আংকিক যুগ আৰু গ্ৰন্থ চর্চা

  ৰক্তিম ৰঞ্জন  শইকীয়া

 

আংকিক  গাঁথনি বা 
ডিজিটেল ফৰমেট হ
ল কেৱল ১ আৰু ০ ব্যৱহাৰ কৰি তথ্য প্ৰকাশৰ এক  উপায়৷ 
গ্ৰন্থৰ জগতত আংকিক গাঁথনিৰ প্ৰৱেশ বহুত পুৰণি৷ যেতিয়াই পুৰণি
লেটাৰ প্ৰেছপৰিহাৰ কৰি  Desktop Printing (DTP)-
যোগেদি গ্ৰন্থৰ ছপাৰ কাম আৰম্ভ হ
ল সেইদিনাই আচলতে
গ্ৰন্থজগতত আংকিক যুগ আৰম্ভ হৈ গ
ল৷ তেতিয়াই এই ধৰণৰ আংকিক
সঁজুলিৰ প্ৰৱেশে গ্ৰন্থ প্ৰকাশলৈ বিপ্লৱ আনিছিল৷ কিন্তু সেই সময়ত সুবিধাজনক আংকিক দর্শন সঁজুলি উপলব্ধ হোৱা
নাছিল৷ গতিকে আংকিক লেখা দর্শনৰ বাবে বগা কাগজৰ কোনো বিকল্প নাছিল৷ কিন্তু যোৱা
১০ টা বছৰত বিভিন্ন কমখৰচী আৰু উন্নত
দর্শন সঁজুলিযেনে স্মার্ট ফোন আৰু লেপটপৰ আগমন আৰু ইণ্টাৰনেট সেৱাৰ
অভাৱনীয় মূল্য হ্ৰাস আৰু প্ৰসাৰে আংকিক যুগটোত গ্ৰন্থৰ ধাৰণাটোকে সলাই পেলাইছে৷
কিতাপ বুলিলে আমি যি পৰম্পৰাগত অৱয়ব বুজোঁ সেই অৱয়বলৈ সংকট আহিছে আৰু আমাৰ আগত
কিতাপৰ কিছু নতুন ধাৰণা আৰু অপৰম্পৰাগত অৱয়ব আহি উপস্থিত হৈছে৷

প্ৰতিবাৰেই নতুন
প্ৰযুক্তিৰ আগম
নে পুৰণি ধাৰাৰ বাহকসকলৰ বাবে কিছু সমস্যা সৃষ্টি কৰেই৷
আজিৰ পৰা হাজাৰ বছৰৰ আগতে মানুহে লিখন প্ৰযুক্তি আৱিষ্কাৰ কৰাৰ পাছত পুৰণি গ্ৰীচৰ সাধু ক
ওঁতাসকলৰ
বাবে সংকটৰ সৃষ্টি হৈছিল৷ আনকি প্লেটোৱে তেওঁৰ ফেড্ৰেচ (
the Phaedrus) নামৰ গ্ৰন্থত কব লগা হৈছিল—“সত্যৰ
লিখিত ৰূপে আমাৰ নিজৰ স্মৃতিক ব্যৱহাৰ কৰিবলৈ নিৰুৎসাহিত কৰিব
৷ কিন্তু লিখন বিদ্যাই মানুহক আগুৱাই নিয়াত কিমান সহায় কৰিব পাৰে, সেয়া পাছতহে উপলব্ধি কৰিব পৰা হল৷ আংকিক যুগত গ্ৰন্থৰ নতুন নতুন ৰূপসমূহে গ্ৰন্থক পূর্বতকৈও কম খৰচত
সহজলভ্য কৰি তুলিলে৷ এসময়ত গ্ৰন্থ বুলিলে সাঁচিপাত
, তালপাত,
তুলাপাত আদিত লিখা গ্ৰন্থৰ কথাই মনলৈ আহিছিল৷ ১৪৩৬ খ্ৰীষ্টাব্দত
ছপাযন্ত্ৰ
আগমনে সাঁচিপাততালপাত, তুলাপাতৰ
দৰে গ্ৰন্থৰ মাধ্যমবোৰৰ অন্ত পেলালে যদিও
, সেয়া আছিল মাধ্যমৰ
পৰি
র্তনহে৷  গ্ৰন্থৰ
অন্ত নহয়৷  ছপা মাধ্যমৰ আগমনৰ পাছত নতুন ৰূপত গ্ৰন্থৰ অভ্যূদয় ঘটিল৷ ছপাযন্ত্ৰৰ
আগমন আছিল গ্ৰন্থ প্ৰকাশৰ এক যুগসন্ধি৷ তাৰ পাছৰ যুগসন্ধিটো আমি আংকিক মাধ্যমসমূহৰ
দ্ৰুত বিকাশৰ মাজত দেখিবলৈ পাই
ছোঁ৷ ছপা প্ৰযুক্তি উদ্ভাৱনৰ
প্ৰায় পাঁচশ পঞ্চাছ বছৰৰ পাছত সৃষ্টি হোৱা এই যুগসন্ধিয়ে পু

কিতাপৰ ৰূপ সলাই পেলাবৰ উপক্ৰম কৰিছে৷ 
কিন্তু পূর্বৰ দৰে এয়াও কিতাপৰ অন্ত নহয়
, মাধ্যমৰ
পৰিবর্তনহে মাত্ৰ ৷


বর্তমান
বিশ্বৰ সামগ্ৰিক কিতাপৰ বজাৰ :

এতিয়া আপোনালোকক
কেইটামান তথ্য অৱগত কৰাব খুজি
ছোঁ৷ ২০১১ চনত বিশ্বৰ এখন বহুল প্ৰচলিত
গ্ৰন্থ এনচাইক্ল
পেডিয়া ব্ৰিটানিকাৰ
প্ৰকাশ বন্ধ হয়৷ বর্তমান এনচাইক্ল
পেডিয়া
ব্ৰিটানিকাৰ
অনলাইন আংকিক সংস্কৰণহে
উপলব্ধ৷ আনহাতে ব্ৰিটেইনত
নেলচন বুক স্কেন ডাটা” নামৰ সংস্থাটোৰ এটা সমীক্ষাত কোৱা হৈছে যে ২০১৭-১৮ চনত ছপা কিতাপৰ বিক্ৰী ২.১% বৃদ্ধি পাইছে৷ কেইবাটাও সমীক্ষাৰ মতে সমগ্ৰ পৃথিৱীত ২০২০ চনত  ৮% আৰু 
২০২১ চনত ৯%  গ্ৰন্থৰ বিক্ৰী বৃদ্ধি
হৈছে৷ ক
ভিড কালত সকলো ব্যৱসায় মন্দা হোৱাৰ সময়ত গ্ৰন্থ ব্যৱসায়ে
প্ৰসাৰ লাভ কৰাটো লক্ষণীয়৷ সামগ্ৰিকভা
ৱে যোৱা দহ বছৰত গ্ৰন্থৰ
বিক্ৰী বাঢ়িছে৷ কিন্তু পাব্লিচা
ৰ্ছ উইকলি নামৰ আলোচনীখনৰ মতে
২০২১ চনৰ তুলনাত ২০২২ চনত ছপা কিতাপৰ বিক্ৰী হুৰহুৰাই খহিছে৷ ২০২১ চনৰ নৱেম্বৰ
মাহতকৈ ২০২২ চনৰ নৱেম্বৰ মাহত ছপা কিতাপৰ বিক্ৰী ১৭.১% কমিছে (
Jim Milliot,
November
17, 2022, Another Bad Week for
Print Book Sales, Publishers’ Weekly)

অৱশ্যে ছপা
কিতাপৰ বিক্ৰী আৰু
আংকিক কিতাপৰ বিক্ৰী
তুলনা কৰিলে এতিয়াও ছপা কিতাপ আগবাঢ়ি আছে৷ অর্থাৎ এক বৃহৎ সংখ্যক আংকিক কিতাপ
প্ৰকাশ হৈ থাকিলেও ই  ছপা  কিতাপৰ লগত ফেৰ মাৰিব পৰা হোৱাগৈ নাই (
E-Books
Still No Match for Printed Books, Felix Richter, Statista, 21
April, 2022)৷

যিহেতু আংকিক
গ্ৰন্থ
ৰ কোনো ভৌতিক অস্তিত্ব নাই,
সেয়ে বৃহৎ পৰিমাণৰ পাঠকে এতিয়াও ছপা কিতাপকে প্ৰাধান্য দিয়ে৷ ছপা কিতাপৰ এই
প্ৰভুত্বৰ কাৰণ হ
ল বর্তমানৰ পৃথিৱীৰ আর্থিক শক্তিটো
নিয়ন্ত্ৰণ কৰে
মিলেনিয়েলবুলি অভিহিত কৰা ১৯৮১ আৰু ১৯৯৬ চনৰ মাজৰ সময়ছোৱাত জন্মলাভ কৰা লোকসকলে৷ এই  মিলেনিয়েল লোকসকলে এতিয়াও ছপা কিতাপকহে
প্ৰাধান্য দিয়ে৷ গতিকে আমি এতিয়াও ছপা কিতাপৰ জয়যাত্ৰা দেখিবলৈ পাই
ছোঁ৷ কিন্তু এদিন বিশ্বৰ আর্থিক শক্তিটো মিলেনিয়েল
সকলৰ পৰা উত্তৰ মিলেনিয়েলসকলৰ হাতলৈ হস্তান্তৰ হব৷ তেতিয়া হয়তো গ্ৰন্থ উদ্যোগত ছপা কিতাপতকৈ আংকিক কিতাপৰ প্ৰাধান্য
বৃদ্ধি পাব৷ এই সাম্ভাব্য বৃদ্ধিৰ লক্ষণ ইতিমধ্যে দেখা গৈছেই৷

ছপা কিতাপৰ
গোন্ধ
,
আৰু ইয়াৰ ভৌতিক অৱস্থিতিক লৈ মিলেনিয়েল বা পূর্ব মিলেনিয়েল প্ৰজন্মবোৰৰ নষ্টালজিক আৱেগ থাকিলেও উত্তৰ মিলেনিয়েল নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সেই
আৱেগ স্বাভাৱিক কাৰণতে নাই৷ কাৰণ এইটো হ
ল ইলেক্ট্ৰনিক প্ৰজন্ম৷ এই ইলেক্ট্ৰনিক প্ৰজন্মটোৱেও প্ৰচুৰ
অধ্যয়ন কৰে৷ কিন্তু তেওঁলোকৰ বাবে কিতাপৰ মাধ্যম কাগজৰ পৰি
র্তে
কিণ্ডল
, আইপে
, ৱেছাট, সামাজিক মাধ্যম আদিহে হৈ পৰিছে৷ কেতিয়াবা ভবা হয়
ধীৰে ধীৰে এই ইলেক্ট্ৰ
নিক প্ৰজন্মটোৰ পৰিৰ বৃদ্ধি পাব আৰু এদিন কিতাপৰ মাধ্যমটো সম্পূর্ণ আংকিক
বা ইলেক্ট্ৰনিক হৈ পৰিব৷ ইতিমধ্যেই কম খৰচী
প্ৰকাশন
, লেখকৰ বাবে নিজস্বভাৱে প্ৰকাশৰ অধিক সুবিধা,
গ্ৰন্থসমূহ সংৰক্ষণৰ সুবিধা আৰু সেউজ উদ্যোগ হিচাপে আংকিক গ্ৰন্থৰ
জনপ্ৰিয়তা ধীৰে ধীৰে বৃদ্ধি পাইছেই৷ অবশ্যে পূর্ব মিলেনিয়েল আৰু উত্তৰ মিলেনিয়েল
দুইটা প্ৰজন্মৰ অনুভূতিক সন্তুষ্ট কৰিব পৰাকৈ একেবাৰে ছপা কিতাপৰ দৰে অনুভৱ দিয়া  নতুন ধৰণৰ আংকিক পাঠযন্ত্ৰৰ আৱিষ্কাৰৰ বাবে
এতিয়া প্ৰচেষ্টা চলিছে ৷


আংকিক
গ্ৰন্থৰ সুবিধা :

এটা সময়ত দুষ্পাপ্য গ্ৰন্থ সংৰক্ষণৰ বাবে মাইক্ৰফিল্ম নামৰ এটা
ব্যৱস্থাৰ সহায় লোৱা হৈছিল৷ কিন্তু এই মাইক্ৰ
ফিল্মবোৰ
ব্যৱহাৰত অলেখ জ
টিলতা আছিল৷ কিন্তু এতিয়া মাইক্ৰফিল্মৰ পৰির্তে আংকিক গ্ৰন্থবোৰ সহজে ব্যৱহাৰ,
সংৰক্ষণ আৰু বিতৰণ কৰিব পাৰি৷ মূলতঃ সংৰক্ষণৰ সুবিধাৰ বাবেই পৃথিৱীৰ
উল্লেখযোগ্য সকলো পুথি
ভঁৰালত সংৰক্ষিত পুৰণি গ্ৰন্থবোৰ আংকিক
ৰূপলৈ ইতিমধ্যেই অনা হ
ল৷ আজি পুৰণা দুষ্পাপ্য গ্ৰন্থসমূহ মুঠেই দুষ্পাপ্য হৈ থকা নাই৷ সকলো
আংকিক ৰূপত বিচাৰিলেই পোৱা যায়৷ গুগল
, আর্কইভ আদি সংস্থাসমূহে
পুৰণি কিতাপৰ বৃহৎ ভাণ্ডাৰ তৈয়াৰ কৰিছে৷ ভাৰত চৰকাৰেও সকলো ভাৰতীয় ভাষাৰ প্ৰকাশিত
গ্ৰন্থৰ আংকিক ভাণ্ডাৰ তৈয়াৰ কৰিছে৷ আজি মন গ
লেই যিকোনোৱে
বিনামূলীয়াকৈয়ে নিজৰ লেপটপটো এটা পুথি
ভঁৰাললৈ পৰির্তন কৰিব পাৰে৷


আংকিক
যুগৰ নতুন পাঠক :

আজি
পৃথিৱীৰ পঢ়ুৱৈজগত ছপা আৰু আংকিক মাধ্যমক লৈ দোদুল্যমান অৱস্থাত আছে৷ গতিকে
বিখ্যাত প্ৰকাশকসকলে দুইকুল ৰক্ষা কৰি ছপা আৰু আংকিক দুইটি ধৰণতে কিতাপসমূহ বজাৰত
এৰি আছে৷ আংকিক যুগৰ অন্য এক নতুন ধৰণৰ গ্ৰন্থ হ
ল শ্ৰাব্যপুথি৷
সুন্দৰভাৱে গ্ৰন্থপাঠৰ বাণীবন্ধন কৰা ৰূপৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে৷ গল্প
উপন্যাস কবিতা আদিৰ দৰে সৃ
ষ্টিশীল লেখাসমূহৰ শ্ৰাব্যপুথিৰ জনপ্ৰিয়তা
বে
ছি৷ অতিসম্প্ৰতি শ্ৰাব্যপুথিৰ পঠন ভংগী সম্পর্কে নিতৌ নানা
পৰীক্ষা
নিৰীক্ষা আৰম্ভ হৈছেই৷

আংকি
যুগত ইতিমধ্যে পাঠকৰ ৰুচি সলনি হৈ গৈছে৷ এচাম নতুন ধৰণৰ পাঠক নতুন ৰুচি লৈ গ্ৰন্থৰ
পৃথিৱীত পদার্প
কৰিছে৷ আংকিক যুগৰ প্ৰধা বৈশিষ্ট্যল গতি৷ নতুন
প্ৰজন্মৰ পাঠকসকলে সকলো ক্ষেত্ৰতে গতি বিচাৰে৷ অত্যধিক গতি বিচৰাৰ বাবেই কবিতাৰ
দৰে কিছুমান সাহিত্যই  জনপ্ৰিয়তা হেৰুৱাইছে৷
পৰম্পৰাগত শৈলীতে লিখা
মেলা কৰি থকাসকলৰ পাঠক হেৰাইছে আৰু আৱিৰ্ভাব
হৈছে আংকিক যুগৰ পাঠকক সন্তুষ্ট কৰিব পৰাকৈ গতিসম্পন্ন লেখা সৃ্ষ্টি কৰিব পৰা
এচাম নতুন লেখকৰ৷


আংকিক
যুগত গ্ৰন্থ বিপণন :

আংকিক যুগৰ
পোনপটীয়া প্ৰভাৱ সদ্যহতে পৰিছে গ্ৰন্থৰ বিপণন  ব্যৱস্থাত৷ আংকিক যুগে গ্ৰন্থ বিপনন জগতত অনা
পৰি
র্তন সমূহ আমাৰ জকাইচুকীয়া ঠাইবোৰতো আমি অনুভৱ কৰিব পাৰোঁ৷ গ্ৰন্থব্যৱসায়ৰ ৰেহ-ৰূপ ইতিমধ্যই সলনি হবলৈ আৰম্ভ
কৰিছে৷ ধাৰণা কৰা হৈছে গ্ৰন্থমেলাৰ দৰে অনুষ্ঠানসমূহৰ প্ৰাসঙ্গিকতা ধীৰে ধীৰে কমি
যাব৷ ইতিমধ্যেই
আমাজ” “ফ্লিপকার্টৰ দৰে অনলাইন বিক্ৰীমঞ্চসমূহে কিতাপৰ দোকানবোৰত
বেয়াকৈ প্ৰভাৱ পেলাইছেই৷ প্ৰকাশক আৰু পাঠকৰ মাজত অনলাইন লেনদেনে পাঠক আৰু প্ৰকাশক
দুইগৰাকীকে আর্থিকভাৱে উপকৃত কৰিবলৈ আৰম্ভ কৰাত
পূর্বতে
দুইপক্ষৰ মাজত অৱস্থান কৰা কিতাপৰ দোকানসমূহ সোনকালেই অতীত হৈ পৰিব৷ পাৰহৈ যোৱা
ভিড মহামাৰীৰ সময়ত সমগ্ৰ পৃথিৱীত কিতাপৰ বিক্ৰী বাঢ়িলেও বহু কিতাপৰ দোকান বন্ধ হৈ পৰিল৷ মহামাৰী
অতীত হোৱাৰ পা
তো সেই দোকানবোৰ খোল নাখালে৷ বৰং লাহে লাহে ই
কমাৰ্চৰ বৃহৎ প্ৰতিষ্ঠানবোৰে কিতাপৰ বজাৰখনত একাধিপত্য স্থাপন কৰিবলৈ গৈ আছে৷

এই আংকিক
যুগটোৱে কেইবাটাও দিশৰ পৰা প্ৰত্যাহ্বান আনিছে পে
ছাদাৰী লেখকসকললৈ ৷ পূর্বে গ্ৰন্থ প্ৰকাশৰ সমস্ত দায়িত্ব কেৱল প্ৰকাশকসকলৰ হাততে
ন্যস্ত আছিল৷ তেওঁলোকে বাচি
বিচাৰি পাঠকৰ ৰুচি অনুমান কৰি
নির্দিষ্ট সংখ্যৰ গ্ৰন্থকহে বজাৰলৈ আহিবলৈ দিছিল৷ কিন্তু আংকিক যুগত অভাৱনীয়
সংখ্যক স্বপ্ৰকাশিত গ্ৰন্থই বজাৰত ভিৰ কৰিছেহি৷ লেখক যি পৰিমাণে বাঢ়িছে পাঠক সেই
পৰিমাণে বঢ়া নাই৷ গতিকে লেখকৰ উপার্জন কমি গৈছে ৷
য়ুথ
কালচাৰ
নামৰ আলোচনীখনৰ মূখ্য কার্যবাহী বিষয়া ক্ৰিচ লাভাৰ্নেই (Chris Lavergne) উল্লেখ কৰা মতে আজিৰ বজাৰত আংকিক ৰূপৰ গ্ৰন্থ একোখন কম মূল্য আৰু আংকিক গ্ৰন্থৰ তাৎক্ষণিক ধৰণ-কৰণৰ বাবে অধিক সংখ্যাত বিক্ৰী হলেও ছপা কিতাপে আংকিক কিতাপৰ ৭ গুণ 
অধিক আয় কৰিব পাৰে৷

ইয়াৰ উপৰিও
আংকিক গ্ৰন্থসমূহৰ সহজে নকল হৈ বিভিন্ন ৱে
বছাইটত ঘূৰি ফুৰে৷ কিছুদিনৰ আগতে
গিগাপে
ডিয়া, লাইব্ৰেৰী নু, জেড লাইব্ৰেৰী আদি
ৱে
বপেজত যি কোনো গ্ৰন্থই পোৱা গৈছিল৷ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশকসকলৰ মঞ্চই যুঁজি যুঁজি এইবোৰ বন্ধ কৰিলেও নল মৰি গজালি ওলোৱাৰ দৰে
নতুন নতুন ৱেবচাইটৰ জন্ম হৈয়েই আছে৷ ইয়াৰ উপৰি ডার্কৱে
বত এতিয়াও ইতিমধ্যে উল্লেখ
কৰা ৱে
বছাইবোৰ সক্ৰিয় হৈয়েই আছে৷ ডার্কৱেব প্ৰতিৰোধ কৰিব
পৰাকৈ কোনো কাৰিকৰী কৌশল এতিয়াও বিকাশ হোৱা নাই৷

অৱশ্যে আংকিক
যুগত গ্ৰন্থ সম্পর্কে ইতিমধ্যে আলোচনা কৰা কথাখিনি অসমৰ প্ৰেক্ষাপটত  বিশেষ প্ৰযোজ্য নহয়৷ সামগ্ৰিকভাৱে আমি অসমীয়াসকল
জ্ঞানপিয়াসী জাতি কোনোকালেই নাছি
লোঁ৷ যোৱাটো শতিকাৰ অষ্টম-নৱম দশকলৈকে উজনি
অসমত কিতাপ বিক্ৰী হৈছিল দুর্গম অঞ্চলবোৰৰ চাহবাগিছাসমূহত কাম কৰা শিক্ষিত লোকসকলৰ
জৰিয়তে৷ মনোৰঞ্জনৰ অন্য কোনো মাধ্যম নথকাৰ সময়ত তেওঁলোকে কিতাপৰ যোগেদিয়েই সেই
অভাৱ
পূৰণ কৰিছিল৷ দূৰদর্শনৰ আগমনৰ পাছত
সেই বজাৰখনৰ অন্ত হ
ল৷ তাৰ পাছত মনোৰঞ্জনৰ অলেখ মাধ্যম আহি
কিতাপৰ বজাৰ প্ৰায় উ
ছন কৰিলে৷ পাঠকৰ তুলনাত লেখকৰ সংখ্যা
বৃদ্ধি
, নতুন পাঠকৰ ৰুচিৰ লগত খাপ খোৱাৰকৈ গ্ৰন্থ সৃষ্টিৰ
অক্ষমতা আদি কাৰণত অসমৰ কিতাপৰ বজাৰখনৰ অৱস্থা লৈ আশাবাদী হ
বলৈ
মনে নকয়৷ অসমত এতিয়া কিতাপ পঢ়া মানুহৰ সংখ্যা ৫০০০-তকৈ বে
ছি
নহয়৷ অতিপাত বিক্ৰী  হোৱা গ্ৰন্থেয়া ৫০০০-ৰ
সীমা অতিক্ৰম কৰাটো জ
টিল৷

 

আংকিক
যুগত বাতৰিকাকত আৰু আলোচনী :

আংকিক যুগে
গ্ৰন্থতকৈ পৰম্পৰাগত বাতৰিকাকত আৰু আলোচনীসমূহৰ বে
ছি ক্ষতি কৰিছে৷ কিছুমান পৰিৱেশগত কাৰণ আৰু
কিছুমান ব্যৱস্থাপনাৰ সমস্যাৰ বাবেই পৰম্পৰাগত বাতৰিকাকত আৰু আলোচনীবোৰে অস্তিত্বৰ
সংকটত ভূগিবলগীয়া হৈছে৷ আংকিক যুগটোৱে পাঠকৰ মানসিকতা চিৰদিনলৈ সলাই দিলে৷
অপেক্ষাএই যুগটোত একেবাৰে
অস্পৃশ্য শব্দ হৈ পৰিছে৷ পাঠক আৰু লেখক কোনোৱে এতিয়া অপেক্ষা কৰিবলৈ প্ৰস্তুত নহয়৷
পাঠকসকলে এটা ঘটনা সংঘটিত হোৱাৰ পা
ত সেই ঘটনাৰ খবৰ পাবলৈ
পৰৱর্তী দিনটোলৈ অপেক্ষা কৰিবলৈ নিবি
চাৰে৷ যাৰ পোনপটীয়া প্ৰভাৱ ছপা বাতৰি কাকতসমূহত পৰিছে৷ দিনে দিনে বাতৰি কাকতসমূহৰ বিক্ৰী কমি গৈছে৷ এতিয়া মুহূর্তৰ
খবৰ পাঠকক
মুহূর্ততে লাগে৷ যিটো কৰিবলৈ ছপা বাতৰিকাকতসমূহ
সক্ষম নহয়৷ গতিকে পৰম্পৰাগত বাতৰি কাকতৰ স্থান বিভিন্ন সংঘটনসমূহ মু
হূর্ততে পাঠকৰ হাতত তুলি দিব পৰা, প্ৰতি মুহূর্ততে বাতৰি উন্নীতকৰণ হোৱা অনলাইনআংকিক বাতৰি পৃষ্ঠাসমূহে অধিকাৰ কৰিবলৈ আগ বাঢ়িছে৷ তাৰ উপৰি সম্পাদকৰ
চকুৰে বাতৰি পঢ়িবলৈ ৰাইজ এতিয়া নাৰাজ৷ ছপা বাতৰি কাকতসমূহৰ বিভিন্ন মতবাদৰ বা
ব্যক্তিৰ প্ৰতি মুকলি বা গোপন আনুগত্যৰ বিষয়টো নতুন হৈ থকা নাই৷ যাৰ প্ৰভাৱ
প্ৰকাশিত বাতৰিৰ ওপৰতো পৰে৷ আংকিক যুগৰ পাঠকে এইটো সহ্য নকৰে৷ গতিকে যোৱা দহ বছৰত
ৰাজহুৱা মতবাদ গঠনত বাতৰি কাকতৰ ভূমিকা দুখ লগাকৈ কমি আহিছে৷
 ৰাজহুৱা মতবাদ নির্মা বাতৰি কাকতসমূহতকৈ
সামাজিক মাধ্যমৰ
 ভূমিকা বৃদ্ধি
পাইছে৷ সামাজিক মাধ্যমত দু্ইমুখী যোগাযোগৰ সুযোগটোৱে বাতৰি কাকততকৈ ইয়াৰ গুৰুত্ব
বৃদ্ধি কৰিলে৷ দেখা গৈছে ছপা বাতৰি কাকতৰ ভূমিকা
অনলাইন
আংকিক কাকত
আৰু সামাজিক মাধ্যমে ভগাই লৈছে৷ বাতৰিৰ কাৰণে অনলাইন আংকিক কাকতআৰু ৰাজহুৱা মতামত গঠনৰ বাবে
সামাজিক মাধ্যমে ইতিমধ্যেই নিজৰ আসন গজগজীয়া কৰি 
লে৷

বাতৰি কাকততকৈ
অধিক খৰ
কীয়াকৈ প্ৰাসঙ্গিকতা হেৰুৱাই পেলাইছে ছপা আলোচনীসমূহে৷ এই ছপা আলোচনীসমূহলৈ
প্ৰধান প্ৰত্যাহ্বান আনিছে
অনলাইন আংকিক আলোচনীআৰু সামাজিক মাধ্যমবোৰে৷ ছপা
আলোচনীবোৰে পৃষ্ঠাৰ সীমাৱদ্ধতাৰ বাবে সকলো ধৰণৰ পাঠকক মানসিক খোৰাক যোগাব পৰাকৈ পাঠসামগ্ৰী
দিবলৈ সক্ষম নহয়৷ আনহাতে
অনলাইন আংকিক আলোচনীআৰু  সামাজিক মাধ্যম এনে
সীমাৱদ্ধতাৰ পৰা আঁতৰত৷ সামাজিক মাধ্যমত প্ৰতিজন পাঠকেই তাৎক্ষণিকভাৱে কোনো
সম্পাদক নথকাকৈ মতামত প্ৰকাশ কৰিব পৰাৰ কথাটোৱে পাঠক সকলক আত্মসন্তুষ্টি প্ৰদান
কৰে৷

পাঠকৰ দৰে খুব
ধীৰে ধীৰে লেখকসকলো ছপা আলোচনী আৰু বাতৰিকাকতৰ পৰা
আঁতৰি আহিবলৈ আৰম্ভ
কৰিছে৷ আমাৰ বাতৰিকাকতেই হওক বা আলোচনীয়েই হওক কোনোখনৰে লেখকৰ লগত প্ৰকাশৰ যোগ্যতা
সম্পর্কে জনাবলৈ তাংক্ষণিক যোগাযোগৰ কোনো সঠিক ব্যৱস্থা নাই৷ এটা
লেখা কোনো আলোচনী বা বাতৰি কাকতলৈ প্ৰকাশৰ বাবে পঠোৱাৰ পাছত মাহৰ পাছত মাহ
ধৰি অনিশ্চয়তাৰ মাজত থাকিবলৈ কোনো লেখক এতিয়া প্ৰস্তুত নহয়৷
লেখা এটা কাকত আলোচনীলৈ পঠোৱাৰ পাছত তাৎক্ষণিকভাৱে মূল্যায়ন কৰি কেতিয়ামানে লেখাটো প্ৰকাশ পাব বা নাপাব তাক লেখকক জনোৱাৰ এটা প্ৰক্ৰিয়া ছপা কাকতআলোচনীবোৰে নললে এই সমূহে পাঠকৰ দৰে লেখককো
হেৰুৱাব৷  এই খিনিতে আমাৰ এটা প্ৰাসঙ্গিক
ব্যক্তিগত অভিজ্ঞতা ৰাইজক জনোৱাৰ প্ৰয়োজন বোধ কৰি
লোঁ৷ কেই বছৰমান
আগতে আমাৰ দৃষ্টিত এটা মানসম্পন্ন
লেখা প্ৰস্তুত কৰি নিজৰ এটা নাম-ঠিকনা লিখা, ডাক টিকট লগোৱা খামৰ সৈতে
প্ৰান্তিক আলোচনীলৈ প্ৰেৰণ কৰিছিলোঁ৷ এবছৰমান
অপেক্ষাৰ
অন্ততো প্ৰান্তিকৰ পৰা কোনো খবৰ নহাত অতিষ্ঠ
হৈ
লেখাটো সাতসৰী নামৰ আলোচনীলৈ প্ৰেৰণ কৰিলোঁ৷ তাৰ তিনিমাহমানৰ পিত একে মাহতে প্ৰান্তিক আৰু
সাতসৰী
লেখাটো প্ৰকাশ হল৷ আলোচনী
এখনৰ ভুল সম্পাদনা
, পৰিচালনা নীতিৰ সমস্যাৰ বাবে আমি পাঠকৰ
ওচৰত হাঁহিয়াতৰ পাত্ৰ হ
’লোঁ

অসমত কোনো
এজন 
লেখকেই পেটৰ তাড়নাত
নিলিখে৷ তেওঁলোকক লাগে মাত্ৰ নিজৰ মনোভাৱ আৰু চিন্তাসমূহ প্ৰকাশৰ একোটা মাধ্যম৷
গতিকে আলোচনীত প্ৰকাশৰ বাবে দীর্ঘকাল অপেক্ষা কৰিবলৈ তেওঁলোক মানসিকভাৱে প্ৰস্তুত
নহয়৷

সেয়ে
বহুক্ষেত্ৰত লেখকে ছপা কাকত
আলোচনীৰ পৰা আঁতৰি  আংকিক সামাজিক মাধ্যমৰ আশ্ৰয় লয়৷ সেয়ে এনেধৰণৰ লেখকসকলৰ
বাবে হাজাৰ সীমাবদ্ধতা
সত্বেও ব্লগ,
সামাজিক মাধ্যম
ৰু সামাজিক মাধ্যম ভিত্তিক অনলাইন আলোচনীসমূহ
অধিক সুবিধাৰ৷ কুৰি বছৰৰো অধিক কাল ছপা মাধ্যমত
লিখামেলা কৰাৰ পাছত এতিয়া আমি সামাজিক মাধ্যম আৰু সামাজিক মাধ্যম ভিত্তিক
আলোচনীসমূহত লি
খোঁ৷ ইয়াৰ কাৰণে আমাৰ পাঠকৰ সংখ্যা হ্ৰাস
পোৱাৰ পৰি
র্তে বৃদ্ধিহে পালে বুলি অনুভৱ কৰিছোঁ৷ সম্পাদনাৰ কেঁচি এটা প্ৰয়োজনীয় বস্তু যদিও সম্পাদনাৰ মাপকাঠি  বিভিন্ন সম্পাদকৰ বেলেগ হয়৷ সেয়ে কোনো ক্ষেত্ৰত
যোগ্য লেখকো কোনো সম্পাদকৰ বাছনিত নুঠি
পাৰে৷ আংকিক মাধ্যম
এনে ক্ষেত্ৰত সহজ উপায়৷ আংকিক সামাজিক মাধ্যমত জনপ্ৰিয় কোনো কোনো গ্ৰন্থ বা
লেখা ছপা কাকতত প্ৰকাশ পোৱা বা ছপা কিতাপ হিচাপে জনপ্ৰিয়
হোৱা মাজে মাজে দেখিবলৈ পোৱাৰ পৰা অনুমান হয়
, এনে মাধ্যমত
কেতিয়াবা ৰসোত্তীর্ণ
লেখাও সৃষ্টি হ
পাৰে৷ আমাৰ ধাৰণা ছপাৰূপত কিতাপ তি
ষ্ঠি থাকিলেও ছপা বাতৰিকাকতআলোচনীসমূহে এতিয়া মাত্ৰ এখন হাৰি যোৱা যুদ্ধতহে যুঁজি
আছে৷

 

References:

1.     Hughes, Dan (20th
April, 2020): The Publishing Industry in a Digital Age,
Written by Dan Hughes, Apr 20, 2020,
Digital Marketing Institute

2.     Ella Myers (3rd
March, 2022): The Revival of Print Books, cherwell.org