সৰাপাতৰ হালধীয়া সামৰি

মৰমী মুদৈ





বাহ এটি সাজিবলৈ
গছ এজুপি লাগে

পাতসিয়াৰ বুকুত বলে
তৰ বা-মাৰলি

যাগৈ ফাগুন
পছোৱাৰ বেপাৰী

মই ইয়াতে সুখী
সৰাপাতৰ হালধীয়া সামৰি…