নাৰী হত্যাকাণ্ডৰ কথাৰে দুখন চিনেমা

 নিজৰা ৰাজকুমাৰী

সদায় নাৰীয়েই কিয়? মূৰ তুলিব খোজা,
অধিকাৰ বিচাৰিব খোজা নাৰীক দমন কৰাৰ প্ৰচেষ্টা জানো নতুন কথা।
শক্তিশালী
, আত্মনিৰ্ভৰশীল নাৰীক বিচাৰি বিচাৰি নৃশংসভাৱে
হত্যা কৰাটোৱেই চখ দীৰ্ঘদেহী
, সুঠাম আৰু মুখত চেনেহ-সততাৰ
ৰংসনা যুৱকজনৰ। তেওঁৰ মতে নাৰী স্বাধীন
, স্বনিৰ্ভৰশীল
হোৱাটোৱেই এটা অপৰাধ। মুখাপিন্ধা এই হত্যাকাৰীক বিচাৰি উলিওৱাৰ দায়িত্বও আকৌ
এগৰাকী নাৰীৰেই। তাই দুৰ্গা। আণ্ডাৰকাভাৰ এজে
ণ্ট দুৰ্গা।
অনুশ্ৰী মেহতাই পৰিচালনা কৰা এই চিনেমাখনৰ নাম মিচেছ আণ্ডাৰকাভাৰ। যোৱা ১৪ এপ্ৰিলত
জী-৫-ত মুক্তি দিয়া মিচেছ আণ্ডাৰকাভাৰৰ মূল চৰিত্ৰ অৰ্থাৎ দুৰ্গাৰ চৰিত্ৰটোত
অভিনয় কৰিছে দক্ষ অভিনেত্ৰী ৰাধিকা আপ্তেই। অপৰাধ
, হাস্যৰস,
চোৰাংচোৱাগিৰিৰ উত্তেজনাৰে নিৰ্মিত স্পাই কমেডি মিচেছ আণ্ডাৰকাভাৰ
কাহানীয়ে আমাক
 পুৰুষশাসিত সমাজখনৰ
অমানৱীয় দিশ এটাৰ সৈতে আকৌ এবাৰ মুখামুখি কৰাই দিয়ে। পত্নী-মাতৃ বা ভগ্নীয়েই হওক–
নাৰী মানেই লক্ষ্ম
ৰেখাৰ ভিতৰত থাকি প্ৰাণহীন ৰবটৰ দৰে কেৱল
ঘৰ-পৰিয়ালৰ সুখৰ বাবে কাম কৰি যোৱাটোকে বিচাৰে বহু পুৰুষে। চিনেমাখনত নাৰীশক্তিৰ
উপস্থাপন উপভোগ্য। তেৰ বছৰে সাধাৰণতকৈও সাধাৰণ গৃহি
ণীৰ জীৱন
কটোৱা দুৰ্গাই পদে পদে প্ৰাণনাশৰ ভয় অতিক্ৰম কৰি অৱশেষত নাৰী হত্যাকাৰীজনক কৰায়ত্ত
কৰাত সফল হয়। সৰুৰে পৰা অপৰাধ কাহানী পঢ়ি-লিখি ভালপোৱা লেখক-পৰিচালক অনুশ্ৰী
মেহতাৰ পৰিচালক হিচাপে এইখন প্ৰথম পূৰ্ণদৈৰ্ঘৰ চিনেমা। 

কে
নাৰীকেই হত্যাৰ লক্ষ্য হিচা
পে বাচি লোৱা আন এখন বিশেষ চিনেমা
অলপতে চালোঁ ইৰাণীয়ান চলচ্চিত্ৰকাৰ আলি আব্বাছীৰ পাৰ্ছিয়ান ভাষাত নিৰ্মিত
লি
স্পাইডাৰ
। ২০০০-২০০১-ত ইৰা
ৰ মাছাদ মহানগৰীত সংঘটিত এলানি
হত্যাকাণ্ডৰ আধাৰত
লি স্পাইডাৰ নিৰ্মা কৰা হৈছে। এজন লোকে
১৬ গৰাকীকৈ দেহোপজী
ৱিনীক হত্যা কৰাৰ সত্য ঘটনা আধাৰিত চিনেমা
লি স্পাইডাৰ। হত্যাৰ কাৰণ- মহানগৰখনৰ পৱিত্ৰতা ৰক্ষা কৰা। সামাজিক পৱিত্ৰতা ৰক্ষা কৰিবলৈকে ছয়িদৰ এই ভয়াৱহ
পৰিকল্পনা। চিনেমাখনত জাৰ আমিৰ এব্ৰাহিমী নামৰ সুদক্ষ অভিনেত্ৰীগৰাকীয়ে ৰূপায়ণ কৰা
সাংবাদিক ৰহিমী নামৰ চৰিত্ৰটোৰ
দুঃসাহসিক অভিযানৰ বাবেই
আৰক্ষীৰ হাতত ধৰা পৰিছিল হত্যাকাৰী ছয়িদ। ছয়িদৰ মতে পৱিত্ৰ মহানগৰখন
দেহোপজীৱিনীসকলে অপৱিত্ৰ কৰি পেলাইছে। সেয়ে ৰাতি আলিবাটত ঘূৰি-পকি গ্ৰাহক বিচৰা
যৌনকৰ্মীৰ গ্ৰাহকৰ ভেশ ধৰি ছ
য়িদে এখন বাইক লৈ ওলাই যায় আৰু
কোনোবা এজনীক বাইকত বহুৱাই আনি হত্যা কৰে। মহানগৰখন পৱিত্ৰ কৰি ৰখাৰ স্বাৰ্থত সেয়া
হেনো তাৰ দায়িত্ব। পিছে তাৰ দায়িত্ববোধৰ ধৰণ-কৰণ অতি ভয়াৱহ। দেখাত অতি সাধাৰণ
নাগৰিক ৰাজমিস্ত্ৰী ছয়িদৰ পত্নী-সন্তানেৰে সৈতে এখন সুখৰ সংসাৰ আছে। আৰম্ভ
ণিৰ দৃশ্যত কন্যাসন্তানক শুৱাই থৈ গ্ৰাহক বিচাৰি যোৱা দেহোপজীৱিনী এজনীক
হত্যা কৰাৰ সময়ত আতুৰ হৈ তাই তাক ক
বলৈ চেষ্টা কৰে- নামাৰিবা,
মোৰ এটি সন্তান আছে। একেখিনি আতংক আৰু অসহায়তাৰেই এদিন অপৰাধী
ছয়িদকো চিঞৰি উঠিবলৈ বাধ্য কৰায় সাংবাদিক ৰহিমীয়ে। নিশা ৰহিমী নিজেই দেহোপজীৱিনীৰ
ভেশ ধৰি ছয়িদৰ সৈতে তাৰ ঘৰলৈ যায়। সৌভাগ্যক্ৰমে ৰহিমী ৰক্ষা পৰে আৰু ছয়িদ
গ্ৰেপ্তাৰ হয়। ঠাইখণ্ডৰ ৰাজনীতি
, ৰহিমীৰ মানৱীয়তা, দায়িত্ববোধ আৰু দুঃসাহৰ ফলত
ছয়িদৰ নিচিনা অপৰাধী এজনে মৃত্যুদণ্ড উপহাৰ পায়। কিন্তু – এইখিনিতে
কিন্তু এটা আহি যায়, কাৰণ
দৰ্শকৰ মনত তীব্ৰ আতংকৰ জোকাৰ
ণি এটা দি শেষত দেখুওৱা হয়
ছয়িদৰ শিশুপুত্ৰক
, যিয়ে অতি গৌৰৱেৰে ভনীয়েকক মৃতদেহৰ দৰে পৰি
থাকিবলৈ দি তাৰ পিতৃয়ে কৰা হত্যাকাণ্ডসমূহৰ নিখুঁত অভিনয় দেখুৱায়। তাৰ মতে তাৰ পিতৃ
অপৰাধী নহয়
, বৰঞ্চ তেওঁ এটা পৱিত্ৰ
কৰ্মহে কৰি গ
ল। চিনেমাখনৰ প্ৰিমিয়াৰ হৈছিল ২০২২-ৰ ২২ মেত বিখ্যাত কাঁ চলচ্চিত্ৰ মহোৎসৱত। একেটা বছৰতে ফ্ৰাঞ্চ আৰু ডেনমাৰ্কত
মুক্তি দিয়াৰ পাছত
লি স্পাইডাৰক ২০২৩-ৰ ১২ জানুৱাৰিত জাৰ্মানীত
মুক্তি দিয়া হৈছিল। কাঁৰ পাম ডিঅ
ৰৰ বাবে প্ৰতিযোগিতাত নমা
চিনেমাখনত কৰা অভিনয়ৰ বাবে জাৰ আমিৰ এব্ৰাহিমীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ
কৰিলে। 

চলচ্চিত্ৰৰসিকৰ মাজত চৰ্চিত চিনেমাখন পিছে অৱধাৰিতভাৱেই ইৰাণৰ বহু লোক তথা চৰকাৰৰ ৰোষত পৰিল। কাঁত পুৰস্কৃত
হোৱাৰ পাছত অভিনেত্ৰী জাৰলৈ অনেক ধমকি-ভাবুকি আহিল। ইৰা

মিনিষ্ট্ৰি অৱ কালচাৰ এণ্ড ইছলামিক গাইডেঞ্চৰ চিনেমা সংস্থাই কাঁ মহোৎসৱক
সমালোচনা কৰি
লি স্পাইডাৰৰ বিষয়ে মত দিলে– “an insulting and
politically-motivated movie”.
চৰকাৰৰ একেটা বক্তব্যতে চিনেমাখনক লৈ
কোৱা হ
ল – এয়া মুছলিমৰ প্ৰতি অপমান, “it has
insulted the beliefs of millions of Muslims and the huge Shiite population of
the world”.
ভাবুকি-অভিযোগেৰে থকা-সৰকা হলেও
সত্য ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত চিনেমাখনৰ বিষয়বস্তুক আমি বেলেগৰ দেশ
, বেলেগৰ কথা বুলি আওকা কৰি চিনেমাতে সামৰি পেলাব
নোৱাৰোঁ। আমাৰ নিচিনা দৰ্শকৰ মনত চিনেমা হিচা
পেও আৰু
প্ৰকৃততেই নাৰীৰ শোষণ-হত্যাৰ অপৰাধৰ কা
হিনী হিচাপেলি স্পাইডাৰে বেছ কিছুদিন ক্ৰিয়া কৰি থাকিব। নাৰী হত্যাৰে মহানগৰীৰ
পৱিত্ৰতা ৰক্ষা কৰিব খোজা উদ্ভত কামক কোনো হৃদয়বান মানুহে সমৰ্থন কৰিব নোৱাৰে।