দীপামণি শইকীয়া

 

“ ছয় তলাৰ পৰা তললৈ জাঁপ দিলে যি
হয় সেয়াই হ
৷”

“কি হয়?”

বাইলৰ ডিজিটেল
পে
ডত ক্ষিপ্ৰ গতিত চলিল গৌতমৰ আঙুলি!

নাইনটি
নাইন পইণ্ট নাইন পাৰ্চেণ্ট চাঞ্চ! সহজ মৃত্যু নহয় কিন্তু
, বৰঞ্চ
মূৰৰ খোলা ভাগি খুনখুনীয়া হোৱাৰ লগতে খণ্ড-বিখণ্ড মেৰুদণ্ড
, আনকি কিছু সংখ্যক কে
ছত ডিঙি ছিগি যোৱাও দেখা যায়৷”

বৃন্দাবন ধামৰ বিল্ডিঙৰ ছয় তলাৰ পৰা কোনোবা বিদেশী যুৱতীৰ আত্মহত্যা- বছ ইমানেই আছিল খবৰ! তাকে
গুগ
লত খুচৰি খুচৰি আমাৰ আগত পৰিৱেশন কৰাৰ কি প্ৰয়োজন আছিল!
ল্লৱে মুখ খুলি কোৱা কথাষাৰলৈ গৌতমে পিছে কেৰেপেই নকৰিলে৷
পল্লৱ
, গৌতম, ৰঘু আৰু বিজু! সিঁহত চাৰিটা কিমান দিনৰ পাছত লগ হৈছে এনেকৈ! নিজৰ জীৱনৰে পাতিবলৈ
সিঁহতৰ কিমান কথা থাকে
!
 

একেখন চহৰ
মথুৰাত ঘৰ হোৱাৰ পাছতো কলেজৰ দিনৰ দৈনন্দিন আড্ডাবোৰ আজিকালি আৰু ক
ত!
চবৰে কৰ্মস্থলী বেলেগ
, ছুটীৰ সূচীও বেলেগ। গৌতম, পল্লৱ আৰু ৰঘু তথাপি মাজে মাজে লগ হয়েই কিন্তু পুলিচৰ চাকৰিত জইন কৰাৰে
পৰা বিজুক লগ পোৱাহে ম
স্কিল হ
একেবাৰে৷

সাংঘাতিক ধুনীয়া
ছোৱালী আছিল দেই৷ ফ
টোও দিছে চা৷” গৌতমে বাকী কেইটাৰ ফালে অমৰ উজালাৰ পৃষ্ঠা এটা আগবঢ়াই দিলে।

“জানো!”

ইমান পৰে মনে মনে চিৰিত বহি থকা
বিজুৰ উত্তৰটোত সকলোৱে তাৰ ফালে মূৰ ডাঙি চাবলৈ বাধ্য হ
ল।

“বিদেশী নহয়, বৰঞ্চ এই দেশৰে বৃন্দাবনৰ গোপীৰ জীৱন আঁকোৱালি লোৱা
এজনী যুৱতী আছিল তাই৷ নাম … ওঁ আৰিয়া নহয়
, অম্বিকাহে৷ সোৰ বছৰ বয়সতে কলম্বিয়া এৰি
এই দেশলৈ গুচি অহা ছোৱালীজনীক পুৰণি নাম লৈ বিদেশী বুলি বাতৰি পৰিৱেশন কৰাৰ যুক্তি
কি!

বিজুৰ বক্তব্য শেষ
হোৱালৈ পল্লৱ আৰু
 ৰঘু বাদেই আনকি গৌতম জঁপিয়াই
উঠি আহি বিজুৰ ওচৰত বহি পৰিলহি৷

তই চিনি পাইছিলি তাইক ?”
চেপা সন্দিগ্ধ মাতেৰে পল্লৱে সুধিলে৷

চিনি নাপালেও জানিছিলোঁ তাইক আৰু এয়াও জানিছিলোঁ যে এদিন এই পৰিণতিয়েই হবগৈ! বৃন্দাবনত ডিউটিত থাকোঁতে প্ৰায়ে দেখিছিলোঁ
সিঁহত হালক৷ অম্বিকা আৰু তাইৰ বাঙালী প্ৰেমিকটোক ৷”
 

পালোঁ পালোঁ৷” গৌতমে ম’বাইলটো সকলোৱে দেখাকৈ উলম্বকৈ দাঙি ধৰিলে।

এয়া চা৷ ইনষ্টাত তাইৰ একাউণ্ট৷ গোপী অম্বিকা নামেৰে
খোলা আছে। দুয়োটাৰ একেলগে এশৰ ওপৰত ৰীল দেখোন! তামাম কাৰবাৰ ভাই!

বৃন্দাবনত ৰাধা-কৃষ্ণ বুলি জনাজাত আছিল সিঁহত ৷ চালে
চকু আঁতৰ নোহোৱা এটা যুটি
!” – বিজুৱে গভীৰ
মাতেৰে সুঁৱৰিলে।

 

***  

 

প্ৰৱহন (জলভৰি
যমুনা) 
:

বৰ্ষণমুখৰ সেই ৰাতি এই
নৈৰ মাজে
ৰেই বাসুদেৱে কৃষ্ণক সুৰক্ষিত ঠাইলৈ লৈ গৈছিল৷
যৌৱনতো 
যমুনাৰ পাৰতে কৃষ্ণই ৰাধাৰ সতে
ৰচিছিল ৰাসলীলা৷

যমুনাৰ নৌকা বিহাৰত দৈৱিকে কোৱা কথাষাৰৰ
আঁত ধৰিছিল অম্বিকাই৷

নিধিবনত কৃষ্ণই ৰাসলীলা
ৰচিছিল৷ বৃন্দাৱনলৈ আহিছাই যেতিয়া এবাৰ তুমিও নিধিবন চাবগৈ পাৰা৷

কিন্তু পাঁচবজাত নিধিবনৰ গেট বন্ধ হৈ যাব
গতিকে হাতত সময় লৈ যাবা৷ সন্ধ্যা আৰতিৰ পিছত নিধিবনৰ পৰা আনকি চৰাই-চিৰিকটি,
জন্তু-জানোৱাৰো আঁতৰি দিয়ে জানা নে! দিনৰ পোহৰত তুলসী গছৰ ৰূপ লৈ থকা গোপীসৱে ওৰে
ৰাত্ৰি ৰাধা-কৃষ্ণৰ লগত ৰাস নৃত্য কৰে। নিধিবনত থকা ৰংমহলত কৃষ্ণই ৰাধাৰাণীক নিজ
হাতেৰে শৃংগাৰ কৰায়ো দিয়ে! সন্ধ্যাৰ আগে আগে প্ৰতিদিনেই পূজাৰীয়ে শৃংগাৰৰ বাবে
শাৰী
,
অলংকাৰ আদি থৈ আহে ৰংমহলত৷ আনকি চন্দনৰ বিছনাৰ কাষত থৈ দিয়ে পানীৰ
লোটাৰ পৰা নিমৰ দাঁতোনো৷ পুৱা পূজাৰী গৈ ৰংমহলৰ দুৱাৰ খোলালৈ প্ৰতিটো বস্তুতে নিশা ব্যৱহাৰ হোৱাৰ চিন দেখা যায়
৷”
 

ভাৰতীয় পুৰাকথা আৰু সংস্কৃতিৰ গভীৰ
জ্ঞান
,
আস্থা আৰু অনুভৱ থকা বিদেশী ছোৱালীজনীলৈ ৰ লাগি
চাই থাকে দৈৱিকে৷ তাইৰ মুখত শুনিবলৈ কি যে সুৱলা এই ব্ৰজ মিহলি হিন্দী ভাষা!
 

আবেলিৰ হেঙুলীয়া ৰদে
যমুনাৰ পানীত পৰি তাৰ প্ৰতিবিম্ব তুলিছিল তাইৰ ষ্বচ্ছ গালত৷ তাইৰ কপালৰ আগত
আলাসতে বাগৰি থকা চুলিৰ কোমল মেৰবোৰ বতাহত হালি থকা আঙুৰৰ লতা-তন্তু যেনহে দেখা
গৈছিল৷ অম্বিকাৰ তিলফুল হেন নাকত নথনা নহয় যেন ফাৰলেট ফুলত মৌ চুহি থকা এটি ছান বাৰ্ড!

মেঘ কলা চুলি, হৰিণী হেন দুচকু, বৈ
পৰা ঘন চেলাউৰি
, … কল’ম্বিয়ান
ছোৱালীবোৰ দেখিবলে ইমান ভাৰতীয়ৰ দৰে
৷” দৈৱিকে মুখ ফুটাই
নকয় যদিও মনৰ ভিতৰতে পাগুলি থাকে৷
 

অৱশেষত সি বৃন্দাবনত কিছুদিন থাকি যোৱাৰ
সিদ্ধান্ত লৈছিল৷ কলকাতালৈ ঘূৰি যোৱা মানে সেই একেই অস্থিৰতা
, অনিশ্চয়তা! পাপাৰাজ্জী
চকুত সুখী হৈ দেখুওৱাৰ হেঁচা৷ হাতত অহা কাম আঁতৰি যায় প্ৰডিউচাৰৰ কথা মতে উঠা নমা
নকৰাৰ লগে লগে৷ যোৱা দুটা বছৰে সি অভিনয় কৰি থকা ছিৰিয়েলখনত কোনো কাৰণ
নজনোৱাকৈয়ে তাক আঁতৰাই অন্য এজনক লোৱা গ
ল৷ সি নাচ-গান-অভিনয় কৰি ভাল পাইছিল বাবে এইখন পৃথিৱীলৈ আহিছিল, তেতিয়া সি জনা নাছিল এয়া এক ভূলভূলেইয়া,
লেব্ৰিৰীন্থ! এবাৰ সোমোৱাৰ পাছত ওলাই যোৱাৰ
বাট নাথাকে৷
য’ত ছমাহ স্ক্ৰীনত দেখা
নাপালে মিডিয়াত এজন অভিনেতাৰ বৰবাদী ঘোষণা হৈ যায়৷ 

এই সকলোবোৰে তাক চেপি-খুন্দি
মুচৰি আনিছিল৷ সি ক
বাত এপাক ফুৰি অহা যাওক বুলি ভাবি থাকোঁতে তাৰ মনলৈ আহিছিল বৃন্দাবনৰ কথা৷ এইখন ঠাইৰ কি এনে মায়া আছে যে সমগ্ৰ পৃথিৱীৰ
পৰা লোক আহি ইয়াতে আজীৱন থাকি যায়! সেয়াই আছিল দৈৱিকৰ বৃন্দাবনত আহি ভৰি
দিয়াৰ আঁৰৰ কাহিনী৷
সুদৰ্শন যুৱক হোৱা বাবে পিছে এটা সুবিধাও আছিল দৈৱিকৰ, হাতত কাম থাকক বা নাথাকক তাৰ চৌপাশে নাৰী সংগীৰ
কেতিয়াও অভাৱ হোৱা নাছিল৷ নাৰী-পুৰুষৰ সেই সম্বন্ধক লৈ সি বেছি কৈ মাথাও মৰা
নাছিল কোনোদিনে! আত্মিক প্ৰেমৰ বন্ধন বুলি কিবা এটা বস্তু সঁচাকৈয়ে আছে নে নাই তাৰ
কোনো স্পষ্ট ধাৰণা নাছিল
, মুঠতে সিঁহতৰ শাৰীৰিক সান্নিধ্যই
তাৰ হতাশা 
কিছু কমাইছিল৷ কিন্তু যমুনাৰ পাৰত বহি এতিয়া এই হেঙুল সন্ধ্যাত সি এই
মুহূৰ্তত যি অনুভৱ কৰিছিল সেয়া আছিল সম্পূৰ্ণ পৃথক এক
উপলব্ধি! সূদুৰ কল
ম্বিয়াত নিজৰ পৰিয়াল আৰু আলাসৰ জীৱন এৰি
ভাৰতৰ এই সৰু চহৰত আহি কৃষ্ণদাসী হৈ জীৱন কটাই থকা সুন্দৰী যুৱতীজনীয়ে দৈৱিকক
বৰকৈয়ে উৎসুক কৰি তুলিছিল৷ সেই উৎসুকতাৰ স্বাভাৱিক পৰিণতিয়ে আছিল প্ৰেম!
 

স্ক(ISCON)-ৰ দীক্ষাসকলৰ মাজত মাংসাহাৰ, তামসিক ভোজন, জুৱা আৰু অবৈধ যৌনতা – এই চাৰিটা বস্তু আছিল সম্পূৰ্ণভাৱে বৰ্জিত৷ বিৱাহবৰ্জিত শাৰীৰিক সম্বন্ধ তাৰ ভিতৰত আছিল অন্যতম৷ আজি মহাপ্ৰভূ
আদিত্যনাথে তাকে আকৌ দোহৰাই দিছিল সেৱকসকলৰ মাজত৷ পুৱাৰ কীৰ্তনৰ পশ্চাৎ সিঁহতহাল
আহি কুসুম সৰোবৰৰ পাৰৰ চিৰিত বহিছিলহি৷
 

প্ৰায় ডেৰ মাহ এনেদৰে অম্বিকাৰ
সান্নিধ্যত কটোৱাৰ পাছত দৈৱিকৰ মন গৈছিল তাইক আৰু নিকটকৈ কাষত পাবলৈ৷ মন গৈছিল
তাইৰ পদুম পাহিৰ দৰে আঙুলিবোৰ নিজৰ সুঠাম হাতৰ মাজত সুমুৱাই ল
বলৈ৷ হাত থবলৈ
তাইৰ খামুচীয়া কৃশাঙ্গী কঁকালত!

জানানে তুমি, ৰাধাৰাণীয়ে যেতিয়াই কানাইৰ লগত ওফোন্দ পাতিছিল, এই
কুসুম সৰোবৰৰ পাৰতে আহি মুখ ফুলাই বহি থাকিছিলহি৷ লগৰ অষ্টসখীয়ে ৰাধাক ফুচুলাবলৈ কাষতে
বহি কিমান কি যে কাৰচাজি কৰিছিল! কোনোৱে সৰোবৰৰ পদুম ছিঙি ৰাধাৰ ৰং চাইছিল!
 

মহাপ্ৰভুৰ বচন শুনাৰ পাছত মই পিছে আন এটা কথাহে ভাবি আছোঁ৷” অম্বিকাৰ স্বপ্নাৱেশক অগ্ৰাহ্য কৰি দৈৱিকে কৈছিল৷ 

মৃত্যুৰ পাছত পেলনীয়া এই
শৰীৰক জীয়াই থাকোঁতেই প্ৰেমৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাত 
আপত্তি কিয় অম্বিকা?”

কাৰণ শাৰীৰিক প্ৰেমত
শৰীৰক বাদ দিলে ইজনে সিজনক দিবলৈ বিশেষ একো বাকী 
নাথাকেগৈ৷

তাই সৰোবৰৰ বুকুত স্থিৰ দুচকু ৰাখিয়ে
উত্তৰ দিছিল।

ঘৰলৈ মনত নপৰে তোমাৰ ?
ইমান শ্বৰ্য এৰি বৃন্দাবনৰ নিঃকিন জীৱনক লৈ
জীয়াই আছা! বৃন্দাবনে কি দিছে তোমাক
?”
 

মেদেলিন চহৰৰ অভিজাত
এলেকাত আমাৰ ঘৰ আছিল৷ মা- দেউতা পেছাত আছিল ইঞ্জিনীয়াৰ৷ মোৰ শৈশৱ কোনো
ৰাজকুমাৰীতকৈ কম নাছিল দৈৱিক৷ কিন্তু তাৰ পাছতো ভিতৰত অহৰহ এক
শূন্যতাই ধুমুহা তুলি থাকিছিল৷ সোৰ বছৰ লাগিল মোৰ সঠিক ঠিকনা
বিচাৰি পাবলৈ! বৃন্দাবনলৈ আহি বুজি উঠিলোঁ প্ৰেমত নিঃকিন হোৱা অসম্ভৱ৷ প্ৰেম সদায়ে
ঐশ্বৰ্যশালী৷ এতিয়াতো কানাইৰ ৰূপান্তৰ হৈ তুমিও আহিলা মোৰ জীৱনলৈ!” 
– তাইৰ মুখৰ আত্মিক হাঁহিটোৰ পোহৰ তালৈও
বিয়পি পৰিছিল৷

সেই অনন্যা ছোৱালীজনীৰ প্ৰেমত সঁচাকৈয়ে
নিমগ্ন হৈ পৰিছিল দৈৱিক৷ তাইৰ নৃত্যৰ লয়
, প্ৰজ্ঞা প্ৰগাঢ়তা আৰু
সৰল সৌম্যতা সি চিনি পোৱা সকলো নাৰীতকৈ পৃথক আছিল৷ হয়তো তাইৰ আধ্যাত্মিকতাই দিছিল সেই
অন্য উচ্চতা৷ দৈৱিক-অম্বিকাৰ প্ৰেম
কথা বৃন্দাবনত সিঁহতহালৰ
ব্যক্তিগত বিষয় হৈ ৰোৱা নাছিল৷ সি আপল
ড কৰা অম্বিকাৰ নৃত্যৰ ভিডিঅক্লিপবোৰো ছচিয়েল মিডিয়াত সাংঘাতিক ধৰণে জনপ্ৰিয় হৈ পৰিছিল৷ ফৱাৰৰ সংখ্যাই আকাশ চুইছিল দৈৱিকৰ৷ বৃন্দাৱনৰ ৰাধা-কৃষ্ণ বুলিয়ে সকলোৱে
পতিয়ন গৈছিল সিঁহতহালক দেখি৷ না
যাবনো কিয়, গোপীৰ সাজত নৃত্যৰতা অম্বিকা আৰু সুদৰ্শন প্ৰেমিক পুৰুষ দৈৱিকক একেলগে
চোৱাটো এক ৰকম নান্দনিক কাৰবাৰেই আছিল৷ কিমানে যে আনকি ৰিয়েলিটি শ্ব
ত সিঁহতক একেলগে অংশ লবলৈও উপদেশ দিছিল!

“কিয় তাতোকৈ নিধিবনত গৈ মানুহসোপাই নিশা
ৰাধা-কৃষ্ণৰ নৃত্য নাচাইছিলগৈ কিয়
?” –  গৌতমৰ চিধা প্ৰশ্ন বিজুলৈ৷

“পাগল হৈছনেকি? নিশা নিধিবনলৈ যিয়ে যোৱাৰ দৃঃসাহস কৰিছিল সেইজনে হয় মানসিক সন্তুলন হেৰুৱাইছিল
নহয় অন্ধ বা বোবা হৈ পৰিছিল৷ তাৰ পাছত কোন মৰিবলে যাব নিধিবনলৈ
?”

 বিজু গৌতমৰ প্ৰশ্নটোত স্বাভাৱিকতে বিৰক্ত হৈছিল।

 

***  ***  ***

 

নিৰ্গমন (ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী) :

 

“নতুন মুভীৰ ক্ৰিপ্ট কেনে পালা? মই যে কিমান সুখী তোমাৰ বাবে দৈৱিক৷” কুসুম সৰোবৰৰ চিৰিত বহি অম্বিকাই
সুধিছিল দৈৱিকক৷
 

“খুব বঢ়িয়া! কাহিনীটোও বহুত কেপটিভেটিং৷ আৰু আটাইতকৈ ভাল লগা কথাটো কি জানা, মই কাহিনীৰ মূল নায়ক!

দৈৱিকৰ মাতত উলাহৰ অন্ত নাছিল৷ বৰ
অনাকাংক্ষিতভাৱে তালৈ অহা ফোনটোৰ পৰিণতি আছিল 
সেয়া৷ এখন বেংগলী মুভীত এটা সপোনৰ দৰে
ফাৰ! প্ৰডিউচাৰে তাক দিল্লীত আহি লগ ধৰিবলৈ কৈছিল৷ তাতে স্ক্ৰিপ্ট পঢ়িবলৈ দিছিল তাক৷
দুদিন দিল্লীত থাকি বৃন্দাবনলৈ আকৌ ঘূৰি আহিছিল 
দৈৱিক৷

শ্বুটিং কেতিয়াৰ পৰা
আৰম্ভ হ
ব তোমাৰ ?” দূৰণিৰ মন্দিৰৰ
শাৰী শাৰী চূড়াত ৰিঙা দৃষ্টি থৈয়ে 
অম্বিকাই সুধিছিল।

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত
লকাতা যাবলৈ দিছে৷ তাতে বাকী জনাব৷”

সৰোৰৰ পাৰৰ চিৰিত বহি পৰাহ্ন কটোৱাটো সিঁহত হালৰ দৈনন্দিনতাই আছিল৷ কিন্তু আজি বতাহত উলাহৰ লগতে বাজি
আছিল এটা কৰুণ সুৰো৷ সিঁহত হালে যোৱা সাতটা মাহ বৃন্দাবনত একেলগে কটোৱাৰ অন্তত সেই
বিচ্ছেদৰ অৱকাশ আহিছিল৷ দৈৱিকৰ কথা-বতৰাত বুজা গৈছিল অম্বিকাক লৈ যোৱাৰ কথা সি ভবা নাই৷ অম্বিকাই মুখ খুলি দৈৱিকক ভৱিষ্যতৰ পৰিকল্পনা কি বুলি সেই
মুহূৰ্তত সুধিবও পৰা নাছিল৷ তাইৰ অনামিকাত সি বিয়াৰ প্ৰতিশ্ৰুতিৰে গোপনে
পিন্ধোৱা আঙুঠিটো আছিল। তাই নিজকে বুজাইছিল
, কাম শেষ কৰি দৈৱিক
ঘূৰি আহিব আকৌ তাইৰ কাষলৈ৷ দৈৱিকৰ অনুপস্থিতিত ব্যস্ত হৈ থাকিবলৈ মন্দিৰৰ যে কিমান
দায়িত্ব আছিল! ওডিছী নৃত্যৰ আখৰাৰ পৰা আৰম্ভ কৰি গোশালাত সেৱা
, নৃত্য সেৱা আৰু কৰিবলৈ একো নাথাকিলে খেলিবলৈ লগত আছিল সখী চিত্ৰামণি! তাইৰ
ফিৰোজী ৰঙৰ পাৰাকীট চৰাইটি! দৈৱিকৰ লগত তাই একেলগে থাকিব
ৰে
পৰা চিত্ৰামণিৰ মুখ ফুলা৷ পাখি ভোবোৰা! সখীৰ সংগীৰ প্ৰতি কিমান যে ৰাগ!

আৰু সি বেটাই কলকাতালৈ গৈ
অম্বিকাক পাহৰি গ
ল হয়নে ? তাৰো
ইনষ্টা একাউণ্ট চাইছোঁ মই৷ বৃন্দাবনলৈ অহাৰ আগতো দুজনীৰ লগত প্ৰেম আছিল৷ দুইজনীয়ে
বঙালী অভিনেত্ৰী৷ জিমতে দিনটো পৰি থাকিছিল হবলা৷ আগৰ ফট
বোৰ
দেখি তেনেকুৱাই লাগিল! বৃন্দাৱনৰ সৰল জীৱনে ধৰি ৰাখিব পৰা চৰিত্ৰ নহয়েই৷ ইয়াত
আহি অম্বিকাৰ লগত প্ৰেম কৰাটো দৰাচলতে তাৰ এটা
impulse হে আছিল৷
মোৰ খং উঠিছে সি এই ছোৱালীজনীৰ লগত কিয় এনে কৰিবলৈ গ
?
মাহৰ পাছত মাহ দৈৱিক উভতি অহাৰ অপেক্ষা কৰি কৰি এদিন মন্দস্বাদ হৈ বেলকনিৰ পৰা জঁপিয়াই দিলেগৈ তাই৷ কিমান অপেক্ষা – অন্তৰ্দ্বন্দ্বৰ অন্তত এজনী ছোৱালীয়ে এনেদৰে আত্মজাহ দিবলৈ যায়!

তাতোকৈ অম্বিকাই দৈৱিকক
বিচাৰি কলকাতালৈ নগ
ল কিয়? আগ্ৰাৰ পৰা
কলকাতালৈ দিনে তিনিখনকৈ ডাইৰে
ক্ট ফ্লাইট! বৃন্দাবনৰ পৰা
আগ্ৰালৈ দূৰত্ব কিকণ!”

প্ৰশ্নটো পল্লৱে সুধিছিল যদিও বিজুৰ পৰা
উত্তৰটো শুনিবলৈ আমি প্ৰত্যেকেই আগ্ৰহী আছিলোঁ৷ কলকাতালৈ যোৱাটোত সমস্যা কি আছিল!
 

ৰাধা গৈছিল নহয় কৃষ্ণৰ
সংগ বিচাৰি দ্বাৰকা নগৰীলৈ৷ পালেগৈনে
? কৃষ্ণৰ ৰাজমহলত দাসী
হৈ কতদিন কটালে ৰাধাই৷ যাতে প্ৰতিনিয়ত এবাৰ হ
লেও মূৰুলীধৰক
দুচকুৰে দেখা পায়। দেখা পালেও
কিন্তু মূৰত ৰজাৰ কিৰিটী
পিন্ধা এই কৃষ্ণৰ মাজত বৃন্দাবনৰ সেই প্ৰেমিক কৃষ্ণৰ কোনো সুৱাসেই
ৰাধাই
বিচাৰি নাপালে৷ যাৰ বাঁহীৰ মাত শুনি সমাজৰ প্ৰতিটো নিয়ম ভাঙি দৌৰি গৈ তাই যমুনা
তীৰত কৃষ্ণৰ লগত ওৰে ৰাত্ৰি নৃত্য কৰিছিল
, সেই একেজন পুৰুষ তাইৰ
সম্মুখত থিয় হৈ আছে অধচ ৰাধাই অনুভৱ কৰা নাই কোনো অনুৰাগ! এই সান্নিধ্যই তাইক
দেখোন মুৰুলীধৰৰ পৰা ক্ৰমাৎ দূৰ কৰিহে লৈ গৈ আছে! কৃষ্ণৰ পৰা মানসিকভাৱে দূৰ হৈ
যোৱাৰ সেই সত্যোপলব্ধি ইমানেই বেছি যন্ত্ৰ
ণাদায়ক আছিল যে
এদিন ৰাধাই দ্বাৰকা নগৰী ত্যাগ কৰি ওলাই পৰিল এক অজান-অন্তহীন যাত্ৰাত৷ বয়সৰ বাবে
থিৰ-অবিৰ দেহা, অথচ চলমান দুভৰিয়ে
থমকি ৰোৱাৰ যেন নামেই নল
ব! ইফালে কৃষ্ণও আছিল সৰ্বজান্তা৷
খুব সন্তৰ্পণে তেৱোঁ অনুসৰণ কৰি গৈ পাইছিলগৈ সেই গহন বন
, য’ত ৰাধাই মানৱী শৰীৰ ত্যাগ কৰিবলৈ বুলি অন্তিম শয়নত শুই পৰিছিল গৈ!

ৰাধে!”

যেন কোনো স্বপ্নালোকৰ পৰাহে
ভাহি আহিছে কাৰোবাৰ মাত৷

কো..... ” জড় জিভাৰ পৰা শব্দ নোলায়৷ চকুৰ মণিও ধূসৰ
জলমল!

মই তোমাৰ কৃষ্ণ৷

ৰাজপ্ৰসা এৰি তুমি ইয়াত কিয় কৃষ্ণ? ৰুক্মিণী তোমাৰ বাবে
নিশ্চয় প্ৰসাদত অপেক্ষাৰত৷

তোমাকো তালৈকে ঘূৰাই
নিবলৈ আহিছোঁ৷ উঠাঁ ৰাধে!

এয়া মোৰ অন্তিম সময়
কানাই! তুমি জানো নুবুজা
?”

তোমাৰ এই আমৃত্যু প্ৰেমৰ
বিনিময়ত কি দিওঁ তোমাক
? চোৱাঁ কিমান নিঃস্ব দুহাত মোৰ! ৰাধাৰ 
কাষত আঁঠু লৈ বহি পৰিছিল কৃষ্ণ৷

যদি পাৰাঁ, মোক বৃন্দাবনৰ দুদণ্ড সময় ঘূৰাই দিয়াঁ মোহন, মই
শান্তিৰে টোপনি যা
ওঁ!

কৃষ্ণই চকুলো টুকি সোলকাই পেলাইছিল মূৰৰ
মুকুট আৰু হাতত তুলি লৈছিল মুৰুলী৷ তাৰ পাছত অহোৰাত্ৰি ৰাধাৰ প্ৰিয় সুৰৰ মূৰ্ছনা তুলিছিল৷ ক্ৰমা
ন্বয়ে এক সুখৰ নিদ্ৰাত মুদ খাই আহিছিল ৰাধাৰ জীৱনেৰে ক্লান্ত দুচকু৷ বিৰিঙি উঠিছিল ওঁঠত অন্তিম
প্ৰাপ্তিৰ অমোঘ হাঁহি৷ এনেকৈয়ে ৰাধাৰাণীয়ে এই সংসাৰ এৰি গুচি গৈছিল৷

আৰু তই কৈছ যে সি অম্বিকাৰ ডেডবডি চাবলৈও এবাৰ নাহিল৷ ইয়াক এৰেষ্ট কৰা উচিত!

গৌতমৰ খং অৱধাৰিত আছিল।

কি বুলি এৰেষ্ট কৰিবি?
প্ৰেম কৰি ব্ৰেক্আপ কৰা বুলি? অম্বিকাই ছুইচাইড
কৰাৰ দিনা সি বৃন্দা
নৰ পৰা ডেৰ হেজাৰ কিল
মিটাৰ দূৰৰ লকেশ্বনত শ্বুটিং কৰি আছিল৷ কলিৰ কৃষ্ণৰ সেয়াই বিড়ম্বনা গৌতম!
 বিজু
কণ্ঠৰ 
শূন্যতাই গোটেইকেইটাক মুচৰি পেলাইছিল৷

 

***  

 

ৰাধাৰ মৃত্যুত হাতৰ
মুৰুলী চিৰদিনলৈ ভাঙি দলিয়াই দিছিল কৃষ্ণই আৰু এয়া আমাৰ হিৰ
দৈৱিক ঘোষ, নতুন চিনেমাৰ প্ৰিমিয়াৰত, কান্ধত সহ অভিনেত্ৰীৰ তন্দ্ৰালস মূৰ লৈ!
 

গৌতমে মুখত তাচ্ছিল্যৰ হাঁহি লৈ মবাইল
স্ক্ৰীনখন সকলোৱে দেখাকৈ দাঙি ধৰিছিল।

প্ৰায় ন মাহৰ পাছত সিঁহত চাৰিটা আজি দ্বিতীয়বাৰ একেলগ
হৈছিল৷ বিভিন্ন কথাৰ আড্ডাৰ মাজত অম্বিকাৰ আত্মহত্যাৰ বিষয়টোও ওলাইছিল।
 


আমিয়ে গৈ এবাৰ ক্ষমা খোজোঁ তাইক৷ মই মম আৰু ফুল লৈ আহি আছোঁ। তঁহত আগবাঢ়!

বাইক্ ষ্টাৰ্ট কৰি থাকিয়ে পল্লৱে কৈছিল৷

কিন্তু অম্বিকাৰ শেষকৃত্য
কৰা হৈ
গৈছে৷ অত দিন পাৰ হৈ গ
, কিজানি তাইৰ
সমাধিত, তাইৰ হাড়ত বনো গজিল এতিয়ালৈ! ম
, ফুল
এইবোৰ লৈ গৈ তাত কি কৰিবিগৈ পল্লৱ
?” বিজুৱে নিৰ্লিপ্তভাৱে সুধিছিল।

সেই ছোৱালীজনীৰ
চিৰশান্তিৰ বাবে কোনোবাই প্ৰাৰ্থনা কৰিলেনে
, যি এদিন সুদূৰ
কল
ম্বিয়াত 
আৰিয়া নাম লৈ উপজিছিল আৰু আত্মাৰ নিৰ্মলতা বিচাৰি আহি এই দেশ ওলাইছিলহি৷

পল্লৱক উত্তৰ এটা দিয়াৰ পৰিৱৰ্তে সিঁহতৰ
গধুৰ খোজবোৰ লাহে লাহে গীৰ্জাঘৰ অভিমুখী হৈ পৰিছিল।


ঠিকনা :

8-D, K Pocket

Saket

New Delhi -17

Mobile- 9540682567