৩১ ডিচেম্বৰ

হৰেকৃষ্ণ ডেকা




কাইলৈ ফেঁহুজালি
ফালি


উভতি আহিলে

বেলিটো বেলেগ হৈ আহিব নেকি ?

দোকমোকালি বেলিটো ওলালে কওঁ

এটা নতুন দিন ৷

কাইলৈ ক
নতুন বছৰ ৷


এটা পুৰণি বেলি

এটা পুৰণি জোন

এখন পুৰণি পৃথিৱী ৷

কিন্তু প্রতিটো দিনেই নতুন দিন ৷

প্রতিটো বছৰেই নতুন বছৰ ৷

যদিও কেৱল নির্ভৰ ভৰ,

নহ
লে সকলো শূন্য,


ৰবাত
এটা ঈশ্বৰ-কণাই


কিবা কৌতুক কৰি আছে ৷ আৰু সেয়েই

পৃথিৱী ঘূৰি আছে,

পুৰণি হৈও নতুন হৈ আছে ৷



টোকা: ভৰ- mass

          ঈশ্বৰ-কণা- Higgs-Boson particle, যি অন্য কণাক ভৰ দিয়ে। ভৰ নাথাকিলে পদাৰ্থৰ সৃষ্টি  নহলহেতেন।