মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত


 || অধ্যায় ১৩ ||

 

তাৰ পাছত গুণজ্ঞ
ৰামে বিষ্ণু নামৰ গুণান্বিত আকাশেৰে

যাত্ৰা কৰিলে বিমানত
আৰোহণ কৰি
,

প্ৰিয়তমাক লগালে মাত তলত ৰত্নৰ আঁকৰ
সমুদ্ৰ দেখি

 

অথাত্মনঃ শব্দগুণং
গুণজ্ঞঃ পদং বিমানেন বিগাহমানঃ
|

ৰত্নাকৰং বীক্ষ্য
মিথঃ স জায়াং ৰামাভিধানো হৰিৰিত্যুবাচ
|| ১৩||

 

হে বৈদেহী! শৰৎকালৰ নিৰ্মল তাৰকাখচিত আকাশক

হাতীপটিয়ে দ্বিবিভক্ত কৰাৰ দৰে,

মলয়পৰ্বত পৰ্যন্ত
মোৰ সেতুৱে দ্বি
বিভক্ত কৰা সাগৰৰ

বিয়পি পৰা ফেনিল জলৰাশি চোৱাঁ

 

বৈদেহি পশ্যঽঽমলয়াদ্বিভক্তং
মৎসেতুনা ফেনিলমম্বুৰাশিম্

ছায়াপথেনেব শৰৎপ্রসন্নমাকাশমাবিষ্কৃতচাৰুতাৰম্ || ১৩||

 

যজ্ঞ কৰিবলৈ মনস্থিৰ
কৰা পূৰ্বজ সগৰৰ

যজ্ঞৰ ঘোঁৰা কপিল
মুনিয়ে ৰাখিছিল পাতালত
,

তাক বিচাৰি সগৰপুত্ৰই পৃথিৱী খনন কৰি

সমুদ্ৰৰ কলেৱৰ কৰিলে অধিক বিস্তৃত 

 

গুৰোর্যিয়ক্ষোঃ
কপিলেন মেধ্যে ৰসাতলং সংক্রমিতে তুৰংগে
|

তদর্থমুর্বীমবধাৰয়দ্ভিঃ
পূর্বৈঃ কিলায়ং পৰিবর্ধিতো নঃ
|| ১৩||

 

সূৰ্যৰ কিৰণে সমুদ্ৰৰ
পানী আহৰণ কৰিয়ে গৰ্ভধাৰণ কৰে
,

ইয়াতেই বৰ্ধিত হয় মূল্যৱান ৰত্নৰ ভাণ্ডাৰ

এই সাগৰেই অন্তৰ্ভাগত
ধাৰণ কৰে অগ্নিৰ শক্তি
,

এই সাগৰতেই জন্ম বিমল আনন্দৰ উৎস জ্যোতিৰ্ময়
চন্দ্ৰৰ

 

গর্ভং দধত্যর্কমৰীচয়োঽস্মাদ্বিবৃদ্ধিমত্রাশ্নুবতে
বসূনি
|

অবিন্ধনং বহ্নিমসৌ
বিভর্তি প্রহ্লাদনং জ্যোতিৰজন্যনেন
|| ১৩|| 

 

মহিমাত দশোদিশব্যাপ্ত বিষ্ণুৰ দৰে

কেতিয়াবা শান্ত
কেতিয়াবা বিক্ষুব্ধ নানা ৰূপ

ৰূপৰ প্ৰকাৰ আৰু বিশালতা অনুমানৰ অতীত

 

তাং তামবস্থাং
প্রতিপদ্যমানং স্থিতং দশ ব্যাপ দিশো মহিম্না
|

বিষ্ণোৰিবাস্যানবধাৰণীয়মীদৃক্তয়া
ৰূপমিয়ত্তায়া বা
|| ১৩||

 

বিষ্ণুৱে সমস্ত
লোক সংহাৰ কৰি কল্পৰ অন্তত
,

স্বনাভিজাত পদ্মত
উপৱিষ্ট বিধাতাৰ স্তুতিত
,

এই মহাসমুদ্ৰতে যোগনিদ্ৰাত শয়ন কৰে

 

নাভিপ্রৰূঢাম্বুৰুহাসনেন
সংস্তূয়মানঃ প্রথমেন ধাত্রা
|

অমুং যুগান্তোচিতয়োগনিদ্রঃ
সংহৃত্য লোকান্পুৰুষোঽধিশেতে
|| ১৩||

 

প্ৰতাপী শত্ৰুৰ
আক্ৰমণত ৰজাসকলে

যেনেকৈ আশ্ৰয় লয়
ধৰ্মপৰায়ণ মধ্যম নৃপতিৰ
,

ইন্দ্ৰই পাখিকটা
দাম্ভিক শত শত পৰ্বতেও

আশ্ৰয় লৈছিল এই সমুদ্ৰৰ বিশাল বুকুত

 

পক্ষচ্ছিদা গোত্রভিদাত্তগন্ধাঃ
শৰণ্যমেনং শতশো মহীধ্রাঃ
|

নৃপা ইবোপপ্লবিনঃ
পৰেভ্যো ধর্মোত্তৰং মধ্যমমাশ্রয়ন্তে
|| ১৩||

 

আদিপুৰুষে বৰাহৰূপে
যেতিয়া

পৃথিৱীক উদ্ধাৰ
কৰিছিল ৰসাতলৰ পৰা
,

এই সাগৰৰ প্ৰলয়ৰ
দৰে বৰ্ধিত

স্বচ্ছ জলৰাশি মুহূৰ্তলৈ অৱগুণ্ঠিত হল ধৰিত্ৰীৰ

 

ৰসাতলাদাদিভবেন
পুংসা ভুবঃ প্রয়ুক্তোদ্বহনক্রিয়ায়াঃ
|

অস্যাচ্ছমম্ভঃ
প্রলয়প্রবৃদ্ধং মুহূর্তবক্ত্রাভৰণং বভূব
|| ১৩||

 

তৰংগৰূপে নিজৰ ওঁঠ
আগবঢ়াই সমুদ্ৰই

স্বভাৱতে প্ৰগল্ভা
তটিনীক পান কৰায় অধৰ-সুধা

নিজেও পান কৰে নদীৰ সুধা,
অনন্য
এই
  স্ত্ৰীসম্ভোগ
ক্ৰিয়া

  

মুখার্পণেষু প্রকৃতিপ্রগল্ভাঃ
স্বয়ং তৰংগাধৰদানদক্ষঃ
|

অনন্যসামান্যকলত্রবৃত্তিঃ
পিবত্যসৌ পায়য়তে চ সিন্ধুঃ
|| ১৩||

 

সেয়া চোৱাঁ,

মুখ প্ৰসাৰিত কৰিছে
তিমিয়ে নদীৰ মোহনাত
,

জলচৰ প্ৰাণীসহ
নৈৰ পানী মুখত লৈ

মূৰৰ ছিদ্ৰৰে ওপৰলৈ
নিৰ্গত কৰিছে সেই জলপ্ৰৱাহ
,

 

সসৎবমাদায় নদীমুখাম্ভঃ
সংমীলয়ন্তো বিবৃতাননৎবাৎ
|

অমী তিৰোভিস্তিময়ঃ
সৰন্ধ্রৈৰূধ্বং বিতন্বন্তি জলপ্রৱাহান্
|| ১৩১০||

 

সৌৱা, হাতীৰ সমান দৈত্যকায় জলচৰ প্ৰাণীয়ে

পানীৰ ওপৰলৈ মূৰ
দাঙি দুফাল কৰিছে ফেনিল সাগৰ
,

ফেন গালত লাগি ক্ষণিকলৈ দেখা গৈছে যেন
কৰ্ণলগ্ন শুভ্ৰ চামৰ

 

মাতংগনক্রৈঃ সহসোৎপতদ্ভির্ভিন্নান্দ্বিধা
পশ্য সমুদ্রফেনান্
|

কপোলসংসর্পিতয়া
য এষাং ব্রজন্তি কর্ণক্ষণচামৰৎবম্
|| ১৩১১||

 

সমুদ্ৰতীৰৰ বতাহ সেৱন কৰিবলৈ বেগাই গৈছে সৰ্পগণ,

উত্তাল তৰংগৰ সৈতে কোনো পাৰ্থক্য নাই
সিহঁতৰ ভংগিমাৰ

ফণাৰ মণিত সূৰ্যৰ কিৰণ পৰি জিলমিল কৰাতেই
সৰ্পৰ চিন

 

বেলানিলায় প্রসৃতা
ভুজংগা বহোর্মিবিস্ফূর্জথুনির্বিশেষাঃ
|

সূর্যাংশুসংপর্কবিবৃদ্ধৰাগৈর্ব্যজ্যন্ত
এতে মণিভিঃ ফণস্থৈঃ
|| ১৩১২||

 

তৰঙ্গবেগত শংখবোৰ
তোমাৰ ওঁঠৰ দৰে ৰক্তিম প্ৰৱালত ঠেকা খাইছে
,

সিহঁতৰ মুখত প্ৰৱালৰ অংকুৰে বিন্ধি ধৰাত
তাৰপৰা মুক্ত হৈছে বহু যত্নৰে 

 

তৱাধৰস্পর্ধিষু
বিদ্রুমেষু পর্যস্তমেতৎসহসোর্মিবেগাৎ
|

ঊর্ধ্বাঙ্কুৰপ্রোতমুখং
কথংচিৎক্লেশাদপক্রামতি শঙ্খয়ূথম্
|| ১৩১৩||

 

নামি আহিছে মেঘ
সমুদ্ৰৰ জলপান কৰিবলৈ
,

ঘূৰ্ণায়মান হৈ
দ্ৰুতগতিৰে দৃশ্যমান হৈছে যেন

পুনৰ এবাৰ পৰ্বতৰ দ্বাৰা হৈছে সমুদ্ৰমন্থন

 

প্রবৃত্তমাত্রেণ
পয়াংসি পাতুমাবর্তবেগাদ্ভ্রমতা ঘনেন
|

আভাতি ভূয়িষ্ঠময়ং
সমুদ্রঃ প্রমথ্যমানো গিৰিণেব ভূয়ঃ
|| ১৩১৪||

 

আৰু সৌৱা দূৰলৈ
চোৱাঁ…

নীলা তমাল আৰু
তালবনেৰে শোভিত তন্বী তীৰ যেন
,

লোহাৰ চক্ৰৰ দৰে লুণীয়া সমুদ্ৰৰ পৰিধিত
যেন মামৰে ধৰা ৰেখা

 

দূৰাদয়শ্চক্রনিভস্য
তন্বী তমালতালীবনৰাজিনীলা
|

আভাতি বেলা লবণাম্বুৰাশের্ধাৰানিবদ্ধেব
কলঙ্কৰেখা
|| ১৩১৫||

 

সমুদ্ৰতীৰৰ বায়ুৱে
কেতেকীফুলৰ ৰেণু উৰুৱাই আনি

কৰিছেহি তোমাৰ
মুখশ্ৰীৰ প্ৰসাধন
,

হে আয়তনয়না, অনুভৱ হৈছে যেন,

তোমাৰ ৰক্তিম ওঁঠৰ
সুধা পানৰ বাবে অধীৰ হৈ

মই তোমাক প্ৰসাধন আৰু সাজসজ্জাৰ সময়
দিবলৈ অক্ষম

 

বেলানিলঃ কেতকৰেণুভিস্তে
সংভাবয়ত্যাননমায়তাক্ষি
|

মামক্ষমং মণ্ডলকালহানের্বেত্তীব
বিম্বাধৰবদ্ধতৃষ্ণম্
|| ১৩১৬||

 

বিমানৰ দ্ৰুত গতিৰ
বাবে আমি মুহূৰ্ততে আহি পালোঁহি সাগৰৰ তীৰ
,

চোৱাঁ, সাগৰৰ পাৰত শামুকৰ খোলা ফাটি মুকুতাবোৰ পৰি আছে,

তামোল গছৰ শাৰীবোৰ ফলৰ ভৰত দোঁ খাই পৰিছে

 

এতে বয়ং সৈকতভিন্নশুক্তিপর্যস্তমুক্তাপটলং
পয়োধেঃ
|

প্রাপ্তা মুহূর্তেন
বিমানবেগাৎকূলং ফলাবর্জিতপূগমালম্
|| ১৩১৭||

 

হে মৃগনয়না! হে সুন্দৰ উৰুৰ গৰাকিনী, এবাৰ চোৱাঁ পিছলৈ
ঘূৰি
,

সাগৰৰ পৰা যিমানে
দূৰলৈ গৈ আছোঁ আমি
,

ভূমিলৈ বিস্তাৰিত
হৈছে সেউজ কানন যেন

সমুদ্ৰগৰ্ভৰ পৰাই ওলাই আহি

 

কুৰুষ্ব তাৱৎকৰভোৰু
পশ্চান্মার্গে মৃগপ্রেক্ষিণি দৃষ্টিপাতম্
|

এষা বিদূৰীভৱতঃ
সমুদ্রাৎসকাননা নিষ্পততীব ভূমিঃ
|| ১৩১৮||

 

চোৱাঁ, মোৰ অভিলাষ মতেই এই বিমান কেতিয়াবা দেৱতাৰ পথেৰে

কেতিয়াবা মেঘমালাৰ মাজেৰে আৰু কেতিয়াবা
উৰিছে পখীৰ পথেৰে

 

ক্বচিৎপথা সংচৰতে
সুৰাণাং ক্বচিদ্ঘনানাং পততাং ক্বচিচ্চ
|

যথাবিধো মে মনসোঽভিলাষঃ
প্রবর্ততে পশ্য তথা বিমানম্
|| ১৩১৯||

 

দেৱনদীৰ ঢৌৰ স্পৰ্শত
শীতল
, ইন্দ্ৰৰ হস্তীৰ মদগন্ধী আকাশৰ বতাহে,

তোমাৰ মুখৰ পৰা দুপৰৰ ঘামৰ টোপাল মচি দিছে

 

অসৌ মহেন্দ্রদ্বিপদানগন্ধিস্ত্রিমার্গগাবীচিবিমর্দশীতঃ |

আকাশবায়ুর্দিনয়ৌবনোত্থানাচামতি
স্বেদলবান্মুখে তে
|| ১৩২০||

 

হে চণ্ডীপ্ৰিয়া, কৌতূহলত তুমি

বিমানৰ বাহিৰলৈ
হাত মেলি স্পৰ্শ কৰিছা ডাৱৰ
,

মেঘে তোমাক সুখী
কৰি বিদ্যুৎবলয়েৰে পিন্ধাইছে

তোমাৰ হাতৰ দ্বিতীয় অলংকাৰ

 

কৰেণ বাতায়নলম্বিতেন
স্পৃষ্টস্ত্বয়া চণ্ডি কুতূহলিন্যা
|

আমুঞ্চতীবাভৰণং
দ্বিতীয়মুদ্ভিন্নবিদ্যুদ্বলয়ো ঘনস্তে
|| ১৩২১||

 

আমি আহি পালোঁহি
জনস্থানৰ উৰ্ধাংশ
, চোৱাঁ,

বাকলিবসন পৰিহিত তপস্বীসকলে সুখেৰে বাস কৰিছে,

ৰাৱণৰ ভয়ত পূৰ্বে
এৰি যোৱা আশ্ৰমত এতিয়া
,

নতুনকৈ নিৰ্মাণ কৰি পৰ্ণকুটীৰ

 

অমী জনস্থানমপোঢবিঘ্নং
মৎবা সমাৰব্ধনবোটজানি
|

অধ্যাসতে চীৰভৃতো
যথাস্বং চিৰোজ্ঝিতান্যাশ্রমমণ্ডলানি
|| ১৩২২||

 

সৌৱা চোৱাঁ, এয়াই সেই স্থান য

অনাইবনাই ফুৰোঁতে তোমাৰ অন্বেষণত,

পাইছিলোঁ ভূমিত
পৰি থকা এটি নীৰৱ নূপুৰ
,

যেন মৌন তোমাৰ পদুমৰ পাহি যেন চৰণৰ বিচ্ছেদত

  

সৈষা স্থলী যত্র
বিচিন্বতাৎবাং ভ্রষ্টং ময়া নূপুৰমেকমুর্ব্যাম্
|

অদৃষ্যত ৎবচ্চৰণাৰবিন্দবিশ্লেষদুঃখাদিব
বদ্ধমৌনম্
|| ১৩২৩||


হে ভয়াতুৰা, ৰাক্ষসে যি পথেৰে তোমাক অপহৰণ কৰি নিছিল,

সেই পথৰ লতাই মুখেৰে
ব নোৱাৰিলেও

পল্লৱিত ডাল দোঁৱাই পথৰ নিৰ্দেশনা দিছিল

 

তৎবং ৰক্ষসা ভীৰু
যতোঽপনীতা তং মার্গমেতাঃ কৃপয়া লতা মে
|

অদর্শয়ন্বক্তুমশক্নুবত্যঃ
শাখাভিৰাবর্জিতপল্লবাভিঃ
|| ১৩২৪||

 

হৰিণৰ দলেও ঘাঁহৰ
প্ৰতি উদাসীন হৈ

চকুৰে ইংগিত কৰিছিল
দক্ষিণ দিশলৈ
,

পথৰ অনভিজ্ঞ মোক তোমাৰ গতিপথ জনাবলৈ


মৃগ্যশ্চ দর্ভাঙ্কুৰনির্ব্যপেক্ষাস্তবাগতিজ্ঞং
সমবোধয়ন্মাম্
|

ব্যাপাৰয়ন্ত্যো
দিশি দক্ষিণস্যামুৎপক্ষৰাজীনি বিলোচনানি
|| ১৩২৫||

 

চোৱাঁ ! সমুখত মাল্যৱান পৰ্বতৰ গগনচুম্বী শৃংগ !

ইয়াতে একেলগে মেঘে
বোৱাইছিল নৱজল

আৰু মই তোমাৰ বিৰহৰ অশ্ৰু

 

এতদ্গিৰের্মাল্যবতঃ
পুৰস্তাদাবির্ভত্যম্বৰলেখি শৃঙ্গম্
|

নবং পয়ো যত্র ঘনৈর্ময়া
চৎবদ্বিপ্রয়োগাশ্রু সমং বিসৃষ্টম্
|| ১৩২৬||

 

ত বৰষুণে কঢ়িয়াই অনা ফুলকলিৰ গোন্ধ,

ময়ূৰৰ কলৰৱ আৰু
আধাফুলা কদম
,

তোমাৰ বিৰহত আছিল মোৰ বাবে অসহনীয়

 

গন্ধশ্চ ধাৰাহতপল্বলানাং
কাদম্বমর্ধোদ্গতকেসৰং চ
|

স্নিগ্ধাশ্চ কেকাঃ
শিখিনাং বভূবুর্যস্মিন্নসহ্যানি বিনা ৎবয়া মে
|| ১৩২৭||

 

হে ভীতা! কষ্টৰে সহিছিলোঁ গুহাত প্ৰতিধ্বনিত মেঘৰ গৰ্জন,

মনত পৰি ভয়ত তোমাৰ কম্পন আৰু তাৰ পাছৰ
দৃঢ় আলিংগন

 

পূর্বানুভূতং স্মৰতা
চ যত্র কম্পোত্তৰং ভীৰু তবোপগূঢম্
|

গুহাবিসাৰীণ্যতিবাহিতানি
ময়া কথংচিদ্ঘনগর্জিতানি
|| ১৩২৮||

 

হোমৰ জুইত ৰঙা
পৰা তোমাৰ দুচকুক অনুকৰণ কৰা
,

বৰ্ষাসিক্ত মাটিৰ
বাষ্পৰ লগত মিলিত হোৱা
,

ইয়াৰ নতুনকৈ মেলা
ৰক্তিম কলদিলবোৰে
,

তোমাৰ নয়নৰ কান্তি মনত পেলাই মোক পীড়া
দিছিল

 

আসাৰসিক্তক্ষিতিবাষ্পয়োগান্মামক্ষিণোদ্যত্র
বিভিন্নকোশৈঃ
|

বিডম্ব্যমানা নবকন্দলৈস্তে
বিবাহধূমাৰুণলোচনশ্রীঃ
|| ১৩২৯||

 

চোৱা, আমাৰ অৱতৰণৰ কষ্ট লাঘৱৰ বাবেই উপান্ত দেশত সৌৱা,

বেতনিৰে আবৃত তীৰৰ  ৰিণি ৰিণি দেখা জলচৰ পক্ষীৰে শোভিত পম্পা হ্ৰদ,

মোৰ দুচকুৱে যেন দূৰৰ পৰাই কৰিছে সলিলৰাশিৰ
সুধাপান

 

উপান্তবাণীৰবনোপগূঢান্যালক্ষপাৰিপ্লবসাৰসানি |

দূৰাবতীর্ণা পিবতীব
খেদাদমূনি পম্পাসলিলানি দৃষ্টিঃ
|| ১৩৩০||

 

তোমাৰ পৰা দূৰত
থাকোঁতে ইয়াত

সতৃষ্ণ নয়নেৰে
চাইছিলোঁ মই চাকৈ
চকোৱাৰ মিলন,

ইটিয়ে সিটিক দিছিল পদ্মকেশৰ উপহাৰ

 

অত্রাবিয়ুক্তানি
ৰথঙ্গনাম্নামন্যোন্যদত্তোৎপলকেসৰাণি
|

দ্বন্দ্বানি দূৰান্তৰবর্তিনা
তে ময়া প্রিয়ে সস্মিতমীক্ষিতানি
|| ১৩৩১||

 

স্তনৰ দৰে মনোহৰ
ফুলৰ ভৰত অৱনত
,

নদীৰ তীৰৰ তন্বী
অশোক লতাক দেখি

অশ্ৰুপূৰ্ণ চকুৰে
আলিংগন কৰোঁতে তুমি বুলি
,

সৌমিত্ৰ লক্ষ্মণে মোক কৰিছিল নিষেধ

 

ইমাং তটাশোকলতাং
চ তন্বীং স্তনাভিৰামস্তবকাভিনম্রাম্
|

ৎবৎপ্রাপ্তিবুদ্ধ্যা
পৰিৰব্ধুকামঃ সৌমিত্রিণা সাশ্রুৰহং নিষিদ্ধঃ
|| ১৩৩২||

 

গোদাৱৰী নৈৰ সাৰস
পখীয়ে বিমানৰ সোণৰ কিংকিনীৰ শব্দ শুনি

সংগীৰ কলধ্বনি বুলি ভাবি আকাশী পথত তোমাক
স্বাগতম জনাইছে

 

অমূর্বিমানান্তৰলম্বিনীনাং
শ্রুৎবা স্বনং কাঞ্চনকিঙ্কিণীনাম্
|

প্রত্যুদ্ব্রজন্তীব
খমুৎপতন্ত্যো গোদাবৰীসাৰসপঙ্ক্তয়স্ত্বাম্
|| ১৩৩৩||

 

তোমাৰ কোমল কঁকালত
কলহত পানী কঢ়িয়াই

পঞ্চবটী বনত যে
আমৰ পুলি প্ৰতিপাল কৰিছিলা
,

দীৰ্ঘকালৰ পিছত দেখি মন সুখেৰে ভৰি পৰিছে

কৃষ্ণসাৰ মৃগয়ো আনন্দত উন্মুখ হৈ তোমালৈ
মূৰ দাঙি চাইছে

 

এষা ৎবয়া পেশলমধ্যয়াপি
ঘটাম্বুসংবর্ধিতবালচূতা
|

আনন্দয়ত্যুন্মুখকৃষ্ণসাৰা
দৃষ্টা চিৰাৎপঞ্চবটী মনো মে
|| ১৩৩৪||

 

মোৰ মনত পৰিছে
আমাৰ নিৰ্জন ইকৰাৰ পঁজাত
,

মৃগয়াৰ পৰা আহি
ভাগৰত গোদাৱৰীৰ শীতল মলয়াত
,

ইয়াতেই মই শুইছিলোঁ মূৰ থৈ তোমাৰ কোলাত

 

অত্রানুগোদং মৃগয়ানিবৃত্তস্তৰংগবাতেন
বিনীতখেদঃ
|

ৰহস্ত্বদুৎসঙ্গনিষণ্ণমূর্ধা
স্মৰামি বানীৰগৃহেষু সুপ্তঃ
|| ১৩৩৫||

 

যাৰ ক্ৰোধিত ভ্ৰূভংগত
নহূষ হৈছিল ইন্দ্ৰপদৰ পৰা স্খলিত
,

যাৰ আগমনত জলৰ
মলিনতা হয় বিশুদ্ধ
,

সৌৱা দেখা গৈছে সেই অগস্ত্যমুনিৰ মৰ্ত্যলোকস্থিত

 

ভ্রূভেদমাত্রেণ
পদান্মঘোনঃ প্রভ্রংশয়াং যো নহুষং চকাৰ
|

তস্যাবিলাম্ভঃপৰিশুদ্ধিহেতোর্ভৌমো
মুনেঃ স্থানপৰিগ্রহোঽযম্
|| ১৩৩৬||

 

সেই বিশুদ্ধকীৰ্তি
ঋষিৰ যজ্ঞৰ ত্ৰিবিধ অগ্নিৰ

ঘৃত সুবাসিত ধোঁৱাৰ
সুবাসে চুইছেহি বিমানৰ মাৰ্গ
,

লঘু কৰিছে মোক সকলো ৰজোগুণৰ পৰা কৰি
মুক্ত

 

ত্রেতাগ্নিধূমাগ্রমনিন্দ্যকীর্তেস্তস্যেদমাক্রান্তবিমানমার্গম্ |

ঘ্রাৎবা হবির্গন্ধি
ৰজোবিমুক্তঃ সমশ্নুতে মে লঘিমানমাত্মা
|| ১৩৩৭||

 

হে মানিনী, সৌৱা চোৱাঁ শাতকৰ্ণমুনিৰ পঞ্চাপ্সৰাৰ ক্ৰীড়াসৰোবৰ,

চৌপাশে বনৰ মাজত এনেকৈ শোভায়মান যেন
মেঘৰ মাজত চন্দ্ৰ

 

এতন্মুমুনের্মানিনি
শাতকর্ণেঃ পঞ্চাপ্সৰো নাম বিহাৰবাৰি
|

আভাতি পর্যন্তবনং
বিদূৰান্মেঘান্তৰালক্ষ্যমিবেন্দুবিম্বম্
|| ১৩৩৮||

 

প্ৰাচীন কালত এই
ঋষিয়ে মৃগৰ সৈতে বাস কৰি
,

তপ কৰিছিল কেৱল  কৰি কোমল ঘাঁহৰ আগ ভোজন 

সেই তপস্যাত ভীত
হৈ দেৱৰাজ ইন্দ্ৰই কৰিছিল

পঞ্চ অপ্সৰাৰ ৰূপযৌৱনৰ
মায়াপাশেৰে মুনিক বন্ধন

 

পুৰা স দর্ভাঙ্কুৰমাত্রবৃত্তিশ্চৰন্মৃগৈঃ
সার্ধমৃষির্মঘোনা
|

সমাধিভীতেন কিলোপনীতঃ
পঞ্চাপ্সৰোয়ৌবনকূটবন্ধম্
|| ১৩৩৯||

 

এতিয়া সেই মুনিয়ে
এই সৰোবৰৰ তলত এক প্ৰাসাদত বাস কৰে
,

তাৰ গীত আৰু মৃদংগৰ ধ্বনি আকাশগামী হৈ
পুষ্পকৰ চন্দ্ৰশালা চুইছে

 

তস্যায়মন্তর্হিতসৌধভাজঃ
প্রসক্তসংগীতমৃদঙ্গঘোষঃ
|

বিয়দ্গতঃ পুষ্পকচন্দ্রশালাঃ
ক্ষণং প্রতিশ্রুন্মুখৰাঃ কৰোতি
|| ১৩৪০||

 

সৌৱা, তপস্যা কৰিছে এক মুনিয়ে চাৰি যজ্ঞাগ্নিৰ মাজত অৱস্থান কৰি,

অগ্নিৰ মাজত বহি
পঞ্চম অগ্নি যেন সূৰ্যৰ তাপ কপালত সহি

নাম সুতীক্ষ্ণ প্ৰকৃততে স্বভাৱত তেওঁ
শান্ত
সৌম্য

 

হবির্ভুজামেধবতাং
চতুর্ণাং মধ্যে ললাটংতপসপ্তসপ্তিঃ
|

অসৌ তপস্যত্যপৰস্তপস্বী
নাম্না সুতীক্ষ্ণশ্চৰিতেন দান্তঃ
|| ১৩৪১||

 

এওঁৰ তপস্যাই শংকিত
কৰিলে দেৱৰাজক
,

তপভংগৰ বাবে ইন্দ্ৰই
প্ৰেৰণ কৰা অপ্সৰাই
,

কটাক্ষ হাঁহি আৰু
আংশিকভাৱে প্ৰদৰ্শিত মেখলাৰ

বিলাসবিভ্ৰমে
নোৱাৰিলে বিচলিত কৰিব মুনিৰ মনক

 

অমুং সহাসপ্রহিতেক্ষণানি
ব্যাজার্ধসংদর্শিতমেখলানি
|

নালং বিকর্তুং
জনিতেন্দ্রশঙ্কং সুৰাঙ্গনাবিভ্রমচেষ্টিতানি
|| ১৩৪২||

 

ঊৰ্ধ্ববাহু এই
ঋষিয়ে অক্ষমালা পৰিধান কৰা
,

কুশাচ্ছাদন আৰু
হৰিণৰ গা খজুওৱাত অভ্যস্ত সোঁহাতখনি

মোৰ প্ৰতি সন্মান জনাই এই দিশে মেলি
ধৰিছে


এষোঽক্ষমালাবলয়ং
মৃগাণাং কণ্ডূয়িতাৰং কুশসূচিলাবম্
|

সভাজনে মে ভুজমূর্ধ্ববাহুঃ
সব্যেতৰং প্রাধ্বমিতঃ প্রয়ুঙ্ক্তে
|| ১৩৪৩||

 

মৌনব্ৰতী এই ঋষিয়ে
সামান্য মূৰ লৰাই গ্ৰহণ কৰিছে মোৰ প্ৰণাম
,

বিমানৰ গতিত ক্ষণিক বাধাৰ পৰা মুক্ত
হৈ পুনৰ ৰাখিলে দৃষ্টি সূৰ্যত

 

বাচংযমৎবাৎপ্রণতিং
মমৈষ কম্পেন কিঞ্চিৎপ্রতিগৃহ্য মূর্ধ্নঃ
|

দৃষ্টিং বিমানব্যবধানমুক্তাং
পুনঃ সহস্রার্চিষি সংনিধত্তে
|| ১৩৪৪||

 

এয়া চোৱাঁ সাগ্নিক
শৰভংগ ঋষিৰ পৱিত্ৰ শৰণাগতৰ আশ্ৰম
,

যি দীৰ্ঘদিন হোমাগ্নিক
সমিধেৰে পৰিতৃপ্ত কৰি

নিজ দেহো কৰিলে অগ্নিক সমৰ্পণ

 

অদঃ শৰণ্যং শৰভঙ্গনাম্নস্তপোবনং
পাবনমাহিতাগ্নেঃ
|

চিৰায় সংতর্প্য
সমিদ্ভিৰগ্নিং যো মন্ত্রপূতাং তনুমপ্যহৌষীৎ
|| ১৩৪৫||

 

এতিয়া সেই ঋষিৰ
অতিথিসৎকাৰৰ দায়িত্ব

গ্ৰহণ কৰিছে পুত্ৰবৎ
পালন কৰা তৰুৰাজিয়ে
,

ছাঁ দি কৰে পথশ্ৰম লাঘৱ আৰু অলেখ সুস্বাদু
ফল দিয়ে

 

ছায়াবিনীতাধ্বপৰিশ্রমেষু
ভূয়িষ্ঠসংভাব্যফলেষ্বমীষু
|

তস্যাতিথীনামধুনাসপর্যা
স্থিতা সুপুত্রেষ্বিব পাদপেষু
|| ১৩৪৬||

 

যাৰ গুহাৰূপী মুখত
জলপ্ৰপাতৰ নাদ শুনা গৈছে
,

যাৰ শিখৰত শিঙেৰে
খন্দা বোকামাটি যেন মেঘ লাগি আছে
,

উদ্ধত বৃষভৰ দৰে সেই চিত্ৰকূট পৰ্বত
দৃষ্টিত ধৰা দিছে

 

ধাৰাস্বনোদ্গাৰিদৰীমুখোঽসৌ
শৃঙ্গাঙ্গলগ্নাম্বুজবপ্রপঙ্কঃ
|

বধ্নাতি মে বন্ধুৰগাত্রি
চক্ষুর্দৃপ্তঃ ককুদ্মানিব চিত্রকূটঃ
|| ১৩৪৭||

 

প্ৰৱাহিনী স্বচ্ছ
মন্দাকিনী স্তিমিত নামনিত পৰ্বতৰ
,

দূৰৰ পৰা সুক্ষ্মৰূপত লাগিছে যেন পৃথিৱীৰ
কণ্ঠহাৰ

 

এষা প্রসন্নস্তিমিতপ্রবাহা
সৰিদ্বিদূৰান্তৰভাবতন্বী
|

মন্দাকিনী ভাতি
নগোপকণ্ঠে মুক্তাবলী কণ্ঠগতেব ভূমেঃ
|| ১৩৪৮||

 

সৌৱা চিত্ৰকূটৰ
সমীপৰ সুন্দৰ তমালবৃক্ষ
,

যাৰ সুবাসিত ফুলৰ
পাহিৰে সাজিছিলোঁ তোমাৰ কুণ্ডল
,

তোমাৰ যৱৰ কোমল পাতৰ দৰে ঈষৎ পাণ্ডু
গালৰ শোভা বঢ়াই

 

অয়ং সুজাতোঽনুগিৰং
তমালঃ প্রবালমাদায় সুগন্ধি যস্য
|

যবাঙ্কুৰাপাণ্ডুকপোলশোভী
ময়াবতংসঃ পৰিকল্পিতস্তে
|| ১৩৪৯||

 

চোৱাঁ, এয়া অত্ৰি মুনিৰ অতি মহিমামণ্ডিত তপোবন,

ইয়াৰ জীৱ-জন্তুৱে
নিগ্ৰহৰ ভীতিহীন হৈ শান্ত হৈ আছে
,

আৰু বৃক্ষই ফুল ফুলাৰ প্ৰক্ৰিয়াবিহীন
হৈয়ে ফলদান কৰিছে

 

অনিগ্রহত্রাসবিনীতসত্ত্বমপুষ্পলিঙ্গাৎফলবন্ধিবৃক্ষম্ |

বনং তপঃসাধনমেতদত্রেৰাবিষ্কৃতোদগ্রতৰপ্রভাবম্ || ১৩৫০||

 

যি শিৱৰ শিৰৰ মালাৰ
দৰে
,

সপ্তৰ্ষিয়ে কৰে
আহৰণ যাৰ স্বৰ্ণপদ্ম নিজ হাতেৰে
,

সেই মন্দাকিনীক
অত্ৰিমুনিৰ পত্নী অনসূয়াই

বোৱাই আনিছিল মুনিসকলৰ স্নানৰ বাবে

 

অত্রাভিষেকায় তপোধনানাং
সপ্তর্ষিহস্তোদ্ধৃতহেমপদ্মাম্
|

প্রবর্তয়ামাস কিলানসূয়া
ত্রিস্রোতসং ত্র্যম্বকমৌলিমালাম্
|| ১৩৫১||

 

বেদীৰ মাজত ধ্যানমগ্ন
ঋষিসকল বীৰাসনত উপবিষ্ট
,

বতাহ নাই বাবে থৰ লাগি থকা গছগছনিও
যেন ধ্যানমগ্ন

 

বীৰাসনৈর্ধ্যানজুষামৃষীণামমী
সমধ্যাসিতবেদিমধ্যাঃ
|

নিবাতনিষ্কম্পতয়া
বিভান্তি যোগাধিৰূঢা ইব শাখিনোঽপি
|| ১৩৫২||

 

তুমি আগতে যি গছৰ
আগত মনোবাঞ্ছা পূৰণৰ প্ৰাৰ্থনা কৰিছিলা
,

সেই শ্যাম গছত
ফল লাগি এতিয়া জিলিকি উঠিছে

পদ্মৰাগৰ লগত মৰকতমণিৰ দৰে শোভা পাইছে

 

ৎবয়া পুৰস্তাদুপয়াচিতো
যঃ সোঽযং বটঃ শ্যাম ইতি প্রতীতঃ
|

ৰাশির্মণীনামিব
গাৰুডানাং সপদ্মৰাগঃ ফলিতো বিভাতি
|| ১৩৫৩||


হে সুন্দৰ দেহবল্লৰীৰ ৰাজকুমাৰী,

গংগাৰ সোঁত যমুনাৰ
সৈতে মিলিত হোৱাত লাগিছে

ৰবাত উজ্জ্বল ইন্দ্ৰনীলমণিৰ লগত মুকুতাৰ মালা যেন,

ৰবাত
বগা পদুমৰ সৈতে গঁথা নীলা ভেঁটফুলৰ মালা যেন

 

ক্বচিৎপ্রভালেপিভিৰিন্দ্রনীলৈর্মুক্তাময়ী
যষ্টিৰিবানুবিদ্ধা
|

অন্যত্র মালা সিতপঙ্কজানামিন্দীবৰৈৰুৎখচিতান্তৰেব || ১৩৫৪||

 

ৰবাত মানস সৰোবৰৰ প্ৰিয় বগা ৰাজহাঁহৰ শাৰী কলা পাখিৰ হংসৰ সতে,

অন্য কৰবাত
লা সুবাসিত ৰেঘা অংকিত  চন্দনশোভিত ভূমিৰ দৰে

 

ক্বচিৎখগানাং প্রিয়মানসানাং
কাদম্বসংসর্গবতীব পঙ্ক্তিঃ
|

অন্যত্র কালাগুৰুদতাপত্রা
ভক্তির্ভুবশ্চন্দনকল্পিতেব
|| ১৩৫৫||

 

আন কৰবাত জোনাক যেন খণ্ড খণ্ড হৈ সিঁচৰিত ছাঁ মিহলি আন্ধাৰত,

ৰবাত
নীলা আকাশত ভূমূকি মৰা শৰতৰ বগা মেঘৰ দৰে

 

ক্বচিৎপ্রভা চান্দ্রমসী
তমোভিশ্ছায়াবিলীনৈঃ শবলীকৃতেব
|

অন্যত্র শুভ্রা
শৰদভ্রলেখা ৰন্ধ্রেষ্বিবালক্ষ্যনভঃপ্রদেশা
|| ১৩৫৬||

 

গংগাৰ শুভ্ৰ স্ৰোত
আৰু যমুনাৰ কৃষ্ণ তৰংগৰ ভিন্ন সংগমত

লা
সৰ্পালংকাৰ পৰিহিত শিৱৰ ভস্মৰাগ সনা শৰীৰ যেন দেখা গৈছে

 

ক্বচিচ্চ কৃষ্ণোৰগভূষণেব
ভস্মাঙ্গৰাগা তনুৰীশ্বৰস্য
|

পশ্যানবদ্যাঙ্গি
বিভাতি গঙ্গা ভিন্নপ্রবাহা যমুনাতৰঙ্গৈঃ
|| ১৩৫৭||

 

দুই সমুদ্ৰপত্নীৰ
সংগমস্থলীত যি কৰে অৱগাহন স্নান
,

তেওঁলোকৰ বন্ধ হয় পুনৰ্জন্ম নাথাকিলেও
তত্ত্বজ্ঞান

 

সমুদ্রপত্যোর্জলসংনিপাতে
পূতাত্মনামত্র কিলাভিষেকাৎ
|

তত্ত্বাববোধেন
বিনাপি ভূয়স্তনুত্যজাং নাস্তি শৰীৰবন্ধঃ
|| ১৩৫৮||

 

এয়া নিষাদৰাজ গূহৰ
নগৰী য
ত বান্ধিছিলোঁ জঁটা মুকুটমণি খুলি,

কান্দিছিল সাৰথি সুমন্তই
কৈকেয়ী, তোমাৰ
ইচ্ছা পূৰ্ণ হ

বুলি

 

পুৰং নিষাদাধিপতেৰিদং
তদ্যস্মিন্ময়া মৌলিমণিং বিহায়
|

জটাসু বদ্ধাস্বৰুদৎসুমন্ত্রঃ
কৈকেয়ি কামাঃ ফলিতাস্তবেতি
|| ১৩৫৯||

 

যাৰ স্বৰ্ণপদ্মৰ
ৰেণু দেৱনাৰীৰ বক্ষস্থলত সংলগ্ন হয়
,

অব্যক্ত কথাতেই
যেনেকৈ থাকে মহত্ত্ব
,

ঋষি আৰু জ্ঞানীৰ
মতে মানস সৰোৱৰ যাৰ উৎস
,

 

পয়োধৰৈঃ পুণ্যজনাঙ্গনানাং
নির্বিষ্টহেমাম্বুজৰেণু যস্যাঃ
|

ব্রাহ্মং সৰঃ কাৰণমাপ্তবাচো
বুদ্ধেৰিবাব্যক্তমুদাহৰন্তি
|| ১৩৬০||

 

যি নদীৰ তীৰত যজ্ঞৰ
যূপাৱলী স্থাপিত হৈ আছে
,

যি নৈৰ পানী ৰাজধানী
অযোধ্যাৰ উপকণ্ঠৰে বৈ গৈছে
,

অশ্বমেধ যজ্ঞৰ
শেষত সেই জলত অবভৃথ স্নান কৰি

ইক্ষ্বাকু বংশীয়সকলে অধিক পবিত্ৰ কৰি
তুলিছে

 

জলানি যা তীৰনিখাতয়ূপা
বহত্যয়োধ্যামনু ৰাজধানীম্
|

তুৰংগমেধাবভৃথাবতীর্ণৈৰিক্ষ্বাকুভিঃ
পুণ্যতৰীকৃতানি
|| ১৩৬১||

 

এই নদীৰ বালিচৰ
যেন প্ৰজাসকলৰ সুখদায়ক কোলাৰ দৰে
,

যাৰ জল পান কৰি
মোৰ দৰেই সকলো পৰিপুষ্ট হৈছে
,

তেওঁ উত্তৰ কোশলৰ সকলো প্ৰজাৰে ধাত্ৰীৰ
দৰে

 

যাং সৈকতোৎসঙ্গসুখোচিতানাং
প্রাজ্যৈঃ পয়োভিঃ পৰিবর্ধিতানাম্
|

সামান্যধাত্রীমিব
মানসং মে সংভাবয়ত্যুত্তৰকোসলানাম্
|| ১৩৬২||

 

সেয়া মান্য স্বামীৰ
পৰা বিৰহিত মোৰ আইৰ দৰে সৰযূ

দূৰ দেশৰ পৰা উভতিছোঁ বুলি বাসন্তী মলয়াই শীতলোৱা

তৰংগায়িত হাতেৰে মোক আলিংগন কৰিছে

 

সেয়ং মদীয়া জননীব
তেন মান্যেন ৰাজ্ঞা সৰয়ূর্বিয়ুক্তা
|

দূৰে বসন্তং শিশিৰানিলৈর্মাং
তৰংগহস্তৈৰুপগূহতীব
|| ১৩৬৩||

 

তামৰঙী ধূলি উৰিছে
মাটিৰ পৰা হেঙুলী সন্ধ্যাৰ দৰে
,

এনে লাগিছে যেন
হনুমানৰ মুখে আমাৰ আগমনৰ বাৰ্তা পাই

সৈন্যসামন্ত
লৈ ভৰত আহিছে আমাৰ প্ৰত্যাগমনৰ বাবে


বিৰক্তসংধ্যাকপিশং
পৰস্তাদ্যতো ৰজঃ পার্থিবমুজ্জিহীতে
|

শঙ্কে হনূমৎকথিতপ্রবৃত্তিঃ
প্রত্যুদ্গতো মাং ভৰতঃ সসৈন্যঃ
|| ১৩৬৪||

 

যিদৰে যুদ্ধত মই
খৰ আদি ৰাক্ষসক বধি ঘূৰি আহোঁতে
,

সুৰক্ষা দিয়া লক্ষ্মণে
তোমাক মোৰ হাতত সমৰ্পণ কৰিছিল
,

সাধু ভৰতে তেনেকৈয়ে
অস্পৰ্শিত সংৰক্ষিত ৰাজলক্ষ্মী

প্ৰতিজ্ঞা পালনৰ অন্তত ঘূৰি আহোঁতে মোৰ
হাতত তুলি দিব

 

অদ্ধা শ্রিয়ং পালিতসংগৰায়
প্রত্যর্পয়িষ্যত্যনঘাং স সাধুঃ
|

হৎবা নিবৃত্তায়
মৃধে খৰাদীন্সংৰক্ষিতাং ৎবামিব লক্ষ্মণো মে
|| ১৩৬৫||

 

সৌৱা তেওঁ আহিছে
বাকলি বসন পৰিধান কৰি
,

সৈন্যদল থৈ আহিছে
পিছত
, কুলগুৰুক ৰাখি আগত,

বৰ্ষিয়ান অমাত্যসকলক লগত লৈ উপহাৰ আৰু
অৰ্ঘ্য লৈ হাতত

 

অসৌ পুৰস্কৃত্য
গুৰুং পদাতিঃ পশ্চাদবস্থাপিতবাহিনীকঃ
|

বৃদ্ধৈৰমাত্যৈঃ
সহ চীৰবাসা মামর্ঘ্যপাণির্ভৰতোঽপ্যুপৈতি
|| ১৩৬৬||

 

যুৱক হৈ পিওতৃপ্ৰদত্ত
ৰাজ্য উপভোগ নকৰি

ইমান বছৰে তৰোৱালৰ
ধাৰৰ দৰে ব্ৰত পালন কৰি
,

মোৰ অপেক্ষাতে ৰৈ আছে

 

পিত্রা বিসৃষ্টাং
মদপেক্ষয়া যঃ শ্রিয়ং যুবাপ্যঙ্কগতামভোক্তা
|

ইয়ন্তি বর্ষাণি
তয়া সহোগ্রমভ্যস্যতীব ব্রতমাসিধাৰম্
|| ১৩৬৭||

 

দাশৰথীয়ে এই বৰ্ণনা
দি থাকোঁতেই

তেওঁৰ মনোৰথ বুজিলে
বিমানৰ অধিপতি দেৱতাই

বিমান নামি আহিল আকাশৰ পৰা তেতিয়াই

সবিস্ময়ে চাই থাকিল ভৰতৰ অনুগামী সেনাই

 

এতাবদুক্তবতি দাশৰথৌ
তদীয়া

মিচ্ছাং বিমানমধিদেবতয়া
বিদিৎবা
|

জ্যোতিষ্পথাদবতাৰ
সবিস্ময়াভি

ৰুদ্বীক্ষিতং প্রকৃতিভির্ভৰতানুগাভিঃ || ১৩৬৮||

 

সেৱাত বিচক্ষণ
বানৰৰাজ সুগ্ৰীৱৰ হাতত ধৰি

ৰাম বিমানৰ পৰা
নামিল স্ফটিকৰ জখলাৰে
,

সমুখত ৰৈ স্ফটিকৰ পথ দেখুৱালে বিভীষণে

 

তস্মাৎপুৰঃসৰবিভীষণদর্শনেন

সেবাবিচক্ষণহৰীশ্বৰদত্তহস্তঃ |

যানাদবাতৰদদূৰমহীতলেন

মার্গেণ ভঙ্গিৰচিতস্ফটিকেন
ৰামঃ
|| ১৩৬৯||

 

পৱিত্ৰপ্ৰাণ ৰামে
প্ৰথমেই নমন কৰিলে ইক্ষ্বাকু কুলগুৰুক
,

তাৰ পাছত অৰ্ঘ্যাদি লৈ আনন্দাশ্ৰুৰে আলিংগন
কৰিলে ভৰতক

ঘ্ৰাণ কৰিলে ভাতৃৰ শিৰ,
ভাতৃভক্তিৰ
বাবে যি তেজিলে ৰাজ্যাভিষেক
 

 

ইক্ষ্বাকুবংশগুৰবে
প্রয়তঃ প্রণম্য

স ভ্রাতৰং ভৰতমর্ঘ্যপৰিগ্রহান্তে |

পর্যশ্রুৰস্বজত
মূর্ধনি চোপজঘ্রৌ

তদ্ভক্ত্যপোঢপিতৃৰাজ্যমহাভিষেকে || ১৩৭০||

 

বৃদ্ধ মন্ত্ৰীসকলে
ৰামক জনালে সেৱা
,

তেওঁলোকৰ দীঘল দাঢ়িচুলি
যেন বটগছৰ ওলমি পৰা শিপা

মৰমসনা শুভদৃষ্টিৰে
চাই তেওঁলোকৰ স্বীকাৰ কৰিলে সম্ভাষণ
,

কুশল প্ৰশ্ন আৰু মধুৰ সম্ভাষণেৰে কৰিলে
অনুগ্ৰহ প্ৰকাশ

 

 শ্মশ্রুপ্রবৃদ্ধিজনিতাননবিক্রিয়াংশ্চ

প্লক্ষান্প্রৰোহজটিলানিব
মন্ত্রিবৃদ্ধান্
|

অন্বগ্রহীৎপ্রণবতঃ
শুভদৃষ্টিপাতৈ

র্বাতানুয়োগমধুৰাক্ষৰয়া
চ বাচা
|| ১৩৭১||

 

ঋক্ষ আৰু বানৰৰ
অধিপতি এওঁ সুগ্ৰীৱ দুঃসময়ৰ সখা
,

এওঁ পৌলস্ত্য বিভীষণ
সমৰত আগৰণুৱা
,

ৰামে এনেকৈয়ে দুয়োৰে
দিলে পৰিচয়
,

লক্ষ্মণকো এৰি ভৰতে দুয়োকে কৰিলে বন্দনা

 

দুর্জাতবন্ধুৰয়মৃক্ষহৰীশ্বৰো
মে

পৌলস্ত্য এষ সমৰেষু
পুৰঃপ্রহর্তা
|

ইত্যাদৃতেন কথিতৌ
ৰঘুনন্দনেন

ব্যুৎক্রম্য লক্ষ্মণমুভৌ
ভৰতো ববন্দে
|| ১৩৭২||

 

তাৰ পাছতে ভৰত মিলিত
ল সৌমিত্ৰৰ সৈতে,

প্ৰণাম জনোৱা লক্ষ্মণক তুলি ধৰিলে ভৰতে

দৃঢ় আলিংগন কৰিলে
তেওঁ নিবিড়ভাৱে
,

মেঘনাদৰ বাণত কৰ্কশ বুকুখনিৰ আঘাত অনুভৱ
কৰিলে

 

সৌমিত্রিণা তদনু
সংসসৃজে স চৈন

মুত্থাপ্য নম্রশিৰসং
ভৃশমালিলিঙ্গ
|

ৰূঢেন্দ্রজিৎপ্রহৰণব্রণকর্কশেন

ক্লিশ্যন্নিবাস্য
ভুজমধ্যমুৰস্থলেন
|| ১৩৭৩||

 

বানৰ সেনাপতিসকলে
ৰামৰ আদেশত

মানুহৰ দেহ ধাৰণ কৰি উঠিল হাতীৰ পিঠিত

বহুধাৰাৰে মদবৰ্ষী
পিঠিত উঠি গজৰাজৰ

সুখ পালে পাহাৰত আৰোহণ কৰাৰ

 

ৰামাজ্ঞয়া হৰিচমূপতয়স্তদানীং

কৃৎবা মনুষ্যবপুৰাৰুৰুহুর্গজেন্দ্রান্ |

তেষু ক্ষৰৎসু বহুধা
মদবাৰিধাৰাঃ

শৈলাধিৰোহণসুখান্যুপলেভিৰেমে || ১৩৭৪||

 

ৰাক্ষসৰাজ বিভীষণেও
আৰোহণ কৰিলে

অনুচৰসকলৰ সৈতে
ৰামে দেখুৱাই দিয়া ৰথত
,

ৰাক্ষসৰ মায়াসৃষ্ট ৰথো তুলনা নহয় সেই
ৰথৰ

 

সানুপ্লবঃ প্রভুৰপি
ক্ষণদাচৰাণাং

ভেজে ৰথান্দশৰথপ্রভবানুশিষ্টঃ |

মায়াবিকল্পৰচিতৈৰপি
যে তদীয়ৈ

র্ন স্যন্দনৈস্তুলিতকৃত্রিমভক্তিশোভাঃ || ১৩৭৫||

 

তাৰ পাছত ৰামে ভৰত
আৰু লক্ষ্মণৰ লগত পুনৰ

আৰোহণ কৰিলে পতাকা শোভিত
ইচ্ছাগতিৰ বিমানত
,

দেখি বোধ হল যেন দেখা গল বিশেষ যোগত,

বুধ আৰু বৃহস্পতিৰ
সৈতে চন্দ্ৰই আৰোহণ কৰা

চঞ্চল বিজুলীৰে সজোৱা সন্ধ্যাৰ মেঘমালাত

 

ভূয়স্ততো ৰঘুপতির্বিলসৎপতাক

মধ্যাস্ত কামগতি
সাবৰজো বিমানম্
|

দোষাতনং বুধবৃহস্পতিয়োগদৃশ্য

স্তাৰাপতিস্তৰলবিদ্যুদিবাভ্রবৃন্দম্ || ১৩৭৬||

 

প্ৰলয়কালত যিদৰে
ঈশ্বৰে জগত উদ্ধাৰ কৰে
,

শৰৎকালে যেনেকৈ
বাৰিষাৰ মেঘৰ পৰা

জোনৰ পোহৰ মুকলি
কৰে
,

তেনেকৈ দশাননৰূপী
সংকটৰ পৰা ৰামে উদ্ধাৰ কৰা

সেই ধীৰস্থিৰ
মৈথেলীক ভৰতে বন্দনা কৰিলে

 

তত্রেশ্বৰেণ জগতাং
প্রলয়াদিবোর্বীং

বর্ষাত্যয়েন ৰুচমভ্রঘনাদিবেন্দোঃ|

ৰামেণ মৈথিলসুতাং
দশকণ্ঠকৃচ্ছ্রা

ৎপ্রত্যুদ্ধৃতাং
ধৃতিমতীং ভৰতো ববন্দে
|| ১৩৭৭||

 

যি ৰাৱণৰ প্ৰাৰ্থনা
প্ৰত্যাখ্যান কৰি

দৃঢ় ব্ৰতেৰে ৰক্ষা
কৰিছিল নিজৰ সতিত্ব
,

সেই সীতাৰ চৰণযুগল
বন্দনীয়
,

স্পৰ্শ কৰিলে ভৰতৰ
জঁটাবন্ধা শিৰে
,

যি জ্যেষ্ঠভাতৃৰ
সেৱাত ব্ৰতী দীৰ্ঘকাল
,

দুয়ো দুয়োৰে সংস্পৰ্শত হ
পাৱন

 

লঙ্কেশ্বৰপ্রণতিভঙ্গদৃঢব্রতং

দ্বন্দ্যং যুগং
চৰণয়োর্জনকাত্মজায়াঃ
|

জেষ্ঠানুবৃত্তিজটিলং
চ শিৰোঽস্য সাধো

ৰন্যোন্যপাবনমভূদুভয়ং
সমেত্য
|| ১৩৭৮||

 

তাৰ পাছত কাকুৎস্থসকল
প্ৰজাসকলক আগত লৈ

অতি ধীৰগতিত আকাশীপথেৰে পুষ্পক বিমানত
গৈ থাকিল

আধাক্ৰোশ বাট গৈ
অৱতৰণ কৰিলে সাকেট উপবনত

অৱস্থান কৰিলে শত্ৰুঘ্নই কৰা প্ৰতিবিহিত
আয়োজনত

 

ক্রোশার্ধং প্রকৃতিপুৰঃসৰেণ
গৎবা

কাকুৎস্থঃ স্তিমিতজবেন
পুষ্পকেণ
|

শত্রুঘ্নপ্রতিবিহিতোপকার্যমার্যঃ

সাকেতোপবনমুদাৰমধ্যুবাস || ১৩৭৯||

 

(কালিদাসৰ ৰঘুবংশৰ ত্রয়োদশ অধ্যায় সমাপ্ত )

 

ইতি শ্রীৰঘুবংশে
মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ

দণ্ডকাপ্রত্যাগমনো
নাম ত্রয়োদশঃ সর্গঃ
||



|
 অধ্যায়  ||

 

তাত উপস্থিত হৈ
দেখিলে দাশৰথীয়ে

জঁয় পৰাৰ দৰে ধুমুহাত
উভলি পৰা বৰগছৰ আশ্ৰিত লতা

স্বামীৰ দেহাৱসানত দুই জননীৰ হৈছে অতি
শোচনীয় দশা

 

ভর্তুঃ প্রণাশাদথ
শোচনীয়ং দশান্তৰং তত্র সমং প্রপন্নে
|

অপশ্যতাং দাশৰথী
জনন্যৌ ছেদাদিবোপঘ্নতৰোর্ব্রতত্যৌ
|| ১৪||

 

শত্ৰুনিধনকাৰী
আৰু বল
বিক্ৰমেৰে প্ৰশংসিত দুই পুত্ৰই

যথাক্ৰমে প্ৰণাম কৰিলে দুই জননীক

ক্ৰন্দনত দৃষ্টি হেৰুওৱা মাতৃয়ে স্পৰ্শসুখেৰে
চিনিলে পুত্ৰক

 

উভাবুভাভ্যাং প্রণতৌ
হতাৰী যথাক্রমং বিক্রমশোভিনৌ তৌ
|

বিস্পষ্টমস্রান্ধতয়া
ন দৃষ্টৌ জ্ঞাতৌ সুতস্পর্শসুখোপলম্ভাৎ
|| ১৪||

 

গংগা আৰু সৰযূৰ
গ্ৰীষ্মৰ তাপে উষ্ণ কৰি তোলা পানীক

হিমালয়ৰ হিমায়িত
জল ঝৰণাৰে আহি শীতলাই তোলাৰ দৰে
,

তেওঁলোকৰ শীতল আনন্দাশ্ৰুৱে দুখৰ উষ্ণ
শোকাশ্ৰু ধুই নিলে

 

আনন্দজঃ শোকজমশ্রুবাষ্পস্তয়োৰশীতং
শিশিৰো বিভেদ
|

গঙ্গাসৰয়্বোর্জলমুষ্ণতপ্তং
হিমাদ্রিনিস্যন্দ ইবাবতীর্ণঃ
|| ১৪||

 

দুই পুত্ৰৰ শৰীৰত
ৰাক্ষসৰ সৈতে যুঁজৰ হোৱা ক্ষতচিহ্নত

বুলালে আলফুলে
আদৰৰ হাত
,

এতিয়াও যেন ৰক্তৰঞ্জিত
সেই আঘাত
,

ঈপ্সিত নহয় আৰু ক্ষত্ৰিয় কুলাংগনাৰ বীৰপ্ৰসৱিনী
সুবাদ

 

তে পুত্রয়োর্নৈঋতশস্ত্রমার্গানার্দ্রানিবাঙ্গে
সদয়ং স্পৃশন্তৌ
|

অপীপ্সিতং ক্ষত্রকুলাঙ্গনানাং
ন বীৰসূশব্দমকাময়েতাম্
|| ১৪||

 

মই সেই অলক্ষণা
সীতা
, যাৰ বাবে স্বামীয়ে অনেক ক্লেশ সহিছে,

এই বুলি বধুৱে স্বৰ্গগত শহুৰৰ  দুই মহিষীক সমভক্তিৰে
সেৱা কৰিলে

 

ক্লেশাবহা ভর্তুৰলক্ষণাহং
সীতেতি নাম স্বমুদীৰয়ন্তী
|

স্বর্গপ্রতিষ্ঠস্য
গুৰোর্মহিষ্যাবভক্তিভেদেন বধূর্ববন্দে
|| ১৪||

 

উঠা আই! তোমাৰ পৱিত্ৰ চৰিত্ৰৰ শক্তিয়েই জয়ী কৰিলে

পৰম সংকটত তোমাৰ
স্বামীক তেওঁৰ ভাতৃৰ সৈতে
,

দুই জননীয়ে সীতাক আশ্বাসিলে এই প্ৰিয়
অথচ সত্য বচনেৰে

 

উত্তিষ্ঠ বৎসে
ননু সানুজোঽসৌ বৃত্তেন ভর্তা শুচিনা তবৈব
|

কৃচ্ছ্রং মহত্তীর্ণ
ইব প্রিয়ার্হাং তামূচতুস্তে প্রিয়মপ্যমিথ্যা
|| ১৪||

 

তাৰ পাছতে আৰম্ভ
ল ৰঘুবংশৰ ধ্বজাস্বৰূপ ৰামৰ অভিষেক,

প্ৰথমে মাতৃৰ আনন্দাশ্ৰুৰ
জলেৰে
,

বৃদ্ধ অমাত্যসকলে
অনুষ্ঠান শেষ কৰিলে সোণৰ কলচীত

তীৰ্থস্থানৰ পৰা অনা পৱিত্ৰ জলেৰে

 

অথাভিষেকং ৰঘুবংশকেতোঃ
প্রাৰব্ধমানন্দজলৈর্জনন্যোঃ
|

নির্বর্তয়ামাসুৰমাত্যবৃদ্ধাস্তীর্থাহৃতৈঃ
কাঞ্চনকুম্ভতোয়ৈঃ
|| ১৪||

 

নদীসাগৰসৰোবৰ সকলোৰে পৰা

স্নানৰ পানী আনিলে
বানৰ আৰু ৰাক্ষসে
,

সেই জলৰাশি তেওঁৰ
বিজয়ী শিৰৰ পৰা নিগৰিলে

যেন বিন্ধ্যপৰ্বতৰ চূড়াত মেঘৰ বৰ্ষণ
হৈছে

 

সৰিৎসমুদ্রান্সৰসীশ্চ
গৎবা ৰক্ষঃকপীন্দ্রৈৰুপপাদিতানি
|

তস্যাপতন্মূর্ধ্নি
জলানি জিষ্ণোর্বিন্ধ্যস্য মেঘপ্রভবা ইবাপঃ
|| ১৪||

 

তপস্বীৰ বেশ ধাৰণতো
তেওঁক অতিকে শুৱাইছিল
,

আজি ৰাজৰাজেন্দ্ৰৰ বেশত তেওঁৰ শোভা দুগুণে
চৰিল

 

তপস্বিবেষক্রিয়য়াপি
তাবদ্যঃ প্রেক্ষণীয়ঃ সুতৰাং বভূব
|

ৰাজেন্দ্রনেপথ্যবিধানশোভা
তস্যোদিতাসীৎপুনৰুক্তদোষা
|| ১৪||

 

ৰামে নিজ কুলৰ
ৰাজধানীত প্ৰবেশ কৰিলে

লগতে থাকিল অমাত্যগণ, অনুগত বানৰ আৰু ৰাক্ষস,

আছিল সৈন্যদল আৰু
তূৰ্যধ্বনিৰে মুখৰিত আনন্দিত নগৰবাসী
,

গৱাক্ষৰে চাউল ছটিয়াইছিল নাৰীয়ে সুউচ্চ
তোৰণ শোভিত ৰাজধানীত

 

স মৌলৰক্ষোহৰিভিঃ
সসৈন্যস্তূর্যস্বনানন্দিতপৌৰবর্গঃ
|

বিবেশ সৌধোদ্গতলাজবর্ষামুত্তোৰণামন্বয়ৰাজধানীম্|| ১৪১০||

 

ৰামচন্দ্ৰ বহিছে
ৰথত দুই সৌমিত্ৰই ধীৰে ধীৰে 
চামৰৰ বা দিছে,

ভৰতে ধৰিছে ৰাজছত্ৰ যেন  অযোধ্যাত শাসনৰ চতুৰ্সাধন
প্ৰৱেশিছে 

 

সৌমিত্রিণা সাবৰজেন
মন্দমাধূতবালব্যজনো ৰথস্থঃ
|

ধৃতাতপত্রো ভৰতেন
সাক্ষাদুপায়সংঘাত ইব প্রবৃদ্ধঃ
|| ১৪১১||

 

প্ৰাসাদৰ ধূপৰ
ধোঁৱা বতাহত বিয়পি পৰিছিল
,

যেন বনবাসৰ পৰা
উভতি আহি ৰামে

অযোধ্যা নগৰীৰ বিৰহৰ বেণী নিজ হাতে খুলি
দিছে

 

প্রাসাদকালাগুরুধূমৰাজিস্তস্যাঃ
পুৰো বায়ুবশেন ভিন্না
|

বনান্নিবৃত্তেন
ৰঘূত্তমেন মুক্তা স্বয়ং বেণিৰিবাবভাসে
|| ১৪১২||

 

শাহুআইসকলে অতি
সুন্দৰকৈ সজালে সীতাক
,

কৰ্ণীৰথত উঠি ৰঘুবীৰৰ
সহধৰ্মিনী

প্ৰাসাদৰ গৱাক্ষত ৰৈ অযোধ্যাৰ ৰমণীয়ে
কৰিলে কৃতাঞ্জলি

 

শ্বশ্রূজনানুষ্ঠিতচাৰুবেষাং
কর্ণীৰথস্থাং ৰঘুবীৰপত্নীম্
|

প্রাসাদবাতায়নদৃশ্যবন্ধৈঃ
সাকেতনার্যোঽঞ্জলিভিঃ প্রণেমুঃ
|| ১৪১৩||

 

অনসূয়া প্ৰদত্ত
অক্ষয় অংগৰাগেৰে জিলমিল তেজস্বিনী সীতা

দেখি এনে লাগিল
যেন ৰামে অযোধ্যাক দেখুৱাইছে

অগ্নিৰ মাজত ৰৈ থকা বিশুদ্ধ সীতাক

 

স্ফুৰৎপ্রভামণ্ডনমানসূয়ং
সা বিভ্রতী শাশ্বতমঙ্গৰাগম্
|

ৰৰাজ শুদ্ধেতি
পুনঃ স্বপুর্যৈ সংদর্শিতা বহ্নিগতেব ভর্ত্রা
|| ১৪১৪||

 

সুহৃদৱৎসল ৰামে
ব্যৱস্থা কৰিলে

বন্ধুসকলৰ বাবে
সুবিধাসহ বিশ্ৰামগৃহ
,

তাৰ পাছত সজলনয়নে
প্ৰৱেশ কৰিলে পিতাৰ শয়নকক্ষত
,

পিতা নাই আছে তাত পিতাৰ প্ৰতিকৃতি আৰু
অৰ্পণ কৰা পুষ্প

 

বেশ্মানি ৰামঃ
পৰিবর্হবন্তি বিশ্রাণ্য সৌহার্দনিধিঃ সুহৃদ্ভ্যঃ
|

বাষ্পায়মানো বলিমন্নিকেতমালেখ্যশেষস্য
পিতুর্বিবেশ
|| ১৪১৫||

 

ভৰতজননীৰ লজ্জা
দূৰ কৰিবলৈ কৃতাঞ্জলি কৰি ক
লে ৰামে,

সত্যভ্ৰষ্ট নহৈ আমাৰ পিতা স্বৰ্গলৈ যাব
পাৰিলে তোমাৰ সুকৃতিতে

 

কৃতাঞ্জলিস্তত্র
যদম্ব সত্যান্নাভ্রশ্যত স্বর্গফলাদ্গুৰুর্নঃ
|

তচ্চিন্ত্যমানং
সুকৃতং তবেতি জহাৰ লজ্জাং ভৰতস্য মাতুঃ
|| ১৪১৬||

 

সকলো বস্তু হাততে
পোৱাৰ বিদ্যা জানিছিল তেওঁলোকে ইচ্ছাশক্তিত
,

তথাপি সুগ্ৰীৱবিভীষণ
প্ৰমুখ্যে সকলো বিস্মিত হ

ৰামৰ পৰিচৰ্যাত

 

তথৈৱ সুগ্রীৱবিভীষণাদীনুপাচৰৎকৃত্রিমসংবিধাভিঃ |

সংকল্পমাত্রোদিতসিদ্ধয়স্তে
ক্রান্তা যথা চেতসি বিস্ময়েন
|| ১৪১৭||

 

দিব্যমুনিসকলক
কৰিলে পুৰস্কৃত বহু মূল্যৱান দ্ৰব্যৰে
,

নিজ বীৰত্বৰ গৌৰৱ
সূচনা কৰা নিহত শত্ৰু দশাননৰ

জন্মকে আদি কৰি নানা কাহিনী শুনিলে তেওঁলোকৰ
মুখে

 

সভাজনায়োপগতান্স
দিব্যান্মুনীন্পুৰস্কৃত্য হতস্য শত্রোঃ
|

শুশ্রাব তেভ্যঃ
প্রভবাদি বৃত্তং স্ববিক্রমে গৌৰবমাদধানম্
|| ১৪১৮||

 

তপোধন ঋষিসকলৰ
প্ৰস্থানৰ পাছত সুখ
সমৃদ্ধিৰ উপভোগেৰে

অতিবাহিত হল এটা পষেক ৰাক্ষসাধিপতি আৰু বানৰৰাজৰ,

সীতাই নিজহাতে
কৰিলে সেৱা তেওঁলোকৰ
,

অৱশেষত ৰামচন্দ্ৰই তেওঁলোকক জনালে বিদায়
সম্ভাষণ

 

প্রতিপ্রয়াতেষু
তপোধনেষু সুখাদবিজ্ঞাতগতার্ধমাসান্
|

সীতাস্বহস্তোপহৃতাগ্র্যপূজান্রক্ষঃকপীন্দ্রান্বিসসর্জ
ৰামঃ
|| ১৪১৯||

  

স্মৰণমাত্ৰকে আহি
উপস্থিত হোৱা পুষ্পকবিমান
,

ৰাক্ষসৰাজ ৰাৱণৰ
জীৱন অন্ত কৰি জয় কৰিছিল ৰামে
,

স্বৰ্গীয় পুষ্পস্বৰূপ পুষ্পক ঘূৰাই দিলে
কৈলাসনাথক আৰোহণৰ বাবে

 

তচ্চাত্মচিন্তাসুলভং
বিমানং হৃতং সুৰাৰেঃ সহ জীবিতেন
|

কৈলাসনাথোদ্বহনায়
ভূয়ঃ পুষ্পং দিবঃ পুষ্পকমন্বমংস্ত
|| ১৪২০||

 

পিতাৰ আদেশ মানি
বনবাসৰ অন্তত ৰাজ্যভাৰ গ্ৰহণ কৰিলে ৰামে
,

ধৰ্মঅৰ্থকামত
সমভাৱে প্ৰবৃত্ত হ

যিদৰে সমভাৱ তিনিভাতৃৰ বাবে

 

পিতুর্নিয়োগাদ্বনবাসমেবং
নিস্তীর্য ৰামঃ প্রতিপন্নৰাজ্যঃ
|

ধর্মার্থকামেষু
সমাং প্রপেদে যথা তথৈবাবৰজেষু বৃত্তিম্
|| ১৪২১||

 

সকলো কেইগৰাকী
মাতৃৰ প্ৰতি আছিল

মাতৃবৎসল ৰামৰ
সমভক্তি আৰু মাতৃপ্ৰেম
,

দেৱসেনাপতি ষড়াননে
যিদৰে ছয়মুখেৰে

সমভক্তিৰে কৰিছিল কৃত্তিকাসকলৰ স্তনপান

 

সর্বাসু মাতুষ্বপি
বৎসলৎবাৎস নির্বিশেষপ্রতিপত্তিৰাসীৎ
|

ষডাননাপীতপয়োধৰাসু
নেতা চমূনামিব কৃত্তিকাসু
|| ১৪২২||

 

তেওঁৰ নিৰ্লোভ
ব্যৱস্থাপনাত সম্পদ বৃদ্ধি হ
,

সকলো বিঘ্নভয় দূৰ কৰি সৎকৰ্ম হ
অনুষ্ঠিত

দান কৰিলে লোকশিক্ষা
যেন ৰাজ্যবাসীৰ তেওঁ পিতা
,

দূৰ কৰিলে শোকসন্তাপ
যেন তেওঁ সকলোৰে পুত্ৰ

 

তেনার্থবাঁল্লোভপৰাঙ্মুখেন
তেন ঘ্নতা বিঘ্নভয়ং ক্রিয়াবান্
|

তেনাস লোকঃ পিতৃমান্বিনেত্রা
তেনৈব শোকাপনুদেব পুত্রী
|| ১৪২৩||

 

তেওঁ পূৰ্ণসময়
ৰাজকাৰ্যত মনোনিবেশ কৰি

বিদেহাধিপতিৰ দুহিতাৰ সংগ উপভোগ কৰিছিল

যেন লক্ষ্ণীদেৱীয়ে
ৰামক পোৱাৰ হেঁপাহত

সীতাৰ সুন্দৰ শৰীৰ আশ্ৰয়ত মিলিত হৈছে
ৰামৰ সৈতে

 

স পৌৰকার্যাণি
সমীক্ষ্য কালে ৰেমে বিদেহাধিপতের্দুহিত্রা
|

উপস্থিতশ্চাৰু
বপুস্তদীয়ং কৃৎবোপভোগোৎসুকয়েব লক্ষ্ম্যা
|| ১৪২৪||


তেওঁলোকৰ হাততে
আছিল সকলো ভোগ্যদ্ৰব্য বাসনাৰ
,

এতিয়া চিত্ৰশালাত দণ্ডকাৰণ্যৰ দুখৰ ছবিও
দেখি লাগে সুখৰ

 

তয়োর্যথাপ্রার্থিতমিন্দ্রিয়ার্থানাসেদুষোঃ
সদ্মসু চিত্রবৎসু
|

প্রাপ্তানি দুঃখান্যপি
দণ্ডকেষু সংচিন্ত্যমানানি সুখান্যভূবন্
|| ১৪২৫||

 

তাৰ পাছত সীতাৰ
চকুৰ দৃষ্টি অধিক স্নিগ্ধ হৈ আহিল
,

মুখখনি শৰণ খেৰৰ দৰে শেঁতা ৰঙৰ হ

শব্দৰে নকলেও,
গৰ্ভধাৰণৰ
কথা বুজি ৰাম অতিকে সুখী হ

 

অথাধিকস্নিগ্ধবিলোচনেন
মুখেন সীতা শৰপাণ্ডুৰেণ
|

আনন্দয়িত্রী পৰিণেতুৰাসীদনক্ষৰব্যঞ্জিতদোহদেন|| ১৪২৬||

 

তেওঁৰ অংকশায়িনী
লজ্জাৱতী পত্নীৰ

শৰীৰ ক্ষীণ আৰু
ৰং সলনি হ
ল স্তনবৃন্তৰ,

নিভৃতে গোপনে ৰামে সুধিলে তেওঁৰ ইচ্ছাৰ

 

তামঙ্কমাৰোপ্য
কৃশাঙ্গয়ষ্টিং বর্ণান্তৰাক্রান্তপয়োধৰাগ্রাম্
|

বিলজ্জমানাং ৰহসি
প্রতীতঃ পপ্রচ্ছ ৰামাং ৰমণোঽভিলাষম্
|| ১৪২৭||

 

ভাগীৰথীৰ পাৰৰ
কুশবনেৰে ভৰা তপোবনলৈ

যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে সীতাই

ত বন্যজন্তুৱে ধানৰ মুঠি চোবাই

হাতত হাত ধৰি অৰণ্যত ফুৰে ঋষিকন্যাই

 

সা দষ্টনীবাৰবলীনি
হিংস্রৈঃ সংবদ্ধবৈখানসকন্যকানি
|

ইয়েষ ভূয়ঃ কুশবন্তি
গন্তুং ভাগীৰথীতীৰতপোবনানি
|| ১৪২৮||

 

ৰঘুবীৰে প্ৰতিশ্ৰুতি
দিলে সীতাৰ ইচ্ছাপূৰণৰ
,

তাৰ পাছতে এক অনুচৰৰ
লগত
,

আলোকিত উচ্ছ্বল সুখী
অযোধ্যাৰ চাবলৈ ৰেহৰূপ

উঠিলগৈ গগনচুম্বী ৰাজপ্ৰাসাদৰ ওপৰত

 

তস্যৈ প্রতিশ্রুত্য
ৰঘুপ্রবীৰস্তদীপ্সিতং পার্শ্বচৰানুয়াতঃ
|

আলোকয়িষ্যন্মুদিতাময়োধ্যাং
প্রাসাদমভ্রংলিহমাৰুৰোহ
|| ১৪২৯||


ঋদ্ধ বিপনন আৰু
প্ৰশস্ত ৰাজপথ প্ৰজাৰে পূৰ্ণ
,

সৰযূ নদীত কৰিছে
নৰ
নাৰীয়ে নৌকাবিহাৰ,

বিলাসী মানুহবোৰ
নগৰৰ উপকণ্ঠ উপবনত উৎসৱত মগন
,

দেখি ৰামচন্দ্ৰৰ অতিকৈ সুখী হ
মন

 

ঋদ্ধাপণং ৰাজপথং
স পশ্যন্বিগাহ্যমানাং সৰয়ূং চ নৌভিঃ
|

বিলাসিভিশ্চাধ্যুষিতানি
পৌৰৈঃ পুৰোপকণ্ঠোপবনানি ৰেমে
|| ১৪৩০||

 

সচ্চৰিত্ৰ, বাগ্মীবৰ, সৰ্পৰাজৰ দৰে সুদীৰ্ঘ বাহুৰ শত্ৰুঞ্জয়ী ৰামে,

ভদ্ৰ নামৰ এক অনুচৰক
মাতি সুধিলে

প্ৰজাই কথোপকথনত কি গল্প কৰে তেওঁৰ বিষয়ে

 

স কিংবদন্তীং বদতাং
পুৰোগঃ স্ববৃত্তমুদ্দিশ্য বিশুদ্ধবৃত্তঃ
|

সর্পাধিৰাজোৰুভুজোঽপসর্পং
পপ্রচ্ছ ভদ্রং বিজিতাৰিভদ্রঃ
|| ১৪৩১||

 

বহুবাৰ সোধাৰ পাছত
সংকোচেৰে জনালে সেই অনুচৰে
,

ৰাক্ষসৰ ভৱনত বাস
কৰাৰ পাছতো আপুনি এক নাৰীক গ্ৰহণ কৰিলে
,

ইয়াৰ বাহিৰে আন সকলো কথাতেই প্ৰজাই আপোনাক
শলাগে

 

নির্বন্ধপৃষ্টঃ
স জগাদ সর্বং স্তুবন্তি পৌৰাশ্চৰিতং ৎবদীয়ম্
|

অন্যত্র ৰক্ষোভবনোষিতায়াঃ
পৰিগ্রহান্মানবদেব দেব্যাঃ
|| ১৪৩২||

 

পত্নীৰ বিষয়ে এই
ঘোৰ অপযশে হিয়া চূৰ্ণ কৰিলে বৈদেহীবল্লভৰ
,

তপ্তৰক্তবৰ্ণ
লোহাত যেন কোব পৰিল হাতুৰীৰ

 

কলত্রনিন্দাগুৰুণা
কিলৈবমভ্যাহতং কীর্তিবিপর্যয়েণ
|

অয়োঘনেনায় ইবাভিতপ্তং
বৈদেহিবন্ধোর্হৃদয়ং বিদদ্রে
|| ১৪৩৩||

 

নিজৰ এই অপযশক
আওকাণ কৰিব

নে নিৰ্দোষ সীতাক
পৰিত্যাগ কৰিব
,

নোৱাৰিলে ৰামে
এটি কথাও মানি ল
,

অশান্ত মনেৰে ৰামে কৰিলে ছাটিফুটি

 

কিমাত্মনির্বাদকথামুপেক্ষে
জায়ামদোষামুত সংত্যজামি
|

ইত্যেকপক্ষাশ্রয়বিক্লবৎবাদাসীৎস
দোলাচলচিত্তবৃত্তিঃ
|| ১৪৩৪||


পত্নীপৰিত্যাগৰ বাহিৰে অপবাদ ৰোধাৰ নেদেখিলে আন কোনো উপায়,

দোষ নাশিবলৈ মনস্থিৰ কৰিলে নিজ প্ৰিয়তমাক
পৰিত্যাগ কৰাৰ

যশস্বীলোকৰ যশৰ বাবে শৰীৰো নগণ্য,
প্ৰশ্নই
নুঠে ইন্দ্ৰিয়সুখৰ

 

নিশ্চিত্য চানন্যনিবৃত্তি
বাচ্যং ত্যাগেন পত্ন্যাঃ পৰিমার্ষ্টুমৈচ্ছৎ
|

অপি স্বদেহাৎকিমুতেন্দ্রিয়ার্থাদ্যশোধনানাং
হি যশো গৰীয়ঃ
|| ১৪৩৫||

 

ভগ্নহৃদয়েৰে তেওঁ
মাতি আনিলে অনুজসকলক
,

তেওঁৰ দুখ দেখি
দুঃখিত হৈ পৰা অনুজসকলক

বৰ্ণনা কৰি নিজ
অপযশৰ কথা ক
লে তেওঁলোকক

 

স সংনিপত্যাবৰজান্হতৌজাস্তদ্বিক্রিয়াদর্শনলুপ্তহর্ষান্ |

কৌলীনমাত্মাশ্রয়মাচচক্ষে
তেভ্যঃ পুনশ্চেদমুবাচ বাক্যম্
|| ১৪৩৬||

 

শুনা, যদিও সদাচাৰী ৰাজৰ্ষিৰ বংশজাত আৰু সূৰ্যৰ পৰা উৎপন্ন

মোৰ বাবে ৰৈ আছিল
এনে এক কলংক
,

স্বচ্ছ দৰ্পণত যেন জলকণিকাৰ মালিন্য

 

ৰাজর্ষিবংশস্য
ৰবিপ্রসূতেৰুপস্থিতঃ পশ্যত কীদৃশোঽযম্
|

মত্তঃ সদাচাৰশুচেঃ
কলঙ্কঃ পয়োদবাতাদিব দর্পণস্য
|| ১৪৩৭||

 

হাতীয়ে যিদৰে সহিব
নোৱাৰে স্তম্ভৰ বন্ধন
,

ময়ো মানি লব নোৱাৰোঁ নগৰবাসীৰ মাজত

পানীৰ তৰংগত তেলৰ দৰে বিয়পি যোৱা বদনাম

 

পৌৰেষু সোঽহং বহুলীভবন্তমপাং
তৰংগেষ্বিব তৈলবিন্দুম্
|

সোঢুং ন তৎপূর্বমবর্ণমীশে
আলানিকং স্থাণুৰিব দ্বিপেন্দ্রঃ
|| ১৪৩৮||

 

এদিন যেনেকৈ পিতাৰ
আদেশত সসাগৰা ভূমি কৰিছিলোঁ ত্যাগ
,

অপযশ দূৰ কৰি তেনেকৈয়ে আজি মই ত্যাগ
কৰিম জানকীক

প্ৰসৱকাল আসন্ন যদিও অপেক্ষাৰ এতিয়া
নাই অৱকাশ

 

তস্যাপনোদায় ফলপ্রবৃত্তাবুপস্থিতায়ামপি
নির্ব্যপেক্ষঃ
|

ত্যক্ষামি বৈদেহসুতাং
পুৰস্তাৎসমুদ্রনেমিং পিতুৰাজ্ঞয়েব
|| ১৪৩৯||

 

মই জানো যে সীতা
নিষ্কলুষ নিষ্পাপ

পিছে বলবান সকলোতকৈ লোকনিন্দা

বিশুদ্ধ জোনত যেতিয়া
পৃথিৱীৰ ছাঁ পৰে

জগতৰ মানুহে তাকেই কলংক বুলি মানে

 

অবৈমি চৈনামনঘেতি
কিংতু লোকাপবাদো বলবান্মতো মে
|

ছায়া হি ভূমেঃ
শশিনো মলৎবেনাৰোপিতা শুদ্ধিমতঃ প্রজাভিঃ
|| ১৪৪০||

 

যদি ভাবিছা মোৰ
ৰাক্ষসবধ কৰাই ব্যৰ্থ হ
ব এনে কৰিলে ,

তেনে নহয় কিয়নো সেয়া আছিল শত্ৰুৰ ওপৰত
প্ৰতিশোধৰ বাবে

পদাঘাত কৰিলে ক্ৰোধিত সাপে ৰক্তপানৰ
বাবে দংশন কৰাৰ দৰে

 

ৰক্ষোবধান্তো ন
চ মে প্রয়াসো ব্যর্থঃ স বৈৰপ্রতিমোচনায়
|

অমর্ষণঃ শোণিতকাঙ্ক্ষয়া
কিং পদা স্পৃশন্তং দশতি দ্বিজিহ্বঃ
|| ১৪৪১||

 

সেয়ে বিচাৰা যদি
মই প্ৰাণ ধাৰণ কৰোঁ নিন্দাৰ শূল উঘালি
,

তেন্তে বাধা নিদিবা এই কাৰ্যত কৰুণাসিক্ত
কৰি মন মোৰ প্ৰতি

 

তদেব সর্গঃ কৰুণার্দ্রচিত্তৈর্ন
মে ভবদ্ভিঃ প্রতিষেধনীয়ঃ
|

যদ্যর্থিতা নির্হৃতবাচ্যশল্যান্প্রাণান্ময়া
ধাৰয়িতুং চিৰং বঃ
|| ১৪৪২||

 

জনকতনয়াৰ প্ৰতি
অতি নিষ্ঠুৰ এই সিদ্ধান্তৰ কথা ক
লে ৰামে ভাতৃক,

শুনি কোনেও নোৱাৰিলে বাধা দিব বা অনুমোদন
কৰিব এই সিদ্ধান্তক

 

ইত্যুক্তবন্তং
জনকাত্মজায়াং নিতান্তৰূক্ষাভিনিবেশমীশম্
|

ন কশ্চন ভ্রাতৃষু
তেষু শক্তো নিষেদ্ধুমাসীদনুমোদিতুং বা
|| ১৪৪৩||

 

সত্যবাদিতাত ত্ৰিলোকত
গুণগান থকা ৰামে লক্ষ্মণলৈ চালে
,

হে সৌম্য বুলি পৃথককৈ মাতি নি আজ্ঞাকাৰী
ভাতৃক আদেশ দিলে

 

স লক্ষ্মণং লক্ষ্মণপূর্বজন্মা
বিলোক্য লোকত্রয়গীতকীর্তিঃ
|

সৌম্যেতি চাভাষ্য
যথার্থভাষী স্থিতং নিদেশে পৃথগাদিদেশ
|| ১৪৪৪||

 

তোমাৰ আসন্নপ্ৰসৱা ভাতৃবধুৰ তপোবন চাবলৈ অতিকে হেঁপাহ,

তেওঁক তুমি ৰথত তুলি বাল্মীকিৰ আশ্ৰমলৈ
নি তাতে কৰি আহাঁ ত্যাগ

 

প্রজাবতী দোহদশংসিনী
তে তপোবনেষু স্পৃহয়ালুৰেব
|

স ৎবং ৰথী তদ্ব্যপদেশনেয়াং
প্রাপয়্য বাল্মীকিপদং ত্যজৈনাম্
|| ১৪৪৫||

 

লক্ষ্মণে শুনিছিল
পিতাৰ আদেশত ভাৰ্গৱে শত্ৰুৰ দৰে হত্যা কৰিছিল মাতৃক
,

তেঁৱো আজ্ঞা পালন কৰিলে অগ্ৰজৰ,
নাই
কোনো প্ৰশ্ন গুৰুৰ আদেশ পালনত
 

 

স শুশ্রুবান্মাতৰি
ভার্গবেন পিতুর্নিয়োগাৎপ্রহৃতং দ্বিষদ্বৎ
|

প্রত্যগ্রহীদগ্রজশাসনং
তদাজ্ঞা গুৰূণাং হ্যবিচাৰণীয়া
|| ১৪৪৬||

 

তাৰ পাছত প্ৰশিক্ষিত
ঘোঁৰাই টনা সাৰথি সুমন্ত্ৰই চলোৱা ৰথত
,

মনোকামনা পূৰ্ণৰ সুন্দৰ ব্যৱস্থাত আনন্দিত
সীতাসহ কৰিলে প্ৰস্থান

 

অথানুকূলশ্রবণপ্রতীতামত্রস্নুভির্যুক্তধুৰং
তুৰংগৈঃ
|

ৰথং সুমন্ত্রপ্রতিপন্নৰশ্মিমাৰোপ্য
বৈদেহসুতাং প্রতস্থে
|| ১৪৪৭||

 

সীতা হল সুখী প্ৰিয়তমে তেওঁৰ মনোৰথ পূৰণ কৰাত,

পথৰ সুন্দৰ সুন্দৰ দৃশ্যৰাজি চাই চাই
মনৰ আনন্দত

তেওঁৰ বাবে ৰাম
নহয় কল্পতৰু তেওঁৰ নাছিল জ্ঞাত
,

বৰং আছিল তৰোৱালৰ দৰে ধাৰাল পাতৰ অসিবৃক্ষ

 

সা নীয়মানা ৰুচিৰান্প্রদেশান্প্রিয়ংকৰো
মে প্রিয় ইত্যনন্দৎ
|

নাবুদ্ধ কল্পদ্রুমতাং
বিহায় জাতং তমাত্মন্যসিপত্রবৃক্ষম্
|| ১৪৪৮||

 

লক্ষ্মণে গোপন
কৰিছিল যি কথা সীতাৰ পৰা
,

সীতাৰ সোঁচকু সঘনে লৰাত মাজবাটতে পালে যেন

প্ৰিয়ৰ দৰ্শনৰ ছেদ হোৱাৰ আসন্ন ভয়ংকৰ
অন্তহীন দুখৰ বাৰ্তা

 

জুগূহ তস্যাঃ পথি
লক্ষ্মণো যৎসব্যেতৰেণ স্ফুৰতা তদক্ষ্ণা
|

আখ্যাতমস্যৈ গুৰু
ভাবি দুঃখমত্যন্তলুপ্তপ্রিয়দর্শনেন
|| ১৪৪৯||

 

এই কুলক্ষণ দেখি
মুহূৰ্ততে তেওঁৰ মুখকমল বিষাদত পৰিল ম্লান
,

মনে মনে কৰিলে প্ৰাৰ্থনা ৰজা ৰাম সহ
অনুজসবৰ হওক কল্যাণ

 

সা দুর্নিমিত্তোপগতাদ্বিষাদাৎসদ্যঃপৰিম্লানমুখাৰবিন্দা |

ৰাজ্ঞঃ শিবং সাবৰজস্য
ভূয়াদিত্যাশশংসে কৰণৈৰবাহ্যৈঃ
|| ১৪৫০||

 

গুৰুজনৰ কামত নিয়োজিত
সুমিত্ৰাতনয়ে লৈ গৈছে

সাধ্বী সীতাক বনপ্ৰান্তত
এৰি থৈ আহিবলৈ
,

সমুখত বৈ আছে জাহ্নৱী
গংগা উত্তাল তৰংগময়
,

ঢৌৰ হাত তুলি যেন নিষেধ কৰিছে সেই কাৰ্যত

 

গুৰোর্নিয়োগাদ্বনিতাং
বনান্তে সাধ্বীং সুমিত্রাতনয়ো বিহাস্যন্
|

অবার্যতেবোত্থিতবীচিহস্তৈর্জহ্নোর্দুহিত্রা
স্থিতয়া পুৰস্তাৎ
|| ১৪৫১||

 

সাৰথিয়ে ৰথৰ ঘোঁৰাৰ
লেকাম টানি ধৰিলে
,

লক্ষ্মণে ভাতৃবধূক তীৰত অৱতৰণ কৰালে

সত্যনিষ্ঠ লোকে
দৃঢ়তাৰ সহায়ত প্ৰতিজ্ঞা ৰক্ষা কৰাৰ দৰে
,

নিষাদে আনি দিয়া নৌকাৰ সহায়ত তেওঁলোকে
গংগা পাৰ কৰিলে

 

ৰথাৎস যন্ত্রা
নিগৃহীতবাহাত্তাং ভ্রাতৃজায়াং পুলিনেঽবতার্য
|

গঙ্গাং নিষাদাহৃতনৌবিশেষস্ততাৰ
সংধামিব সত্যসংধঃ
|| ১৪৫২||

 

ৰুদ্ধ হৈ অহা কণ্ঠৰে
কথমপি কথাখিনি সজাই লৈ
,

নিগৰি ওলাব খোজা
অশ্ৰুৰ ধাৰা সামৰি থৈ
,

লক্ষ্মণে কৰিলে
ৰজাৰ কঠোৰ আদেশ উচ্চাৰণ
,

যি মেঘৰ সৃষ্টিধ্বংসকাৰী শিলাবৰ্ষণৰ
দৰে কঠিন

 

অথ ব্যবস্থাপিতবাক্কথংচিৎসৌমিত্রিৰন্তর্গতবাষ্পকণ্ঠঃ |

ঔৎপাতিকং মেঘ ইবাশ্মবর্ষং
মহীপতেঃ শাসনমুজ্জগাৰ
|| ১৪৫৩||

 

এই ভয়ংকৰ আঘাতত
নিজ জননী ধৰিত্ৰীত বাগৰি পৰিল
,

সকলো অলংকাৰ খহি
পৰিল তেওঁৰ চাৰিওকাষে
,

ধুমুহাত খহি পৰা লতাৰ চৌপাশে ছিটিকি
পৰা ফুলৰ দৰে

 

ততোঽভিষঙ্গানিলবিপ্রবিদ্ধা
প্রভ্রশ্যমানাভৰণপ্রসূনা
|

স্বমূর্তিলাভপ্রকৃতিং
ধৰিত্রীং লতেব সীতা সহসা জগাম
|| ১৪৫৪||

 

ইক্ষ্বাকু বংশজাত
তোমাৰ শুদ্ধ চৰিত্ৰৰ স্বামীয়ে
,

কিয়নো কৰিব ত্যাগ তোমাক অকাৰণতে

এই সংশয়তে যেন আই ধৰিত্ৰীয়ে যেন সুমুৱাই
নল
লে বুকুত

 

ইক্ষ্বাকুবংশপ্রভবঃ
কথং ৎবাং ত্যজেদকস্মাৎপতিৰার্যবৃত্তঃ
|

ইতি ক্ষিতিঃ সংশয়িতেব
তস্যৈ দদৌ প্রবেশং জননী ন তাবৎ
|| ১৪৫৫||

 

জ্ঞান হেৰুৱাই
তেওঁ অনুভৱ কৰা নাছিল দুখ
,

চেতনা আহিলত তেওঁৰ হিয়া পুৰি হ
চাৰখাৰ

ঘূৰাই পোৱা জ্ঞান
সুমিত্ৰা তনয়ৰ সেৱা
যত্নত,

অধিক কষ্টকৰ হোৱাতকৈও মূৰ্চ্ছিত

 

সা লুপ্তসংজ্ঞা
ন বিবেদ দুঃখং প্রত্যাগতাসুঃ সমতপ্যতান্তঃ
|

তস্যাঃ সুমিত্রাত্মজয়ত্নলব্ধো
মোহাদভূৎকষ্টতৰঃ প্রবোধঃ
|| ১৪৫৬||

 

বিনাদোষতে পৰিত্যাগ
কৰা স্বামীক এবাৰো নিন্দা নকৰিলে আৰ্যপত্নীয়ে
,

চিৰদুখুনী বুলি বাৰম্বাৰ তিৰষ্কাৰ কৰিলে
নিজৰ দুৰ্ভাগ্যকে

 

ন চাবদদ্ভর্তুৰবর্ণমার্যা
নিৰাকৰিষ্ণোর্বৃজিনাদৃতেঽপি
|

আত্মানমেবং স্থিৰদুঃখভাজং
পুনঃ পুনর্দুষ্কৃতিনং নিনিন্দ
|| ১৪৫৭||

 

লক্ষ্মণে প্ৰবোধ
দি তেওঁক শান্ত কৰিলে
,

বাল্মীকিমুনিৰ আশ্ৰমলৈ যোৱাৰ পথ দেখুৱাই
দিলে

প্ৰণাম কৰি কলে, ‘ক্ষমা কৰিবা মোক হে দেৱী,

মই পৰাধীন হলো
নিষ্ঠুৰ প্ৰভুৰ আদেশ মানি

 

আশ্বাস্য ৰামাবৰজঃ
সতীং তামাখ্যাতবাল্মীকিনিকেতমার্গঃ
|

নিঘ্নস্য মে ভর্তৃনিদেশৰৌক্ষ্যং
দেবি ক্ষমস্বেতি বভূব নম্রঃ
|| ১৪৫৮||

 

সীতাই তেওঁক উঠাই
লে, ‘মই তোমাৰ প্ৰতি
প্ৰীত হে সৌম্য
!

যেনেকৈ ইন্দ্ৰ বিষ্ণুৰ অধীন,
তুমিও
ভাতৃৰ পৰাধীন
, তুমি
দীৰ্ঘায়ু হোৱা

 

সীতা তমুত্থাপ্য
জগাদ বাক্যং প্রীতাস্মি তে সৌম্য চিৰায় জীব
|

বিডৌজসা বিষ্ণুৰিবাগ্রজেন
ভ্রাত্রা যদিত্থং পৰবানসি ৎবম্
|| ১৪৫৯||

 

প্ৰতিগৰাকী শাহুআইক
জনাবা মোৰ প্ৰণাম
,

বাগৈ, মোৰ গৰ্ভত আছে তেওঁলোকৰ পুত্ৰৰ সন্তান,

মনৰ মাজত চিন্তে যেন সেই সন্তানৰ কুশলমংগল

 

শ্বশ্রূজনং সর্বমনুক্রমেণ
বিজ্ঞাপয় প্রাপিতমৎপ্রণামঃ
|

প্রজানিষেকং ময়ি
বর্তমানং সূনোৰনুধ্যায়ত চেতসেতি
|| ১৪৬০||

 

আৰু মোৰ এই বাক্য
বাগৈ ৰজাক,

নিজ চকুৰে প্ৰত্যক্ষ কৰিলা মোৰ শুদ্ধতা
অগ্নি
পৰীক্ষাত

তথাপি লোকনিন্দা
শুনি কৰিলা মোক ত্যাগ
,

এয়া জানো তোমাৰ যশস্বী ৰঘুকুলৰ যোগ্য

 

বাচ্যস্ত্বয়া মদ্বচনাৎস
ৰাজা বহ্নৌ বিশুদ্ধামপি যৎসমক্ষম্
|

মাং লোকবাদশ্রবণাদহাসীঃ
শ্রুতস্য কিং তৎসদৃশং কুলস্য
|| ১৪৬১||

 

অথবা এই অসহ্যকৰ
ব্ৰজাঘাত মোৰ পূৰ্বজন্মৰ মহাপাপৰ ফল
,

শুভবুদ্ধিসম্পন্ন তোমাৰ পৰা শংকা নাই
মোৰ প্ৰতি কোনো স্বেচ্ছাচাৰৰ

 

কল্যাণবুদ্ধেৰথবা
তবায়ং ন কামচাৰো ময়ি শঙ্কনীয়ঃ
|

মমৈব জন্মান্তৰপাতকানাং
বিপাকবিস্ফূর্জিথুৰপ্রসহ্যঃ
|| ১৪৬২||

 

পূৰ্বতে ৰজলক্ষ্মীক
এৰি গৈছিলা বনবাসলৈ মোক লৈ লগত
,

এতিয়া ৰাজলক্ষ্মীৰ অধিকাৰ পাই মই পৰিলোঁ
তেওঁৰ ৰোষত

নিদিলে মোক বাস কৰিবলৈ সসন্মানে ৰাজপ্ৰাসাদত

 

উপস্থিতাং পূর্বমপাত্য
লক্ষ্মীং বনং ময়া সার্ধমসি প্রপন্নঃ
|

তদাস্পদং প্রাপ্য
তয়াতিৰোষাৎসোঢাস্মি ন ৎবদ্ভবনে বসন্তী
|| ১৪৬৩||

 

নিশাচৰ ৰাক্ষসে
আক্ৰমণ কৰিলে বনবাসীসকলৰ স্ত্ৰীক

তোমাৰ সাহসতে মই
দিছিলোঁ আশ্ৰয়
,

তুমি দীপ্তমান হৈ থাকোঁতে এতিয়া কিদৰে
মই লওঁ আনৰ আশ্ৰয়

 

নিশাচৰোপপ্লুতভর্তৃকাণাং
তপস্বিনীনাং ভবতঃ প্রসাদাৎ
|

ভূৎবা শৰণ্যা শৰণার্থমন্যং
কথং প্রপৎস্যে ৎবয়ি দীপ্যমানে
|| ১৪৬৪||

 

মোৰ গৰ্ভত থকা
সন্তানক ৰক্ষাৰ দায়িত্ব এতিয়া মোৰ
,

আৰুনো কি ক ! সেই বাধা নথকাহেঁতেন ,

মায়া এৰিলোহেঁতেন তোমাৰ পৰা চিৰবিচ্ছিন্ন অভাগা জীৱনৰ

 

কিংবা তবাত্যন্তবিয়োগমোঘে
কুর্যামুপেক্ষাং হতজীবিতেঽস্মিন্
|

স্যাদ্রক্ষণীয়ং
যদি মে ন তেজস্তদীয়মন্তর্গতমন্তৰায়ঃ
|| ১৪৬৫||

 

সন্তান প্ৰসৱৰ
পাছত সেয়ে তপস্যা কৰিম মই
,

সূৰ্যলৈ ঊৰ্ধ্বে
চাই জন্মে জন্মান্তৰে তোমাকেই

বিচ্ছেদ নোহোৱাকৈ স্বামীৰূপে পাবৰ বাবে

 

সাহং তপঃ সূর্যনিবিষ্টদৃষ্টিৰূর্ধ্বং
প্রসূতেশ্চৰিতুং যতিষ্যে
|

ভূয়ো যথা মে জননান্তৰেঽপি
ৎবমেব ভর্তা ন চ বিপ্রয়োগঃ
|| ১৪৬৬||

 

মনুৰ বিধান মতে
চতুৰ্বৰ্ণৰ পালন কৰা ৰজাৰ ধৰ্ম
,

সেয়ে পৰিত্যাগ
কৰিলেও মোক
,

তপস্বিনী হিচাপে ৰক্ষা কৰাটো তোমাৰ কৰ্তব্য

 

নৃপস্য বর্ণাশ্রমপালনং
যৎস এব ধর্মো মনুনা প্রতীতঃ
|

নির্বাসিতাপ্যেবমতস্ত্বয়াহং
তপস্বিসামান্যমবেক্ষণীয়া
|| ১৪৬৭||

 

সেয়ে হবুলি ৰামানুজে মাগিলে মেলানি,

দূৰ হৈ গল তেওঁৰ দৃষ্টিয়ে ঢুকি নোপোৱালৈ,

মুক্তকণ্ঠে কান্দিলে
সীতাই চিঞৰি চিঞৰি

যেন উদ্বেগআশংকাত
আকুল হৰিণী

 

তথেতি তস্যাঃ প্রতিগৃহ্য
বাচং ৰামানুজে দৃষ্টিপথং ব্যতীতে
|

সা মুক্তকণ্ঠং
ব্যসনাতিভাৰাচ্চক্রন্দ বিগ্না কুৰৰীব ভূয়ঃ
|| ১৪৬৮||

 

ৰৈ গল নৃত্যৰতা ময়ূৰী, মধুকৰে এৰিলে ফুল,

দুখ বিয়পি পৰি
হৰিণাৰ মুখৰ ঘাঁহ সৰি পৰিল
,

সতীৰ বেদনাত ব্যথিত হৈ অৰণ্য উচুপি উঠিল

 

নৃত্যং ময়ূৰা কুসুমানি
বৃক্ষা দর্ভানুপাত্তান্বিজহুর্হৰিণ্যঃ
|

তস্যাঃ প্রপন্নে
সমদুঃখভাবমত্যন্তমাসীদ্রুদিতং বনেঽপি
|| ১৪৬৯||

 

ব্যাধৰ বাণত বিদ্ধ
পখীক দেখি যাৰ শোক শ্লোক হৈছিল
,

সেই আদিকবি বনৰ
মাজেৰে গৈছিল

যজ্ঞৰ কুশ আৰু
ইন্ধন সংগ্ৰহলৈ
,

সীতাৰ ক্ৰন্দন শুনি কাষ চাপি গ
কাষলৈ

 

তামভ্যগচ্ছদ্রুদিতানুকাৰী
কবিঃ কুশেধ্মাহৰণায় যাতঃ
|

নিষাদবিদ্ধাণ্ডজদর্শনোত্থঃ
শ্লোকৎবমাপদ্যত যস্য শোকঃ
|| ১৪৭০||

 

চকুলো ভৰা চকুযুৰি
মচি সীতা বিলাপ এৰি কৰিলে প্ৰণিপাত
,

গৰ্ভৱতী দেখি সীতাক ঋষিয়ে দিলে সুপুত্ৰৱতী
হোৱাৰ আশীৰ্বাদ

তাৰপাছত কলে

 

তমশ্রু নেত্রাবৰণং
প্রমৃজ্য সীতা বিলাপাদ্বিৰতা ববন্দে
|

তস্যৈ মুনির্দোহদলিঙ্গদর্শী
দাশ্বান্সুপুত্রাশিষমিত্যুবাচ
|| ১৪৭১|

 

ধ্যানযোগে জানিলোঁ
মই মিছা অপবাদত হৈ অস্থিৰ

স্বামীয়ে পৰিত্যাগ
কৰিছে তোমাক
,

দুখ নকৰিবা জানকী!
তুমি
আহি পালাহি অন্য এক পিতাৰ ঘৰ

 

জানে বিসৃষ্টাং
প্রণিধানতস্ত্বাং মিথ্যাপবাদক্ষুভিতেন ভর্ত্রা
|

তন্মা ব্যথিষ্ঠা
বিষয়ান্তৰস্ত্বং প্রাপ্তাসি বৈদেহি পিতুর্নিকেতম্
|| ১৪৭২||

 

ত্ৰিলোকৰ কণ্টক
নাশিছে যদিও স্বামীয়ে তোমাৰ
,

যদিও তেওঁ সত্যনিষ্ঠ
আৰু নিৰহংকাৰ
,

তথাপি তোমাৰ প্ৰতি
এই অহেতুক গৰ্হিত আচৰণত

সঁচাই মই বিতুষ্ট হৈছোঁ ৰামচন্দ্ৰৰ ওপৰত

 

উৎখাতলোকত্রয়কণ্টকেঽপি
সত্যপ্রতিজ্ঞেঽপ্যবিকত্থনেঽপি
|

ৎবাং প্রত্যকস্মাৎকলুষপ্রবৃত্তাবস্ত্যেব
মন্যুর্ভৰতাগ্রজে মে
|| ১৪৭৩||

 

তোমাৰ বিখ্যাত
কীৰ্তিমান শহুৰ মোৰ সখা
,

সজলোকক মোক্ষৰ
পথ দেখুৱাইছিল তোমাৰ পিতাই
,

সকলো নাৰীৰ মাজত
তুমি পৰম পতিব্ৰতা
,

তোমাক অনুকম্পা নকৰাৰ কোনো কাৰণেই নাই
 

 

তবোৰুকীর্তিঃ শ্বশুৰঃ
সখা মে সতাং ভবোচ্ছেদকৰঃ পিতা তে
|

ধুৰি স্থিতা ৎবং
পতিদেবতানাং কিং তন্ন যেনাসি মমানুকম্প্যা
|| ১৪৭৪||

 

তপস্বীৰ সংগত থাকি
নিৰ্ভয় আৰু শান্ত সকলো তপোবনৰ প্ৰাণী
,

তুমিও ইয়াত বাস কৰা হৈ ভীতিহীন সুখী

নিৰ্বিঘ্নে হলে
সন্তান প্ৰসৱ ইয়াতেই হ

সংস্কাৰবিধি

 

তপস্বিসংসর্গবিনীতসত্ত্বে
তপোবনে বীতভয়া বসাস্মিন্
|

ইতো ভবিষ্যত্যনঘপ্রসূতেৰপত্যসংস্কাৰময়োবিধিস্তে|| ১৪৭৫||

 

তীৰৰ শূন্যতা নাশি
ঋষিসকলৰ নিৱাস
,

শোকনাশিনী তমসাই দুখ আৰু পাপ কৰে নাশ

মন কৰিবা শান্ত
তাত স্নান কৰি

তীৰতে কৰিবা পূজাপাৰ্বণৰ
সকলো কাজ

 

অশূন্যতীৰাং মুনিসংনিবেশৈস্তমোপহন্ত্রীং
তমসাং বগাহ্য
|

তৎসৈকতোৎসঙ্গবলিক্রিয়াভিঃ
সংপৎস্যতে তে মনসঃ প্রসাদঃ
|| ১৪৭৬||

 

তাৰ ঋষিকন্যাসকলে
নতুন নতুন বিনোদন দিব তোমাক মধুৰ কথাৰে
,

সিহঁতেই ঋতুৰ ফুলফল
তোলে আৰু বনৰীয়া ধান সংগ্ৰহ কৰে পূজাৰ বাবে

 

পুষ্পং ফলং চার্তবমাহৰন্ত্যো
বীজং চ বালেয়মকৃষ্টৰোহি
|

বিনোদয়িষ্যন্তি
নবাভিষঙ্গামুদাৰবাচো মুনিকন্যকাস্ত্বাম্
|| ১৪৭৭||

 

তোমাৰ সাধ্যানুসৰি
কলহেৰে পানী দি ডাঙৰ কৰিবা গছ
পুলি আশ্ৰমৰ,

সন্তানজন্মৰ আগতেই তুমি লাভ কৰিবা সুখ
শিশুক স্তনপান কৰোৱাৰ

 

পয়োঘটৈৰাশ্রমবালবৃক্ষান্সংবর্ধয়ন্তী
স্ববলানুৰূপৈঃ
|

অসংশয়ং প্রাক্তনয়োপপত্তেঃ
স্তনংধয়প্রীতিমবাপ্স্যসি ৎবম্
|| ১৪৭৮||

 

সানন্দে অভিনন্দন
জনালে সীতাই তেওঁৰ অনুগ্ৰহক
,

কৰুণাদ্ৰ মনেৰে বাল্মীকিয়ে সীতাক লৈ
আশ্ৰম পালেগৈ সন্ধ্যাবেলাত

সকলো পশু আছিল শান্ত,
হৰিণবোৰ
শুই আছিল যজ্ঞবেদীৰ কাষত

 

অনুগ্রহপ্রত্যভিনন্দিনীং
তাং বাল্মীকিৰাদায় দয়ার্দ্রচেতাঃ
|

সায়ং মৃগাধ্যাসিতবেদিপার্শ্বং
স্বমাশ্রমং শান্তমৃগং নিনায়
|| ১৪৭৯||


এতিয়াও শোকাতুৰা
সীতাক অৰ্পণ কৰিলে তাপসীসকলৰ হাতত
,

তেওঁক দেখিয়েই
সুখী হ
ল সকলো তপোবনবাসী,

পিতৃগণক অৰ্পিত
চন্দ্ৰৰ কলা কলাকৈ ক্ষয় যোৱা

শেষৰ কলা ঔষধিত বিলীন হোৱাৰ দৰে

 

তামর্পয়ামাস চ
শোকদীনাং তদাগমপ্রীতিষু তাপসীষু
|

নির্বিষ্টসাৰাং
পিতৃভির্হিমাংশোৰন্ত্যাং কলাং দর্শ ইবৌষধীষু
|| ১৪৮০||

 

তাপসীসকলে সীতাৰ
দিনৰ অন্তত থাকিবৰ বাবে দিলে এটি পৰ্ণকুটীৰ
,

পোহৰ কৰিবৰ বাবে
ইঙ্গুদীতেলেৰে জ্বলাই দিছিল চাকি
,

শয়ন কৰিবলৈ পৱিত্ৰ মৃগচৰ্মৰে পাৰি দিলে
পাটী

 

তা ইঙ্গুদীস্নেহকৃতপ্রদীপমাস্তীর্ণমেধ্যাজিনতল্পমন্তঃ |

তস্যৈ সপর্যানুপদং
দিনান্তে নিবাসহেতোৰুটজং বিতেৰুঃ
|| ১৪৮১||

 

তাত সীতাই অভিষেক
স্নান কৰি যথাবিধি সৎকাৰ কৰিলে অতিথি
,

শৰীৰত ধাৰণ কৰিলে
বাকলিবসন
,

ফল-মূল ভক্ষণ কৰি ৰক্ষা কৰিলে স্বামীৰ
উত্তৰাধিকাৰী

 

তত্রাভিষেকপ্রয়তা
বসন্তী প্রয়ুক্তপূজা বিধিনাতিথিভ্যঃ
|

বন্যেন সা বল্কলিনী
শৰীৰং পত্যুঃ প্রজাসংততয়ে বভাৰ
|| ১৪৮২||

 

ইফালে, ৰজাই নকৰিব নেকি অকণমানো অনুশোচনা,

ইন্দ্ৰজিতহন্তা লক্ষ্মণে উৎসুক হৈ শুনালে
আদেশ পালনৰ বৰ্ণনা

আদ্যোপান্ত ভাতৃক দিলে সীতাৰ কৰুণ বিলাপভৰা
বাৰ্তা

 

অপি প্রভুঃ সানুশয়োঽধুনা
স্যাৎকিমুৎসুকঃ শক্রজিতোঽপি হন্তা
|

শশংস সীতাপৰিদেবনান্তমনুষ্ঠিতং
শাসনমগ্রজায়
|| ১৪৮৩||

 

হঠাতে ৰামৰ চকুলৈ
চকুলোৰ ধল নামিল

যেন পুহমাহৰ হিমবৰষা
জোন
,

অপবাদৰ ভয়ত ঘৰৰ
পৰা নিৰ্বাসিত কৰিলেও

বিদেহসুতা মনৰ পৰা হোৱা নাছিল দূৰ

 

বভূব ৰামঃ সহসা
সবাষ্পস্তুষাৰবর্ষীব সহস্যচন্দ্রঃ
|

কৌলীনভীতেন গৃহান্নিৰস্তা
ন তেন বৈদেহসুতা মনস্তঃ
|| ১৪৮৪||

 

কিন্তু ৰাম পৰম
জ্ঞানী
, বৰ্ণাশ্ৰমীক পালনত সদাজাগ্ৰত,

নিজৰ সেই শোকত নিজে নিজকে কৰিলে সংযত

ভোগলৈ নিৰাসক্তমনে
ভাতৃসকলৰ সৈতে

একমনে শাসন কৰিলে সমৃদ্ধ ৰাজ্য

 

নিগৃহ্য শোকং স্বয়মেব
ধীমান্বর্ণাশ্রমাবেক্ষণজাগৰূকঃ
|

স ভ্রাতৃসাধাৰণভোগমৃদ্ধং
ৰাজ্যং ৰজোৰিক্তমনাঃ শশাস
|| ১৪৮৫||

 

সাধ্বী বুলি জানিও
ৰজাই একমাত্ৰ পত্নীক ত্যাগ কৰিলে লোকনিন্দাৰ ভয়ত
,

সপত্নীহীন ৰাজ্যলক্ষ্মীয়ে পৰম সুখেৰে
বিৰাজমান হ

তেওঁৰ বক্ষত
 

 

তামেকভার্যাং পৰিবাদভীৰোঃ
সাধ্বীমপি ত্যক্তবতো নৃপস্য
|

বক্ষস্যসংঘট্টসুখং
বসন্তী ৰেজে সপত্নীৰহিতেব লক্ষ্মীঃ
|| ১৪৮৬||

 

সীতাক ত্যাগ কৰি
দশাননশত্ৰুৱে বিৱাহ নকৰিলে অন্য নাৰী
,

যজ্ঞত বহিলে তেওঁ কাষত লৈ তেওঁৰেই প্ৰতিকৃতি

সীতাই যেতিয়া শুনিলে
স্বামীৰ এই কাহিনী
,

দুঃসহ পৰিত্যাগ দুখ কোনোমতে থাকিলে সহি

 

সীতাং হিৎবা দশমুখৰিপুর্নোপমেয়ে
যদন্যাং

তস্যা এব প্রতিকৃতিসখো
যৎক্রতূনাজহাৰ
|

বৃত্তান্তেন শ্রবণবিষয়প্রাপিণা
তেন ভর্তুঃ

সা দুর্বাৰং কথমপি
পৰিত্যাগদুঃখং বিষেহে
|| ১৪৮৭||

 

( ৰঘুবংশ মহাকাব্যৰ চতুৰ্দশ অধ্যায় সমাপ্ত)

 

ইতি শ্রীৰঘুবংশে
মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ

সীতাপৰিত্যাগো
নাম চতুর্দশঃ সর্গঃ
||