগে লগে আপোনাৰ মনত
সুখৰ অনুভুতিয়ে ক্ৰিয়া কৰিলে। সেই সময়ত কোনো দুখৰ কথা মনলৈ নাহিব। মানে আপুনি বেয়া
লগা কিবা এটা থাকিলেও পাহৰি যাব। গতিকে, সেই সময়ত আপোনাৰ মানসিক অৱস্থাৰ গতি সঞ্চালন
কৰি ভাবি থাকিবলৈ সুযোগ ক’ত…?”
কলিতাৰ
কথাৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰোঁ। তেখেতেও আচলতে মনে মনে সেইটোকে বিচাৰে,
কথাৰ গতি বঢ়াবলৈ, নতুন কথাৰ লাইন ক্লিয়েৰ
কৰিবলৈ। ইটোৰ পাছত সিটো টপিক আহি থাকে, গৈ থাকে। দৈনন্দিনৰ পৰা আৰম্ভ হৈ ক্ৰিকেট,
ৰাজনীতি, অৰ্থনীতি, ইতিহাস
পাৰ হৈ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শনত আহি শেষ হয়হি।
মাজে
মাজে চাহ-তামোল যাচিবলৈ অহা কৰবীয়ে মোৰ পিনে পোন্দোৱাকৈ চাই যায়হি। হয়তো বজাৰলৈ
যাবলগীয়া আছিল। কথাৰ প্ৰকোপত নহ’লগৈ। হয়তো চৌধুৰীৰ নাতিয়েকৰ জন্মদিনলৈ মাতিছিল। প্ৰেজেণ্ট আনি থোৱাই থাকিল।
যোৱাহে নহ’ল, এই ধৰণৰ কথাবোৰ নক’লেও কৰবীৰ চকুৰ চাৱনিতে জানি যাওঁ মই।
সিদিনা
অফিচৰ পৰা আহি ঘৰ সোমাওঁতেই কৰবীয়ে কথাটো ক’লে। পৰমা দাসে হেনো মোক বিচাৰিছে, কিবা
হেনো ক’বলগীয়া আছে তেখেতৰ। বিছনাত পৰি থাকি হেনো কিবাকিবি ভ্ৰম
বকি থাকে বুলি সৰু পুতেকে কৈ যোৱা কথাটোও কৈ কৰবীয়ে হাততে চাহকাপ তুলি দিলে।
কিহবাই যেন মনত তাগিদা দিলে। চাহকাপ থৈ মই পোনে পোনে দাসৰ ঘৰ পালোঁগৈ।
এইকেইদিনতে মানুহজনৰ শৰীৰৰ ওজন যেন আধা হৈ পৰিছে। চিলিং ফেনখনতেই স্থিৰ হৈ আছে তেওঁৰ দৃষ্টি। অত্যন্ত সুখী মানুহজন আজি যেন পৃথিৱীৰ আটাইতকৈ দুখীজন৷ পত্নীয়ে বহিবলৈ দি মই অহাৰ
কথাটো ক’লে।
নিস্তেজ
উদাসীনতাৰে ভৰা মুখখনত যেন মোক দেখি পোহৰ এচমকা পৰিল। চকুৰ ঠাৰেৰে মোক বিছনাৰ
কাষতে থকা চকীখনত বহিবলৈ ক’লে।
“মোৰ সমস্যাৰ সমাধান কেৱল আপুনিহে কৰিব পাৰিব হাজৰিকা…। মোক সহায় কৰক।
নহ’লে মোৰ আত্মাই শান্তি নাপাব।”
“আৰে আৰে আৰে… আপুনি এইবোৰ কি কৈছে কলিতা…? আপোনাৰ
একো হোৱা নাই। সকলো সমস্যাৰ সমাধান আছে। অতি সোনকালেই আপুনি ঠিক হৈ যাব। কি
হৈছে ভালদৰে কওকচোন…”
মই
আচলতে উৎকণ্ঠিত হৈ পৰিলোঁ। তেওঁ মোৰ মুখলৈ কৰুণভাৱে চাই কৈ গ’ল। এটা
সময়ত তেওঁ মৌন হৈ পৰিল। দুচকুৰ কোণ দুটাত দুটোপাল পানী। মই তেওঁ দেখুৱাই দিয়া মতেই ড্ৰয়াৰৰ পৰা কাগজৰ নুৰাটো লৈ ঘৰলৈ বুলি
খোজ ল’লোঁ।
পাছদিনাই
মই কলিতাৰ গাঁৱলৈ গৈ ভায়েকক লগ কৰিলোঁ। পিতাকৰ মৃত্যুৰ পাছত নৈপৰীয়া মাটিৰ ভাগটো কলিতাই ঘৈণীয়েকৰ
পৰামৰ্শমতে ভায়েকক দি নিজলৈ বুলি ভেটি-মাটিডোখৰৰ ভাগ ৰাখিছিল। যোৱা দুটা বছৰে নৈৰ
গঁৰা খহনীয়াই মাটিবোৰ খহাই নিয়াৰ খবৰ কলিতাই পাইছিল যদিও ভায়েকৰ খবৰ লোৱাৰ আহৰিহে
পোৱা নাছিল। ডেৰ মাহৰ আগতে বজাৰত লাও, বেঙেনা লৈ বহি থকা ভতিজাকক দেখিহে মনত পৰিল। নৈয়ে চৰ পেলাই থোৱা ভেটিটোতে ভায়েকে দুই-এবিধ পাচলিৰ খেতি কৰি চলি থকা বুলি শুনি সন্তোষ লভিলে।
ভতিজাকে বৰদেউতাকৰ হাতত জোৰকৈয়ে সৰহখিনি পাচলি দি পঠিয়ালে। পইচা দিব বিচাৰিছিল
যদিও ভতিজাকে কোনোপধ্যে নল’লে। সেইদিনা কলিতানীয়ে অতি
যত্নৰে কাৱৈ মাছেৰে লাওটো ৰান্ধিলে। খাবলৈ বৰ সোৱাদ হৈছিল বুলি আঙুলি চেলেকি
খাইছিল তেওঁ। ভেটি উছন হোৱা ভায়েকৰ কষ্টৰ ফলত তেওঁৰ অধিকাৰ সাব্যস্ত কৰিছিল। পিছে
হজমহে নহ’ল। সিদিনাৰ পৰাই সুখী মানুহজন অসুখী হৈ পৰিল। একেলগে পাৰ কৰা ল’ৰালিৰ ধেমালি,
যৌৱনৰ উদ্যমবোৰে তেওঁৰ মনত ভিৰ কৰি তেওঁক অশান্ত কৰি তুলিলে। সুখ
নোহোৱা হ’ল।
চাৰিদিন
পাছত অফিচৰ পৰা আহি ঘৰ নোসোমোৱাকৈয়ে তেওঁক দেখা কৰিবলৈ গ’লোঁ। মোক দেখি চকু দুটা তিৰবিৰাই উঠিল। মই চকুৰ ইংগিতেৰে কামটো
সমাধা হোৱা কথাটো জনালোঁ। পুনৰবাৰ চকু দুটাত পোহৰ জিলিকি উঠিল।
অৱশেষত, তেওঁৰ অসুখবোৰ নোহোৱা হৈ পৰিল। ৰাতি ভালকৈ এসাঁজ খাই তেওঁ বিছনাত পৰিল। চকু দুটা মুদি দিলে পৰম
প্ৰশান্তিৰে।
খবৰটো
পায়েই খৰকৈ খোজ দি মই কলিতাৰ ঘৰৰ সন্মুখ পালোঁগৈ।
আজি
কলিতাৰ ঘৰৰ পদূলি লোকে লোকাৰণ্য। প্ৰায়বোৰ মানুহৰ মুখতেই ইস ইস, আস আস…, ইমান
কম বয়সতে… একোৱেই বেমাৰ নাছিল হেনো… যোৱা ৰাতি হেনো খাই-বৈ ভালদৰেই
শুইছিল…, কি জানো হৈছিল…! ধপ্ধপাই
থকা বুকুখনেৰে মই সোমাই গ’লোঁ। চোতালত সেয়া শুই আছে পৰমেশ্বৰ
কলিতা৷ গভীৰ প্ৰশান্তিত নিদ্ৰামগ্ন। যোৱা দেৰটা মাহৰ অনিদ্ৰাৰ পাছত নিদ্ৰামগ্ন মুখাৱয়বত সুখৰ আকৰ। ঠিকেই, আজি তেওঁ পৰম
সুখী। আজি তেওঁৰ সুখৰ কাৰক হয়তো ময়েই। কলিতাৰ সুখী মুখখন দেখি ময়ো নিজকে সুখী
অনুভৱ কৰিলোঁ।
“…মানুহজন বৰ সুখী আছিল…৷” কোনোজনে কোৱা কাণত পৰিল।
এৰা, পৰমেশ্বৰ কলিতা এগৰাকী বৰ সুখী লোক আছিল।
