অজগৰ নদীখন

চন্দ্ৰ শইকীয়া

 

নদীখনেদিয়েই সূৰ্য নামে প্ৰতিদিনে

ককাৰ ধোঁৱা বৰণীয়া চকুত

কুণ্ডলী পকাই নদীখন বৈ থাকে অহৰ্নিশে


ৰাতিয়ে দিনে

পাৰঘাটৰ টিলাটোৰ ওপৰতে

যাত্ৰীবিলাকে জুমবান্ধি থাকে

উত্তাল নদীখনৰ বুকুলৈ চাই চাই

 

প্ৰতিদিনে এটা সময় আহে

নদীৰ বুকুত চমকনি তুলি

সূৰ্যটো অন্ধকাৰ মোহনাত

জিৰণি লবলৈ গুচি যায়

 

ককাৰ ধোঁৱালগা চকুহালত

প্ৰতিটো সন্ধিয়া বুৰঞ্জীয়ে বিনায়

অন্ধকাৰৰ সুবিধা লৈ অতীতৰ

ভয়াৱহ ছবিবোৰ মুকলি হয়

জয়াল নদীখনে ৰঙা সূৰ্যটোক

লাহে লাহে গিলি খায়

 

অজগৰ নদীখন বৈ থাকে!

সুমথিৰা সূৰ্যটোৰে

নদীৰ ভোক নপলায়;

ৰাতিৰ আন্ধাৰত নৈপৰীয়া

ওখ চাপৰিৰ চপৰা চপৰে

খহা মাটিবোৰ খাই খাই

অজগৰ নদীখনে উদৰ পূৰায়!!

 

ঠিকনা : 

মানিক বৰুৱা পথ,

পূব আমোলাপট্টি, ইটাচালি,

নগাঁও -৭৮২০০৩

ভ্ৰাম্যভাষ : ৭০০২৪৪৩০৫৬