কবিলৈ কবিৰ চিঠি

 প্ৰয়াগ শইকীয়া

উৰণীয়া মনে দিলে এটা পাখি
লে কলম কৰি কিবা এটা লিখিবা সখী

পাখিটি চুই দিওঁতেই এজুপি বিৰিখ হ
আৰু অনুভৱ দিলে
মই যে ভূমি

একাঁজলি ৰদত
উদ্ভাসিত জীৱন বন্দনাৰে
সুপ্ৰভাত সখী
কুশলে থাকিবা সদায়