Category অন্যযুগ, জুন, ২০২৩

বহুৱা

লুইতজ্যোতি যি হাঁহিব নাজানে সি হেনো চয়তান ৷ বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক ভ্ৰমেৰে আৱৰি মই জন্ম দিওঁ মোৰ হাঁহিক। মই হাঁহিব জানো ৷   বেদনাৰ নিমখীয়া পানীত প্ৰতি উজাগৰী নিশা মই মিলাওঁ ৰঙা আবিৰ ৷ আৰু দুয়ো ওঁঠত ঘঁহি লৈ যন্ত্ৰণাৰ…

চকুলোবোৰ হাঁহি… হাঁহিবোৰে ধৰি আছে প্ৰাচীন জীৱন

ড০ নন্দ সি বৰকলা   আকাশৰ মেঘ, বৰষুণ, তৰাৰ জোনাকত জিলিকি থকা ভোগদৈ, ধনশিৰি, জাঁজি, চৰাইদেউ কত তেজৰ বাট… কত মানুহৰ সমন্বয়ৰ মাটিৰ আমঠু   চাওদাঙৰ খঙাল চকু জয়মতীৰ নিদাৰুণ দিন-কাল অনেক নদীৰ উপকূলত ভৰিৰ চিহ্ন বুৰঞ্জীৰ পাতে পাতে অনেক…

চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

নিজৰা ৰাজকুমাৰী …One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য বেছিকৈ খাবলৈ পাব। এনিৰ এই সিদ্ধান্তত অসহায়…

কোনেনো বুজায় ৰংমিলিক

অন্বেষী বৰা   ৰংমিলি এদিন আহিবি,  কেঁ‌চা আলিত সাৱধানে খোজ দিবি।  আলি ভাগিব, দুৱৰি মৰিব;  পাৰ ভঙা পানীৰ সঁ‌জাত নাই আঁ‌কৰী,  দুমুঠন বুকুত কিদৰে সামৰিবি?    দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত।  ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি, “হুৰ হুৰ বতা চৰাই…

আহিব লগা প্ৰতিটো ফাগুনে ক’ব

দেৱাশিস বুঢ়াগোহাঁই   কাঞ্চন ফুলিছে শিমলু-তুলা উৰিছে ডাঙৰকৈ নক’বা বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ এই উৰি যাওঁ, উৰি যাওঁ   মনৰ ভিতৰত trending-ত থকা cringe গান এটা বাজি আছে পুৱতি নিশা পূৰ্ণচন্দ্ৰৰ জোনাক গছৰ ফেৰেঙনিৰে, ভেণ্টিলেটৰেৰে বগুৱা বাই মোৰ কোঠাত সোমাইছে…

চুকেৰিটিং

অমৃত গোস্বামী অসমৰ একেবাৰে সীমামূৰীয়া, অৰুণাচল প্ৰদেশৰ পাহাৰৰ নামনিৰ চাহবাগিচা এখনত ভাগিন এজনে চাকৰি কৰে; বাগিচাৰ বৰচাহাবৰ চাকৰি। কেইদিনমানৰ আগতে বৰচাহাবৰ বঙলাত দুদিনমান ‘মামাচাহাব’ হৈ থাকি, উভতি আহোঁতে ডুমডুমাৰ লাহতী ব্ৰাডাৰ্চৰ তেল ডিপোত আমাৰ  গাড়ীখনৰ ড্ৰাইভাৰ ছাহিনুৰে তেল ভৰাবৰ কাৰণে…

উলাহেৰে উভতি চাওঁ– ২৪

 ড০ পোনা মহন্ত নতুন কলেজ : নিউ হোষ্টেল এইদৰে গুৱাহাটীৰ কটনৰপৰা গৈ শ্বিলঙৰ ছেইণ্ট এড্‌মাণ্ডজ্‌ কলেজৰ ছাত্ৰ হ’লোঁ৷ আৱাসী হ’লোঁগৈ পূৰ্বৰ বৰলুইতৰ নাতিদূৰত থকা ছেকেণ্ড মেচৰ পৰা পাহাৰীয়া চহৰত অৱস্থিত ‘নিউ হোষ্টেল’ৰ৷ কেৱল নামেৰেই নহয়, কলেজখনৰ এই হোষ্টেলটো প্ৰকৃতাৰ্থত নতুন৷ মই…

এটা সম্ভাৱনাপূৰ্ণ বিষয় যি সমাজৰ ৰূপ সলনি কৰিব পাৰে

          অধিসূচনা অনুসৰি আমাৰ দেশত সাতশৰো অধিক অনুসূচিত জনজাতিৰ সম্প্ৰদায় আছে ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ জনজাতীয় জনসংখ্যা ১০.৪৩ কোটি, যিটো মুঠ জনসংখ্যাৰ ৮.৬ শতাংশ৷ ইয়াৰে ৮৯.৯৭ শতাংশ গ্ৰামাঞ্চলত আৰু ১০.০৩ শতাংশ চহৰত বাস কৰে৷ অতিকে গুৰুত্বপূৰ্ণ…

হীৰাগুড়ি পাহাৰৰ দেৱতা

 বিদিশা দত্ত  (৩)  দিনবোৰ পাৰ হৈ গৈ আছে। সভাখনৰ দিন-বাৰ দেৱতাই ঘোষণা কৰেহে লাগে। ইফালে ৰংচঙীয়া পাখিটো ভুচু নে গুবুৰ ভাগত পৰিব, কাকৈয়ে এতিয়ালৈকে ঠিকেই কৰিব পৰা নাই।  “এনেকৈ থাকিলে নহ’ব। কিবা এটা হেস্ত নেস্ত কৰিবই লাগিব।”- কাকৈয়ে ভাবিলে। তেনেতে…