ৰমানন্দন বৰা

(যোৱা সংখ্যাৰ পিছৰ পৰা) 


চৌবিছ

 

চৰকাৰক কৈ, খাজনা দি কোনোবাই কৰবাত খেতি কৰিছে৷ এনেয়ে আবাদী
পৰি থকা মাটি চহাই মৈয়াই লৈছে
, তাত বেণুৰ আপত্তি কৰিব লগা কি
আছে
? উৎপাদন বাঢ়িব, চৰকাৰে খাজনা পাব৷
কৰক! খেতি কৰক! – বেণুৰ ভিতৰৰ এটা মনে কয়৷

সমিতি গঠন কৰিছে
দুজনক লৈ৷ দুজন মানুহৰ খেতি পথাৰহে ভোগদৈৰ বানত নষ্ট হৈছে নেকি
? বাকী মানুহবোৰৰ কি হ? সিহঁতে
মাটি পাবনে
? যদি চৰকাৰে চব দিয়ে, তেনেহলে সেই মানুহবোৰে পাবনে? নতুন চাপৰিত সিহঁতেও পামঘৰ
সাজি খেতি কৰিবহিনে
? লাই মহাজন আৰু
জন্মি মহাজন – ইটোৱে সিটোৰ ছাঁটোকে দেখিব নোৱাৰে৷ পোনপটীয়াকৈ তথিবাদ একো নাই৷ তথাপি
সংসাৰখনে জানে
, এটা উত্তৰে থাকিলে আনটো দক্ষিণে যায়৷ দুয়ো
একেলগ হোৱাৰ গূঢ় ৰহস্য নিশ্চয় আছে৷ বানপানীৰ ক্ষতিগ্ৰস্ত সমিতি কেৱল মানুহক
দেখুৱাবলৈ৷ ভিতৰি চাপৰিটো গ্ৰাস কৰাৰ কাৰচাজি৷ কপটীয়া ৰাৱণ আজি ৰামচন্দ্ৰৰ কুটীৰত৷
সীতা হৰণ হয় হয় এথোন৷ সি বাধা দিব৷ কেনেকৈ
? জটায়ু পখীৰ দৰে৷
নিজৰ মৰণ মাতি
? নহয়, সি হনুমানৰ দৰে
যুঁজ দিব৷ চাপৰিটো ৰখিব লাগিব৷ – বেণুৰ আনটো মন৷

লাই
মহাজন সম্বন্ধত তাৰ দেদা-শহুৰ৷ জন্মি মহাজনো তাৰ শত্ৰু নহয়৷ টেপুৱে ঠিকেই কৈছে –
সি কথাটো মহাজনৰ কাণত পেলালেই দুয়োজনে তাক আদৰি ল
ব৷ সিও
বিচৰা মতেই মাটি পাব৷ পাহিতাৰ বাপেকৰ ঘৰখনৰ সৈতে চিৰদিন সম্পৰ্ক নোহোৱা কৰি ৰাখিবও
নোৱাৰি৷ ক
লাই মহাজনৰ যোগেদি কিবা এটা হবগৈ পাৰে৷ বানপানীত মহাজনৰ সৈতে ছিঙি যোৱা সম্বন্ধৰ সূতাডাল সি জোৰা
লগাইছে৷ মূল ঘৰখনলৈ সেই সূতাৰে বগাই যাব পাৰিব বুলি তাৰ বিশ্বাস৷ গতিকে এতিয়া শতৰু
শালিবলৈ নোযোৱাই মঙ্গল৷ আনে যি কৰে কৰক৷ তাৰ ল
ৰা-তিৰোতা আছে,
খেতি-বাতি আছে, ভৰপূৰ বাৰীখন আছে৷ এইবোৰ এৰি
সি নলগা জেঙত লাগিবলৈ নাযায়৷ – বেণুৰ প্ৰথমটো মন৷

ধিক বেণু! ধিক!
বছা গাঁৱে তোক দিছিল চাকৰৰ পৰিচয়৷ বকুল চাপৰিয়ে তোৰতো নিজৰ সাহস নাছিল৷ বকুল
চাপৰিত তই জীৱনৰ সৰ্বস্ব সম্পদ পালি৷ চাপৰিৰ কোমল মাটিয়ে তোক বুকুত আশ্ৰয় দিলে৷
সেই মাটিক তই লুভীয়া মহাজনক গটাই দিবি
? বকুল চাপৰি, নতুন চাপৰি একে কথা৷ তাৰ আশ্ৰয়দাতা৷ ব্যক্তিগত মালিকৰ হাতত লাঞ্চিত হবলৈ এৰি দিব নোৱাৰি৷ সি জাগিব, আনকো জগাব৷ এইটো তোৰ
কৰ্তব্যৰ আহ৩ান৷ – বেণুৰ আনটো মন৷

কিনো
মনে মনে ধ্যান কৰিছা হে৷ সোণটোক অকণমান ধৰা
, মই ভাত
বাঢেঁ.াগৈ৷
পাহিতাই তাৰ কোলাত কেঁচুৱাটো দিলে৷ সোণটো বৰ
লোদোৰ-পোদোৰ৷ সি চুঁচৰি চুঁচৰি গোটেই ঘৰখন ঘূৰি ফুৰে৷ তাক কোনোবাই চাই নাথাকিলে
কিখন যে অঘটন কৰে৷ কটাৰীখন ল
বগৈ, জুই
ধৰিবলৈ যাব৷ চকীখনত ভৰ দি ঠিয় দঙা দিব৷ পুতলাকেইটা নিজে দলিয়াই ধৰিবলৈ চুঁচৰিব৷
বেণুৰ ঘৰখন সোণটোৱে পোহৰাই তুলিছে৷ মৰমৰ পোহৰ৷ মিঠা মিঠা৷ সি তাক কোলাত বহুৱাই
খেলাবলৈ বিচাৰে
, সোণটো বাৰে বাৰে মাটিলৈ নামি যাব খোজে৷
বাপেক-পুতেকৰ খেলাখন চাই পাহিতাই হাঁহিলে৷

খাই-বৈ উঠি
পাহিতাই কেঁচুৱাটোকো নিচুকাই শুৱালে৷ বেণু একেটা ভাবতে বিভোৰ হৈ থাকিল৷ সি বিচনাত
পৰিল৷ পাহিতাই তাৰ ফালে ঘূৰি দুহাতেৰে তাৰ ডিঙিটো সাৱটি ধৰিলে৷
কিনো
?” এইখিনি সময় পাহিতা আৰু তাৰ নিজা
সময়৷ আন কোনেও ইয়াত প্ৰৱেশ কৰিব নোৱাৰে৷ নতুন চাপৰিৰ কথা উলিয়াই সি সময়খিনি নষ্ট
কৰিব জানো৷ সিহঁত দুটা দেহাত থকা এটা আত্মা৷ তাৰ দেহৰ প্ৰতিটো অঙ্গই তাইৰ স্পৰ্শ
সুখ কামনা কৰে৷ তাইৰ দেহাইও৷ প্ৰতিটো অঙ্গ এক হোৱাৰ অনন্ত তাড়না৷

নতুন
চাপৰিৰ কথা মই জানিছোঁ৷ চৰকাৰে মাটি দিলে সকলোকে দিব লাগিব৷ দুজনক দিলে নহ
ব নহয়৷ এতিয়া বাদ দিয়া সেইবোৰ৷” – দুষ্টালিৰে তাই কলে, “মোক দিবলগীয়াখিনি দিবানে?”

তাইক জোৰেৰে
সাবটি ধৰি দুগালত তপত চুমাৰে উপচাই বেণু তাইৰ ওপৰত উঠি ল
লে৷
বেণুৰ ফুঁ লাগি লাজতে চাকিটো নুমাই গ
ল৷

 

পঁচিছ

 

কাহিনীটো
গোটেইটো নাজানিলে নহ
ব৷ নহলে মাজতে গাঁঠি
ছিগি ক
ৰবাত ছিটিকি পৰিব লাগিব৷ বেণুৱে চিটিকি পৰিব নোখোজে৷

বছা গাঁৱলৈ এবাৰ
যাব পৰা হ
লে ভাল আছিল৷ কিন্তু পাহিতাৰ সৈতে গাঁওখন এৰি অহাৰ দিন
ধৰি
, বানপানীত কলাই মহাজনক আনিবলৈ
গৈছে৷ তাৰ বাহিৰে সি সেইফালে মূৰ কৰা নাই৷ কিবা এটা অসহজ ভাব৷ সি যাব নোখোজে৷ সি গ
লে কিজানি কিবা বেয়া পৰিস্থিতি হয়৷ কিন্তু বছা গাঁৱৰ খবৰ তাক লাগে৷ তাৰ ঘৰৰ
পৰা গৰু-গাই নিয়া আজি দুমাহ হ
লহি৷ বিপিন, দীঘলাহঁতৰো বা-বাতৰি নাই৷ উচন হোৱা বাৰী-ঘৰ আকৌ পাতিবলৈ সিহঁতে চাগে কপালৰ
ঘাম মাটিত পেলাইছে৷

বছা গাঁৱৰ
মানুহৰ খা-খবৰ আনিবলৈ বেণুৱে পুহিৰামক পাচিলে৷ পুহিৰ সম্বন্ধীয় মোমায়েকৰ ঘৰলৈ গৈ
লাগতিয়াল খবৰবোৰ আনিব৷

কেবাটাও দৰকাৰী
খবৰ পুহিৰামে বুটলি আনি বেণুক দিলেহি৷ বছা গাঁৱৰ মানুহ এতিয়া নিজৰ ঘৰ-বাৰী আৰু
পথাৰত ব্যস্ত৷ বানপীড়িতৰ বাবে চৰকাৰৰ ঘৰৰ পৰা সৰিয়হ
, মটৰ মাহ আৰু ঘেঁহুৰ বীজ বিনামূলীয়াকৈ দিছে৷ মাহ, সৰিয়হখিনি
বৈছে৷ কিন্তু ঘেঁহু খেতি বছাবাসীৰ অভ্যাসৰ বাহিৰত৷ ঘেঁহুৰ আটাগুড়ি উলিয়াই ৰুটি
খোৱা বস্তু সাত জনমত নাই৷ চৰকাৰে ঘৰে প্ৰতি দহ কিলোকৈ ঘেঁহুৰ বীজ দিছিল৷ সেইবোৰ
এতিয়া হাৰুণ তেলীয়াই গোটাই কিনি নিছে৷ ৰাইজৰ মাজত কোনো সমিতি গঠন কৰা নাই৷
গ্ৰামসেৱক গোস্বামীয়ে আগভাগ লৈ এই কামবোৰ কৰিছে৷ আৰু এটা কাম ৰাইজে ভাল পাইছে –
মাহ
, সৰিয়হৰ তলী কলাই মহাজনে
ট্ৰেক্টৰে চহাই নিছে৷ তাৰ কাৰণে তেল আৰু ড্ৰাইভাৰৰ খৰচ চৰকাৰে দিছে৷ ক
ৰবাত নতুনকৈ মাটি দিয়াৰ কথা ঘূণাক্ষৰেও বছা গাঁৱৰ মানুহে নেজানে৷ এতিয়া
চৰকাৰক ক
ব লগীয়া কথাটো হল ছিগা
মাথাউৰিটো সোনকালে বান্ধিব লাগে৷

বেণু চিন্তাত
পৰিল৷

উত্তৰবোৰ অৱশ্যে
সি ভাবি থোৱা মতেই হৈছে৷ ইয়াৰ পিছৰ ছোৱা কাম কেনেকৈ কৰা হয়
, তাৰেই চিন্তা৷ টেপুৱে বেছি কথা কলেও, মাজে মাজে ইংৰাজী নে কি এসোপা বলকিলেও সি মিছা কথা নকয়৷

কিবা
সমিতি-চমিতি কৰি যে দুই মহাজনে মাটি লোৱাৰ ফন্দি কৰিছে সেই কথা ধুৰূপ৷ কিন্তু
কেনেকৈ জানিব পাৰি৷ অকণ গাঁওবুঢ়াই এইবোৰ জাকৈ নে জুলুকী
, পাদেই নে সুহুৰি গমেই পোৱা নাই৷ বিষ্ণু মণ্ডলৰ ওচৰলৈ যাব পাৰি নেকি?
তেওঁ কবনে বাৰু৷ চিকুটি লাও বুঢ়া কৰা হয়
কিজানি৷ জয়ৰাম উকীলে জানিব পাৰে নেকি
? ধন নিদিলে সেইজনে মুখ
নেমেলে৷ বেণুৱে আটাইবোৰ বিকল্প চিন্তা কৰিলে৷ মাটিৰ হাকিম নাইবা কাছাৰীৰ বৰ চাহাবৰ
ওচৰলৈ যোৱাৰ সাহস তাৰ নাই৷ সি হাকূটিয়াব পৰা মানুহকেইটাৰ পৰা কিবা কামত আহিব বুলি
সি পতিয়ন যাব পৰা নাই৷ মণ্ডলে কথাটো জানিব৷ কিন্তু বিষ্ণু মণ্ডল সাত বিহুৰ সৈয়া
কণী৷ মুখ মিঠা পেট তিতা৷ সাপ হৈ খোঁটে
, বেজ হৈ জাৰে৷ কি কৰিব
পাৰি
?

কম্পাউণ্ডাৰ বৰা
ডাক্টৰে কিবা সহায় কৰিব পাৰিব নেকি বাৰু
? হাত দীঘল মানুহ৷ নগৰত
থাকে৷ বহুত ডাঙৰ মানুহৰ লগত সমানে উঠা-বহা আছে৷

বেণুৰ শেষৰ
চিন্তাটোৱে কামত দিলে৷
তুমি চিন্তা নকৰিবা৷ মই গাখীৰক গাখীৰ আৰু
পানীক পানী কৰি উলিয়াই আনিম৷ মাটিৰ হাকিম মহেশ্বৰ বৰুৱা মোৰ সহপাঠী৷

এসপ্তাহ
নালাগিলেই পাঁচ দিনতে ডাক্টৰে সমিতিৰ ডালে-পাতে উঘালি আনি বেণুক দিলেহি৷

আমি
নজনা মানুহ পৰামৰ্শটো আপুনিয়েই দিয়ক৷
বোপাৰাম বিষয়াৰ চোতালত
জুম বান্ধি থকা ল
ৰাবিলাকৰ মাজৰ পৰা বিপিনে কলে৷

বৰা ডাক্টৰে
সমস্যাটো অনুধাৱন কৰি ক
লে, “মই চৰকাৰী
মানুহ৷ অলপতে কলপ কাটে৷ নগৰত জগৰ লাগে৷ আপোনালোকৰ মাজৰ এজন বুলি কথাষাৰ কৈছোঁ৷ মোৰ
নাম যাতে ক
তো নোলায়৷

বানপানীত
ক্ষতিগ্ৰস্ত হোৱা মানুহক সহায় কৰিবৰ কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি থাকে৷ বছা গাঁৱৰ
মানুহখিনিয়ে সেইবোৰ সুবিধা ল
বৰ কাৰণে এখন সমবায় সমিতি খুলিছে৷ কলাই শইকীয়া সভাপতি আৰু জন্মেজয় শইকীয়া সম্পাদক৷ কৃষি উৎপাদনমুখী এই সমবায়
সমিতিয়ে খেতি কৰিবৰ বাবে নতুন চাপৰিৰ মাটি ব্যৱহাৰ কৰিবলৈ চৰকাৰী অনুমতি পাইছে৷
তদুপৰি চৰকাৰী সা-সুবিধাও সমিতিয়ে পাব৷ এখন ট্ৰেক্টৰ ৰেহাই ম্যূলত সমিতিয়ে কিনিছে৷
বীজ
, সাৰ, কীটনাশত ঔষধ আদিৰ উপৰি
প্ৰয়োজনীয় সকলো পৰামৰ্শ সমিতিক চৰকাৰে বিনামূলীয়াকৈ দিব৷ ইয়াত উৎপাদিত ফচলৰ বজাৰো
চৰকাৰেই দিব৷ বছা গাঁৱৰ মানুহখিনিক উৎসাহ দিবৰ কাৰণেই চৰকাৰে এই কাম কৰিব৷

কিন্তু
বছা গাঁৱৰ মানুহে এইবোৰ কথা নাজানে৷ কোনো সমবায় সমিতিও খোলা নাই৷
পুহিৰামে মাত লগালে৷

মাটিৰ
হাকিমৰ তাত থকা তালিকাখনত গাঁওখনৰ মানুহে সমবায়ৰ সদস্য হিচাপে চহী কৰা আছে৷

গাঁৱৰ
মানুহে এইবোৰ একো নাজানে৷

তেনেহলে সমবায়খন গোপনে গঠন কৰিছে৷ কোনোবাই বেয়া কৰিছে৷

তেনেহলে কি কৰা ভাল হ?”

চৰকাৰৰ
ভুল নাই৷ কাগজে-কলমে বছা গাঁৱৰ মানুহৰো ভুল নাই৷ বৰং ভাল কামহে কৰিছে৷ চাপৰিৰ
মাটিখিনি চৰকাৰী কামৰ বাবে নতুন আদেশ নিদিয়ালৈকে সমবায়ে খেতি কৰিব পাৰিব৷ কাষৰীয়া
গাঁৱৰ মানুহ হিচাপে আমি একো কৰিব নোৱাৰো৷ কিবা কৰিব বিচাৰিলে বছা গাঁৱৰ মানুহে
কৰিব পাৰিব৷

কি
কৰিব পাৰিব জনাওকচোন৷

দুটা
কাম কৰিব পাৰে৷ প্ৰথমতে
, এই সমবায়খন পতাত তেওঁলোকৰ মত নাই৷
সেইবোৰ তেওঁলোকৰ চহী নহয়৷ অথবা বিপথে পৰিচালনা কৰি
, আভুৱাভাৰি
চহী লোৱা হৈছিল – এনেদৰে চৰকাৰক জনালে
, চৰকাৰে সমিতিখন
স্বীকৃতি বাতিল কৰি দিব লগা সা-সুবিধা বন্ধ কৰিব বা কেতিয়াবা মূল মানুহকেইজন ওপৰত
অপৰাধমূলক মোকৰ্দমাও চলাব পাৰে৷ কিন্তু এইটো ভাল কাম নহ
ব৷
তাৰ বদলি যিসকলৰ নাম সমবায়ৰ তালিকাত আছে
, চহী কৰিছে, তেওঁলোকে দাবী জনাওক৷ নতুন চাপৰিত সমবায়ৰ নামত কৰা খেতিৰ অংশীদাৰ হওক৷
সাপো মৰিব
, লাঠিও নাভাগে৷

কথাটো মিছা নহয়৷

সমবায় সমিতি
বস্তুটো বেয়া নহয়৷ খেতিয়ক-চৰকাৰ উভয়েৰে সমিল মিলেৰে আগবাঢ়িলে বিপদ নাই৷ সম্পদেই
সম্পদ৷ নতুন চাপৰিৰ বছা গাঁৱৰ মানুহে আহি খেতি কৰিলে বকুল চাপৰিৰ মানুহে আপত্তি
নকৰে৷ কিন্তু এজন নাইবা দুজন মানুহক চাপৰিটো গটাই দিব নোৱাৰি৷ এতিয়াৰ সভাপতি
, সম্পাদক দুই মহাজনে গাঁৱৰ মানুহক একো নজনোৱাকৈ কামবোৰ কৰিছে৷ নগাঁৱৰ পৰা
মানুহ আনি কাম কৰাইছে৷ তাৰ এটাই অৰ্থ – সমবায় সমিতিখন নামত থাকিব৷ মাটিখিন দুই
মহাজনৰ ভোগ হ
, লগতে চৰকাৰী
সা-সুবিধাবোৰো হজম কৰিব৷

সমস্যাটো হ,
বছা গাঁৱৰ মানুহক কথাখিনি জনাব কোনে? তেওঁলোকে
এইটো এটা ভাবিব লগা কথা বুলিয়েই ধৰা নাই৷ এনেকুৱা কিবা এটা হ
ব পাৰে বুলিও ভবা নাই৷ গতিকে কি উপায়েৰে মানুহখিনিক জগাব পাৰি৷ পুহিৰামক
দায়িত্ব দিব পাৰি নেকি
? কিন্তু সি পাৰিবনে? সি সাধাৰণতে কম কথা কয়৷ মানুহক বিশ্বাস দিব পৰাকৈ ক
পাৰিবনে
? মোলোকা, কিনাৰামহঁতৰ কোনো
লগা-ভগা
, চিনা-পৰিচয় বছা গাঁৱত নাই৷ বেণু নিজে তালৈ যাব
নোৱাৰে৷ সি গ
লে কথাবোৰ বেলেগ হৈ পৰিব৷ যাবনো কাৰ ঘৰলৈ?

অৱশেষত ঠিৰাং
কৰা হ
ল পুনৰ পুহিৰামেই যাব৷ সি তালৈ গৈ বিপিন, দীঘলাকে
আদি কৰি চাৰি-পাঁচটা ল
ৰাক বেণুৰ ঘৰলৈ মাতি আনিব৷ তাতে আটায়ে
সবিশেষ আলোচনা কৰিব৷ বছা গাঁৱলৈ বতৰাটো সিহঁতেই কঢ়িয়াই নিব৷

কথামতে কাম৷

বতৰা গৈ বছা
গাঁও সঠিকৰূপত পাবগৈ বুলি বেণুৰ বিশ্বাস হ
ল৷ বিপিন, দীঘলা, মিনাৰাম, থূলেশ্বৰ,
মঘুৱাহঁতৰ ডেকা তেজ উথলি উঠিল৷ গাঁৱৰ ককাই-ভাই কেইটাকে এনেকুৱা
প্ৰৱঞ্চনা! চুকতে থাকি বুকুত কামোৰ মাৰে৷ দুই মহাজনে মুখ বেছিকৈ মেলিছে
, কোৱাৰি ফাটিবই৷

সামৰণিত বেণুৱে
সিহঁতকহে শান্ত কৰিব লগা হ
ল৷ চাবি কিন্তু
ভাবি-চিন্তি কাম কৰিবি৷ খং-ৰাগেৰে সমস্যাটো সমাধান নহয়৷ নিজৰ অধিকাৰ
, দাবী কৰি লব লাগিব৷ লৰাই
কান্দিলেহে কল পায়৷ চাবি
, আটাইবোৰ সানি পিটিকি নষ্ট নকৰিবি৷

বেণুৰ ঘৰতে
চাহ-জলপান খাই সিহঁত গ
লগৈ৷ লগত লৈ গ
এবুকু ক্ষোভ আৰু ঘৃণা৷

(আগলৈ)