জিতেন পায়েং

লেচেৰি বুটলা দিনৰ ইতি পেলাই 

 নৈপৰীয়া বগৰী পকিছে 
গৰছিগাৰ শুকুৰবৰীয়া বজাৰত ধানৰ দাম কমি 
হাফ পেণ্টৰ দাম বাঢ়িছে 
খেতিয়কৰ ধান 
মহাজনৰ ভৰাল 
এদোণ ধান 
এবেলাৰ কাছি 
 কিমান আৰু উদযাপন কৰিম ঠেঁটুৱৈ ধৰা কঙাল দিন 
ভোগালী আহিছে অ ভোগালী 
জয় হৰি বোল জয় ৰাম বোল 
ভেলা ঘৰত 
উৰুকাৰ ভোজ 
হাঁহে মাহে
কুকুৰাই কোমোৰাই 
পুৱতী নিশা 
ৰঙানদীত গংগাৰ পানী আহে 
মেজিৰ জুই জ্বলে 
খেতিয়কৰ পেটৰ জুই ? 
ঠিকনা : 
অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়
ফোন : ৯৮৬৪০৭৫১৪৭