জিণ্টু দত্ত

                            

অমলাৰ মাকে
মাটিটুকুৰা বেচিব৷

 

আচল খবৰটো আনিলে
নন্দ উকীলৰ পুতেক বিনয়ে৷  সি বোলে ডাইৰেক্ট
বুঢ়ীক সুধি আহিছে৷ গতিকে অবিশ্বাস কৰিবলগীয়া একো নাই৷

আচলতে খবৰটো
দুদিনমান
কঁদো এটাৰ দৰে ভুনভুনাই ঘুৰি ফুৰিছিল কনিটোত৷ কিন্তু
সচাঁ
কঁদোৰ ভুনভুননি হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ আগবাঢ়ি যোৱা নাছিল কোনো৷ অমলাৰ
মাকৰ ফালৰ পৰা অহা যিকোনো বিষয়ৰ ক্ষেত্ৰত এই ক
নিৰ মানুহখিনিয়ে বিশেষ সৰ্তকতা অৱলম্বন কৰে৷
 অন্ততঃ পূৰ্ব অভিজ্ঞতাবোৰ মনত পেলাই
সকলোৱে বুজি পাই যে অমলাৰ মাক বা বুঢ়ীৰ খবৰবোৰ যদি মিছা হয় আৰু তেনে মিছা খবৰ
উলিয়াইছে বুলি যদি তেওঁ গম পায়
,
তেতিয়াহলে অন্ততঃ এসপ্তাহমানলৈ এই অঞ্চলৰ মানুহে যে সুখ নাপায় সেইটো নিশ্চিত৷ খাঁওতে, হোঁতে, ঠোঁতে,
শোওঁতে বুঢ়ীয়ে মন গলেই গুৱাল গালিৰে এই কনিৰ সকলোকে সোঁৱৰাই থাকিব যে তেওঁলোকে
আচলতে এটা বৰ মাৰাত্মক ভুল কৰিলে৷

 

কিন্তু বুঢ়ীয়ে
মাটি কিয় বেচিব
?
যি মাটিৰ কাৰণে বুঢ়ীয়ে সাতখন কুৰুক্ষেত্ৰলৈ যাবলৈও সাজু বুলি নিজেই ঘোষণা কৰি
থাকে তেনে এজনী মানুহে মাটি বেচিব
?

 

মাটি বেছি নহয়৷ আঢ়ৈকঠামান
হব৷ তাৰে এমুৰত বুঢ়ীৰ জুপুৰীটো আৰু এইটো চুকত এয়া বাৰী৷ বাৰী মানে ঘাঁহে-দলনীয়ে
পোত গৈ থকা পুখুৰী আৰু সিফালে গেজেপ মৰা বাঁহনি৷ বুঢ়ীৰ ঘৰৰ কেউকাষে নতুন নতুন পকা
ঘৰ উঠিছে
, প্ৰায়বোৰ ঘৰতে
নতুন বোৱাৰী একোজনীহঁতো আছে
,
ৰাতি খিৰিকীখন খুলি মুকলি বতাহ অকণ লবলৈও অশান্তি, হাবিয়ে বাঁহনিয়ে ৰাতি চাই থাকিবলৈকে ভয়, একেবাৰে খাপচাৰা হৈছে বুঢ়ীৰ এই ঘৰ-বাৰী
নতুনকৈ বহা এই
আনন্দ কলনীত৷ কিন্তু সেইবুলি বুঢ়ীক বাঁহনিখিনিকে
অকমাণ কাটিবলৈ কোনোবাই কব পাৰিব নি
?

 

  “কি হ?
কোনজনীক মুকলি বতাহ লাগে মুখখন চাওঁ? সাধ্য আছেনে তহঁতৰ এনেকুৱা এজোপা বাহঁগছ তুলিবলৈ? খবৰদাৰ, কোনেও হাত নিদিবি” – তাৰ পিছত বাঁহৰ উপকাৰিতা আৰু সময়ত বাঁহ
এটুকুৰা বিচাৰি যে ওচৰ
-পাঁজৰৰ এই সব ডাঙৰ মানুহ তেওঁৰে ভৰিত পৰিবহি লাগিব, সেই সম্পৰ্কীয় আখ্যান নাসমাৰলৈকে বুঢ়ী
ক্ষান্ত নহয়৷  পৰাপক্ষত কোনেও সহজতে বুঢ়ীক
জোকাই নলয়৷

 

তেনেকুৱা এজনী
বুঢ়ীয়ে মাটিটুকুৰা বেচিব
?
আচৰিত কথা৷  আজি কেইমাহমানৰ আগতে বোলে
বুঢ়ীৰ সীমাৰ উত্তৰে থকা অমূল্য প্ৰফেচৰ গৈছিল মাটি অলপ পাৰিলে কিনিবলৈ৷ বুঢ়ীৰ
বাৰীৰ লগতে থকা তেওঁৰ গেৰেজটো অলপ সৰু৷ গাড়ী এতিয়াৰ খন বাৰু ঠিকেই সোমায় কিন্তু
বেংগলোৰত থকা সৰুটোৱে ইন
ভাখন লৈ আহিলে
বৰ অশান্তি হয়৷ আনন্দ প্ৰফেচৰক কিন্তু বুঢ়ীয়ে বৰ শান্তকে ক
লে তুমিটো বোপাই কলেজত লৰাছোৱালী পঢ়োৱা জ্ঞানী মানুহ, তুমিনো মোক সা-সম্পত্তি বেচিবলৈ বুদ্ধি দিব লাগেনে বাৰু? মানুহে মাটি-বাৰী এটুকুৰা গোটায় নে
থকাকণো বেচে তুমিয়ে কোৱাচোন
?
মোৰ লৰালুৰি নাই বুলিয়েই তোমালোক সকলোৱে মোক বাটৰ ভিক্ষাৰী কৰিম
বুলি ভাবিছা নি
?’
 
হাতত লৈ থকা তামোলকণ সামৰি সামৰি প্ৰফেচৰ
বোলে লাহে লাহে গুচি আহিল৷

 

    বুঢ়ীৰ বাৰীত আম,কঠাল, লেতেকু পনিয়লৰো অভাৱ নাই৷  খুজি গলে বুঢ়ীয়ে হেই, এইবোৰ মই পাৰিব নোৱাৰোঁ এই বুঢ়া বয়সত বুলি নিজেই দলিয়াই খতিয়াই এটা দুটা সৰু লৰা ছোৱালীক দিয়ে; কিন্তু কনিৰ কোনোবা দুষ্ট অঘাইত‌ঙে যদি কেনেবাকৈ
চুৰ কৰাৰ বুদ্ধি কৰে হ
ল আৰু! কেনেকৈ
বুঢ়ীয়ে গম পায় সেয়া আচৰিত কিন্তু আম চুৰ কৰাটোৱে আমো খালে আৰু তাৰ চৌধ্য পুৰুষে
উদ্ধাৰো পালে যেনিবা বুঢ়ীৰ বাক্যবাণত!

 

অমলাৰ মাক বা
বুঢ়ীৰ আচল নাম সম্পৰ্কে ইতিহাস নিমাত৷  কিন্তু ওচৰৰ
পাজৰৰ মানুহে জানে এই অঞ্চলৰ সবাতোকৈ
পুৰণা মানুহ বুঢ়ীৰ ঘৰেই৷  এইটো ক
নিৰ সকলোৱে ঘৰ
সাজি থাকিবলৈ লোৱাৰ পৰা বুঢ়ী আৰু জীয়েকক দেখি আহিছে৷  বুঢ়ীক কেতিয়াবা গিৰিয়েকৰ কথাও সোধে কোনোবাই৷ বুঢ়ীয়ে
একো নকৈ এলান্ধুকলীয়া বেগ এটাৰ পৰা পুৰণা গিৰিয়েকৰ ফটো এখন উলিয়াই চায়৷  ফটোখনত থকা মানুহজনক ভালকৈ ধৰিব নোৱাৰি-কিবা
ধোঁৱাৰ মাজত ৰৈ থকা যেন লাগে৷  
আহ্ কেনে নিৰ্জু আছিল মানুহজন’ –বুঢ়ীয়ে কেতিয়াবা আপোন পাহৰা হৈ আগৰ
কথাবোৰ মনত পেলায়৷ তেখেত থাকোতে এই ঘৰ
, এই বাৰী এনেকুৱা আছিল নে? ফু মাৰি ভাত খাব পৰা কৰি থৈছিল কৰ্মী মানুহজনে৷ পাচলি এটা
কিনাৰ কথা মানুহটোৱে জীৱনত ক
ব নোৱাৰে-সব হাত দিলেই হয় বাৰীখনত৷ এতিয়াও কেতিয়াবা দুপৰীয়া
বাঁহৰ জলঙাৰে জুমি চালে বুঢ়ীৰ এনে লাগে যেন সেয়া কোৰখন লৈ মানুহটোৱে টুকটুককৈ কাম
কৰি আছে বাৰীখনত৷ মানুহটোৰ জীউ যেন বাৰীখনতে আছে-সেয়ে কোনোবাই পাত এখিলা তুলিলেও
খং উঠে বুঢ়ীৰ৷ মৰিবৰ সময়তহে বৰ কষ্ট পালে মানুহজনে৷  ভাল ডাক্তৰক দেখুৱাবলৈ টকা
সিকাও নাছিল
সেইসময়ত-কথাবোৰ মনত পেলাই বুঢ়ীৰ গৰম লোটক বাগৰি আহে দুইচকুৱেদি৷

     

সেই বুঢ়ীৰে
একমাত্ৰ জীয়েক অমলা আৰু অমলাৰ কাৰণেই বুঢ়ীয়ে এতিয়া মাটি বেচিবলে লৈছে৷

     

টাংগুটি, মাৰ্বলগুটি খেলালৈকে ঠিকেই আছিল কিন্তু
আৰু অলপ ডাঙৰ হোৱাৰ পৰাই অমলাই বুজিলে এনেকৈ নহব
, এনেকৈ মাজে মাজে মাকে বুটলি অনা শাকপাতেৰে সদায়
কো-অপাৰেটিভৰ দোকানৰ ভাতগাল টেটুৰ পৰা সিপাৰ নহয়৷ তদুপৰি মাকো তড়িৎ গতিত বুঢ়া হৈ
আহিছে
, কিবা এটা
সোনকালে কৰাৰ দৰকাৰ৷  গতিকে এদিন বেচন
পিয়াঁজৰ সানি লোৱা পিণ্ড এটা চৰিয়াত লৈ ষ্ট
ভ এটাৰে সৈতে টেবুল এখন ওচৰৰ তিনি আলিটোত
পাতি ললে অমলাই৷  গধুলি বজাৰ বহে
, ইটো সিটো মানুহ গোট খায়৷ প্ৰথমে বুঢ়ীয়ে
অমলাক গালি পাৰিছিল
,
গাৰ ম‌ঙহ কাটি হলেও গাভৰু জীয়েকক খুৱাব পাৰিব বুলি সদম্ভে সকলোৱে শুনাকৈ
চিঞৰিছিলো
, কিন্তু পিছলৈ বুঢ়ীকো দেখা গল টেবুলখনৰ ওচৰতে সন্ধিয়া ৰৈ থকা, এটকা দুটকাকৈ টেমাটোত গোট খোৱা পইচাবোৰ গণ্টি কৰা৷

     

আৰু এদিন অমলাৰ
গৰম পকৰী আৰু চাহৰ সোৱাদ লবলৈ গধুলি আৱিৰ্ভাৱ হ
লহি কুমুদৰ৷

 

পকৰী খাই থাকোতে
কুমুদে লক্ষ্য কৰিলে ষ্ট
ভৰ শিখাৰ পোহৰত
অমলাৰ মুখখন ৰ‌ঙা পৰিছে৷ ডিঙিয়েদি লাহে লাহে নামি গৈছে ঘামৰ এটা টোপাল৷ হঠাতে
কুমুদে বৰ গৰম গৰম যেন অনুভৱ কৰিলে৷

এদিন কুমুদে
পইচা নিদিয়াকৈ দুটা পকৰী বেচিকৈ খাই গ
ল৷ পইচা কেতিয়া দিব বুলি বুঢ়ীয়ে সোধোতে অমলাই লাজ লাজকৈ
হাঁহি এটা মাৰিলে৷

       

এদিন কুমুদে কলে তাৰ কেও কিছু
নাই৷ তাৰ লাহে লাহে এই চহৰখন আৰু অমলাক ভাল লগা হৈ আহিছে৷

       

আৰু এদিন কুমুদ
বুঢ়ীৰ ঘৰত একেবাৰে থাকিবলৈ গুচি আহিল৷

       

প্ৰথম অলপদিন
ঠিকেই গ
ল৷  সমস্যা হল বুঢ়ীৰ অসুখ আৰম্ভ হোৱাৰ পৰা৷ অলপদিন কাঁহি কাঁহি থাকোতেই
অমলাই বুঢ়ীক হস্পিতললৈ লৈ যাব খুজিলে৷ বুঢ়ীয়ে কলে
থ থ হেৰ,
এনেয়ে পইচা ভা‌ঙিব নালাগে৷ নিজে নিজেই ঠিক হব৷  কিন্তু অলপদিনৰ
পাছত বুঢ়ীৰ বিছনাখনৰ পৰা উঠি যাবলৈ মন নোযোৱা হ
ল৷  লাহে লাহে কাঁহ
বেছি হৈ বুঢ়ীয়ে ভালকৈ উশাহেই ল
ব নোৱাৰা হল৷ কোনোবাই গছত উঠি লেতেকু, পনিয়ল চিঙে – বুঢ়ীয়ে একো মাত নিদি
নিৰ্বিকাৰ হৈ চাই থাকে৷  কাৰোবাৰ ঘৰৰ
বোৱাৰীয়ে চুৱা ভাত পানী ছটিয়াই বুঢ়ীৰ বাৰীলৈকে মাৰি পঠিয়াই-বুঢ়ী বিছনাত পৰাতে পৰি
থাকে৷ উঠি গৈ কিবা এষাৰ কবলৈ বুঢ়ীয়ে শক্তি নাপায়৷

        

অমলাই কুমুদে
বুঢ়ীক ডাক্তৰৰ ওচৰলৈ লৈ গ

ল৷  ডাক্তৰে পৰীক্ষা কৰি কলে বুঢ়ীৰ
বুকুত বেয়াকৈ কফ বহি গৈছে৷ এসময়ত কেঁচা খৰি ফুৱাই ফুৱাই ভাত বনোৱাৰ ফল৷  ডাক্তৰে টেবলেট দিলে আৰু ভালকৈ বুকুখন দেখুৱাবলৈ
গুৱাহাটী নিবলৈ কলে৷

       

কুমুদে সেই ৰাতি
আহি প্ৰস্তাৱ দিলে মাটি অলপ বেচি দিবলৈ৷ বুঢ়ীকো দেখুৱাব পাৰিব আৰু বাকী টকাৰে সি
এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷  এই
চহৰত সি আৰু কিমান লোকৰ দোকানত গোমাস্তা হৈ কাম কৰিব৷ তাৰো নিজৰ ববীয়াকৈ দোকানৰ
মালিক হোৱাৰ মন৷ অসুখীয়া দেহাৰেই বুঢ়ীয়ে ফোঁপাই ফোঁপাই কৈ উঠিল-লাগিলে তেওঁ
সিপুৰীলৈ যাব
, কিন্তু মাটিকণ নেবেচে৷  আজি ইমান বছৰ হল এই ঘৰ-মাটি ৰখি থকা, এতিয়া থকাকণো বেচি বুঢ়ীয়ে গাৰ আৰাম নলয়৷  অমলাইও সমানে খেংখেঙাই আহিল- তুমিনো কিহৰ মতাটো যদি পইচা কেইটামানেই
ঘটি বেমাৰটো ভাল কৰাব নোৱাৰা

       

 পিছৰ দিনা ৰাতি কুমুদ মদ খাই আহিল৷ অমলাৰ নিচিনা এজনী
ছোৱালীক বিয়া কৰি সি যে বৰ ডাঙৰ মূৰ্খামী কৰিলে-সেই কথাটোকে বলকি বলকি সি ভাত
নোখোৱাকৈ শুই থাকিল৷  সেইদিনা বুঢ়ীয়ে
টেবলেটবোৰ নাখালে৷ বৰ তিতা লাগে হেনো মুখখন৷

       

তাৰ পাছৰ দিনাও
কুমুদে মদ খাই আহিল৷ সেই ৰাতি সি অমলাক এটা চৰ মাৰিলে৷  সি ইয়াৰ পৰা একেবাৰে গুচি যোৱাৰ কথাও বাৰম্বাৰ
কলে৷

 শেহ ৰাতি পিৰালীত বহি বুঢ়ীয়ে অমলাক লাহেকৈ সুধিলে-সি তোক
এৰি দিব নি
?

 নাৰীৰ মন-সাগৰত হাজাৰ ধুমুহাৰ সৃষ্টি কৰি দিব পৰা প্ৰশ্ন৷  সেই তাহানিৰ পৰা৷

 অমলা নিশ্ছুপ হৈ বহি থাকিল৷

 ৰাতিটো গভীৰ কৰি ঝিলিবোৰে মাতি থাকিল৷

       

পিছদিনাখন
বুঢ়ীয়ে কুমুদক গ্ৰাহক বিচাৰিবলৈ কলে৷  অমূল্য প্ৰফেচৰৰ বাউণ্ডেৰী ৱালৰ পৰা ধৰি
দুকঠামান মাটি অমলাৰ মাকে বেচি দিব৷ বুঢ়ীয়ে মাটি বেচিব বুলি খবৰটো ওলোৱাৰ পৰা এক
অনাকাঙ্খিত আনন্দৰ ঢৌৱে গোটেই কলনীটোৰ মানুহখিনিক যেন জীপাল কৰি তুলিলে৷  হঠাৎ যেন দলনি পোতাপুখুৰী আৰু বাঁহনিৰ পৰা সকলো
ভূত প্ৰেত  লৰ মাৰিলে আৰু সকলোৱে যেন নিজৰ
কল্পনাৰ চকুৰে ঠাইখিনিক জুমি চাবলৈ ধৰিলে৷ কাৰোবাৰ গেৰেজৰ কাৰণে ঠাই ওলাল
, কাৰোবাৰ গোসাঁই ঘৰকণ বঢ়াই লবলৈ আনি থোৱা
নক্সাটো মেল খালে৷  খিৰিকীবোৰ লাহে লাহে
খোল খালে আৰু সকলোৱে কুমুদক লক্ষ্য কৰিবলৈ ধৰিলে৷  এতিয়াটো সকলো কুমুদৰ হাতত৷

       

সেই ৰাতি বুঢ়ীৰ
টোপনি নাহিল৷  শেহ ৰাতি বুঢ়ী লাহেকৈ
দুৱাৰখন খুলি ওলাই আহিল৷ টেবলেটবোৰ খোৱাৰ কাৰণেই হবলা বুঢ়ীৰ মুৰ ঘুৰোৱা যেন লাগি
আছিল৷  খুটাটোত ধৰি তেওঁ পিৰালীত বহিল আৰু
পুখুৰী আৰু বাঁহনিখনলৈ একেথিৰে চাই ৰ
ল৷ ক
ৰবাত কুকুৰাই মাতিছিল,
ৰাতিপুৱাবলৈ চাগে বেছি সময় নাই-বুঢ়ীয়ে ভাবিলে৷ এজাক চেচাঁ বতাহে বুঢ়ীৰ সমগ্ৰ
সত্তাক চুই গ
লহি৷

       

গাঢ় অন্ধকাৰে
গিলি থোৱা বাঁহনিখনৰ পিনে চাই চাই সেই নিজম নিস্তব্ধ ৰাতি বুঢ়ীয়ে লাহে লাহে উচুপি
উচুপি কান্দিবলৈ ধৰিলে৷

                          —————-

 

জিন্টু দত্ত

ভাৰতীয় ডাকবিভাগ,

যোৰহাট – ৭৮৫০০১,

ভ্ৰাম্যভাষ ৭০০২৮১০৩৩১