Category অন্যযুগ, ফেব্ৰুৱাৰি, ২০২৩

সিজুফুলৰ ৰাতি

দীপজ্যোতি বৰা গুলঞ্চৰ ভগা ডালটোত বহি ওৰে ৰাতি কেতেকীয়ে কান্দে আনে নুশুনিলেও থাপনাৰ শিলবোৰে শুনে শিলবোৰ পমি যায় পমি পমি ভাপ হয় অশ্ৰুগংগাৰ বীজ হয় বীজবোৰ বুটলি কেতেকীৰ এন্ধাৰ বাট এটাৰে মই ওলাই যাওঁ কেতেকীৰ ফুল বুলি সৰ্প আনি ঘৰ…

উৰুকাৰ দিনা

হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে উৰুকাৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে আছা, সকলো আহা। গঞাৰ লগত তোমালোকেও এসাজ লগে-ভাগে খোৱা। উকমুক বিচাৰি নেযায় গঞাই…

অসমত অসমীয়া চিনেমাৰ বাবে এটা পৰিৱেশ

        বছৰটোৰ প্ৰথমটো মাহৰ শেষৰ ফালৰ কেইদিনমান অসমত চিনেমা সম্পৰ্কে যথেষ্ট বাদানুবাদ হোৱা দেখা গৈছে৷ মুম্বাইৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিশেষ এখন চলচ্চিত্ৰক লৈ কিছু উদ্দেশ্যপ্ৰণোদিত বিতৰ্ক সৃষ্টি কৰি প্ৰচাৰ চলোৱাৰ পাছত তাৰ প্ৰদৰ্শনৰ বাবে আমাৰ ৰাজ্য চৰকাৰে সুব্যৱস্থা কৰাৰ…

বিভ্রমৰ জগতত এটা সেউজীয়া গল্প

  পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো আলফুলে বিশাখাৰ হাতত তুলি দি, তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ দৰক লাগি চাই ৰ’ল গীতাৰ্থই। আজি তাইৰ…

মিনহঁতৰ দেশ ইন্দোচীনত- ৩

নৃতাত্ত্বি‍ক দিশৰ পৰা ভিয়েটনামীসকল আৰু নাম-ভিয়েট তপন কুমাৰ শৰ্মা মিনক ভালকৈ চাই আচৰিত হ’লোঁ। চৰবতৰ গিলাচটো হাতত লৈ মিনৰ লগত কথা আৰম্ভ কৰিলোঁ। সমুখৰ পুখুৰীটোত আমেৰিকাৰ বোমাৰো বিমানৰ ধ্বংশাৱশেষ। মিনে চচমাযোৰ চকুৰ পৰা কপালেদি নি মূৰত ‘হেয়াৰ বেণ্ড’ৰ দৰে  নি থৈছে।…

উলাহেৰে উভতি চাওঁ -২৩

 ড০ পোনা মহন্ত কটনৰ কিছু কথা   উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত উপজি ডাঙৰ হৈ গুৱাহাটী চহৰৰ কটন কলেজৰ পৰিৱেশৰ লগত নিজক খাপ খুৱাই ল’বলৈ কিছু সময় লাগিছিল৷ সেইকালত ওপৰ শ্ৰেণীৰ জ্যেষ্ঠ ছাত্ৰ আৰু হোষ্টেলৰ আৱাসীসকলে নতুনকৈ অহা আৱাসীসকলৰ ওপৰত ‘ৰেগিং’…

তাপীয় প্ৰদূষণ গুৰুত্ববিহীন সমস্যানে?

 ড০ ৰমেশ চন্দ্ৰ গোস্বামী   পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ কিমান বিভিন্ন ধৰণে প্ৰদূষিত হয়, সেই বিষয়ে প্ৰায় সকলো নাগৰিকেই জনা হৈছে৷ আনহাতে পোহৰ আৰু তাপেও যে পৰিৱেশত প্ৰদূষণ সৃষ্টি কৰে তাক মাত্ৰ একাংশ সচেতন ব্যক্তিয়েহে জানে বা ধাৰণা কৰিব পাৰে৷ অৱশ্যে…

আধুনিক শিক্ষাত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কাৰ্যপন্থা

 পঙ্কজ প্ৰতিম বৰদলৈ   আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা দোহৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই৷ বৰ্তমান সময়ত সমগ্ৰ শিক্ষাৰ জৰিয়তে শিশু এটিৰ সৰ্বাংগীন বিকাশৰ কথা চিন্তা কৰা হৈছে৷ শিক্ষাৰ এনে এটা প্ৰক্ৰিয়া যাৰ মাজেৰে শিক্ষণ কাৰ্যটো সম্পূৰ্ণ কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিশুৰ জ্ঞান…

|| কালিদাসৰ ৰঘুবংশম্ অধ্যায় ৬ ||

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত     সয়ম্বৰসভালৈ গৈ কুমাৰ অজই দেখিলে সাজিকাচি পৃথিৱীৰ ৰজাসকলে মনোজ্ঞ বেশে শৰীৰত লৈ বিমানচাৰী দেৱতাৰ সৌন্দৰ্য ৰাজোচিত সিংহাসনত হৈছে উপবিষ্ট ।     স তত্র মঞ্চেষু মনোজ্ঞবেষান্সিংহাসনস্থানুপচাৰবৎসু | বৈমানিকানাং মৰুতামপশ্যদাকৃষ্টলীলান্নৰলোকপালান্ || ৬-১||    …

ভৱিষ্যতৰ পৰা বৰ্তমানলৈ এজাক সৰল পথৰ সন্ধানত

 সঞ্জীৱ সভাপণ্ডিত   বৌদ্ধ ধৰ্মত বৌদ্ধ ভিক্ষুসকলে সদায় ভিক্ষা কৰিয়েই নিজৰ ক্ষুধা নিবাৰণ কৰে৷ মই সদায় ভাবোঁ ভিক্ষা কৰিলেইতো নহ’ব–ভিক্ষা দিবলৈওতো মানুহ থাকিব লাগিব বা মন থাকিব লাগিব- অৰ্থাৎ ধনী নহ’লেও অৱস্থাপন্ন মানুহ সমাজত থাকিবই লাগিব–অৰ্থাৎ সমাজত সদায় এচাম মানুহে…