হীৰাগুড়ি পাহাৰৰ দেৱতা

 বিদিশা দত্ত

(৬)

      কাকৈ বনচোম এজোপাৰ
ডালতে বহি আছিল। সভাখনতনো কি হৈছে জানিবলৈ কাকৈৰ বৰ মন গৈ আছিল। ভুচুলৈও মনত পৰি
আছিল। বেচেৰা ভেকুলীটোৰ চাগে আজি কিমান
ফূৰ্তি দেহি! কিমান দিনলৈকে চাগে সি সভাখনৰ কথাকে টেপটেপকৈ কৈ থাকিব! 

পিছে ভুচু যে তেনেকৈ পাহাৰৰ
তলত পৰি আছে
, কাকৈয়ে গমকে পোৱা নাই। আচলতে কাকৈক সেই কথা কবলৈ কোনেও সাহসেই গোটাব পৰা নাই। যিয়ে ভুচুৰ খবৰ পাইছে, কোবাকুবিকৈ ভুচু পৰি থকা ঠাইকণলৈ লৰ মাৰিছে। 

সভালৈ যোৱা জন্তুবোৰ পাহাৰৰ পৰা নামি আহি আছে। পাহাৰৰ পৰা নামি সমতল ভূমিত কেইখোজমান আগ বঢ়াৰ পাছতে
সিহঁতৰ হাবিখন।

নামি আহি থকা
জন্তুখিনিৰ চকুত পৰিল- হাবিৰ কাষৰ ঠাইকণত অসংখ্য জীৱ-জন্তু জুম পাতি ৰৈ আছে।
পাহাৰৰ পৰা নামি সিহঁত সেইখিনিলৈকে আগুৱাই গ
ল। 

সময় তেতিয়া আবেলি
হৈছিল। হাবিখনৰ ছাঁই ঠাইটুকুৰাত আন্ধাৰ পেলাবলৈ ধৰিছিল। তথাপি তেনেকৈ পৰি থকা ভুচুক
চিনিবলৈ সভাৰ পৰা অহা জন্তুবোৰৰ অলপো কষ্ট নহ
ল।

সেই ভুচু! ফূৰ্তিত
গান গাই গাই দেৱতাৰ সভালৈ বুলি যোৱা ভুচু! সিহঁতৰ সৈতে একেলগে সভালৈ যোৱা প্ৰাণী এটা
এতিয়া টুকুৰা টুকুৰ হৈ পৰি আছে।

চিম্পিয়ে দেখি
হাওহাওকৈ কান্দি পেলালে। তাই যে ভুচুক চকুপাৰি দেখিব নোৱাৰিছিল! ভুচুক পিঠিত তুলি
লৈ যাব লগা হোৱাত তাইৰ যে কিমান খং উঠিছিল! অথচ ভুচুৱে তাইক কোনোদিনে টান সুৰেৰে
উত্তৰ এটা দি নাপালে।

“সি ফূৰ্তিতে ক
নোৱৰা হৈ আছিল ঐ! কিবা এটা খাব লাগে বুলিও গম পোৱা নাছিল ঐ!”- চিম্পিয়ে কান্দি
কান্দি কৈ থাকিল।

আৰু গুবু! সি অত-তত পৰি থকা ভুচুৰ অকণমানি শৰীৰটোৰ টুকুৰাবোৰ লগ লগাই ভুচুক জগাই দিয়া ভাল হব বুলি ভাবিলে। কিন্তু সি নিজে এটা তেনেই অকণমানি জীৱ। সি ভুচুৰ ঠেং এটা ঠেলিলেহে ঠেলিলে,
ঠেংটো পিছে লৰচৰেই নহল। এটা সময়ত সিও ঠাইতে বহি
কান্দিবলৈহে লাগিল।
 

বহুত সময় ধৈৰ্য ধৰাৰ পাছতো এইবাৰ পিছে কোনো ৰ
নোৱাৰিলে। আটায়ে “ভুচু
, ভুচু” বুলি 
চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে।

“দেৱতাই এয়া কি
কৰিলে! এয়া কি কৰিলে!”

কাকৈৰ মাত শুনি সকলোৰে
কান্দোন খন্তেকলৈ বন্ধ হ
ল। কাকৈয়ে এই বয়সত এইহেন দুখ সহিব
নোৱাৰিব বুলিয়েই কোনেও খবৰটো দিয়া নাছিল।

সকলোৱে দেখিলে- কাকৈ
গজঙৰ পিঠিত উঠি হাবিৰ পৰা ওলাই আহিছে। অ
’, তাৰ মানে গজঙেই কাকৈক
খবৰটো দিলেগৈ
! 

“কাকৈ, নাকান্দিবা।
কান্দি থাকিলে একোৱেই কৰা নহ
ব। ভুচুৰ এই দশাৰ বাবে আমি
দুয়ো দায়ী নহওঁ জানো
? গতিকে আমিয়েই ভুচুক পুনৰ জীৱন দান
দিবলৈ দেৱতাক অনুৰোধ কৰিবগৈ লাগিব।”- গজঙে গহীন ভাবেৰে কাকৈক ক
লে।

সকলোৰে মুখৰ মাত হৰিল।
তাৰমানে ভুচুৱে সঁচাকৈয়ে দেৱতাৰ সভালৈ নিমন্ত্ৰণ লাভ কৰা নাছিল! কাকৈ আৰু গজঙেহে
বুদ্ধি কৰি ভুচুক সভালৈ পঠিয়াইছিল নেকি
? কিন্তু দেৱতাক জোকাই
লোৱাৰ দুঃসাহস কাকৈ আৰু গজঙে কিয় কৰিলে
! 

হঠাতে ফৰকাল বতৰটোৱে
ৰূপ সলাবলৈ ধৰিলে। দেৱতাৰ খং উঠোঁতে যেনেকৈ ভয় লগাকৈ বতাহ বলিছিল
, তেনেকৈ
বতাহ এজাক হো হোৱাই বলিবলৈ ধৰিলে।

পাহাৰৰ পৰা দেৱতাৰ
গলগলীয়া মাত ভাহি আহিল- “আজিৰ সভালৈ ভুচুক নিমন্ত্ৰণী পাখি দিয়াৰ কথা কোনে
কৈছিল
?”

কিছু সময়ৰ বাবে ঠাইকণ
নিতাল মাৰি থাকিল। কেনিও এটা শব্দও শুনা নগ
ল।

“মই কিবা এটা সুধিছোঁ।
মোক উত্তৰ লাগে
!”- দেৱতাৰ গৰ্জন পুনৰ শুনা গল।

কাকৈয়ে গজঙৰ পিঠিৰ
পৰা নামি লাহে লাহে আগ বাঢ়ি আহিল।

“কাকৈ, তুমি
এই হাবিখনৰ বয়সিয়াল আৰু অভিজ্ঞ জীৱ-জন্তুসকলৰ মাজৰে এক। সকলো জানি-শুনি তুমিনো এইটো ভুল
কিয় কৰিছিলা
? তুমি জানো নাজানা, এনে
ভুলৰ শাস্তি কি হ
ব পাৰে?”

“মই জানো, শ্ৰদ্ধেয় দেৱতা। মই সকলো
জানো। কিন্তু পৰিস্থিতি এনেকুৱা আছিল যে মই নিমন্ত্ৰণী পাখিটো গুবু আৰু ভুচু
, দুয়োজনকে
দিয়াৰ কথাকে ভাবিবলগীয়াত পৰিছি
লোঁ।”

কাকৈয়ে দেৱতাক
সকলোখিনি কথা বিৱৰি ক
লে। ভুচুৱে গা ধোৱা গাঁতটোৰ ওচৰতে
গুবু বহাৰ কথা
, গাঁতৰ পানীত পানীপৰুৱাসোপাই নাচি থকাৰ কথা,
দেৱতাৰ পাহাৰলৈ যাবলৈ ভুচুৰ বহুদিনীয়া হেঁপাহৰ কথা।

“হয় দেৱতা, কাকৈয়ে
মিছা কোৱা নাই। বৰং কাকৈয়ে মোৰ পৰা পৰামৰ্শ বিচাৰোঁতে মইহে কাকৈক তেনে কৰিবলৈ
কৈছিলোঁ। গতিকে দোষ যদি হৈছে
, মোৰহে হৈছে।”- গজঙে কেইখোজমান
আগবাঢ়ি আহি ক
লে।

“দেৱতা, আপোনাক
অনুৰোধ কৰিছোঁ- যি শাস্তি দিব লাগে মোকে দিয়ক। কিন্তু ভুচুক পুনৰ জীয়াই তোলক।
বেচেৰা ভেকুলীটোৰ গাত একো দোষ নাই।”- কথাকেইটা কওঁতে কাকৈৰ পুনৰ কান্দোন ওলাল।
 

জীৱ-জন্তুখিনিয়ে এইবাৰহে বুজিলে- আচল কথাটো কি। সঁচাকৈয়ে ভুচুৰ গাত একো দোষ নাছিল। দোষ আচলতে গজং অথবা
কাকৈৰ গাতো নাছিল। কিন্তু দেৱতাই বা কি কয়!

এই মুহূৰ্তত সকলোৱেই বুজি উঠিছে- ভুচু আচলতেই কাৰো শত্ৰু নাছিল। নিজৰ চিকচিকীয়া পিঠিটো সি যতন কৰি ৰাখিছিল, সেই কাৰণে
সকলোৱে তাক অহংকাৰী বুলি ভাবিছিল। কাকৈৰ বাদে তাক কোনেও আপোন বুলি গণ্য কৰা
নাছিল
, কিন্তু সি গোটেই হাবিখনকে আপোন বুলি গ্ৰহণ কৰিছিল।

সকলোৱে পাহাৰটোৰ ফালে
মুখ কৰি চাই থাকিল।

“বাকী
জীৱ-জন্তুখিনিয়ে কি ক
ব খোজে? মই
সকলোৰে মতামত জানি লৈহে সিদ্ধান্ত এটা ল
ব পৰা যাব।”- ভালেমান
পৰৰ পাছত দেৱতাৰ মাত শুনা গ
ল। অৱশ্যে এইবাৰ দেৱতাৰ মাতষাৰত আগৰ নিচিনা খং নাছিল।

আটায়ে সামান্য সকাহ
পালে। ক্ষীণকৈ হ
লেও ভুচুটো পুনৰ জী উঠাৰ সম্ভাৱনা এটা দেখা গল।

সকলোৱে সাহস গোটাই একেলগে
কৈ উঠিল- 
দেৱতা, আমাৰ মৰমৰ ভুচুৰ গাত সঁচাকৈয়ে একো দোষ নাছিল। দয়া কৰি তাক জীৱন দান দিয়ক।”

ইতিমধ্যে সন্ধ্যা
নামিছে। আকাশত জোনে দেখা দিছে।

দেৱতাই কৈ উঠিল- “হওক
তেন্তে
, সেয়াই হওক। ভুচু পুনৰ জী উঠিব। ভুচু নিৰ্দোষী আছিল।
নিমন্ত্ৰণী পাখি দিবলৈ যাওঁতে খবৰ দিওঁতা চৰাইবোৰেও কিছুমান কথা মন কৰিব লাগে। এইবাৰৰ পৰা সেই
বিষয়টোত গুৰুত্বসহকাৰে মনোযোগ ৰাখিব লাগিব। এতিয়া সকলোৱে নিজৰ নিজৰ ঠাইলৈ গৈ জিৰণি লোৱা উচিত।
কাইলৈ পুৱা এই ঠাইতে ভুচু উঠি বহিব। শুভৰাত্ৰি”।

বহু সময়ৰ পাছত সকলোৱে
শান্তিৰে উশাহ এটা ল
লে। কিন্তু হাবিৰ ভিতৰলৈ অথবা নিজৰ নিজৰ থকা ঠাইলৈ যাবলৈ কাৰোৰে মন নগল। ভুচুৱে নৱজীৱন লাভ কৰাৰ আশাত সকলোৱে সেই ঠাইতে পৰি শুই থকাটোকে ঠিক কৰিলে।

(আগলৈ)