ববিতা কলিতা


 

সৃষ্টিবিজ্ঞানৰ
বহুচৰ্চিত “বিগ-বেং” তত্ত্বটোলৈ হঠাৎ মনত পৰি গ’ল চুমলেনৰ৷ এটা বিন্দুত
কেন্দ্ৰীভূত সেই উত্তাপ, সেই ঘনত্ব, সেই এককত্বৰ কল্পনাতীত বৃহৎ স্তুপটোৰ প্ৰসাৰণে
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাথমিক বিকাশৰ ধাৰণা দিয়া তত্ত্বটোক সি মানুহ বাস কৰা ক্ষুদ্ৰ
গোলকটোৰ সৈতে ৰিজাই চালে৷ বিশ্বব্ৰহ্মাণ্ডৰ
বিশালতাৰ সৈতে আমাৰ গ্ৰহটোৰ ক্ষুদ্ৰতাৰ তুলনা কৰি তাৰ নিজৰেই হাঁহি উঠি গ’ল৷ ক্ষুদ্ৰক
ক্ষুদ্ৰাতিক্ষুদ্ৰত বিভক্ত কৰি নিজক মহৎ কৰাৰ বৃথা প্ৰয়াস চলোৱা
  মানুহবোৰলৈ তাৰ পুতৌ উপজিবলৈ ধৰিলে৷

মহাপদ্ম বৰ্ষ পূৰ্বে হোৱা সেই মহানাদে প্ৰসাৰণ ঘটোৱা ব্ৰহ্মাণ্ডখন
লক্ষ লক্ষ বছৰলৈ প্ৰসাৰিত হৈয়ে থাকিল৷ এই ক্ষিপ্ৰ বিস্তাৰৰ পাছত লাহে লাহে হেনো যথেষ্ট
শীতল হৈ পৰিছিল বিশ্বব্ৰহ্মাণ্ডখন৷ এই শীতলীকৰণ প্ৰক্ৰিয়া চলি থকা অৱস্থাত শক্তি
বিভিন্ন মৌলিক কণালৈ ৰূপান্তৰিত হৈছিল৷  প্ৰট’ন,
 নিউট্ৰ,  ইলেক্ট্ৰ’ন?

চুমলেন ৰৈ যায়৷ কিবা অপশক্তিয়ে যেন পৃথিৱী নামৰ জীৱনানুকূল গ্ৰহ
এটাৰ ইপাৰে সিপাৰক ঢুকি নোপোৱাকৈ প্ৰসাৰ ঘটাবলৈ ধৰিছে৷ যি প্ৰসাৰণে প্ৰথমতে মানুহৰ
সৈতে থকা প্ৰকৃতিৰ নিবিড় সম্পৰ্কক ঢুকি নোপোৱা দূৰত্বলৈ নিক্ষেপ কৰিলে৷ তাৰ পাছত
দূৰ কৰিলে মানুহৰ সৈতে থকা মানুহৰ সম্পৰ্কক! ভৌগোলিক সীমা, ধৰ্ম, সম্প্ৰদায়, ভাষা-সংস্কৃতি,
নৃ-গোষ্ঠীয় সংঘাতৰ নামত এতিয়া আৰম্ভ হৈছে মানুহৰ পৃথিৱীখন চেঁচা পৰাৰ পাল৷ ঘৰৰ
সীমনাৰ মানুহজনো এতিয়া যেন অৱস্থান কৰে মহাকাশৰ দূৰত্বত? গোলকীকৰণে মানুহক এক
কৰিলে নে বঢ়াই আনিলে মানুহৰ কায়িক আৰু মানসিক দূৰত্বক? ফ
ৰলেন হাইৱে’ সাজিবৰ বাবে মূল্যবান
গছবোৰ কাটি পথৰ দাঁতিত পেলাই থোৱাৰ দৰেই মানৱ সভ্যতাৰ দ্ৰুত বিকাশে মানৱীয়
মূল্যবোধৰ ভেঁটিটোও খহাই পেলালে? অনুৰ্বৰ মাটিৰ দৰেই নিৰ্যাসহীন হৈ পৰিল একালৰ আৱেগ-অনুভূতি, প্ৰেম-ভালপোৱাৰ নৈ বৈ থকা বুকুবোৰ?

“চুমলেন?”

“হেই… চুমলেন?”

“কি হৈছেনো তোমাৰ? ফোন কৰিলেও ৰিচিভ নকৰাঁ? মাতি থাকিলেও নুশুনা যে!
গল্পৰ কিবা নতুন প্লটৰ কথা ভাবি আছা নেকি?” ৰিছাই ভাবাৱেগত তন্ময় হৈ পৰা চুমলেনক
হেঁচুকি দিলে৷

“নাই ভবা৷ নাই। নাভাবোঁ৷ তেনে গল্প লিখাৰ অৰ্থই কি য’ত আশাবাদ নাথাকে৷” চুমলেনে
নিজক ভাবৰাজ্যৰ পৰা মুক্ত কৰাৰ চেষ্টা নকৰাকৈয়ে ৰিছাক উত্তৰ দিলে৷

“সৃষ্টিশীল লেখক তুমি৷ লিখাঁ আকৌ আশাবাদ কঢ়িওৱা গল্প এটা৷” ৰিছাই
তাইৰ চিঁচাৰ নিচিনাকৈ জিলিকি থকা মুখখনত সামান্য হাঁহি এটি বিৰিঙাই ক’লে৷

“কিদৰে? আপোন ৰাজ্যৰ পাহাৰ-ভৈয়াম দুয়োপাৰে জুই জ্বলিছে৷ মন্দিৰ
জ্বলিছে, গীৰ্জা খহিছে৷ গোষ্ঠীগত সংঘৰ্ষত এতিয়ালৈকে দুই শতাধিক লোকে জীৱন হেৰুৱাইছে৷
জীৱনতকৈও ডাঙৰ কথা ইজনে সিজনৰ প্ৰতি থকা বিশ্বাস হেৰুৱাইছে৷ মানুহে মানুহৰ ঘৰ ভঙাতকৈও ডাঙৰ কথাটো
হ’ল যুগৰ সাধনাৰে গঢ়ি তোলা মানৱতাৰ সৌধটো ভাগি পৰিছে৷ অধিকাৰ, নিৰাপত্তা, স্বকীয়তাৰে
উন্নততৰ জীৱনৰ সপোন দেখা মানুহবোৰে এতিয়া ভয়, শংকা, অবিশ্বাস, ঘৃণা আৰু জিঘাংসাৰ
পৃথিৱী এখনত সোমাই পৰিছে৷ কোন শুদ্ধ কোন ভুলৰ বিচাৰ কৰিবলৈ গৈ সকলো যেন ভুল পথেৰেই যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে৷ হাতত অস্ত্ৰ লোৱাসকলৰ কথাই নাই, অস্ত্ৰক ঘৃণা কৰা মানুহখিনিৰ
মনবোৰো সংঘৰ্ষৰ ধোঁৱাত কলচীয়া  হৈ পৰিছে৷ জুই-ছাই আৰু ধ্বংসৰ পৃথিৱীত সৃষ্টিৰ
কি কাম ৰিছা? কোনে পঢ়িব আজি জীৱনমুখী কাহিনী এটা?”

চকুত হাঁহি আৰু বুকুত আশা কঢ়িয়াই ফুৰা চুমলেনৰ মনৰ পৰিৱৰ্তনবোৰ
পঢ়ি চায় ৰিছাই৷ মানসিকভাৱে ভাগি পৰিছে সি৷ ৰত্নভূমিৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা অবাঞ্ছিত সংঘৰ্ষৰ বাতৰিবোৰে
হতাশ কৰিছে তাক৷ ৰিছাই তাৰ মনটো ভাল লগাবলৈকে ক’লে,

“সেইবোৰ এৰাঁ এতিয়া৷
চোৱাঁচোন, কি আনিছোঁ তোমালৈ?”

ৰিছাই চুমলেনৰ আগত
মেলি ধৰিলে তাই অংকন কৰা এখন AI জেনেৰেটেড ছবি৷ সেউজীয়াই আৱৰা মণিপুৰৰ এখনি
অনিন্দ্যসুন্দৰ চিত্ৰ৷ য’ত পাহাৰে উপত্যকালৈ আশা আৰু আস্থাৰ হাত আগ বঢ়াই দিছে৷ ইটো ভাগে আনটো ভাগক
বুকুৰ মাজত আঁকোৱালি লৈছে৷ ৰঙা পাহাৰ আৰু সেউজীয়া পথাৰ এটা বিন্দুত মিলি পৰিছে৷ তাই
হেঁপাহৰ ছবিখনৰ নাম দিছে- “থাজবগী মঙলান”!
           এখনি আশা যোগোৱা ছবি৷

চুমলেনে এপলক ছবিখনলৈ চাই মুখ ঘূৰালে৷

“হুম…এখন সুন্দৰ ছবি; কিন্তু  বাস্তৱ নহয়৷ মেচিনৰ লগত থাকি থাকি তুমিও জীৱনৰ সঁচা ছবি আঁকিবলৈ এৰি দিলা? এইখন জানো আজিৰ মণিপুৰ?”
চুমলেন ভিতৰি ভিতৰি ক্ষুণ্ণ  হৈছিল৷

“সঁচা ছবি বুলিনো ক’ত ক’লোঁ? কিন্তু এইখন আমাৰ সপোনৰ ছবি হ’ব
নোৱাৰে জানো? আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কাম দেখিছা? কেনে ধুনীয়া ফিনিশ্বিং৷ কিমান
মনমোহা ইফেক্ট৷ আৰু কি সুন্দৰ বাৰ্তা!” ৰিছাই চিত্ৰখন আকৌ চুমলেনৰ চকুৰ আগত মেলি
ধৰিলে৷

“আঃ… ৰিছা,  সেই
সেউজীয়াৰ কি অৰ্থ য’ত জীৱন নাথাকে! এইখন মোৰ মাটিৰ ছবি নহয়৷ মোৰ মাটিত গজি উঠা
বিভেদৰ ছবি নহয়৷ জ্বলি থকা বাস্তৱে সপোনৰ ছবিবোৰো জ্বলাই পেলায়৷
  চুমলেনে বাস্তৱৰ পৰা নিজক আঁতৰাই চাব নোৱৰা হয়৷

ৰিছাই এইবাৰ আন এখন ছবি দেখুৱালে চুমলেনক৷

দুটা প্ৰজন্মৰ দুই
নাৰীৰ এখন কলাত্মক ছবি৷ “ছ
নী ৱৰ্ল্ড ফটগ্ৰাফী এৱাৰ্ড” ৱিনাৰ ক’লা-বগা ছবিখন
চুমলেনক দেখুৱাই কিছুপৰ ৰৈ দিলে তাই৷

চুমলেনো ৰৈ থাকিল ছবিখনৰ সন্দৰ্ভত ৰিছাৰ লেকচাৰ শুনিবলৈ৷

“জাৰ্মান আৰ্টিষ্ট বৰিছ এলডাগছেনে এইখন ছবিখনৰ বাবে বিশ্বৰ বহু খ্যাতনামা শিল্পীক
পিছ পেলাই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে৷
 পিছে এইখন ছবিৰ বাবে পোৱা পুৰস্কাৰটো তেওঁ গ্ৰহণ
নকৰিলে৷ কিয় জানানে?”

“কিয়?” বিৰক্ত
হৈছিল চুমলেন৷

“কিয় মানে? ইট ৱাজ এন AI জেনেৰেটেড ফটগ্ৰাফ৷ ঠিক তোমাৰ দৰেই ইম’শ্ব’নেল
আৰু মানৱসৃষ্ট কলাৰ প্ৰতি তীব্ৰভাৱে আকৃষ্ট এজন শিল্পী এলডাগছন৷ তেওঁৰ মতে AI এটা
কৌশলহে; কৌশল এটা কলা হ’বলৈ জীৱনজোৰা সাধনা লাগিব৷ উৎসৰ্গা লাগিব৷ কল্পনা লাগিব৷ প্ৰাণ
লাগিব৷ তেওঁ সেই কাৰণেই বঁটাটো গ্ৰহণ কৰিব নোৱাৰিলে৷”

কৈয়ে হাঁহি পেলালে ৰিছাই৷ যেন তাই এটা কৌতুকহে কৈ উঠিছে৷

“কিন্তু তুমি এইবোৰ মোক কিয় কৈছা? তুমি মেচিনৰ লগত থকা মানুহ৷ মেচিনৰ
কথাই ভাবি থাকা৷ মই মানুহৰ কথা নভবাকৈ থাকিব নোৱাৰোঁ৷ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সৈতে মোৰ দূৰ-দূৰান্তলৈ কোনো সম্পৰ্ক নাই৷ আনকি সম্পৰ্ক কৰিবও নিবিচাৰোঁ৷” ৰিছাৰ
বিষয়টোত মন দিব নোৱাৰাকৈ চুমলেনক মণিপুৰৰ সমস্যাটোৱে আৱৰি ৰাখিছিল৷

        “আমি নিবিচাৰিলেই হ’বলগীয়া কোনো পৰিৱৰ্তন নোহোৱাকৈ নাথাকে চুমলেন৷ মই
ক’ব বিচাৰিছোঁ মানুহ লাহে লাহে টেকন’ল
জীৰ বহতীয়া হৈ পৰিবলৈ ধৰিছে৷ যেতিয়ালৈকে
মানুহে নিজে টেকন’ল
জীক ব্যৱহাৰ কৰিব, তেতিয়ালৈকে সকলো ঠিকেই আছে বুলি ধৰিব পাৰা৷ কিন্তু 
যিদিনা টেকন’ল
জীয়ে মানুহক ব্যৱহাৰ কৰিবলৈ ল’ব, তেতিয়া আমি দেখা পৃথিৱীখন চকুৰ আগতে
সলনি হৈ পৰিব (technology is a good servant, but a bad master)৷ 
চোৱাঁ, মানুহ অন্য জীৱতকৈ কিহত পৃথক? বুদ্ধিমত্তাত? কিন্তু সেই মানুহতকৈ বিলিয়ন
টাইমছ বেছি বুদ্ধি থকা মেচিন এটাৰ সন্মুখত মানুহৰ স্থিতি কি হ’ব পাৰে বাৰু? 
কি ঠিক, তেতিয়া হয়তো সমগ্ৰ বিশ্বত কেৱল দুটা সম্প্ৰদায় ৰ’বগৈ – মানুহ আৰু মেচিন৷ মানুহৰ
সৰু সৰু গোটবোৰ নোহোৱা হৈ হয়তো মানৱ সমুদায় নামৰ এটা বিশাল গোটৰ সৃষ্টি হ’ব৷ ঠিক
মহানাদৰ পূৰ্বৰ ব্ৰহ্মাণ্ডখনৰ লেখীয়া৷ তাত শক্তি থাকিব, ঐক্য থাকিব, জীৱনৰ উত্তাপ
থাকিব৷ বান্ধোন ছিগি চেঁচা হৈ পৰা তৰা, হাতীপটি আদিৰ দৰে মহাশূন্যত ওপঙি নাথাকে মানুহ৷ সেইবোৰৰ বিপৰীতে মানুহবোৰ পৰস্পৰে পৰস্পৰক মৰম-ভালপোৱা, বন্ধুত্ব, আত্মীয়তাৰ আকৰ্ষণেৰে
ইজনে সিজনক চপাই ৰাখিব৷ চাবা, এদিন সকলো বিভেদ নোহোৱা হৈ যাব৷”

ৰিছাই চুমলেনক বুজাবৰ চেষ্টা কৰিলে পৃথিৱীখন সলনি হ’বলৈ গৈ আছে৷ আমাৰো
প্ৰাথমিকতাবোৰ সলনি কৰাৰ সময় আহি পৰিছে৷

“বিভেদৰ ইতিহাস কাহানিও সলনি নহয়৷ সলনি নহয় সংঘৰ্ষৰ ইতিহাসো৷ কেনেবাকৈ
মানুহৰ মাজত বিভেদ নোহোৱা হ’লেও মানুহে মেচিনৰ লগত সংঘৰ্ষ কৰিব লাগিব৷ লাগিলে
সংঘৰ্ষৰ কাৰণ এটা সৃষ্টি কৰিবলৈকে সংঘৰ্ষ কৰিবলগীয়া অৱস্থা হ
ব৷ মানুহৰ কিছুমান প্ৰবৃত্তি সময়ৰ
সৈতে সলনি নহয় ৰিছা৷” চুমলেনে যুক্তি দিলে৷

        “সেইটো দৃষ্টিৰে চাবলৈ গ’লে এদিন মানুহ আৰু মেচিনে প্ৰেম কৰাৰ
সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ প্ৰেম আৰু ঘৃণা দুয়োটাই আবেগৰ বহতীয়া৷ মানুহৰ চিৰন্তন
প্ৰবৃত্তি৷ ভাবি চোৱাঁচোন,
মেচিনৰ সৈতে
প্ৰেম! লাভ উইল বি প্ৰগ্ৰেইমড৷ জাত-পাত, ধৰ্ম, সম্প্
ৰদায়, সমাজ-সংস্কাৰ
কোনোৱে সেই প্ৰেমৰ গতি ৰুধিব নোৱাৰিব৷ আঃ… এবাৰ পোৱাহেঁতেন তেনে অনিৰুদ্ধ প্ৰেমৰ
স্পৰ্শ!”

        ৰিছাই নাটকীয় সুৰত কোৱা কথাষাৰে আহত কৰে চুমলেনক৷ মানুহক বাদ দি মেচিনৰ প্ৰেমৰ
আকাঙ্ক্ষা কৰা ৰিছালৈ খং উঠি আহে তাৰ৷

পিছে চুমলেনে কিবা কোৱাৰ আগতে ৰিছাৰ হাতত পিন্ধা ঘড়ীটোয়ে বিপ্
বিপকৈ শব্দ কৰি উঠে৷ এলাৰ্ম দিয়া আছিল তাইৰ ঘড়ীটোত৷

“মিটিং অভাৰ৷ বাই চেম৷” তাই লৰালৰিকৈ বিদায় ল’লে চুমলেনৰ পৰা৷

কেইবামাহ ধৰি কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ কামত ব্যস্ত হৈ আছে ৰিছা৷ একেখন
প্ৰদেশৰে লিটাৰেশ্বাৰ ব্লগাৰ চুমলেনৰ সৈতে তাইৰ প্ৰেমৰ সম্পৰ্ক বহুদিনীয়া৷ কিন্তু
যোৱা দুটা মাহৰ  মণিপুৰৰ খবৰে চুমলেনক অস্থিৰ কৰি তুলিছে৷ সি কিছুদিনৰ পৰা
ৰিছাৰ ফোনকলো ৰিচিভ কৰা নাই৷ নিজৰ মাজত নিজকে হেৰাই থাকিবলৈ দিছে সি৷ ৰিছাই সেয়ে কামৰ
মাজতে গৈ তাৰ খবৰ এটা কৰি আহিছে৷ পিছে চুমলেনৰ মানসিক অৱস্থাটোৱে তাইক আশ্বস্ত
কৰিব পৰা নাই৷ চুমলেনৰ কাষৰ পৰা আহিবৰেপৰা তাই অফিচটোত অস্থিৰভাৱে পায়চাৰি কৰিবলৈ
ধৰিছে৷ কম্পিউটাৰৰ দৰে মানুহকো প্ৰগ্ৰেমিং কৰিবলৈ কিবা কী-ৱাৰ্ড থকাহ
লে! মৃতদেহৰ
ওপৰত ৰাজনীতি কৰা মানুহবোৰৰ মন-মস্তিষ্কক নিয়ন্ত্ৰণ কৰিব  পৰা কিবা যাদুকৰী
প্ৰগ্ৰেমিং থকাহ’লে!

        কলা-সংস্কৃতি, বিজ্ঞান, অৰ্থনীতিত এডেও-দুডেওকৈ খোজ পেলোৱা
কৃত্ৰিম বুদ্ধিমত্তাই নোৱাৰিব জানো এদিন মানুহৰ চিন্তাক নিয়ন্ত্ৰণ কৰিব? পৰাহেঁতেন!
পৃথিৱীখন সাধাৰণ মানুহৰ আকাংক্ষিত ৰূপত সলনি হোৱাহেঁতেন! মানুহৰ মাজত থকা
খোৱা-কামোৰাবোৰ নোহোৱা হোৱাহেঁতন!

        আঃ! কিমান যে হেঁতেন…৷ মানুহে নিজৰ বিচাৰ-বুদ্ধিৰে কৰা অপকৰ্মবোৰৰ শুধৰণি বিচাৰি
এতিয়া মেচিন একোটাৰ শৰণাপন্ন হোৱাৰ দিন আহি গ’ল৷ আশ্বৰ্যকৰ! তেনে এটা প্ৰ
গ্ৰেম
ডেভলপ কৰিবলৈ তাইৰ টীমটোৱে দিন-ৰাতি একাকাৰ কৰিছে৷

শেষ ৰাতি ৰিছাৰ মবাইল ফোনটো বাজি উঠিল৷ চুমলেনৰ কল৷

“তুমি শুলা নেকি ৰিছা?” চুমলেনৰ মাতটো গধুৰ হৈ ওলাল৷

“টোপনি অহা নাই৷” ৰিছাৰ মাতত টোপনিৰ জড়তা নাছিল৷

“বাতৰি চাইছা?” চুমলেন ফোঁপাইছিল৷

“নাই৷”

“ইম্ফলত থকা অন্তিমগৰাকী কুকিক মেইটেইসকলে গুলীয়াই মাৰি পেলালে৷ নিজৰ
ভেঁটিটো এৰি শৰণাৰ্থী শিবিৰলৈ যাবলৈ অস্বীকাৰ কৰা জেদী মানুহজনী তেজেৰে
লুতুৰি-পুতুৰি হৈ ৰাজপথত পৰি ৰ’ল৷ উঃ! মানুহেই যেতিয়া মানুহক নুবুজা হৈ আহে, তেতিয়া
নিৰাপদ ঠাই বুলিবলৈও হয়তো একো নাথাকে৷” চুমলেনৰ মাতটো কঁপি উঠিছিল৷

ফোনৰ ইটো পাৰে ৰিছাও মৌন হৈ পৰিছিল৷

কুকি গাভৰু ৰিছা বেইটে! তাইৰ নিজৰ পৰিচয়টোৱে মুহূৰ্তৰ ভিতৰতে
জোকাৰি থৈ গ’ল তাইক৷

মেইটেই ডেকা চুমলেনে কুকি গাভৰু ৰিছাক লৈ দেখিছিল জীৱন সজোৱাৰ সপোন৷
অথচ সিহঁতৰ আপোন ভূমিত ঘৃণাৰ জুইত জাহ যাবলৈ ধৰিছিল মানুহৰ মানৱীয় গুণবোৰ৷ হেৰাই
আহিছিল প্ৰেম আৰু বিশ্বাসৰ সম্পৰ্কবোৰ৷ ঠিক খাছং টিমৰাওন ফুলবোৰৰ দৰেই! যেন হিংসাৰ
মহানাদ এটাত  পোহৰৰ গতিত আঁতৰি গৈছিল প্ৰেমৰ সাধুবোৰ৷ লাই-হৰাউবাত খাম্বা-থৈৱীৰ
নৃত্যৰত এহাল প্ৰেমিক-প্ৰেমিকা যেন  ছন্দ হেৰুৱাই উফৰি পৰিছিল৷

“চুমলেন, মই তোমাক মুক্ত কৰি দিছোঁ৷ উৰি যোৱাঁ তুমি নিজৰ মানুহৰ
মাজলৈ৷ তোমাৰ মানুহবোৰক সাহস দিয়াঁগৈ৷ আশাবাদ যোগোৱাঁগৈ৷ মই নিজকে নিৰাপদ নিৰ্লিপ্ততাৰ বৃত্তত
সুমুৱাই ৰাখি সিপাৰৰ জুই আমি নুমুৱাব নোৱাৰোঁ৷” ৰিছাই মৌনতা ভাঙি চুমলেনক ক’লে৷ তাই
মন কৰিলে কথাখিনি ক’বৰ পৰত তাইৰ চকুহাল সেমেকি উঠা নাছিল৷ সঁচাকৈ চুমলেনে কোৱাৰ
দৰেই মেচিনৰ লগত থাকি থাকি তাইৰ বুকুখনো ধাতুৰ বুকু হৈ পৰিছিল নেকি! নে অহৰহ শুনি
থকা পাহাৰ-ভৈয়াম দুয়োপাৰৰ আপোন মানুহৰ মৃত্যুৰ খবৰবোৰে শিলা কৰি পেলাইছিল তাইক?

“কি ক’লা তুমি? আমাৰ নিজৰ মানুহ?” তীব্ৰ শ্লেষ মিহলি হৈ ওলাইছিল
শব্দকেইটা চুমলেনৰ মুখেৰে৷

“হুম… তোমালোকৰ মানুহ৷ ভৈয়ামৰ মেইটেইসকল৷” এইবাৰ উত্তেজিত হৈ উঠিল
ৰিছা৷

“কি কৰিছে মেইটেইসকলে? শতিকাজুৰি বুজা-পৰা কৰিছে নগা, কুকিসকলৰ সৈতে৷
পাহাৰৰ এক বিশাল অংশ এৰি দিছে সিহঁতক৷ সংখ্যগৰিষ্ঠ হৈও ভৈয়ামৰ এবেগেত মাটিতেই নিজৰ
অধিকাৰ সীমিত কৰি ৰাখিছে৷” চুমলেনৰ মাতটো ডাঙৰ হৈ ওলাল৷

“কিন্তু মেইটেইসকলে নিজৰ হাতত ৰাখি থৈছে ক্ষমতাৰ বাঘ-জৰীডাল৷ তেওঁলোকেইচোন
অত বছৰে বিধানসভাত সংখ্যাগৰিষ্ঠ আসন দখল কৰি থাকিল৷” ৰিছা চিঞৰি উঠিল৷

“মূলসুঁতিলৈ অহাৰ বাট কুকিসকলৰ বাবে জানো খোলা ৰখা নাই? উচ্চপদত জানো
কুকিসকলো নাই? তথাপি কিয় প
পী খেতি, ড্ৰাগছ সৰবৰাহ, উগ্ৰবাদ আদি সমস্যাবোৰৰ কথা
ওলালে কুকিসকলৰহে নাম ওলায়?” চুমলেন বহাৰ পৰা উঠি তাৰ ঘৰৰ দুৱাৰখন খুলি দিলে৷ উত্তেজনাত
ঘামি উঠিছিল তাৰ তেজগোৰা মুখখন৷

“উগ্ৰবাদী সংগঠন সিটো পাৰে জানো নাই? পিছে হোৱাই-নোহোৱাই আমাৰ গাত বহিৰাগতৰ ফলকখন আঁৰি দি তাত অপৰাধৰ তালিকাবোৰ লিখি যায় তোমালোকৰ মানুহে৷ নাম
চাই অপৰাধীসকলক সাধাৰণীকৰণ কৰা হয়৷ ”

ৰিছাৰো উশাহৰ গতি
খৰ হৈ পৰে৷ চলি থকা এ.চি.টোৰ ঠাণ্ডা বতাহৰ মাত্ৰা তাই বঢ়াই দিয়ে৷ গৰম তেজ এসোঁতা মূৰলৈ উজাই আহে তাইৰ৷ এই
যেন চুমলেনক সন্মুখত পালে তাই খুকুৰিৰে তাক খুট খুটকৈ কাটি পেলাব
!

“হ’ব পাৰে সংখ্যাগৰিষ্ঠতা আজিৰ তাৰিখত সমগ্ৰ বিশ্বতে ক্ষমতাৰ ভেটি,
কিন্তু সংখ্যালঘুসকলো আজি আৰু শক্তিহীন নহয়৷ ভৌগোলিক সীমাই কাৰোবাক ক
ৰবাত
সংখ্যালঘু কৰিছে,
একেখিনি মানুহেই
ৰবাত হৈ পৰিছে সংখ্যাগুৰু৷ চাবা, এদিন কৃত্ৰিম বুদ্ধিমত্তাই  আমাক সকলোকে
সংখ্যালঘু কৰি এৰিব৷ যান্ত্ৰিক জীৱনৰ প্ৰেমত পৰা মানুহক এদিন যন্ত্ৰই অপসাৰিত কৰিব৷”
ৰিছা ফোঁপাবলৈ ধৰে৷

“কৃত্ৰিম ছবি এখন অঁকাৰ নিচিনাকৈ কৃত্ৰিম প্ৰেমৰ নৈ এখনো আঁকিব
পাৰিবনে  তোমাৰ কৃত্ৰিম বুদ্ধিমত্তাই? নোৱাৰে৷ কিয়নো প্ৰেম কেৱল মানুহেহে কৰিব
পাৰে৷ মেচিনে কৰিব নোৱাৰে৷ পাহাৰৰ সৰলতা হেৰুৱাই তুমিওতো এতিয়া এটা মেচিন হৈ পৰিছা মিছ
ৰিছা বেইটে৷” চুমলেনে ভৰ্ৎসনা কৰে ৰিছাক৷

ৰিছা কান্দি উঠে৷ খঙত, বেজাৰত৷ ফোনত বাজি থকা তাইৰ উচুপনিবোৰে
চুমলেনৰ বুকুখন বিন্ধি ধৰে৷ মণিপুৰত চলি থকা গোষ্ঠী-সংঘৰ্ষৰ বাবে ৰিছা দায়ী নহয়৷ তাৰ
নিচিনাকৈ ৰিছাওতো দেশ-ৰাজ্যৰ পৰা আঁতৰত প্ৰৱাসী জীৱন কটাই আছে৷ সি মানুহৰ কাহিনী
লিখিছে৷ তাই মানুহৰ জীৱন সলনি কৰিবলৈ চেষ্টা কৰিছে৷ চেতনা অহাত চুমলেনৰ খংবোৰ লাহে
লাহে ৰিছাৰ চকুপানীৰ লুণীয়াখিনিত পমিবলৈ ধৰিলে৷

“হেই… ৰিছু, দুৱাৰখন খোলাঁচোন৷” টোপনিত খোজকঢ়া মানুহৰ দৰে চুমলেন
মন্ত্ৰমুগ্ধ হৈ আহি আহি ৰৈ যায় ৰিছাৰ ফ্লেটটোৰ দুৱাৰমুখত৷

চুমলেনৰ মাত শুনি লৰি গৈ দুৱাৰখন খুলি দিয়ে ৰিছাই৷ যেন তাই যুগৰ
তৃষা লৈ ৰৈ আছিল চুমলেনৰ বাবে৷ চকুৰ পলক নেপেলোৱাকৈ চাই ৰয় সি ৰিছাৰ মুখখনলৈ৷ যেন
চিঁচাৰ খিৰিকি এখনত জিলিকি উঠিছে বৰষুণৰ মুকুতা কেইটামান৷

চুমলেনক সন্মুখত
দেখাৰ লগে লগে ৰিছাই হাতৰ ফোনটো দলিয়াই দি তাক সৰ্বশক্তিৰে সাবটি ধৰে৷ অলপ আগতে জ্বলি
উঠা খঙৰ জুইকুৰা তাইৰ এটি মাত্ৰ আলিংগনে শীতল কৰি পেলালে৷ চুমলেনে তপত চুমাৰে
ওপচাই দিয়ে ৰিছাৰ উত্তেজনাত কঁপি থকা দেহাটি৷  উমাল মুহূৰ্তবোৰ গলি গলি এখন প্ৰেমৰ নদী হৈ পৰে৷
সেই নদীত সাঁতুৰি ফুৰে দুটি ক্লান্ত দেহ, দুটা অতৃপ্ত মন৷

শেহৰাতি ৰিছাৰ ফ্লেটৰ খোলা খিৰিকীৰে সোমাই আহে ৰিবৰিব বতাহ এছাটি৷
ৰিছাই মেজত থৈ দিয়া ৰত্নভূমিৰ AI জেনেৰেটেড ছবিখন বতাহত কঁপি উঠে৷ পাহাৰে ভৈয়ামক
সাবটি ৰখা আশাবাদৰ ছবিখন! নাম যাৰ – থাজবগী মঙলান !

ছবিখনত থকা পাহাৰ আৰু ভৈয়ামৰ প্ৰেমৰ দৰেই ৰিছা আৰু চুমলেনে
ইজনে সিজনক মেৰিয়াই ৰাখিছিল৷ ঘৃণাৰ স্ফুলিংগটো সিহঁত দুটাৰ মাজত নিঃপালি মাৰি শুই
পৰিছিল৷

উপজি পুৱাতে সাৰ পাই উঠিছিল এটি আশাবাদৰ গল্পই৷


ঠিকনা :


বিলাসীপাৰা,

ধুবুৰী (অসম)

ভ্ৰাম্যভাষ : ৯১০১৭৫২৯৪২