ৰমানন্দন বৰা


দ্বিতীয় খণ্ড

এক

 

পশ্চিমফালে
আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ ক
লা
ছায়াৰ দৰে নাচি থকা ৰঙাবিলাকৰ মাজেৰে চলি গৈছে
, ইপাৰ-সিপাৰ
হৈছে৷ গোনা ম
হৰ ডিঙিৰ টিলিঙাৰ শব্দবোৰ ক্ৰমে ক্ৰমে স্পষ্ট
হৈ আহিছে৷ ম
হৰ ডিঙিত আঁৰি দিয়া টিলিঙাৰ সৈতে একে টিলিঙা এটা
খুঁটিত বন্ধা থাকে৷ মহেনে সেইটো এটা বিশেষ সুৰত বজাই বজাই ম
হজাক
খুঁটিলৈ মাতিছে৷ ম
হৰ বাবে দানা-পানীৰ সুকীয়াকৈ  দৰকাৰ নাই৷ শিমলু কাঠৰ সৰু কৈ কাটি লোৱা নাওখনত
সি ম
হৰ বাবে নিমখ যোগাইছে৷ ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-মহ পঘাৰে বন্ধাৰ নিয়ম নাই৷ ঝাউবন চিকুণাই এডোখৰ ঠাই মুকলি কৰা হয়৷ ঠাইডোখৰ
ভলুকা বাঁহৰ গুৰি জোঙালি সৰু সৰু গোজ সাজি মেৰ এটা দিয়া হয়৷কোনো গুৱালে সেইটোও
নকৰে৷ লোণৰ সোৱাদে ম
হবোৰক গধূলি খুঁটিলৈ ঘূৰি আহিবলৈ
ব্যাকুল কৰে৷ ওখ ওখ ঝাউ
, নল, বিৰিণাৰ
মাজত সোমাই ঘাঁহ খাই থকা ম
হজাকটোৰ প্ৰতিটো মহে ঘাই মহৰ ডিঙিত ওলমি থকা টিলিঙাৰ টিং টং ঘটং ঘটং
শব্দত নিজৰ বাট চিনি লয়৷

আজিও মহৰ
জাকটো আহি মহেনৰ খুঁটি পালেহি৷ মাইকী
, ঘাই, গোনা, গেঁৰা মিলাই সংখ্যাত দুকুৰিৰ বেছি হব৷ আটাইকেইটা শাৰী পাতি সেুন্দৰীয়া ৰদ গাত লগাই
গহীন-গম্ভীৰ কৈ আহি মেৰত সোমাই পোনেই লোণৰ সোৱাদ ল
লে৷


খুঁটিটোৰ কাষতে গৰু খুঁটি
, তাৰ কাষতে মহেনৰ বহা৷ গৰুও
দুকুৰিৰ কম নহ
ব৷ একেই মুকলি মেৰত তিনি কুৰি মান গৰু-গাই,
দামুৰি, চেউৰী৷ ম
পোৱালি আৰু গৰু পোৱালিৰ বাবে মহেনে মজৰাৰে ছালি এখন দি খাগৰিৰে চৌপাশে বেৰা দি
ৰাখিছে৷

গৰু-মহৰ
কামখিনি কৰি মহেনে হাত-মুখ ধুই জুহালৰ জুইকুৰা জ্বলালে৷ ইতিমধ্যে ডাঠ আন্ধাৰে
চাপৰিটো ঢাকি ধৰিছিল৷ শিমলু
, চটিয়না, ৰঘূ
গছবোৰ আন্ধাৰত আৰু বেছি বিশাল যেন দেখা গ
ল৷ এটা পাৰাপাৰহীন
নীৰৱতাই চাপৰিটো আবৰি ধৰিলে৷ পৃথিৱীৰ পৰা আঁতৰত মহাকাশৰ অন্য কোনোবা এটা শব্দহীন
গ্ৰহ যেন লাগিল৷ মূল ভূমিৰ পৰা বিচ্ছিন্ন বৈ ব্ৰহ্মপুত্ৰ বুকুৰ এই চাপৰিত আন্ধাৰখিনি
এতিয়াও নিৰ্বিঘ্নে আছে
, নিৰাপদে আছে৷ পোহৰ কতো নাই৷ মাটিৰ ওপৰত আকাশখন অলপ পাতলীয়া কলা৷
কৃষ্ণপক্ষ তৰাবোৰে জিকমিকাই আছে৷ দিগন্তত মাটি আৰু আকাশৰ সীমনাত পাতলীয়া পোহৰৰ
আভাই আন্ধাৰৰ সিপাৰে পোহৰ থকাৰ সম্ভেদ দিছে৷ বাদুলিবিলাকে মুনিচুনি পৰতে বাহৰ পৰা
জাকে জাকে উৰা মাৰিছে খাদ্যৰ সন্ধানত৷ ফেঁচাকেইটামানে ৰঙতে উৰুলি দিছে৷ আকাশেদি
ডাঙৰ ডাঙৰকৈ কথা পাতি শৰালিৰ জাকটো পাৰ হৈ গ
ল৷ লাহে লাহে
পানী যুঁৱলিৰ পৰা অচিনাকি অলেখ চৰাইৰ কলৰৱে ঠাইখন উপচাই পেলালে৷ অচিনাকি দেশৰ
অতিথি আদৰাত মুখৰ হৈ উঠিল ব্ৰহ্মপুত্ৰৰ শীতল বুকু৷

পৰশু বিভোৰ হ
প্ৰকৃতিৰ নিজা অমলিন অখণ্ডিত ৰূপটো দেখি৷ খুব ভাল কথা যে ম
বাইলৰ
নেটৱৰ্ক ইয়াত নাই৷ মনটো অনবৰতে অশান্ত আৰু হকে বিহকে ব্যস্ত ৰখা ম
বাইল নামৰ এই ভুটুকা অসুৰটোৰ পৰা ৰক্ষা পোৱা টান৷ কিন্তু ব্ৰহ্মপুত্ৰৰ
মাজৰ নতুন চাপৰিৰ জীৱন তাৰ পৰা মুক্ত৷ চকু চাৎ মৰা বিজুলীবাটিয়ে ইয়াত আন্ধাৰক
খণ্ড-বিখণ্ড নকৰে
, কাণতাল মৰা বিকট চিঞৰৰ ট্ৰাক বা বাইকবোৰে
ইয়াত নীৰৱতা চূৰ্ণ কৰিব নোৱাৰে৷ ইয়াত সময়খিনি নিজাকৈ পাব পাৰি৷ ইয়াকে বিচাৰি পৰশু
মহেন মোমায়েকৰ ম
হ খঁুটিৰ বহালৈ মাজে মাজে আহে৷ কেতিয়াবা
এৰাতি দুৰাতি থাকে৷ মাছ-মাংসৰে দকচি খায়৷ বাঁহৰ চাঙত ৰাতি শোৱে৷

ঝি-ঝি কৰি ঝিলি
এটাই মাতি গধূলিটো গহীন কৰি তুলিছে৷ এখন উৰাজাহাজ এটা বহল বৃত্তত আকাশত উৰিছে৷
১১ৈয়া বিমান বন্দৰ ইয়াৰ মানুহে দেখা নাই
, কিন্তু উৰাজাহাজ দেখিছে৷
দুপৰীয়া উকা নীলা আকাশৰ বুকুত গহীনকৈ উৰি ফুৰা উৰাজাহাজ দেখি সেইখনত উঠিবলৈ পৰশুৰ
হেঁপাহ এটা ল
ৰালি কালৰ পৰাই আছে৷ আজিও চকু টিপিয়াই উৰি থকা
উৰাজাহাজখনে তাৰ মন হৰিছে৷ এটা ধীৰ ছন্দৰ গহীন মাত উপঙি ফুৰিছে৷ চাপৰিৰ নীৰৱতা
ভঙ্গ কৰিব পৰা নাই৷

হৰ
ডিঙিত টিলিঙাৰ টুং টাং৷ গোহালিৰ পৰা গৰুৰ উগাৰৰ আৰু খোৱাৰ শব্দ দুই-এটা ভাঁহি
আহিছে৷ ফেউৰাকেটাই আজি ৰাও জুৰা নাই৷ ইয়াত নীৰৱতাই কথা কয়৷

পৰশুৱে মন কৰিলে
মোমায়েকৰ জুহালত ভঙুৱাৰ আড্ডাটো আটোমটোকাৰীকৈ বহিছে৷ চাৰিটা ভঙুৱা মোমায়েকৰ বয়সৰে৷
ওচৰতে ম
হ খুঁটি আছে৷ সন্ধিয়া তেওঁলোকে মহেনৰ বহাত লগ হয়৷ সুখ-দুখৰ কথা পাতে,
এচিলিম হোপে, ঘৰাঘৰি যায়৷ তথাপি কমেও দুঘণ্টা
সময় চিলিম পৰ্ব চলে৷ বিশেষ আয়োজন থাকিলে মোমায়েকৰ বহাতে আটাইৰে ভোজন হয়৷

ভঙুৱাকেইজনৰ
ভিতৰত পৰশুৰ বাবে আকৰ্ষণীয় হ
ল নাৰায়ণ দাইটি৷ সি মোমাই বুলিবই
পাৰিলেহেঁতেন৷ কিন্তু আটায়ে সেই সম্বোধনেৰে মাতে বাবে সেইটো পৰশুৱেও অবিকল ৰাখিলে৷

নাৰায়ণ দাইটিয়ে
অতীতৰ কথা কয়৷ আনৰ বাবে পাহৰণিৰ আন্ধাৰত হেৰাই যোৱা কথাবোৰ দাইটিয়ে জীয়াই তোলে৷
চিলিমৰ আগৰ আঙঠাকেইটা জ্বলি উঠি তেওঁৰ 
মুখখন ঈষৎ পোহৰাই তোলে৷ ঠিক যেন অতীতৰ এচকলহে পোহৰাই তোলে৷ আন্ধাৰ আৰু পোহৰ
মিহলি হৈ থাকে নাৰায়ণ দাইটিৰ কথাত৷ এই বহাটোৰ ভিতৰত থকা আন্ধাৰখিনি মথি মথি তেওঁ
কথা কৈ যায়৷

বাস্তৱ-অবাস্তৱ
সীমাডাল ভাঙৰ ধোঁৱাই উৰুৱাই নিয়ে৷ কি কয় নাৰায়ণ দাইটিয়ে
? চব কথা কয় – পুৰাণ, মহাভাৰতৰ পৰা ইয়াৰ প্ৰতিটো
চাপৰিৰ কথা কয়৷ মাথোন কুহুলিয়াই থাকিব লাগে৷ মহাদেউৰ প্ৰসাদ ভাগিত হোপা এটা মাৰি
পৰমানন্দত চকু দুটা মুদি নাৰায়ণ দাইটিয়ে ক
বলৈ লয়৷ মানুহটোৰ
কপালত ৰেখা কেইডাল সামান্য কোঁচ খায়
, মোচকোছাত অনামিকা আঙুলি
বুলাই বুকুলৈকে পৰা ডাঢ়ি কোছাত পাঁচোটা আঙুলিৰে খেলি থাকে৷ দ্বিতীয় হোপাটোৰ
সময়লৈকে এই প্ৰক্ৰিয়া চলে৷ জুইকুৰাৰ  পকা
অঙঠাৰ পৰা মিঠা ৰঙচুৱা পোহৰ এচাটি ঢিমিক-ঢামামকৈ তেওঁৰ মুখমণ্ডল জিলিকাই তোলে৷

আনকেইটা ভঙুৱা
কলীয়া
,
মহেশ্বৰ, মাখন আৰু বাপুতা৷ সিহঁত কেইটা নাম
থকা ভঙুৱা নহয়৷ দিনটোৰ পৰিশ্ৰমৰ অন্তত মহেনৰ বহাত এইকণ সময় সিহঁতৰ বাবে অলপ
স্ফূৰ্তি কৰাৰ অৱকাশ৷ নাৰায়ণ দাইটি দেখাই-শুনাই
, কথাই-বৰ্তাই
ষোল্ল অনা ভঙুৱা৷

দাইটি,
এইবাৰ মহেনৰ ভাইগ ভাল৷ একুৰি মহ একেলগে
খীৰাইছে৷
” – মহেশ্বৰৰ মাত৷

হেৰ
মইনো কত খীৰাইছোঁ৷ চাৰিজনীতে হাত সিৰামূই
ধৰে৷ তহঁতে খীৰাই দিছ বুলিহে৷

পিছে
ধনখিনি কোনে লয়৷ চ
তাই গুৱালে গাখীৰ টানি শেষ কৰিব নোৱাৰি
ৰহমতকো লগাইছে৷


ৰহক্ক
চাফী কাপোৰখন চিলিমটোৰ মূৰত ঠিক কৰি হোপা মাৰোঁ বুলিও
নমৰাকৈ ৰৈ নাৰায়ণ দাইটিয়ে মাত দিলে –

গাখীৰ
যদি খিৰাইছিল
, জমদগ্নি মুনিয়ে খিৰাইছিল, মাৰপোহা৷

হোপাটো টানি
ধোঁৱাখিনি কিছু সময় ভিতৰত ৰাখি তাৰ পাছত নাকে-মুখে একেলগে বাহিৰ কৰি চিলিমটো
বাপুতালৈ আগবঢ়াই দিলে৷

কেইজনী
খিৰাইছিল দাইটি
, গৰু নে ম?”

এজনী
গৰু৷ কাৰতবিজঅ অ
ৰজুনৰ সৈন-সামন্ত আটাইকে খুৱাইও শেষ নহল বাপেকে মাৰেপোহা৷

হয়নে
দাইটি
, কি কথা?”

শাচ্‌তত্‌
আছে৷ মই কোৱা কথা নহয় অ
লীয়া৷

নাৰায়ণ দাইটিৰ
কথা নহয় বুলি ক
বলৈনো কোন আছে? “খেতি যদি কৰিছিল
পৰশুৰামে কৰিছিল৷ জনক ৰজাইনো কি ডাল কৰিছিল নাজানো৷ ৰজা হ
লে
ৰজা হ
, খেতি কৰিলে খেতি কৰ৷ খেতি চোজা বস্তুনেকি? যেই সেই খেতি কৰিব পাৰিবনে? বলোৱে নাঙলটো লৈ কত হাল
বালে নেজানো দেই৷ পৰশুৰামে খেতি কৰিছিল৷ শিল কাটি পানী বোৱাই আনিছিল
’ – এইবাৰ হুপাটো দীঘলীয়াকৈ টানি দাড়ি কোছাত হাতখন বুলাই নিজৰ কথাখিনি এবাৰ
জুকিয়াই ল
লে৷

এই
নতুন চাপৰি আৰু বকুল চাপৰিত খেতি যদি কৰিছিল বেণুৱে কৰিছিল৷ পিছে মানুহটোহে ঘূণীয়া
ল৷ মিছাতে মেল্‌টৰিৰ মাৰখন খালে৷

ভঙুৱা নাৰায়ণ
দাইটিৰ মুখত দেউতাকৰ কথা ওলোৱাত পৰশুৰ চিন্তাৰ আঁটটোৱে সুকীয়া মোৰ ল
লে৷

দেউতাকৰ
চেহেৰাটো পৰশুৰ মনলৈ আহিল৷ বৰষুণীয়া বতৰত
, ঠাণ্ডা দিনত মিলিটাৰীৰ
মাৰ আৰু বুট জোতাৰ গছকত পীড়িত দেহাটো বিষত কোঙা হৈ পৰে৷

অথচ কি কৰিছিল
তাৰ দেউতাকে
? কি কৰিছিল বেণুধৰ শইকীয়া ওৰফে বেণু  বাঘধৰাই?

                    

*      *      *