ৰমানন্দন বৰা


চাৰি

 

কেতিয়াবা কোনোবা এটা কাম আশা কৰাতকৈ ভাল ধৰণে হৈ উঠে৷ কিবা এটা যেন শুভ সংযোগ
থাকে যাৰ ফলত এটাৰ পিছত এটা কাম কম আয়াসত সিদ্ধি হয়৷ পৰশুৱে আগভাগ লোৱা সমবায় কৃষি
পাম পতা কামটোৱে সহজে সফলতাৰ মুখ দেখিলে৷ প্ৰথমে তাৰ লগৰ ডেকাহঁতেই সহযোগিতা
আগবঢ়াবলৈ কুণ্ঠাবোধ কৰিছিল৷

 

বছা গাঁও আৰু বকুল চাপৰিৰ দহজন খেতিয়ক পৰশুৱে নিজৰ লগত পালে৷ চৰকাৰী বিভিন্ন
সা-সুবিধাৰ আশা নেদেখিলে কোনো কৃষকেই নিজৰ পূৰ্বাপৰ খোজটোৰ পৰা অলপো লৰচৰ কৰিব
নোখোজে৷

 

কি পাম? কি হ? চৰকাৰে কিবা দিব
জানো
?
দিলে কাৰ লগত ভাগ হ?” – তেওঁলোকৰ এশ এবুৰি প্ৰশ্নৰ লতাই পৰশুৰ উদ্যমী মনটো বান্ধি
পেলাব খোজে৷

 

যিটো আমি নিজেই কৰিব পাৰোঁ তাত চৰকাৰৰ সহায় কিয় লাগে? আমি কৰিম৷ আমাৰ লাভ হব৷ সমবায়
কৰিম৷ সকলোৰে সমানে লাভ হ
ব৷ সমানে কৰিব৷

 

পৰশৱে বুজায়৷ কিন্তু লাভ নহয়৷ মানুহবোৰৰ মন গলাব নোৱাৰি৷ চৰকাৰী সাহায্যৰ
এনেকুৱা কু-প্ৰভাৱ আছে বুলি পৰশুৱে ইয়াৰ আগলৈকে কেতিয়াও ভবা নাছিল৷ যি এবাৰ
সাহায্য পাইছে তেওঁ চিৰদিন তেনে সহায় পাই থাকিব বুলি এটা ধাৰণা মানুহৰ মনত গঢ় লয়৷
ইয়াৰ কাৰণে তেওঁ যিমান কষ্ট কৰে
, সিমানখিনি নিজৰ
কামত কৰা হ
লে, বহুত উন্নতি হলহেঁতেন৷ চৰকাৰখনেও
মাথোন হিতাধিকাৰী সৃষ্টি কৰে৷ এই কামটোৰ কাৰণে পৰশুৰ বৰ খং উঠে৷ মানুহবোৰে কেৱল
চৰকাৰৰ মুখলৈ চাই থকাৰ মানসিকতা চৰকাৰেই গঢ় দিছে৷ চৰকাৰে মাহে দহ ত্ৰিছ কিলো চাউল
হিতাধিকাৰীৰ নামত বিনামূলীয়াকৈ দিয়ে
, অথচ তেওঁলোকৰ খেতিৰ মাটিকেইডৰাত জলসিঞ্চন বা জলনিষ্কাষণৰ ব্যৱস্থা কৰি নিদিয়ে৷
এনে কৰিলে কৃষকখিনি আত্মনিৰ্ভৰশীল হ
ব পাৰিব৷
চৰকাৰে নুবুজে৷  

 

দহজন খেতিয়কৰ সৈতে পৰশু লগ হৈ এঘাৰজন সদস্যৰে গঠন হসেউজীয়া পাম৷ দুহেজাৰকৈ বাইছ হেজাৰ টকা মূলধন৷ বেণুৰ আঁচনিমতেই সংগঠনৰ
ৰাহঁতে খন্দাই থোৱা দুপুৰা মাটিৰ পুখুৰীটো চাফা-চিকুণ কৰি, তাঁতী চকোৱা দিয়া কামটো সিহঁতকেইটাই নিজে গাৰে খাতি কৰিলে৷
হাগৰ মাজ ভাগতে নগঞা পোনা বেপাৰীৰ পৰা বিশ হেজাৰ টকাৰ পোনা
জীয়াই মাঘৰ উৰুকা বজাৰলৈ মাছ ধৰি
, দুই লাখ টকা পালে৷
কেঁচা ঘাম মটিত পেলাই নিজে কৰা উপাৰ্জন৷ সিহঁতৰ ৰং চায় কোনে
? তাৰ পিছত আৰু সেউজীয়া কৃষি পাম ৰৈ থকা নাই৷  মাটিৰ পৰা কৰা উপাৰ্জন অযথা মাটিত মিহলি হৈ
নাযায়৷

 

লাহে লাহে গাঁৱৰ মানুহৰ মনবোৰ সলনি হল৷ পৰশুৰ
লগৰ কেইটাৰো চিন্তাত পৰিবৰ্তন আহিল৷ সিহঁতেও সেউজীয়া পামৰ সদস্য হ
ল৷ সদস্য সংখ্যা বাঢ়ি তিনিকুৰি হল৷ সদস্য ভৰ্তি মাচুল একেই৷ দুহেজাৰ টকা৷ গাঁঠিৰ ধন সোমাই
নেথাকিলে পামৰ কামলৈ মানুহৰ মন নাথাকিব৷ এয়া পৰশুৰ কথা৷ পামৰ সদস্য মানেই কোৰ
কটাৰী লৈ হাতে কামে খেতি কৰা মানুহ৷

 

পামখনে পোখালে৷ সেইবোৰ দীঘলীয়া কথা৷ কত কষ্ট কত পৰিকল্পনা৷ কত ব্যৰ্থতাৰ
অভিজ্ঞতা
,
পৰীক্ষা-নিৰীক্ষা…

 

                     *      *      *

 

সেউজীয়া পামৰ বাঁহৰ বিচনাখনত শুই শুই পৰশুৱে আকাশ-পাতাল ভাবি আছিল৷ সঁচাকৈ
পৰশুৰামে মাকক হত্যা কৰিছিলনে
? সি স্মাৰ্ট ফোনটোৰ
পৰ্দা পোহৰ কৰি ফেচবুকত নিজৰ শিতানটো লিখিলে –

পৰশুৰামে মাতৃ ৰেণুকাক কিয় হত্যা কৰিছিল? সঁচাকৈয়ে হত্যা কৰিছিলনে?”

 

এঘণ্টাৰ ভিতৰত বিছটা মন্তব্য আৰু পঞ্চাছটা পন্দ আহিল৷ তাৰ হাঁহি উঠিল প্ৰশ্নটোতনো পন্দ কৰিব
লগা কি থাকে
? মানুহবোৰ যে! ফেচবুকৰ মন্তব্যবোৰ আকৰ্ষণীয় –

ৰেণুকাই চিত্ৰসেন গন্ধৰ্বৰ লগত লেটিপেটি কৰিছিল৷

মাতৃ হত্যা কৰা পৰশুৰামক মই ভগৱান বুলি নাভাবোঁ

আমাৰ নাৰীবাদীসকলে বা কি কয়?”

জমদগ্নিয়ে ৰেণুকাক পুনৰ জীয়াই তুলিব পাৰিব বুলি পৰশুৰামে
জানিছিল৷

পৰশুৰাম ভগৱান হলেও বহুত
ডাঙৰ পাপ কাম কৰিলে
?”

এইটো সামথ্য ভক্তিৰ কথা৷ যি কোনোৱে এনে কাম কৰিব নোৱাৰে, কৰিব নেপায়৷ নীলকণ্ঠ শিৱৰ কথাটো একেই৷

 

ফেচবুকৰ সতীৰ্থসকলৰ এনেকুৱা মন্তব্যবোৰ সি পঢ়ি গল৷ কোনো মন্তব্য নিদিলে৷ একবিংশ শতিকাৰ দ্বিতীয় দশকটো
ফেচবুক
,
হোৱাটছ এপৰ যুগ বুলিব পাৰি নেকি? অন্ততঃ ভাৰতবৰ্ষত?

 

হঠাৎ তাৰ মেচেঞ্জাৰত এটা বাৰ্তা অহাৰ সংকেত বাজি উঠিল৷ এছ পি দত্ত, বেংক মেনেজাৰ – তাৰ ফোনৰ পৰ্দাত নামটো ভাঁহি উঠিল৷

বহুত দিনৰ বিৰতিৰ পিছত আজিনো কি বতৰা আছে? তাৰ মনত বহুত প্ৰশ্নই দোলা দি গল৷

 

সি বাৰ্তাটো পঢ়িলে – আপোনাক জৰুৰীকৈ লগ পাব লগা আছে৷ Pls. come to the Bank.”

কিয় মাতিছে?”

মোটামুটি সম্পৰ্কহীন সম্পৰ্ক এটা চলি আছে ইমানদিন৷ ফেচবুকত কেতিয়াবা দুটা এটা সঁহাৰি দিয়ে ইমজিৰ যোগেদি৷ হোৱাটছএপত কোনো যোগাযোগ নাই৷ দত্তই অৱশ্যে মাজে মাজে বিভিন্ন
দিৱসৰ বাৰ্তা
, বেংকৰ নতুন
কাম-কাজৰ ভিডিঅ
তালৈ পঠিয়াই থাকে৷ মাথোন পৰশু নীৰৱে
থাকে
?

আজি মানুহজনে মাতিছে, বেংকলৈকে৷

পৰশুৱে তেওঁক লগ কৰিবলৈ ঠিৰাং কৰিলে৷ বিগত দিনৰ তিতা ইতিহাস তেওঁ ধৰি থকা নাই, যেতিয়া সিও ধৰি নাথাকে৷

 

পাঁচ

 

সত্যপ্ৰকাশ দত্তৰ সৈতে পৰশুৰ কোনো ব্যক্তিগত শত্ৰুতা নাই৷ দুয়ো একেলগে বহু কাম
কৰিছে৷ সেউজীয়া কৃষি পামৰ আৰম্ভণিকালত যিকেইজন ব্যক্তিৰ সহযোগিতা আছে তাৰ মাজত
দত্ত এজন৷

 

সেউজীয়া কৃষি সমবায় সমিতিয়ে লাহে লাহে ডাল-পাত মেলিবলৈ লওঁতে যিটোৰ আটাইতকৈ বেছি অভাৱ হৈছিল, সেইটো হল টকাৰ অভাৱ৷
পুলিটো এপতীয়া বা দুপতীয়া হওঁতে সাৰ-জাবৰ বৰকৈ নালাগে৷ কিন্তু নতুন ঠেঙুলি পোখা
মেলিবৰ সময়ত গুৰিত সাৰ নহলেই নহয়৷ সমবায় সমিতিৰ সদস্য সংখ্যা এশ হওঁতে পুঁজি হ
লগৈ দুই লাখ৷ তাৰে পঞ্চাছ হেজাৰ বেংকত ৰাখি বাকীখিনি আৱৰ্তি
পুঁজি হৈ চলিল৷ কিন্তু  কামে কাম গোটায়৷ লাভৰ মুখ দেখিলে মনটো বাঢ়ি
যায়৷ অকল বাম খেতি আৰু মীন পালনতে কামবোৰৰ সীমা বান্ধি নাৰাখি চাৰিখন তাঁতশাল তাৰ
লগত যোগ হ
ল৷ মৰাপাটৰ আঁহেৰে
বিভিন্ন গৃহ-সজ্জাৰ সামগ্ৰী তৈয়াৰ কৰা এটা গোট স্থাপন হ
ল৷ নিজৰ জেপৰ টকাও বহু সোমাল৷ তথাপি কামবোৰ হব লাগে – সেউজীয়া পামৰ সভাপতি নীলেশ্বৰ পাতৰৰ মত৷ লৰাহঁতে কৰা কামত হাত উজান দিবলৈ আৰু কেবাজনো আগবাঢ়ি আহিল৷

 

সেউজীয়া পামৰ কামেৰে নতুন চাপৰি জিলিকি উঠিল৷ গামোচা আৰু চাদৰ-মেখেলাবোৰ
বিক্ৰী কৰিবলৈ চাৰিগৰাকী সদস্যাক নিযুক্তি দিয়া হ
ল৷ চৰকাৰে এটা সুবিধা কৰি দিছিল৷ খৰালি আৰম্ভ হল মাত্ৰকে হস্ত-তাঁত বস্ত্ৰশিল্পৰ মেলাআৰু বিভিন্ন উৎসৱ-মহোৎসৱবোৰৰ লগত আয়োজিত প্ৰদৰ্শনীত সেউজীয়া
পামৰ গামোচা
, চাদৰে আদৰ পাবলৈ ধৰিলে৷ মৰাপাটৰ আঁহৰ
পৰা তৈয়াৰী সৰু দুৱাৰ দলিৰ দলিচা
, ডাইনিং ছেটৰ কভাৰ, পেন ষ্টেণ্ড, পেপাৰ পকেট আদি গ্ৰাহকৰ বাবে নতুন৷ কম দামত পাই পৰীক্ষামূলকভাবে হলেও বহুতে কিনে৷

 

আটাইবোৰ কামৰ খৰচ, আয়, ষ্টক আদিৰ উপৰি নতুন নতুন বজাৰ বিচাৰি লোৱা কামটো বৰ সহজ
নহয়৷ ইয়াৰ উপৰি খেতিৰ বিধে বিধে হিচাপ৷ বতৰ চাই কঠিয়া পাৰিলেহে কৃষি৷ আনতকৈ আগত
ফচল উলিয়াবলৈ হ
লে সুকীয়া যতন দৰকাৰ৷ পলি হাউচ
চাৰিটা তৰা হ
ল৷ জিলা কৃষি বিষয়া হেমন্ত বৰাৰ
সহযোগিতা আৰু বদান্যতাত সেউজীয়া পামে এইকেইটা বিনামূলীয়াকৈ চৰকাৰৰ পৰা পালে৷ খেতিত
ইমান যতন ল
ব লাগে যে খেতিয়কৰ আন কথা চিন্তা
কৰিবলৈ সময় নাথাকে৷ বাতি থাকিলেহে খেতিত ফচল খাবলৈ পায়৷ সেয়েহে কয়-পঢা.য়
, পঢ়ে ৰেৱাই পান, এই তিনিয়ে নিচিন্তে আন৷

সমবায়ৰ সদস্য ভৰ্তি মাচুল দুহেজাৰ টকাৰ উপৰি পাঁচ হাজাৰ টকাকৈ বিশজনে অধিক ভৰি
ৰেহাই হাৰত ট্ৰেক্টৰ এখন লোৱা হ
ল৷ তাৰ লাভৰ ধন
সেইকেইজনৰ মাজত ভাগ হ
ব৷ ড্ৰাইভাৰ নিয়োগ
কৰা হ
ল বিমলক৷

 

কামবোৰ নিয়াৰিকৈ আগবঢ়াই নিবৰ বাবে পুতুল আৰু ৰীতামণিক দায়িত্ব দিয়া হল৷ এনেদৰে এটা কাৰ্যালয় গঢ় ললে৷ পামৰ পৰা খেতিৰ ফচলবিলাক সৰু গাড়ীত বোজা কৰি যোৰহাট
নগৰত বিক্ৰী কৰিবৰ বাবে নকুল
, অতুল, মাধৱ আৰু বাবুৱে দায়িত্ব ললে৷ এই কামটোৱেই আটাইতকৈ জটিল৷ খুচুৰা বিক্ৰী কৰিবলৈ ৰাষ্টাৰ কাষত বহিব লাগে৷
হাত খোৱাই হিচাপতকৈ অধিক টকা বিচাৰে৷ মাজে মাজে পুলিচে আহি আটাইবোৰ দলিয়াই
ফৰ্মুঠিয়াই ভাঙে৷ মানুহকো মাৰপিট কৰে৷ ৰ
দৰ পোৰণি, বৰষুণৰ জেকনিৰ কথা বাদেই৷ দিনে দুখনকৈ গাড়ীত দুবাৰকৈ মাল
পঠিয়াব লাগে৷

 

এটা সপোনে বাস্তৱৰ ৰূপ লবলৈ ধৰিছে৷ বেণু
সুখী৷ পুতেকে শিক্ষিত ল
ৰাৰ দৰেই চিন্তাবোৰ
কৰি সফল হৈছে৷ পৰশুৰ খাবলৈ
, শুবলৈ সময় নোহোৱা
হয়৷ তথাপি ভাগৰ নাই৷ গাঁৱৰ মানুহবোৰক সি দুটকা উপাৰ্জনৰ পথ দেখুৱাব পাৰিছে তাতকৈ
আৰু সুখৰ কথা কি হ
ব পাৰে?

 

লাহে লাহে বছা গাঁও, বকুল চাপৰিৰ
মানুহবোৰে বিষয়টোত গুৰুত্ব দিবলৈ ধৰিছে৷ খেতি কৰি নগদ ধন উপাৰ্জন কৰাৰ পথ নোপোৱা
মানুহবোৰে কথাবোৰ নতুনকৈ ভাবিবলৈ ধৰিছে৷ পামত খেতি কৰিবলৈ অহা মানুহৰ সংখ্যা
বাঢ়িবলৈ ধৰিলে৷ বাটে-পথে পালেও পৰশুক মানুহে সুধিবলৈ ল
লে, “আমাৰ কাৰণেও কাম
ওলাব নেকি
?”

 

সি কি উত্তৰ দিব? সেউজীয়া পামৰ মুঠ
কৰ্মীৰ সদস্যৰ সংখ্যা দুকুৰি৷ তেওঁলোকে মাননি লয়৷ বাকী অংশীদাৰীসকলৰ মাজত লাভাংশ
বিতৰণ কৰা হয়৷ বছৰৰ মুঠ লাভাংশ গাইপতি পাঁচ-ছহেজাৰ হ
লেও সেয়া বিতৰণ কৰা হয়৷ সেইখিনি কোনোবাই পুনৰ খটুৱাব পাৰে৷
তেতিয়া তেওঁৰ লাভাংশৰ পৰিমান সিমান গুণ বাঢ়িব৷ সমবায়ৰ ধাৰণাটো মানুহৰ মনত
সুমুৱাবৰ কাৰণে কোনো আঁৰ-বেৰ নোহোৱাকৈ সকলো হিচাপ পৰশুৱে অংশীদাৰসকলৰ আগত দাঙি
ধৰে৷ বছৰি মুঠ লেনদেন যেতিয়া কুৰি লাখৰ বেছি হ
ল৷ তেতিয়া
মানুহবোৰ আচৰিত হ
ল৷ সঁচাকৈ জাকৰুৱা
নাও বামেৰেও চলে৷ মন কৰিলেই চন
, বাকৰি মাটিতে ধন৷

 

পামখনৰ পৰিসৰত অধিক মানুহৰ দৰকাৰ নাই৷ তথাপি কাকো নিৰাশ কৰিবলৈ পৰশুৰ মন
নাযায়৷

 

সি কয়, “আহচোন বাৰু৷ আমাৰ পামৰ কাষতে বহুত
মাটি এনেই পৰি আছে৷ মাটি ভাঙি ল
হি৷ আমি সহায় কৰিম৷

 

চাওঁতে চাওঁতে এনেকৈ ডেৰ কুৰি সৰু সৰু পাম গঢ় লৈ উঠিল৷ সেউজীয়া পামৰ গইনাতে
গঢ়ি উঠা সৰু পামবোৰে খেতিলৈ মন থকা ল
ৰাবোৰক
নিজাকৈ কাম কৰাৰ সুবিধাও দিলে৷

 

নতুন চাপৰিত নতুন প্ৰাণ চঞ্চলতাই দেখা দিলে৷ 
খেতিৰ দিহা-পৰামৰ্শ দিবলৈ দায়িত্ব ল
লে কৃষি
উন্নয়ন বিষয়া বিজিত নয়ন দাসে৷
এইটো মোৰ কামেই৷
মোৰ এলেকাত উৎপাদন বঢ়াটোৱেই মোৰ সফলতা৷

 

সেউজীয়া পামৰ আঁৰৰ এটা শক্তি হল বিজিত নয়ন
দাস৷ আন বহুত বিষয়াৰ নিচিনাকৈ পথাৰলৈ নহাকৈ কাৰ্যালয়ত বহি কাগজত কৃষি উন্নয়ন কৰা
বিষয়া নহয়৷

 

এদিন তেওঁ কান্ধত ওলোমাই ফুৰা কলা পৰ্টফলিও বেগটোৰ চাৰি পৃষ্ঠা কাগজৰ ছপা পত্ৰিকা এখন উলিয়াই
পৰশুক দিলে –
সেউজ পথাৰকৃষকৰ হাতৰ পুথি৷

 

তোমালোকক চাৰ্‌প্ৰাইজ দিলো৷ আপত্তি আছে নেকি?”

 

পামৰ কামত আৰু এটা যোগ হল৷ মাহেকীয়া
কৃষি-পত্ৰিকা৷ মুঠ পৃষ্ঠা চাৰিৰৰ পৰা আঠলৈ বাঢ়িল
, তাৰপিছত ষোল্ল৷ প্ৰায়খিনি লেখা বিজিত নয়ন দাসেই সংগ্ৰহ কৰে৷ বতৰৰ খেতিৰ সম্বাদ, যতন, পৰিকল্পনা, নতুন কৃষি পদ্ধতি, সফল কৃষকৰ ছবি আৰু সাক্ষাৎকাৰ, খেতিয়কৰ গীত-কবিতাৰে ওপচ হৈ সেউজ পথাৰ ওলাই থাকিল৷ দুটকা দাম দি সকলোৱে কিনে৷

 

এইখিনিতে বেংক বিষয়া সত্য প্ৰকাশ দত্তৰ সংযোগ৷ এটা এটা সুন্দৰ প্ৰস্তাৱ লৈ
সেউজীয়া পামলৈ অহা দত্ত সোনকালে সকলোৰে প্ৰিয়ভাজন হৈ উঠিল৷

 

চৰকাৰে আত্মসহায়ক গোট গঠন কৰিলে সাহায্য আৰু আৱৰ্ত পুঁজি
দিব৷ পামৰ মুঠ চল্লিছ গৰাকী কৰ্মীক লৈ চাৰিটা গোট হ
ব পাৰে৷ পুৰুষ পুৰুষভাগে, মহিলা মহিলা ভাগে৷
দহ গৰাকী হ
লেই হল৷ ইয়াৰ লগত জড়িত সৰু পামবোৰেও একোটা গোট খুলিব পাৰে৷ চৰকাৰে সাহায্য দিব৷

 

দত্ত দা, চৰকাৰে সাহায্য দিব
বুলি গোট খুলিলে কি হ
? নিজৰ কামৰ পৰিকল্পনা কি হ?
এনেই টকা পালে মানুহে অযথা খৰচ কৰিব ৷ কামত একো নাহিব৷

 

নিৰ্দিষ্ট কৰ্ম আঁচনি দাখিল কৰাৰ পিছতহে টকা দিয়া হব৷

 

যদি টকাখিনি চৰকাৰক ঘূৰাই দিব নোৱাৰে?”

 

তেওঁলোকক এবছৰ দিন বেংক লেনদেন, হিচাপৰ ক্ষণ, পাছবুক লিখন, ঋণ ঘূৰাই দিয়া
আদিবোৰ শিকাই লৈ অভ্যস্ত কৰা হ
ব৷

 

বেছি আপত্তি কৰাৰ থল নাথাকিল৷ সেউজীয়া পামৰ কৰ্মী আৰু ওচৰৰ পামকেইখনৰ মানুহ, গাঁৱৰ অন্যান্য মানুহ লগ হৈ গোট খোলা হল৷ প্ৰথম অৱস্থাত গোটৰ নামত বেংকত এটা একাউণ্ট খুলিব লাগে, তাৰ পিছত প্ৰতিমাহে প্ৰত্যেক সদস্যই নিৰ্দিষ্ট টকা সম্পাদকক
জমা দিয়ে
,
সম্পাদেক মাহেকত বেংকত জমা দিয়ে, সদস্যৰ পাছবুক বহীত সেইবোৰ হিচাপ লিখে৷ মাহেকে মাহেকে সভা
বহে৷ তাৰ কাৰ্যবিৱৰণী সম্পাদেক লিখে৷ যিমান টকা বেংকত জমা হ
ল তাৰে কেইটামান আনি নিজৰ মাজতে ঋণ লয়৷ ঋণৰ সুদ দিয়ে৷ এবছৰ
লে চৰকাৰে পাঁচ হেজাৰ টকা গোটৰ একাউণ্টত সুমুৱায়৷গোটে তাৰে
কাম কৰি দেখুৱাব লাগে৷ এনেকৈ চলি আছে৷

 

চৌদিশে¸ আত্মসহায়কগোট খোলাৰ ঢৌ উঠিল৷ চৰকাৰে
বেংকক টাৰ্গেট বান্ধি দিছে৷ বেংকবিলাক গাঁৱৰ মহিলা
, পুৰুষে গিজগিজাই থাকিবলৈ ধৰিলে৷ আগতে ধনী মানুহৰ ঠাই বুলি গাঁৱৰ দুখীয়া
মানুহবোৰে বেংকৰ ওচৰ চাপিবলৈ ভয় কৰিছিল৷ কিন্তু এতিয়া জাকে জাকে আত্মসহায়ক গোটৰ
মানুহে বেংকৰ চৌহদ গিজগিজাই থাকে৷ মহিলাৰ সংখ্যা সৰহ৷ কেতিয়াবা বিৰ্‌ দি বাট
নোপোৱাৰ অৱস্থা৷ য
লৈ সভাপতি-সম্পাদক
লেও হয় তালৈকে আটাইকেইগৰাকী সদস্যা গৈ ভিৰ বঢ়াইছেগৈ৷

 

সেউজীয়া পামলৈ এটা ভাল খবৰ আছে৷ এই অঞ্চলত আত্মসহায়ক গোট
খোলা
,
প্ৰশিক্ষণ দিয়া আৰু বেংক সংযোগ কৰাৰ দায়িত্ব আমাৰ বেংকে
সেউজীয়া পামক দিব বিচৰে৷

কিন্তু টকা-পইচাৰ লেনদেন কৰা সেউজীয়া পামৰ উদ্দেশ্য নহয়৷
আমাৰ কাম খেতি কৰা
, আন উৎপাদনমুখী কাম
কৰা৷

 

পামৰ কামৰ একো ক্ষতি নহয়৷ প্ৰতি গোটক বেংক সংযোগ কৰণৰ বাবে
বেংকে এটা মাননি দিব৷ তাৰে দুগৰাকী নি
নুৱাক
উপাৰ্জনৰ পথ দিয়াৰ লগতে পামৰ একাউণ্টতো দুটকা ৰাহি হ
ব৷

 

কাম বাঢ়িল৷ গাঁৱৰ মানুহবিলাকৰ ভালৰ বাবেই গোটবোৰ গঠনৰ কাম কৰা উচিত৷ হৰেন আৰু
বিশ্বজিতক পথাৰৰ খেতি চোৱাৰ কামৰ পৰা অলপ আজৰি কৰি গোটৰ কাম-কাজ চাবলৈ দায়িত্ব
দিয়া হ
ল৷

 

দুয়োটা বি.এ পাছ উদ্যমী লৰা৷ কম দিনতে
হেজাৰৰ অধিক গোট অঞ্চলটোত খোল খালে৷ সেউজীয়া পামৰ নামো তাৰ লগে লগে প্ৰচাৰ হ
বলৈ ধৰিলে৷ সেউজীয়া পামে বেংকলৈ গোটটোৱে ঋণ পাব পাৰে বুলি
লিখি ষ্টাম্প মাৰি দিলেহে বেংকে ঋণ দিয়ে৷ পামখনক সৰ্বসাধাৰণৰ মনত এনেকুৱা
গুৰুত্বপূৰ্ণ স্থান দিয়াত সহায় কৰা বাবে সত্য প্ৰকাশ দত্তৰ ওচৰত পৰশু কৃতজ্ঞ হ
ল৷

 

পাঁচ… দহ… বিছ.. পঁচিছ

বেংকৰ ঋণৰ পৰিমাণ বাঢ়ি গল৷ মাহেকীয়া কিষ্টি
নিয়মীয়াকৈ দি যোৱাটো মস্কিলৰ কাম৷ গোটৰ সদস্যবিলাকক এই কথা সঁকিয়াই থাকে সেউজীয়া
পামৰ হৰেন আৰু বিশ্বজিতে৷ লাহে লাহে গোটবোৰ ধনী হ
বলৈ ধৰিলে৷

 

চৰকাৰী ধনৰ প্ৰভাৱ লাহে লাহে সেউজীয়া পামতো পৰিবলৈ ধৰিলে৷ প্ৰথমে, তাঁতশালৰ বোৱনী মানুহ কেইজনীৰ অহা অনিয়মীয়া হল৷ তাৰ পাছত মৰাপাটৰ গোটত থকা লৰা-ছোৱালীকেইটাৰ কামত মন নবহা হল৷ আগেয়ে দিনটোৰ ভিতৰত পোন্ধৰ-ষোল্ল মিটাৰ মৰাপাটৰবেণী গুঠি
কাৰ্পেট
,
ডাইনিং মেট সাজিব পৰা লৰা-ছোৱালীহঁতে
দিনে দহ মিটাৰ দীঘল বেণী এডালো গুঁঠিব নোৱাৰাত পৰিল৷

 

তোমালোক কালি নাহিলা যে? আগতীয়াকৈ নজনালা৷

উত্তৰবোৰ পাল মৰা ধৰণে আহে –

গোটৰ মিটিং আছিল, গোটৰ কামত বেংকলৈ গৈছিলো, ঘৰত সকাম আছিল, ৰাটোৰ বসন্ত ওলাইছে, গাটো ভাল নাছিলএশ এবুৰি জুহাতত মানুহবোৰে খতি কৰিবলৈ
ধৰিলে৷ একে ঘৰ
, একে মানুহ আগতে
এইবোৰ সমস্যাৰ কথা কৈ কোনো নহাকৈ থকা নাছিল৷ এতিয়া কি হ
? পৰশুৰ গা চেবালে৷ কৰবাত কিবা এটা হৈছে৷

 

পৰশুৱে বুদ্ধি এটা পাঙিলে৷ সেইদিনা দুদিন কামলৈ নহা জিতুৰ ঘৰলৈ সি নিজেই গল৷

 

বছা গাঁৱৰ জিতুৱে সেউজীয়া পামত কাম বিচাৰি কেবাদিনো গৈছিল৷ সুস্থ-সবল কৰ্মঠ লৰাটোক মৰাপাটৰ গোটটোত কাম কৰিবলৈ সুবিধা দিয়া হল৷ কামত বেয়া নহয়৷ কিন্তু লাহে লাহে গতি-মতি সলনি হল৷ পৰশুৱে বুজিলে, ন-তেহে ন অঁৰা, পুৰণি হলে ছঅঁৰা৷

 

জিতুৰ পদূলিৰ পৰা চোতাললৈ আৰু চোতালৰ পৰা বাৰাণ্ডা বুলি আঁৰি থোৱা টিনপাতৰ চলিখনলৈকে মূৰ ফুলা, ববছা, কেঞা আদি বিবিধ বন আৰু প্ৰেমলতাৰ ওৱাদানি৷ বাঁহৰ গাধৈৰ বেৰকেইখন গোবৰে
মোচাৰ পিছত ৰঙা মাটিৰ এমোছা দিবলৈ ঘৈণীয়েকৰ সময় হোৱা নাই এথোন৷

 

পৰশুক চোতালত দণ্ডায়মান দেখি জিতুৰ কি কৰোঁ কি নকৰোঁ অৱস্থা৷ সি ঘেঁহাই ঘেঁহাই
লে –

দাদা, কি আচৰিত৷ আহক আহক৷প্লাষ্টিকৰ চকী এখন বাৰাণ্ডালৈ উলিয়াই সি পৰশুক বহিবলৈ দিলে৷

এইফালে আহিছিলোঁ
মই বোলো তোৰ ঘৰতো সোমাই খবৰ এটা লৈ যাওঁ৷ এই দুদিন তই যোৱা নাই নহয়৷ গা-মূৰ ভালনে
সকলোৰে
?”

ভালেই দাদা ভালেই৷মূৰ খজুৱাই জিতুৱে উত্তৰ দিলে৷ কিনো কব আৰু৷ এইবোৰ অবুজন লৰা৷ আজি
বোলে টিভি এটা লাগে
, কাইলৈ বোলে বাইক
এখন লাগে…৷

দিয়া হলনে?”

কি কব আৰু৷ গোটৰ পৰা ঋণ
লোঁ ত্ৰিছ হাজাৰ টকা, তাৰে টিভিটো কিনিলোঁ৷ কিছু তাৰো ৰল৷ মাটি এবিঘা বন্ধক দিলোঁ, গাখীৰতী গাইজনী পৰহি বিক্ৰী কৰি, যেনে তেনে জোৰাটো মাৰি কালি তাক বাইক এখন কিনি দিলোঁ৷ সেই
কাৰণে কামলৈ যোৱা নহ
ল৷

 

ভিতৰলৈ জুমি চাই পৰশুৱে সুধিলে-

এতিয়া নাই নেকি?”

ওলাই গৈছে৷

কি কাম কৰে সি?”

ভালে কেইমাহ কৰা নাই৷ পকা মিস্ত্ৰীৰ যোগালী কৰিছিল৷ সময়ত
কাম ধৰিব নোৱাৰিলে ঠিকাদাৰে গেট মাৰি দিয়ে৷ বিহাৰী ঠিকাদাৰ৷ বৰ চাৰ
, অহা মাহৰ পৰা কামলৈ যাম বুলিছে৷

 

ভিতৰত উজাৰ খাই অহা প্ৰচণ্ড খটো
দমাই ৰাখি পৰশুৱে জিতুৰ কথা শলাগি শুনি থাকিল৷ কুহুলিয়াই নতুন সম্ভেদ পাবৰ যত্ন
কৰিলে৷

 

তহঁতৰ গোটটোৱে পশুপালনৰ আঁচনি এখন দিছিলি নহয়? বেংকে যে এক লাখ টকা দিছিল৷ গৰুবোৰ কত ৰাখিছ? লচোন এপাক চাওঁ তহঁতৰ ফাৰ্মখন৷

 

সৰল বিশ্বাসেৰে জিতুৱে উত্তৰ দি গল –

নাই দাদা, তনো গৰু কিনিলোঁ৷ লাগি থাকিবলৈ মানুহৰ সময় নাই৷ তাতে জীৱ
লগা বস্তুৰ কোনো সঞ্জাত নাই৷

 

তেনেহলে টকাখিনি কি
কৰিলি
?”

 

ভগাই ললোঁ, ধাৰলৈ দিলোঁ

 

পৰশু জিতুৰ ঘৰৰ পৰা আহি ভিতৰি ভিতৰি অনুসন্ধান চলালে৷ জিতুৰ গতিয়েই আনৰো গতি৷
বেংকৰ ঋণৰ টকাৰে কোনেও একো উৎপাদনমুখী কাম কৰা নাই৷ প্ৰায়বোৰ আত্মসহায়ক গোটেই
টকাখিনি ধাৰলৈ দিছে৷ তাকো মাহেকীয়া সুদত৷ এমাহত দহ শতাংশ সুদ৷ বছৰত এশ বিংশ শতাংশ৷
জিতুৰ মাটি কেইডৰা
, গৰুজনী গল৷ বিপিনে গোটৰ পৰা ধাৰ লৈ জীয়েকৰ তোলনি বিয়া পাতলে৷
মিহিৰামে ঘৈণীয়েকৰ চিকিৎসা কৰালে
, প্ৰবীনে পুতেকৰ
খেচখেচনি সহিব নোৱাৰি ঘৰলৈ চাউণ্ড চিষ্টেম এটা আনিলে ৷ জুনুৱে ঘৰৰ টিনপাত কেইচলা
লগালে৷ হেমই মোবাইল ফোন এটা কিনিলে৷

 

বছা,
বকুল, নতুন চাপৰিৰ
প্ৰতিঘৰ মানুহেই ধাৰৰ নাগপাশত বন্দী হ
ল৷ নগদ টকাৰ
মুখ নেদেখা মানুহবোৰে হঠাৎ কোনো পৰিশ্ৰম নোহোৱাকৈ ধন পালে
, কেতিয়াও উপযুক্ত ব্যৱহাৰ কৰিব নোৱাৰে৷ এশ এবুৰি
প্ৰয়োজনীয়তাৰ হেঁচাত পণ্য সামগ্ৰীৰ আকৰ্ষণ বেছি হয়৷ এই স্বভাৱৰ ওচৰত মানুহ কাবু৷

*