মিনহঁতৰ দেশ ইন্দোচীনত- ৫

(ভ্ৰমণ কাহিনী)

তপন কুমাৰ শৰ্মা

 

মই দুখীয়া”-
মিনে ইংৰাজীতে কৈছিল
 

আই এম পুৱৰ
মিনে কোৱা সেই বাক্যটো মোৰ কাণত আজিও বাজি আছে
দোষী দোষী ভাব এটাও মনলৈ
আহি থাকে
ভাবি আছোঁ
ভিয়েটনামৰ অৰ্থনীতি কেনেকুৱা! কোৱা প্ৰয়োজন যে কালি
পুৱা মিনৰ লগত প্ৰথম ভেদাভেদি হওঁতে
, পৰিচয় পৰ্বতে তাই কৈছিল
মই দুখীয়া’, সেই বাক্যটো ইংৰাজীতে কৈছিল
আই এম পুৱৰ
আজিৰ বিদায়ৰ
মুহূৰ্ততো একেষাৰ কথা
– “মই দুখীয়া
 

*  *  *

 

ৰুদ্ধশ্বাসে বিমান বন্দৰৰ ভিতৰলৈ দৌৰ দিলোঁ, হাতত সময় কম, ১ ঘণ্টামান সময়
আছে
, পিছেবৰ্ডিং পাছলোৱা, ‘চেকইনকৰা ইত্যাদি প্ৰক্ৰিয়াত সময় লাগি যায়, তাতে প্ৰৱাস,
মোৰ বাবে নতুন বিমানঘাটি, ত মই অনভ্যস্ত
 

নৈবাই’ আন্তৰ্জাতিক বিমান বন্দৰ ব্যস্ত বিমানঘাটি, ভিয়েটনামৰ
দ্বিতীয় বৃহৎ আৰু দ্বিতীয় ব্যস্ত বিমানঘাটি
 

হানয়ৰ এই বিমানঘাটিটো ১৯৭৮ চনত নিৰ্মিত ইয়াৰ আগেয়ে গিয়ালাম বিমানঘাটিটো আছিলএইটো ১৯৩৪
চনতে নিৰ্মিত
, সীমিতভাৱে চলি আছে, ঘৰুৱা
বিমান চলে
, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ অতি ব্যস্ত বিমানঘাটি;
এইটো এতিয়াও সামৰিক আৰু অসামৰিক দুয়োটা উদেশ্যত ব্যৱহাৰ হয়
নৈবাইত কালি ৰাতিপুৱা ইণ্টাৰনেশ্বনেলএৰাইভেল টাৰ্মিনেলত নামিছিলোঁ, আজি ঘৰুৱা ডিপাৰ্চাৰ
টাৰ্মিনেলেদি সোমাইছোঁ
ভিৰ ঠেলি অনুসন্ধানত সুধিলোঁবৰ্ডিংপাছ কত কেনেকৈ ল? দুজনমানৰ
ফ্লৰত থকাক্ৰিউৰ সহায়ত মেচিন এটাৰ দ্বাৰা বৰ্ডিংপাছ উলিয়াই ললোঁ
তাৰ পাছত
ছিকিউৰিটি চেকৰ বাবে শাৰী পাতিলোঁ, দীঘলীয়া শাৰীসৰহভাগ স্থানীয় লোক, কিয়নো এইখন ঘৰুৱা বিমান,
দেশৰ ভিতৰতে চলা
উচপিচাই আছোঁ, সময় মূৰামূৰি, শাৰীটো পটেনচিঅ’-মিটাৰব্ৰিজৰ তাঁৰডালৰ দৰে দহটামান দীঘল শাৰীত পাক খাই
আছে
, পাৰ হৈ যাওঁতে যাওঁতে, বিমানত উঠিবলৈ
মাতিবই
; ইফালে সিফালে পিৰিকপাৰাকৈ চাই
দেখিলোঁ
, কাষতে অন্য এটা শাৰীত কোনো লোক নাই, দুই-এজন বগাছালৰ লোক হঠাতে পাৰ হৈছে; মই মোৰ শাৰীৰ পৰা সামান্য আঁতৰি সেইফালৰ ছিকিউৰিটিৰ ফালে হাউলি সুধিলোঁ
মই বিদেশী, হোচিমিন চিটিলৈ যাম, এইপিনেদি যাব পাৰিম নে?” এজনে না বুলি কব খোজোঁতে আনজনে মাতিলে– “আহক, আহক”। লগে লগে আমাৰ শাৰীৰ
ৰচীডালৰ তলেদি সৰকি সিটো ফালেদি ছিকিউৰিটিৰ আনুষ্ঠানিকতাখিনি কৰি আগ বাঢ়িলোঁ
 

লক্ষ্যস্থান ছাইগন চহৰ, ইতিহাসে গৰকা ঠাইখনৰ নাম বৰ্তমানহোচিমিন চহৰ’। ১৯৭৫৭৬ চনতছাইগন পতনৰ পাছত চহৰখনৰ নতুন নামকৰণ হছাইগন পতনৰ ইতিহাস লিখিম;
ৰুদ্ধশ্বাস ঘটনাৱলী

 

মিনক এৰি আহিলোঁ

 

ছাইগনত মোৰ বাবে ৰৈ আছে কিম মোৰ বাবে ৰৈ আছে জিলি আৰু
যাদ
এৰি আহিলোঁ হোচিমিনৰ গৃহ চহৰ হানয়,
আনহাতে মোৰ বাবে ৰৈ আছে হোচিমিন নামৰ চহৰখন
জিলিৰ লগত এৰাএৰি হোৱাৰ পাঁচদিন হ,
ফোনত অনবৰতে যোগাযোগত আছোঁ যদিও স্বাভাৱিকতে উদ্বেগউৎকণ্ঠাত দিনকেইটা কটাইছে, ধুনুমাই বানাৰসৰ পৰা সঘনাই
মনিটৰ
 কৰি আছে। আৰু যাদৱ!
সিও উৎকণ্ঠিত, সিহঁত হানয়ত থকা কেইদিন তাত থকা
ভাৰতীয় কনচুলেটৰ লগত সি যোগাযোগত আছিল, যাতে
 আমি সোনকালে লগালগি
হওঁ।
 সিয়ে মোৰ বাবে হানয়ৰ পৰা হোচিমিন চিটিলৈ বিমানৰ টিকট কাটি দি হোৱাটছ্এপত পঠিয়াই দিছে

 

বিমানত বহিবলৈ মাতিবৰ বাবে কুৰি মিনিটমান আছে, জিলিলৈ ফোন লগালোঁ, উপদেশ আহিল
এয়াৰপ
ৰ্ট পালেহি নিশ্চয় ফ্লাইট এৰিবৰ হলনে? হাতত থকা বেগটো নেৰিব নামিয়েই ফোন কৰিব

লোঁ– “অঁ, যিকোনো মুহূৰ্তত প্লেনত
বহিবলৈ মাতিব
কাষৰ ৰেষ্টোৰাঁখনত পাক এটা মাৰিলোঁ, আমাৰ তাৰ দৰে নহয়, এয়াৰপৰ্টৰ
ভিতৰত বাহিৰতকৈ দহগুণ দাম নহয়
, খোৱা বস্তুৰ
 দাম বাহিৰৰ সৈতে প্ৰায়
সমান
, কমিউনিজিমৰ অৱশেষ এইক্ষেত্ৰতে দেখিলোঁ
দুঘণ্টাত পামগৈ 

জিলিহঁত অলপ আগতে দানঙৰ পৰা হোচিমিন চিটিত নামিছেহি, কালি ৰাতি উঠি আজি পুৱাবেলা পালেগৈ মই তাহাঁতৰ লগত যোগ দিমগৈ

আহি থাকক, আমাৰ হোটেলৰ কাৰ্ড এখন
হোৱাটছ্এপ্ কৰি দিছোঁ
, সেই মতে এয়াৰপ
ৰ্টৰ পৰা টেক্সি এখন লৈ গুচি আহিব, ৰূম নং ৩০৫ আৰু ৩০৬ চিটি চেণ্টাৰতে, সুন্দৰ হোটেল

অলপ ৰৈ আকৌ কলে– “চচ্মা, বেগ আৰু মবাইল নেৰিব

লক্ষ্যস্থানটানচননাট আন্তৰ্জাতিক বিমান বন্দৰ’, ছাইগনৰ বিমানঘাটিটোৰ নাম এইটো ভিয়েটনামৰ সৰ্ববৃহৎ
আৰু অতিব্যস্ত বিমানঘাটি
ই বিশ্বৰ ভিতৰত ২৫ নম্বৰ ব্যস্ত বিমান ঘাটি ফৰাচী চৰকাৰে ১৯৩০ চনতেটানচননাটনামৰ গাঁৱত বিমানঘাটিটো পাতিছিল, বৰ্তমান সেইটোৱেই নাম, দ্বিতীয় বিশ্বযুদ্ধ আৰু আমেৰিকাৰ
যুদ্ধৰ সময়ত ই সাংঘাতিক ব্যস্ত আছিল
এইবোৰ একো নাজানিছিলোঁ, ছাইগনৰ বিমানঘাটিটো মই অন্য এটা কাৰণত মনত ৰাখিছিলোঁমনত ৰাখিম!

কি কাৰণ?

অলপ সময় দিয়ক, তলত কাৰণটো জনা, কাহিনীটো ক

চাৰিওফালে চকু ফুৰালোঁ, ডাঙৰ বিমান, এয়াৰ বাছ৩০৩ বা তেনে ধৰণৰ বিমান হবিমানৰগৃহিনীবাকেবিনক্ৰিউসকলে নীলাভসেউজ পোছাক পিন্ধিছে, যাত্ৰীবোৰ মোৰ চকুৰে স্কেন কৰি গলোঁ, ভিয়েটনামী যাত্ৰী সৰহ, দুই-এজন বিদেশী আছে; কাষৰ কাৰোবাৰ লগত ক্ষন্তেকীয়া বন্ধুত্ব পাতি কথা পাতিব পাৰি নেকি? ভাষা এক অন্তৰায়, কোনোবা মিন বা কিমক পাই গলে ভাল আছিল! অৱশ্যে ভাষা একমাত্ৰ অন্তৰায় নহয়, কিন্তু বিদেশী ৰীতিনীতি আদৱকায়দা
নাজানো
, হঠাতে লোক এজনক মাত দিয়াতো শোভনীয় হবনে? আমি ভাৰতীয়সকল বহুবল্কী, দক্ষিণপূব এছিয়াৰ লোকসকল স্বল্পভাষী। অৱশ্যে আমি অসমীয়াসকল মূলসুঁতিৰ
ভাৰতীয়ৰ তুলনাত স্বল্পভাষী
 


 

*  *  *

 

যি কি নহওক,
কথা পাতিবলৈ কোনো নথকাতটেবলেটটোকে উলিয়াই ললোঁ
ডাৱৰৰ পৰা নমাইথোৱা পঢ়িম বুলি
ভবা কেইবাখনো কিতাপ আছিল
, ভিয়েটনাম সম্পৰ্কীয়
ডেবৰা নেলচনৰদ্যা ৱাৰ বিহাইণ্ড মি, ভিয়েটনাম
ভেটাৰনচ্ কনফ্ৰনট্ দ্যা ট্ৰুথ এবাউট ইউ
.এছ ওৱাৰ ক্ৰাইম
শ্ৰী মতী ডেবৰা নেলচন আমাৰ সুপৰিচিতৰয়টাৰৰ সাংবাদিক আছিল আৰু পুলিৎজাৰ পুৰস্কাৰ লাভ কৰিছিল,
তেওঁ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰঅনুসন্ধানমূলক
সাংবাদিকতা
ৰ সহকাৰী অধ্যাপিকা আছিল
আন এখন আমোদজনক কিতাপ দেখিলোঁ, নমাই জমা কৰি থোৱা আছিল– “কিল এনিথিং
ডেট ম
ভ্চ্, দ্যা
ৰিয়েল আমেৰিকান ৱাৰ ইন ভিয়েটনাম
”, লেখক নিক টুৰ্চ
দ্বিতীয়খন কিতাপৰ নামটো
আকৰ্ষণীয়
নিক টুৰ্চ কোন, ভিয়েটনাম যুদ্ধত কেনেকৈ জড়িত? খুঁচৰি দেখিলোঁ, তেওঁৰ জন্ম ১৯৭৫ চনত- সেই বছৰটোতে যি বছৰত ভিয়েটনামত আমেৰিকাৰ যুদ্ধৰ সম্পূৰ্ণ অৱসান হৈছে,
উত্তৰ আৰু দক্ষিণ ভিয়েটনাম একত্ৰিত হৈছে
তেনেহলে নিকে এই কিতাপখন কেনেকৈ লিখিলে? নিক ইতিহাসৰ ছাত্ৰ আছিল, পাছলৈ সাংবাদিক ইতিহাসৰ ছাত্ৰ হিচাপেশীতল যুদ্ধৰ বিষয়টো দকৈ চাইছিল,
আমেৰিকাৰ নেচনেল আৰ্কাইভটো খুচৰিছিল, এই কিতাপখনৰ
বিষয়বস্তু তেওঁৰ গৱেষণাৰ অংশ

দুয়োখন কিতাপৰ পৰা ভালেখিনি গুপুত কথা জানিব পাৰিলোঁ

মোৰ মবাইলত থকা আনখন এখন কিতাপ পেটাৰ নেভিলেৰহোচিমিন এইখন হানয়ৰ হোটেলত ৰাতি
শোৱাৰ সময়ত পঢ়ি থৈছিলোঁ
, যাৰ বাবে
হো
চিমিনৰ সমাধি চোৱাত সুবিধা হৈছিল

আৰু এখন কিতাপ আছে, সেইখন অসমীয়া ভাষাত লিখা প্ৰকাশ ১৯৭১ চন, তেতিয়া ভিয়েটনামআমেৰিকা যুদ্ধৰ
অৱসান হোৱাই নাই
, কিতাপখন ভিয়েটনাম ভ্ৰমণলৈ অহাৰ আগে আগে পঢ়ি
আহিছোঁ
,
বাইলত পিডিএফ. লৈ ফুৰিছোঁ লেখক আজীৱন কমিউনিষ্ট কৰ্মীচি. পি. আই.’-ৰ শ্ৰদ্ধেয় দধি মহন্তদেৱ (ন্ম ১৯১৪, মৃত্যু ১৯৮৮)। কিতাপখনৰ নামঅজেয় ভিয়েটনাম,
অমৰ ইন্দোচীন
তেখেতক ১৯৮০ দশকতচি. পি. আই.’-ৰ ৰাজগড়ত থকা কাৰ্যালয়ত
ওচৰৰ পৰা আন্তৰিকভাৱে বহুবাৰ লগ পাইছিলোঁ
 

ভিয়েটনাম যুদ্ধ সম্পৰ্কীয় কিতাপ দুখনত ৪০৪৫ মিনিটমান চকু ফুৰালোঁ, বহু
গুৰুত্বপূৰ্ণ তথ্য চকুত পৰিল
, সেইবোৰ সময় বুজি পাছত ক
তাৰ পাছত ভিয়েটনামৰ ইতিহাস, মিনকিমহঁতৰ কথাএইবোৰ পাগুলি থাকোঁতেই টোপনিত পৰিলোঁ 

কান্ধত মৃদু স্পৰ্শ এটা অনুভৱ কৰি সাৰ পালোঁ। চকু মেলি দেখোঁ বিমান পৰিচাৰিকা এজনী, মুখত সেৱাৰ মনোভাৱ থকা পাতল মিঁচিকীয়া হাঁহি, উজ্জ্বল
চকুযুৰিয়ে যেন কৈছে
– ‘বেয়া নাপাব, আপোনাৰ কেঁচা
টোপনি ভাঙিলোঁ।
’ মুখ ফুটাই তেওঁ বেছ সম্ভমেৰে কলে– “আপোনাৰ আহাৰ।” বাক্য ব্যয়
নকৰি হাত পাতি প্লে
টখন ললোঁ তাইৰ নাম বা কি? মিনহোৱাট্ৰান এনে কিবা এটা হব চাগে; ভিয়েটনামত
যি নাৰীকেই লগ নাপাওক নামটো মিন হোৱাৰ সম্ভাৱনা চল্লিছ শতাংশ
!

সময়টো চাই গম পালোঁ বিছ মিনিটমান টোপনি মাৰিলোঁ। ইতিমধ্যে আমি প্ৰায় আধা দূৰত্ব আহিছোঁ, আৰু আধা বাকী এনেকুৱাতে যদি ঘোষণা এটা শুনিলোঁহেঁতন– “স্বাগতম যাত্ৰীবৃন্দ, আমি প্ৰায়
আধা দূৰত্ব অতিক্ৰম কৰিলোঁ
, আমি হোৱে আৰু ডানং এৰিলোঁ,
প্ৰথমখন ঐতিহাসিক চহৰ, ইয়াক বিশ্বঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰিছে, দ্বিতীয়খন সাগৰতীৰৰ অতীৱ
সুন্দৰ চহৰ
আমাৰ ঠিক তলতমাইচনমন্দিৰৰ ধ্বংসাৱশেষ, এইখনো বিশ্বঐতিহ্য স্বীকৃতিপ্ৰাপ্ত, আৰু আৰু হয়আন চহৰ, আৰু এঘণ্টা
দহ মিনিটত আমি হো
চিমিন চহৰত অৱতৰণ কৰিম
 

হোৱে চহৰখনৰ কথা এহালিচা লিখিব
লাগিব
, তথাপি সদ্যহতে দহোটামান বাক্য কোৱা ভাল হ
।। উত্তৰৰ পৰা দক্ষিণলৈ গৈ
থাকোঁতে মাজভাগতে ডা
নং পাবলৈ
দুশ কিল
মিটাৰমান থাকোঁতে হোৱা পায় ভিয়েটনামৰ শেহৰটো ৰাজবংশ
ঙুয়েনৰ ৰজাসকলে ১৮০২ চনৰ পৰা ১৯৪৫ চনলৈ ইয়াতেই ৰাজধানী পাতি আছিল
ইয়াত ১৯ শতিকাত সজাডাইনৈ দুৰ্গ আৰু তাৰ চৌপাশে গড় আৰু প্ৰকাণ্ড শিলৰ বেৰা এইখনেইনিষিদ্ধ বেঙুনীয়া নগৰ’।

 


 হোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি জানিছিলোঁ; কিন্তু জনা নাছিলোঁ যে চহৰখনত ৫টা
বিশ্ব
ঐতিহ্যক্ষেত্ৰ আছে, জানি অভিভূত হলোঁ

১) হোৱে পৰ্বতমালাৰ চৌহদক ১৯৯৩ চনত ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়ে

২) ভিয়েটনাম ৰাজ দৰবাৰৰ সংগীতক ২০০৩ চনত এই বিশ্বঐতিহ্য ঘোষণা কৰে 

৩) ২০০৯ চনত ঙুয়েন বংশৰ কাঠৰব্লকবোৰক বিশ্বঐতিহ্যৰ মৰ্যাদা দিয়ে

৪)২০১৪ চনত ঙুয়েন বংশৰ তথ্য ভাণ্ডাৰখিনিক বিশ্বঐতিহ্যৰ মৰ্যাদা দিয়ে

৫)২০১৬ চনত হোৱে ৰাজকীয় স্থাপত্য সম্পৰ্কীয় সাহিত্যৰাজিৰ বাবে বিশ্বঐতিহ্যৰ মৰ্যাদা দিয়ে

 

(মাইচন অভয়াৰণ্যত থকা পৌৰাণিক
মন্দিৰৰ অৱশেষ
)

নাই, তেনে ঘোষণা নুশুনিলোঁ। আগতে আমি গুৱাহাটীদিল্লী পথত
এয়াৰ ইণ্ডিয়া বিমানত উ
ৰোঁতে এই ধৰণৰ ঘোষণা শুনিছিলোঁ
আমি লক্ষ্ণৌ চহৰৰ ওপৰেদি গৈছোঁ, সোহাঁতে খিৰিকিয়েদি
আপুনি দূৰত হিমালয়ৰ তুষাৰাবৃত পৰ্বতমালা দেখিছে নহয়
, শৃংগবোৰৰ
মাজত সেইটোৱেই এভাৰেষ্ট শৃংগ
, তাৰ সোঁহাতলৈ কাঞ্চনজংঘা

সি কি নহওক মোৰ মনত ভিয়েটনামৰ ইতিহাস আৰু ভূগোলৰ
কথাবোৰ মেল খাবলৈ ধৰিলে
 সদ্যহতে অলপ কৈ থওঁ

ভিয়েটনাম কিয় ইন্দোচীন হ চীন বাৰু সদ্যহতে বাদ, ইন্দো বা ভাৰত কিয়? যি সামান্য
বুজি পাইছোঁ
, তাৰে সাৰংশ অলপ কৈ লওঁ …


ভিয়েটনামত ভাৰতীয়
সভ্যতাৰ ঐতিহ্য

বলৈ ৰৈ গ, হানয়ত মিনৰ লগত ঘূৰোঁতেই তাইক
সুধিছিলোঁ
– “হানয়ত 
হিন্দু মন্দিৰ আছে নেকি?” তাই কৈছিল
“‘ভান মিউ’, তই চাবি নেকিইংৰাজীত কয়টেম্পোল অৱ লিটাৰেচাৰ।

মই তাইক ৰখাই কলোঁ– “বি, মোৰ ভাষাত কলে হসাহিত্যৰ মন্দিৰ’,
বৰ সুন্দৰ নামএইটোতো কনফিউচিয়াছৰ মন্দিৰ,
একাদশ শতিকাতে নিৰ্মিত, সম্ভৱত: ১০৭০ চনত
আৰু তাতে
জাতীয় একাডেমীএখন আছিল, এইখন বোধহয় ভিয়েটনামৰ প্ৰথম বিশ্ববিদ্যালয়

হয়, তই ঠিকেই কৈছ, মই অন্য এটা কথাহে কবলৈ ওলাইছিলোঁ, তাৰ আগতে এইখন চা”- এই বুলি মিনে ভেনিটি বেগৰ পৰা ১০০কিলো
ডাঙৰ নট এখন উলিয়াই মোক দেখুৱালেএফালে
হো
চিমিনৰ ফ
টো, আনটোফাল
দেখুৱাই ক
লে– “এয়া তোৰ সাহিত্য মন্দিৰ
ৰৈ লৈ মোৰ মুখৰ ফালে চাই
সন্তুষ্টিৰ ভাব দেখি ক
লে
তোক মই কব খুজিছিলোঁ, সাহিত্যৰ
মন্দিৰ পোৱাৰ আগে আগে পায়
কিনমুংফাটডানমন্দিৰ, এইটো বহুতে বৌদ্ধ মন্দিৰ বুলি ভাবে, আন বহুতে কব খোজেমূলতঃ ই হিন্দু মন্দিৰ’, হিন্দু আৰু বৌদ্ধ দুয়োটা উপাদান আছে
এইটো শিৱ উপাসনাৰ মন্দিৰ তাত নৃত্যৰত অৱস্থাত সৰু
ৰা এটাৰ মূৰ্তি আছে, এইয়া নটৰাজৰ মূৰ্তি

নৃত্যৰত বালক শিৱৰ লগত কিমান মিল কব নোৱাৰিলোঁ, দৰাচলতে উত্তৰ ভিয়েটনামত
ভাৰতীয় সভ্যতাৰ বিশেষ চিন
মোকাম চকুত নপৰে; কিন্তু মধ্য ভিয়েটনামৰ পৰা দক্ষিণ ভিয়েটনাম পৰ্য্যন্ত বহুতো পুৰাতাত্ত্বিক সমল
পোৱা গৈছে য
ত ভাৰতীয় সভ্যতাৰ স্পষ্ট নিদৰ্শন আছে

দৰাচলতে পৌৰাণিক কালত খ্ৰীষ্টীয় দ্বিতীয় শতিকামানৰ
পৰা চতুৰ্দশ শতিকামানলৈ দক্ষিণ ভিয়েটনামক চম্পা বুলি জনা গৈছিল
উত্তৰ ভিয়েটনামক আন্নাম
বুলি কৈছিল

ডানং মধ্য ভিয়েটনামৰ প্ৰসিদ্ধ চকু জুৰ পৰি যোৱা চহৰ ডা-নং চহৰৰ দক্ষিণপশ্চিমত,
৬৯ কিলোমিটাৰ আঁতৰত আছে– ‘মাইচন মন্দিৰৰ বৃহৎ চৌহদ
খনন কাৰ্যত উদ্ধাৰ হোৱা
এলানি মন্দিৰৰ চৌহদ
মাইচন
সমগ্ৰ দক্ষিণপূব এছিয়াৰ ভিতৰতে আটাইতকৈ পৌৰাণিক
হিন্দু মন্দিৰ
নিৰ্মাণ কৰা হৈছিল চতুৰ্থ শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ
ভিতৰত
, কাম্বোডিয়াত থকা অতি বিশাল অকংৰৱাটকৈও
ই পুৰণি
ইয়াক তুলনা কৰা হয়কম্বোদিয়াৰ অংকৰৱাট,
ইন্দোনেছিয়াৰ জাভাৰ বৰবুডুৰ, লাওচৰ ওৱাটফউৰ লগত
ৰবাত পঢ়িলোঁ– ‘প্ৰায় এহেজাৰ বছৰ জুৰি ৰাজত্ব কৰা, ইমান দীঘলীয়া বসতি থকা পুৰাতাত্ত্বিক স্থান সমগ্ৰ দক্ষিণপূব এছিয়াত এইটোৱেই আছে

এইটো শৈৱ উপাসনাৰ মন্দিৰ; ইয়াৰ শিৱক ভদ্ৰেশ্বৰ বুলি জনা যায় 

১৯৯৯ চনত সমগ্ৰ চৌহদটোক ইউনেস্কৰ দ্বাৰা বিশ্বঐতিহ্যক্ষেত্ৰ ঘোষণা কৰা হৈছে সুবৃহৎ চৌহদটোকমাইচনঅভয়াৰণ্যবোলে, ইয়াক সাংস্কৃতিক
শিতানত সংৰক্ষণ কৰা হৈছে
মূল চৌহদটো ১৪২ হেক্টৰ, চৌপাশৰ ৯২০ হেক্টৰ অভয়াৰণ্যৰ ভিতৰুৱা আগতে, যোৱা দুই-তিনি দশকত আমাৰ দেশৰ/ৰাজ্যৰ ভ্ৰমণকাৰীবোৰৰ বুজন সংখ্যক থাইলেণ্ডলৈ গৈছিল বা জাভা বা মালয়েছিয়া
বা ছিংগাপুৰ
; আজি ৫/১০ বছৰৰ ভিতৰত ভিয়েটনামমুখী
হৈছে
, পিছে ভিয়েটনাম বুলিলে হানয় ডানং
আৰু হো
চিমিন চিটিকেন্দ্ৰিক; পুৰণি মাইচনৰ দৰে বহু ক্ষেত্ৰ বাদ পৰি ৰৈ যায়

মাইচন চম্পা বংশৰ ৰাজশাসনে গঢ় দিয়া, চম্পাক চাম বুলিও কয় মাইচনত ৰাজ অভিশেকসমূহ হৈছিল, এই
স্থানতে ৰজাৰ অন্ত্যোস্তিক্ৰিয়াও হৈছিল
ইয়াত ৭০টা মান মন্দিৰ আছিল, এতিয়া সৰহভাগ ধ্বংসপ্ৰাপ্ত দ্বিতীয় বিশ্বযুদ্ধ আৰু
ভিয়েটনাম
আমেৰিকা যুদ্ধত বোমাৰ আঘাতত মন্দিৰ
চৌহদৰ বহু মন্দিৰৰ বিস্তৰ ক্ষতি সাধন হ

     মাইচনৰ বৃহৎ পুৰাতাত্ত্বিক সমল হাবিৰ মাজত লুকাই আছিল ফৰাচী চৰকাৰৰ বিশেষজ্ঞই
১৯৩৭ চনত পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰে। তেওঁলোকে ১৯৩৭
৩৮ চনত মূল মন্দিৰ আৰু তাৰ চৌপাশে থকা সৰু সৰু মন্দিৰকেইটা উলিয়ায় তাৰ পাছত ১৯৩৯ আৰু ১৯৪৩
চনত অন্য কেইবাটাও মুখ্য মন্দিৰ পু
নঃপ্ৰতিষ্ঠা/উদ্ধাৰ কৰে 

মোক পাছত কিমে কৈছিল– ‘‘সেইবোৰ অঞ্চললৈ গলে সম্পূৰ্ণ
সাৱধানতা ল
ব লাগে
কিয়নো তেনেবোৰ ঠাই ভিয়েটকং
গৰিলাৰ ঘাটি আছিল
, সেয়ে তেনে
ঠাইত আমেৰিকীয় সেনাই
মাইনআদি পুতি থৈছিল,
আমেৰিকাৰ সেনা ঘূৰি যোৱাৰ পাছত দেশত হাবিয়েবননিয়ে
থকা বহু মাইন উদ্ধাৰ কৰা হ
, নেদেখাকৈ
তেনেবোৰ ঠাইত এতিয়াও বিস্ফোৰণ নোহোৱাকৈ মাইন ৰৈ গৈছে

আৰু…

, এটা আমোদজনক কথা কৈ
থোৱা ভাল হ

মাইচনৰ মন্দিৰৰ অভয়াৰণ্যত সংস্কৃত ভাষাত লিখা লিপি আৱিষ্কাৰ হৈছে ৩১-খন লিপি খোদিত ফলি পোৱা
গৈছে
, শিলইটাৰে
নিৰ্মিত ফলি
২০১৮ চনৰ
দ্যা ষ্টেটেছ্মেনকাকতত
বাতৰি এটা ওলাইছিল
, ভিয়েটনাম নিউজৰ সহায়ততাত লিখিছিল যে ভিয়েটনাম চৰকাৰে ভাৰতৰ পৰা বিশেষজ্ঞ নি ফলিবোৰৰ পাঠ উদ্ধাৰ
কৰি সেইবোৰ ইংৰাজী আৰু ভিয়েটনামী ভাষালৈ অনুবাদ কৰাব
। অৱশ্যে কামটো কৰা
লনে নাই গম নাপাওঁ

বুধিয়ক ভ্ৰাম্যভাষত সময়টো চালোঁ নামিবলৈ ৩০৪০মিনিটমান আছে

অঁ,
সংস্কৃতৰ কথাটো
আমাৰ তলত চাগে এতিয়ানাট্ৰাংচহৰখন আছে, সাগৰৰ পৰা ধুনীয়া চহৰ, তাৰপৰা ৪ কিলোমিটাৰ দূৰত এখন শিলৰ ফলিত সংস্কৃতত লিখা লেখা পোৱা গৈছে, এইখন বোলে দক্ষিণপূব এছিয়াৰ আটাইতকৈ পুৰণি সংস্কৃত ভাষাৰ
লিপি
; লিপিৰ শিলছটা ২.৫ মিটাৰ ওখ

 ১৮৮৫ চনত আৱিষ্কাৰ হোৱা লিপিখনৰ নামভোকানলিপি

 

*  *  * 

 ঐ মিন,
শুনচোন…”- মুখৰ পৰা উচ্চাৰিত হ

আমাৰ উৰাজাহাজ ডানং পাৰ হৈ সিংহপুৰ পাইছে চাগে সিংহপুৰ তলত বাওঁহাতে বিশাল দক্ষিণ-চীন সাগৰ, সোঁহাতে পৌৰাণিক ভাৰতীয় সভ্যতাৰ
অৱশেষ
সিংহপুৰ ওৰফে ট্ৰাকিউ ডানঙৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰমাইচন অভয়াৰণ্যলৈ যাওঁতে মাজতে
সিংহপুৰ পাৰ হৈ যায়
কিন্দোলত চকুটো গুজি থৈছোঁ, তললৈ মূৰ কৰি, চৌপাশে কি আছে
স্বাভাৱিকতে পাহৰি গৈছোঁ

ঐ মিন, শুনচোন…”- মুখৰ পৰা উচ্চাৰিত হ

চৌপাশে চালোঁ, বিমানৰ আসনত বহি আছোঁ, কাষত মিন
নাই
, মানুহবোৰৰ মুখ অচিনাকি
লাজ লাগিল, দুই এজনে বোধহয় মোলৈ ঘূৰি চাইছে, ভাবলেশহীন ভাবত থাকি সহজ হবলৈ যত্ন কৰিলোঁ। মইহুটিয়েপহ্ৰদৰ পাৰত মিনৰ লগত বেঞ্চত বহি, নতুবাহোচিমিনসমাধিৰ কাষৰ ঘাঁহনিত বহি মিনৰ লগত আড্ডা দি থকা
বুলি ভাবিছিলোঁ
পঢ়ি থকা আমোদজনক কথা কিছুমান মিনৰ লগত ভগাই লব খুজিছিলোঁ

এইবাৰ পাছ মুহূৰ্ততে মূৰটো ৫ ডিগ্ৰী মান ঘূৰাই, চকুটো ১৬৫ ডিগ্ৰী বেঁকা কৰি কেৰাহিকৈ চাই কলোঁ– “শুনাচোন,,,,”- মাতটো কোমল
আৰু সৰুকৈ
; নাই কাষত জিলিও নাই, তাই সদায়
মোৰ সোঁৱে বাঁৱে বহে
, আজি নাই
এইবাৰ যেনিবা কোনেও শুনা
নাই
, মন কৰাও নাই

মিন অথবা জিলিৰ সৈতে ভাগবতৰা কৰি লব খোজা কথাখিনিৰ কিছু
অংশ 

সেই সময়ত ভিয়েটনামৰ, বিশেষকৈ মধ্য ভিয়েটনামৰ, বহু
নগৰৰ নাম আছিল এনেকুৱা
ইন্দ্ৰপুৰ, সিংহপুৰ,
অমৰাৱতী, বিজয়া পাণ্ডুৰংগা ইত্যাদি

নেচনেল জিঅগ্ৰাফীৰ ২০১৪ চনৰ প্ৰতিৱেদন এখনৰ মতে– “কোৱাননাম প্ৰদেশত থকা ট্ৰাকিউ চহৰত পোৱা পৌৰাণিক চাম সভ্যতাৰ
শৈল্পিক কাৰুকাৰ্য
ইটাৰ মজিয়া, বালিশিলৰ
খুঁটা
, ইত্যাদি খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ

মাৰ্চ ২০২০ চনৰদ্যা প্ৰিণ্টনামৰ বিখ্যাত সংবাদ মাধ্যমত পঢ়িলোঁ

অতি প্ৰসিদ্ধ সামুদ্ৰিক পুৰাতত্ত্বৱিদ ৰবাৰ্ট ষ্টেনুইটৰ
ব্যাখ্যা মতে
চামসভ্যতাৰ লোকসকলগ্ৰেইট ছে
ইলৰ্
আৰুবুইল্ডাৰআছিল,
পাকৈত নাবিক আৰু স্থপতিবিদ
লগতে কয় যে তেওঁলোক সম্ভৱত:
শৈৱ ধৰ্মাৱলম্বী আছিল

২০১৮ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ গোৱিন্দে মধ্য
ভিয়েটনাম ডা
নঙত নামি
মাইচন’, ট্ৰাকিউ আদি ঠাইৰ ভগ্নাৱশেষবোৰ পৰিদৰ্শন কৰিছিল

চাম বা চম্পক সভ্যতাৰ মূল দেৱতা শিৱ, তেওঁলোক শিৱপূজক বা লিংগপূজক তথাপি, এই শৈৱ ধাৰণাৰ সৈতে ভিয়েটনামত চলি থকা স্থানীয় বিশ্বাসো সানমিহলি হৈছে তেওঁলোকে বিশ্বাস কৰে তেওঁলোকপোনাগৰনামৰ দেৱীৰ উত্তৰ পুৰুষ, এই দেৱী সৰগীয় ডাৱৰ আৰু সাগৰৰফেনৰ পৰা জন্ম লাভ কৰা বুলি বিশ্বাস

এটা কথা জানিলোঁ২০১৮ চনৰ ১৯ নৱেম্বৰত তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভিয়েটনাম
ভ্ৰমণৰ অংশ হিচাপে
মাইচনপুৰাতাত্ত্বিক এলেকা ভ্ৰমণ কৰিছিল

সিংহপুৰ

(ফটোপ্ৰকেৰেলা ডট কম)

 

সিংহপুৰ বহুদিন ধৰি, বহু শতিকা জুৰি চামসকলৰ ৰাজধানী আছিল

হোঁ, নহয়…” মোৰ কথাবোৰ শুনি মিন হয়তো প্ৰতিবাদমুখৰ হলহেঁতেন– “হোঁ, নহয় তোৰ সিংহপুৰ আমাৰ ট্ৰাকিউ, দৰাচলতে ইলিনয়িসাম্ৰাজ্যৰ ৰাজধানী আছিল

তাকেহে,
পঢ়া মনত পৰে, বোধহয়ৱিকি; এই তত্ত্বটোৰ প্ৰস্তাৱক কোনোবা এজন লিঅনাৰ্ড অৰচেউ, তেখেত ট্ৰাকিউ চহৰৰ
উৰণীয়া সেঁতু নিৰ্মাণৰ সমীক্ষাৰ কামত জড়িত আছিল
তেখেতে সিংহপুৰৰ খননৰ মূল
নথিপত্ৰবোৰ চাইছিল
 তেখেতে লিনই সাম্ৰাজ্যৰ ৰাজধানী তত্ত্বৰ সমৰ্থনত কৈছেপঞ্চম শতিকাত
এই ঠাই চীনাসকলে আক্ৰমণ কৰিছিল
, আৰু চীনা ইতিহাসৰ কোনো উৎসত এই
কথা উল্লেখ আছে

এণ্ডিউ ডেভিড্ হাৰ্ডি নামৰ অন্য এজন লোকৰ মতে চীনাসকলে
বিদ্ৰোহী ভিয়েটসকলৰ বাবে ইয়াতে প্ৰতিৰোধ গঢ়ি তুলিছিল
তেখেতৰ মতেলিনয়িচামসকলৰ উত্তৰে আছিল, পাছত চামসকলে অধিকাৰ কৰিছিল আৰু তত্ত্ব আছে, সেই তত্ত্বক ভেঁজা দি মই হয়তো মিনক উভতি ধৰিলোহেঁতেন
চম্পা সাম্ৰাজ্যকে চীনাসকলেলিনয়িবুলিছিল

দীঘলীয়া হাজাৰ পৃষ্ঠাৰ ইতিহাস; লিখিবলৈ সময়, ধৈৰ্য,
জ্ঞান আৰু দক্ষতা একোৱেই মোৰ নাই, কেৱল মাত্ৰ দুটা
কথা কৈ থোৱা ভাল হ
, পাঠকে ভাল পাব

শেহতীয়াকৈ ২০২০ চনৰ মাৰ্চতভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগেইয়াত এটা নতুনশিৱলিংগ
আৱিষ্কাৰ কৰিছে

         লিংগটি চুশিলেৰে নিৰ্মিত, সময় নৱম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে। লিংগটি একেটা শিলৰ পৰা কাটি উলিওৱা মনলিথিক

এই সিংহপুৰ ওৰফে ট্ৰাকিউত এটা পুৰণা গীৰ্জাঘৰো আছে। সেইটো ঊনবিংশ শতিকাত ফৰাচীসকলে
নিৰ্মাণ কৰা গীৰ্জা
গীৰ্জাটোক লৈ বহুত অলৌকিক কাহিনী প্ৰচলিত ইয়াৰ বিশেষত্বগীৰ্জাটোত বৃহৎ নাৰীমূৰ্তি আছে কোৱা হৈছে যে গীৰ্জা নিৰ্মাণত
চাম
সভ্যতাৰ প্ৰভাৱ স্পষ্ট, নাৰীমূৰ্তিটো জলপৰীৰ বিশ্বাসৰ পৰা অহা গীৰ্জাটোৰ লগত আছে এটা
যাদুঘৰ
– ‘ভনহোৱাযাদুঘৰ

এই গীৰ্জাৰ নাৰীকলেডী অৱ ট্ৰাকিউবাট্ৰাকিউৰ নাৰী বুলি জনা যায়

 

*  *  *

 

কিন্দোল পঢ়ি থকা টেবলেটটো কোলাৰ পৰা নি কাষতে থলোঁ, দীঘলকৈ উশাহ এটা ললোঁ,
ভাবৰাজ্যৰ পৰা আঁতৰি জিৰণি লওঁ বুলি

মনলৈ আহিলআজি ৰাতিলৈ
অলেখ কথাৰ মাজতে জিলিয়ে সুধিব
– “চম্পক ওৰফে চাম সাম্ৰাজ্যৰ কেতিয়া
কেনেকৈ বিলুপ্ত হ
? চামসকল জনগোষ্ঠী হিচাপে
এতিয়াও ভিয়েটনামতে আছেনে
? তেওঁলোক বিলুপ্ত হলনে
ভিয়েটসকলৰ লগত চিনিব নোৱাৰাকৈ জিন গ
?”

…..

ধেচ্চ্… খৰচ্… খৰচ্… খৰচ্…’
শব্দত বাস্তৱলৈ ঘূৰি আহিলোঁ

প্লেনখনৰ চকাই ৰানৱে চুইছে, মোটামুটিস্মুথ লেণ্ডিং’,
লেও এছফাল্টৰ ৰানৱে
ত হঠাৎ চকা চোঁচৰাৰ শব্দ অৱশেষত ছাইগন বিমান বন্দৰত প্লেনখন নামিল

প্লেনে এইমাত্ৰ মাটি চুলে, আধাঘণ্টা
পঞ্চলিছ মিনিট মানৰ পাছত তোমাক লগ পাম
”-
বাইলত বাৰ্তাটো লিখি জিলিলৈ পঠালোঁ, তাৰ পাছত
ৰান
ৱে
 আৰুএয়াৰফিল্ডখন উপলব্ধি কৰিবলৈ যত্ন কৰিলোঁ ভাব হয়সকলো এয়াৰ ফিল্ড একেই,
যেনেকৈ সকলোমহানগৰ সদৃশ যেন লাগে, প্লে
ন নামিলে
তথাপি বাহিৰলৈ চাওঁ

কেই মুহূৰ্তমান চকু মুদি আকৌ বাহিৰলৈ চালোঁ

দেখিলোঁ
তুলনামূলকভাৱে সৰু যুদ্ধ বিমান এখন ষ্টাৰ্ট দি থৈছে, এই এৰোঁ এৰোঁ, তেনেতে তিনিজনমান বগাপোচাক পৰিহিত সেনা দৌৰ মাৰি আহি তাত উঠিবলৈ প্ৰয়াস কৰিছে, পাইলটৰ লগত কিবাকিবি কথাবতৰা
চলিছে
বিমানখনত অতিৰিক্ত এজনৰ ঠাই থকা বাবে এজনক উঠাই
লে, তাৰ পাছত
মন কৰিলোঁ, কিবাকৈ বাকী দুজনো উঠিল
, যুদ্ধৰ বোমা কঢ়িওৱা বিমাখন উৰিল

আকৌ সচকিত হলোঁ, নামিবলৈ যো-জা কৰা কাষৰ যাত্ৰীজনৰ খুন্দাতহে সম্বিত ঘূৰি আহিল

নাই। বাহিৰত তেনে কোনো ঘটনা ঘটা নাই এইটো মোৰহেলুচিনেচনহে আছিল এইকেইদিন পঢ়ি থকা ঘটনাৱলী
ভাবি থাকোঁতে সম্ভৱতঃ মনৰে ভ্ৰম হৈছিল
আচল কথাটো এনেকুৱা –

১৯৪৫ চনৰ ১৮ আগষ্টৰ দিনা ছাইগনএয়াৰ ফিল্ডৰ পৰা সঁচাকৈ এখন ওপৰত কোৱা ধৰণৰ বিমান উৰিছিল, জাপানী
যুদ্ধৰ বিমান
৬ আৰু ৯ আগষ্টত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত পাৰমাৱিক বোমা পৰাৰ পাছত জাপানে দখলীকৃত ভিয়েটনাম আৰু অন্যান্য
ঠাইসমূহ মিত্ৰ
শক্তিক গটাই দিব, ছাইগনকে
আদি কৰি দক্ষিণ ভিয়েটনাম ব্ৰিটি
ক গটাই দিব
তেনে সময়ৰ কথা এয়া, উক্ত বিমানখনলৰালৰিকৈ শেষ মুহূৰ্তত
উঠিব খোজা লোক তিনিজনৰ এজন আছিল ভাৰতীয় প্ৰৱাদপুৰুষ
, কিংবদন্তি
পুৰুষ আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক সুভাষ চন্দ্ৰ বসু
বিমানখনৰ মূল বৈমানিকগৰাকী
জাপানী ইম্পিৰিয়েল আৰ্মিৰ লেফটেনেণ্ট জেনেৰেল ছুনামাছা শ্বিদে
, তেওঁৰ ভাল বন্ধু আছিল সুভাস চন্দ্ৰ বসু শেষ মুহূৰ্তত বসুৱেলিফ্টবিচৰাত তেওঁকো উঠাই লৈছিল,
নেতাজীৰ অনুৰোধ পেলাব নোৱাৰি আসন নোহোৱা স্বত্তেও দুজন অতিৰিক্ত লোকক জাপি
লৈছিল।
 সেয়ে বোধহয় কাল হ, অতিৰিক্ত এজন লোক আছিল আজাদহিন্দফৌজৰ অন্যতম মূল সেনানায়ক হবিবুৰ ৰহমান
বিমানখন উৰিছিল তেতিয়া
জাপানৰ অধীনত থকা টাইৱানলৈ
বিমানখন গৈ টাইৱানৰ টাইহাকু  চহৰত নামিছিল,
তাৰ পৰা উৰা মৰাৰ সময়তে বিমানখনত জুই লাগিছিল, মূল
পাইলট তিনিজন লগে লগে ঢুকাইছিল
বিমানখনত জুই লাগি বিধ্বস্ত হৈছিল, গাত জুই লাগি নেতাজী বেয়াকৈ আহত হৈছিল আৰু শেষত সেইদিনা
ৰাতিলৈ সামৰিক চিকিৎসালয়ত মৃত্যুৰ মুখত পৰিছিল
; টাইহাকুতে সম্ভৱতঃ নেতাজীৰ
সৎকাৰ হৈছিল
, পাছত তেওঁৰ চিতাভস্ম টকিঅত থকা ৰেনকোজী মন্দিৰত নি ৰখা হৈছিল
এই মন্দিৰত নেতাজীৰ আৱক্ষ
মুৰ্তি এটা এতিয়াও আছে আৰু প্ৰতি বছৰে জাপানীসকলে সেই দিনটো স্মৰণ কৰে
নেতাজীৰ মৃত্যুৰ এইটো মূল
কাহিনী
, চৰকাৰীভাৱে স্বীকৃতএই মৃত্যুৰ স্বীকৃত ঘটনাৱলী বহু লোকে মানি নলয়, বিশেষকৈ
দুই বংগৰ লোকসকলে
সেয়েহে গঢ় লৈ উঠিছে অসংখ্যযড়যন্ত্ৰ তত্ত্ব’; অন্য প্ৰসংগত
প্ৰাসংগিক হ
লে তেনে তত্ত্ব দুটা মান ক
বাৰু

ইতিমধ্যে
এৰ’-ব্ৰিজ’-এদি যাত্ৰীসকল
নামিবলৈ ধৰিছে
যাত্ৰীৰ শাৰীত পৰুৱাৰ দৰে ময়ো আগুৱালোঁ; চাৰিভৰিৰ পৰা দুইভৰিত থিয় হবলৈ
শিকা প্ৰথম
থিয় বনমানুহবা হ’ ইৰেক্টাছৰ দিনৰে পৰা মানুহ পৰুৱাৰ দৰে এক দীঘলীয়া অন্তহীন মিছিল!

ভাবি গৈ আছোঁ, ১৯৪৫ চনত জাপানী সৈন্য ছাইগন এৰোঁতে, নেতাজী সুভাষ কেনেকৈ ছাইগন এৰিছিল, সেই কাহিনী সুঁৱৰিলোঁ; কিন্তু ১৯৭৫ চনত ২৯ এপ্ৰিলত,
এই বিমান বন্দৰ আমেৰিকাৰ সেনাৰ হাতৰ পৰা উত্তৰ ভিয়েটনাম বাহিনীৰ হাতত
পৰিছিল
; বিমান বন্দৰ ভিয়েটকঙৰ দখলত পৰাত আমেৰিকান সেনা আৰু কুটনীতিবিদসকলৰ
কি হৈছিল
,
লৈ কেনেকৈ পলাইছিলসেই কাহিনী
লাহে
ধীৰে ক। সেয়া উশাহ
বন্ধ হৈ যোৱা কাহিনী

ঘৰুৱা বিমান, হানয় চহৰৰ পৰা ছাইগন
ইমিগ্ৰেছনৰ জঞ্জাল পাৰ হোৱাৰ সমস্যা নাই
টোপোলাসংগ্ৰহকৰাবেল্টত ৰৈ থকাৰ সমস্যাও নাই;
মোৰ হাতত কেৱললে
ডিজভেনিটিবেগটোৰ সমান কণমানি বেগ এটা

দৌৰাৰ দৰে খোজ কাঢ়ি টেক্সি ষ্টেণ্ডৰ ফালে গতি লৈছোঁ, বাটত কেৱল সুধি গৈছোঁ– ‘টেক্সি
ষ্টেণ্ড কোন পিনে
?’

হোটেলত উঠিয়েই জিলিক লগ পাম, যাদৱকো পাম

পাছে কিমক কেতিয়া লগ পাম, যাদৱক ফোন কৰোঁতে কৈছে
সন্ধিয়া কিম আহিব

মই উত্তেজনাত আছোঁ; ভাবিছোঁকিম নিশ্চয় দুখীয়া নহয়

 

(আগলৈ)