তাপীয় প্ৰদূষণ গুৰুত্ববিহীন সমস্যানে?

 ড ৰমেশ
চন্দ্ৰ গোস্বামী

 

পৃথিৱীৰ প্ৰাকৃতিক
পৰিৱেশ কিমান বিভিন্ন ধৰণে প্ৰদূষিত হয়
, সেই বিষয়ে প্ৰায় সকলো নাগৰিকেই
জনা হৈছে৷ আনহাতে পোহৰ আৰু তাপেও যে পৰিৱেশত প্ৰদূষণ সৃষ্টি কৰে তাক মাত্ৰ একাংশ সচেতন
ব্যক্তিয়েহে জানে বা ধাৰণা কৰিব পাৰে৷ অৱশ্যে তাৰ মাজতে একাংশ কম শিক্ষিত বা অৰ্ধশিক্ষিত
লোকে নিজৰ প্ৰায় অজ্ঞাতেই তাপ প্ৰদূষণৰ কথা বুজি পায় আৰু প্ৰাচীন কালৰে পৰা চলি থকা
প্ৰতিকাৰৰ ব্যৱস্থাও গ্ৰহণ কৰি আহিছে৷উদাৰণস্বৰূপে
, গ্ৰাম্যাঞ্চলতে হওক বা চহৰতে হওক, ব্যক্তিগতই হওক বা সমবায় ভিত্তিতে
হওক
, সাধাৰণেই হওক বা বিশালকায়েই হওক, বিশেষকৈ
গৰমৰ দিনত মাছ পোহা পুখুৰীৰ কোনো কোনো অংশত গছৰ ডাঙৰ ডাঙৰ ফেৰেঙনি
, বাঁহৰ আগলি, মেটেকা আদি পেলাই ৰখা দেখা যায়৷ কিয়?
মাছবোৰক গৰমৰ পৰা ৰক্ষা কৰিবৰ উদ্দেশ্যেই৷

উষ্ণতাই পানীৰ আৰু
লগতে পানীত থকা উদ্ভিদ
, প্ৰাণী আৰু অনুজীৱসমূহৰ জীৱনৰো ভৌতিকৰাসায়নিক প্ৰকৃতি নিয়ন্ত্ৰণ কৰে৷ পানীত বাস কৰেআ এই জীৱসমূহে প্ৰকৃতিকভাৱে
সাল
সলনি ঘটা উষ্ণতা আৰামত সহ্য কৰিব পাৰে৷

কিন্তু মানুহৰ দুষ্কাৰ্যৰ
বাবে জলাশয়ৰ পানীৰ উষ্ণতাৰ হ্ৰাস
বৃদ্ধি হলে তাক
সহ্য কৰা যথেষ্ট কঠিন হ
ব পাৰে৷ পৰিস্থিতিসাপেক্ষে আনকি সেইবোৰৰ
মৃত্যুও হ
ব পাৰে৷

মানুহৰ দু্ষ্কাৰ্যই
যেতিয়া জলভাগৰ স্বাভাৱিক উষ্ণতাতকৈ ভালেখিনি বেছি বা ভালেখিনি কম উষ্ণতা সৃষ্টি কৰে
,
তেতিয়া পানীৰ তাপীয় প্ৰদূষণ হোৱা বোলা হয়৷ তাপীয় প্ৰদূষণৰ কথা কমেই উল্লেখ
কৰা দেখা যায় যদিও তাৰ গুৰুত্ব নিচেই কম বুলিব নোৱাৰি৷

 

কোনবোৰ উৎসই
তাপীয় প্ৰদূষণ ঘটায়
?

শক্তি উৎপাদন কেন্দ্ৰসমূহেই
তাপীয় প্ৰদূষণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎস বুলি বিবেচিত হৈছে৷ প্ৰচলিত তাপীয় শক্তি উৎপাদন
কেন্দ্ৰবোৰত কয়লা জ্বলাই বয়লাৰত পানী উতলাই ভাপ সৃষ্টি কৰা হয়৷ নিউক্লীয়
( বা পাৰমাণৱিক) শক্তি উৎপাদনৰ বেলিকাও প্ৰায় একেই কথা৷
কেৱল তাত কয়লা জ্বলাই পানী উতলোৱা নহয়
, নিউক্লীয় বিয়োজন বিক্ৰিয়াত
উৎপন্ন যোৱা প্ৰচুৰ তাপেৰেহে পানী উতলাই ভাপ সৃষ্টি কৰা হয়৷ ভাপ যি ধৰণেই উৎপন্ন নহওক
,
সেই ভাপে শক্তি উৎপাদক জেনেৰেটৰৰ টাৰবাইন ঘূৰালে শক্তি উৎপাদন হয়৷ টাৰবাইন
ঘূৰাই তাৰ পৰা ওলাই যোৱা ভাপখিনি কন্
ডেন্সাৰত ঠাণ্ডা কৰা হয়৷
ঠাণ্ডা কৰিবলৈ শক্তি উৎপাদন কেন্দ্ৰৰ ওচৰতে থকা কোনো নৈ
, হ্ৰদ
বা তেনেকুৱা জলৰাশিৰ পৰা প্ৰচুৰ পৰিমাণে ঠাণ্ডা পানী আনি ব্যৱহাৰ কৰা হয়৷ শেষত কন্
ডেন্সাৰৰ পৰা অৱশিষ্ট গৰম পানীখিনি আকৌ সেই জলৰাশিতে পেলাই দিয়া হয়৷ ফলত জলৰাশিৰ
সেই অঞ্চলৰ উষ্ণতা ১০ ডিগ্ৰীৰ পৰা ১৬ ডিগ্ৰী ছেলছিয়াচ পৰ্যন্ত বৃদ্ধি হয়৷

শক্তি উৎপাদন কেন্দ্ৰসমূহৰ
উপৰিও তেল শোধনাগাৰ
, তীখাৰ কাৰখানা, কাগজকল,
বিভিন্ন ৰাসায়নিক প্ৰকল্প আৰু অন্যান্য ঔদ্যোগিক কাৰখানাবোৰেও যন্ত্ৰপাতি ঠাণ্ডা কৰিবলৈ ওচৰতে পোৱা জলভাগৰ পানী ব্যৱহাৰ কৰে৷ ব্যৱহাৰৰ পাছত বৰ্জ্য
পানীৰ উষ্ণতা
, ৫ ডিগ্ৰী ছেলছিয়াছ বেছি
হৈ থাকে
(ওচৰৰ জলভাগৰ তুলনাত); সেই পানী
পুনৰ জলভাগতে পেলোৱা হয়৷

কাপোৰ ধোৱা পানী, গাধোৱা পানী, বাচনবৰ্তন চাফা কৰা পানী, পাচলি আদি ৰন্ধাবঢ়া কামত ব্যৱহৃত পানী, বাসগৃহ, হোটেলৰেষ্টুৰেণ্টঅফিচ আদিৰ পৰা
নিৰ্গত পানী
, মলমূত্ৰ আদি ঘৰুৱা বৰ্জ্য
পদাৰ্থ বুলি ধৰা হয়৷ নলা
নৰ্দমাৰে গৈ এইসমূহ শেষত জানজুৰি, খালবিলনদী আদিত পৰেগৈ৷ এইবোৰেও পানীৰ উষ্ণতা ঈষৎ পৰিমাণে হলেও বৃদ্ধি কৰে৷

জহকালি বিশেষকৈ নগৰাঞ্চলৰ
পকী ৰাস্তা
, পকী পাৰ্কিং ষ্টেণ্ড আদিৰ পৰাও কেতিয়াবা পানী বা অন্য গৰম
পদাৰ্থ নলা
নৰ্দমাইদি গৈ খালবিল নৈ আদিত
পৰে৷

অৰণ্যই পুখুৰী, হ্ৰদ, নদী আদিৰ বহু অংশত সূৰ্যৰ কিৰণ পোনে পোনে পৰাত
বাধা দিয়ে৷ যদি অৰণ্য ধ্বংসৰ নিচিনা দুষ্কাৰ্য কৰা হয় বা অৰণ্য নাথাকেই তেন্তে তেনে
বাধাৰ প্ৰশ্ন নুঠে৷ ফলত পানীৰ উষ্ণতা বাঢ়ে৷ ক্ষেত্ৰবিশেষে মাটিৰ ক্ষয়ীভৱনো অৰণ্য ধ্বংসৰ
আৰু সেয়ে পানীৰ উষ্ণতাৰ কাৰক হ
ব পাৰে৷

 ঠাইবিশেষে কিছুমান
আপেক্ষিকভাৱে সৰু
, অগভীৰ আৰু অনিয়মীয়া আকৃতিৰ পুখুৰীত বৰষুণৰ
পানী সাঁচি ৰখা হয়৷ এইবোৰক সঞ্চয় জলাধাৰ
(retention pond)৷ সূৰ্যৰ
তাপে এনে জলাধাৰৰ পানী যথেষ্ট গৰম কৰি তোলে৷ সেই পানী যদি কিবা কাৰণত নদী
, হ্ৰদ, বিল আদিলৈ উলিয়াই পঠিওৱা হয়, তেন্তে পানীভাগৰ সেইবোৰ অংশৰ পানী ভালেখিনি গৰম হব পাৰে৷

তাপীয় প্ৰদূষণৰ কেইটামান
প্ৰকৃতিক উৎসও উল্লেখনীয়
: সময়ে সময়ে সাগৰমহাসাগৰৰ
তলিৰ পৰা আগ্নেয় উদ্গীৰণ ঘটি উত্তপ্ত লাভা নিৰ্গত হয়
, ভূতাপীয়
ছিদ্ৰইদি গৰম ভাপ আৰু গেছ ওলায়
, উষ্ণ প্ৰস্ৰৱণৰ পৰা
(Hot spring) গৰম পানী ওলায়৷ এনেবোৰ প্ৰাকৃতিক পৰিঘটনাই সাগৰৰ পানীত
প্ৰচুৰ তাপ এৰি দিয়ে৷ আন কেতিয়াবা আকৌ সাগৰপৃষ্ঠত বজ্ৰপাতো হয়৷

 

জলচৰ প্ৰাণীৰ
ওপৰত তাপীয় প্ৰদূষণৰ প্ৰভাৱ কেনেকুৱা

 

তাপীয় প্ৰদূষণৰ প্ৰভাৱৰ
আলোচনা কৰিবলৈ গ
লে দুটা পৰস্পৰ বিপৰীতমুখী চিন্তাৰ উন্মেষ ঘটেঃ
প্ৰথমটো নেতিসূচক
বিশেষকৈ জলচৰ প্ৰাণী বা সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ
(ecosystem) ওপৰত ঘটা কুপ্ৰভাৱ৷ আনটো ইতিবাচকশক্তি উৎপাদন, জীৱন যাপনত সদায় ব্যৱহাৰ হৈ থকা সামগ্ৰীৰ
উৎপাদন ইত্যাদিবোৰ অবিহনে মানৱ সভ্যতাৰ গতি ৰুদ্ধপ্ৰায় হৈ পৰিব৷ অৱশ্যে এইটো ঠিক যে
ইতিবাচকৰ তুলনাত নেতিসূচক প্ৰভাৱে পৰিস্থিতিতন্ত্ৰ অধিক ক্ষতি সাধন কৰি আছে৷

পানীয়ে বায়ুমণ্ডলীয়
অক্সিজেন শোষণ কৰে৷ তদুপৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াত জলজ উদ্ভিদবোৰে এৰি দিয়া অক্সিজেনো
পানীয়ে শুহি লয়৷ এনে দ্ৰৱীভূত অক্সিজেন মাছ
, কাছ আদি জলচৰ প্ৰাণীবোৰে
শাহত গ্ৰহণ কৰে৷ পানীৰ উষ্ণতা বাঢ়িলে পানীত এনেদৰে দ্ৰৱীভূত
হৈ থকা অক্সিজেনৰ পৰিমাণ হ্ৰাস পায়৷ তেতিয়া তাত বাস কৰা সেই প্ৰাণীবোৰে প্ৰয়োজনীয় অক্সিজেন
লাভ কৰিবলৈ খৰকৈ উ
শাহ লবলগীয়া হয়৷ মাছৰ
ক্ষেত্ৰত দেখা যায় যে সেইবোৰে পানীৰ সৰ্বাধিক যি উষ্ণতাত বাচি থাকিব পাৰে সেই উষ্ণতাত
স্বাভাৱিক উষ্ণতাৰ তুলনাত চাৰিগুণ পৰ্যন্ত বেছি হাৰত অক্সিজেন ল
বলগীয়া হয়৷ অধিক অক্সিজেনৰ প্ৰয়োজনীয়তা, অথচ একে সময়তে
অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱা হেতুকে মাছ আৰু তেনেজাতীয় প্ৰাণীৰ জীৱন বিপন্ন যোৱাটো
অৱশ্যাম্ভাৱী৷

মন কৰিব পাৰি যে
উষ্ণতা হঠাতে বাঢ়ি গ
লে সেই জলভাগৰ মাছকাছ,
কীটপতংগ, উদ্ভিদ বা উভচৰ
প্ৰাণীবোৰ মৃত্যুমুখত পৰাৰ সম্ভাৱনা বাঢ়ে৷ কিছুমান প্ৰজাতিৰ বাবে কিছু গৰমপানী বৰ বেছি
সৰ্বনশীয়া নহ
ব পাৰে; আনহাতে অন্য কেতবোৰ
প্ৰজাতিৰ বাবে ই মাৰাত্মকো হ
ব পাৰে৷ সৰহভাগ প্ৰজাতিৰ মাছ ৩৫
ছেলচিয়াচৰ তলতহে থাকিব পাৰে৷ উষ্ণতা তাতকৈ বাঢ়িলে বহুতো প্ৰজাতি সংকটত পৰে৷

উষ্ণতা বৃদ্ধি লাহে
লাহে হ
লে প্ৰায়ভাগ প্ৰাণীয়ে কিছু পৰিমাণে সেই পৰিৱেশৰ লগত অভ্যস্ত হৈ পৰিব পাৰে৷
কিন্তু অকস্মিক বৃদ্ধি সেইবোৰৰ বাবে প্ৰাণঘাতী হোৱাৰ সম্ভাৱনাই অধিক৷ উদাহৰণস্বৰূপে
ছেল
. উষ্ণতাত ডেফনিয়া নামৰ পানীমাখি এবিধ ১০৮ দিন
বাচি থাকে
; কিন্তু ২৮ ছেল. উষ্ণতাত মাত্ৰ ২৯ দিনহে থাকে৷

তাপীয় প্ৰদূষণে জীৱৰ
বিপাক প্ৰক্ৰিয়াৰ
(জৈৱৰাসায়নিক পৰিৱৰ্তন)
হাৰ বৃদ্ধি কৰে৷ তেতিয়া জীৱবোৰে সেই পৰিৱেশত স্বাভাৱিক অৱস্থাতকৈ অধিক
খাদ্য গ্ৰহণ কৰিব বিচাৰে৷ কিন্তু তেনে পৰিৱেশত খাদ্যৰ অভাৱহে হয়৷ কিয়নো
, কিছুমান প্ৰজাতিৰ জীৱ নিজৰ বাবে উপযুক্ত উষ্ণতাৰ পানী বিচাৰি তাৰ পৰা আঁতৰি
যায়৷ তেতিয়া তেনেবোৰ জীৱ আহাৰ হিচাপে গ্ৰহণ কৰা আন প্ৰজাতিৰ প্ৰাণীসমূহ বিপদত পৰে৷
ফলত তেনে প্ৰাণীৰ সংখ্যা কমি আহে
হয় মৃত্যুমুখত পৰে,
নহলে তাৰ পৰা কেনিবা আঁতৰি যায়৷ মুঠতে অঞ্চলটোৰ
খাদ্য
শৃংখল বেয়াকৈ প্ৰভাৱিত হয় আৰু লগতে জীৱবৈচিত্ৰৰ সমতাৰো
ক্ষতি হয়৷

তাপীয় প্ৰদূষণে নদীৰ
আৰু সাগৰীয় প্ৰাণীবোৰৰ প্ৰজনন প্ৰক্ৰিয়াৰ ওপৰতো প্ৰভাৱ পেলায়৷ বহুতৰে প্ৰক্ৰিয়াটোৰ
হাৰ ভালেখিনি হ্ৰাস পায়৷ বেছি উষ্ণতাৰ অবিকশিত
(immature)কণী নিৰ্গত হব পাৰে৷ নাইবা কিছুমান কণীৰ স্বাভাৱিক বিকাশ ব্যাহত হব পাৰে৷ মাছৰ বিকৃত পোনাৰ উৎপত্তি হব পাৰে৷

উষ্ণতা বাঢ়িলে সেই
পানীত কীটনাশক
, অপমাৰ্জক (detergent), কাগজকল আদিৰ
পেলনীয়া ইত্যাদি বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰৱ্যৰ বিষক্ৰিয়া বাঢ়ে৷ তেতিয়া স্বাভাৱিকতে
সেই পৰিৱেশ জলচৰ প্ৰাণীবোৰৰ বাবে সহনীয় হৈ নাথাকে৷

উষ্ণতা বাঢ়ি অহাৰ
লগে লগে জলচৰ প্ৰাণীৰ কেতবোৰ আকৃতিগত পৰিৱৰ্তন ঘটিব পাৰে৷ উদাহৰণস্বৰূপে
, হোৱাইট ফিছ নামৰ এক শ্ৰেণীৰ বহু প্ৰজাতিৰ মাছ আছে (উদাহৰণ
আটলাণ্টিক কড, হেডক, লক ইত্যাদি); সেইবোৰে বেছি উষ্ণতাত মেলা মুখ জপাব নোৱৰা
হয়
, চকুবোৰো অস্বাভাৱিক হৈ পৰে৷ ৩০ ছেল.ৰ বেছি উষ্ণতাত ৰাজহাড়ৰ বিকৃতৰূপ হয়৷


জলচৰ প্ৰাণীৰ
ওপৰত পৰিস্থিতিতান্ত্ৰিক প্ৰভাৱ কেনেধৰণৰ

গৰমপানীৰ ঘনত্ব কম
কাৰণে গৰম পানী জলপৃষ্ঠৰ ওপৰভাগত থাকে
; তেনেদৰে বেছি ঘনত্বৰ ঠাণ্ডা
পানী তলপিনে থাকে৷ অৰ্থাৎ পানী স্তৰীভূত হয়৷ ফলত তলৰ স্তৰটো বায়ুমণ্ডলৰ সংস্পৰ্শত নাথাকে
আৰু সেই বাবে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰাত বাধা পায়৷ আকৌ
, ওপৰৰ স্তৰটো উষ্ণ কাৰণে তাত বায়ুমণ্ডলৰ অক্সিজেন শোষণৰ পৰিমাণ কম হয়৷ এই দুয়োধৰণৰ
প্ৰক্ৰিয়াৰ বাবে ওপৰৰ আৰু তলৰ দুয়োটা স্তৰতে অক্সিজেনৰ অভাৱ ঘটে৷ যদি কেনেবাকৈ উষ্ণ
স্তৰটোত কোনো জৈৱিক পদাৰ্থ থাকে
, তেন্তে অনুজীৱবোৰে তাৰ ভাঙন
ঘটায়৷ সেই কাৰ্যত হাইড্ৰ
জেন ছালফাইড, এমনিয়া আদি গেছ নিৰ্গত হৈ ইতিমধ্যেই সংকটত পৰা উদ্ভিদ আৰু প্ৰাণীৰ জীৱন অধিক
বিপন্ন কৰি তোলে৷

গৰম স্তৰটোত অক্সিজেন  কমকৈ দ্ৰৱীভূত হোৱাৰ লগতে তাত জৈৱ
আৰু অজৈৱ পদাৰ্থ সহজে দ্ৰৱীভূত হয়৷ ফলত অঞ্চলটোৰ স্বাভাৱিক ৰাসায়নিক চৰিত্ৰ সলনি হয়৷
পৰিণতিস্বৰূপে দুই ধৰণৰ ঘটনা ঘটিব পাৰে
: হয় বহুতো জীৱ মৃত্যুমুখত
পৰিব পাৰে
, নতুবা জীৱসমূহৰ অন্য কোনো অনুকূল পৰিৱেশৰ ঠাইলৈ প্ৰব্ৰজন
ঘটিব পাৰে৷ তেতিয়াও
যিবোৰ জীৱ তেনে আচহুৱা পৰিৱেশত বাচি থাকে, সেইবোৰৰ বৰ্ধন
আৰু সংখ্যা বৃদ্ধি দুয়োটাই যথেষ্ট খৰতকীয়া হয়৷ এনেদৰে অঞ্চলটোৰ জৈৱবৈচিত্ৰৰ সমতা হেৰাই
যাবলৈ লয়৷

 এইখিনিতে মন কৰিব
পাৰি যে অতি শীতল পানীয়েও তাপীয় প্ৰদূষণ ঘটাব পাৰে৷ কোনো কোনো ক্ষেত্ৰত ঠাণ্ডা সঞ্চয়
ভাণ্ডাৰৰ (Cold reservoir)
  পৰা যথেষ্ট ঠাণ্ডা
পানী জলৰাশীত পেলোৱা হয়৷ তেতিয়া সেই অঞ্চলৰ স্বাভাৱিক উষ্ণতাৰ পানীত থকা মাছ আৰু স্থূল
অমেৰুদণ্ডী (macro invertibrates) জীৱৰ সংখ্যা নাটকীয়ভাৱে হ্ৰাস পায়; আৰু সিবোৰৰ উৎপাদনো
স্বাভাৱিকতে কমে৷ এনেদৰে কিছুমান ঠাইত মাছৰ উৎপাদন আনকি ২৫% পৰ্যন্ত কমা দেখা যায়৷

 

তাপীয় প্ৰদূষণ নিয়ন্ত্ৰণ
কেনেদৰে সম্ভৱ:

 তাপীয় প্ৰদূষণ নিয়ন্ত্ৰণ
বৰ সুচল বুলিব নোৱাৰি৷ এনেয়েও অপেক্ষা কৰিলে প্ৰদূষিত পানীভাগ লাহে লাহে ঠাণ্ডা হ’বই৷
তথাপি তাৰ একাধিক ব্যৱস্থা আছে৷

সবাতোকৈ সহজ আৰু
সুবিধাজনক বুলি বিবেচিত ব্যৱস্থা হৈছে শীতলক হ্ৰদ বা সঞ্চয় জলাধাৰ৷ এনেবোৰ হ্ৰদ আৰু
জলাধাৰৰ বহল পৃষ্ঠভাগৰ পৰা বৰ্জিত তাপ অনায়েসে বায়ুমণ্ডললৈ যায়৷ তদুপৰি সেইবোৰ দুইধৰণে
ব্যৱহাৰ কৰিব পাৰি: শক্তি উৎপাদন কেন্দ্ৰ আৰু অন্যান্য উদ্যোগত যন্ত্ৰপাতি ঠাণ্ডা কৰিবলৈও
পাৰি, আৰু সেইসমূহে বৰ্জন কৰা গৰম পানীও ঠাণ্ডা কৰিব পাৰি৷

পানীৰ বাহিৰে আন
কোনো উপযুক্ত শীতলক পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি৷

বৰ্জনীয় পানী বোৱাই
নি আপেক্ষিকভাৱে কম জীৱৰ বসতিস্থানত পেলাব পাৰি৷

বৰ্জনীয় পানী সাগৰত
পেলালে সাগৰৰ সেই অঞ্চলৰ উপকূলত আৰু নদীত পেলালে তাৰ দুয়োপাৰত বৃক্ষৰোপন কৰিব পাৰি৷

গৰমপানীক আন কিছিমান
কামত ব্যৱহাৰ কৰিব পৰা যায়৷ বিশেষকৈ অতি ঠাণ্ডা মাটিত গৰমপানীৰে তাপৰ যোগান ধৰিব পাৰি৷
মাছ পোহা, গৰু-ম’হ-গাহৰি আদিক আশ্ৰয় প্ৰদান কৰা, সেউজগৃহ গৰমাই ৰখা, সাগৰৰ পানীৰ পৰা
নিমখ প্ৰস্তুত কৰোঁতে পানীক বাষ্পীভূত কৰা আদি ক্ষেত্ৰত এনে বৰ্জিত গৰমপানী কিছু হ’লেও
কামত লগাব পাৰি৷

চিত্ৰ (ক) আৰ্দ্ৰ শীতলক স্তম্ভ, চিত্ৰ (খ) শুষ্ক শীতলক স্তম্ভ
(১ – বায়ু, ২- গৰম পানী, ৩ – ঠাণ্ডা পানী, ৪ – ফেন) 

তাপীয় প্ৰদূষণ নিয়ন্ত্ৰণৰ
বাবে শীতলক স্তম্ভৰো (Cooling Tower) ব্যৱস্থা আছে৷ এনে স্তম্ভ দুই ধৰণৰ: আৰ্দ্ৰ(wet)
অৰু শুষ্ক (dry) স্তম্ভ৷ আৰ্দ্ৰ স্তম্ভ শীতলকত এটা প্ৰকাণ্ড পৰাবৃত্তাকাৰ(hyperbolic)
স্তম্ভৰ ভিতৰত থকা মোটা পেডত গৰমপানী স্প্ৰে কৰি পেলোৱা হয়৷ পেডৰ তলপিনেদি ঠাণ্ডা বতাহ
সুমুৱাই অনা হয়৷ বতাহে পেডৰ পানী ঠাণ্ডা কৰে৷ সেই ঠাণ্ডা পানী তাৰ পাছত হয় কোনো পানীভাগত
পেলোৱা হয়, নতুবা পুনৰ চক্ৰীকৰণ কৰিবলৈ লৈ যোৱা হয়৷

এই ব্যৱস্থাত যথেষ্ট
পৰিমাণে পানীৰ অপচয় ঘটে; তদুপৰি ডাঠ কুঁৱলী সৃষ্টি হৈ অঞ্চলটোৰ উদ্ভিদ জগতৰ ক্ষতি সাধন
কৰে৷

শুষ্ক শীতলক স্তম্ভত
মজবুত নলীৰ মাজেদি গৰম পানী বৈ থাকিবলৈ দি সেইবোৰৰ ওপৰত প্ৰকাণ্ড ফেনৰ জৰিয়তে ঠাণ্ডা
বতাহ বোৱাই ৰখা হয়৷ তাকে কৰিলে বায়ুৰ পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে নলীৰ মাজেদি যোৱা
পানী ঠাণ্ডা হৈ পৰে৷ ব্যৱস্থাটোত পানীৰ অপচয় আৰু কুঁৱলীৰ সৃষ্টি নিয়ন্ত্ৰিত হয় ঠিকেই,
কিন্তু ব্যৱস্থাটোৰ স্থাপন অতি ব্যয়বহুল হয়৷


 সামৰণি: 

নিয়ন্ত্ৰণৰ বিভিন্ন
কৌশল উদ্ভাৱিত হোৱা স্বত্বেও উদ্যোগসমূহে সেইবোৰক আদৰি ল’বলৈ নিবিচাৰে৷ তাৰ সলনি প্ৰচলিত
ব্যৱস্থাৰ ওপৰতে গুৰুত্ব দি আহিছে৷ শক্তি উদ্যোগেই হওক, ৰসায়নিক আদি অন্যান্য উদ্যোগেই
হওক, সিবিলাকৰ কৰ্তৃপক্ষই নিজৰ মানসিকতা সলনি নকৰিলে তাপীয় প্ৰদূষণ এক দুৰ্নিবাৰ সমস্যা
হৈয়ে ৰ’ব৷ বিশিষ্ট প্ৰযুক্তিবিদসকলেও প্ৰয়োজনসাপেক্ষ বিকল্প প্ৰযুক্তি উদ্ভাৱনৰ চেষ্টা
কৰা দৰকাৰ৷ সমস্যা চিৰদিন সমস্যা হৈ নাথাকে৷ এদিন হ’লেও কিছুপৰিমাণে লাঘৱ হ’বই৷

***

লেখকৰ ঠিকনা:

তেজপুৰ, অসম

ভ্ৰাম্যভাষ : ৯৪৩৫৩৮০২৫৭