চেঁকুৰি আহে ঘোঁৰাপুৱা

নীলিমা ঠাকুৰীয়া হক 

 

চেঁকুৰি আহে ঘোঁৰাপুৱা

স্ফটিক সেউজ ঘোঁৰাপুৱাটো শুভবাৰ্তা হৈ

চেঁকুৰি আহে

 

ঘোঁৰাপুৱাটো এখন সেউজ অৰণ্য

অৰণ্যৰ লেকাম নাই, দৌৰি
আছে

অৰণ্যখন সোমাই আহিছে চহৰলৈ

প্ৰতিটো লাইটপোষ্ট উৰ্ধ্বমুখী লতাই সাবটি ধৰিছে

পুলিচ পইন্টবোৰ ঘন বেতৰ জাৰণি,
বাঘৰ চোং

বিশাল গছবোৰৰ ঠালঠেঙুলি
আৰু শিপাবোৰ

সোমাই গৈছে অট্টালিকাবোৰৰ দুৱাৰখিৰিকীৰে

খটখটীৰে বগাইছে সাপ লতা কেৰ্কেটুৱাই

 

কোনোবাটো বাটেৰে বৈ আহিছে নদীখন

কোনোবাটোত হাতীৰ সমদল, বেনাৰহীন
শ্লোগানত

হাতীৰ গগনফলা চিঞৰ

গঁড় গৌৰৱ আমাৰ, যানজঁটত
দিশহাৰা

খৰ্গৰে চলাইছে তাণ্ডৱৰ আখৰা

 

আচলতে সেউজ ঘোঁৰাটো চেঁকুৰিছে

খৰাঙত চৌচিৰা হোৱা পাৰাপাৰহীন হোৱা প্ৰান্তৰলৈ

পোৰামাটিৰ কঠিন পথাৰ আৰু বালিময়

পাহাৰবোৰ সাবটি ল’বলৈ

চহৰবোৰেহে বিধিপথালি
দিছে

 

উশাহ ল’ব নোৱৰা ক্ৰংক্ৰিটৰ হাবি গচকি

চেঁকুৰি যোৱা ঘোঁৰাটো অকলশৰীয়া নহয়

মৰুভূ মাটিৰ ওঁঠ তিয়াবলৈ

মেঘ ঘোঁৰাবোৰো চেঁকুৰি আহিছে

 

বেলিৰ চকুত পটী

বৰষুণ
দিব

 

টোকা : ঘোঁৰাপুৱাশব্দটো কবি অনুভৱ তুলসীৰ
সৌজন্যত পোৱা