প্ৰেমনাৰায়ণ নাথ

 

 

দেখিছিলো জাপানী কবিতাৰ চেৰীফুল

টুৱেনছাঙৰ পাহাৰত

শেৱালিৰ দৰে তল ভৰি নসৰে

মাথোঁ এজাৰবুলীয়া বেজাৰ সানি যেন সুৱাগুৰি  তোলে

 

মৰমসনা পাহিবোৰত মিহি মিহি আখৰৰ

কোমল হাইকুবোৰ

যেনি তেনি ওলমি আছিল

 

কোনো ফুলেই কাহানিও কথা কোৱা শুনা নাই

কোনো ফুলেই কাহানিও মনৰ কথা কোৱা নাই

কোনো ফুলেই কাহানিও তোমাৰ কথাও লিখা নাই

 

এতিয়া দেখোন সকলোতে লিখা আছে তোমাৰ নাম

আকাশত বতাহত  উশাহত
নিশাহত

দত জোনাকত 
সপোনত দিঠকত

যেনি তেনি চেৰীফুল হাইকু

চেৰীফুল হাইকু

 

বতাহত সিঁচি দিয়া মাত এটাৰ দৰে

পথাৰত সিঁচি দিয়া শইচৰ দৰে

তোমাৰ নাম