মন্দিৰলৈ এদিন

 যশোৱন্ত
নিপুণ

অংকন: বৰ্ণিল মহন্ত

 

প্ৰযুক্তিয়ে
মানুহক যিমানেই ওচৰলৈ লৈ আহিছে আচলতে সিমানেই দূৰলৈ টানিও নিছে৷ যিমান বেগত এতিয়া
যোগাযোগ হয়
, সিমানেই বেগত মানুহৰ সংযোগ হেৰায়ো যায়৷

 

ফেচবুকৰ কাৰণেই
মানুহবিলাক ওচৰ চাপিও আহিছে আৰু দূৰলৈ গৈও আছে৷ কোনে কি কৰিছে গম পায়ো থাকোঁ আৰু
গম নোপোৱাকৈয়ো থাকোঁ৷ কাষৰ মানুহঘৰৰ কথা একো গম নাপাওঁ
, কিন্তু দূৰ-দূৰণিৰ মানুহৰ সুখ-দুখৰ বতৰাবোৰ পাই থাকোঁ৷ বহুতো মানুহৰ লগতে
আমি চিনাকি হ
বও পাৰিছোঁ, অথচ কাকো
চিনিও পোৱা নাই৷ সকলোৰে কিছু সুবিধা হৈছে
, কিন্তু পৱনৰ দৰে
মানুহৰ কাৰণে বহুত অসুবিধাও হৈছে৷

 

পুৱায়ে উঠি পৱনে
বাইল টিপিবলৈ ধৰে৷ মবাইল মানে ফেচবুক, ৱাটচএপ৷ কোনে কি পষ্ট দিলে, ফটো
দিলে চাই চাই  সেইবোৰ প
ষ্টত ধুম-ধাম লাইক কৰি যায়, মন্তব্য দি যায়৷  ঘৈণীয়েক দীপাই তাক গালি পাৰে, “পুৱাৰ পৰা সেইটোতে মৰি থাকা৷ আমাৰ ঘৰত আৰু বেলেগ কাম নাই নহয়৷সি মনে মনে শুনি যায়৷ কিবা উত্তৰ দিলে আগ্নেয়গিৰি উদ্গীৰণ হোৱাৰ ভয় এটা
থাকেই৷

 

সেইদিনা পুৱাই
সি ফেচবুক খুলি লৈছে৷ সুদীপে এসোপা ফটো দিছে৷ তাৰ ভাড়াঘৰৰ ওচৰৰ মাছৰ দোকান এখন আছে
সুদীপৰ আৰু পৱনে সপ্তাহত এদিন মাছ তাৰ দোকানৰ পৰাই কিনে৷

 

ফটোবোৰ সি মনে
মনে চাই গ
ল৷ বহু কেইটা ফটো সি লাইক কৰিলে৷

সুদীপে পৰিয়াল
লৈ
,
আৰু দুটামান পৰিয়ালৰ লগত কৰবালৈ ফুৰিবলৈ
গৈছিল৷ পাহাৰত উঠা
, নদীত গা ধোৱা, নাৱত
উঠা আদি অনেক ফটো৷  কেইখনমান ফটোত পৱনে
সুন্দৰ”, “বঢ়িয়া”, “বৰ ধুনীয়া
ধৰণৰ মন্তব্যও দিলে৷

 

বছৰটোৰ শেহত
দেশৰ মানুহে দূৰ-দূৰণিলৈ ফুৰিবলৈ যায়
, বনভোজলৈ যায়৷ তাতে পৱনৰ
একো আহে নাযায়৷ মানুহবোৰে এনদৰে অ
লৈ-তলৈ যোৱা খবৰবোৰ ভাল খবৰ৷ ফেচবুকত দিয়া ফটোবোৰ, ভিডিঅবোৰ চাই তাৰ ভালেই লাগে৷ কিন্তু সেইবোৰ দীপায়ো চায়  আৰু তায়ো গম পায় কোন কলৈ
; কোনে কত গৈ
ফুৰ্তি কৰি আহিল৷ কোনোবাই সাগৰত গা ধোৱাৰ খবৰ দিয়ে
, কোনোবাই
পাহাৰৰ ওপৰৰ মন্দিৰ এটাৰ আগত গিৰিয়েকৰ কাষত থিয় হৈ উঠা ফটো কেইখনমান পঠিয়ায়৷
তেতিয়া তাইৰ মুখখন খং-বিৰক্তিৰে ভৰি পৰে৷
আমাৰহে এইটোৰ একো
নাই৷ ক
লৈকো নিবৰ পাত্ৰ নাই৷ এইটোৰ লগত বিয়া হৈ কি যে জীৱন
পালোঁ !
” – এনে ধৰণৰ এটা ভাবত তাই গৰম হৈ থাকে৷ পৱনে কথাটো অনুমান
কৰি অপৰাধীৰ দৰে একো নমতাকৈ তাৰ কামবোৰ কৰি যোৱা যেন দেখুৱায়৷ কিবা ক
লে কেতিয়া খাণ্ডৱদাহ হয়গৈ তাৰ ঠিকনা নাথাকে৷ 

 

মনে মনে সুদীপৰ
প্ৰমোদ ভ্ৰমণৰ ফটোবোৰ চাই থাকোঁতে কেতিয়ানো দীপা আহি তাৰ পিছত থিয় হৈছিল সি গমেই
নাপালে৷ যেতিয়া গম পালে তেতিয়া বৰ দেৰি হৈ গৈছিল৷

 

কাৰ
ফটো
?” তাই সুধিলে৷

সি গহীনাই উত্তৰ
দিলে৷

তায়ো ফটোবোৰ
চাবলৈ ধৰিলে৷ সি নিৰ্বিকাৰ-নিৰাসক্ত ভাব এটা মুখত ফুটাই তুলিবলৈ চেষ্টা কৰিলে৷

লৈ গৈছে ?” তায়ো নিৰ্বিকাৰভাৱে ফটোবোৰ চাই চাই
সুধিলে৷

একো যেন হোৱা
নাই এনে ভাবত সি উত্তৰটো দিলে৷

তাই মুখখন
গম্ভীৰ কৰি চাহ কৰাত লাগিলগৈ৷ আৰু সি বিজুলী-ঢেৰেকনিৰে আহিব খোজা ধুমুহাজাকৰ বাবে
মনে মনে সাজু হ
ল৷

লাজ
লাগিব লাগে৷
চাহ কৰি থাকোঁতেই তাই আৰম্ভ কৰিলে৷

সি দোষী দোষী
ভাবেৰে লাহে লাহে মূৰ জোকাৰি হাঁহিলে৷ কথাটো মিছা নহয়৷ বছৰৰ শেহৰ দুটা সপ্তাহত
সকলোৰে বনভোজলৈ নহ
লে কৰবালৈ ফুৰিবলৈ
যোৱাৰ উজান উঠিছে৷ সেইবোৰকেই লৈ ফেচবুক
, ৱাটচএপ গমগমাই আছে৷
কিন্তু পৱনহঁতৰহে একো খবৰ নাই৷ পৱনৰ সেইবোৰলৈ আগৰ পৰাই বৰ মন-কাণ নাই
, যাৰ কাৰণে দীপাৰ তাৰ ওপৰত সদায় খং এটা থাকেই৷

 

আমাকতো
সেই কাৰণেই অনা হৈছে
, পাকঘৰটোত সোমাই ভাত-ৰান্ধি, চাহ কৰি থাকিবলৈ৷ এনেকৈয়ে জীৱন যাব আমাৰ৷তাইৰ এই
ফাঁকি বৰ পুৰণি বচন আৰু কথাখিনি মিছাও নহয়৷

 

মোৰ
সময়ে নহয় এইবিলাকলৈ৷ তুমিতো জানাই মোৰ কাম কেনেকুৱা৷ ঘৰলৈ যাওঁতে তুমি নিজেই
কাৰোবাৰ লগত ক
ৰবালৈ কৰবালৈ যাব
পাৰিলাহেঁতেন৷
সি চাহ খাই থাকোঁতে নিমাখিতটো হৈ কলে৷

বেলেগৰ
লগত কিয় যাব লাগে আমি
? নে আমাৰ দায়িত্বও বেলেগে লব লাগিব? ৰা-তিৰোতাৰ দায়িত্ব
বই নোৱাৰা যদি বিয়া পাতিছিলা কিয়? সিফালে
দেখোন গোঁফ নগজোঁতেই ছোৱালীৰ পিছে পিছে ঘূৰিবলৈ শিকিছিলা৷
তাই
ভেকাহি মাৰি ক
লে৷

 

কথাটো হয়৷ পৱনে
হাইস্কুলৰ পৰাই মাজে মাজে দীপাৰ পিছে পিছে ঘূৰা কথাটো একেবাৰে মিছা নহয়৷

  মূৰ্খ আছিলোঁহে মই৷ অপদাৰ্থ এটা
যে আছিলোঁ তেতিয়া জনাই নাছিলোঁ৷ নহ
লে বিয়া মই কেতিয়াও
নাপাতোঁ৷
কথাখিনি কওঁতে হাঁহিৰ ক্ষীণ ৰেখা কেইডালমান তাৰ
মুখত বিৰিঙি উঠিল৷ লগে লগে দীপাৰ খংটো বাঢ়ি গ
ল৷

 

তাকে
নকৈ কি ক
বা তুমি৷ তেনেকৈয়ে হাত সৰাৰ বুদ্ধি৷ মই নহৈ বেলেগ হব লাগিছিল৷ গম পাই গলা হয়৷ দুদিনতে তোমাক এৰি থৈ গলহেঁতেন৷ কোনেও এনেকৈ মৰি-পচি নাথাকে৷

 

চাহ খাই উঠি
গহীন সুৰত সি ক
লে,  কামৰ হেঁচাৰ কাৰণেই কলৈকো যাওঁ বুলিও যাব নোৱাৰোঁ৷
ৰবালৈ গৈ দুদিন খৰচ কৰাৰ সুবিধাটো ভগৱানে মোক নিদিলেই৷ কি
কৰিবা
, ব্যস্ততা!

হৈছে,
হৈছে৷ সংসাৰত ব্যস্ত মানুহ অকল তুমিহে দিয়া৷ বাকী কাৰো কামেই নাই৷
শ্লেষ মিহলাই কথাষাৰ কলে তাই৷

মই
নাযাওঁ বুলি ক
ত কলোঁ? যাম৷ কিয় নাযাম? কিন্তু বৰ দূৰলৈ যাবলৈহে দিগদাৰ হব যেন পাইছোঁ।

আমি
লৈ যাম দেউতা ?” ইমান পৰে মাকৰ মবাইলটোত কিবা চাই থকা ন বছৰীয়া মুনুৱে মাত দিলে৷

ঘৰৰ পৰা বিশ কিলমিটাৰমান
দূৰৰ মন্দিৰ এটাৰ নাম ক
লে পৱনে৷


আগৰ কেইবাৰৰ দৰে এইবাৰো তালৈকে নি ঠগিবলৈ আহিছা আমাক ? নালাগে দিয়া৷ আমাৰ কপালতেই নাই দিয়া মুনু৷ বাপেৰৰ পৰা একো আশা নকৰিবা৷ মবাইল টিপি টিপি, ৰাস্তাৰ গাড়ীবোৰ চাই চাই ঘৰতেই
থাকিবা৷ বাপেৰে বৰ দূৰৰ জেগাত আমাক আনি ৰাখিছে নহয়৷ সেইটোৱে বহুত৷

বেছি দূৰলৈ যাবৰ
ইচ্ছা অৱশ্যে দীপাৰো তেনেকৈ নাই৷ সেইটোৱে এটা সকাহ পৱনৰ কাৰণে৷ তাইক এনে এখন ঠাই
লাগে যি বেছি দূৰতো নহয়
, বেছি ওচৰতো নহয় আৰু যলৈ পৱনৰ পুৰণি ভগা গাড়ীখনৰ ওপৰত ভৰসা কৰি যাব পৰা যায়৷

পৱন ঘৰৰ ভিতৰতে
সোমাই থকা ধৰণৰ মানুহ৷ ফুৰা-চকাত তাৰ সিমান ৰাপ নাই
, বন্ধু-বান্ধৱো
নায়েই৷ ওচৰ-পাজৰে চাবলগীয়া ঠাই কিবা আছে যদিও সি ভালকৈ গমকে নাপায়৷ গতিকে ক
লৈ নিয়ে সিহঁতক সি ? শেহত কোনোবা মন্দিৰ এটালৈকে যাব
পাৰি নেকি দীপাক সুধিলে সি৷

কোনো এটা
মন্দিৰলৈ গৈ সেৱা কৰি আহিবলৈ দীপাৰো মন গ
ল৷ ঠাই চোৱাও হব আৰু ঈশ্বৰৰ আশীৰ্বাদ লোৱাও হব৷ অৱশেষত গুগলৰ
শৰণাপন্ন হ
ল সি৷ দেখা গল ত্ৰিশ কিলমিটাৰৰ পৰা ডেৰ শ কিলমিটাৰমানৰ ভিতৰত বহুতো মন্দিৰ
আছে৷ কিছুমান খুব পুৰণি শিলত কাটি উলিওৱা মন্দিৰ আৰু কিছুমান নতুন ধৰণৰ৷ দীপাই ছবি
চাই চাই এশ দহ কিল
মিটাৰ দূৰৰ মন্দিৰ এটা বাচি উলিয়ালে৷
পুৱাই ওলাই গৈ মন্দিৰ দৰ্শন কৰি
, ওচৰৰ হোটেলত খাই আবেলি ঘৰ
আহি ওলাব পৰা যাব৷

কিন্তু অলপ
পাছতেই দীপাই সেই পৰিকল্পনা ৰদ কৰিলে৷ সেইটো মন্দিৰলৈ যোৱাৰ পথতে এমাহমান আগতে
হোৱা ডকাইতিৰ খবৰ এটা ইণ্টাৰনেটত দেখিলে তাই৷ ইমান ৰিক্স লৈ যাব নোৱাৰি নহয় !

এইবাৰ মন্দিৰ
নিৰ্বাচনৰ দায়িত্ব পৱনৰ ওপৰত ন্যস্ত হ
ল৷

সি এটা মন্দিৰ
এটা গুগলত বিচাৰি উলিয়ায়
, মন্দিৰটোৰ ছবি দীপাক দেখুৱায় আৰু গুগলে
দিয়া জ্ঞানৰ সাৰাংশৰে সম্যক বৰ্ণনা এটাও দীপাৰ আগত দাঙি ধৰে৷ তাই কিবা এটা সমস্যা
বিচাৰি পায় আৰু নাকচ কৰে৷ এই প্ৰক্ৰিয়াটো দহবাৰমান চলিল৷

অৱশেষত নগৰৰ পৰা
বাৱন্ন কিল
মিটাৰ দূৰৰ মন্দিৰ এটালৈ যোৱাটো ঠিক কৰা হল৷ গুগলত পোৱা ফটোৰ পৰা মন্দিৰটো বৰ ধুনীয়া যেনেই লাগিল৷ ফটোত দেখা গল শাৰী পাতি মানুহ মন্দিৰত সোমাইছে, পূজা-অৰ্চনা
আগবঢ়াইছে
, বিগ্ৰহৰ আগত আঠু কাঢ়ি সেৱা কৰিছে৷ ওচৰে-পাজৰেও
সুন্দৰ সুন্দৰ দোকান-পোহাৰ
, হোটেল-ৰেষ্টুৰেণ্ট । মন্দিৰটো
বেছি দূৰত নোহোৱা কাৰণে পৱনে মনে মনে বৰ ভাল পালে যদিও মুখখন গহীন কৰিয়েই ৰাখিলে৷

 

 

পিছদিনা ঘৰৰ পৰা
ওলাল সিহঁত দহটামান বজাত৷ দীপাই আৰু সোনকালে ওলাব খুজিছিল যদিও পৱনৰ লেহেম গতিৰ
কাৰণে সেইটো নহ
ল৷ নগৰৰ বাহিৰলৈ যোৱা পাঁচ কিলমিটাৰমান
পথত ভীষণ যানজঁট৷ সেইখিনি পাৰ হওঁতেই আধাঘণ্টামান লাগি গ
ল৷
তাতে আকৌ চেং চেং কৰে ৰ
দত গাড়ীখন গৰম হৈ আহিছিল৷ লগতে গৰম
হৈ আহিছিল দীপা
, “মই তোমাক নকৈছিলোঁ নে পুৱাতেই ওলাবলৈ৷
কিন্তু তুমি কিবা কাম সময়ত কৰি পাইছানে জীৱনত
? এতিয়া গৰমত
সিজি থাকা৷ খিৰিকিও খুলি দিব নোৱাৰি ধূলিৰ উৎপাতত৷ আৰু তোমাৰ গাড়ীৰ এ.চি.তো তুমি
জীৱনত ভাল নকৰা বুলিও আমি জানো৷

কিন্তু নগৰৰ পৰা
ওলোৱাৰ পাছত দৃশ্যপট সলনি হ
ল। আলকাতৰা দিয়া নখৰ পিঠি যেন মিহি
সুন্দৰ
,  বহল ৰাস্তা৷
গাড়ী-মটৰো সেৰেঙা৷ উলাহত গাড়ীখন উৰুৱাই দিলে সি৷
চিন্তা
নাই৷ আধা ঘণ্টাও নালাগিব গৈ পাওঁতে৷
মহা উৎসাহেৰে সি কৈ
উঠিল৷

, ব৷ ইমান স্পীডত নগলেও হব৷ এনেয়ে তোমাৰ গাড়ীৰ অৱস্থা নাই৷দীপাই ডাবি মাৰি কৈছিল৷    

ৰাস্তাৰ
দুয়োকাষে ক
ৰবাত মুকলি পথাৰ, ৰবাত অৰণ্য, ৰবাত নাৰিকল,
তালগছ বা ইউকেলিপটাচৰ শাৰী, মুকলি আকাশৰ কৰবাত দুই-এটুকুৰা শুকুলা মেঘ৷ সুন্দৰ দৃশ্য৷ গাড়ীৰ অলপকৈ খোলা খিৰিকিৰে
জুৰ বতাহ সোমাই আহিছিল৷ দীপাৰ মনটোও আকাশৰ দৰেই ফৰকাল হৈ আহিছিল৷ দুখনমান ঠাইত
সিহঁতে গাড়ী ৰখাই বিভিন্ন কোণৰ পৰা ফটোও মাৰিলে৷

ইমান
ধুনীয়া জেগা ওচৰতে আছে
, দূৰলৈ যাব কিয় লাগে কোৱাচোন ?”
সুযোগ পাই পৱনে কৈ পেলালে৷

দীপা সিমানো
সন্তুষ্ট হোৱা নাছিল৷ তাই বিদ্ৰূপৰ হাঁহি এটা মাৰিছিল৷

উটীলৈ
যোৱা বুলি কৈ ফেচবুকত ফটোবোৰ দিবা৷
সি ধেমালি কৰি কৈছিল৷

নহয়
দিয়া৷ ছুইজাৰলেণ্ডলৈ যোৱা বুলি দিম৷
তাই  ওঁঠ বেঁকা কৰি হাঁহি উত্তৰ দিছিল৷

 

আধামান পথ যোৱাৰ
পাছত নৈৰ পাৰত মেলা এখন দেখি ৰাস্তাৰ কাষত গাড়ীখন ৰখাই সিহঁত মেলাখনতে সোমাল৷
মেলাখনৰ আচল ৰূপটো সন্ধিয়ালৈকেহে দেখা যাব যেন লাগিল৷ কিন্তু তেতিয়াও মানুহৰ ভিৰ
কম নাছিল৷ হৰেক ৰকমৰ বস্তু এফালৰ দোকানবোৰত৷ দীপাই কাঠৰ সৰু সেন্দূৰৰ টেমা এটা আৰু
বাঁহী বজাই থকা কৃষ্ণৰ মাটিৰ মূৰ্তি এটা আৰু বেগ এখন  কিনিলে৷

সৰু সৰু চাহৰ
দোকানো একাষে আছিল৷

চাহ-তাহ,
ইদলি-দোচা কিবা খাবা নেকি ?” সি সুধিলে৷

মই
খাম
, মই খাম৷মুনুৱে টপৰাই মাত দিলে৷

নালাগে৷
মন্দিৰলৈ যাব ওলাইছোঁ আৰু ইয়াতে পেট ভৰাব নালাগে৷
দীপাই
ভেকাহি মাৰি ক
লে৷

কিন্তু
মুনুৰ ভোক লাগিব নেকি
? তুমিও চাহ একাপ খালে ভাল পাবা৷

হয়
নেকি
? নিজৰ খকটো বেছি আৰু আমাক কবলৈ
আহিছা৷ নালাগে খাব ইয়াতে৷ মন্দিৰত সেৱা কৰাৰ পাছতহে খাব পাৰিবা৷

 মন্দিৰলৈ দহ কিলমিটাৰমান থাকোঁতে গুগল মেপে সিহঁতক বাওঁফালৰ ৰাস্তা এটা লবলৈ নিৰ্দেশ কৰিলে৷ ৰাস্তাটোৰ অৱস্থা শোচনীয়৷ ঠেক ৰাস্তাটো বোধহয় পিচ দিয়া
আছিল কোনোবা সময়ত৷ কিন্তু এতিয়া সেইবোৰৰ ভগ্নাৱশেষহে ৰৈছেগৈ৷ মাজত আৰু কাষতে
সৰু-ডাঙৰ গাঁত আৰু গোটেইখন ধূলিময়৷ সি বৰ সাৱধানেৰে লাহে লাহে চলালে গাড়ীখন৷ মাজে
মাজে দুই এখন ট্ৰাক আৰু ট্ৰেক্টৰ পাৰ হৈ যায় আৰু সিহঁত ধূলিৰ ধুমুহাত সোমাই পৰে৷

এইবোৰ
কি ধুনীয়া গছ৷ ইমান ডাঙৰ
, ইমান ওখ৷ আগতে এই গছ দেখাই
নাছিলোঁ৷ নহয়
?” সি দীপাৰ মনটো পাতলাবলৈ চেষ্টা কৰে৷

কিন্তু গৰমত
সিজি ঘামি থকা দীপাই ইতিমধ্যে ঘোৰ মূৰ্তি ধৰিছে৷
ইফালে দেখোন ট্ৰাক
আৰু ট্ৰেক্টৰ দুই-এখনত বাদে বেলেগ একো দেখা নাই৷

সিও কথাটো
লক্ষ্য কৰিছে৷

মন্দিৰলৈ
যোৱা মানুহো দেখোন কোনো নাই৷ ৰাস্তা ভুল হ
ল নেকি ?” দীপাই আকৌ কলে৷

নহয়,
নহয়৷ ৰাস্তা কিয় ভুল হ? গুগলে দেখুওৱা ৰাস্তা, কিয় ভুল হ?” মনে মনে তাৰো সন্দেহ এটা হৈছিল যদিও আশ্বাস
দিবলৈ চেষ্টা  কৰি সি ক
লে৷

গৰুগাড়ীৰ বেগত
লাহে লাহে ঠেক হৈ অহা ৰাস্তাটোৰে কিছুদূৰ যোৱাৰ পাছত ৰাস্তাৰ মাজতে পাৰ্ক কৰি থোৱা
দীঘল ট্ৰাক এখন পোৱা গ
ল৷ এফালে এটা ডাঙৰ বালিৰ দম৷ মাজৰ ঠাইখিনিৰে গাড়ীখন নিবলৈ অলপ ৰিক্স ; বালিত
চকা ৰৈ যাব পাৰে৷ দুবাৰমান হৰ্ণ বজাই চালে৷ নাই
, কাৰো একো
উম-ঘাম নাই৷ সি নামি গৈ চালে৷ ট্ৰাকখনত কোনো নাই৷

কি
কৰোঁ
? বালিৰ ওপৰেদি গাড়ী উঠাই দিওঁ নেকি ?” পৱনে  মৰসাহ কৰিব খুজিলে৷

দীপাই একো
নামাতিলে৷ বেছিকৈ খং উঠিলে তাই একো নামাতে বুলি পৱনে ভালকৈ জানে৷

কি
কৰা যায় এতিয়া মুনু
?” সি উপায় নাপাই মুনুকেই সুধিলে৷

বাইলত
গেম খেলি থকা মুনুৱেও একো নামাতিলে৷

যি হয় হওক বুলি
সি গাড়ীখন চলাই দিলে বালিৰ দ
মটোৰ ওপৰেৰে৷ চকা বালিত লাগি ধৰিলে
আৰু গাড়ীখন হালি আহি ট্ৰাকখনত লাগোঁ লাগোঁ হ
ল৷ লগে লগে মুনু
আৰু দীপাৰ মুখেৰে চিঞৰ ওলাবলৈ ধৰিলে৷

ৰখোৱা,
ৰখোৱা, ৰখোৱা৷দীপাই
কৈছিল৷

এতিয়াহে
মৰিলোঁ৷ আগুৱাবও নোৱাৰি
, পিচুৱাবও নোৱাৰি৷সি হতাশভাৱে কলে৷ অলপ আগুওৱা-পিচুওৱা কৰিলেই গাড়ীখন
পিছলি ট্ৰাকখনত খুন্দা মাৰিব পাৰে৷ তাৰ নিজকে সঁচাকৈয়ে সংসাৰৰ আটাইতকৈ ডাঙৰ
অপদাৰ্থটো যেন লাগিল৷

কি
কৰোঁ এতিয়া
?” সি নিজকে কোৱাদি কলে৷

মুনুৱে আকৌ মাকৰ
বাইলটোত ব্যস্ত হৈ পৰিছিল৷ দীপাই মুখখন ভয়ানকভাৱে গম্ভীৰ কৰি আকৌ নীৰৱ হৈ
পৰিছিল৷ গাড়ীখন ঠেলিবলৈ কোনোবা পায় নেকি চাবলৈ সি সাৱধানে গাড়ীৰ পৰা নামিল৷
ওচৰে-পাজৰে কোনো নাছিল৷ ঠাইখিনিও অলপ জয়াল যেন৷ কিবাকিবি অমংগলীয়া চিন্তাও মনলৈ
আহিবলৈ ধৰিলে তাৰ৷    

সি ৰাস্তাটোৰ
ইফালে-সিফালে গৈ গাড়ী ঠেলিবলৈ কাৰোবাক পায় নেকি চাই থাকিল৷ পোন্ধৰ মিনিটমান
তেনেকৈয়ে গ
ল৷ তেনেতে পথাৰৰ মাজেৰে মানুহ কেইজনমান আহি ওলাল৷
ট্ৰাকখনৰে মানুহ আছিল সেই কেইজন৷ পৱনহঁতৰ অৱস্থাটো দেখি সিহঁতৰ দুজনমানে তলমূৰকৈ
হাঁহিলে৷ ড্ৰাইভাৰজনে ট্ৰাকখন অলপ আগুৱাই নি থ
লে৷ তাৰ পাছত
সিহঁত গোটেই কেইজনে গাড়ীখন ঠেলিলে৷ পৱনে গাড়ীখন ষ্টাৰ্ট কৰিছিল৷ হুৰুসকৈ গাড়ীখনে
বালিৰ দ
মটো পাৰ হৈ আহিল৷ 
সেই কেইজনে ট্ৰাকখন ৰাস্তাৰ মাজতে পাৰ্ক কৰি থোৱাৰ কাৰণেই তাৰ এই গতি হ
ল৷ তথাপিও খিৰিকিৰে হাত জোকাৰি সেই কেইজনক ধন্যবাদ জনালে সি৷

ঠেক পথটোৰে লাহে
লাহে সি গাড়ীখন আগুৱাই লৈ গ
ল৷ দুয়োকাষে কৰবাত
পথাৰ
, ৰবাত হাবি৷ মনোৰম দৃশ্যবোৰ
দেখি দীপাৰ মন অলপ পাতল হৈছিল নেকি সি দুবাৰমান ঘূৰি চাইছিল৷ তাই কিন্তু অতি
গম্ভীৰ হৈ বহি আছিল৷ ডাঙৰ ধুমুহা এজাক অহাৰ পূৰ্ব লক্ষণ সেয়া৷

আৰু অলপ পাছত যি
ব লগা নাছিল সেইটোৱে হল৷ ৰাস্তাটো গৈ সৰু জান এটাৰ
নতুনকৈ সাজিব ধৰা দলং এখনত লাগিলগৈ৷ খোজ কাঢ়ি বা চাইকেল লৈহে  কাষৰ অস্থায়ী সৰু দলংখনেৰে  সিটো পাৰলৈ যাব পৰা যায়৷ গাড়ী ৰখাই মূৰত হাত দি
সি আকৌ নামি আহিল৷ ম
বাইলৰ গুগল মেপে সুন্দৰ নাৰী কন্ঠেৰে
তাক তেতিয়াও আগুৱাই যাবলৈ কৈ আছে৷
মনে মনে থাক৷পৰম বিৰক্তিৰে সি দাবি এটা মাৰি সেইজনীক বন্ধ কৰি থলে৷
তাই যে তাক তেনেকৈ ঠগিব সি ভাবিবই পৰা নাছিল৷

এতিয়া
কি কৰোঁহে
?” সি গাড়ীৰ পিছৰ দুৱাৰখন খুলি দীপাৰ ফালে চাই কলে৷

মই
কি জানো কি কৰা
, মোক যে সুধিবলৈ আহিছা৷দীপাই দাঁত কৰচি উত্তৰ দিলে৷

মন্দিৰলৈ
বেলেগ ৰাস্তাৰে যাব লাগিব৷ কিন্তু কেনেকৈ চিনি পাম ৰাস্তা
? মহা
সমস্যাত পৰিলোঁ এতিয়াহে৷

, ব৷ আমাক মন্দিৰ
নেদেখুৱালেও হ
ব৷ গাড়ীত উঠালা নহয়৷ সেইটোৱে হব৷ এতিয়া ঘূৰি গৈ ঘৰ পালে হল আৰু৷তাৰ ফালে নোচোৱাকৈ তাই খঙেৰে কলে৷

মোৰ
কি দোষ
? গুগল মেপেও ভুল কৰে বুলি আজিহে গম পালোঁ৷ ভাগ্যই
বেয়া মোৰ৷
সি আত্মসমৰ্পণ কৰাৰ সুৰ এটাৰে কলে৷

ঠেক ৰাস্তাটোত
গাড়ীখন ঘূৰোৱাটোও সহজ নহয়৷ পৱনে খুব লাহে লাহে গাড়ীখন এশ মিটাৰমান পিছুৱাই আনিলে
; দুই মিটাৰ গাড়ীখন পিছুৱায় আৰু সি নামি চায় ঠিকে-ঠাকে গৈছে নে গাড়ীখন৷ আৰু
তাৰ পাছত অলপ বহল ঠাই এটুকুৰাত সি গাড়ীখন ঘূৰালে৷

মন্দিৰ
ত দেউতা ?” বাইলত
মত্ত হৈ থকা মুনুৱে সুধিলে৷

বই নোৱাৰোঁ অমুনু ! ঘৰলৈকে ঘূৰোঁ নেকি আৰু !
দীপাই কিবা এটা কব বুলি আশা কৰি পৱনে কলে৷

আমি
মন্দিৰলৈ যাম৷
মুনুৱে চুটিকৈ কৈ আকৌ মবাইলত মগ্ন হল৷

মূল বহল
ৰাস্তাটো পোৱাৰ পাছত গাড়ী ৰখাই পৱনে অলপ সময় চিন্তা কৰিলে৷ ঘৰলৈ ঘূৰি গ
লে
সেই কথাটো লৈ দীপাই তাক এবছৰমান শুনাই থাকিব৷ ইফালে বিচাৰি অহা মন্দিৰটো উলিয়াব
পাৰিব নে নাই – সেই সন্দেহটোও বাঢ়ি আহিছিল৷

কি
কৰোঁ অ
এতিয়া, ঘৰলৈকে যাওঁ নে
মন্দিৰলৈকে যাওঁ
, ঠিকেই কৰিব পৰা নাই৷পৱনে স্বগতোক্তি কৰাৰ দৰে সকলোকে শুনাই কলে৷ কিন্তু
কাৰো পৰা একো উত্তৰ নাহিল৷

মুনু
!

দেউতা৷

কি
কৰোঁ
?”

মন্দিৰলৈ
যাম৷
মুনুৰ চুটি উত্তৰ৷

 

গতিকে সি আকৌ
ষ্টাৰ্ট কৰিলে গাড়ী৷

মাত-বোল নকৰাকৈ
চিধাই পাঁচ কিল
মিটাৰমান গল৷

কিন্তু এনেকৈ
জানো ঠাই বিচাৰি উলিয়াব পাৰি
? এঠাইত সৰু গুমটিৰ দৰে দোকান এখনৰ
সম্মুখত গাড়ী ৰখাই মানুহ কেইজনমানক মন্দিৰটোৰ বিষয়ে সি সুধিলে৷ সিহঁতৰ কোনেও
মন্দিৰটোৰ নামেই শুনা নাই
, কোনফালেৰে যাব লাগে সেইটোও
নাজানে৷ মন্দিৰটোৰ ছবি দেখুওৱাৰ পাছত সিহঁতে সেইটো ওচৰে-পাজৰে নাই বুলি ডাঠি ক
লে৷

গতিকে আকৌ গুগল
মেপৰ শৰণাপন্ন হোৱা গ
ল৷ মধুৰ নাৰী কন্ঠই চিধাই আগ বাঢ়ি গৈ
থাকিবলৈ ক
লে৷ 

আৰু কেই কিলমিটাৰ
মান যোৱাৰ পাছত বাওঁফালৰ পথ এটা ল
বলৈ নাৰী কণ্ঠৰ পুনৰ
নিৰ্দেশ৷

এইবাৰ
বা ক
লৈ নিয়ে গুগলে !সি ভাবিলে৷
কিন্তু উপায়তো নাই৷ গতিকে আকৌ এটা ওখোৰা-মোখোৰা ঠেক ৰাস্তাৰে সিহঁতৰ গাড়ীখন আগ
বাঢ়িল৷ মাজে-মাজে ধূলি উৰুৱাই যোৱা বাইক
, ট্ৰাক, ট্ৰেক্টৰ দুই-এখনত বাদে ৰাস্তাটোত গাড়ী-মটৰ বিশেষ নাছিল৷

কিছু দূৰ যোৱাৰ
পাছত আকৌ পিচ দিয়া ৰাস্তা আৰম্ভ হ
ল৷ পৱনৰ মনটো উজলি আহিল –
নিশ্চয় মন্দিৰটো ওচৰতে ক
ৰবাত৷ নহলে
মাজতে আকৌ পিচ দিয়া ৰাস্তা কিয়
?

আৰু এটা সময়ত
গুগল মেপৰ সমধুৰ নাৰী কন্ঠই ঘোষণা কৰিলে
, “আপোনালোক গন্তব্য
স্থানত উপস্থিত হৈছেহি৷

ৰাস্তাটোৰ কাষত
গছৰ ছাঁ পৰা এঠাইত গাড়ীখন পাৰ্ক কৰি পৱন ওলাই আহিল৷ কিন্তু বিচাৰি অহা মন্দিৰটো ক

? ঠাইখন সৰু বজাৰ এখনৰ দৰে৷ দুখনমান বেকাৰী, কাপোৰৰ দোকান, হোটেল, ৰেষ্টুৰেণ্ট
আদি পাতলীয়াকৈ৷ কিন্তু মন্দিৰৰ কোনো চিন-চাব নাই৷ সম্মুখৰ হোটেলৰ চবজি কাটি থকা ল
ৰাটোক সি মন্দিৰটোৰ কথা সুধিলে৷ ইয়াতে মন্দিৰ নাই৷
পৱনক অকণো  গুৰুত্ব নিদিয়াকৈ
সি ক
লে৷

মন্দিৰটো
দেখোন নাই ইয়াত৷
গাড়ীৰ ওচৰলৈ ঘূৰি আহি দীপালৈ চাই সি দুখেৰে
লে৷

কাষৰ বেকাৰীখনলৈ
সিহঁত চাহ খাবলৈ গ
ল৷ 
দীপাই এইবাৰ একো আপত্তি নকৰিলে৷ মন্দিৰ চোৱা নহ

বুলি তাইৰ শেষত বিশ্বাস জন্মিছিল৷

তথাপি কিবা এটা
আশা কৰি সি বেকাৰীৰ ল
ৰা দুটাক মবাইলত
মন্দিৰৰ ছবি দেখুৱালে৷ সিহঁতে ভালকৈ চাই মূৰ জোকাৰিলে
,  ইয়াত এইটো মন্দিৰ নাই৷

হেপী
নিউ ইয়াৰ
লিখা সৰু-ডাঙৰ কেক কেইটামান ধুনীয়াকৈ সজাই থোৱা
আছিল তাতে৷
এটা কেক লম দেউতা ?”
মিঠাই এটা খাই থকা মুনুৱে সুধিলে৷

নাই,
নাই৷ নালাগে৷ এইবোৰে পেটৰ বৰ অন্যায় কৰে৷পৱনে
কৈ উঠিল৷

এটা
লোৱাচোন৷ মন্দিৰতো চোৱা নহ
লেই৷ ৰাতি ঘৰত কেক কাটিলে তাৰে
মনটো ভাল লাগিব৷ সৰু এটা ল
লেই হ
দিয়া৷
দীপাই অলপ কোমল সুৰতেই কলে৷

অলপ আঁতৰত বুঢ়ী
এজনীয়ে বস্তা এখন পাৰি বহিছিল৷ বস্তাখনত আপেল
, কমলা আৰু ডাঙৰ ডাঙৰ
মধুৰি-আম৷ কেক
, বিস্কুট, ব্ৰেডৰ
দুটামান টোপোলা হাতত লৈ সিহঁত বুঢ়ীৰ ওচৰলৈ গ
ল৷ দীপাৰ
মধুৰি-আম কিনিবলৈ মন গৈছিল৷

শেষ আশা এটা কৰি
পৱনে বুঢ়ীক ওচৰত কোনো মন্দিৰ আছে নেকি সুধি চালে৷

আছেতো৷
বুঢ়ীয়ে বাওঁহাতখনেৰে ৰাস্তাৰ আৰু কিছু আগলৈ দেখুৱাই কলে, “সেই তাতেই আছে মন্দিৰটো৷

পৱনে সেইফালে
চাই পঠিয়ালে৷ কিন্তু তাত  মন্দিৰৰ কোনো চিন
নেদেখিলে৷ আৰু মন্দিৰ এটা ওচৰতে থাকিলে পৰিবেশটোৰ পৰাই সেইটো গম পোৱা যায় !

কিমান
দূৰত
?” তথাপিতো পৱনে সুধিলে৷

এই
ওচৰতে৷ অলপ আগুৱাই যোৱাচোন৷ পাবা নহয় মন্দিৰটো৷ যোৱা
, সেৱা
কৰি আহাগৈ৷
বুঢ়ীয়ে কলে৷

পৱনে দীপালৈ
চালে৷

অলপ
আগলৈ খোজ কাঢ়ি আহোঁচোন৷ তোমাৰ মন্দিৰটো কিজানি পাওঁৱেই৷
দীপাই
ইতিকিঙৰ সুৰত ক
লে৷

আৰু আচৰিত কথা, অলপ খোজ কাঢ়ি গৈয়েই সিহঁতে সৰু মন্দিৰ এটা পালে৷ কিন্তু

সৰু মানে অতি
সৰু এটা মন্দিৰ৷ দূৰৰ পৰা সেইটোক চিনিবই নোৱাৰি৷ ঘাঁহ-বন নোহোৱা চোতাল এখনৰ এটা
মূৰত দহ-বাৰ ফুট ওখ এটা পুৰণি শিলত কটা মন্দিৰ৷ ভিতৰত কোনোবা দেৱতাৰ মূৰ্তিৰ আগত
ধূপ-চাকি জ্বলিছে৷ 

ঈশ্বৰৰ ঘৰৰ জানো
কিবা সৰু-ডাঙৰ থাকে
? দীপাই ৰাস্তাৰ কাষলৈ গৈ মন্দিৰটোলৈ চাই
দুই হাত যোৰ কৰি ৰৈ গ
ল৷ মুনু আৰু পৱনে এনেয়ে অলপ আগ বাঢ়ি
যাব খুজিলে৷ হঠাতে ৰাস্তাত দীঘলকৈ পৰি থকা মুগা বৰণৰ সাপ এডাল দেখি পৱন জঁপিয়াই
উঠি এহাতেৰে মুনুক টানি ৰাস্তাৰ মাজলৈ গ
ল৷ লগে লগেই কাৰোবাৰ
হাঁহিৰ শব্দ৷

পুৰণি ফটা ফ্ৰক
এটা পিন্ধি ফুটপাঠত বহি থকা আঠ-ন বছৰীয়া ছোৱালী এজনী হাঁহি ভাগি পৰোঁ পৰোঁ৷
ডুপ্লিকেট,
ডুপ্লিকেট৷হাঁহিৰ মাজতে তাই কৈছে৷ তাইৰ ফালে
চাই এটা সৰু ল
ৰায়ো হাঁহিছে৷

পৱনে লৰ-চৰ
নকৰাকৈ পৰি থকা সাপডাললৈ চালে৷ তাৰ মুখতো হাঁহি ওলাল৷ সেইডাল আচলতে প্লাষ্টিকৰ
সাপহে !

পৱনে লৰাটো
আৰু ছোৱালীজনীলৈ চালে৷ মুখৰ গঢ়ৰ পৰা ল
ৰাটো ছোৱালীজনীৰ ভায়েক
বুলি ধৰিব পাৰি৷ সৰু পেণ্ট এটা মাত্ৰ পিন্ধিছে সি৷ হাড়ে-ছালে লগা ল
ৰাটোৰ জপৰা দীঘল চুলিখিনিৰ কাৰণে মুখখন বেছি শুকান, বেছি
ক্ষীণ যেন লাগে ।

দীপা পৱনৰ কাষত
আহি থিয় হৈছিল৷ ল
ৰাটো আৰু ছোৱালীজনীলৈ আৰু সৰু মন্দিৰটোলৈ
তাই চাইছিল৷

আহিছোঁৱেই
যেতিয়া ইয়াতেই সেৱা কৰি যাওঁ৷ কি কোৱা
?” পৱনে কাষত আহি থিয়
হোৱা দীপালৈ চাই ক
লে৷

তাই আপত্তি
নকৰিব বুলি সি জানে৷

লা, লা৷ সোনকালে কৰা৷
দীপাই কৈছিল৷

জোতা-মোজা খুলি সেইবোৰ
ত ৰাখিব বুলি চাই থাকোঁতে ছোৱালীজনীয়ে হাতত প্লাষ্টিকৰ সাপডাল লৈ আহি
চোতালখনৰ একাষত ৰখা কাঠৰ বাকচৰ দৰে কিবা এটা দেখুৱাই দিলে৷ এযোৰ জোতা ৰাখিবলৈ দুই
টকাকৈ লাগে৷ পৱনে দহটকীয়া এখন ছোৱালীজনীৰ হাতত দিলে৷ তাই চকু মুদি হিচাপ কৰিলে
কিছু সময়৷ তাৰ পাছত হাতৰ চাৰিটা আঙুলি দেখুৱাই বুজালে
, তাই
সিহঁতক চাৰি টকা ঘূৰাই দিব৷ সি ঘূৰাই দিব নালাগে বুলি ক

খুজিছিল
, কিন্তু ইতিমধ্যে মন্দিৰৰ কাষৰ সৰু জুপুৰিৰ দৰে ঘৰ
এটালৈ তাই দৌৰ মাৰিছিল৷   

ঘৰটোৰ পৰা বুঢ়ী
এজনী ওলাই আহিল ছোৱালীজনীৰ লগতে৷ পৱনৰ হাতত চাৰি টকা দিলে তেওঁ৷ সৰু ল
ৰাটোৱে
এহাতেৰে খহি পৰিব খোজা পেণ্টটো খামুচি ধৰি বুঢ়ীজনীৰ ওচৰলৈ আহি আনখন হাত মেলি দিছিল
,
লোৱা মোক আইতা৷

ৰহচোন
এইটো৷
বুঢ়ীজনীয়ে নাতিয়েকটোলৈ মৰমেৰে চাই কৈছিল৷

লোৱা,
লোৱা, লোৱা৷নাতিয়েকটোৱে
এইবাৰ ডাঙৰকৈ দাবি মাৰিছিল৷

আইতাকে তাক
কোলাত উঠাই লৈছিল৷

 

সৰু মন্দিৰটোৰ
দুৱাৰমুখত আঁঠু কাঢ়ি সিহঁত তিনিওটাই সেৱা কৰিলে৷ পৱনে তেনেকৈ মন্দিৰ আদিলৈ নাযায়৷
ঈশ্বৰলৈও তাৰ কেতিয়াবাহে মনত পৰে৷ নিজলৈ ঈশ্বৰৰ পৰা খুজিব লগাও তাৰ বৰ বিশেষ
একোৱেই নাই৷ সি মনে মনে মুনু
, দীপা, গাওঁৰ
তাৰ ঘৰখন
, আত্মীয়-স্বজন আৰু সকলোৰে মংগল বিচাৰি সেৱাটো সামৰিলে৷

মন্দিৰৰ বাহিৰত
দান-বৰঙণিৰ কাৰণে ৰখা সৰু বাকচটোত দীপাই খমখমীয়া নোট এখন ভৰাই দিলে৷ পৱনৰ মুখত
হাঁহি এটাই ঢৌ খেলি গ
ল৷ ডাঙৰ নোটখন বুঢ়ীয়ে নিজৰ কামতেই লগাব
নিশ্চয়৷ কিন্তু দুখীয়া মানুহ ঘৰৰ সামান্য অলপ সহায়ো যদি তাৰ পৰা হয়
, সেইটোৱে বহুত৷  ঈশ্বৰৰনো টকা-পইচাৰ
প্ৰয়োজন কেতিয়া  আছিল
?

 

বুঢ়ীজনী
নাতিয়েকক লৈ তাতেই ৰৈ আছিল৷

বোধহয় এই সৰু
মন্দিৰটোলৈ দূৰৰ পৰা কোনোৱে কেতিয়াও অহাই নাছিল৷ 
পৱনৰ  কিবা কাৰণত মানহজনীৰ পৰা এটা
আশীৰ্বাদ ল
বলৈ মন গল৷  সি বুঢ়ীক আঁঠু কাঢ়ি সেৱা কৰিলে৷ দীপাই আৰু
মুনুৱেও সেৱা কৰিলে৷

সেৱা
কৰিলে কিবা এটা দিবও লাগে৷
বুঢ়ীয়ে গহীনাই কৈছিল৷

হয়,
হয়৷ নিশ্চয়, নিশ্চয়৷পৱনৰ
হাঁহি উঠি গৈছিল৷

দীপাই দিয়া
নোটখন দেখি বুঢ়ীৰ চকু দুটা জিলিকি উঠিছিল৷ সিমানখিনি তেওঁ কিজানি আশা কৰা নাছিল৷
গদগদহৈ আকৌ এজোলোকা আশীৰ্বাদ দি পেলালে তেওঁ৷ মুনুৰ মূৰত হাত ফুৰাই ফুৰাই বুঢ়ীয়ে
তাক
,
ভাল হবা দেই তুমি৷ বৰ ভাল হব দে তোমাৰ৷ধৰণৰ কিবাকিবি কৈছিল৷

 

দীপাই বেগৰ পৰা
চকলেট এটা উলিয়াই সৰু ছোৱালীজনীক দিছিল৷ বুঢ়ীৰ কোলাৰ পৰা ল
ৰাটোৱে
নামি দীপাৰ ওচৰলৈ আহি হাত এখন মেলি দিলে৷ তাকো এটা চকলেট লাগে৷

হাতত চকলেটটো লৈ
ৰাটোৱে চোতালৰ এফালৰ গছ এজোপাৰ তললৈ দৌৰ মাৰিছিল৷ তাতে এজনী এঘাৰ-বাৰ
বছৰীয়া ছোৱালী লেপেটা কাঢ়ি বহি কিবা কৰি আছিল৷ সি তাইক হাতৰ চকলেটটো দেখুৱালে৷
ছোৱালীজনীয়ে এবাৰ চকলেটটোলৈ আৰু এবাৰ দীপাহঁতলৈ চাই পুনৰ নিজৰ কামত মন দিলে৷

দীপাই
ছোৱালীজনীৰ ওচৰলৈ গৈ চকলেট এটা যাচিলে৷ তাইৰ বোধহয় লাজ লাগিছিল৷ প্ৰথমতে চকলেটটো ল
বই
খোজা নাছিল৷ দীপাই জোৰ কৰাতহে তাই লাজ লাজকৈ ল
লে৷ লাজ
লাজকৈয়ে তাই কৈছিল
, “হেপী নিউ ইয়াৰ৷

হেপী
নিউ ইয়াৰ৷
দীপায়ো কৈছিল৷ মুনু আৰু পৱনেও কৈছিল৷

পৱনে
ছোৱালীজনীলৈ ভালকৈ চালে৷ ক্ষীণ-মীন ছোৱালীজনীৰ ফ্ৰকটো চাফা যদিও পিঠিৰ ফালে ফটা৷
তাই কাগজ এখনত কিবা আঁকি আছিল৷

পুৰণি কাগজখনত
কেইটামান ৰঙা-নীলা ফুলৰ ছবি৷ তাতে ছোৱালীজনীয়ে কিবা লিখিবলৈ চেষ্টা কৰিছে৷

কি
লিখিবা
?”

হেপী
নিউ ইয়াৰ লিখিম৷
তাই কৈছিল৷ ইতিমধ্যে এইচআখৰটো তাই ষ্টাইল কৰি লিখিছিলেই৷

মই
সহায় কৰোঁ
?” ছোৱালীজনীৰ কাষতে বহি লৈ পৱনে সুধিলে৷

সি স্থানীয়
ভাষাটো মোটামুটি বুজিব পাৰে যদিও কওঁতে তাৰ অলপ দিগদাৰ হয়৷ উচ্চাৰণো তাৰ সিমান ঠিক
নহয়৷ ছোৱালীজনীয়ে মুখ টিপি টিপি হাঁহিলে৷ অলপ ইতস্ততঃ কৰি তাই কাগজখন তাৰ ফালে
আগুৱাই দিলে৷

পৱনৰ ছবি অঁকাৰ
অভ্যাস নোহোৱা নহয়৷ হাইস্কুলত পঢ়ি থাকোঁতে সি সূৰ্যোদয় আৰু সূৰ্যাস্তৰ ছবি
পাৰেমানে আঁকিছিল৷ দহ মিনিটমান লগাই সি চাইনব
ৰ্ডত লিখাৰ দৰে চুটি নীলা
পেনচিল এডালেৰে আখৰবোৰ ডাঙৰ ডাঙৰকৈ লিখিলে৷ ছোৱালী দুজনী আৰু সৰু ল
ৰাটোও কাষতে লেপেটা কাঢ়ি বহি লৈ তাৰ এই কলা-প্ৰতিভাৰ প্ৰদৰ্শনী বিস্ময়েৰে
চাই আছিল৷

আৰু আন এডাল
মাত্ৰ ৰঙা পেনচিল আছিল৷ সেইডালো শেষ হওঁ হওঁ ধৰণে 
চুটি৷ আখৰবোৰ সি জেব্ৰাৰ গাৰ পটিবোৰৰ দৰে
, কিন্তু ঢৌ খেলোৱা
ৰঙা আৰু নীলা পেটাৰ্ণেৰে লাহে লাহে ভৰাই দিলে৷ পুৰণি কাগজখনত ৰঙা-নীলা ফুলবোৰৰ
মাজত পৱনৰ
হেপী নিউ ইয়াৰশিল্পকৰ্মই  দাঁত নিকটাই হাঁহিবলৈ ধৰিলে৷

সিহঁতে আশা
কৰাতকৈও সেইখিনি ভাল হৈছিল৷ বৰ কৃতজ্ঞভাৱে পৱনলৈ চাইছিল সিহঁতে৷  ডাঙৰ ছোৱালীজনীয়ে লাজ লাজকৈ হাঁহি কাগজখন হাতত
লৈ দূৰলৈ নি চাইছিল৷

মন্দিৰৰ
বেৰত মাৰি দিব কাগজখন৷
বুঢ়ীয়ে কৈছিল৷

সৌ
তাতে মাৰি দিম৷
”, মাজু ছোৱালীজনীয়ে মন্দিৰটোলৈ প্লাষ্টিকৰ
সাপডালেৰে দেখুৱাই কৈছিল
, “যি ধুনীয়া হব !

আজি
হেপী নিউ ইয়াৰ
, আজি হেপী নিউ ইয়াৰ৷সৰু
ৰাটোৱেও হাত এখনেৰে খহি পৰিব ধৰা পেণ্টটো খামুচি ধৰি
আনন্দতে দুজাঁপমান মাৰিছিল৷

আৰু
কি কৰিবা আজি
?” পৱনে সিহঁতলৈ চাই সুধিলে৷

ফটকা
চাম৷ ৰাতি ফটকা মাৰিব৷
মাজু ছোৱালীজনীয়ে টপৰাই মাত দিছিল৷
তাইৰ চকু দুটা জলমলাই উঠিছিল৷

মন্দিৰত
ফটকা মাৰিবা নেকি
?” পৱনে এনেয়ে ধেমালি কৰি সুধিলে৷

বুঢ়ীয়ে সোলা
মুখখন মেলি কাণলৈকে বিয়পি যোৱাকৈ হাঁহিছিল৷ লাহে লাহে অলপ দূৰৰ বজাৰখনৰ চ
কটোলৈ
দেখুৱাই ক
লে, “ৰাতি বাৰটা বজাত তাতে
ফটকা মাৰিব৷ বহুউউউ
….ত ফটকা৷ বৰ বৰ
… বৰ ধুনীয়া হয় ! ইহঁত কেইটাই ৰাতি আজি নুশুবই৷ চাবলৈ ৰৈ থাকিব৷

ফুলজাৰী
ওপৰত !
আকাশলৈ দুয়োখন হাতেৰে আঙুলিয়াই লৰাটোৱে যোগ দিছিল৷ আৰু তেতিয়া তাৰ পেণ্টটো খহি পৰিছিল৷ এখন হাতেৰে সি
সেইটো ককাললৈকে টানি উঠাই লৈছিল৷ চকু মুদি আকাশলৈ মুখ কৰি
, ওঁঠত
শব্দহীন হাঁহি এটা বিয়পাই তেনেকৈয়ে অলপ সময় মূৰ্তি এটাৰ দৰে ৰৈ গৈছিল সি৷ বোধহয়
আকাশৰ ধুনীয়া ফুলজাৰীৰ পোহৰবোৰ সি মনলৈ আনিবলৈ চেষ্টা কৰিছিল৷

পৱনেও হাঁহিছিল৷
কিন্তু তাৰ বুকুখন সামান্য বিষাই উঠিছিল৷ এই দুখীয়া পৰিয়ালটোৰ কাৰণে নতুন
, পুৰণি সকলো সময় কিজানি একেই ! তথাপি বছৰৰ শেহৰ দিনটোত সিহঁতেও কিবা অকণমান
ৰং বিচাৰিছে
, যেনেকৈ সকলোৱে বিচাৰে৷

দীপাই দুটা
মধুৰি-আম বুঢ়ীৰ হাতত দিছিল৷ বুঢ়ীয়ে একো কোৱা নাছিল । মাত্ৰ হাঁহিছিল আৰু হাত পাতি
লৈছিল ।

অলপ কিবা ভাবি
দীপাই সৰু কেকৰ বেগটোও বুঢ়ীৰ হাতত তুলি দিছিল৷

মুনুৱে
অসন্তুষ্ট হৈ মাকলৈ চাইছিল৷

তোমাক
আৰু কিনি দিম দেই৷
দীপাই মুনুক কৈছিল৷

ৰাটোৱে
বুঢ়ীৰ ওচৰলৈ আহি বেগটোৰ ভিতৰত কি আছে জুমি জুমি চাবলৈ ধৰিছিল৷

এতিয়া
নাখাবা কিন্তু৷ ৰাতিহে খাবা৷
নিশকতীয়া লৰাটোৰ জপৰা চুলিখিনিত হাত ফুৰাই দি দি দীপাই কৈছিল৷

  বেকাৰীৰ পৰা সৰু কেক এটা কিনি লৈ
ওচৰৰ হোটেল এখনত ভাত খাই সিহঁত ঘৰমুৱা হৈছিল৷

ধূলিময়
ৰাস্তাটোৰে সিহঁতৰ গাড়ীখন লাহে লাহে আগ বাঢ়িছিল৷ দুয়োফালে বহল পথাৰ
, ওখ ওখ গছ, বহু দূৰলৈ সেউজীয়া আৰু সেউজীয়া৷ ওপৰত
সীমাহীন নীলা আকাশ৷

ইম্মান
ধুনীয়া ঠাই নহয়৷
দীপাই হাঁহি কৈছিল৷ অহাৰ সময়ৰ খং-বিৰক্তিৰ
মেঘবোৰ তাইৰ মনৰ পৰা যেন আঁতৰি পলাই গৈছিল৷ 

বৰ
ধুনীয়া ঠাই৷
পৱনে ঘূৰি চাইছিল৷

তাইৰ হাঁহিৰ
দৰেই নিৰ্মল আবেলিৰ ৰ
দ দীপাৰ মুখত পৰিছিল৷ দীপা ধুনীয়া৷ আজি
কিন্তু তাইক আৰু বেছি ধুনীয়া দেখাইছিল৷

ভ্ৰাম্যভাষ :
৮৭৬২২২৬৩৪৮

 

My address:
B-115,

Sanvi
Sankalpam,

Nagondanahalli,

Whitefield,

Bangalore,

Karnataka
560067