আব্দুচ
ছামাদ

 

বহুদিনৰ পৰা মই মানুহজনক বিচাৰি ফুৰিছোঁ৷
ত-তত লগ পোৱা সকলোকে সুধিছোঁ, চিনি পায় নেকি তেওঁ মই
বিচাৰি ফুৰা মানুহজনক
?

চিনি পাওঁ মানে? আপুনি বিচাৰি ফুৰা মানুহজন ময়ে৷

সকলোৱে প্ৰায় একে কথা, একে ধৰণেই কৈছে৷

খন্তেকৰ বাবে মোৰ চকু-মুখ উজলি উঠিছে৷
কিন্তু শেষত সেই একে কথাই হৈছে৷

তথাপি মই হতাশ হোৱা নাই৷ মানুহজনক মই
বিচাৰি আছোঁ৷ আৰু বিচাৰি থাকিমো৷ নিশ্চয় ক
ৰবাত মানুহজনক লগ পাই যাম৷ নাইবা
কাৰোবাৰ পৰা মই মানুহজনৰ সন্ধান পাম৷

এই যে, এইপিনে আহি থকা, পৰিপাটি পোছাক পিন্ধা আগন্তুকজনকো মই সুধিম বুলি ভাবিলোঁ৷ সুধিলোঁও তেওঁক
মোৰ সন্মুখ পাওঁতে
– ‘হেৰি, আপুনি
মানুহজনক চিনি পায়নে
?’

কাক চিনি পোৱাৰ কথা কৈছে
আপুনি
?’

মই বিচাৰি ফুৰা মানুহজনক৷

কাকবা বিচাৰি ফুৰিছে
আপুনি!
তেওঁ এইবাৰ অলপ বিৰক্তিৰে কলে
আচ্ছা কওকচোন, মানুহজন দেখিবলৈ কেনে?’

মানুহজনক মই দেখা নাই
কেতিয়াও৷ কিন্তু জানো
, মানুহজন দেখিবলৈ সাইলাখ মোৰ-আপোনাৰ
দৰে৷
মই বিচাৰি ফুৰা মানুহজনৰ দৈহিক বৰ্ণনা দিবলৈ ধৰিলোঁ
মানুহজনৰ দুখন ভৰি আছে৷ দুখন হাত আছে৷ এখন মুখ আছে৷ মুখখনৰ ঠিক
ওপৰতে দুটা ফুটাৰে সৈতে এটা নাক আছে৷ নাকটোৰ ওলপ ওপৰত দুফালে দুটা চকু আছে৷ চকু
দুটাৰ দুফালে দুখন কাণ আছে৷ আৰু….৷

,
ব দিয়ক৷আপোনাৰ মানুহ
বিচৰাৰ কষ্ট গুচিল দিয়ক৷
কথাৰ মাজতে মোক ৰখাই দি, বিৰক্তিৰ ঠাইত এইবাৰ চকুৱে-মুখে হাঁহি বিৰিঙাই তেওঁ কলে– ‘আপুনি বিচাৰি ফুৰা মানুহজন ময়ে৷

হয় নেকি?’ মাতত হবও পাৰে নহবও পাৰে
ধৰণৰ ভাব সানি মই ক
লোঁ৷

হয়, পাক্কাবুলি তেওঁ অলপ জঁপিওৱাৰ দৰে কৰি কলে– ‘এয়া চাওক, মোৰ দুখন ভৰি
আছে৷
হাত দুখন মোৰ চকুৰ আগত দাঙি ধৰি কলে– ‘এয়া চাওক, মোৰ দুখন হাত
আছে৷
কুৰি চেকেণ্ডমানৰ বাবে কথা বন্ধ কৰি ওঁঠ দুটা ৰৌমাছে
লৰোৱাদি লৰাই লৈ ক
লে– ‘এইবাৰ চাওক,
মোৰ এখন মুখ আছে৷নাকটো কোঁচাই কিবা শুঙাৰ
দৰে কৰি ক
লে– ‘এইটোলৈ চাওক, মোৰ এটা নাক আছে৷চকুযুৰি দুবাৰমান পিৰিকিয়াই লৈ কলে– ‘এইহাল চাওক, মোৰ দুটা চকু
আছে৷
বিশেষ কায়দাৰে কাণ দুখন লৰাই লৈ কলে– ‘এয়া চাওক, মোৰ দুখন কাণ
আছে৷ আৰু….৷

এইবোৰ ঠিকে আছে৷মই কলোঁ– ‘মই এতিয়ালৈ
মানুহজনক চিনি পায়নে বুলি যাকে সুধিছোঁ সিয়ে প্ৰায় আপুনি কোৱাৰ দৰে কৈছে৷


পাৰে৷ মানিছোঁ৷ এশবাৰ মানিছোঁ৷ কিন্তু মোক সেইসকলৰ লগত নাসাঙুৰিব৷
তেওঁ অলপ উষ্মাৰে কৈ কলে– ‘আপুনি
বিচাৰি ফুৰা মানুহজন ময়ে৷

বও
পাৰে৷
তথাপি মোৰ সন্দেহ নুগুচিল৷

বও
পাৰে মানে
? আপুনি মোক অবিশ্বাস কৰিছে?’

নাই নাই, মই আপোনাক কত অবিশ্বাস কৰিলোঁ? মই কেৱল কব খুজিছোঁ, মই
বিচাৰি ফুৰা মানুহজনৰ মাজত কিছু কথা আছে৷ সেই কথাবোৰ আপোনাৰ মাজত থাকিলে
, মই বিচাৰি ফুৰা মানুহজন আপুনি নহৈ নোৱাৰে৷

কি কথা, কওকচোন৷

কৈছোঁ ৰবুলি
মই কৈ গ
লোঁ– ‘মুখেৰে থাককে, মই বিচাৰি ফুৰা মানুহজনে কোনোদিন কাকো হাতেৰেও আঘাত নকৰে৷ আনৰ দুখত
মানুহজন সদায় দুখী হয়
, সুখত হয় সুখী৷ লগৰীয়াৰ উন্নতিত
মানুহজনে পায় অশেষ ফূৰ্তি৷ কাৰোবাক হেয় কৰি নিজকে মানুহজনে ভাল বোলাবলৈ নাযায়৷
পৰচৰ্চা
, ষড়যন্ত্ৰ, প্ৰৱঞ্চনা আদি
শব্দবোৰ মানুহজনৰ জীৱনৰ অভিধানতে নাই৷ আৰু…. ৰ
, কিমান দীঘলীয়া কৰিম, এক কথাত কওঁমানুহজনে সদায় মানুহৰ দৰে কথা কয়৷ কাম কৰে৷

মোৰ এইবাৰৰ কথা শুনি তেওঁ একেবাৰে বিৱৰ্ণ
হৈ পৰিল৷ তেওঁৰ চকুৱে-মুখে খঙো বিৰিঙি উঠিল৷ খঙেৰেই তেওঁ ক
লে– ‘যাওক, আপুনি তেজপুৰলৈ যাওক!

মই তেজপুৰলৈ যাব লাগে কিয়?’

আপুনি মানসিকভাৱে সুস্থ
নহয়! আপোনাৰ মানসিক চিকিৎসা গ্ৰহণ কৰাটো খুব দৰকাৰী হৈ পৰিছে!

তেওঁৰ খং উঠাৰ কাৰণ মই বুজিলোঁ৷ বুজি হাঃ
হাঃকৈ হাঁহিলোঁ৷ আৰু ক
লোঁ– ‘ব দিয়ক,
খং নকৰিব৷ মই বিচাৰি ফুৰা মানুহজন আপুনি নহ
পাৰে
, কিন্তু আপুনি মই ইতিমধ্যে লগ পোৱাসকলতকৈ অলপ বেলেগ৷
নিজৰ মনৰ দাপোনত আপুনি অন্ততঃ আপোনাৰ আচল মুখখন দেখে৷

মোৰ কথা বুজি নাপালে চাগৈ৷ তেওঁৰ খং
চৰিল৷ আৰু খঙৰ খোজেৰে তেওঁ নিজৰ বাটেৰে আগবাঢ়িল৷

আৰু মই আগবাঢ়িলোঁ, মই বিচাৰি ফুৰা মানুহজনক
বিচাৰি৷ নিশ্চয় ক
ৰবাত….৷

 

লেখকৰ ঠিকনা :

ঠিকনা – মলয় নগৰ, এ ই চি ৰ, জালুকবাৰী,

গুৱাহাটী – ৭৮১০১৩

ভ্ৰাম্যভাষ –  ৯৪৩৫১১৯৮৯২