আধুনিক শিক্ষাত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কাৰ্যপন্থা

 পঙ্কজ প্ৰতিম বৰদলৈ

 

আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা দোহৰাৰ প্ৰয়োজন
নিশ্চয়কৈ নাই৷ বৰ্তমান সময়ত সমগ্ৰ শিক্ষাৰ জৰিয়তে শিশু এটিৰ সৰ্বাংগীন বিকাশৰ কথা
চিন্তা কৰা হৈছে৷ শিক্ষাৰ এনে এটা প্ৰক্ৰিয়া যাৰ মাজেৰে শিক্ষণ কাৰ্যটো সম্পূৰ্ণ
কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিশুৰ জ্ঞান বৰ্ধনৰ লগতে মানসিক উৎকৰ্ষ সাধনৰ
দিশটোৱেও গুৰুত্ব লাভ কৰে৷ শিক্ষা এনে এটা প্ৰক্ৰিয়া
, যাৰ
জৰিয়তে জ্ঞান
, দক্ষতা, অভ্যাস, জীৱন সাধনৰ মানসমূহৰ জ্ঞান আদি সকলো দিশৰ প্ৰতি ধ্যান দিয়া হয়৷ এই সমগ্ৰ
প্ৰক্ৰিয়াটোত আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন দিশসমূহৰ লগতে সকলোতকৈ প্ৰয়োজনীয় দিশটো
হৈছে শিক্ষা এটাৰ নৈতিক প্ৰমূল্যসমূহৰ উৎকৰ্ষ সাধন কৰা৷ প্ৰকৃততে শিক্ষাৰ মূল
উদ্দেশ্য একোটা সফল মানৱ সম্পদ গঢ়ি তোলাটোহে৷ কিন্তু সম্পদ বুলি কওঁতে কেৱল
বস্তুবাদী সফলতাৰ কথা নাভাবি সামাজিক
, সাংস্কৃতিক, পৰিৱেশ সম্পৰ্কীয় এই সকলো প্ৰমূল্যৰ সৰ্বাংগীন উৎকৰ্ষ সাধনটো জৰুৰী হৈ
পৰে৷ এনে উৎকৰ্ষ সাধনৰ বাবে আনুষ্ঠানিক শিক্ষাৰ লগতে জড়িত এটা অতি প্ৰয়োজনীয় দিশ
হৈছে নৈতিক শিক্ষা৷ ইংৰাজী ভাষাত ইয়াক
‘Moral Education’ বুলি
জনা যায়৷ পশ্চিমীয়া দেশত গোলকীকৰণৰ প্ৰভাৱত সমাজ আৰু পৰিয়াল ব্যৱস্থাত যথেষ্ট
ক্ষীপ্ৰ পৰিৱৰ্তন আহিছে আৰু ফলস্বৰূপে বৰ্তমান সময়ত বিদ্যালয় পৰ্যায়ৰ পৰাই এক
মানসম্পন্ন নৈতিক শিক্ষা প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই সমগ্ৰ
প্ৰক্ৰিয়াটো আনুষ্ঠানিক শিক্ষাৰ লগত সংযুক্ত কৰি কৰা হৈছে৷ যাতে এটা পদ্ধতিগত
প্ৰক্ৰিয়াৰ মাজেৰে ছাত্ৰ-ছাত্ৰী সকলে এনে নৈতিক প্ৰমূল্যৰ গুৰুত্ব অনুধাৱন কৰিব
পাৰে৷

      নৈতিক
শিক্ষাক যদি বহল পৰিসৰত বুজিবৰ বাবে চেষ্টা কৰোঁ
, তেন্তে ই এনে এটা শিক্ষণ প্ৰক্ৰিয়া, যিটোৰ জৰিয়তে জীৱন কৰ্ষণৰ দক্ষতাসমূহৰ বিকাশৰ লগতে নৈতিক, স্বাস্থ্য, অহিংসা, প্ৰমূল্যবোধ, পৰিৱেশৰ প্ৰতি সজাগত, শান্তিপূৰ্ণ সহাৱস্থান
আদি মূল গুণসমূহ আৰ্জনৰ বাবে প্ৰয়োজনীয় ভদ্ৰ
, নম্ৰ, চৰিত্ৰগত গুণসমূহ অৰ্জন কৰাৰ পদ্ধতিগত
প্ৰক্ৰিয়াটো৷
 

       প্ৰকৃততে, নৈতিক শিক্ষা হৈছে অতি প্ৰাচীনতম শিক্ষা পদ্ধতি আৰু ভাৰতবৰ্ষৰ ইতিহাসত
শিক্ষণৰ
  আৰম্ভণিয়েই এই নৈতিক
শিক্ষাৰ মাধ্যমেৰেই সম্পন্ন হৈছিল৷ বৰ্তমান সময়ত যদিও শিক্ষণৰ মূল উদ্দেশ্য কিছু
পৰিমা
ণে বজাৰমুখী হৈ কেৱল দক্ষতা সম্পন্ন শ্ৰমিক নিৰ্মাণ
হৈ পৰিছে
, তৎসত্বেও সামাজিক স্থিৰতা বৰ্তাই ৰখাৰ বাবে নৈতিক
শিক্ষাৰ প্ৰয়োজনীয়তা পদে পদে উপলব্ধি কৰা হৈছে৷
  

       নৈতিক
শিক্ষা হৈছে আন বহুবোৰ শিক্ষণ প্ৰক্ৰিয়াৰ এটা কেন্দ্ৰীভূত শিক্ষা প্ৰক্ৰিয়া৷
বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে
, আৱেগিক শিক্ষণ, সামাজিক শিক্ষণ, নৈতিক প্ৰমূল্যৰ
সমতুলিকৰণ
, স্বাস্থ্য শিক্ষণ, সমালোচনাত্মক চিন্তাধাৰা, হিংসা প্ৰতিৰোধ, সংঘাত নিৰাময়, ধ্যান আদি ভিন্ন শিক্ষাৰ মাধ্যমেৰে প্ৰকৃততে নৈতিক
শিক্ষাৰ লগতে জড়িত৷

       তিনিৰ
পৰা পোন্ধৰ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক এই নৈতিক শিক্ষাৰ জৰিয়তে সু-নাগৰিক হিচাপে গঢ়ি
তুলিব পৰা যায় আৰু ভৱিষ্যতৰ বহুবোৰ সমাজিক সংস্কাৰ নিৰাময় কৰিব পৰা যায়৷ চৰিত্ৰ
গঠনৰ লগতে মানসিক স্বাস্থ্য বৰ্ধনৰ বাবে এই নৈতিক শিক্ষাৰ যি প্ৰয়োজনীয়তা সেয়া
বাস্তৱ সময়ৰ পৰিস্থিতিৰ বাবেও খুবেই প্ৰয়োজনীয়৷
 

       নৈতিক
শিক্ষাৰ ইতিহাস অতি প্ৰাচীন আৰু পৃথিৱীৰ প্ৰতিটো সুসভ্য সভ্যতাই এই নৈতিক শিক্ষাৰ
ওপৰত বিশেষ গুৰুত্ব দি আহিছিল৷ প্ৰকৃততে সাম্ৰাজ্যবাদী শাসনৰ সময়চোৱালৈকে সমগ্ৰ
বিশ্বতে এই নৈবিক শিক্ষা ধৰ্মীয় শিক্ষাৰ লগত
  সংপৃক্ত হৈ আছিল আৰু বহুসময়ত শিক্ষাও প্ৰকৃততে ধৰ্মৰ লগত জড়িত আছিল৷

       বিজ্ঞানৰ
প্ৰভাৱৰ লগে লগে শিক্ষাত ধৰ্মৰ সংপৃক্ততা যথেষ্ট কম হয় আৰু পৰ্যায় ক্ৰমে নৈতিক
শিক্ষাৰ প্ৰক্ৰিয়াটো এটা বিকল্প ব্যৱস্থা হিচাপে প্ৰতিস্থাপিত হয়৷ লগতে ইয়াৰ
প্ৰয়োজনীয়তা বৃদ্ধি পায়৷

       বৰ্তমান সময়ত নৈতিক শিক্ষা এক অতি প্ৰয়োজনীয় শিক্ষা হিচাপে পৰিগণিত
হৈছে৷ এই ক্ষেত্ৰত বিশেষজ্ঞসকলে ইয়াক আধুনিক শিক্ষাৰ লগত পদ্ধতিগতভাৱে সংযুক্ত
কৰাৰ লগতে কেৱল বিদ্যালয়ৰ চাৰি দুৱাৰৰ মাজত আৱদ্ধ নাৰাখি সমাজ
, ঘৰ
তথা অন্যান্য সামাজিক অনুষ্ঠানসমূহলৈও সম্প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব দিছে৷ নৈতিক
শিক্ষাই ছাত্ৰ-ছাত্ৰীক মূল
তঃ মনোজাগতিক, দায়িত্বশীলতা, স্বাধীনচেতিয়াকৈ
কৰ্ম সম্পাদনৰ শক্তি
, সম্পদ আৰু জ্ঞানৰ প্ৰায়োগিক ব্যৱহাৰ,
সিদ্ধান্ত গ্ৰহণৰ শক্তি আদি বিভিন্ন দিশত এক সুস্থ-সবল মন আৰু
স্বাস্থ্য লাভ কৰাত সহায় কৰে৷ সুস্থ-সবল মানে এক সৱল নৈতিক চৰিত্ৰ গঠনত প্ৰথম
ভেঁটি হিচাপে কাম কৰা৷

       নৈতিক
শিক্ষাৰ জৰিয়তে এই চৰিত৷ৰ গঠনৰ প্ৰক্ৰিয়াটোৱে সমগ্ৰ শিক্ষাৰ ধাৰণাটোক প্ৰসাৰ কৰিব
পাৰে৷ ই একে সময়তে সমাজ আৰু বাস্তৱ সময়ত বহু সাম্ৰাজ্যৰ
Preventive Solution হিচাপেও কাম কৰিব পাৰে৷ শিক্ষাৰ উপযুক্ত ব্যৱহাৰে
সামাজিক ব্যাধি যেনে
, অপৰাধমূলক কৰ্ম, সাম্ৰাজ্যবাদ, বৰ্ণবাদ আদি বহুবোৰ নেতিবাচক দিশ নিয়ন্ত্ৰণ কৰিব
পৰা যায়৷ নৈতিক শিক্ষাৰ চৰিত্ৰগতভাৱে স
ল হোৱা মানুহৰ মাজত
নিজৰ খং
, লোভ, ব্যৱহাৰ আদি
নিয়ন্ত্ৰণৰ সক্ষমতা বৃদ্ধি পায় আৰু ই একে সময়তে দুৰ্নীতি
, নাৰী নিৰ্যাতন, অসহিষ্ণুতা, চুৰি, ডকাইটি আদি বহুতো সামাজিক ৰোগৰপ্ৰতিৰোধ কৰিব৷

       বিদ্যালয়সমূহত প্ৰথম পৰ্যায়ৰ পৰাই এক প্ৰণালীবদ্ধভাৱে
নৈতিক শিক্ষা প্ৰদানৰ প্ৰয়োজনীয়তা আছে৷ ই আনুষ্ঠানিক শিক্ষাক এক পৰিপূৰকতা প্ৰদান
কৰিব৷ একে সময়তে ই এখন স্থিৰ
, হিতৈষী আৰু সমাজ জীৱনৰ প্ৰতি
দায়িত্বশীল মানৱসম্পদ গঢ়াটো সহায় কৰিব৷ আমাৰ বিদ্যালয়সমূহত কিছুবছৰ আগলৈকে
চৰিত্ৰ পাঠজাতীয় গ্ৰন্থৰ জৰিয়তে এনে শিক্ষা দিয়াৰ
প্ৰক্তিয়া আছিল যদিও বৰ্ত্তমান সময়ত ই সিমান পদ্ধতিগত
ভাৱে
ব্যৱহাৰ নাই হোৱা৷ গতিকে আঁচনি গঢ়োঁতা
, শিক্ষক সমাজ, বিশেষজ্ঞ, চৰকাৰ আদি সকলো অংশীদাৰ এই ক্ষেত্ৰত এক
গৱেষণাৰ জৰিয়তে কেনেদৰে পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীক নিম্ন শ্ৰেণীসমূহৰ পৰাই নৈতিক
শিক্ষাৰ আধাৰ দিব পাৰে৷ এনে সময়োপযোগী আৰু দূৰদৰ্শী চিন্তাই শিক্ষাৰ মান এক উচ্চতৰ
পৰ্যায়লৈ লৈ যোৱাৰ লগতে ইয়াৰ মূল উদ্দেশ্যক সাৰ্থক কৰি সমাজৰ বাবে এচাম দীপ্ত উ
জ্জীৱিত দুৰন্ত সফল তৰুণ সৃষ্টিত প্ৰত্যক্ষভাৱে সহায় কৰিব৷ আনহাতে সময়ত এই
প্ৰক্ৰিয়াৰ ইতিবাচক প্ৰভাৱে আমাৰ জন্মভূমি পৃথিৱী আৰু এই ভূখণ্ডক সৰ্বতোপ্ৰকাৰে
সুৰক্ষিত কৰি তোলাৰ দিশত এক প্ৰায়োগিক দিশ হিচাপে বিবেচিত হয়৷
                

……………

 

লেখকৰ ঠিকনা :

উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন

নতুন দিল্লী— ১১০০০৪