হীৰাগুড়ি পাহাৰৰ দেৱতা

(ধাৰাবাহিক শিশু-উপন্যাস)

বিদিশা দত্ত

 

‌ (১)

(এই কাহিনীটো সেই সময়ৰ, যি
সময়ত ভেকুলীবোৰৰ পিঠি মিহি আৰু চিকচিকীয়া আছিল)

 

ভালেমান দিনৰ পৰা কলহৰ
কাণে বৰষুণ ঢালি আছে। আজি বতৰটো অকণমান মুকলি কৰিছে। সোণালী ৰ
দ অকণ
বিৰিঙিছে। হাবিখনৰ সকলো জীৱ-জন্তুৱে আজি মুকলিকৈ ঘূৰা-পকা কৰিব পাৰিছে।

ভাগ্য ভাল, হাবিখন
হৈছে পাহাৰৰ দাঁতি-কাষৰীয়া। সামান্য এঢলীয়া। গতিকে বৰষুণৰ পানী হাবিত জমা হৈ
জন্তুবোৰক নগুৰ-নাগতিখন কৰিব নোৱাৰে।
 

পাহাৰটোৰ নাম হৈছে
হীৰাগুড়ি পাহাৰ। দ
ম দ
বালিচন্দাই পাহাৰৰ টিং ঢাকি ৰাখিছে। ৰ
দত সেই বালিচন্দা হীৰা
জিলিকাদি জিলিকে। এনে লাগে
, যেন কোনোবাই এসোপা হীৰা ভাঙি
গুড়ি কৰি পাহাৰটোৰ মূধচত সিঁচি থৈছে। সেই কাৰণেই পাহাৰটোৱে “হীৰাগুড়ি” নাম লাভ
কৰিছে।

ভালেমান দিন হ,
ভুচুৱে গাটো ঘঁহি-মাজি ধুব পৰা নাই। নিমজ পিঠিত কলা বোকাৰ দাগ জিলিকি আছে। ভুচুৱে নিজকে চিকচিকিয়াকৈ ৰাখি বৰ ভাল পায়।
অতি চিকুণ ভেকুলী বুলি হাবিখনত তাৰ এটা নাম আছে।

পিছে ভেকুলী হৈ জন্ম
হৈছে যেতিয়া বৰষুণক বেয়া পালেতো আৰু নহ
ব! ভেকুলীয়ে শুকান বতৰ
সমূলি বেয়া পায়। সিহঁতে অনবৰতে সেমেকি থাকিবলৈহে ভাল পায়। বৰষুণ দিলে সিহঁতে
লগৰীয়া বিচাৰি পায়
, বন্ধুৰ সংখ্যা বাঢ়ে, হাঁহি – ফুৰ্তি বাঢ়ে। সেমেকা মাটিত পোক-পৰুৱাৰ সংখ্যাও বাঢ়ে। গতিকে
বৰষুণৰ বতৰত খোৱা বস্তু গোটাবলৈও কষ্ট কৰাৰ প্ৰয়োজন নাথাকে। সেয়াই সুখ।
 

পিছে ভুচুৰ ক্ষেত্ৰত
কথাবোৰ অকণমান বেলেগ। ভেকুলীৰ ধৰ্ম পালন কৰি
, বাধ্যত পৰি বৰষুণত
নাচি-বাগি
, গান গাই ফুৰ্তি কৰি থাকে যদিও ভিতৰি তাৰ মনটো
একেবাৰে মৰি থাকে। কাৰণটো হ
ল তাৰ চকচকীয়া পিঠিটো। হাবিখনৰ
সকলো ভেকুলীৰ ভিতৰত তাৰ পিঠিৰ জিলিকনি বেছি। সেই কথা সকলোৱেই একেমুখে স্বীকাৰ কৰে।

সেইহেন পিঠিত বৰষুণৰ
বোকা পানীয়ে যেতিয়া ফুল বাচি থয়
, ভুচুৰনো ভাল লাগিবনে!

বৰষুণ যিমানে দিয়ে, লগৰীয়াহঁতৰ
হাঁহি – তামাচা সিমানেই বৃদ্ধি পায়। ভুচুৱে মনে মনে দিনবোৰ গণি থাকে – কেতিয়ানো
বৰষুণ এৰিব
, কেতিয়ানো হাবিৰ আপদীয়া বোকাবোৰ শুকাব!

পিছে সি মুখ ফুটাই
সেয়া ক
ব নোৱাৰে। তাৰ ভয় লাগে। লগৰীয়াহঁতে এঘৰীয়া কৰাৰ ভয়,
হাঁহিয়াতৰ পাত্ৰ হোৱাৰ ভয়।

বৰ অশান্তি!

বৰ অশান্তি!

কেতিয়াবা চুবুৰীয়া
গুবুৰ আগত মনৰ দুই এটা কথা কোৱা যায়। গুবু শান্ত প্ৰাণী। গুবু বিশ্বাসী।

কিন্তু সেই গুবুৰ লগতো
সি আজিকালি মুকলিমুৰীয়াকৈ কথা পাতিবলৈ সংকোচ কৰা হ
ল।

গুবু হাবিখনত থাকিবলৈ
অহা বৰ বেছি দিন হোৱা নাই। এদিন ৰাতিপুৱা ভুচুৱে খাবলৈ পোক-পৰুৱা এটাও বিচাৰি
নাপাই নৈৰ ওচৰলৈ গৈছিল। নৈত গাটোও ধুব
, শেলাই খাই পেটটোও ভৰাব।
নৈৰ পাৰৰ গছ এজোপাৰ তলত বহি কাকৈ ধনেশে কাৰোবাৰ লগত কথা পাতি আছিল। কাকৈয়েনো কাৰ
লগত কথা পাতিছে
, তাকে চাবলৈ বুলি ভুচুৱে ওচৰ চাপি দেখে- এটা
গুবৰুৱা।

সি গুবৰুৱাৰ নামটোহে
সুধিলে। “পাছত কেতিয়াবা ভালকৈ কথা পাতিম দেই” বুলি কৈ ভুচু গা ধুবলৈ গ
ল।

তাৰ পাছদিনা ৰাতিপুৱা
ভুচুৱে দেখে- গুবুৰ গাঁতটো তাৰ গাঁতৰ পৰা বেছি দূৰত নহয়।

ভুচুৰ গাঁতটো চেগুন
এজোপাৰ তলতে আছে। চেগুনজোপাৰ সিটোপাৰলৈ কিছু অংশত ডাঙৰ গছ বিশেষ নাই। লতাজাতীয় গছ
আৰু জোপোহা কিছুমানহে আছে। সেইকণ মাটিত অকণমান ৰ
দ পৰি থাকে। তাতে
কিছুদিনৰ আগতে বনৰীয়া ম
হ এটাই গোবৰ পেলাই গল। গুবৰুৱাইতো আৰু গোবৰেই পচন্দ কৰিব!

সেয়াই গুবুৰ
বাসস্থান। চুবুৰীয়া হিচাপে গুবুৰ লগত ভুচুৱে ভাল সম্পৰ্ক এটা ৰাখিবলৈ বিচাৰে।
গুবু এই ঘন অৰণ্যখনলৈ কেনেকৈ আহিল
, ভুচুৱে নাজানে। জানিবলৈ
ইচ্ছাও কৰা নাই। গুবু কৰ্মী
, শান্ত, নম্ৰ।

বচ্!

সেয়াইতো যথেষ্ট।

বন্ধু হৈ থাকিবলৈ
সেয়া জানিলেই যথেষ্ট। ভুচুৱে অন্ততঃ তেনেকৈয়ে ভাবে। সমস্যাটো এয়াই
, যে
হাবিখনৰ আনবোৰ প্ৰাণীৰ চিন্তাধাৰা তেনেকুৱা নহয়। ক
ৰ পৰা
আহিল
, কি আছিল, কেনেকৈ আহি ইয়াত পৰিল
ইত্যাদি অদৰকাৰী কথাবোৰ সিহঁতৰ নাজানিলেই নহয়। এইবোৰ অলাগতীয়াল স্বভাৱ কেৱল
মানুহৰ মাজতেই নহয়
, জন্তু আৰু চৰাইৰ মাজতো আছে।

ভুচুৰো এটা অতীত আছে।
সি কেতিয়াও মনত পেলাব নোখোজা এটা অতীত। সি জন্মসূত্ৰে এইখন হাবিৰ বাসিন্দা নহয়।
কিন্তু সেই কথাটো ইমান লেখত ল
বলগীয়া, আলচি থাকিবলগীয়া কথা বুলি ভুচুৱে নাভাবে। নাভাবে কাৰণেই গুবুৰ অতীতৰ
কাহিনী জানিবলৈ সি নামমাত্ৰও ইচ্ছুক নহয়। এই হাবিখনৰ কোনো গছ-বন
, জন্তু, চৰাইৰ অপকাৰ হবলগীয়া
কোনো কাম গুবু অথবা সি নাই কৰা। সি যেনেকৈ এই হাবিখনক আপোন কৰি লৈছে
, হাবিৰ প্ৰতিটো নিয়ম আখৰে আখৰে পালন কৰি আহিছে, সেইদৰে
গুবুৱেও কৰিছে। গুৰুত্ব দিবলগীয়া কথা আচলতে সেইটোহে।

কিন্তু ইমান ডাঙৰ ডাঙৰ
কথা ইয়াত কোনে শুনে!

সকলোৰে মাত্ৰ অতীতৰ
কাহিনী খুঁচৰাতহে চখ।
 

“চিকুণ বোপাৰ আজিকালি
গোবৰ খুঁচৰাটোৰ লগত বৰ দোস্তি যেন পাইছোঁ!”- চিম্পিয়ে কাকৈ ধনেশক কোৱা কথাষাৰ
সেইদিনা হঠাতে ভুচুৰ কাণত থহৰকৈ পৰিছিল।

গুবুৰ লগত বন্ধুত্ব
স্থাপন কৰাৰ কথাও আনবোৰৰ চকুৰ পৰা সাৰি নাযায়। সেইকাৰণে ভুচুৱে আজিকালি দিনে
পোহৰে সকলোৱে দেখাকৈ গুবুৰ লগত কথা পাতিবলৈ বাদেই দিছে।

ভালেমান দিন বৰষুণ
পেলাই ডাৱৰবোৰৰো চাগে আমনি লাগিলগৈ। যোৱা ৰাতি আকাশত এটা দুটাকৈ তৰাই দেখা দিলে।
ভুচুৱে গমেই পোৱা নাছিল। গুবুৱে মাতি দেখুৱালতহে সি দেখিছে। সন্ধ্যাৰ পৰতে তাৰ
এনেকুৱা মৰটোপনি এটা আহিল! তাক জগাবলৈ গুবুৱে কেইবাবাৰো মাতিব লগা হ
ল।

আকাশত তৰা দেখিয়েই
ভুচু নৰ
লেই। জপংকৈ জপংকৈ জাঁপ দি গজঙৰ ওচৰ পালেগৈ। গজঙে হাবিৰ
বাহিৰত থকা কলগছ দুজোপামান খাবলৈ গৈছিল। ভালেমান দূৰ খোজ কাঢ়িব লগা হোৱাৰ বাবে
ভাগৰত লালকাল হৈ শুবলৈ লৈছিল।

“এহ্ তোৰ ধুন-পেচ বৰ
বাঢ়িছে অ
’! নৈখন আছেই দেখোন! তাতে গা ধুবিগৈ যা।”- গজঙে বিৰক্তিৰে কলে।

সেমেকা মাটিৰ
পোক-পৰুৱা খাই এইকেইদিন আৰামত কটাব পৰা গৈছে। নৈলৈ যোৱাৰ কি দৰকাৰ
?

মনতে ভাবিলে ভুচুৱে।
কিন্তু এই কথা গজঙক কোৱা নাযায়।

“কিনো কোৱা ককাই!
বৰষুণে নৈৰ পানীবোৰ ঘোলা নকৰাকৈ আছে নে! কেনেকৈনো তাত গা ধুম কোৱাচোন!”

ভুচু সহজে এৰা ভকত
নহয়।

গজঙক খাতিৰ-বাতিৰ কৰি
সি অৱশেষত উৰিয়ামজোপাৰ তলতে গাঁত এটা খন্দোৱাৰ ব্যৱস্থা কৰিহে এৰিলে।
উৰিয়ামজোপাৰ ওচৰৰ মাটিখিনি অলপ কোমল। সেইখিনিত বন আৰু জোপোহা নাই বুলিবই পাৰি।
বৰষুণে মাটি আৰু বেছি কোমল কৰি থৈছে।

গজঙে শকত ভৰিটো মাটিত
এবাৰ হেঁচা দি সোমোৱাই উলিয়াই দিলে। তৎক্ষণাৎ গাঁত এটাৰ যোগাৰ হৈয়েই গ
ল।
হাতীৰ থুলন্তৰ ভৰিহে আৰু!

বৰষুণ শেষ হল যদিও
ওখ ঠাইৰ পৰা পানী অকণ অকণকৈ বাগৰি আহি আছিল। গছৰ ডাল-পাতবোৰৰ পৰাও পানীৰ টোপাল পৰি
আছিল।

ৰাতিপুৱালৈ গাঁতটোত
পানী জমা হৈ যাব। ভুচুৱে হেঁপাহ পলুৱাই গা ধুব পাৰিব। সি আনন্দমনে নিজৰ গাঁতৰ ওচৰ
পালেগৈ। 

“গা ধোৱা গাঁতৰ যোগাৰ
ল নে?”

গুবুৰ মাত শুনি ভুচু
উচপ্ খাই উঠিল। তাৰ গাঁতৰ ওচৰতে গুবু বহি আছিল। সি আন্ধাৰতে গুবুলৈ চালে। গুবুৰ
গাৰ পৰা গোবৰৰ কেচেমা গোন্ধ এটা আহিছিল।

এৰা! গুবৰুৱাৰ জীৱনেই
ভাল। গা ধোৱাৰ চিন্তা নাই। গা ধোৱা গাঁত খান্দি দিবলৈ কাকো খাতিৰ বাতিৰ কৰাৰ
প্ৰয়োজন নাই।

“গাঁত খন্দা হল নে?”

ভুচুৱে একো নোকোৱা
দেখি গুবুৱে পুনৰ সুধিলে।

“অঁ অঁ হল। সৌ
উৰিয়ামৰ তলতে গাঁত এটা ঠিক কৰা হ
ল।”

“গজং ককায়ে কৰিলে ন?”

“উম। এবাৰ ভৰি
সোমোৱাওঁতেই ডাঙৰ গাঁত এটা হৈয়ে গ
ল।”

ভুচুৱে সৰু মাতেৰে
উত্তৰ দিলে। ক
বতো নোৱাৰি, আন্ধাৰত কাৰ কাৰ কাণ ঠিয়
হৈ থাকে! গোবৰ খুঁচৰাৰ লগতনো ভুচুৱে ৰাতি ৰাতি ইমানকৈ কি কথা পাতে
, কাইলৈ সেই লৈয়ে ৰসাল আলোচনা হব।

“যাওঁ ভুচু। টোপনি
ধৰিছে। তুমিও শোৱা”- গুবু যাবলৈ ওলাল।

“অঁ অঁ যোৱা। মোৰো
টোপনি ধৰিছে। শোঁওগৈ আৰু”- ভুচুৱে যেন ৰক্ষাহে পালে।

পিছে গুবু যোৱাৰ পাছতো
সি গাঁতলৈ নগ
ল। লগৰীয়া ভেকুলীবোৰে টোৰটোৰাবলৈ লাগিছিল। তাৰ মন নগল। সি অকলশৰে নিৰৱে বহি থাকিল।

আকাশত জোন নাছিল। অকণ
অকণ তৰাবোৰৰ পোহৰতে পাহাৰটো জিকমিকাই আছিল। দূৰৈৰ পাহাৰটোলৈ ভুচুৱে চালে। সেই
পাহাৰত দেৱতা থাকে। দেৱতাৰ কথামতেই হাবিখনৰ কাম-কাজবোৰ চলে। হীৰাগুড়ি পাহাৰলৈ
যোৱাৰ আৰু দেৱতাক এবাৰ চোৱাৰ ইচ্ছা ভুচুৱে মনত পুহি ৰাখিছে। কেতিয়ানো ইচ্ছাটো
পূৰণ হ
ব- ভুচুৱে নাজানে।

পাতল বতাহ এজাক বলিছে।
মৃদু শব্দ কৰি গছৰ পাতবোৰে নাচি আছে। এতিয়া বসন্ত কাল। গছৰ কোমল পাত
, ফুল-ফলৰ
কণমানি কলিয়ে চাৰিওফালে হাঁহি আছে। বৰষুণজাকত গা ধুই কুমলীয়া ফুল-পাতবোৰ সতেজ
হৈছে। এতিয়া সিহঁত বাঢ়ি আহিব।

বৰষুণৰ পাছত অহা বতাহ
কাৰণেই কিজানি
, বতাহজাকে ঠাণ্ডা ভাব এটা আনিছে। ভুচুৱে আকাশৰ তৰাবোৰলৈ
চালে। তৰাবোৰ কঁপি থকাৰ দৰে দেখা গৈছে।

তৰাবোৰে বাৰু কি কৰি
আছে
? কথা পাতিছে? নে শুই আছে? নে বতাহজাকৰ লগে লগে নাচি আছে?

কোনেনো কব!

কোনেনো জানিব!

যিবোৰ প্ৰশ্নৰ উত্তৰ
কাৰোৰে হাতত নাথাকে
, সেইবোৰ প্ৰশ্ন নকৰাই ভাল। তৰাবোৰ
বহুত ওপৰত থাকে। সিহঁতে ওপৰৰ পৰা সকলো দেখি থাকে। মাটিত বাস কৰা প্ৰাণীবোৰৰ ওচৰত
নথকা বহু উত্তৰ তৰাবোৰৰ ওচৰত নিশ্চয়কৈ থাকে। সিহঁত যদি কেতিয়াবা তললৈ নামি
আহিলহেঁতেন! ভুচুৱে সিহঁতক বাৰু কি সুধিলেহেঁতেন
?

কিনো সুধিব আৰু!

অকলশৰে থাকিলে যাৰ কথা
মনলৈ আহে
, তেওঁলোকৰ কথাকে সুধিলেহেঁতেন।

সেই মানুহঘৰৰ থপ্ থপকৈ
খোজ কাঢ়ি ফুৰা ল
ৰাটো এতিয়ালৈ চাগে বৰ এটা হল! তাৰ কথাও সুধিলেহেঁতেন।

পিছে সেইবোৰ অলীক
কল্পনা। নাহে
, কাৰোবাৰ খবৰ কাৰোবাক দিবলৈ আকাশৰ তৰা কেতিয়াও তললৈ নামি
নাহে।

চলচলীয়া হৈ পৰা চকু
দুটা ভুচুৱে আগঠেং এটাৰে মচি ল
লে। অকলে অকলে
কিবাকিবিবোৰ ভাবি-গুণি থকাতকৈ শুই থকাই ভাল। কাইলৈ পুৱা সোনকালে উঠি গা ধুবলৈ যাব
লাগিব।

ভুচু গাঁতলৈ সোমাই গল।


(আগলৈ)

ঠিকনা:
দুলীয়াজান
ভ্ৰাম্যভাষ : ৭৫৭৮৮১৯৭৫৭